• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

ভৱেশ শৰ্মা

by Admin
January 23, 2023
in Inspiration
Reading Time: 5 mins read
0
মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী
Share on FacebookShare on TwitterShare on LinkedIn

মই ইংৰাজী কবলৈ শিকা কাহিনী

ভৱেশ শৰ্মা

english2

পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্র মই । গাওঁৰ স্কুল । লগ সমনীয়া বেচি ভাগেই ওচৰ পাজৰৰ গাওঁৰ দুখীয়া খেতিয়কৰ সন্তান।

ৰাতিপুৱা শুই উঠি পথাৰত হাল  কোৰ বাই  লৰালৰিকৈ গা পা ধুই নাকে কাণে ভাত কেইটামান গুজি আহি স্কুল পোৱা ধৰণৰ আছিল এই সমনীয়া বোৰ ।

বজালী অঞ্চলৰ গাওঁৰ এই ছাত্র বোৰৰ মাজত মেধাৰ অভাব নাছিল । এইখন বিদ্যালয়ৰ বহুতো প্ৰতিভাশালী প্ৰাক্তন ছাত্রই বৈষয়িক জীৱনৰ বিভিন্ন ক্ষেত্রত দেশে বিদেশে সুনাম অৰ্জন কৰি বিদ্যালয় খনৰ নাম  উজলাইছিল। হলেও বজালীৰ এই ছাত্র সকলৰ মাজত এটা বস্তুৰ অভাব খুবেই আছিল — ইংৰাজীত কথা কোৱাৰ অভ্যাস।

পৰীক্ষাত ইংৰাজীত খুব ভাল নম্বৰ পোৱা ছাত্র জনেও ইংৰাজী কোৱাৰ নামত সাত জাপ মাৰিবলৈ সদায়েই প্ৰস্তুত আছিল ।  এই কথাটো স্কুল কৰ্তৃপক্ষইও গুণা গথা কৰিব লৈছিল ।

RelatedPosts

বিদায়, হে কিম্বদন্তি পেলে, বিদায়!

বিদায়, হে কিম্বদন্তি পেলে, বিদায়!

December 30, 2022
এজাক শিশুৰ কলৰৱেৰে মুখৰিত হ’ল ৰাজ্যিক চিৰিয়াখানাৰ বাকৰি

এজাক শিশুৰ কলৰৱেৰে মুখৰিত হ’ল ৰাজ্যিক চিৰিয়াখানাৰ বাকৰি

December 25, 2022
অসম পৰ্বতাৰোহন সন্থাৰ শিশুবিশেষ দুঃসাহসিক শিবিৰৰ  কিছু অনুভৱ

অসম পৰ্বতাৰোহন সন্থাৰ শিশুবিশেষ দুঃসাহসিক শিবিৰৰ কিছু অনুভৱ

December 20, 2022

আমি অষ্টম মান শ্ৰেনী পোৱাৰ সময়তে আমাৰ স্কুলীয়া পাঠ্যক্ৰমত ইংৰাজী ভাষাত কথা কোৱাৰ ক্লাচ এটা অন্তৰ্ভুক্ত কৰা হৈছিল । উচ্চতৰ মাধ্যমিক শাখাত নতুনকৈ যোগদান কৰা উৎসাহী যুব অধ্যাপক প্ৰভাত ঠাকুৰীয়া চাৰক এই ক্লাচৰ গুৰুদায়িত্ব অৰ্পণ কৰা হৈছিল ।

প্ৰথমটো ক্লাচতে ঠাকুৰীয়া চাৰে আহি উদাত্ত কন্ঠে ঘোষণা কৰিছিল -“আজিৰ পৰা এইটো ক্লাচত ইংৰাজীৰ বাহিৰে আন ভাষাৰ টু শব্দ এটাও নচলিব।‘”

বিনা মেঘে বজ্ৰপাত হৈছিল আমাৰ নিচিনা হোজা গাৱলীয়া ছাত্র বোৰৰ মূৰৰ ওপৰত । ইংৰাজী, অসমীয়া, সাধাৰন বিজ্ঞান, সাধাৰন গণিত, সমাজ অধ্যয়ন,উচ্চ গণিত,সংস্কৃত আদি বিষয়ক লৈ ইমান দিনে আমাৰ ছাত্র জীৱন মোটামুটি ভালেই চলি গৈছিল । হঠাতেই আহি পৰা বিজতৰীয়া ইংৰাজী ভাষাৰ এই আগ্ৰাসনেহে আমাৰ সকলো হিচাপ নিকাচত আউল লগাই দিছিল।এনে এক দু:সময় আহিব পাৰে বুলি আমি কল্পনাও কৰিব পৰা নাছিলো ।

ক্লাচ ৰুমৰ ভিতৰত প্ৰথমতে এক মৃদু গুঞ্জন উঠিছিল । পিচলৈ সিয়ে গৈ এক কোঢ়ালৰ ৰূপ লৈছিল । পিচৰ বেঞ্চত বহা কোনো কোনো  দুৰ্ভগীয়া ছাত্রই এই প্ৰলয়ংকৰী অবস্থাৰ পৰা মুক্তি পাবলৈ পিচফালৰ খিৰিকীৰে জাপ মাৰি পলাবৰ উদ্যোগ লৈও বাৰান্দাত ৰখি থকা ভাইচ প্ৰিন্সিপাল নগেন শৰ্মা চাৰৰ ৰুদ্ৰমুৰ্তি দেখি সেই আশা পৰিত্যাগ কৰি ঠোট মুখ চেলেকি ঘূৰি আহি ভাগ্যক ধিয়াই নিজৰ পূৰ্ব স্থানতে বহি পৰিছিল ।

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

“বজালী অঞ্চলৰ গাওঁৰ এই ছাত্র বোৰৰ মাজত মেধাৰ অভাব নাছিল । এইখন বিদ্যালয়ৰ বহুতো প্ৰতিভাশালী প্ৰাক্তন ছাত্রই বৈষয়িক জীৱনৰ বিভিন্ন ক্ষেত্রত দেশে বিদেশে সুনাম অৰ্জন কৰি বিদ্যালয় খনৰ নাম  উজলাইছিল।….

….হলেও বজালীৰ এই ছাত্র সকলৰ মাজত এটা বস্তুৰ অভাব খুবেই আছিল — ইংৰাজীত কথা কোৱাৰ অভ্যাস।পৰীক্ষাত ইংৰাজীত খুব ভাল নম্বৰ পোৱা ছাত্র জনেও ইংৰাজী কোৱাৰ নামত সাত জাপ মাৰিবলৈ সদায়েই প্ৰস্তুত আছিল ।  এই কথাটো স্কুল কৰ্তৃপক্ষইও গুণা গথা কৰিব লৈছিল ।”

কিছু সময় পাচতে আৰম্ভ হৈছিল আমাৰ ইংৰাজীত কথা কোৱাৰ অনুশীলন। মই আছিলো শ্ৰেনীৰ ফাৰ্স্ট বয় । মানে ৰোল নম্বৰ ওৱান। সদায় প্ৰথম বেঞ্চ খনতে বহো।মোৰ কাষতে সদায় বহে প্ৰিয় বন্ধু হিৰন্য – ৰোল নম্বৰ টু! ক্লাচ ৰুমৰ ভিতৰৰ আমাৰ এই সন্মান জনক অবস্থানেই যে  এনেদৰে কাল ৰূপ লৈ আমাৰ দুজনৰ আগত ধৰা দিব সেই কথা আমাৰ সপোনৰো অগোচৰ আছিল ।

আশা কৰা মতেই ইংৰাজীত কথোপকথন আৰম্ভ কৰাৰ পাল  প্ৰথম বেঞ্চত বহি থকা মোৰ ওপৰতে আহি পৰিছিল । জ্বৰ ঘমাদি ঘামিব ধৰিছিলো মই । এনেয়ে হলে সমনীয়াৰ লগত মোৰ কথাৰ শেষেই নহয় । এতিয়া এই জটিল সন্ধিক্ষণত কাৰ লগতনো ইংৰাজীত কি কথা পাতো তাকে ভাবি মোৰ মূৰ আচন্দ্ৰাই কৰিবৰ উপক্ৰম হৈছিল।

বহু ভাবি গুণি অবশেষত মোৰ কাষতে বহা হিৰণ্যৰ গাত লাহেকৈ খোচ মাৰি মই কও নকওকৈ কৈছিলো -” Do you know to play football ?”

-“গৰু ! Wrong English“– গৰজি উঠিছিল প্ৰভাত ঠাকুৰীয়া চাৰ।

ঠাকুৰীয়া চাৰৰ এই মধুৰ সম্বোধনত কোচ মোচ খাই তলমূৰ কৰি মই এইবাৰ নিশ্চুপ হৈ ৰৈছিলো ।

থূতৰিত ধৰি মোৰ মুখ খন ডাঙি দি চাৰে কৈছিল –“কব লাগিছিল – Do you know how to play football. আৰু গাত খোচ মাৰি যে কথা কৈছ, তাৰ নাম নাই নেকি ?”

-“আছে, চাৰ“– ভয়ে ভয়ে মই কৈছিলো ।

-“নামটো কি ?”

-“হিৰণ্য কুমাৰ দেৱ চৌধুৰী“

-“বেচ, এতিয়া তেন্তে ক Hallow, Hiranya. Do you know how to play football ?”

“কিছু সময় পাচতে আৰম্ভ হৈছিল আমাৰ ইংৰাজীত কথা কোৱাৰ অনুশীলন। মই আছিলো শ্ৰেনীৰ ফাৰ্স্ট বয় । মানে ৰোল নম্বৰ ওৱান। সদায় প্ৰথম বেঞ্চ খনতে বহো।মোৰ কাষতে সদায় বহে প্ৰিয় বন্ধু হিৰন্য — ৰোল নম্বৰ টু । ক্লাচ ৰুমৰ ভিতৰৰ আমাৰ এই সন্মান জনক অবস্থানেই যে  এনেদৰে কাল ৰূপ লৈ আমাৰ দুজনৰ আগত ধৰা দিব সেই কথা আমাৰ সপোনৰো অগোচৰ আছিল ।”

ভাটৌৰ নিচিনাকৈ মই আওৰাইছিলো । মইতো বাৰু কলোৱেই । এইবাৰহে আহি পৰিল বেচেৰা হিৰণ্যৰ পাল । থকথককৈ কপি থকা তাৰ গাৰ কপনি মই অনুভব কৰিব পাৰিছিলোৱেই । ঘৰ্ম্মাক্ত মুখাবয়বেৰে স্প্ৰিং লগা পুতলা এটাৰ নিচিনাকৈ জাপ মাৰি উঠি থিয় হৈ সি “Yes, I know ”  বুলি কৈয়েই নিজৰ দায়িত্ব সামৰিছিল!

ইংৰাজী কোৱাৰ অনুশীলনৰ পৰিসীমা এইবাৰ দ্বিতীয় বেঞ্চলৈকো বিস্তৃত হৈছিল । তৃতীয় বেঞ্চত বহি থকা কিৰণ নামৰ মোৰ অলপধতুৱা সহপাঠী জনে বাথৰুমলৈ প্ৰস্ৰাব কৰিবলৈ যোৱাৰ চলেৰে এই অবস্থাৰ পৰা মুক্তি লাভ কৰাটোৱেই বুদ্ধিমানৰ কাম হব বুলি বিবেচনা কৰিছিল । তাকে কৰিবলৈ যাওতে ঠাকুৰীয়া চাৰৰ পৰা বাহিৰলৈ যোৱাৰ অনুমতি ইংৰাজীতে বিচাৰিব লাগিব বুলি আগতে জনা হলে বেচেৰা কিৰণে এনে এটা আত্মঘাতী সিদ্ধান্ত কেতিয়াও নললেহেতেন।

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

সুখ দুখৰ বন্ধু কিৰণৰ এনে নাকনি-কাণনি অবস্থা  প্ৰত্যক্ষ  কৰি পিচৰ বেঞ্চত বহি থকা সন্ত্রাস জৰ্জৰিত সহপাঠী সকলে ইংৰাজীৰ ক্লাচত আৰু কেতিয়াও বাহিৰলৈ নোযোৱাৰ দৃঢ় সংকল্প লৈছিল ।

প্ৰথমটো ক্লাচত  ইংৰাজী কোৱাৰ কচৰৎ সেইদিনাখনলৈ দ্বিতীয় বেঞ্চতে সমাপ্ত হৈছিল । হলেও তাৰ প্ৰতিক্ৰিয়া গোটেই ক্লাচ ৰুমতেই বিয়পি পৰিছিল ।স্বয়ং ৰোল নম্বৰ নম্বৰ ‘ওৱান’ আৰু ‘টু’ ৰ এই দুৰ্দশা দেখি সমাগত অন্ধকাৰ ভবিষ্যতৰ কথা কল্পনা কৰি সহপাঠী সকলে নিজৰ অদৃষ্টকে দোষ দিছিল। বন্ধু সকলৰ হা-হুমুনিয়াহেৰে গধূৰ হৈ পৰিছিল ক্লাচ ৰুমৰ বতাহ ।

স্কুলৰ পাঠ্যক্ৰমৰ এই বৈপ্লবিক পৰিবৰ্তন বিনা প্ৰতিবাদে সকলোৱে মানি লব খোজা নাছিল । স্কুল ছুটীৰ পাচত একাংশ প্ৰতিবাদমুখৰ সহপাঠীয়ে স্কুল কৰ্তৃপক্ষৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ কথা সক্ৰিয় ভাবে বিবেচনা কৰিব লৈছিল । দুৰ্বলমতি দুই এজন বন্ধুৱে এই ব্যবস্থা অপৰিবৰ্তিত থাকিলে পঢ়া শুনা পৰ্বৰ ইমানতে ইতি পেলাই ঘৰৰ খেতি বাতিৰ কামতে একানপতীয়াকৈ লাগি যোৱাৰ নিচিনা এক অভিলাসী পৰিকল্পনা গ্ৰহণ কৰিছিল ।

খুব সোনকালেই আমাৰ ভীতিবিহ্বল অবস্থাৰ অবসান ঘটিছিল ।

বিচক্ষণ শিক্ষাগুৰু প্ৰভাত ঠাকুৰীয়া চাৰৰ উৎসাহ, প্ৰেৰণা আৰু নিৰবচ্ছিন্ন প্ৰচেষ্টাত লাহে লাহে এষাৰ দুষাৰকৈ আমি ইংৰাজীত কথা কব পৰা হৈছিলো । এই ক্লাচটো মোৰ খুব ভাল লাগিবলৈ লৈছিল । পিচলৈ এই ক্লাচটোৰ বাবে মই বহুত আগৰে পৰা আগ্ৰহেৰে বাট চাব লৈছিলো ।

মই নবম মান শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলো । ইংৰাজীত কথা কোৱাৰ বিষয়ত মোৰ আত্মবিশ্বাস পূৰাদমেই আহি পৰিছিল । হলেও সেয়া ক্লাচ ৰুমৰ ভিতৰতে সীমাবদ্ধ আছিল । ক্লাচ ৰুমৰ বাহিৰৰ কৰবাত এই নতুন পাৰদৰ্শিতা সাব্যস্ত কৰিবলৈ মোৰ মনটোৱে বিচাৰিছিল। পাঠশালাত সেয়া সম্ভব হৈ উঠা নাছিল।

গৰমৰ বন্ধৰ দিন কেইটা কটাবলৈ গুৱাহাটীত থকা মোৰ বাইদেউৱে মোক মাতি পঠাইছিল । আনন্দত জপিয়াই উঠিছিলো মই । সুবিশাল ব্ৰহ্মপুত্রৰ পাৰত ছবিৰ নিচিনাকৈ জিলিকি থকা মনোৰম গুৱাহাটী চহৰ খনৰ সৈতে মই প্ৰথম দৰ্শণতে প্ৰেমত পৰিছিলো ।

বাইদেউ হতৰ ঘৰটোৰ অবস্থানটোও আছিল অতিকৈ সুন্দৰ । উজান বজাৰৰ নদীৰ ঘাটৰ ওচৰৰ টিলা এটাৰ ওপৰত অবস্থিত প্ৰাচীন ‘চত্রকাৰ দেৱালয়’খনৰ একেবাৰে কাষতেই আছিল বাইদেউ হতৰ ঘৰটো । ঘৰটোৰ বাৰান্দাত বহি সমুখৰ ব্ৰহ্মপুত্র খনৰ গম্ভীৰ ৰূপ চাই চাই মই ভাবত তন্ময় হৈ পৰিছিলো । মাজে মাজে দুই এটা কবিতাও লিখিছিলো ।

কামাখ্যা মন্দিৰত কিবা পূজা এভাগ আগবঢ়াবলৈ বাইদেউ হত এদিন দিনটো জোৰা কাৰ্য্যসূচী লৈ মন্দিৰলৈ গৈছিল । মোকো লগতে লৈ গৈছিল । বাকী সকলো যেতিয়া মন্দিৰত পূজাৰ কামত ব্যস্ত হৈ পৰিছিল, মই অকলে অকলে ওপৰৰ ভুবনেশ্বৰী মন্দিৰৰ পিনে খোজ লৈছিলো । তাৰ পৰা তলৰ গুৱাহাটী চহৰ আৰু লুইত খনৰ দৃশ্য বৰ দৃষ্টিনন্দন বুলি মই কৰবাত পঢ়িছিলো ।

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

ভুবনেশ্বৰী মন্দিৰৰ সমুখৰ বহল শিল এচটাত বহি দুজন সুদৰ্শন ভদ্ৰলোকে নিজৰ মাজতে কথা পাতি আছিল । মানুহ দুজনে ইংৰাজী আৰু মাজে মাজে বাংলা ভাষাত কথা কৈছিল। তলৰ গুৱাহাটী চহৰ আৰু লুইত খনৰ শোভা চিৰস্থায়ী ভাবে ধৰি ৰাখিবৰ বাবে কেমেৰা এটা যে লগত লৈ আহা নহল তাকে কৈ এজনে আক্ষেপ কৰিছিল।

মানুহ দুজন পশ্চিম বংগৰ পৰা আহা পৰ্য্যটক বুলিয়ে মোৰ ধাৰণা হৈছিল । ইংৰাজীত কথা কোৱাৰ এই সুবৰ্ণ সুযোগ হাতৰ পৰা নেহেৰুৱাবলৈ মই দৃঢ়প্ৰতিজ্ঞ হৈছিলো।

চুচুক চামাককৈ আগবাঢ়ি গৈ মানুহ দুজনৰ পাচফালে থিয় হৈ বহু সংকোচেৰে মই মাত দিছিলো –“ Are you tourist ?”

নিজৰ মাজৰ কথা বন্ধ কৰি মানুহ দুজনে মোৰ ফালে ঘূৰি চাইছিল ।

“মানুহ দুজন পশ্চিম বংগৰ পৰা আহা পৰ্য্যটক বুলিয়ে মোৰ ধাৰণা হৈছিল । ইংৰাজীত কথা কোৱাৰ এই সুবৰ্ণ সুযোগ হাতৰ পৰা নেহেৰুৱাবলৈ মই দৃঢ়প্ৰতিজ্ঞ হৈছিলো”

মোৰ অতি সাধাৰণ পোছাক পৰিচ্ছদ আৰু দাৰিদ্ৰ্য পীড়িত অনাকৰ্ষণীয় চেহেৰা দেখি ভদ্ৰলোক দুজনে অবজ্ঞা অথবা তাচ্ছিল্য কৰা হলেও মই অকণো আচৰিত নহলোহেতেন । তেনে অভিজ্ঞতা মোৰ সৰু জীৱনটোত ইতিমধ্যেই বহুতো হৈছে। কিন্তু এই ভদ্ৰলোক দুজন আছিল বেলেগ প্ৰকৃতিৰ।

-“Come,come. Join us. Yes, we are tourists from Calcutta“- মোক উৎসাহ দি এজন ভদ্ৰলোকে কৈছিল ।

সাহস পাই মই আগবাঢ়ি গৈছিলো । দুই ভদ্ৰলোকে মৰম কৰি মোক নিজৰ মাজত বহুৱাই লৈছিল।–“And you are from ?”- সুধিছিল এইবাৰ আনজনে ।

“My home town is Pathsala. Hundred kilometre from here on the north bank.”–ব্ৰহ্মপুত্রৰ সিটো পাৰলৈ আঙুলি টোৱাই মই ঘোষণা কৰিছিলো ।

-“In that case, it will be near to Manas Forest sanctuary“– ভদ্ৰলোকে কৈছিল ।

-“Correct“–ভদ্ৰলোকৰ ভৌগোলিক জ্ঞানৰ প্ৰতি মোৰ শ্ৰদ্ধা উপজিছিল ।

–“Do you know Siranjeev Sen?”– এই বাৰ মোৰ প্ৰশ্ন সোধাৰ পাল।

english3

সৰুৰে পৰাই মই আছিলো বাংলা সাহিত্যৰ ভক্ত ।  সেই সময়ত মই পিচে থ্ৰিলাৰ কাহিনী পঢ়িহে বেছি ভাল পাইছিলো । কলিকতাৰ চিৰঞ্জীব সেন আছিল মোৰ সেই সময়ৰ প্ৰিয় বাংলা সাহিত্যিক । তেখেতৰ থ্ৰিলাৰ কাহিনী সকলো বোৰেই মই পঢ়ি সাং কৰিছিলো।

-“Of course,I do. But how do you know him ?”–আচৰিত হৈ ভদ্ৰলোকে সুধিছিল।

-“I have read all his books“– গৰ্বেৰে উত্তৰ দিছিলো মই ।

-“Like?”–ভদ্ৰলোকে যেন মোক পৰীক্ষাহে কৰি চাব খুজিছিল ।

-” ‘আমি চি.আই.এ. এজেন্ট’, ‘আমি কে.জি.বি.এজেন্ট’, গোয়েন্দা অমনিবাস...”

–“OK.OK.”–সপ্ৰশংস চাৱনিৰে ভদ্ৰলোকে এইবাৰ সুধিছিল-“Have you read Satyajit Ray’s thriller  stories ?”

-“No“- স্বীকাৰ কৰিছিলো মই ।

–“I suggest, you read them. I am sure, you will like it even more“– মোৰ পিঠিত চপৰিয়াই দি ভদ্ৰলোকে মৰমেৰে পৰামৰ্শ দিছিল ।

ভুবনেশ্বৰীৰ পৰা কামাখ্যালৈকে কথা পাতি পাতি দুই ভদ্ৰলোকৰ সৈতে মই নামি আহিছিলো । ঢেৰ কথা পাতিছিলো আমি । কলিকতা খন কিমান ডাঙৰ, কিমান ব্যস্ত, চাব লগা ঠাই তাত কি কি আছে আদি মোৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ দুই ভদ্ৰলোকে দি গৈছিল । কামাখ্যা মন্দিৰ প্ৰাংগনত দুই ভদ্ৰলোকে মোৰ পৰা বিদায় লৈছিল । টেক্সি এখনেৰে দুয়োজনে  নিজৰ হোটেললৈ গমন কৰিছিল ।

সন্তুষ্টি আৰু আত্মবিশ্বাসেৰে মন পূৰ কৰি মই এইবাৰ  আমাৰ পান্ডাৰ ঘৰৰ ফালে ধাবমান হৈছিলো– দুপৰীয়াৰ আহাৰ খাবলৈ। পান্ডাৰ ঘৰ গৈ পাই বাইদেউ হতৰ লগত অসমীয়াত কথা কবলৈ মোৰ অলপ অসুবিধাই হৈছিল ।

[ লেখক ভৱেশ শৰ্মাই ১৯৭৬ চনত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা সমগ্ৰ অসমৰ ভিতৰতে মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল – সম্পাদক]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী
Admin

Admin

Related Posts

বিদায়, হে কিম্বদন্তি পেলে, বিদায়!
Inspiration

বিদায়, হে কিম্বদন্তি পেলে, বিদায়!

by Admin
December 30, 2022
0

ফুটবলৰ কিম্বদন্তি পেলেৰ মৃত্যু দিলীপ দৈমাৰী ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ আৰু ২০ শতিকাৰ ক্ৰীড়াৰ পৰিৱৰ্তনশীল ব্যক্তিত্ব যিয়ে বিশ্বব্যাপী চেলিব্ৰিটিৰ স্তৰ...

Read more
এজাক শিশুৰ কলৰৱেৰে মুখৰিত হ’ল ৰাজ্যিক চিৰিয়াখানাৰ বাকৰি

এজাক শিশুৰ কলৰৱেৰে মুখৰিত হ’ল ৰাজ্যিক চিৰিয়াখানাৰ বাকৰি

December 25, 2022
অসম পৰ্বতাৰোহন সন্থাৰ শিশুবিশেষ দুঃসাহসিক শিবিৰৰ  কিছু অনুভৱ

অসম পৰ্বতাৰোহন সন্থাৰ শিশুবিশেষ দুঃসাহসিক শিবিৰৰ কিছু অনুভৱ

December 20, 2022
ড° শিৱনাথ বৰ্মনছাৰৰ বিয়োগত

ড° শিৱনাথ বৰ্মনছাৰৰ বিয়োগত

December 16, 2022
ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

ঝাৰগ্ৰামৰ আশ্ৰমত মমতাময়ী মাতৃ স্নেহৰ পৰশত মই সিক্ত

December 15, 2022
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

December 13, 2022
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023
অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী

AFGHANISTAN: More than one year of Taliban!

February 1, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: