• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

শিক্ষা

by Editor
November 15, 2024
in Inspiration
Reading Time: 5 mins read
0
মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী
Share on FacebookShare on TwitterShare on LinkedIn

মই ইংৰাজী কবলৈ শিকা কাহিনী

ভৱেশ শৰ্মা

english2

পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্র মই । গাওঁৰ স্কুল । লগ সমনীয়া বেচি ভাগেই ওচৰ পাজৰৰ গাওঁৰ দুখীয়া খেতিয়কৰ সন্তান।

ৰাতিপুৱা শুই উঠি পথাৰত হাল  কোৰ বাই  লৰালৰিকৈ গা পা ধুই নাকে কাণে ভাত কেইটামান গুজি আহি স্কুল পোৱা ধৰণৰ আছিল এই সমনীয়া বোৰ ।

বজালী অঞ্চলৰ গাওঁৰ এই ছাত্র বোৰৰ মাজত মেধাৰ অভাব নাছিল । এইখন বিদ্যালয়ৰ বহুতো প্ৰতিভাশালী প্ৰাক্তন ছাত্রই বৈষয়িক জীৱনৰ বিভিন্ন ক্ষেত্রত দেশে বিদেশে সুনাম অৰ্জন কৰি বিদ্যালয় খনৰ নাম  উজলাইছিল। হলেও বজালীৰ এই ছাত্র সকলৰ মাজত এটা বস্তুৰ অভাব খুবেই আছিল — ইংৰাজীত কথা কোৱাৰ অভ্যাস।

পৰীক্ষাত ইংৰাজীত খুব ভাল নম্বৰ পোৱা ছাত্র জনেও ইংৰাজী কোৱাৰ নামত সাত জাপ মাৰিবলৈ সদায়েই প্ৰস্তুত আছিল ।  এই কথাটো স্কুল কৰ্তৃপক্ষইও গুণা গথা কৰিব লৈছিল ।

আমি অষ্টম মান শ্ৰেনী পোৱাৰ সময়তে আমাৰ স্কুলীয়া পাঠ্যক্ৰমত ইংৰাজী ভাষাত কথা কোৱাৰ ক্লাচ এটা অন্তৰ্ভুক্ত কৰা হৈছিল । উচ্চতৰ মাধ্যমিক শাখাত নতুনকৈ যোগদান কৰা উৎসাহী যুব অধ্যাপক প্ৰভাত ঠাকুৰীয়া চাৰক এই ক্লাচৰ গুৰুদায়িত্ব অৰ্পণ কৰা হৈছিল ।

প্ৰথমটো ক্লাচতে ঠাকুৰীয়া চাৰে আহি উদাত্ত কন্ঠে ঘোষণা কৰিছিল -“আজিৰ পৰা এইটো ক্লাচত ইংৰাজীৰ বাহিৰে আন ভাষাৰ টু শব্দ এটাও নচলিব।‘”

বিনা মেঘে বজ্ৰপাত হৈছিল আমাৰ নিচিনা হোজা গাৱলীয়া ছাত্র বোৰৰ মূৰৰ ওপৰত । ইংৰাজী, অসমীয়া, সাধাৰন বিজ্ঞান, সাধাৰন গণিত, সমাজ অধ্যয়ন,উচ্চ গণিত,সংস্কৃত আদি বিষয়ক লৈ ইমান দিনে আমাৰ ছাত্র জীৱন মোটামুটি ভালেই চলি গৈছিল । হঠাতেই আহি পৰা বিজতৰীয়া ইংৰাজী ভাষাৰ এই আগ্ৰাসনেহে আমাৰ সকলো হিচাপ নিকাচত আউল লগাই দিছিল।এনে এক দু:সময় আহিব পাৰে বুলি আমি কল্পনাও কৰিব পৰা নাছিলো ।

ক্লাচ ৰুমৰ ভিতৰত প্ৰথমতে এক মৃদু গুঞ্জন উঠিছিল । পিচলৈ সিয়ে গৈ এক কোঢ়ালৰ ৰূপ লৈছিল । পিচৰ বেঞ্চত বহা কোনো কোনো  দুৰ্ভগীয়া ছাত্রই এই প্ৰলয়ংকৰী অবস্থাৰ পৰা মুক্তি পাবলৈ পিচফালৰ খিৰিকীৰে জাপ মাৰি পলাবৰ উদ্যোগ লৈও বাৰান্দাত ৰখি থকা ভাইচ প্ৰিন্সিপাল নগেন শৰ্মা চাৰৰ ৰুদ্ৰমুৰ্তি দেখি সেই আশা পৰিত্যাগ কৰি ঠোট মুখ চেলেকি ঘূৰি আহি ভাগ্যক ধিয়াই নিজৰ পূৰ্ব স্থানতে বহি পৰিছিল ।

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

“বজালী অঞ্চলৰ গাওঁৰ এই ছাত্র বোৰৰ মাজত মেধাৰ অভাব নাছিল । এইখন বিদ্যালয়ৰ বহুতো প্ৰতিভাশালী প্ৰাক্তন ছাত্রই বৈষয়িক জীৱনৰ বিভিন্ন ক্ষেত্রত দেশে বিদেশে সুনাম অৰ্জন কৰি বিদ্যালয় খনৰ নাম  উজলাইছিল।….

….হলেও বজালীৰ এই ছাত্র সকলৰ মাজত এটা বস্তুৰ অভাব খুবেই আছিল — ইংৰাজীত কথা কোৱাৰ অভ্যাস।পৰীক্ষাত ইংৰাজীত খুব ভাল নম্বৰ পোৱা ছাত্র জনেও ইংৰাজী কোৱাৰ নামত সাত জাপ মাৰিবলৈ সদায়েই প্ৰস্তুত আছিল ।  এই কথাটো স্কুল কৰ্তৃপক্ষইও গুণা গথা কৰিব লৈছিল ।”

কিছু সময় পাচতে আৰম্ভ হৈছিল আমাৰ ইংৰাজীত কথা কোৱাৰ অনুশীলন। মই আছিলো শ্ৰেনীৰ ফাৰ্স্ট বয় । মানে ৰোল নম্বৰ ওৱান। সদায় প্ৰথম বেঞ্চ খনতে বহো।মোৰ কাষতে সদায় বহে প্ৰিয় বন্ধু হিৰন্য – ৰোল নম্বৰ টু! ক্লাচ ৰুমৰ ভিতৰৰ আমাৰ এই সন্মান জনক অবস্থানেই যে  এনেদৰে কাল ৰূপ লৈ আমাৰ দুজনৰ আগত ধৰা দিব সেই কথা আমাৰ সপোনৰো অগোচৰ আছিল ।

আশা কৰা মতেই ইংৰাজীত কথোপকথন আৰম্ভ কৰাৰ পাল  প্ৰথম বেঞ্চত বহি থকা মোৰ ওপৰতে আহি পৰিছিল । জ্বৰ ঘমাদি ঘামিব ধৰিছিলো মই । এনেয়ে হলে সমনীয়াৰ লগত মোৰ কথাৰ শেষেই নহয় । এতিয়া এই জটিল সন্ধিক্ষণত কাৰ লগতনো ইংৰাজীত কি কথা পাতো তাকে ভাবি মোৰ মূৰ আচন্দ্ৰাই কৰিবৰ উপক্ৰম হৈছিল।

বহু ভাবি গুণি অবশেষত মোৰ কাষতে বহা হিৰণ্যৰ গাত লাহেকৈ খোচ মাৰি মই কও নকওকৈ কৈছিলো -” Do you know to play football ?”

-“গৰু ! Wrong English“– গৰজি উঠিছিল প্ৰভাত ঠাকুৰীয়া চাৰ।

ঠাকুৰীয়া চাৰৰ এই মধুৰ সম্বোধনত কোচ মোচ খাই তলমূৰ কৰি মই এইবাৰ নিশ্চুপ হৈ ৰৈছিলো ।

থূতৰিত ধৰি মোৰ মুখ খন ডাঙি দি চাৰে কৈছিল –“কব লাগিছিল – Do you know how to play football. আৰু গাত খোচ মাৰি যে কথা কৈছ, তাৰ নাম নাই নেকি ?”

-“আছে, চাৰ“– ভয়ে ভয়ে মই কৈছিলো ।

-“নামটো কি ?”

-“হিৰণ্য কুমাৰ দেৱ চৌধুৰী“

-“বেচ, এতিয়া তেন্তে ক Hallow, Hiranya. Do you know how to play football ?”

“কিছু সময় পাচতে আৰম্ভ হৈছিল আমাৰ ইংৰাজীত কথা কোৱাৰ অনুশীলন। মই আছিলো শ্ৰেনীৰ ফাৰ্স্ট বয় । মানে ৰোল নম্বৰ ওৱান। সদায় প্ৰথম বেঞ্চ খনতে বহো।মোৰ কাষতে সদায় বহে প্ৰিয় বন্ধু হিৰন্য — ৰোল নম্বৰ টু । ক্লাচ ৰুমৰ ভিতৰৰ আমাৰ এই সন্মান জনক অবস্থানেই যে  এনেদৰে কাল ৰূপ লৈ আমাৰ দুজনৰ আগত ধৰা দিব সেই কথা আমাৰ সপোনৰো অগোচৰ আছিল ।”

ভাটৌৰ নিচিনাকৈ মই আওৰাইছিলো । মইতো বাৰু কলোৱেই । এইবাৰহে আহি পৰিল বেচেৰা হিৰণ্যৰ পাল । থকথককৈ কপি থকা তাৰ গাৰ কপনি মই অনুভব কৰিব পাৰিছিলোৱেই । ঘৰ্ম্মাক্ত মুখাবয়বেৰে স্প্ৰিং লগা পুতলা এটাৰ নিচিনাকৈ জাপ মাৰি উঠি থিয় হৈ সি “Yes, I know ”  বুলি কৈয়েই নিজৰ দায়িত্ব সামৰিছিল!

ইংৰাজী কোৱাৰ অনুশীলনৰ পৰিসীমা এইবাৰ দ্বিতীয় বেঞ্চলৈকো বিস্তৃত হৈছিল । তৃতীয় বেঞ্চত বহি থকা কিৰণ নামৰ মোৰ অলপধতুৱা সহপাঠী জনে বাথৰুমলৈ প্ৰস্ৰাব কৰিবলৈ যোৱাৰ চলেৰে এই অবস্থাৰ পৰা মুক্তি লাভ কৰাটোৱেই বুদ্ধিমানৰ কাম হব বুলি বিবেচনা কৰিছিল । তাকে কৰিবলৈ যাওতে ঠাকুৰীয়া চাৰৰ পৰা বাহিৰলৈ যোৱাৰ অনুমতি ইংৰাজীতে বিচাৰিব লাগিব বুলি আগতে জনা হলে বেচেৰা কিৰণে এনে এটা আত্মঘাতী সিদ্ধান্ত কেতিয়াও নললেহেতেন।

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

সুখ দুখৰ বন্ধু কিৰণৰ এনে নাকনি-কাণনি অবস্থা  প্ৰত্যক্ষ  কৰি পিচৰ বেঞ্চত বহি থকা সন্ত্রাস জৰ্জৰিত সহপাঠী সকলে ইংৰাজীৰ ক্লাচত আৰু কেতিয়াও বাহিৰলৈ নোযোৱাৰ দৃঢ় সংকল্প লৈছিল ।

প্ৰথমটো ক্লাচত  ইংৰাজী কোৱাৰ কচৰৎ সেইদিনাখনলৈ দ্বিতীয় বেঞ্চতে সমাপ্ত হৈছিল । হলেও তাৰ প্ৰতিক্ৰিয়া গোটেই ক্লাচ ৰুমতেই বিয়পি পৰিছিল ।স্বয়ং ৰোল নম্বৰ নম্বৰ ‘ওৱান’ আৰু ‘টু’ ৰ এই দুৰ্দশা দেখি সমাগত অন্ধকাৰ ভবিষ্যতৰ কথা কল্পনা কৰি সহপাঠী সকলে নিজৰ অদৃষ্টকে দোষ দিছিল। বন্ধু সকলৰ হা-হুমুনিয়াহেৰে গধূৰ হৈ পৰিছিল ক্লাচ ৰুমৰ বতাহ ।

স্কুলৰ পাঠ্যক্ৰমৰ এই বৈপ্লবিক পৰিবৰ্তন বিনা প্ৰতিবাদে সকলোৱে মানি লব খোজা নাছিল । স্কুল ছুটীৰ পাচত একাংশ প্ৰতিবাদমুখৰ সহপাঠীয়ে স্কুল কৰ্তৃপক্ষৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ কথা সক্ৰিয় ভাবে বিবেচনা কৰিব লৈছিল । দুৰ্বলমতি দুই এজন বন্ধুৱে এই ব্যবস্থা অপৰিবৰ্তিত থাকিলে পঢ়া শুনা পৰ্বৰ ইমানতে ইতি পেলাই ঘৰৰ খেতি বাতিৰ কামতে একানপতীয়াকৈ লাগি যোৱাৰ নিচিনা এক অভিলাসী পৰিকল্পনা গ্ৰহণ কৰিছিল ।

খুব সোনকালেই আমাৰ ভীতিবিহ্বল অবস্থাৰ অবসান ঘটিছিল ।

বিচক্ষণ শিক্ষাগুৰু প্ৰভাত ঠাকুৰীয়া চাৰৰ উৎসাহ, প্ৰেৰণা আৰু নিৰবচ্ছিন্ন প্ৰচেষ্টাত লাহে লাহে এষাৰ দুষাৰকৈ আমি ইংৰাজীত কথা কব পৰা হৈছিলো । এই ক্লাচটো মোৰ খুব ভাল লাগিবলৈ লৈছিল । পিচলৈ এই ক্লাচটোৰ বাবে মই বহুত আগৰে পৰা আগ্ৰহেৰে বাট চাব লৈছিলো ।

মই নবম মান শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলো । ইংৰাজীত কথা কোৱাৰ বিষয়ত মোৰ আত্মবিশ্বাস পূৰাদমেই আহি পৰিছিল । হলেও সেয়া ক্লাচ ৰুমৰ ভিতৰতে সীমাবদ্ধ আছিল । ক্লাচ ৰুমৰ বাহিৰৰ কৰবাত এই নতুন পাৰদৰ্শিতা সাব্যস্ত কৰিবলৈ মোৰ মনটোৱে বিচাৰিছিল। পাঠশালাত সেয়া সম্ভব হৈ উঠা নাছিল।

গৰমৰ বন্ধৰ দিন কেইটা কটাবলৈ গুৱাহাটীত থকা মোৰ বাইদেউৱে মোক মাতি পঠাইছিল । আনন্দত জপিয়াই উঠিছিলো মই । সুবিশাল ব্ৰহ্মপুত্রৰ পাৰত ছবিৰ নিচিনাকৈ জিলিকি থকা মনোৰম গুৱাহাটী চহৰ খনৰ সৈতে মই প্ৰথম দৰ্শণতে প্ৰেমত পৰিছিলো ।

বাইদেউ হতৰ ঘৰটোৰ অবস্থানটোও আছিল অতিকৈ সুন্দৰ । উজান বজাৰৰ নদীৰ ঘাটৰ ওচৰৰ টিলা এটাৰ ওপৰত অবস্থিত প্ৰাচীন ‘চত্রকাৰ দেৱালয়’খনৰ একেবাৰে কাষতেই আছিল বাইদেউ হতৰ ঘৰটো । ঘৰটোৰ বাৰান্দাত বহি সমুখৰ ব্ৰহ্মপুত্র খনৰ গম্ভীৰ ৰূপ চাই চাই মই ভাবত তন্ময় হৈ পৰিছিলো । মাজে মাজে দুই এটা কবিতাও লিখিছিলো ।

কামাখ্যা মন্দিৰত কিবা পূজা এভাগ আগবঢ়াবলৈ বাইদেউ হত এদিন দিনটো জোৰা কাৰ্য্যসূচী লৈ মন্দিৰলৈ গৈছিল । মোকো লগতে লৈ গৈছিল । বাকী সকলো যেতিয়া মন্দিৰত পূজাৰ কামত ব্যস্ত হৈ পৰিছিল, মই অকলে অকলে ওপৰৰ ভুবনেশ্বৰী মন্দিৰৰ পিনে খোজ লৈছিলো । তাৰ পৰা তলৰ গুৱাহাটী চহৰ আৰু লুইত খনৰ দৃশ্য বৰ দৃষ্টিনন্দন বুলি মই কৰবাত পঢ়িছিলো ।

মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী

ভুবনেশ্বৰী মন্দিৰৰ সমুখৰ বহল শিল এচটাত বহি দুজন সুদৰ্শন ভদ্ৰলোকে নিজৰ মাজতে কথা পাতি আছিল । মানুহ দুজনে ইংৰাজী আৰু মাজে মাজে বাংলা ভাষাত কথা কৈছিল। তলৰ গুৱাহাটী চহৰ আৰু লুইত খনৰ শোভা চিৰস্থায়ী ভাবে ধৰি ৰাখিবৰ বাবে কেমেৰা এটা যে লগত লৈ আহা নহল তাকে কৈ এজনে আক্ষেপ কৰিছিল।

মানুহ দুজন পশ্চিম বংগৰ পৰা আহা পৰ্য্যটক বুলিয়ে মোৰ ধাৰণা হৈছিল । ইংৰাজীত কথা কোৱাৰ এই সুবৰ্ণ সুযোগ হাতৰ পৰা নেহেৰুৱাবলৈ মই দৃঢ়প্ৰতিজ্ঞ হৈছিলো।

চুচুক চামাককৈ আগবাঢ়ি গৈ মানুহ দুজনৰ পাচফালে থিয় হৈ বহু সংকোচেৰে মই মাত দিছিলো –“ Are you tourist ?”

নিজৰ মাজৰ কথা বন্ধ কৰি মানুহ দুজনে মোৰ ফালে ঘূৰি চাইছিল ।

“মানুহ দুজন পশ্চিম বংগৰ পৰা আহা পৰ্য্যটক বুলিয়ে মোৰ ধাৰণা হৈছিল । ইংৰাজীত কথা কোৱাৰ এই সুবৰ্ণ সুযোগ হাতৰ পৰা নেহেৰুৱাবলৈ মই দৃঢ়প্ৰতিজ্ঞ হৈছিলো”

মোৰ অতি সাধাৰণ পোছাক পৰিচ্ছদ আৰু দাৰিদ্ৰ্য পীড়িত অনাকৰ্ষণীয় চেহেৰা দেখি ভদ্ৰলোক দুজনে অবজ্ঞা অথবা তাচ্ছিল্য কৰা হলেও মই অকণো আচৰিত নহলোহেতেন । তেনে অভিজ্ঞতা মোৰ সৰু জীৱনটোত ইতিমধ্যেই বহুতো হৈছে। কিন্তু এই ভদ্ৰলোক দুজন আছিল বেলেগ প্ৰকৃতিৰ।

-“Come,come. Join us. Yes, we are tourists from Calcutta“- মোক উৎসাহ দি এজন ভদ্ৰলোকে কৈছিল ।

সাহস পাই মই আগবাঢ়ি গৈছিলো । দুই ভদ্ৰলোকে মৰম কৰি মোক নিজৰ মাজত বহুৱাই লৈছিল।–“And you are from ?”- সুধিছিল এইবাৰ আনজনে ।

“My home town is Pathsala. Hundred kilometre from here on the north bank.”–ব্ৰহ্মপুত্রৰ সিটো পাৰলৈ আঙুলি টোৱাই মই ঘোষণা কৰিছিলো ।

-“In that case, it will be near to Manas Forest sanctuary“– ভদ্ৰলোকে কৈছিল ।

-“Correct“–ভদ্ৰলোকৰ ভৌগোলিক জ্ঞানৰ প্ৰতি মোৰ শ্ৰদ্ধা উপজিছিল ।

–“Do you know Siranjeev Sen?”– এই বাৰ মোৰ প্ৰশ্ন সোধাৰ পাল।

english3

সৰুৰে পৰাই মই আছিলো বাংলা সাহিত্যৰ ভক্ত ।  সেই সময়ত মই পিচে থ্ৰিলাৰ কাহিনী পঢ়িহে বেছি ভাল পাইছিলো । কলিকতাৰ চিৰঞ্জীব সেন আছিল মোৰ সেই সময়ৰ প্ৰিয় বাংলা সাহিত্যিক । তেখেতৰ থ্ৰিলাৰ কাহিনী সকলো বোৰেই মই পঢ়ি সাং কৰিছিলো।

-“Of course,I do. But how do you know him ?”–আচৰিত হৈ ভদ্ৰলোকে সুধিছিল।

-“I have read all his books“– গৰ্বেৰে উত্তৰ দিছিলো মই ।

-“Like?”–ভদ্ৰলোকে যেন মোক পৰীক্ষাহে কৰি চাব খুজিছিল ।

-” ‘আমি চি.আই.এ. এজেন্ট’, ‘আমি কে.জি.বি.এজেন্ট’, গোয়েন্দা অমনিবাস...”

–“OK.OK.”–সপ্ৰশংস চাৱনিৰে ভদ্ৰলোকে এইবাৰ সুধিছিল-“Have you read Satyajit Ray’s thriller  stories ?”

-“No“- স্বীকাৰ কৰিছিলো মই ।

–“I suggest, you read them. I am sure, you will like it even more“– মোৰ পিঠিত চপৰিয়াই দি ভদ্ৰলোকে মৰমেৰে পৰামৰ্শ দিছিল ।

ভুবনেশ্বৰীৰ পৰা কামাখ্যালৈকে কথা পাতি পাতি দুই ভদ্ৰলোকৰ সৈতে মই নামি আহিছিলো । ঢেৰ কথা পাতিছিলো আমি । কলিকতা খন কিমান ডাঙৰ, কিমান ব্যস্ত, চাব লগা ঠাই তাত কি কি আছে আদি মোৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ দুই ভদ্ৰলোকে দি গৈছিল । কামাখ্যা মন্দিৰ প্ৰাংগনত দুই ভদ্ৰলোকে মোৰ পৰা বিদায় লৈছিল । টেক্সি এখনেৰে দুয়োজনে  নিজৰ হোটেললৈ গমন কৰিছিল ।

সন্তুষ্টি আৰু আত্মবিশ্বাসেৰে মন পূৰ কৰি মই এইবাৰ  আমাৰ পান্ডাৰ ঘৰৰ ফালে ধাবমান হৈছিলো– দুপৰীয়াৰ আহাৰ খাবলৈ। পান্ডাৰ ঘৰ গৈ পাই বাইদেউ হতৰ লগত অসমীয়াত কথা কবলৈ মোৰ অলপ অসুবিধাই হৈছিল ।

[ লেখক ভৱেশ শৰ্মাই ১৯৭৬ চনত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা সমগ্ৰ অসমৰ ভিতৰতে মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল – সম্পাদক]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মই ইংৰাজী কবলৈ শিকাৰ আৰৰ কাহিনী
Editor

Editor

Related Posts

ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়
History

চিলাৰায় ! চিলাৰায় নাছিল কি!!

by Anjan Sarma
September 13, 2026
0

চিলাৰায় ! চিলাৰায় নাছিল কি!! অঞ্জন শৰ্মা চিলাৰায়! আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত প্ৰত‍্যক্ষ কৰা ঘটনা-পশ্চিমবঙ্গৰ পৰা কামাখ্যা মন্দিৰ...

Read moreDetails
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

গণশিল্পীৰ আদৰ: দুই মেৰুৰ দুজন বৰেণ্য যুগদ্ৰষ্টা

September 6, 2026
ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

ধূলিৰ মাজত দণ্ডামিছ আৰু আলেকজেণ্ডাৰ

September 3, 2026
The Brahmaputra Sings: An Unwavering Voice of Tezpur

The Brahmaputra Sings: An Unwavering Voice of Tezpur

August 31, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d