• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !

দ্য ভেজিটেৰিয়ানৰ স্ৰষ্টা দক্ষিণ কোৰিয়াৰ লেখিকা হান কাং

by Kalyan Kalita
October 21, 2024
in News
Reading Time: 4 mins read
0
মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !
Share on FacebookShare on TwitterShare on LinkedIn

“মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন”- দ্য ভেজিটেৰিয়ানৰ স্ৰষ্টা !

দ্য ভেজিটেৰিয়ানৰ স্ৰষ্টা : সাহিত্যৰ ন’বেল বঁটা লাভ কৰা এছিয়াৰ প্রথমগৰাকী মহিলা সাহিত্যিক দক্ষিণ কোৰিয়াৰ লেখিকা হান কাং

কল্যাণ কলিতা

Kalyan Kalita
কল্যাণ কলিতা

বিশ্বৰ সাহিত্য জগতখনত আটাইতকৈ সন্মানীয় বঁটা হিচাপে চিহ্নিত সাহিত্যৰ ন’বেল বঁটা যোৱা বছৰ লাভ কৰিছিল নৰৱেৰ লেখক জন অ’লাভ ফ’ছে, তেওঁৰ “উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে কণ্ঠহীনক কণ্ঠ দিয়াৰ বাবে“(for his innovative plays and prose which give voice to the unsayable”)৷

আনহাতে এইবেলি সেই সন্মানীয় বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙে, তেওঁৰ “ঐতিহাসিক তত্ব আৰু মানৱ জীৱনৰ ভংগুৰতাক প্ৰত্যাহ্বান জনোৱা গভীৰ কাব্যিক গদ্যশৈলীৰ বাবে” (Intense poetic prose that confronts historical traumas and exposes the fragility of human life)৷

মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !

যোৱা ১০ অক্টোবৰৰ আবেলি ছুইডিছ একাডেমীয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে “দ্য ভেজিটেৰিয়ান” নামৰ বহুল চৰ্চিত উপন্যাসখনৰ স্ৰষ্টা হান কাঙ সমগ্ৰ বিশ্বৰ সাহিত্য প্রেমীসকলৰ মাজত বিশেষভাৱে চৰ্চিত হৈ পৰাৰ লগতে তেওঁৰ বিষয়ে জানিবলৈ কৌতুহলী হৈ পৰিছে৷ হান কাং হৈছে সাহিত্যৰ ন’বেল বঁটা লাভ কৰা প্ৰথমগৰাকী দক্ষিণ কোৰিয়াৰ লেখিকা তথা আজিলৈকে প্ৰদান কৰা মুঠ ১১৭টা ন’বেল বঁটাৰ ভিতৰত ১৮ সংখ্যক মহিলা।

সাহিত্যত ন’বেল বিজয়ী এছিয়াৰ প্রথমগৰাকী মহিলা সাহিত্যিকৰূপেও বিবেচিত হোৱা হান কাঙৰ জন্ম হৈছিল ১৯৭০ চনৰ ২৭ নৱেম্বৰত৷ দক্ষিণ কোৰিয়াৰ গ্ৱাংজু বাসিন্দা শিক্ষক তথা ঔপন্যাসিক পিতৃ হান চেউং-ৱন আৰু শিক্ষয়িত্ৰী মাতৃ লি ইউন-ৰিমৰ গৃহত জন্মগ্ৰহণ কৰা হান কাঙে ৯ বছৰ বয়সত পৰিয়ালসহ চিউলৰ ছুয়ুৰিত বসবাস কৰিবলৈ লয়৷ 

দক্ষিণ কোৰিয়াৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে হোৱা গণ প্ৰতিবাদ ‘গ্ৱাংজু বিদ্ৰোহ’ৰ মাত্ৰ চাৰি মাহ পূৰ্বে  হানৰ পৰিয়ালটো গ্ৱাংজু এৰি ছিউললৈ আকস্মিকভাৱে গুচি যোৱা বিষয়টোৱে তেওঁৰ মনত একধৰণৰ ‘জীৱিত ব্যক্তিৰ অপৰাধবোধ’ৰ সৃষ্টি কৰে, যাৰ প্ৰভাৱ তেওঁৰ লেখাসমূহত স্পষ্টকৈ প্ৰতিফলিত হয়৷ 

কিতাপেৰে ভৰা ঘৰ এখনত ডাঙৰ দীঘল হোৱা হানৰ ১৪ বছৰ বয়সৰ পৰাই লেখক হোৱাৰ হাবিয়াস সৃষ্টি হৈছিল আৰু সেয়েহে শিক্ষা জীৱনৰ পৰৱৰ্তী সময়ত কোৰিয়ান সাহিত্য বিষয়টো নিৰ্বাচন কৰি ‘য়’নচেই বিশ্ববিদ্যালয়’ত অধ্যয়ন কৰাৰ সিদ্ধান্ত লৈ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ত সৃষ্টিশীল লেখাৰ অধ্যাপনা কৰাৰ লগতে বহু সাহিত্য উৎসৱ আৰু কৰ্মশালাত অংশগ্ৰহণ কৰি পৰিচয় তথা পটভূমি বিশ্লেষণ, পৰিয়াল বিষয়ক উপস্থাপন, ইতিহাস পৰিক্ৰমা, সংঘাত, মানৱীয় সমাজ ব্যৱস্থা-প্ৰমুল্য আদি বিষয়সমূহ উপস্থাপন কৰি তাক মনস্তাত্বিক বিশ্লেষণ কৰি চিন্তাশীল সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷

 ১৯৯৩ চনত জীৱনৰ ২৩ বছৰ বয়সত ‘মুনহাক-গৱা-ছাহোৱে’ (Munhak-gwa-sahoe) নামৰ আলোচনীখনৰ শীতকালীন সংখ্যাত পাঁচটা কবিতা প্ৰকাশ কৰি কবি হিচাপে সামাজিকভাৱে নিজৰ সাহিত্যিক জীৱন আৰম্ভ কৰা হানে তাৰ পিছৰ বছৰত অৰ্থাৎ ১৯৯৪ চনত ‘ছিউল শ্বিনমুন বসন্ত সাহিত্য প্ৰতিযোগিতা’ত ‘ৰেড এংকৰ’ৰ জৰিয়তে পুৰস্কৃত হৈ ঔপন্যাসিক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷

 তেওঁ ১৯৯৫ চনত ‘লাভ অৱ য়েওছু’ শীৰ্ষক প্ৰথমখন চুটিগল্পৰ সংকলন প্ৰকাশ কৰে আৰু ১৯৯৮ চনত আৰ্টছ কাউন্সিল কোৰিয়াৰ সহযোগত ইউনিভাৰ্চিটি অৱ আইঅ’ৱা আন্তঃৰাষ্ট্ৰীয় লেখা কাৰ্যসূচীত তিনিমাহ ধৰি অংশগ্ৰহণ কৰি বিশেষ অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হয়৷ নিজৰ লেখাসমূহত অতি সহজ-সৰল তথা নিখুঁত গদ্য ৰীতি ব্যৱহাৰ কৰি মানৱীয় দৃষ্টভংগীৰে মানুহৰ অৱস্থাৰ অন্বেষণ কৰা হান কাঙৰ পৰীক্ষামূলক উপস্থাপন আৰু বিশ্লেষণে তেওঁক সমসাময়িক অইন লেখকতকৈ পৃথক কৰিছে৷ 

মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !
হান কাং

পিছলৈ সময় আৰু জীৱনৰ তিতা-মিঠা অভিজ্ঞতাৰে আগবাঢ়ি গৈ তেওঁ দীঘলীয়া গদ্য ৰচনা অৰ্থাৎ উপন্যাস জাতীয় লেখা লিখিবলৈ আৰম্ভ কৰে, যাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল “The Vegetarian”. ২০০৭ চনত লিখা এই উপন্যাসখন ২০১৫ চনত ডেব’ৰা স্মিথে ইংৰাজীলৈ অনুবাদ কৰে আৰু উপন্যাসখন ইংৰাজীলৈ অনুবাদ হোৱাৰ পিছতে যেন বিশ্ব সাহিত্যত এক আলোড়নৰ সৃষ্টি কৰিলে৷

হানে তেওঁৰ পূৰ্বৰ এটা চুটিগল্পৰ আধাৰত ২০০৩ চনৰ পৰা ২০০৫ চনৰ ভিতৰত দ্য ভেজেটেৰিয়ান লিখিছিল আৰু ২০০৭ চনত ইয়াক পূৰ্ণদৈৰ্ঘ্যৰ উপন্যাস হিচাপে প্ৰকাশ কৰিছিল৷ উপন্যাসখনত গদ্যৰীতিত কাব্যিকতাৰ সমাহাৰ আৰু বিষয়বস্তুৰ গভীৰতাই যেন বিশ্বৰ সাহিত্য প্ৰেমীৰ হৃদয় জোকাৰি গৈছিল৷ যাৰ ফলস্বৰূপে এই উপন্যাসখনৰ বাবে ২০১৬ চনত সন্মানীয় মেন বুকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় হান কাঙে৷

উপন্যাসখনৰ নমাটো যদিও “দ্য ভেজিটেৰিয়ান”, ই কিন্তু কেৱল নিৰামিষভোজীৰ কাহিনী নহয়; বৰঞ্চ ই এনে এক লেখা যিয়ে দুখ-কষ্ট কিহৰ দ্বাৰা গঠিত হয়, সেই বিষয়ে অনুসন্ধান কৰে। 

“দ্য ভেজিটেৰিয়ান”ত মুলত ইয়ং-হাই নামৰ মহিলা এগৰাকীৰ কাহিনী কোৱা হৈছে৷ ইয়ং-হাইৰ লগতে তেওঁৰ স্বামী, তেওঁৰ ভায়েক আৰু ভনীয়েক ইন-হাইৰ চৰিত্ৰৰ সমাহাৰ ‘দ্য ভেজিটেৰিয়ান’ৰ কাহিনীটো আৰম্ভ হয় যেতিয়া ইয়ং-হায়ে, আপাত দৃষ্টিত স্বামীক কয় যে তেওঁ আৰু মাংস খোৱা বন্ধ কৰিব আৰু তেওঁলোকৰ ঘৰৰ সকলো মাংস পেলাই দিবলৈ আগবাঢ়ি যায়।

কিন্তু কোৰিয়ান সমাজত সামাজিক অনুকূলতাক অন্যতম গুৰুত্বপূৰ্ণ সামাজিক গুণ হিচাপে গণ্য কৰা হয়। পুৰুষতান্ত্ৰিক সমাজখনত ইয়ং-হাইয়ে মাংস খাবলৈ অস্বীকাৰ কৰাটো বিষয়টোৱে স্বামী আৰু পিতৃৰ বাবে যথেষ্ট লাজ কঢ়িয়াই আনে। এনে এক প্ৰেক্ষাপটতে তেওঁৰ সিদ্ধান্তই প্ৰায় অদম্য শত্ৰুৰ বিৰুদ্ধে এক বিধ্বংসী সংঘাতৰ ৰূপ লয়৷

পিতৃতান্ত্রিক কোৰিয়ান সমাজখনৰ ৰাজত্বকালীন নীতি-নিয়মৰ বিৰুদ্ধে গৈ যেতিয়া তেওঁ মাংস খোৱা এৰিবলৈ সংকল্প লয়, তেতিয়া নিজৰ স্বামী আৰু পৰিয়ালৰ সদস্যকে ধৰি সমাজৰ সকলোৱে ইয়ং-হাইক পিঠি দি তেওঁৰ শত্ৰু হৈ পৰে। উপন্যাসখনত শৰীৰৰ ভয়াবহতা, মানসিক ৰোগ, সন্মতি, নাৰীবিদ্বেষৰ দৰে বিষয়সমূহ পৰীক্ষা কৰি ইয়ং-হাই নামৰ যুৱতীগৰাকীয়ে মাংস খোৱা বন্ধ কৰি দিয়াৰ পৰিণতি হৈ পৰে বিৰক্তিকৰ৷

মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !
হান কাং

পৰিয়ালে জোৰকৈ খুৱাবলৈ চেষ্টা কৰাৰ পিছত তেওঁ একেবাৰে খোৱাই বন্ধ কৰি দিবলৈ বাধ্য হয় আৰু অৱশেষত নিজকে উদ্ভিদ বুলি গণ্য কৰি তেওঁ পানী আৰু সূৰ্য্যৰ ৰশ্মিৰ বাহিৰে আন কোনো খাদ্য অস্বীকাৰ কৰে। উপন্যাসখনত মানৱ নিষ্ঠুৰতাৰ বিষয়ে ভয়ংকৰ দুঃস্বপ্ন ভোগ কৰি এগৰাকী যুৱতীয়ে নিজৰ নিৰামিষহাৰী অস্তিত্ব লৈ জীয়াই থকাৰ প্ৰচেষ্টাৰ যি মনস্তাস্তিক যুদ্ধ তাৰ কাব্যিক গদ্যৰীতিয়ে উপন্যাসখনক অন্য এক ৰূপ প্ৰদান কৰে৷

শৈশৱৰ গ্ৱাংজুৰ ৰাজনৈতিক পৰিঘটনাই হানক গভীৰভাৱে ৰেখাপাত কৰিছিল আৰু সেয়েহে তেওঁৰ লেখাসমূহত কেনেবাকৈ হ’লেও ইয়াৰ প্ৰভাৱ পৰিছিল৷ তেওঁৰ গদ্যৰীতিক প্ৰায়ে পৰীক্ষামূলক আৰু উপমাৰে ৰঞ্জিত বুলি বৰ্ণনা কৰা হয় আৰু ৰচনাসমূহে হিংসা, শোক, পিতৃতন্ত্ৰৰ দৰে বিষয়বস্তুক সম্বোধন কৰে।

২০১৬ চনত মেন বুকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ পিছত দ্য হোৱাইট ৰিভিউৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল, “উচ্চতৰ পৰা নিষ্ঠুৰলৈকে বিস্তৃত মানৱতাৰ বহল বৰ্ণালীটো মোৰ বাবে সৰুৰে পৰাই এক কঠিন ঘৰুৱা কামৰ সমস্যাৰ দৰে হৈ আহিছে। আপুনি ক’ব পাৰে যে মোৰ কিতাপবোৰ হৈছে মানৱ হিংসাৰ এই বিষয়বস্তুৰ ভিন্নতা।”

আনহাতে The Guardian কাকতেৰে হোৱা এক সাক্ষাতকাৰত হানে কৈছিল যে যিদৰে ‘গ্ৱাংজু বিদ্ৰোহ’ৰ প্ৰভাৱৰ পৰা তেওঁ মুক্ত হব পৰা নাছিল তেনেদৰে কৈশোৰ কালৰ পৰাই তেওক দুৰ্বল কৰি পেলোৱা মাইগ্ৰেইনৰ ৰোগৰ পৰাও পৰিত্ৰাণ পোৱা নাছিল৷ কিন্তু গ্ৱাংজু বিদ্ৰোহৰ আলম লৈ তেওঁ সাহিত্য সৃষ্টিত মনোনিৱেশ কৰাৰ লেখিয়াকৈ মাইগ্ৰেইনকো ধনাত্মকভাৱে লবলৈ চেষ্টা কৰিছিল৷

হানে কৈছিল, “মোৰ মাইগ্ৰেইনে মোক সদায় সোঁৱৰাই আছে যে মই মানুহ। কাৰণ যেতিয়া মাইগ্ৰেইন আহে, তেতিয়া মই মোৰ কাম, মোৰ পঢ়া-শুনা, মোৰ ৰুটিন বন্ধ কৰিব লাগে, গতিকে ই মোক সদায় নম্ৰ কৰি তুলিছে, মোক উপলব্ধি কৰাত সহায় কৰিছে যে ময়ো মৰণশীল আৰু দুৰ্বল। হয়তো মই যদি ১০০ শতাংশ সুস্থ আৰু শক্তিশালী হ’লোহেঁতেন তেন্তে মই লেখক হ’ব নোৱাৰিলোহেঁতেন৷”

আন এক সাক্ষাৎকাৰত তেওঁ কৈছিল, “লিখা মোৰ বাবে প্ৰশ্ন কৰাৰ এক উপায়। মই উত্তৰ বিচাৰিবলৈ চেষ্টা কৰা নাই, কিন্তু প্ৰশ্নটো সম্পূৰ্ণ কৰিবলৈ, বা যিমান পাৰো প্ৰশ্নটোৰ ভিতৰত থাকিবলৈ চেষ্টা কৰিছো। এক অৰ্থত কল্পকাহিনী লিখাক আগলৈ আৰু পিছলৈ খোজ দিয়াৰ লগত তুলনা কৰিব পাৰি।  আপুনি আগবাঢ়ি যায় আৰু তাৰ পিছত আকৌ উভতি আহে, এনে প্ৰশ্নৰ ওপৰত চিন্তা কৰে যিবোৰে আপোনাক আভ্যন্তৰীণভাৱে জুই জ্বলাই দিয়ে আৰু ঠাণ্ডা কৰি পেলায়।”

মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !
হান কাং

দ্য ভেজিটেৰিয়ানে মেন বুকাৰ বঁটা লাভ কৰাৰ পিছৰে পৰা হিউমেন এক্টছ, দ্য হোৱাইট বুক, গ্ৰীক লেচনছ, উই ডু নট পাৰ্টকে ধৰি হানৰ আন আন ৰচনাসমূহ কেইবাটাও ভাষালৈ অনুবাদ হৈছে৷ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী কোৰিয়ানৰ ৰেকৰ্ড গঢ়োতা হান কাঙে এই সন্মান লাভ কৰাৰ বাবে তেওঁৰ ৰচনাসমূহক বিভিন্ন সংস্কৃতিৰ বহল পাঠকৰ মাজলৈ যোৱাত বাৰুকৈয়ে সহায় কৰিছিল আৰু যাৰ বাবে তেওঁ চিৰ কৃতজ্ঞ বুলি মন্তব্য কৰে যদিও বহু সময়ত এগৰাকী লেখক হিচাপে কিছুপৰিমানে মনোযোগ বিচলিত কৰে আৰু তেনেকুৱা অৱস্থাত লিখাটো অসম্ভৱপ্ৰায় হৈ পৰে৷

আনহাতে যোৱা ১০ অক্টোবৰৰ সন্ধিয়া যেতিয়া ন’বেল বঁটা সমিতিৰ তৰফৰ পৰা জেনী ৰাইডেনে ফোন কৰি হানৰ অনুভৱ জানিব বিচাৰিছিল তেতিয়া তেওঁ কৈছিল যে তেওঁ এক্কেবাৰেই আচৰিত হৈছে, যে তেওঁ এনেদৰে সন্মানিত হৈছে৷ (I’m so surprised and, and absolutely I’m honoured.) মাত্ৰ ৪১ বছৰ বয়সতে ৰুডিয়াৰ্ড কিপলিঙে ন’বেল বঁটা লাভ কৰি সৰ্বকণিষ্ট লেখকৰ খিতাপ অৰ্জন কৰাৰ পিছত ৫৩ বছৰীয়া হান কাং হৈছে দ্বিতীয় সৰ্বকণিষ্ঠ এই সন্মানীয় বঁটা বিজয়ী৷

কাঙে অনুভৱ কৰে যে তেওঁৰ উপন্যাসসমূহে মানুহৰ দুখ-কষ্টৰ সন্ধান কৰে। কোৰিয়ান লেখক লিম চুল-উৰ চুটিগল্প আৰু বিদেশী লেখকৰ ভিতৰত দস্তয়েভস্কিৰ লেখা আটাইতকৈ বেছি ভাল পোৱা হানে কোনো সাহিত্যিকক শাৰিৰীকভাৱে লগ পোৱাতকৈ তেওঁলোকৰ গ্ৰন্থৰ জৰিয়তে লগ পাব বিচাৰে৷ তেওঁ বিশ্বাস কৰে যে লেখকসকলে নিজৰ শ্ৰেষ্ঠখিনি নিজৰ কিতাপত ঢালি দিয়ে, তেওঁলোকক লগ পোৱাতকৈ গতিকে সেইবোৰ পঢ়িলেই যথেষ্ট৷ 

কিতাপ সম্পৰ্কত এক সাক্ষাৎকাৰত হানে কৈছিল, “মোৰ বাবে কিতাপ আছিল অৰ্ধজীৱ যিয়ে নিজৰ সীমা অহৰহ বৃদ্ধি আৰু সম্প্ৰসাৰিত কৰিছিল। আমাৰ অৱস্থাৰ সঘন পৰিবৰ্তনৰ পিছতো মোক সুৰক্ষা দিয়া সেই সকলোবোৰ কিতাপৰ বাবেই মই নিশ্চিন্ত অনুভৱ কৰিব পাৰিলোঁ। আনকি অচিনাকি চুবুৰী এটাত বন্ধুত্ব গঢ়ি তোলাৰ আগতে প্ৰতিদিনে দুপৰীয়া মোৰ লগত মোৰ কিতাপবোৰ আছিল।”

২০১৭ চনত প্ৰকাশ পোৱা আত্মজীৱনীমূলক উপন্যাস ‘দ্য হোৱাইট বুক’ত ডাঙৰ ভনীয়েকৰ জন্মৰ মাত্ৰ দুঘণ্টাৰ পিছত মৃত্যুবৰণ কৰাৰ কথা বৰ্ণনা কৰা হানে বিশ্বাস কৰে যে পিতৃ-মাতৃৰ প্ৰথম দুটা কেঁচুৱাৰ মৃত্যু নঘটিলে হয়তো হান কাং আৰু তেওঁৰ ভাতৃৰ জন্মই নহ’লহেঁতেন৷

মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !

হানে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ যেতিয়া মাতৃ গৰ্ভত থিতাপি লৈছিল তেতিয়া মাক ৰোগাক্ৰান্ত হৈ বহুত ঔষধ সেৱন কৰিবলগীয়া হৈছিল আৰু যাৰ বাবে তেওঁ ইমান দুৰ্বল হৈ পৰিছিল যে গৰ্ভপাতৰ কথাও চিন্তা কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত সিদ্ধান্ত সলনি কৰে আৰু হানক এই পৃথিৱীৰ পোহৰ দেখুৱায়৷ সেয়েহে হানে অনুভৱ কৰে যে পৃথিৱীখন ক্ষণস্থায়ী আৰু তেওঁক এই পৃথিৱীখন ভাগ্যই প্ৰদান কৰিছিল৷

সংগীতৰ প্ৰতিও বিশেষ ৰাপ থকা কাঙে ২০০৭ চনত এখন চি ডি মুকলি কৰে য’ত সন্নিবিষ্ট ১০টা গান তেওঁ লিখাৰ লগতে সুৰাৰোপও কৰিছিল৷ বিখ্যাত উপন্যাস ‘দ্য ভেজিটেৰিয়ান’ৰ আধাৰত চলচ্চিত্রও নিৰ্মাণ হোৱা কাঙৰ প্ৰকাশনসমূহৰ ভিতৰত অন্যতম হৈছে- চুটিগল্প সংকলন দ্য ফ্ৰুটছ অৱ মাই উইমেন (২০০০)ৰ লগতে উপন্যাস ক্ৰমে ফায়াৰ চালামেণ্ডাৰ (২০১২), ব্লেক ডিয়েৰ (১৯৯৮), ইয়োৰ ক’ল্ড হেণ্ডছ (২০০২), দ্য ভেজিটেৰিয়ান (২০০৭), ব্ৰেথ ফাইটিং (২০১০), গ্ৰীক লেচনছ (২০১১), হিউমেন এক্টছ (২০১৪), দ্য হোৱাইট বুক (২০১৬), আই ডু নট বিড ফেয়াৰৱেল (২০২১),  কবিতা সংকলন- আই পুট দ্য ইভিনিং ইন দ্য ড্ৰয়াৰ (২০১৩) আদি অন্যতম৷

আনহাতে বহু ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা সাহিত্যিক গৰাকীয়ে ১৯৯৯ চনত বেবী বুদ্ধ উপন্যাসৰ বাবে ২৫ সংখ্যক কোৰিয়ান উপন্যাস বঁটা, ২০০০ চনত কোৰিয়াৰ সংস্কৃতি মন্ত্ৰালয়ৰ পৰা আজিৰ যুৱ শিল্পী বঁটা, ২০০৫ চনত মোংগোলীয়ান মাৰ্ক উপন্যাসৰ বাবে য়ি ছাং সাহিত্য বঁটা, ২০১০ চনত দ্য উইণ্ড ইজ ব্লয়িংৰ বাবে ডংগ্ৰী সাহিত্য বঁটা লাভ, ২০১৪ চনত হিউমেন এক্টছৰ বাবে মানহাই সাহিত্য বঁটা, ২০১৫ চনত হোৱাইল ওৱান স্নোফ্লেক মেল্টচৰ বাবে হাৱাং ছান বঁটা, ২০১৬ চনত দ্য ভেজিটেৰিয়ানৰ বাবে আন্তৰাষ্ট্ৰীয় মেন বুকাৰ সন্মান, ২০১৭ চনত হিউমেন এক্টছৰ বাবে মালাপাৰ্ট’ বঁটা, ২০১৮ চনত ফেয়াৰৱেলৰ বাবে কিম ইউ-জেং সাহিত্য বঁটা,  ২০১৯ চনত দ্য ভেজিটেৰিয়ানৰ বাবে ছান ক্লেমেণ্ট সাহিত্য বঁটা, ২০২৩ চনত উই ডু নট পাৰ্টৰ বাবে প্ৰিক্স মেডিচিছ আন্তৰাষ্ট্ৰীয় বঁটা আৰু একেখন গ্ৰন্থৰ বাবে ২০২৪ চনত এছিয়ান সাহিত্যৰ এমিলি গুইমেট বঁটা, একেটা বৰ্ষত তেওঁৰ সামগ্ৰীক কলাকাৰিত্যৰ বাবে হো-আম বঁটা আদি অন্যতম৷

মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !

শেহতীয়াকৈ সাহিত্যৰ নোবেল বঁটা লাভ কৰা হান কাঙৰ সাহিত্য কৃতি একপ্ৰকাৰ কাব্যিক আৰু পৰীক্ষামূলক শৈলীত সমসাময়িক গদ্যৰ উদ্ভাৱক হৈ পৰিছে। সমসাময়িক বিশ্ব সাহিত্যৰ মঞ্চত কাম কৰা আটাইতকৈ গভীৰ আৰু দক্ষ লেখকসকলৰ ভিতৰত অন্যতম হান কাঙৰ সূক্ষ্ম পৰ্যবেক্ষণে বিশ্ব সাহিত্যৰ ক্ষেত্ৰখনক অন্যতম মাত্ৰা প্ৰদান কৰাৰ ফলস্বৰূপে অহা দহ ডিচেম্বৰত প্ৰদান কৰা হব এই বৰ্ষৰ অতি সন্মানীয় সাহিত্যৰ ন’বেল বঁটা।

আমি আশা কৰিব পাৰো যে এই বৰেণ্য সন্মান লাভ কৰাৰ আপাহতে হান কাঙৰ পৰা অনাগত সময়ত বিশ্বৰ সাহিত্য জগতে আৰু সুক্ষ্মাতীসুক্ষ্ম পৰ্যবেক্ষণৰ মননশীস আঢ্যবন্ত লেখা উপভোগ কৰিবলৈ সক্ষম হব৷

মই এশ শতাংশই সুস্থ হ’লে লেখক হ’ব নোৱাৰিলোহেঁতেন !

কল্যাণ কলিতা; ফোন- ৯৯৫৭৩৪৮৬২৩

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Kalyan Kalita

Kalyan Kalita

Related Posts

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy
Opinion

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

by Kakali Das
September 9, 2026
0

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy KAKALI DAS Is India’s economy in...

Read moreDetails
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d