• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)

জাতীয় নায়ক

by Anjan Sarma
February 14, 2022
in Special Report
Reading Time: 1 min read
0
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)
Share on FacebookShare on TwitterShare on LinkedIn

জাতীয় নায়ক

–প্লাৱিতা বৰুৱা

জীৱনৰ বাটত সেউজীয়া বুটলি ফুৰোতে সকলোৱে নিজৰ অলেখ-অযুত সপোনবোৰ ৰচি যায়, জীৱনৰ সাৰ্থকতা বিচাৰি হাবাথুৰি খাই ফুৰোতে সকলোৱেই ব্যস্ততাৰ মাজত এখন্তেক হ’লেও সময় উলিয়াই কল্পনাৰ সাগৰখনত অলপ পৰ ডুবি চায়। আৰু এই কল্পনাৰ ঢৌবোৰৰ লগে লগে তাল মিলাই, আমাৰ মনত খু-দুৱনি লগাই যায় সম্ভাৱনাৰ ভাবনাবোৰে, অৰ্থাৎ আমাৰ জীৱনৰ ‘যদি’বোৰে। মুক্ত আকাশলৈ চাই মুক্ত বিহংগৰ দৰে যি মন যায় তাকে কৰিবলৈ মন এটা সকলোৱে পুহি ৰাখো, পৰিস্থিতি-প্ৰেক্ষাপটবোৰ নোহোৱাহেঁতেন যেন পৃথিৱীখনেই সলাই পেলাম।

সৰুতে খেয়ালী মনটোৱে ‘যদি মই চৰাই হ’লোহেঁতেন, কেনেকৈ আকাশ উৰি ফুৰিলোহেঁতেন’ যেনেকৈ ভাবিছিলো, আজিৰ অনভিজ্ঞ যদিও কিছু পৰিমাণে বুজন মনটোৱে, চাৰিওফালে দেশখনৰ পৰিস্থিতি দেখি-শুনি বুজি কেতিয়াবা ভাবো, যদিহে মই অসমৰ জাতীয় নায়ক হ’লোহেঁতেন ! আচলতে জাতীয় নায়কৰ সংজ্ঞা ব্যাখ্যা কৰাটো অতিকৈ কঠিন। নিজৰ দেশ, নিজৰ জাতিৰ প্ৰতি কিমান নিঃস্বাৰ্থ প্ৰেম থাকিলে কাৰোবাক জাতীয় নায়ক আখ্যা দিব পাৰি আৰু কেৱল জাতিপ্ৰেম থাকিলেই যে হ’ব এনে নহয়, সেই প্ৰেমক সঠিক দিশ দি জাতিটোৰ উন্নতি আৰু সমৃদ্ধিৰ বাবে কিমান ত্যাগ আৰু কষ্টৰ বাবে সাজু হ’লে জাতীয় নায়কৰ স্থান আৰ্জিব পাৰি, সেইটো বিচাৰযোগ্য। তথাপিও ধৰি লৈছো যে যিমানখিনি কৰি ৰাইজৰ, জাতিটোৰ বিশ্বাসকণ গোটাব পাৰি, সেইখিনি কৰিলো, ৰাইজে জাতিটোৰ নায়ক হিচাপে আঁকোৱালি ল’লে, কিন্তু তাৰ পিছত আহি পৰিব তাতোকৈয়ো ডাঙৰ দায়িত্ব, ৰাইজৰ সেই বিশ্বাস অটুট ৰাখিবলৈ, জাতীয় নায়কৰপৰা আশা কৰা আকাংক্ষাবোৰক সফল ৰূপ দিবলৈ।

মোৰ মতে জাতীয় নায়ক এজনৰ প্ৰধান উদ্দেশ্য হ’ব লাগে জাতিটোক এটা সঠিক পথ দেখুৱাই উন্নতিৰ দিশত আগবঢ়াই নিয়া। কিন্তু নায়ক হ’লেও এজন মানুহে অকলে কেতিয়াও এটা মৃত্যুমুখী জাতি উদ্ধাৰ কৰিব নোৱাৰে। জাতিটোৰ ৰক্ষাৰ বাবে প্ৰয়োজন প্ৰত্যেক লোকৰ জাতিৰ স্বাৰ্থত নিঃস্বাৰ্থ অৱদান। মই যদি জাতীয় নায়ক হ’লোহেঁতেন পোনপ্ৰথমে মোৰ প্ৰধান লক্ষ্য হ’লহেঁতেন মানুহৰ চিন্তাধাৰাবোৰ সঠিক দিশত পৰিচালিত কৰা। সমাজ, ৰাইজ, মানুহৰ মাজলৈ গৈ তেওঁলোকৰ মনবোৰ, চিন্তাধাৰাবোৰ বুজিবলৈ চেষ্টা কৰা যাতে সমস্যাবোৰৰ গুৰিবোৰ ক’ত বুজিব পাৰি। বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমখনক উন্নতিৰ দিশত আগুৱাই নিবলৈ প্ৰয়োজন হ’ব অতি নিখুঁত পৰিকল্পনাৰ, যি দেশখন ভাৰাক্ৰান্ত কৰা প্ৰত্যেক সমস্যাৰ সঠিক সমাধানৰ পথ মুকলি কৰিব।

সাম্প্ৰতিক ৰাজ্যখনৰ পৰিস্থিতিবোৰ চালি-জাৰি চালে বুজা যায় যে এতিয়া অসমৰ সবাতোকৈ ডাঙৰ সংকট হৈছে জাতিটোৰ অস্তিত্বৰ সংকট। হয়তো দেশৰ খবৰ ৰখা প্ৰতিগৰাকী অসমীয়াৰেই বুকু এতিয়া এনেকুৱা এক অজান শংকাই কম্পিত কৰিছে যে নিজৰ ঠাইতে হয়তো আমি এদিন এলাগী হৈ পৰিম— অসমত অসমীয়া সংখ্যালঘু আৰু অসমীয়া ভাষাটো দ্বিতীয় ভাষালৈ পৰিণত হ’ব। কেইদিনমান আগতে সংবাদ মাধ্যমত ওলোৱা জ্যেষ্ঠ কবি নীলমণি ফুকনৰ ‘অসমীয়াৰ ভৱিষ্যৎ কি হ’ব’ বুলি চকুলো টোকা ভিডিঅ’টোৱেও আমাক বাৰুকৈয়ে অন্তৰত আঘাত দিছিল। আমাৰ অসমীয়া জাতিটো স্বভাৱতেই এটা সহজ-সৰল, অমায়িক জাতি। ১৯৪৭ চনৰ ১৫ আগষ্টৰ ইমান বছৰৰ পিছতো আমি ভাৰতবৰ্ষত নিজৰ এক শক্তিশালী পৰিচয় দিবলৈ সক্ষম হ’বতো নোৱাৰিলোৱেই, এতিয়া আনকি নিজৰ ৰাজ্যতেই অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে। অবৈধভাৱে অসমৰ মাটিত থকি অসমীয়া নোহোৱা সেইসকলৰ বাবে অসমৰ সকলোতকৈ ডাঙৰ সমস্যা, অৰ্থাৎ জধে-মধে জনসংখ্যা বৃদ্ধি আৰু তাৰ আনুষংগিক সমস্যাসমূহ, যেনে— চুৰি-ডকাইতি, ধৰ্ষণৰ মাত্ৰাবোৰ চকুৰ আগতেই বৃদ্ধি হৈ থকা দেখি প্ৰত্যেক অসমীয়া বিচলিত হৈ পৰিছে। এনে বিপদৰ সময়ত ৰাজপথলৈ প্ৰতিবাদত শ শ লোক ওলাই আহিছে, নিউজ, মিডিয়া সকলোতে সকলোৱে নিজৰ নিজৰ ধৰণে প্ৰতিবাদ কৰিছে, আৱেগত বহু ডেকাই তেজ দি হ’লেও অসমখন অসমীয়াৰেই হৈ থাকিব বুলিও আগবাঢ়ি আহিছে। কিন্তু কেৱল আৱেগেৰেই জাতি এটা জীয়াই ৰখাটো কেতিয়াও সম্ভৱ নহয়। এতিয়া অত্যন্ত আৱশ্যকীয় হৈ পৰিছে অসমীয়াৰ এই আৱেগক এটা সঠিক দিশত পৰিচালিত কৰাটো, এই আৱেগক এক শক্তিশালী শক্তিলৈ পৰিণত কৰাটো। যাৰ বাবে জাতীয় নায়ক হিচাপে মোৰ এটা ডাঙৰ উদ্দেশ্য হ’ব এই আৱেগক যাতে কোনো বাহিৰা শক্তিয়ে বিপথে পৰিচালিত নকৰে সেইটো নিশ্চিত কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত নিজৰ সমস্ত শক্তিৰে কাম কৰি যোৱা।

অসমীয়া জাতিটো আজিও এনে এজন ক্ষমতাশালী নেতাৰ অপেক্ষাত যি বুকু ডাঠি ক’ব পাৰে যে, ‘বহুত হৈ গ’ল, এতিয়া আৰু কোনো বিদেশীকে অসমত ঠাই দিয়া নহ’ব।’ মোৰ হাতত যদি ইমানখিনি ক্ষমতা থাকিলহেঁতেন, প্ৰথমে নিজৰ সামৰ্থ্যৰে নিশ্চিত কৰিলোহেঁতেন যেন এখন শুদ্ধ ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ (এন.আৰ.চি.) প্ৰস্তুত কৰা হয়। শুদ্ধ এন.আৰ.চি এখন তৈয়াৰ কৰাৰ লগতে আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ব চৰকাৰী কাৰ্যালয়বোৰ দুৰ্নীতিমুক্ত কৰা, দুৰ্নীতিপৰায়ণ, দুই নম্বৰী, ঘোচখোৰ অফিচাৰবোৰৰ ওপৰত তাৎক্ষণিক কঠোৰ ব্যৱস্থা লোৱা যাতে এখন নিকা ব্যৱস্থা গঢ়ি উঠে আৰু এটা গুৰুত্বপূৰ্ণ দিশ হ’ব অসমৰ এন.আৰ.চি. নিৰ্ধাৰণৰ চনটো। ৮৬০ জন শ্বহীদৰ প্ৰাণাহুতি, অসমৰ হাজাৰ হাজাৰ লোকৰ দুখ-কষ্টৰ প্ৰতিফলন ‘অসম আন্দোলন’ যাতে আন এটা ব্যৰ্থ আন্দোলন হৈ ইতিহাসত হেৰাই নাযায় তাৰ বাবে অসমত এন.আৰ.চিৰ চনটো যাতে ১৯৭১-ৰ সলনি ১৯৫১ হয় সেইটো অতি প্ৰয়োজনীয়। য’ত এফালে গোটেই ভাৰতবৰ্ষত এন. আৰ. চিৰ নিৰ্ধাৰণৰ চন ১৯৫১, অসমত সকলো অসমীয়া মানুহৰ প্ৰতিবাদ, অনুৰোধ উপেক্ষা কৰি, কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে ১৯৭১ বুলি নিৰ্ধাৰিত কৰিছিল। হয়তো সেইটো সময়ত আমাৰ এনে এজন নেতাৰ অভাৱ আছিল যি কেন্দ্ৰৰ আগত যুক্তি দৰ্শাই ডাঠি ক’ব পাৰিছিল যে অসমক লৈ সিদ্ধান্ত কৰোতে অসমীয়াৰ আৱেগ-অনুভূতিবোৰ গুৰুত্বসহকাৰে ল’বই লাগিব বুলি। ক্ষমতাৰ লোভ অথবা আন প্ৰলোভনত ভোল নোযোৱাকৈ নিজৰ স্থিতিত অটল থকা এজন সৎ-সাহসী নেতাৰ অভাৱ অসমীয়া ৰাইজে সেই সময়ত বাৰুকৈয়ে উপলব্ধি কৰিছিল আৰু আজিও কৰে। জাতীয় নায়ক হিচাপে মোৰ কৰ্তব্য হ’লহেঁতেন অসমক আৰু অসমৰ সমস্যাসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যক্তিগত দায়বদ্ধতাৰে এনেদৰে প্ৰতিনিধিত্ব কৰা যাতে কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে ল’বলৈ বাধ্য হয়। এন.আৰ.চিৰ লগতে কেইদিনমান আগত সমগ্ৰ অসমত তোলপাৰ লগোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখনো যে অসমীয়া জাতি বিৰোধী আৰু এইখন গৃহীত কৰিলে অসমীয়াৰ কি বিপদ হ’ব পাৰে এই কথাও দৃঢ়তাৰে কেন্দ্ৰৰ আগত উত্থাপিত কৰিব পৰাকৈ কিন্তু আমাৰ জাতীয় নায়ক কোনো নোলাল। অসম আন্দোলনেই হওক, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অথবা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়েই হওক, কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ আৱেগ-অনুভূতিবোৰ সদায়ে উপেক্ষা কৰি অহাটো অতিকৈ দুখজনক। মোৰ জাতীয় নায়কৰূপে লক্ষ্য হ’লহেঁতেন নিজকে ইমান দক্ষ, সক্ষম আৰু প্ৰভাৱশালী কৰি তোলা যাতে সমগ্ৰ দেশখনেই মোৰ কথা শুনি-বুজি সমৰ্থন কৰে আৰু কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ কথা শুনিবলৈ বাধ্য হয়।

তথাপিও যদি কেন্দ্ৰীয় চৰকাৰে অসম বিৰোধী সিদ্ধান্তবোৰ লৈ থাকিবলৈ কুণ্ঠাবোধ নকৰে, আমাৰ হাতত আন বহুত উপায় আছে যিবোৰ অৱলম্বন কৰি আমি অসমখন যাতে অসমীয়াৰেই হৈ থাকে তাক নিশ্চিত কৰিব পাৰো। কেন্দ্ৰীয় চৰকাৰক কেতবোৰ ক্ষেত্ৰত দোষ দিলেও, আমাৰ বাবে এইটো অতি দুখৰ বিষয় যে আমাৰ প্ৰধান ৰাজনৈতিক দলকেইটাই নিৰ্লজ্জভাৱে অসমৰ হাজাৰ হাজাৰ লোকৰ আৱেগ-উদ্বেগ উপেক্ষা কৰি ভোট-বেংকৰ বাবে অসমতে অসমীয়াক সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ ৰচি আছে— এটা দলে য’ত অত বছৰে মুছলমান বাংলাদেশীৰ পৃষ্ঠপোষকতা কৰি সিহঁতক অবৈধ নাগৰিকত্ব প্ৰদান কৰি আহিছে, আনটোৱে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ উঠি-পৰি লাগিছে। জাতীয় নায়ক হিচাপে মোৰ কৰ্তব্য হ’লহেঁতেন— ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো অবৈধ নাগৰিকক অবৈধ বুলি ঘোষণা কৰা।

অবৈধ বুলি চিনাক্ত কৰাৰ পিছত কিন্তু আন এটা ডাঙৰ বিষয় হ’ব সিহঁতৰ ওপৰত কি ব্যৱস্থা ল’ব পাৰি। যদিও সকলোৱে এইটোৱে বিচাৰে যে বাংলাদেশীক অসমৰপৰা পঠিয়াব লাগে, সিহঁতক এনেকৈ খেদি পঠিওৱাটো কিমান সহজ তাত এটা ডাঙৰ প্ৰশ্নবোধক। অসমৰ চুকে-কোণে এই লোকসকলৰ জনসংখ্যা এনেকুৱা ধৰণে বৃদ্ধি হৈ বৃহৎ বৃহৎ গাঁও হিচাপে আছে যে যা বুলি ক’লেই যে গুচি যাব সেইটো অসম্ভৱ। যোৱাতো বাদেই কোনোবা দুষ্টচক্ৰৰ উচটনিত যদি অসমীয়াৰ লগত সংঘৰ্ষ কৰিবলৈ আহে তাৰ পৰিণাম কিমান ভয়াৱহ হ’ব আমি সকলোৱেই জানো। আৰু যদি শক্তিৰে খেদিব যাওঁ, ম্যানমাৰত ৰহিংগিয়াক খেদোতে গোটেই বিশ্বই, ৰাষ্ট্ৰসংঘই যেনেকৈ হস্তক্ষেপ কৰিছিল––সেইটো কৰাটো নিশ্চিত, গতিকে সেই পদ্ধতিও কিমানদূৰ সম্ভৱ ক’ব নোৱাৰি। তেনেহ’লে অসমৰ এই মাৰাত্মক সমস্যাটোৰ উপায় নাই নেকি? আচলতে এই লোকসকলে আমাৰ মাটিত ইমান দম্ভেৰে থকাৰ মূল কাৰণটো আমিয়েই। আৰু জাতিৰ নায়ক হিচাপে মোৰ গুৰুদায়িত্ব হ’ব প্ৰত্যেক অসমীয়াকে উপলব্ধি কৰোৱা যে সিহঁতক যিমান দোষাৰোপ কৰিলেও ভুল কিন্তু আমাৰেই। আমি যদি আমাৰ চাৰিওফালে চাওঁ আমাৰ ঘৰত কাম কৰা মিস্ত্ৰি, হাজিৰাৰপৰা আদি কৰি সকলো কামতেই সিহঁতৰ ওপৰতেই নিৰ্ভৰশীল আমি। সিহঁত অভাৱগ্ৰস্ত আৰু কৰ্মী হোৱাৰ বাবেই কম পইচাতে আমাৰ কামসমূহ কৰি দিয়ে আৰু আমিও সেই কেইটামান পইচা বচোৱাৰ লোভ সামৰিব নোৱাৰি সিহঁতক কৰ্মসংস্থাপন দি আহিছো। তাৰ উপৰি দুটামান ভোটৰ লোভত ৰাজনৈতিক নেতাসকলে আজি অতদিনে সিহঁতক ৰক্ষণাৱেক্ষণ দি আহিছে। অকল পইচা বুলিয়েই নহয় আমাৰ অসমীয়াৰ এনে বহু কাম কৰিবলৈ এলাহ আৰু এক অৰ্থহীন আত্মসন্মানবোধৰ কৱলত পৰি অক্ষম বুলিয়েই ক’ব পাৰি। আমি সিহঁতক খেদি দিবলৈ কওঁ যদিও সিহঁতে এদিন কাম কৰা বাদ দিলেই অসমখন প্ৰায়ে অচল হৈ যায়। সিহঁতৰ বছৰজোৰা খেতি আৰু আমাৰ অসমীয়াৰ উকা পথাৰবোৰতেই ওলাই পৰে সিহঁত কিমান পৰিশ্ৰমী আৰু আমি কিমান সোৰোপা। আৰু এটা পৰিশ্ৰমী জাতিৰ ওচৰত এটা এলেহুৱা, কাম কৰিবলৈ মন নকৰা জাতি কিমান দিন টিকি থাকিব পাৰে তাৰ উমান বুৰঞ্জীত পোৱা যাব। জাতিৰ নায়কৰূপে মোৰ প্ৰত্যেকটো ভাষণ, প্ৰত্যেকটো ৰাইজলৈ পঠোৱা বাৰ্তাত অন্তৰ্ভুক্ত হৈ থাকিব কোনো কামক সৰু বুলি নাভাবি, এলাহ বাদ দি কৰ্মৰ প্ৰতি স্পৃহা আৰু উৎসাহ যোগোৱা উদগনিমূলক বাৰ্তা; ৰাইজক এইটো বুজোৱা যে কোনো কামেই সৰু নহয় আৰু নিজৰ কামবোৰ নিজে কৰাটো কোনো লাজৰ কথা নহয়।

আমাৰ অসমীয়া ডেকাসকলৰো বহুত প্ৰতিভা, উদ্যম আছে। কিন্তু এচাম ৰাজনৈতিক সুবিধাবাদীয়ে আমাৰ ডেকা শক্তিক কোন দিশে পৰিচালিত কৰি আছে সেইটো সন্দেহজনক। চৰকাৰী চাকৰিৰ বাবে আশা পালি থকা, প্ৰতিবাদ, ধৰ্ণা দি দি সময় নষ্ট কৰা আমাৰ ডেকাসকলে যদি হাতে-কামে লাগি দেশৰ উন্নতিৰ কথা ভাবিবলৈ আৰম্ভ কৰে, হয়তো বহু ক্ষমতা আৰু ধনলোভী নেতাৰ ব্যক্তিগত উন্নয়নত বাধা আহিব। সেয়েহে আমাৰ যুৱচামক ইমান বিপথে পৰিচালনা কৰা হৈছে যে বছৰজোৰা টিঘিলঘিলাই ফুৰি, বিহুৰ সময়ত ডাবি-ধমকি দি হ’লেও চান্দাৰ নামত অলপ টকা-পইচা গোটাই, ঠায়ে ঠায়ে ফাংছনৰ ওপৰত ফাংছন পাতি, শেষত অসমীয়াৰ বাবে প্ৰতিবাদ কৰিবলৈ বুকু ফালি ৰাস্তালৈ ওলাই আহিয়েই সন্তুষ্ট একাংশ অসমীয়া যুৱক। তাৰ উপৰি আমাৰ অসমীয়া এচাম মূৰ্খলোকে আকৌ এতিয়াও অসমীয়া নজনাটো একপ্ৰকাৰৰ গৌৰৱৰ বিষয় বুলিয়েই ভাবি আছে। এসময়ত আমাৰ কিছু সাহসী অসমীয়াৰ ত্যাগ আৰু কষ্টৰ ফলত অসমৰ ভাষা বঙালী নহৈ অসমীয়াই যে হৈ আছে সেয়া নিজে নেদেখিলেও আমাৰ জ্ঞাত। অসম আন্দোলনৰ কথাটো নক’লেও হ’ব। জাতিৰ নায়কৰূপে মোৰ কৰ্তব্য হ’ব আমাৰ অসমীয়া ডেকাশক্তিক এটা সঠিক পথ দেখুওৱা, চাকৰি নাপালেও নিজৰ ব্যৱসায়, উদ্যোগ আৰম্ভ কৰিব পৰাকৈ উৎসাহ দিয়াৰ উপৰি চৰকাৰী ঋণ, সা-সুবিধাসমূহ সহজলভ্য কৰি দিয়া। অসমৰ ব্যৱসায়িক জগতখন এতিয়াও বহিৰাগতৰ মুঠিতেই, অসমৰ ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ, ব্যক্তিগত হাস্পতাল, শ্বপিং ম’ল সকলোৰে মালিকবোৰৰ যদি নামবোৰৰ প্ৰতি গুৰুত্ব দিওঁ আমি দেখিম যে তাৰ প্ৰায়বোৰ নামেই কিন্তু অসমীয়া নহয়। অসমখন অসমীয়াৰ হৈ থাকিবৰ কাৰণে অসমৰ ৰাজনৈতিক, সামাজিক, বাণিজ্যিক জগতৰ জৰীবোৰ অসমীয়াৰ হাততেই ৰখাটো অতি জৰুৰী। আৰু তাৰ বাবে অতিকৈ প্ৰয়োজনীয় উঠি অহা চামৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়া।

জাতীয় নায়ক হিচাপে মোৰ এটা প্ৰধান লক্ষ্য হ’ব আমাৰ শিক্ষা ব্যৱস্থা সঠিক আৰু উন্নত কৰা। নিজৰ সমস্ত ক্ষমতা আৰু জোৰেৰে জাতিটোৰ প্ৰত্যেকজন মানুহে যেন নতুন আৰু উন্নতমানৰ শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ পায় তাৰ চেষ্টা কৰিলোহেঁতেন। তদুপৰি বিজ্ঞান, প্ৰযুক্তি আৰু দৰ্শনৰ জ্ঞান আহৰণ কৰি যদি সকলো মানুহ শিক্ষিত হয়, বহুত সমস্যা, যেনে সামাজিক কুসংস্কাৰবোৰ নিজে নিজেই বহু পৰিমাণে কম হ’ব। আমাৰ ৰাজ্যখনত ইতিমধ্যে ইমানবোৰ সমস্যা থাকোতে, ডাইনী হত্যাৰ দৰে ঘটনাত সময়, শক্তি ব্যয় কৰিব লগা হোৱাটো অতি দুৰ্ভাগ্যজনক। জাতি এটা যুগৰ লগত খোজত খোজ মিলাই উন্নতিৰ দিশত আগুৱাই যাবলৈ জাতিটোৱে পৃথিৱীত আৱিষ্কাৰ হোৱা নতুন নতুন প্ৰযুক্তি, নতুন চিন্তাধাৰাবোৰৰ প্ৰতি সজাগ হৈ নিজৰ জীৱনত, সমাজত প্ৰয়োগ কৰাটো অত্যন্ত জৰুৰী। জাতি এটাক আগবাঢ়ি যোৱাত হেঙাৰৰূপে থিয় দিয়ে বহুত এনে কিছুমান আওপুৰণি নিয়মে, যিবোৰৰ একো যুক্তি নাথাকে। বহুত এনে অন্ধবিশ্বাসে জাতি এটা কোঙা কৰে যিবোৰক কেৱল শক্তি আৰু ক্ষমতা প্ৰয়োগ কৰি আঁতৰাব নোৱাৰি। তাৰ বাবে অতিকৈ প্ৰয়োজন সঠিক শিক্ষাৰদ্বাৰা সুস্থ মানসিকতা গঢ়ি তোলা। এখন সুস্থ সমাজৰ বাবে প্ৰয়োজন সামাজিক ব্যাধিসমূহ, যেনে—অন্ধবিশ্বাস, যৌতুক প্ৰথা, নিচাসক্ত দ্ৰব্যৰ প্ৰচলন, লিংগ-বৈষম্য আদিৰ উন্নত শিক্ষাৰ সহায়ত গুৰিৰপৰা নাশ কৰা। তদুপৰি নাৰী সবলীকৰণ, সমাজত পুৰুষ-নাৰী সমান অধিকাৰ প্ৰতিপন্ন কৰাটো অতিকৈ আৱশ্যকীয়। যেতিয়ালৈকে এচামে নাৰী পুৰুষৰ অধীন, কেৱল ভাত বনোৱা, প্ৰজনন সামগ্ৰী বুলি ভাবি থাকিব কেতিয়াও সেই সমাজৰ উন্নতি নহয়। ইয়াৰ বাবে মই এনেকুৱা কিছুমান আঁচনি ৰাজ্যখনৰ চুকে-কোণে ৰূপায়ণ কৰিম––যি সাধাৰণ ৰাইজৰ মাজত যুক্তিপূৰ্ণভাৱে আমাৰ সামাজিক সমস্যাসমূহ সম্বোধন আৰু সমাধান কৰে।

শিক্ষা ব্যৱস্থা আৰু সামাজিক ব্যৱস্থাৰ উন্নতিকৰণৰ লগতে ৰাজ্যখন আৰ্থিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ লাগিব এখন নিকা আৰু স্বচ্ছ ব্যৱস্থা। তাৰ বাবে মই নিশ্চিত কৰিম যে যিকোনো চৰকাৰী বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াবোৰ যাতে সম্পূৰ্ণ নিকাকৈ হয় আৰু প্ৰত্যেকটো পদত কেৱল যোগ্যজনহে নিযুক্ত হয়। উপযোগ্য প্ৰাৰ্থীয়ে নিযুক্তি নোপোৱাৰ বাবেই আমাৰ প্ৰায়বোৰ বিভাগ দুৰ্নীতিয়ে কোঙা কৰি পেলাইছে আৰু এইবোৰ দুৰ্নীতিমুক্ত কৰিব পাৰিলে ৰাজ্যখনৰ বহু সমস্যা যেনে— বানপানী, ৰাস্তা-পথৰ দুৰাৱস্থা, স্বাস্থ্য বিভাগৰ দুৰাৱস্থা, চৰকাৰী অফিচবোৰৰ অচলাৱস্থা নিজে নিজেই বহু পৰিমাণে কমি যাব। আজিকালি বহুত নেতাক দেখা যায় যে যিকোনো সমস্যা সমাধান কৰাতকৈ সমস্যাবোৰত ওপৰে ওপৰে উদ্ভট ৰংচঙেৰে সজায়, পেলাই যাতে সমস্যাটো সমাধানো নহয় আৰু সমাধানৰ আশ্বাসবোৰৰ ওপৰতেই নিজৰ নেতৃত্ব অটুট থাকে। কিন্তু এই নেতাসকলো আমাৰ মাজৰ মানুহেই, ঠিক তেনেদৰে চৰকাৰী কাৰ্যালয়ৰ ঘোচ খোৱা বিষয়াজনো আমাৰ দৰেই মানুহ, সকলো ক্ষেত্ৰতে দুৰ্নীতি কৰিব বিচৰা মানুহবোৰো আমাৰ মাজৰেই। গতিকে এই মানসিকতা কিয় ইমান বেছি প্ৰচলন আমাৰ মাজত, তাৰ গুৰিলৈ যোৱাটো অত্যন্ত আৱশ্যকীয়। মই যদি জাতীয় নায়ক হ’লোহেঁতেন সেই প্ৰত্যেকজন দুৰ্নীতিপৰায়ণ মন্ত্ৰী, বিষয়া, অভিযন্তা, ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’লোহেঁতেন যাতে সকলোৰে বাবে এটা উদাহৰণ হয়।

আমাৰ মানুহবোৰ এলেহুৱা হ’ব পাৰে, কিন্তু নিষ্কৰ্মা নহয়। প্ৰয়োজন এক সৎ পথ-প্ৰদৰ্শকৰ যি জাতিটোক এক সঠিক দিশ দেখুৱাব পাৰে, যি অসমীয়া মানুহে কৰি থকা ভুলবোৰ যুক্তিসংগতভাৱে দেখুৱাই দি তাৰ উচিত সমাধানবোৰ দিব পাৰে। অসমীয়া জাতিটো এটা স্বভাৱতেই আৱেগিক জাতি, প্ৰকৃতিয়ে আমাক উভৈনদীকৈ যথেষ্ট সম্পদ দিছে যদিও সহজ-সৰল সৰহসংখ্যক অসমীয়াই কিন্তু তাৰ সঠিক ব্যৱহাৰত ব্যৰ্থ হোৱাৰ বাবেই আমাৰ জাতিটোৰ সমস্যাবোৰৰ ওৰ নপৰা হৈছে। আমাতকৈ আগবঢ়া যিকোনো জাতি লক্ষ্য কৰিলেই আমি দেখা পাম যে তেওঁলোকৰ জাতিপ্ৰেম, জাতিদম্ভ আমাতকৈ কিমান বেছি। তদুপৰি ইমানবোৰ সমস্যাই চেপি ধৰাৰ পিছতো যে আমি একগোট হৈ মূল সমস্যাবোৰৰ সমাধানৰ কথা নাভাবি বড়ো, মিচিং, আহোম, বামুণ, কলিতা, কোচ আদি ভাগ কৰি নিজৰ মাজতেই কাজিয়া কৰি কিমান মাৰাত্মক ভুল কৰি আছো, এই কথা উপলব্ধি প্ৰত্যেকেই কৰিব লাগিব। পৃথিৱীৰ উন্নত জাতিবোৰৰ উদাহৰণ মানুহৰ আগত দেখুৱাব লাগিব যে সিহঁতৰ কৰ্মপৰায়ণতা আৰু আগৰণুৱা স্বভাৱৰ বাবে কৰ্মক্ষেত্ৰতেই হওক, পঢ়াশালিতেই হওক কেনেকৈ আমাতকৈ আগবঢ়া আৰু আমিবোৰ সদায়ে কেনেকৈ পিছ হুঁহকি আহিয়েই সন্তুষ্ট। এই সকলোবোৰ দিশ প্ৰাধান্য দি মই জাতীয় নায়ক হিচাপে মোৰ ক্ষমতা, যোগ্যতা আৰু সামৰ্থ্যৰে অসমীয়া জাতিৰ হকে, মাতৃভূমিৰ হকে সকলোখিনি কৰিলোহেঁতেন যাতে নীচাত্মিকা ভাব পৰিহাৰ কৰি, শক্তিৱন্ত অসমীয়া ৰাইজৰ মাজত আকৌ এবাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ শব্দৰাশি মুখৰিত হয়ঃ

‘‘বাজক ডবা বাজক শংখ

বাজক মৃদং খোল

অসম আকৌ উন্নতি পথত

জয় আই অসম বোল।”

 [ সদৌ অসম ভিত্তিত ‘মহাবাহু‘ৰ উদ্যোগত আৰু ‘মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেন্ট ট্ৰাষ্ট‘ৰ সহযোগত অনুষ্ঠিত হোৱা “মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন” শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ যুটীয়াভাৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰা প্লাৱিতা বৰুৱাৰ ৰচনাখন ‘মহাবাহু‘ৰ পাঠকসমাজৰ বাবে আগবঢ়োৱা হ‘ল।]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ জাতীয় নায়ক
Anjan Sarma

Anjan Sarma

Related Posts

Soliloquy of a Song: The birth of Buku hom hom kore…
Special Report

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

by Editor
September 6, 2026
0

ভূপেন হাজৰিকা : মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? ড° ভূপেন হাজৰিকা সক্রিয় ৰাজনীতি অর্থাৎ বিধান সভাৰ সদস্য হৈ মন্ত্রী...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d