• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন (১০)

-পদ্মপাণি নাথ

by Anjan Sarma
February 22, 2022
in Opinion, Special Report
Reading Time: 1 min read
0
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)
Share on FacebookShare on TwitterShare on LinkedIn

পদ্মপাণি নাথ

জাতীয় নায়ক:

RelatedPosts

Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026

[ মহাবাহু আৰু মাল্টিকালশ্বাৰেল এডুকেশ্বনেল ডেভেলপমেন্ট ট্ৰাষ্ট‌‌‌’-এ সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পদ্মপাণি নাথৰ ৰচনাখন]

সূচনাঃ সৰ্বপ্ৰথমে স্পষ্ট কৰি লওঁ যে, আমাৰ অসমভূমি মিশ্ৰ জনগাঁথনি আৰু জনজাতি বসতি প্ৰধান অঞ্চল আৰু প্ৰাকৃতিক সম্পদৰ ভঁৰালস্বৰূপ এই ভূখণ্ড। বিল, খাল, নদ-নদী, পাহাৰ-ভৈয়াম, বিচিত্ৰ সাংস্কৃতিক জীৱনশৈলীৰে আমি বৰ্ণিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰু আৰু মাধৱগুৰুৰ ভক্তি ৰসেৰে জীপাল এই সমাজ জীৱন। এনে এখন স্বৰ্ণীল অসমৰ যদি মই জাতীয় নায়ক হ’লোহেঁতেন; তেন্তে মই অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত ভ্ৰাতৃত্ব আৰু সম্প্ৰীতিৰ হকে প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰি বৈচিত্ৰ্যৰ মাজত ঐক্য স্থাপনত দেহে-মনে জড়িত হ’লোহেঁতেন। সকলো খিলঞ্জীয়াৰ মাজৰ বিভেদ দূৰীকৰণত যথাসম্ভৱ ত্যাগৰ মনোভাবেৰে নিজকে উৎসৰ্গিত কৰিলোহেঁতেন। কাৰণ খিলঞ্জীয়া আৰু স্থায়ী বাসিন্দা সমাজখনৰ মাজত যদি বিভেদ আৰু অবিশ্বাসে ক্ৰিয়া কৰি থাকে তেন্তে সামগ্ৰিক অসমখন সুস্থিৰ নহ’ব বুলি মই ভাবো। জনগাঁথনি মিশ্ৰিত হ’লেও ইয়াৰ বাসিন্দাসকলৰ মন আৰু চিন্তা-কৰ্ম আদি ঐকান্তিক হ’ব লাগিব। সম্প্ৰীতিৰে সৈতে পাৰস্পৰিক জীৱনযাত্ৰা চালিত হ’ব লাগিব বুলিয়েই মোৰ অনুভৱে কয়।

মই যদি জাতীয় নায়ক হ’লো হয়; তেন্তে অসমৰ সকলো থলুৱা জাতি-জনগোষ্ঠীৰ নাগৰিকৰ সমউন্নয়ন, সমবিকাশ, সমবিচাৰ তথা সমজ্ঞানকাৰী ব্যৱস্থা বা পদক্ষেপ গ্ৰহণ কৰিলো হয়। কাৰণ থলুৱা অসমবাসীৰ সমবিকাশ, সমউন্নতি নহ’লে আক্ষেপ-বিক্ষোভৰ বাতাৱৰণ থাকি যাব। যিটো মোৰ মানসিকতা বিৰুদ্ধ। অসম তথা অসমবাসী দুৰ্জেয় শক্তিশালী হ’বলৈ হ’লে মই ভাবো আমাৰ সকলো জনগণৰ মাজত কিঞ্চিতো বিভেদ থাকিব নালাগিব আৰু সকলো থলুৱা সমাজৰ সমবিকাশ হ’ব লাগিব।

আমাৰ অসম কৃষিপ্ৰধান অঞ্চল আৰু ঔদ্যোগিক সম্ভাৱনাময় অঞ্চল। ইয়াত প্ৰায় ডেৰ হাজাৰৰ ওপৰত চৰকাৰী-বেচৰকাৰী বিল, খাল, জলাশয় আদি আছে। এইবোৰ জলাশয় যদি চৰকাৰীভাৱে বিজ্ঞান-প্ৰযুক্তিৰ আহিলা প্ৰয়োগেৰে উপযুক্ত পৰিৱেশলৈ সজাই তুলি স্থানীয় ৩০-৪০-৫০ জন মানকৈ কৰ্মক্ষম যুৱকক মীন পালনৰ বাবে চৰকাৰী ৰয়েলিটী ভিত্তিত দিয়া হয়; তেন্তে (ক) নিবনুৱা সংস্থাপিত হ’লহেঁতেন। খ) বিষাক্ত দ্ৰব্য দিয়া চালানী মাছ খোৱাৰ পৰিৱৰ্তে তেজাল মাছ অসমৰ মানুহে নিতৌ পালে হয়। গ) চৰকাৰৰ ঘৰলৈ ৰাজহো গ’ল হয়। ঘ) কৰ্ম সংস্কৃতিও গঢ়ি উঠিল হয় আৰু স্বাৱলম্বী অসমৰ যুৱকে অবাবত সময় পাৰ কৰিব লগা নহ’লহেঁতেন। ঙ) কিছু জলাশয়ক পৰ্যটনথলীলৈও উন্নীত কৰিব পৰা গ’লহেঁতেন।

কৃষিৰ ক্ষেত্ৰতো প্ৰতিখন পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি আৰু কৃষিৰ যাৱতীয় সা-সঁজুলিৰ সুবিধা প্ৰদানেৰে কৃষিকৰ্মক মৰ্যাদাসম্পন্ন কৰ্মক্ষেত্ৰলৈ গণ্য কৰাৰ পৰিৱেশ গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিলোহেঁতেন। যাৰ ফলত অসমক ধান, চাহ আদি সকলো কৃষিতে নিবনুৱা জড়িত হৈ উন্নতিৰ জখলাত আগুৱাই নিলেহেঁতেন। চাহৰ দৰে ধানজাতীয় শস্যও অসমে যাতে বেচিব পাৰে তেনে এক পৰিৱেশলৈ অসমক আগবঢ়াই নিয়াৰ হকে কাম কৰিলো হয়; যদিহে মই জাতীয় নায়ক হ’লো হয়।

প্ৰসংগক্ৰমে উল্লেখ কৰো যে, কলগছৰ আঁহৰপৰাও নানান সামগ্ৰী তৈয়াৰ কৰিব পাৰি। যেনেকৈ মৰাপাটৰ আঁহৰপৰা পাৰি। কলগছ অসমত প্ৰচুৰ পৰিমাণে আছে। ভোট এৰা বা বঙালী এৰাৰ গুটিৰপৰাও ডিজেল তেল ওলায়। এনে ধৰণৰ যিবোৰ কৃষিকৰ্মৰ লগত ঔদ্যোগিক সম্ভাৱনা আছে; সেইসমূহো কৰিবলৈ যত্নপৰ হ’লোহেঁতেন। পাট, মুগা, এৰী, পলু আদিৰ পালন আৰু তাৰ লগত সম্পৰ্কীত নুনি, চোম, এৰা গছ আদিৰ ৰোপণৰ ব্যাপক জনসজাগতা কাৰ্যসূচীৰ জৰিয়তে আগবঢ়ালোহেঁতেন। প্ৰতিটো কৰ্ম বা উৎপাদনৰ লগত সম্বন্ধ থকা বজাৰ ব্যৱস্থাৰো পদক্ষেপ গ্ৰহণ কৰিলো হয় যাতে উৎপাদকসকলে উচিত মূল্য আৰু বজাৰ পায়।

অসমত অগণন সৰু-বৰ নদ-নদী আছে। এই জলসম্পদৰ ভঁৰালসমূহৰপৰা য’ত যেনেকৈ সম্ভৱ ক্ষুদ্ৰ বা মজলীয়া ধৰণেৰে বিদ্যুৎ উৎপাদন, পথাৰলৈ জলসিঞ্চন আদি কৰ্মপন্থা গ্ৰহণ কৰিলোহেঁতেন। যাতে প্ৰতিটো সম্পদেৰে অসমৰ জনগণৰ জীৱন ধাৰণৰ মান উন্নত কৰি শক্তিশালী অৰ্থনীতিৰ এখন অসম গঢ়িব পাৰো। নিমখৰ উৎসৰ বাদে অসমত প্ৰায় সকলো আছে। মাথোঁ এই সমস্ত সম্পদ আৰু সম্ভাৱনাক সদব্যৱহাৰৰ বাবে সৰ্বপ্ৰথমে লাগিব এক গণমুখী নিৰ্ভেজাল সদিচ্ছা। সদিচ্ছা থাকিলে লক্ষ্য বান্ধি যাৱতীয় পদক্ষেপবোৰ গ্ৰহণ কৰি বা কাৰ্যকৰী কৰি গৈ থাকিলে সফল হ’বই বুলি মই আত্মবিশ্বাসী।

প্ৰাকৃতিক বিভিন্ন উৎসৰ লগতে অভয়াৰণ্য আৰু গৌৰৱোজ্জ্বল ছশ বছৰীয়া আহোম ৰাজত্বৰ কীৰ্তিস্তম্ভবোৰ সংবৰ্ধন আৰু সংৰক্ষণত ভূমিকা গ্ৰহণ কৰি পৰ্যটকক অধিক আকৰ্ষণত এক মাত্ৰা প্ৰদান কৰিলোহেঁতেন। প্ৰতিখন অভয়াৰণ্য, বিশ্ববিখ্যাত এশিঙীয়া গঁড় আদিৰ লগতে সকলো বন্যপ্ৰাণীকুলৰ সুৰক্ষাৰ ব্যৱস্থা আৰু সিবোৰৰ ক্ষতিকাৰীসকলক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিলোহেঁতেন। আমাৰ ছশ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস বিশ্ববুৰঞ্জীৰ একমাত্ৰ গৌৰৱোজ্জ্বল ইতিহাস। এই ঐতিহাসিক সমলসমূহ যুগ-যুগান্তৰলৈ স্বৰ্ণময় কৰি ৰখাটো কৰ্তব্য আমাৰ। ই আমাৰ সভ্যতাৰ পৰিচায়কো।

খনিজ আৰু বনজ সম্পদেৰেও অসম চহকী। বহু মূল্যৱান কাঠেৰে আমাৰ বনাঞ্চল সম্পদশালী যদিও দুষ্টচক্ৰৰ প্ৰভাৱত অনিষ্ট হৈছে। এই দুষ্টচক্ৰ ৰোধ কৰিবলৈ কঠোৰ বন আইন বলৱৎ কৰি বনজ সম্পদৰ সুৰক্ষা আৰু পাৰিপাৰ্শ্বিক পৰিৱেশ অটুট ৰখাত গুৰুত্ব দিলোহেঁতেন। খনিজ সম্পদসমূহৰ সৰ্বাধিক শতাংশ লাভ অসমে পাবৰ বাবে সংশ্লিষ্ট পক্ষৰ ওচৰত দাবী উত্থাপন কৰি নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিলোহেঁতেন। কাৰণ সেই সম্পদসমূহৰ প্ৰকৃত মালিক অসমবাসীহে।

অসমত সম্পদ যিমান সমস্যাও সিমান। বহিৰাগত আৰু বিদেশীৰ দুই ধৰণৰ সমস্যাই খিলঞ্জীয়াসকলক টেঁটু চেপি আহিছে। এই সমস্যাবোৰৰ সমাধানৰ দায়িত্ব যিহেতু কেন্দ্ৰৰ; সেয়ে অসমবাসীক লগত ৰাখি কেন্দ্ৰৰদ্বাৰা স্থায়ী সমাধানৰ অৰ্থে জোৰদাৰ চেষ্টা চলাম আৰু অসমৰ ভূমি খিলঞ্জীয়াৰ মাজতহে কিনা-বেচা কৰাৰ আইন বলৱৎ কৰি খিলঞ্জীয়াক সুৰক্ষা দিম। মই মৰ্মে মৰ্মে অনুভৱ কৰো অসমৰ খিলঞ্জীয়াৰ বাবে ভূমি সুৰক্ষা অত্যন্ত জৰুৰী হৈ পৰিছে।

অন্যহাতে, সমাজ, ব্যক্তি, জাতি সুস্থ হৈ থাকিবলৈ হ’লে অসমখন সকলো ধৰণৰ নিচাৰপৰা মুক্ত থাকিব লাগিব। নিচাসক্ত ব্যক্তি বা সমাজ কেতিয়াও সুস্থ নহয়। সেয়ে নিচাৰ প্ৰচলনে দিয়া ৰাজহৰপৰা অসমৰ যিমান লাভ হ’ব; তাৰ বিপৰীতে সমাজ জীৱন তথা জাতিটোৰ বিস্তৰ ক্ষতি হ’ব। সেয়ে মই ভাবো, নিচাৰ ৰাজহৰ নামত জাতি ধ্বংস কৰা উচিত নহয়। গতিকে মই যদি জাতীয় নায়ক হ’লোহেঁতেন তেন্তে অসমক নিচামুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিলোহেঁতেন।

আজিৰ সময়ত অন্ধবিশ্বাসৰ বিপৰীতে আৰু নাৰীশক্তিক সবলীকৰণৰ সপক্ষে সজাগতামূলক নিয়মীয়া কাৰ্যক্ৰমণিকা গ্ৰহণ কৰিলোহেঁতেন। বিকলাংগসকলৰ উন্নতি তথা বিকাশৰ অৰ্থে যাৱতীয় পদক্ষেপ বা আঁচনি গ্ৰহণ কৰিলো হয়। লগতে প্ৰতিটো পৰিয়াল, প্ৰতিখন ঘৰ, প্ৰতিখন সমাজৰ বাবে সৌন্দৰ্য আৰু গাম্ভীৰ্যতাৰ প্ৰতীকস্বৰূপ জ্যেষ্ঠসকলক যাতে কোনেও অনাদৰ নকৰে; তাৰ বাবে এক পৰিৱেশ গঢ়াৰ ব্যৱস্থা কৰিলোহেঁতেন আৰু অনাদৰ কৰাসকলক অনুশাসনমূলক গণ্ডীৰ আওতালৈ আনিলোহেঁতেন যদি মই অসমৰ জাতীয় নায়ক হ’লোহেঁতেন।

বানপানী আৰু গৰাখহনীয়াই অসমৰ জনগণৰ ঘৰ-দুৱাৰ, ধন-সম্পত্তি, পশুধন আদিৰ বিস্তৰ ক্ষতি কৰিছে। এই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক পৃথিৱীৰ উন্নত দেশসমূহৰ দৰে বিজ্ঞান প্ৰযুক্তিৰ প্ৰয়োগেৰে স্থায়ীভাৱে সমাধানৰ প্ৰচেষ্টা চলালোহেঁতেন। কাৰণ বছৰি বছৰি বান, গৰাখহনীয়াই জাতীয় অৰ্থনীতিক দুৰ্বল কৰি আনিছে।

আন এটা বিশেষ কাম কৰিলো হয় যে অসমৰ প্ৰতিজন সাধাৰণ নাগৰিকৰপৰা ক্ষমতাশালী সকলোলৈকে আটায়ে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ, সেৱাৰ মনোভাবেৰে চৰকাৰী, বেচৰকাৰী প্ৰতিটো কাম দুৰ্নীতিহীনভাৱে সম্পাদন কৰাৰ এক মানসিক, বৌদ্ধিক পৰিৱেশ গঢ়ি তোলাৰ পূৰ্ণ চেষ্টা চলালোহেঁতেন। এইক্ষেত্ৰত সকলো বাধা অতিক্ৰম কৰিবলৈ মানসিকভাৱে সাজু থাকিলোহেঁতেন। “আমি যদি প্ৰত্যেকেই প্ৰতিটো কাম পৰস্পৰৰ বাবে সেৱাৰ মনোভাবেৰে কৰিছো বুলি আত্মফাকি নিদিয়াকৈ গণ্য কৰিব পাৰো, তেন্তে সমাজখন নিশ্চয় সুস্থ আৰু সৱল হ’ব।”

“ভেদ বা বিভেদৰ ৰাজনীতিক মই তিলমানো প্ৰশ্ৰয় নিদিলোহেঁতেন। ৰাজনীতিক ‘ৰজাৰ নীতি’ বা ‘নীতিৰ ৰজা’ৰূপে শ্ৰেষ্ঠ জ্ঞান কৰি পৰিচালিত হ’লোহেঁতেন। ৰাজনীতিক, জনগণক শান্তি-শৃংখলাৰে পৰিচালনা আৰু উন্নত জীৱনৰ মাপকাঠিৰূপে অনুভৱ কৰো।” যিকোনো কামতে ৰাজনৈতিক হস্তক্ষেপৰ পৰম্পৰা ৰোধৰ ব্যৱস্থা কৰি ন্যায়, সততা, মূল্যবোধৰ এক ব্যৱস্থা গঢ়ি তুলিলোহেঁতেন। ৰাজনীতি, জনতাক শান্তি আৰু সু্স্থিৰতা, উন্নতি বা প্ৰগতিৰ বাবেহে। সমাজত নাগপাশ খেলিবলৈ ৰাজনীতি নহয়। আমি সকলোৱে অসমৰ মানৱ শক্তি, অৰ্থনৈতিক উৎস আৰু সম্ভাৱনা, বলৱান ইতিহাস আদি সকলো ক্ষেত্ৰক অনুধাৱন কৰিবলৈ শিকিলেহে আমাৰ শক্তি আৰু সম্ভাৱনা সম্পৰ্কে স্পষ্ট দিক্ নিৰ্দেশনা পাম।

শিক্ষা ব্যৱস্থাটো আমাৰ ব্ৰিটিছৰ ঔপনিৱেশিক পদ্ধতিৰেই চলি আহিছে। শিক্ষাই যিহেতু সমাজ আৰু জাতিৰ চালিকা শক্তি, সেয়ে শিক্ষা ব্যৱস্থাটো অসমৰ আকাশ, বায়ু, পানী, মাটিৰ লগত সম্পৰ্কীত হ’লেহে আমাৰ সমাজ জীৱনত অধিক ফলপ্ৰসূ আৰু কাৰ্যকৰী হ’ব। ভূগোল, বুৰঞ্জী, কৃষি-অৰ্থনীতি আৰু তাৰ লগত সম্পৰ্কীত ঔদ্যোগিক সম্ভাৱনা আদিক প্ৰতিটো স্তৰৰে পাঠ্যক্ৰমৰূপে এক নৱ্য শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা প্ৰয়োজন আছে আৰু জাতীয় নায়ক হোৱা হ’লে মই এই বিষয়ক অগ্ৰাধিকাৰ দিলোহেঁতেন। কাৰণ প্ৰচলিত শিক্ষা ব্যৱস্থাই অসমত নিবনুৱা সৃষ্টিত অৰিহণা যোগাইছে বুলি মই হাড়ে হাড়ে অনুভৱ কৰো। শিক্ষা ব্যৱস্থা আৰু শিক্ষাদানৰ মনোবৈজ্ঞানিক পদ্ধতি এনে হ’ব লাগে যে, শিক্ষাগ্ৰহণৰ পাছত যাতে ছাত্ৰ-ছাত্ৰীসকল শিক্ষিত হোৱাৰ পৰিৱৰ্তে জ্ঞানীহে হয় আৰু জীৱনটো পৰিচালনাৰ বাবে প্ৰয়োজনীয় সকলো দিশৰে প্ৰাথমিক তথা বুনিয়াদী ধ্যান-ধাৰণা সেই শিক্ষা ব্যৱস্থাৰপৰা লব্ধ হয়।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমক শ্ৰদ্ধাসহকাৰে গুৰুত্ব প্ৰদান কৰি মোৰ ভুল চিন্তাক আঙুলিয়াই দিবলৈ আৰু শুদ্ধ চিন্তাক সহযোগ কৰি হাতে হাত মিলাই আগবঢ়াই নিবলৈ আহ্বান জনাম। যাতে প্ৰতিটো শুদ্ধ চিন্তা আৰু কামে অসমৰ সৰ্বস্তৰৰ সমাজত মানসিক তথা বৌদ্ধিক প্ৰভাৱ প্ৰদান কৰাত সংবাদ মাধ্যমে যোগাত্মক ভূমিকা পালন কৰে। কাৰণ প্ৰতিটো সংবাদ গোষ্ঠীয়ে যিমানেই ন্যায়, সততা, জাতীয় চেতনাৰে পৰিচালিত হ’ব সিমানেই সমাজত সিবোৰৰ অনুকূল পৰিৱেশ গঢ়ি উঠিব। যিটো মোৰ একান্ত কাম্য।

সামৰণিঃ মই বিশ্বাস কৰো, একান্ত ইচ্ছাশক্তিৰে যি কৰিবলৈ চেষ্টা কৰা হয়, সি কৃতকাৰ্য হয়। সেয়ে মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন তেনেহ’লে ওপৰত উল্লিখিত প্ৰতিটো বিষয়ত কাৰ্যকৰী ৰূপ দিলোহেঁতেন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন
Anjan Sarma

Anjan Sarma

Related Posts

Intersectionality and the Spectrum of Autonomy !
Women

Intersectionality and the Spectrum of Autonomy !

by Dikumoni Hazarika
March 7, 2026
0

Intersectionality and the Spectrum of Autonomy ! Dikumoni Hazarika I’m not well-versed in feminist theory; I am just sharing what...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d