• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন (৮)

-মনোজ বৰা

by Anjan Sarma
February 20, 2022
in Special Report
Reading Time: 2 mins read
0
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)
Share on FacebookShare on TwitterShare on LinkedIn

মনোজ বৰা

জাতীয় নায়ক:

“অগ্নিযুগৰ ফিৰিঙতি মই

নতুন অসম গঢ়িম

সৰ্বহাৰাৰ সৰ্বস্ব

পুনৰ ফিৰাই আনিম

নতুন ভাৰত গঢ়িম।।”

আলোচ্য “অসমৰ জাতীয় নায়ক” সম্পৰ্কে লিখিবলৈ যাওঁতে মোৰ মনলৈ আহিছে, কোনখিনি বিষয়ৰ ওপৰত বিশেষকৈ আলোকপাত কৰিম? গণশিল্পী, নাট্যকাৰ, নৃত্যবিদ, সংগীতজ্ঞ হিচাপে মোৰ কথা লিখিম নে নৱোন্মেষৰ পূজাৰী, কবি, গল্পকাৰ, নিবন্ধকাৰ, গীতিকাৰ হিচাপে মোৰ কথা? অতন্দ্ৰ দৰদী কিম্বা সুন্দৰৰ পূজাৰী ৰূপত মোৰ কথা নে স্বদেশপ্ৰেমী, সাংবাদিক, অভিজ্ঞ ৰাজনীতিবিদ, শিশু সাহিত্যিক ৰূপত মোৰ কথা? কিয়নো ‘অসমৰ জাতীয় নায়ক’ হ’বলৈ বহুমুখী প্ৰতিভাসম্পন্ন, অফুৰন্ত গুণ-গৰিমাৰাজিৰে বিভূষিত এজন মহান ব্যক্তিৰ সত্তাক কম কথাৰে আবদ্ধ কৰি ৰখাটো মোৰ বাবে হ’ব ধৃষ্টতা।

প্ৰতিজন ব্যক্তিৰ তিনিটা গুণ ক্ৰমে “সত্ত্বঃ, ৰজঃ তমঃ” দেহত অহৰহ প্ৰৱাহিত হৈ থাকে। ইয়াৰে কিছুমান সাত্ত্বিক, একাংশক ৰাজসিক আৰু একাংশক তামসিক বুলি অভিহিত কৰা হয়। অৱশ্যে এটা ভাগৰ মানুহ আন ভাগলৈ যাব নোৱাৰে এনে ধৰণৰ কটকটীয়া বান্ধোন নাই। জীৱনত যিটো গুণৰ আধিক্য যিজন লোকৰ ওপৰত প্ৰভাৱান্বিত হয় সেইজন লোকৰ স্বভাৱ-চৰিত্ৰ, আচাৰ-ব্যৱহাৰ, চিন্তা-চৰ্চা, সাধুতা, নম্ৰতা, ব্যক্তিত্ব সেই ধৰণে নিৰূপিত হয়। যিসকল লোকৰ সত্ত্বঃ গুণ সৰ্বাধিক থাকে তেওঁলোকে তমঃ গুণ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সাত্ত্বিকতা গুণৰ প্ৰভাৱত নিজৰ আৰু সমাজৰ কল্যাণ সাধনত নিজকে আত্মনিয়োগ কৰিব পাৰে। ময়ো সাত্ত্বিকতা গুণ আহৰণ কৰি সমাজৰ হিত সাধনাত একক প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰয়াস কৰিম।

মানুহৰ জীৱনজোৰা সাধনাৰ মাজত আদৰ্শ আৰু অনুপ্ৰেৰণাৰ এৰাব নোৱৰা এক টান আছে। ময়ো সৰ্বতো দিশৰপৰা উত্তমোত্তম স্থিতিৰ ফালে গতি কৰাৰ দুৰন্ত চেষ্টা কৰিম। কিয়নো ইয়াৰ ফলশ্ৰুতিতেই জন্ম হয় জীৱন পৰিক্ৰমাৰ ক্ৰমবিকাশ। গুৰুজনাই “নামঘোষা”ত স্পষ্টকৈ উল্লেখ কৰিছে — “সকলোৰে গুণ দৰ্শন কৰা, সকলোৰে গুণ গ্ৰহণ কৰা। যেনেকৈ এডাল ৰাজহাড় নহ’লে দেহটো থিয় হৈ থাকিব নোৱাৰে, ঠিক তেনেকৈ কিবা এটা গুণ নহ’লে জীৱন নামৰ বস্তুটো অস্তিত্বলৈ আহিব নোৱাৰে। য’ত জীৱন আছে তাত গুণ আছেই।” সেয়েহে ময়ো উল্লিখিত উক্তিৰ আধাৰত সমস্ত গুণসম্পন্ন ব্যক্তি হোৱাৰ চেষ্টা কৰিম। তেতিয়া হয়তো জীৱন পৰিক্ৰমা পূৰ্ণাংগপ্ৰাপ্ত নহ’লেও সাৰ্থক হৈ উঠিব। এটা কথা স্পষ্ট যে “জাতীয় নায়ক” নিজে নিজক প্ৰদান কৰা উপাধি কিম্বা বাব নহয়। এয়া হৈছে জীৱন পৰিক্ৰমাৰ সৌধ… যাক জনসাধাৰণে মানুহজনৰ কৰ্মক পৰ্যৱেক্ষণ কৰি মানুহজনৰ জীৱিত কালতেই হওক বা মৃত্যুৰ পাছত প্ৰদান কৰা শ্ৰেষ্ঠতা।

বিষয় উল্লিখিত “মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন” নহয়, “অসমৰ জাতীয় নায়ক”ৰ শাৰীলৈ উত্তীৰ্ণ হ’বৰ বাবেহে অসমৰ ভিন্ন সমস্যা সমাধানৰ চেষ্টা কৰিলো হয়। কিন্তু মোৰ প্ৰাণৰো প্ৰাণ জন্মভূমিখনৰ ইমানেই সমস্যা যে, এই ক্ষন্তেকীয়া জীৱনটোত ছাগৈ সৰ্বতোদিশত সমাধানৰ সূত্ৰ উলিওৱা ইমান সহজ নহ’ব। তথাপিতো মনৰ আৰু একান্ত ইচ্ছাৰ যোগেদি যিমানখিনি পাৰো সেইখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টাৰ কৃপণালি নকৰো। এনে সমস্যাবোৰৰ থূলমূল এটি আভাস হ’ল…

কোনো এটা জনগোষ্ঠীক জাতি হিচাপে পৰিচয় দিবলৈ যিকেইটা উপাদানৰ আৱশ্যক সেইবোৰৰ ভিতৰত নিৰ্দিষ্ট গৃহভূমিৰ প্ৰয়োজনো অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰাগৈতিহাসিক যুগতে গঢ় লোৱা অসমীয়া জাতিৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। এই জাতিটোৰ “অসমীয়া” নামকৰণ আহোমসকলৰ আগমনৰ পাছত হ’লেও ইয়াৰ জীৱনকাল বিচাৰ কৰি গৱেষকসকলে জাতিটোৰ বয়স চাৰি হাজাৰ বছৰীয়া বুলি অনুমান কৰে। এই সুদীৰ্ঘ কালছোৱাৰ ভিতৰত জাতিটোৰ গৃহভূমিৰ নাম দুবাৰহে পৰিৱৰ্তিত হৈছে— কামৰূপ, প্ৰাগজ্যোতিষপুৰ আৰু অৱশেষত অসম। ইয়াৰে কামৰূপ নামৰ প্ৰচলন আছিল প্ৰাগৈতিহাসিক যুগত। ৰামায়ণ আৰু মহাভাৰতত কামৰূপ নামৰ স্পষ্ট উল্লেখ আছে। পৰৱৰ্তী কালত প্ৰাগজ্যোতিষপুৰ নামৰ উদ্ভৱ হ’লেও মূলতঃ এই নামে বৰ্তমানৰ গুৱাহাটী মহানগৰীকহে প্ৰতিনিধিত্ব কৰিছিল। অৱশ্যে কুমাৰ ভাস্কৰবৰ্মাৰ ৰাজত্বকালত প্ৰাগজ্যোতিষপুৰৰ পৰিসৰ বিশাল আছিল বুলি অনুমান কৰিব পাৰি। সি যি কি নহওক, সেই যুগত অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে কোনো জাতিসূচক নামৰ উদ্ভৱ হোৱা নাছিল। আহোমসকলৰ আগমনৰ পূৰ্বে এই অঞ্চলটো যি চাৰিটা ভৌগোলিক খণ্ডত বিভক্ত থকাৰ কথা পোৱা যায়। সেইকেইটা হৈছে স্বৰ্ণপীঠ, কামপীঠ, ৰত্নপীঠ আৰু সৌমাৰপীঠ। কিন্তু চাৰিটা খণ্ডক একত্ৰে প্ৰকাশ কৰা নামৰ উল্লেখ ক’তো পোৱা নাযায়। তথাপি আজিৰ অসমীয়া জাতিৰ পূৰ্বপুৰুষসকলৰ বাবে বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাটোৱেই গৃহভূমিৰূপে চিনাকি হৈছিল। বৰ্তমান নাগালেণ্ড, মিজোৰাম, মেঘালয়, পাৰ্বত্য জিলা দুখন আৰু বৰাক উপত্যকাক সামৰি যি বৰ অসমৰ মানচিত্ৰ অংকিত হৈছিল সেয়া প্ৰকৃততে ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসকসকলৰদ্বাৰাহে সৃষ্ট। প্ৰকৃততে অসমীয়া জাতিৰ পূৰ্বপুৰুষৰ এক্তিয়াৰ আহোম ৰাজ্য, কোচ ৰাজ্য আৰু কছাৰী ৰাজ্যতে সীমিত আছিল। প্ৰাচীন অসমৰ কোনো ৰজাই উল্লিখিত পাৰ্বত্য ৰাজ্যকেইখনক নিজ এলেকাৰ অন্তৰ্ভুক্ত কৰাৰ তথ্য ইতিহাসত বিচাৰি পোৱা নাযায়। এতেকে স্বৰাজোত্তৰ অসমৰ মানচিত্ৰই কিছুদিনৰ বাবে নাগালেণ্ড, মেঘালয় আৰু মিজোৰামক সামৰি ল’লেও ঐতিহাসিক বিবেচনাৰে এইকেইখন ৰাজ্য কেতিয়াও অসমীয়া জাতিৰ গৃহভূমি নাছিল। সাম্ৰাজ্যবাদী শাসকগোষ্ঠীয়ে নিজ সুবিধাৰ বাবেহে সাময়িকভাৱে এখন “বৰ অসম” সৃষ্টি কৰিছিল আৰু অসমীয়া সমাজে তাৰ মাজতে ৰাজ্য বিস্তাৰৰ পৰিতৃপ্তি লভিছিল। কিন্তু এই সুখানুভূতি দীৰ্ঘস্থায়ী নহ’ল আৰু ব্ৰিটিছ সৃষ্ট বৰ অসমৰ লাহে লাহে অংগচ্ছেদৰ ঘটনাই অসমীয়া মানুহক ৰূঢ় বাস্তৱৰ স্বৰূপ সোঁৱৰাই দিলে। বিশেষকৈ একালৰ ৰাজধানী চহৰ শ্বিলঙক অসমৰপৰা বিচ্ছিন্ন কৰাটো অসমীয়া জাতীয় আৱেগত এক কুঠাৰাঘাত আছিল।

ঐতিহাসিক এক্তিয়াৰ নোহোৱা সত্ত্বেও পূৰ্বৰ নগাপাহাৰ, মিজোপাহাৰ, খাচীয়া পাহাৰ আৰু গাৰোপাহাৰ জিলাকেইখন ব্ৰিটিছ অসমৰ অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে আৱেগিকভাৱে অসমীয়াৰ গৃহভূমিৰ অংগ হৈ পৰা পূৰ্বৰ কমতাপুৰ আৰু বৰ্তমানৰ কোচবিহাৰ জিলাখন স্বৰাজোত্তৰ অসমৰপৰা বিচ্ছিন্ন কৰাটোহে অসমীয়া জাতীয়ত্বৰ পক্ষে প্ৰথমটো বৃহত্তম আঘাতৰূপে বিবেচিত হোৱা ঘটনা। যাৰ ফলত জাতিটোৰ পিতৃস্বৰূপ মহাপুৰুষ শংকৰদেৱৰ প্ৰধান কৰ্মক্ষেত্ৰ আৰু তিৰোভাৱৰ স্থান আজি স্ব-গৃহভূমিৰ বাহিৰলৈ ওলাই গ’ল।

কোচবিহাৰ জিলাখন স্বৰাজোত্তৰ অসমৰ এক্তিয়াৰভুক্ত কৰিব নোৱৰাটোৱেই অসমীয়া জাতিৰ গৃহভূমি সংকোচনৰ আদি ৰূপ হিচাপে গণ্য কৰিব পাৰি। ইয়াৰ পাছৰপৰা কেইবাটাও অশুভ প্ৰক্ৰিয়াৰ পৰিণতিস্বৰূপে লাহে লাহে অসমীয়া জাতিৰ গৃহভূমিৰ সংকোচন দ্ৰুতগতিৰে ঘটিবলৈ ধৰিছে আৰু কেইটামান দশকৰ পাছত জাতিটো উদ্বাস্তু জন সম্প্ৰদায়লৈ ৰূপান্তৰিত হোৱাৰ আশংকা ঘনীভূত হৈছে। এইক্ষেত্ৰত মই পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াৰ যোগেদি এই সমস্যাটি সমাধানৰ চেষ্টা কৰিলো হয়। তদুপৰি চুবুৰীয়া ৰাজ্যৰ ব্যাপক বেদখল আৰু প্ৰাকৃতিক দুৰ্যোগৰ দৰে মহাপ্ৰলয় আছে যদিও উক্ত সমস্যাক মই গভীৰ ৰূপত দৃষ্টি নিক্ষেপ কৰিলো হয়।

ভাৰতীয় সংবিধানে নিৰ্ধাৰণ কৰি দিয়া মতে বৰ্তমান অসমৰ মুঠ কালি ৭৮ হাজাৰ বৰ্গ কিলোমিটাৰৰ কিছু অধিক যদিও বাস্তৱত এই পৰিমাণ কি হাৰত হ্ৰাস পাইছে তাৰ সম্যক অনুমান কৰাটো বেছ কঠিন। তথাপি নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মেঘালয় সন্মিলিতভাৱে অসমৰ যিমান মাটি কুক্ষিগত কৰি লৈছে তাৰ পৰিমাণ পাঁচ হাজাৰ বৰ্গ কিলোমিটাৰৰ কম নহ’ব বুলি এক সমীক্ষাৰপৰা জনা গৈছে। তিনিওখন ৰাজ্যৰ সীমান্তত এই আগ্ৰাসন আজিও অব্যাহত আছে। ইয়ালৈ চাই অসমৰ মাটিকালি অদূৰ ভৱিষ্যতে আৰু অধিক হ্ৰাস পোৱাটো নিশ্চিত। প্ৰতিৱেশী পাৰ্বত্য ৰাজ্যকেইখনে একোটা বুজন সমতল অঞ্চল নিজ নিজ এলেকাভুক্ত কৰাৰ অশুভ মনোভাব সলনি কৰাৰ দৃষ্টিগোচৰ হোৱা নাই। ইয়াৰ বাবে মই অসম চৰকাৰক এক দৃঢ় পদক্ষেপ ল’বলৈ আৰু এই আগ্ৰাসন কিদৰে ৰুধিব পাৰি তাৰ বাবে ৰাইজৰ সহযোগত এক বিশ্লেষণাত্মক প্ৰতিবেদেনেৰে চৰকাৰৰ দৃষ্টিক সচেতন কৰিলো হয়।

কোনো এক অঞ্চলৰ ভৌগোলিক পৰিৱৰ্তন ঘটাটো একো নতুন কথা নহয়। এনে পৰিৱৰ্তনৰ ফলতে সমুদ্ৰৰ বক্ষত সুউচ্চ পৰ্বতে মূৰ দাঙি উঠে আৰু সমৃদ্ধ জনবসতিপূৰ্ণ বৃহৎ অঞ্চল একোটাও সাগৰ গৰ্ভত লীন যায়। সাধাৰণতে এনে পৰিৱৰ্তনৰ গতি অতি মন্থৰ যদিও অসমৰ ক্ষেত্ৰত ১৯৫০ চনৰ বৰভূঁইকঁপৰ পাছৰ ভূ-আকৃতিতাত্ত্বিক (Geomorphological) পৰিৱৰ্তন অতি ক্ষিপ্ৰ হাৰত বৃদ্ধি হোৱা দেখা গৈছে। ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ দ্ৰুত পৰিৱৰ্তনৰ ফলত ডিব্ৰুগড় নগৰৰ এক বৃহৎ অংশ অতি কম সময়ৰ ভিতৰতে বালিচৰত পৰিণত হ’ল। পূৰ্বৰ ডিব্ৰু নৈৰ অস্তিত্বই নোহাৱা হ’ল। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ মাটিকালি বিগত পঞ্চাছ বছৰৰ ভিতৰত প্ৰায় দুই-তৃতীয়াংশ হ্ৰাস পালে। মাৰ্কিন মহাকাশ সংস্থা “নাছা”ৰ (NASA) প্ৰতিৱেদন মতে উজনি অসমত ব্ৰহ্মপুত্ৰৰ গতিপথ দক্ষিণমুখী আৰু নামনি অসমত উত্তৰমুখী সৰণ (shift) নিৰন্তৰ অব্যাহত আছে। ভূ-ভাগৰ এনে আকৃতিগত পৰিৱৰ্তনত স্থায়ীভাৱে বাধা দিব পৰাৰ ব্যৱস্থা এতিয়ালৈকে উদ্ভৱ নোহোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি ক্ৰমশঃ হ্ৰাস পোৱাটো অৱধাৰিত হৈ উঠিছে। মই ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি ক্ৰমশঃ হ্ৰাস পোৱাটো ৰোধ কিদৰে কৰিব পাৰি তাৰ বাবে অসমৰ লগতে বিখ্যাত ভূ-বিজ্ঞানীৰ সৈতে আলোচনা কৰি তাৰ ৰোধৰ ব্যৱস্থা কৰিলো হয়। লগতে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ মাটিকালিৰো হ্ৰাস পোৱাটো ৰোধৰ বাবে উঠি-পৰি লাগিলো হয় আৰু নদীদ্বীপ মাজুলীৰ ৰক্ষণাৱেক্ষণৰ বাবে যিবোৰ পুঁজি মোকলাই দিয়া হয়, তাৰ সৎ ব্যৱহাৰত শেন চকু দিলো হয়। ইয়াৰদ্বাৰা মাজুলীৰ যি সৌষ্ঠৱ সেয়া শ্ৰীবৃদ্ধি ঘটাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ কৃপণালি নকৰিলো হয়।

১৯৫০ চনৰ ২৬ জানুৱাৰীত “ভাৰতীয় সংবিধান” আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈ উঠাৰ পাছত দেশখনৰ প্ৰতিজন প্ৰকৃত নাগৰিক আৰু প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি স্বাভাৱিকতে আশা কৰা হৈছিল। এনে এক প্ৰত্যাশা লৈয়েই একালৰ স্বাধীন অসমীয়া জাতিও স্বেচ্ছাই ভাৰত গণৰাজ্যত লগ হৈছিল। ইয়াৰ বিনিময়ত এই জনগোষ্ঠীটোৰ অস্তিত্ব সুৰক্ষিত কৰাৰ ব্যৱস্থা দেশখনৰ সংবিধানত লিপিবদ্ধ হ’ব লাগিছিল। এইক্ষেত্ৰত “অসমীয়া”ৰূপে পৰিচিত এই লোকসম্প্ৰদায়টো তেনে বঞ্চিত সুৰক্ষা ব্যৱস্থাৰপৰা দুখ লগা ধৰণে বঞ্চিত হ’ব লগা হ’ল। “অসমীয়া” শব্দই কিছুসংখ্যক জনজাতীয় আৰু কিছুসংখ্যক অজনজাতীয় লোকক ইমানদিনে প্ৰতিনিধিত্ব কৰি আহিছিল। কিন্তু ভাৰতীয় সংবিধানৰ বিভাজনমূলক ব্যৱস্থাৱলীৰ ফলত আৱেগিক ডোলেৰে বান্ধ খাই থকা এই জনগোষ্ঠীটোৰ অভ্যন্তৰত দুটা স্পষ্ট শ্ৰেণীৰ অস্তিত্ব ক্ৰমান্বয়ে প্ৰকট হৈ উঠিল। জনজাতীয় জনগোষ্ঠীসমূহক নিজ নিজ গৃহভূমিৰ সুৰক্ষা প্ৰদান কৰাটো ইতিবাচক পদক্ষেপৰূপেই বিবেচিত হ’লহেঁতেন যদিহে জনজাতীয় খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবেও সদৃশ ৰক্ষা কৱচৰ ব্যৱস্থা থাকিলহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে চুতীয়া, কোচ-ৰাজবংশী, মটক-মৰাণ আদি বৃহৎ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে ভাৰতীয় সংবিধানত ভূমি সুৰক্ষাৰ একো ব্যৱস্থা নাই। তাতোকৈ গুৰুতৰ কথা এয়ে যে অসমৰ খিলঞ্জীয়া লোকৰ সংজ্ঞাটোকে আজিলৈকে সংহত ৰূপ দিব পৰা নগ’ল। এইক্ষেত্ৰত মই খিলঞ্জীয়া লোকৰ সংজ্ঞাটোৰ এটি সংহত ৰূপ দিবলৈ চেষ্টা কৰিম আৰু লগতে জনজাতীয় সম্প্ৰদায়সমূহে পোৱা সুবিধাৰ লেখীয়াকৈ অজনজাতীয় সম্প্ৰদায়সমূহকো পূৰ্ণ সুবিধা প্ৰদান কৰিবলৈ চেষ্টা কৰিম। নাই মোৰ ভাব হয় সকলোৱে জনজাতীয়কৰণৰ দাবী উত্থাপন কৰিলে এটা সময়ত অসমৰ চাৰি হাজাৰবছৰীয়া অসমীয়া জাতিটো খণ্ড-বিখণ্ড হৈ অস্তিত্বহীন হৈ পৰিব। ইয়াৰ পাছত যি এমুঠিমান অজনজাতীয় অসমীয়া অৱশিষ্ট হিচাপে থাকিবগৈ তেওঁলোকৰ বাবে দেশৰ বিভিন্ন অংশত তাহানিৰ ইহুদি জাতিৰ লোকসকলৰ দৰে সিঁচৰতি হৈ পৰাৰ বিকল্প নাথাকিব। সেয়েহে একালৰ আৱেগৰ এনাজৰীৰে বান্ধ খাই জন্ম হোৱা সংজ্ঞাবিহীন অসমীয়া জাতিটোৰ অপমৃত্যু মোৰ কেতিয়াও কাম্য নহয়, ইয়াৰ প্ৰতিকাৰ কৰিবলৈ মই সদায়ে অগ্ৰণী ভূমিকা আগবঢ়ালো হয়।

কোনো এটা ভাষাৰ উন্নতি অথবা অৱনতিৰ সৈতে ভাষাটোৰ মাধ্যমৰ প্ৰসাৰতাই বহুখিনি ক্ৰিয়া কৰে। অসমত কিন্তু ইংৰাজী ভাষাৰ পয়োভৰ লাহে লাহে বৃদ্ধি পাব ধৰিছে। ইয়াৰ মূল কাৰণ হ’ল সমগ্ৰ ৰাজ্যত ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠানৰ ব্যাপক প্ৰসাৰ। আজিৰ বিশ্বায়নৰ যুগত ইংৰাজী ভাষাৰ গুৰুত্ব অস্বীকাৰ কৰিবৰ উপায় নাই। কেৱল অসমতে নহয়, অন্যান্য ভাৰতীয় ৰাজ্যসমূহতো সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে। কিন্তু ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীসকলেও মাতৃভাষা অসমীয়াৰ চৰ্চা ৰক্ষা কৰি চলাটো একো টান কথা নহয়। এই মৌলিক বিষয়টোৰ সন্দৰ্ভত প্ৰায়েবাৰ অসমীয়াই কেনে দৃষ্টিভংগী গ্ৰহণ কৰে, তাৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰিব অসমীয়া ভাষাৰ ভৱিষ্যৎ। ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰি থকাৰ কাৰণেই নিজৰ মাতৃভাষাটোক যদি তৰুণ প্ৰজন্মই অৱহেলা কৰিবলৈ লয়, তেনেহ’লে আন একো ব্যৱস্থাই ভাষাটোক অৱলুপ্তিৰ গৰাহৰপৰা ৰক্ষা কৰিবলৈ পৰ্যাপ্ত নহ’ব। তথাপিতো আশাবাদী মনৰে কঠোৰ সিদ্ধান্তৰদ্বাৰা মই ভাষাটোৰ শ্ৰীবৃদ্ধিত মনোনিৱেশ কৰিম। ইয়াৰ বাবে শিক্ষা প্ৰতিষ্ঠানসমূহত ইংৰাজী ভাষাৰ সমানেই অসমীয়া ভাষাটোক গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ সংগ্ৰাম অব্যাহত ৰাখিম, ভাষাৰ ক্ষেত্ৰত অনুকৰণপ্ৰিয়তা বন্ধ কৰিম, ভাষাৰ ক্ষেত্ৰত হীনমান্যতা দূৰীকৰণৰ চেষ্টা কৰিম, বিদেশী অসমীয়া লোকসকলক তেওঁলোকৰ সন্তানক অসমীয়া ভাষাটোও সমানেই শিকাবলৈ অনুৰোধ কৰিম লগতে উন্নত মানৰ সাহিত্য, যেনে— কবিতা, গল্প, উপন্যাস আদিৰ সৃষ্টি কৰিবলৈ সকলো লেখক-লেখিকাক অনুৰোধ কৰাৰ লগতে ব্যাকৰণ, ভাষাৰ বৈশিষ্ট্য আদি মান নিৰূপণ কৰি সেইবোৰ প্ৰকাশ কৰিবলৈ প্ৰকাশক গোষ্ঠীসমূহক অনুৰোধ কৰিম। ইয়াৰদ্বাৰা মোৰ ধাৰণা আমাৰ ভাষাটো বিশ্বদৰবাৰত প্ৰতিষ্ঠা হোৱাত কোনো কাৰকেই হেঙাৰ সৃষ্টি কৰিব নোৱাৰিব।

অৰ্থনীতি, সমাজনীতি, ভাষা, ধৰ্ম, গৃহভূমি, শিক্ষা, সংস্কৃতি আদি সকলো দিশতে আজি অসমীয়া সমাজখন গভীৰ সংকটৰ সন্মুখীন হৈছে। এনে জটিল অৱস্থাৰপৰা উদ্ধাৰ লাভৰ পথ-নিৰ্দেশ কৰিবলৈ জাতিটোক এক বলিষ্ঠ ৰাজনৈতিক আৰু সামাজিক নেতৃত্বৰ আৱশ্যক হৈছে। জাতিৰ এই সংকটৰ দিনত ৰাজ্যৰ দুই-এটা দল-সংগঠনে সীমিত পৰিসৰত হ’লেও অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। এক সুস্থ বিশ্লেষণৰ আধাৰত অতীতৰ সকলো ভুলৰ সংশোধন কৰি উক্ত দল-সংগঠনসমূহে মাত মতাৰ সময় আহি পৰিছে। ময়ো এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগ কৰিম এনে দল-সংগঠনসমূহক। কিয়নো এই মুহূৰ্তত মই ইয়াৰ বিকল্প দেখা নাই। ইমানদিনে প্ৰায়বোৰ দল-সংগঠনৰদ্বাৰা অসমীয়াৰ জাতীয় স্বাৰ্থ প্ৰৱঞ্চিত হৈ আহিছে। সেয়েহে এনে দিশলৈ লক্ষ্য ৰাখি আজি অসমীয়াক এনে এজন নেতা লাগে যি ক্ষমতাৰ লোভক হেলাৰঙে অতিক্ৰম কৰি জাতিটোক প্ৰকৃত মুক্তিৰ মাৰ্গ দৰ্শন কৰাব পাৰে। মই এনে নেতাক আজীৱন সহযোগ কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ।

অসমৰ উন্নতিত অৰ্থনীতিৰ অৱদানো গুৰুত্বপূৰ্ণ। কিন্তু বৰ্তমান অসমৰ অৰ্থনীতি সংকটময়। ইমানদিনে তেল উদ্যোগে ৰাজ্যৰ ৰাজকোষলৈ কিছু হ’লেও অৰিহণা যোগাই আহিছে। আৰু ইয়াৰ লগত প্ৰত্যক্ষ কিম্বা পৰোক্ষ ৰূপত বহুতো লোকে কৰ্মসংস্থাপনো লাভ কৰিছে। লাহে লাহে অৱশ্যে ভূ-গৰ্ভৰ তৈলভাণ্ডাৰ শেষ হৈ আহিছে। একাংশ বিশেষজ্ঞৰ মতে ২০৩৫ চনেই এই বিষয়ত অন্তিম সময়সীমা। তেনেহ’লে আজিৰপৰা ষোল্ল বছৰৰ পাছত যেতিয়া তৈলভাণ্ডাৰসমূহ ৰিক্ত হৈ পৰিব, তেতিয়া এই শিতানৰপৰা লাভ কৰা ৰাজহৰ ঘাটি ৰাজ্যখনে পূৰণ কৰিবলৈ মোৰ বোধেৰে সম্পদৰ অন্যান্য নৱীকৰণীয় (Renewable) উৎসসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। মোৰ দৃষ্টিত জলশক্তিৰ অফুৰন্ত উৎসসমূহৰ সদব্যৱহাৰৰ আৰু ক্ষয়প্ৰাপ্ত বনাঞ্চলসমূহৰ পুনৰুদ্ধাৰেই হ’ব ইয়াৰ ঘাই বিকল্প। জলশক্তিৰদ্বাৰা জলবিদ্যুৎ উৎপাদনেৰে অসমৰ চিত্ৰপটকেই সলনি কৰি তুলিব পাৰি। মই ইয়াৰ বাবে ৰাইজক সচেতন কৰি তোলাৰ প্ৰয়াস কৰিম। তদুপৰি মীনপালন, কুটিৰ শিল্প আদিক অগ্ৰাধিকাৰ দি অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰি তুলিবলৈ চেষ্টা কৰিম। বিশ্বগ্ৰামৰ প্ৰতিযোগিতামূলক সময়ত এখন সৰ্বজন সফল হোৱা বজাৰ সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰিম। একালৰ অবিসংবাদী বজাৰ থকা চাহক আমদানি নীতিৰ কৱলৰপৰা ৰক্ষা কৰিবলৈ পাৰোমানে চেষ্টাৰ ত্ৰুটি নকৰো। কৃষি উপযোগী মাটিত বছৰত এটা খেতিৰ বিপৰীতে অধিক খেতিৰ যোগেদি কৃষকক উপকৃত কৰিবলৈ উন্নত বৈজ্ঞানিক ধাৰণাবোৰৰ বিষয়ে জনাবলৈ আগবাঢ়ি যাম।

অসমৰ সুদীৰ্ঘ ইতিহাসত দুজন সদাগৰৰ বিষয়েহে স্পষ্ট উল্লেখ পোৱা যায়। তাৰে প্ৰথমজন আছিল মধ্যযুগৰ চান্দ সদাগৰ আৰু আনজন আছিল ব্ৰিটিছ যুগৰ ভোলা সদাগৰ। ভোলা সদাগৰ অৰ্থাৎ ভোলানাথ বৰুৱাই উৰিষ্যাত (ওড়িশা) কাঠৰ কাৰবাৰ কৰি পৰ্যাপ্ত ধন আৰ্জিবলৈ সমৰ্থ হৈছিল। কিন্তু চান্দ সদাগৰে বৰনাও লৈ বিদেশত কি পণ্যৰ বেহা কৰিছিল অথবা সেইবোৰ ঠাইৰপৰা নিজৰ দেশলৈ কি কি সামগ্ৰী আনিছিল সেই বিষয়ে একো তথ্য পোৱা নাযায়। ময়ো এই ক্ষেত্ৰত অসমৰ যুৱক-যুৱতীসকলক সেইসকল লোকৰ উদাহৰণেৰে “চাকৰি চাকৰি” বুলি হাবাথুৰি খাই ঘূৰি ফুৰাতকৈ সৎ কৰ্মৰ যোগেদি অসমৰ অৰ্থনীতিৰ লগতে নিজৰ উন্নতিত যে অগ্ৰণী ভূমিকা ল’ব পাৰে সেই বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰিম। মুঠৰ ওপৰত মই অৰ্থনৈতিকভাৱে উপেক্ষিত অঞ্চলটোৰ বাবে এক ভৱিষ্যৎমুখী পৰিকল্পনাৰ ৰূপৰেখা অংকনৰ যোগেদি ভৱিষ্যৎ সংকটৰপৰা ৰক্ষা পোৱাৰ চেষ্টা আজীৱন কৰি যাম।

অসমৰ এক জ্বলন্ত সমস্যা হৈছে বানপানী। বানপানীৰ ফলতেই অসমৰ অৰ্থনৈতিক উন্নয়নত ডাঙৰ এক প্ৰশ্নবোধক মই জনা-বুজা হোৱাৰপৰা লাগিয়েই আহিছে বা দেখি আহিছো। এই বানপানীয়ে অসমৰ যথেষ্ট ক্ষতি কৰে। বৃহৎ বৃহৎ নদীবান্ধবোৰৰ জলধাৰবোৰৰ পানী কিম্বা নেৰানেপেৰা বৰষুণ আদিৰ পানী যেতিয়া পৰিপূৰ্ণ নদীত মিলিত হয় তেতিয়াই বানপানীৰ সৃষ্টি হয়। মই এই সমস্যা সমাধানৰ বাবে বিজ্ঞানসন্মত প্ৰণালীৰে বৃহৎ নদীবান্ধবোৰৰ সলনি ক্ষুদ্ৰ ক্ষুদ্ৰ নদীবান্ধৰ আঁচনি কাৰ্যকৰী কৰিলো হয়। অৰ্থাৎ প্ৰকৃতি আৰু পৰিৱেশৰ লগত সহ-অৱস্থানেৰেহে মই বানপানীৰ নিচিনা ভয়ংকৰ সমস্যাটো সমাধানৰ দিশে অগ্ৰসৰ হ’লো হয়।

বৰ্তমান সময়ত অসমত অধিক দৃঢ় হৈ পৰা সমস্যাটো হৈছে মাদক দ্ৰব্যৰ কু-প্ৰভাৱ। যিটো সমস্যাই সমাজৰ প্ৰত্যেক স্তৰৰ প্ৰতিগৰাকী ব্যক্তিকে স্পৰ্শ কৰে। ভৱিষ্যৎ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এই সমস্যাটোৰ সমাধানৰ বাবে মই আইন-কানুনৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাম। কিয়নো আইন-কানুন উপযুক্তভাৱে প্ৰণয়ন কৰি তাক কঠোৰভাৱে বলৱৎ কৰিব লাগিব। মাদক দ্ৰব্য সৰবৰাহ কৰা ব্যক্তিবোৰক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব যাতে সেই শাস্তি দেখি আন ব্যক্তি তেনে কাৰ্যৰ প্ৰতি আকৰ্ষিত নহয়। লগতে সমাজৰ প্ৰতিটো স্তৰতে মাদক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তুলিবলৈ মই সমাজৰ অগ্ৰণী ব্যক্তি আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ কৰিম। মাদক দ্ৰব্যৰ নিৰ্মূলৰদ্বাৰাহে এখন সুস্থিৰ অসমৰ স্বপ্ন সফল হৈ উঠিব বুলি মই ভাবো।

তদুপৰি বৈজ্ঞানিক মানসিকতাৰদ্বাৰা সচেতন ৰূপত সকলো কথা যুক্তিৰে চালি-জাৰি চাবলৈ অসমৰ ৰাইজক মই সদায়েই মহান লোকসকলৰ তত্ত্বগধুৰ জ্ঞান প্ৰদান কৰিবলৈ চেষ্টা কৰিম। ইয়াৰদ্বাৰা মোৰ বিশ্বাস অসমখনক অস্থিৰ কৰা নানান অন্ধবিশ্বাস, কুসংস্কাৰ ৰোধ কৰিব পৰা যাব। ডাইনী কিম্বা অন্য ভূত-পিশাচ বুলি হয়তো তেতিয়া আৰু অসমত কোনো লোক অত্যাচাৰৰ সন্মুখীন নহয়।

এই সমীক্ষা অনুযায়ী অসমৰ অঞ্চলে অঞ্চলে যিমান ৰেস্তোৰাঁ আছে আয়তনত অসমতকৈ ডাঙৰ অন্য এখন ৰাজ্যত কিন্তু তাৰ এক পঞ্চমাংশ ৰেস্তোৰাঁহে আছে। এই পৰিসংখ্যাৰ তাৎপৰ্য এয়ে যে অসমত কৰ্ম-সংস্কৃতিৰ পৰিৱৰ্তে এক “Eating Out” পৰম্পৰা গঢ় লৈ উঠিছে। ইফালে টেলিভিছনৰ নিত্য নতুন চেনেলবোৰ মনোৰঞ্জনৰ মেটমৰা বোজা লৈ দেশবাসীৰ চাহিদা পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে। এই ব্যৱস্থা অসমবাসীৰ বাবে পৃথক নহ’লেও মনোৰঞ্জনপ্ৰিয় অসমীয়াৰ মানসিকতাত এই সুলভ মনোৰঞ্জনৰ বিৰূপ প্ৰভাৱৰ আশংকা পূৰ্ণমাত্ৰাই দেখা গৈছে। প্ৰতিটো জনসংযোগ মাধ্যমেৰে ইতিবাচক আৰু নেতিবাচক এই দুয়োটা দিশ থাকে যদিও বৰ্তমান সময়ৰ সৰ্বাধিক প্ৰভাৱশালী মাধ্যম টেলিভিছনৰ ইতিবাচক দিশটোৰ সদব্যৱহাৰ সন্দেহজনক। আমাৰ নতুন প্ৰজন্মৰ মাজতো এনে এক প্ৰৱণতা দৃষ্টিগোচৰ হৈছে যে জ্ঞান-বিজ্ঞানৰ ন ন তথ্যৰ যোগান ধৰা চেনেলবোৰৰ পৰিৱৰ্তে বাৰে-বজৰুৱা কাৰ্যসূচীবোৰেহে সিবিলাকক অধিক আকৃষ্ট কৰে। মনোৰঞ্জনমূলক আহিলাৰ আধিক্যই আমাৰ তৰুণ শিক্ষাৰ্থীসকলৰ মনোযোগ শিক্ষামূলক বিষয়ৰপৰা আঁতৰাই নিলে সমাজখনৰ চিন্তাৰ তাৰল্য অনাগত দিনবোৰত আৰু বৃদ্ধি পোৱাৰ আশংকা নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত মই অভিভাৱক তথা শিক্ষাৰ্থীসকলক বুজাব চেষ্টা কৰিম যে বাৰে-বজৰুৱা মনোৰঞ্জনৰ সলনি জ্ঞান-বিজ্ঞানৰ ন ন তথ্যৰদ্বাৰাহে অসমৰ উন্নতি সম্ভৱ আৰু অভিভাৱকসকলক এইক্ষেত্ৰত কিছু কঠোৰ হৈ যাতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ নিৰ্মাণত একোজন কাৰিকৰ হয় তাৰ বাবে প্ৰাৰ্থনা জনাম।

গতিকে উপৰিউক্ত তথ্যবোৰ হৈছে অসমৰ একো-একোটা বিশাল জটিল সমস্যাৰ নামমাত্ৰ অংশ। এইবোৰ সমস্যা সমাধান এদিন-দুদিনত কৰা মুখৰ কথা নহয়। ইয়াৰ বাবে লাগিব ধৈৰ্য, ত্যাগ, কষ্টসহিষ্ণুতা আদিৰ গুণৰ সমাহাৰ। তাতোকৈ প্ৰয়োজন জাতিটো বা মাতৃভূমিখনক মুখেৰে নহয় হৃদয়েৰে ভাল পোৱা মানসিকতা। মোৰ বাবে এইবোৰ গুণ এদিনতে আয়ত্ত কৰা ইমান যে সহজ কথা নহয় সেয়া ৰচনাখনি লিখি যাওঁতেই বুজিছো, তথাপিতো মহা মহা পুৰুষ, আই-বোপাইৰ আশিস শিৰত লৈ মোৰ কৰ্মময় জীৱনত আগবাঢ়ি গৈছো, যিমানখিনি সৎ পৰিৱৰ্তন কৰিব পাৰিছো সেইখিনি সততাৰে কৰিবলৈ চেষ্টা কৰিছো। কেতিয়াবা সফল হৈছো আৰু আকৌ কেতিয়াবা বিফলো হৈছো, তথাপিতো ভাগৰি পৰা নাই। আশাও কৰা নাই মই নিজস্ব কিবা প্ৰাপ্তিৰ বাবে … কিয়নো প্ৰাপ্তিৰ মাপকাঠি সময়ে নিৰ্ধাৰণ কৰি সময়ত দিবই। মাথোঁ আগুৱাই যোৱাৰ ইচ্ছা মোৰ। দেশ বা দহৰ উন্নতি মানেই মোৰ বা আপোনাৰ উন্নতি বুলি মই বিশ্বাসী।

সদৌ শেষত হীৰেন ভট্টাচাৰ্যদেৱৰ এটি কবিতাৰে মোৰ ৰচনাখনি শেষ কৰিব খোজা—

“মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ।

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে আঁহে

মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।

মোৰ দেশ— মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই

মোক লৈ যায় গভীৰৰপৰা গভীৰতালৈ, আদৰ্শৰ

কঠিন পৰ্বত— মূললৈ…”

[ মহাবাহু আৰু মাল্টিকালশ্বাৰেল এডুকেশ্বনেল ডেভেলপমেন্ট ট্ৰাষ্ট‌‌‌’-এ সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰা এখন ৰচনা]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ জাতীয় নায়ক
Anjan Sarma

Anjan Sarma

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
India’s Progress Highlighted in SDG Report 2026

India’s Progress Highlighted in SDG Report 2026

July 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d