• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, April 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন (৭)

জাতীয় নায়ক

by Anjan Sarma
February 19, 2022
in Opinion, Special Report
Reading Time: 2 mins read
0
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)
Share on FacebookShare on TwitterShare on LinkedIn

জানমণি বৰা

জাতীয় নায়ক

RelatedPosts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026

কোৱা হয় যে অভাৱেই আৱিষ্কাৰৰ মূল। অভাৱত পৰিয়েই মানুহে নকৰা কাম কৰে, চুৰ কৰে, বাটৰ কাষৰ ডাষ্টবিনৰ পেলনীয়া পচা ভাত ভতুৱা কুকুৰৰ সৈতে ভগাই খায়, যন্ত্ৰ সাজে, উদ্ভাৱন কৰে। চাবলৈ গ’লে মানৱ সভ্যতাৰ বিকাশৰ চালিকা শক্তি হ’ল এই অভাৱ। বিভিন্ন ধৰণৰ অভাৱেই দৰাচলতে মানৱ সভ্যতাক গঢ় দিছে। আদিম মানৱে জন্তু-জানোৱাৰ চিকাৰ কৰিবৰ বাবে সা-সঁজুলিৰ অভাৱত থাওকতে পোৱা শিলেৰেই বিভিন্ন ধৰণৰ অস্ত্ৰ–শস্ত্ৰ তৈয়াৰ কৰিছিল। পিন্ধিবলৈ কাপোৰৰ অভাৱত প্ৰথমতে গছৰ ছাল, তাৰ পিছত কপাহ বা পলুৰ লেটাৰপৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰিছিল। এনে ধৰণৰ উদাহৰণ দেধাৰ। অভাৱৰ গুণগত মান অনুসাৰে আৱিষ্কাৰৰ মানো বেলেগ বেলেগ হয়। সি যি কি নহওক, এটা জাতিৰ ক্ষেত্ৰতো একেটা কথাই খাতে। এটা জাতি যেতিয়া সংকটৰ সন্মুখীন হয়, জাতিৰ ৰাজনৈতিক-সামাজিক-সাংস্কৃতিক-ভাষিক অস্তিত্ব যেতিয়া বিপদাপন্ন হয়, তেতিয়াই জাতিক বাট দেখুৱাব পৰা, সন্মুখৰপৰা নেতৃত্ব দিব পৰা এজন নেতাৰ আৱিৰ্ভাৱ হয়। জাতিয়ে তেওঁক অভিধা দিয়ে জাতীয় নায়ক হিচাপে। উদাহৰণস্বৰূপে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰকৃতাৰ্থত অসমৰ জাতীয় নায়ক। তেখেতে মৃত্যুমুখী অসমীয়াক নতুন প্ৰাণৰ পৰশেৰে সঞ্জীৱিত কৰি থৈ গ’ল। মহামানৱ মহাত্মা গান্ধী, নেলচন মেণ্ডেলা, লাচিত বৰফুকন, ফিডেল কাষ্ট্ৰো, ছত্ৰপতি শিৱাজী, বেঞ্জামিন ফ্ৰেংকলিন ইত্যাদি— এখেতসকলক ইতিহাসে জাতীয় নায়ক উপাধি দিছে। আমাৰ অসম মুলুকৰ বৰ্তমানৰ তথাকথত ‍‘জাতীয় নায়ক’জনাই এসময়ত অসমৰ বাবে অভিশাপস্বৰূপ এখন আইন নাকচ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ এখন তয়া-ময়া আইনী যুদ্ধত অসমীয়া মানুহক নেতৃত্ব দিছিল। সেই যুদ্ধত জয়লাভ কৰি তেখেতে অসমী আইৰ ৰাজনৈতিক ভৱিষ্যৎ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কিঞ্চিৎ পৰিমাণে হ’লেও অৰিহণা আগবঢ়াইছিল। সেই কাৰণে তেখেতক ‍‘জাতীয় নায়ক’ উপাধিৰে বিভূষিত কৰা হৈছিল। কিন্তু শেহতীয়াকৈ তেখেতে তথা তেখেতৰ নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সমৰ্থন কৰাৰ বাবে অসমীয়া জাতি ক্ষোভিত হ’ল আৰু তেখেতক এইবাৰ “জাতীয় খলনায়ক” উপাধিৰে অনানুষ্ঠানিকভাৱে বিভূষিত কৰিলে। একেজন মানুহেই মাত্ৰ এটি কি দুটি দশকৰ ভিতৰতে জাতীয় নায়কৰপৰা জাতীয় খলনায়কলৈ অৱদমিত হোৱা ঘটনা কিজানি মানৱ সভ্যতাৰ ইতিহাসতে বিৰল।

অসম এখন সমস্যাবহুল ৰাজ্য। বানপানীৰ সমস্যাৰপৰা আৰম্ভ কৰি নিবনুৱা সমস্যালৈকে— অসমীয়া ৰাইজ এশ-এবুৰি সমস্যাত অহোৰাত্ৰ জৰ্জৰিত। ভূতৰ ওপৰত দানহ পৰাৰ দৰে অসমৰ আকৌ আন এটা অভাৱনীয় সমস্যাও আছে— অবৈধ বিদেশীৰ সমস্যা। এই সমস্যাটোৱে স্বাধীনতাৰ আগৰেপৰা অসমীয়া ৰাইজক জুৰুলা কৰি আহিছে আৰু দিনে দিনে ইয়াৰ ভয়াৱহতা কমক চাৰি বাঢ়িছেহে। অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰা আৰু প্ৰতিপালিত কৰা মানুহৰ সংখ্যা দিনক দিনে কমি আহিছে। বিদেশী পুঁজিপতিৰ হাতলৈ গৈছে খিলঞ্জীয়াৰ মাটি, বিদেশী বিজতৰীয়া সংস্কৃতিৰ কৱলত পৰি অসমীয়া সাতামপুৰুষীয়া সংস্কৃতিয়ে আজি পোহৰৰ বাট হেৰুৱাইছে। স্বাধীনতাৰ পিছত কিছু পৰিমাণে কিছুমান সমস্যা সমাধান নোহোৱা নহয়— কিন্তু আন কিছুমান নতুন সমস্যাই মূৰ দাঙি উঠিছে। জনমূৰি আয়ৰ (GDP) ফালৰপৰাই হওক, মানৱ বিকাশ সূচাংকৰ (Human development index), সাক্ষৰতাৰ হাৰৰ ফালৰপৰাই হওক, নিবনুৱাৰ সংখ্যা বা দৰিদ্ৰতাৰ হাৰৰ ফালৰপৰাই হওক— অসমৰ স্থান আজিৰ তাৰিখতো ভাৰতৰ ভিতৰতে সৰ্বনিম্ন। যাতায়াত ব্যৱস্থা, ঔদ্যোগীকৰণ, কৃষি ব্যৱস্থাৰ আধুনিকীকৰণ আদিৰ ফালৰপৰাও অসমৰ অৱস্থা তথৈৱচ।

অসম প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ৰাজ্য। প্ৰকৃতি মাতৃয়ে মুক্তহস্তে অসমক প্ৰাকৃতিক সম্পদেৰে ওপচাই দিছে। অসমৰ উৰ্বৰ ভূমিয়ে সুপ্ৰাচীন কালৰপৰাই অনেক মানৱগোষ্ঠীক আকৰ্ষণ কৰি আহিছে। অসমৰ মাটিৰ লহপহীয়া সোণগুটি দেখিয়েই সুদূৰ চীন দেশৰ মুংৰিমুংৰামৰপৰা সুচল ঠাইৰ সন্ধানত প্ৰব্ৰজন কৰি অহা স্বৰ্গদেউ চাওলুং ছুকাফাৰ সন্মোহিত মুখৰপৰা আপোনা-আপুনি ওলাই আহিছিল— এই দেশ সোণৰ দেশ। অসমৰ ভূগৰ্ভত পোৱা দুৰ্লভ পনীয়া সোণ খাৰুৱা তেল, ক’লা হীৰা, কয়লা, কাৰ্বিভূমিৰ চূণশিল, লো, এলুমিনিয়ামৰ আকৰ, চাহপাত ইত্যাদি পৃথিৱী বিখ্যাত। ব্ৰহ্মপুত্ৰ আৰু বৰাক সমন্বিতে অসমৰ অলেখ সৰু-বৰ নদী-উপনদীসমূহ অসমৰ নজহা-নপমা সম্পদ। কাৰ্বি পাহাৰ, কাছাৰ-ডিমাচাৰ পাহাৰ, অৰুণাচল-নাগালেণ্ডৰ সীমান্তৱৰ্তী পাহাৰ-পৰ্বতসমূহত ক’ত কিমান বনজ সম্পদ অনাৱিষ্কৃত হৈ আছে— তাৰ ভু-ভা লোৱাৰ ব্যৱস্থা আমাৰ চৰকাৰে আজিকোপতি কৰাই নাই। প্ৰশ্ন হয়, চাৰিওফালে সম্পদৰ ইমান অন্তহীন প্ৰাচুৰ্য্য সত্ত্বেও অসমীয়া ইমান দুখীয়া কিয়? কিয় অসমৰ জনমূৰি আয় ভাৰতৰ ভিতৰতে সৰ্বনিম্ন? কিয় অসমত আজিও শতকৰা চল্লিছ শতাংশতকৈও অধিক মানুহে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ কিজানি এটাই—উপযুক্ত পৰিকল্পনাৰ অভাৱ, উপযুক্ত পৰিকল্পনা যুগুত কৰি তাক কাৰ্যকৰী কৰিব পৰাকৈ উপযুক্ত নেতাৰ অভাৱ।

এখন ৰাজ্যৰ বা এখন দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাজনৈতিক নেতৃত্ব বহনকাৰীসকলৰ পৰিপক্বতা, দূৰদৰ্শিতা অতীৱ প্ৰয়োজনীয়। বৰ্তমান সময়ত ৰাজনৈতিক নেতৃত্বৰ পৰিপক্বতা অবিহনে উন্নয়নৰ স্বপ্ন ধূসৰ। ভাৰতবৰ্ষ তথা অসমৰ সমস্যা সেইখিনিতেই। খ্ৰীষ্ট্ৰীয় ১৬-১৭ শতিকালৈ ভাৰতবৰ্ষৰ জনমূৰি আয় পৃথিৱীৰ ভিতৰতে সৰ্বাধিক আছিল। মাজতে ব্ৰিটিছ আহি যেনিবা কহিনুৰ হীৰাৰ লগতে অজস্ৰ সম্পদ দুশ বছৰ ধৰি লুটি-পুটি নিলে। কিন্তু স্বাধীনতাৰ সত্তৰ বছৰৰ পিছত, এখন সম্পদশালী স্বাধীন দেশ হিচাপে ভাৰতবৰ্ষই বিকাশৰ পথত যিমানদূৰ আগুৱাব পাৰিব লাগিছিল, আজি সেয়া হোৱা নাই। হয়, ভাৰতবৰ্ষত এহাতে মিলিয়নাৰ, বিলিয়নাৰ পুঁজিপতিৰ সংখ্যা বাঢ়িছে, কিন্তু আনহাতে সমানুপাতিকভাৱে দৰিদ্ৰ মানুহৰ সংখ্যাও হুৰাহুৰে বাঢ়িছে। বৰ্তমান পৃথিৱীৰ আটাইতকৈ বেছিসংখ্যক দুখীয়া মানুহ থকা দেশ হৈছে ভাৰত।

অসমৰ জাতীয় নায়কসকল— বিশেষকৈ যিসকলে ৰাজনীতিৰ জৰিয়তে অসমীয়া ৰাইজলৈ সেৱা আগবঢ়াই জনতাৰপৰা জাতীয় নায়ক উপাধি লভিছে—সেয়া প্ৰফুল্ল কুমাৰ মহন্তই হওক বা সৰ্বানন্দ সোণোৱালেই হওক, প্ৰত্যেকেই দিছপুৰৰ শিঙৰি ঘৰত উঠি শাসনভাৰ পৰিচালনা কৰাৰ সুযোগ লাভ কৰিছে। এই অভাজন যদি কেতিয়াবা পূবৰ বেলি পশ্চিমত উদয় হৈ অঘটন ঘটাৰ ফলত জাতীয় নায়ক উপাধিৰে বিভূষিত হওঁ আৰু শিঙৰি ঘৰত উঠি স্বৰ্গদেউ হোৱাৰ সুযোগ লাভ কৰো, তেন্তে তলত উল্লেখ কৰা বিষয়সমূহ কাৰ্যকৰী কৰাত গুৰুত্ব আৰোপ কৰিম। একমাত্ৰ গুৰুত্ব আৰোপ কৰাই নহয়, এই বিষয়সমূহ কাৰ্যকৰী কৰিবলৈ যিকোনো ত্যাগ কৰিবলৈ প্ৰস্তুত থাকিম। কাৰণ এই বিষয়সমূহৰ কাৰ্যকৰীকৰণৰ অবিহনে অসমৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। বিষয়সমূহ এনে ধৰণৰ—

ক) অসম এখন কৃষিপ্ৰধান ৰাজ্য। অসমৰ প্ৰায় ৮০ শতাংশ শ্ৰমশক্তি প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ সৈতে জড়িত। অসমৰ মাটিও বিভিন্ন প্ৰকাৰৰ শস্যৰ বাবে অতি উপযোগী মাটি। অসমৰ কৃষিখণ্ড অপাৰ সম্ভাৱনাৰে পৰিপূৰ্ণ। দুৰ্ভাগ্যজনকভাৱে অসমৰ অৰ্থনীতিৰ আটাইতকৈ বেছি অৱহেলিত খণ্ডটোৱেই হ’ল কৃষি। স্বাধীনতাৰ সত্তৰ বছৰৰ পিছতো অসমৰ মুঠ কৃষিভূমিৰ মাত্ৰ ১৮ শতাংশতহে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ অসমত এতিয়া প্ৰায় নাই বুলিলেই হয়। অসমৰ ১০০ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি আধুনিক কৃষি পদ্ধতিৰে কৃষক ৰাইজক বছৰটোত দুটা বা ততোধিক শস্যৰ খেতি কৰিবলৈ সুবিধা দিলেহে অসমত সেউজ বিপ্লৱ কৰিব পৰা যাব।

(খ) কৃষিখণ্ডৰ বিকাশৰ লগে লগে কুটীৰ আৰু মজলীয়া আকাৰৰ কৃষিভিত্তিক উদ্যোগ গঢ়ি তুলিব লাগিব। বৰপেটা, নগাঁও, দৰং, গোৱালপাৰা আদি জিলাৰ বিভিন্ন অঞ্চলত খাদ্য সংশোধন উদ্যোগ গঢ়ি তুলিব পৰাৰ সম্ভাৱনা অধিক। এনে ধৰণৰ উদ্যোগত অতিৰিক্ত খাদ্যদ্ৰব্যক সংশোধন কৰি বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰী তৈয়াৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ লগে লগে অসমৰ কৃষিপ্ৰধান ঠাইসমূহত নিৰ্মাণ কৰিব লাগিব পৰ্যাপ্ত সংখ্যাৰ শীতলঘৰ। এই শীতলঘৰসমূহক খাদ্য সংশোধন উদ্যোগবিলাকৰ অংশ (unit) হিচাপে গঢ়ি তুলিব পৰা যাব।

(গ) কৃষিখণ্ডৰপৰা উৎপাদিত প্ৰত্যক্ষ আৰু পৰোক্ষ সামগ্ৰীসমূহৰ বিক্ৰীৰ বাবে প্ৰয়োজনীয় বজাৰ অসমত নথকা নহয়। আছে। উদাহৰণস্বৰূপে, গোৱালপাৰাৰ নগৰবেৰাত আছে এছিয়াৰ ভিতৰতে ডাঙৰ জলকীয়াৰ বজাৰ, ৰংজুলিত আছে এছিয়াৰ বৃহত্তম কলৰ বজাৰ ইত্যাদি। গুৱাহাটীক কেন্দ্ৰ কৰি গঢ়ি তুলিব পৰা এখন বিশাল বিপণন বজাৰৰদ্বাৰা অসমত উৎপাদিত আৰু সংশোধিত ফচল সমগ্ৰ বিশ্বলৈ ৰপ্তানি কৰিব পৰাৰ সোণালী সুযোগ আমাৰ হাতত আছে।

(ঘ) যিকোনো এখন ঠাইৰ সামগ্ৰিক উন্নয়ন সঁচাৰ কাঠি হ’ল তাৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থা। অসমৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ ছবিখন অতি পুতৌজনক। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰিবহণ ব্যৱস্থা কিছুদূৰ আশাব্যঞ্জক যদিও বৰাক উপত্যকা আৰু পাহাৰীয়া অঞ্চলবিলাকৰ ক্ষেত্ৰত ই অতি হতাশাজনক। মেঘালয়ৰপৰা বদৰপুৰ হৈ কৰিমগঞ্জ আৰু হাইলাকান্দিলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বৰ্তমানো শিলগুটি এচপৰাও দেখিবলৈ পোৱা নাযায়। কাৰ্বি পাহাৰৰ অঞ্চলবিশেষলৈ এতিয়াও পাহাৰৰ হাতী-বাঘ একেলগে যোৱা লুংলুঙীয়া হাবিতলীয়া বাটেৰেই যোগাযোগ চলে। অসমৰ উন্নয়নৰ বাবে প্ৰতিটো প্ৰধান পথ চাৰি লেনযুক্ত হোৱাটো বাধ্যতামূলক। প্ৰতিটো ৰাজ্যিক পথ, গড়কাপ্টানি পথ আৰু স্থানীয় নগৰ সমিতি বা পঞ্চায়তৰ তত্ত্বাৱধানত থকা পথবিলাক পকী হোৱাটো বাঞ্ছনীয়।

অসমৰ ৰে’ল যোগাযোগ ব্যৱস্থা তুলনামূলকভাৱে সন্তোষজনক। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰঙিয়াৰপৰা মুকংচেলেকলৈকে ৰে’লপথছোৱাৰ ব্ৰডগজলৈ ৰূপান্তৰকৰণে অসমৰ ৰে’ল ব্যৱস্থাটোক অধিক সুষমা প্ৰদান কৰিছে। বিকশিত অসমৰ বাবে কিন্তু এয়াই যথেষ্ট নহয়। অসমত দ্বৈত পথযুক্ত ৰে’ল ব্যৱস্থা, বৈদ্যুতিক ৰে’ল আদি আজিৰ সময়ৰ প্ৰধান দাবী।

বৰ্তমান অসমত সাতোটা বিমানবন্দৰ আছে। কিন্তু লেখত ল’বলগীয়া বিমানবন্দৰ মাত্ৰ এটাই— বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ এক আত্মঘাতী সিদ্ধান্তমৰ্মে এই অন্যতম সম্ভাৱনাপূৰ্ণ বিমানবন্দৰটো ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া হৈছে। সি যি কি নহওক, এই বিমান বন্দৰটো নামতহে আন্তঃৰাষ্ট্ৰীয়। নেপাল, বাংলাদেশ, ভুটানক প্ৰমুখ্যে কৰি মাত্ৰ কেইখনমান দেশলৈহে এই বিমানবন্দৰৰপৰা প্ৰত্যক্ষভাৱে বিমান সেৱাৰ ব্যৱস্থা আছে। অথচ বিকশিত অসমৰ স্বাৰ্থত এই বিমানবন্দৰটোৰ গুৰুত্ব অপৰিসীম। প্ৰকৃতাৰ্থত ইয়ে হ’ল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ। গতিকে এই বিমানবন্দৰটোক অধিক গতিশীল, অধিক কাৰ্যক্ষম কৰি তোলাৰ বিকল্প নাই।

(ঙ) অসম নদীমাতৃক দেশ। অনাদি কালৰেপৰা শত-সহস্ৰ অবিৰাম জলধাৰাই অসম মাতৃৰ চৰণ পখালিব লাগিছে। প্ৰত্যেকখন সৰু-বৰ নদী অপাৰ সম্পদৰ ভাণ্ডাৰ, অপৰিমেয় শক্তিৰ উৎস। অসমৰ নদীসমূহক এতিয়ালৈকে সম্পদৰ দৃষ্টিভংগীৰে চোৱা হোৱাই নাই। তাৰ পৰিৱৰ্তে এই নদীসমূহে সৃষ্টি কৰা বানপানী আৰু গৰাখহনীয়াতে অসমৰ ৰজা আৰু প্ৰজাগণে গুৰুত্ব আৰোপ কৰি আহিছে। আজি বুঢ়ালুইত অসমৰ চকুলো। কিন্তু এসময়ত চীন দেশৰ চকুলো হিচাপে চিহ্নিত হোৱা হোৱাংহো নদী বৰ্তমান চীনৰ সমৃদ্ধিৰ অন্যতম আকৰ। বৰাক আৰু ব্ৰহ্মপুত্ৰও অসমৰ ৰাইজৰ ওঁঠত হাঁহি বিৰিঙাব পৰা সম্ভাৱনাৰে পৰিপূৰ্ণ। তাৰ বাবে লাগিব দীৰ্ঘম্যাদী সুচিন্তিত বৈজ্ঞানিক পৰিকল্পনা। যি ব্ৰহ্মপুত্ৰই আজি অসমীয়াৰ চকুৰ টোপনি কা়ঢ়িছে, মুখৰ ভাত কাঢ়িছে, কাঢ়িছে ভৰিৰ তলৰ মাটি—সেই ব্ৰহ্মপুত্ৰকে এদিন অসমীয়াৰ চকুৰপৰা সুখৰ চকুলো নিগৰাবলৈ বাধ্য কৰিব লাগিব।

(চ) সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই ঠিকেই গাই গৈছে— “অসম আমাৰ ৰূপহী গুণৰো নাই শেষ”। অসম প্ৰকৃতিৰ বৰ জীয়ৰী। প্ৰকৃতি ৰাণীয়ে মুকলি হাতেৰে অসমী আইক আটোলটোলকৈ সজাইছে-পৰাইছে। অসমী আইৰ সৌন্দৰ্য-সুধা পান কৰাৰ সুবিধাকণ কিন্তু আমি বিশ্ববাসীক কৰি দিব পৰা নাই। কাজিৰঙাক বাদ দি অসমৰ আন ঠাইত অপাৰ সম্ভাৱনা সত্ত্বেও আজিকোপতি পৰ্যটন উদ্যোগে গা টঙাই উঠিব পৰা নাই। অথচ আমাতকৈ কম আৰু নিম্নমানৰ সম্পদেৰে-সৌন্দৰ্যেৰে দাক্ষিণাত্যৰ কেৰেলাবাসীয়ে কেৰেলাক পৰ্যটকৰ প্ৰথম পছন্দৰ ঠাই হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। অসমৰ পৰ্যটন উদ্যোগৰ বিকাশে অসমৰ নিবনুৱা সমস্যা নিৰ্মূল কৰাত বুজন পৰিমাণৰ অৰিহণা যোগাব।

(ছ) স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে চৰকাৰী ধনৰ এটা টকাও বেআইনীভাৱে ইফাল-সিফাল কৰা যিকোনো মানুহক ৰাজপথৰ দাঁতিৰ লেম্পপ’ষ্টত ওলমাই ফাঁচি দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু বিধিৰ কি বিপাক-নেহৰুৰ ভাৰতবৰ্ষ বৰ্তমান বিশ্বৰ অন্যতম দুৰ্নীতিগ্ৰস্ত ৰাষ্ট্ৰ। ভাৰতবৰ্ষ অপৰাধী-চোৰ-ডকাইত-ঘোচখোৰৰ বাবে ভূস্বৰ্গ। ইয়াৰ চৰকাৰী ধন হাজাৰ কোটিৰ হিচাপত চৰকাৰী আমোলা-বিষয়া, মন্ত্ৰী-বিধায়কৰ জেপত বেআইনীভাৱে সোমায়। কোনো কোনো অফিচত টকা এশটা সাউৎকৈ জেপত ভৰাই নিদিলে সামান্য চকিদাৰ এজনৰ মুখৰপৰাও মাত এষাৰ উলিয়াব নোৱাৰি। তুমি যিমানে আগবাঢ়িব খুজিবা, এই দুৰ্নীতি নামৰ শনিবিধে তোমাক সিমান জোৰেৰে পিছলৈ টানিব। ইয়াক যদি পুলিয়ে-পোখাই উভালিব পৰা নাযায়—তেন্তে উন্নয়নৰ সপোন সপোন হৈয়ে ৰ’ব। যিকোনো প্ৰকাৰৰ দুৰ্নীতিৰ প্ৰতি সি দহ টকাৰে হওক, দহ হাজাৰ কোটি টকাৰে হওক—প্ৰকৃতাৰ্থত শূন্য সহনশীলতাৰ নীতি কাৰ্যকৰী কৰিব পাৰিলেহে প্ৰকৃত উন্নয়ন সম্ভৱ।

(জ) অসমৰ শিক্ষা আৰু স্বাস্থ্যখণ্ড অলেখ সমস্যাৰে জৰ্জৰিত। জনসাধাৰণৰ সামগ্ৰিক বিকাশৰ বাবে এই দুটা বিভাগৰে গুৰুত্ব সৰ্বাধিক। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ এতিয়া মৃত্যুমুখী। ক’ৰবাত পৰ্যাপ্ত শিক্ষক নাই, আন্তঃগাঁথনি নাই, ক’ৰবাত আকৌ ছাত্ৰ-ছাত্ৰীয়েই নাই। আনহাতে কোনো নিয়ম-কানুন নমনাকে অসমৰ অলিয়ে-গলিয়ে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকে শিক্ষাৰ নামত যি বেপাৰ আৰম্ভ কৰিছে, তাক নাকী লগাবলৈ কোনো ধৰণৰ চৰকাৰী ব্যৱস্থা নাই। উচ্চ শিক্ষাৰ অৱস্থাও তথৈৱচ। অসমৰ বিশ্ববিদ্যালয়কেইখন তাহানি ব্ৰিটিছে দেখুৱাই যোৱা পথেৰেই এতিয়াও চলি আছে। কাৰিকৰী শিক্ষাৰ ব্যৱস্থাটো এতিয়াও অতি চালুকীয়া। শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন অবিহনে অসমৰ উন্নতি অসম্ভৱ।

অসমৰ যিকেইখন চৰকাৰী চিকিৎসালয় আছে, দুই-এখনৰ বাহিৰে তাত ৰোগীৰ বাবে আশাব্যঞ্জক বিশেষ একো নাই। ক’ৰবাত ৰোগীয়ে প্ৰাথমিক চিকিৎসাখিনি পাব পৰাৰ সুবিধাকণো নাই। এতিয়াও অসমত মৃত্যুমুখী ৰোগী মানুহৰ কান্ধত বা ঠেলাত উঠি হাস্পতাললৈ যাব লগা হয়, আৰু মাজ ৰাস্তাতে ৰোগীয়ে প্ৰাণত্যাগ কৰে বা প্ৰসূতিয়ে সন্তান জন্ম দিয়ে। চৰকাৰী চিকিৎসালয়লৈ অহা ঔষধ-পাতি চিকিৎসালয়লৈ যোৱাৰ পৰিৱৰ্তে যায় কোনোবা ফাৰ্মাচী বা নাৰ্ছিংহোমলৈ। চৰকাৰী চিকিৎসালয়ত চিটি স্কেন, এমআৰআই আদি অত্যাধুনিক সা-সুবিধাসমূহ উপলব্ধ হোৱাতো দূৰৈৰ কথা— এক্সৰে কৰা যন্ত্ৰকেইটাও বছৰটোৰ বেছিভাগ সময় বেয়াই হৈ থাকে। আনহাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বোৰ শগুনতকৈও লুভীয়া—ৰোগীৰ মাটি-ভেটি বন্ধকত নোযোৱালৈকে তেওঁলোকৰ চিকিৎসাও শেষ নহয়, ৰোগীয়ো আৰোগ্য নহয়। এইবিলাক চিকিৎসালয়ৰ চিকিৎসাৰ খৰচ বহন কৰিব পৰাৰ সক্ষমতা সাধাৰণ মানুহৰ নাই। দেহা থাকিলেহে বেহা। গতিকে চিকিৎসাখণ্ডৰ আমূল পৰিৱৰ্তনৰ অবিহনে উন্নতি অসম্ভৱ।

(ঝ) স্বাধীনতাৰ আগৰেপৰা অসমক জুৰুলা কৰি থকা এটা প্ৰধান সমস্যা হ’ল অবৈধ বিদেশী নাগৰিকৰ সমস্যা। ব্ৰিটিছে অসমৰ ছন পৰি থকা মাটিবিলাকত খেতি কৰাই ৰাজহৰ পৰিমাণ বঢ়োৱাৰ উদ্দেশ্যেৰে অবিভক্ত বংগ দেশৰপৰা পমুৱা মুছলমানসকলক মাতি আনি লুইতৰ চৰ-চাপৰি অঞ্চলবিলাকত থাপিলে। ছাৰ ছৈয়দ ছাদুল্লা মুখ্যমন্ত্ৰী হৈ একেই নীতি গ্ৰহণ কৰিলে। সেই তেতিয়াৰপৰা আমাৰ ৰাজনৈতিক নেতাগণৰ পৃষ্ঠপোষকতাত বাংলাদেশৰপৰা যি প্ৰব্ৰজন আৰম্ভ হ’ল, সেয়া এতিয়াও অবিৰাম গতিত চলিয়েই আছে। এতিয়া অৱশ্যে ৰাজহৰ লগত প্ৰব্ৰজনৰ সম্পৰ্ক নাই—প্ৰব্ৰজনৰ পৃষ্ঠপোষকতাৰ আঁৰত আছে ভোটবেংকৰ ৰাজনীতি। অসমত গোজেই গজালি হৈ বহা অবৈধ বাংলাদেশীক বিতাড়নৰ দাবীত ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলিল ঐতিহাসিক অসম আন্দোলন। অসম আন্দোলনৰ পৰিণতিত অসম চুক্তি স্বাক্ষৰিত হ’ল আৰু আন্দোলনকাৰীসকল ৰাজনীতিত নামি দিছপুৰৰ গাদী দখল কৰিলে। কিন্তু আজিও বাংলাদেশ-অসম সীমান্ত উন্মুক্ত হৈয়ে থাকিল। অবৈধ বাংলাদেশীয়ে অসমৰ মাটি-ভেটি-ব্যৱসায়-বাণিজ্য সকলো অধিকাৰ কৰিলে। এই সমস্যাটোকে ভিত্তি কৰি অসমত আজিও আন্দোলন চলিয়েই আছে, গণ্ডাই গণ্ডাই নেতা জন্ম হৈয়ে আছে। কিন্তু সমস্যা সমস্যা হৈয়ে আছে।

অসম-বাংলাদেশৰ সীমান্ত ১০০ শতাংশ সুৰক্ষিত কৰাটো যিকোনো কল্যাণকামী চৰকাৰৰ মুখ্য দায়িত্ব। অবৈধ বাংলাদেশীয়ে অসমৰ একমাত্ৰ মাটি-ভেটিয়েই বেদখল কৰা নাই, অসমৰ জনগাঁথনিলৈও আমূল পৰিৱৰ্তন আনিছে। লাখে লাখে অবৈধ বাংলাদেশীৰ উপস্থিতিয়ে বিপন্ন কৰিছে অসমৰ ভাষা-সংস্কৃতি, আভ্যন্তৰীণ আইন-শৃংখলা। গতিকে এই সমস্যা চিৰকালৰ বাবে সমাধান কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে অসমৰ অস্তিত্ব বিপদাপন্ন।

(ঞ) “নানা জাতি-উপজাতি সৱে মিলি-জুলি আমি অসমীয়া জাতি”— অসমৰ নৃতাত্ত্বিক বৈশিষ্ট্য অতি মনোহৰ। অসমৰ ৰাজনৈতিক ভূখণ্ডত অলেখ সৰু-বৰ জাতি-জনগোষ্ঠীয়ে প্ৰাচীন কালৰেপৰা সমিলমিলেৰে বসবাস কৰি আহিছে। বড়ো, কছাৰী, কাৰ্বি, মিচিং, দেউৰী, ডিমাচা, তিৱা, লালুং, আহোম, কোচ, কলিতা, কেওট, কৈৱৰ্ত, গাৰো আদি অলেখ জাতি-জনগোষ্ঠীৰ মহামিলনৰ ফলস্বৰূপে গঢ়ি উঠিছে অসমীয়া জাতি, অসমীয়া সংস্কৃতি। আজি ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ বলি হৈ জনগোষ্ঠীয় ভাইসকলে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ অস্বীকাৰ কৰা আৰম্ভ কৰিছে। কিন্তু তেওঁবিলাকৰ অবিহনে অসমীয়া জাতি অস্তিত্বহীন। বিকশিত অসমত প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমান ৰাজনৈতিক-সামাজিক অধিকাৰ থাকিব লাগিব। সকলোৰে ভাষা-সংস্কৃতি সুৰক্ষিত হ’ব লাগিব, সংৰক্ষিত হ’ব লাগিব, বিকাশৰ সুবিধা পাব লাগিব। বিকশিত হ’ব লাগিব অসমীয়া ভাষা।

অসমত হিন্দু, মুছলমান, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰে। অসম শংকৰ-আজানৰ দেশ। মা কামাখ্যাৰ দেশ, হয়গ্ৰীৱ মাধৱৰ দেশ, পোৱামক্কাৰ দেশ। ধৰ্মৰ নামত বিভেদকামী ৰাজনীতিয়ে যাতে এই বিভিন্ন ধৰ্মৰ অনুগামীসকলৰ মাজত ভেদাভেদ আনিব নোৱাৰে তাৰ প্ৰতি সকলো সজাগ হৈ থাকিব লাগিব। সকলো ধৰ্মৰে মূল তত্ত্ব একেই। আমি সকলো একেজন ঈশ্বৰৰে সন্তান। উপাসনা পদ্ধতিহে ধৰ্ম অনুসৰি বেলেগ বেলেগ। গতিকে ধৰ্মৰ নামত সস্তীয়া ৰাজনীতি আমি পৰিহাৰ কৰি চলিব লাগিব।

ওপৰত উল্লেখ কৰি অহা হৈছে যে অসমৰ সমস্যা অলেখ। প্ৰতিটো সমস্যাৰ উৎস বেলেগ, ব্যাপ্তি বেলেগ। প্ৰতিটো সমস্যাই গুৰুত্বপূৰ্ণ। এজন ব্যক্তিৰ ৰাজনৈতিক জীৱনকালত সকলো সমস্যাৰ সমাধান কৰাটো সম্ভৱ নহয় যদিও ওপৰত আলোচনা কৰা সমস্যাবোৰ সমাধান কৰিবলৈ এশ শতাংশ আন্তৰিকতাৰে যৎপৰোনাস্তি চেষ্টা কৰি যদি এটা পথ তৈয়াৰ কৰা যায়— তেন্তে সেই পথেৰে আগবাঢ়ি আমাৰ ভৱিষ্যৎ প্ৰজন্মই নিশ্চয় এক ইতিবাচক ফলাফলত উপনীত হ’ব পাৰিব। নিঃস্বাৰ্থ দেশপ্ৰেম হ’ব লাগিব আমাৰ ধৰ্ম, দেশৰ বাবে, জাতিৰ বাবে, ভাষাৰ বাবে, সংস্কৃতিৰ বাবে জীৱনৰ প্ৰতিটো পল উছৰ্গা কৰাটো হ’ব লাগিব আমাৰ কৰ্ম। এয়েই মোৰ আশা। জয় আই অসম। বন্দে মাতৰম।

[ মহাবাহু আৰু মাল্টিকালশ্বাৰেল এডুকেশ্বনেল ডেভেলপমেন্ট ট্ৰাষ্ট‌‌‌’-এ সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰা এখন ৰচনা]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: অসমৰ জাতীয় নায়ক
Anjan Sarma

Anjan Sarma

Related Posts

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves
Special Report

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

by Kakali Das
April 10, 2026
0

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves Ancient seas,...

Read moreDetails
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
ভাৰতৰ স্বৰাজতকৈ অসমৰ স্বৰাজ হীন নে?

INDIGENOUS PEOPLE OF ASSAM: THE NEXUS BETWEEN LAND RIGHTS AND THE RIGHT TO SELF-DETERMINATION!

April 8, 2026
Why are there few women in Indian Politics?

Why are there few women in Indian Politics?

April 8, 2026
How to Sell Your Brains to the Highest Bidder: the Complete Guide

How to Sell Your Brains to the Highest Bidder: the Complete Guide

April 7, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

Why Is the Middle East So Rich in Oil? The Geological Secrets Behind the World’s Largest Petroleum Reserves

April 10, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

April 10, 2026
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

April 10, 2026
Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

April 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d