• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন (৬)

জাতীয় নায়ক

by Anjan Sarma
February 18, 2022
in Special Report
Reading Time: 3 mins read
0
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰণামীকা বৰা

জাতীয় নায়ক

দীৰ্ঘদিন ধৰি অসমত অসমীয়া জাতীয়তাবাদেই মতাদৰ্শ হিচাপে প্ৰভুত্বকাৰী অৱস্থানত আছে। মাজে মাজে সেই জাতীয়তাবাদে প্ৰগতিশীলতাৰ দিশত গতি কৰিব বিচাৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আদি ব্যক্তিসকলৰ কৰ্মৰাজি প্ৰগতিশীল জাতীয়তাবাদৰ লক্ষণ। জনগোষ্ঠীয় উত্থানৰ পাছতো অসমীয়া জাতীয়তাবাদ শক্তিশালী ৰূপতে আছিল। কিন্তু এইবাৰ অসমীয়া জাতীয়তাবাদৰ এই প্ৰভুত্বশালী অৱস্থানৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছে অন্য এটা দিশৰপৰা— সাম্প্ৰদায়িক, মৌলবাদী ৰাষ্ট্ৰীয়তাবাদৰপৰা। গতিকে এনে এক সংকটৰ সময়ত মোৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে পৰিণত হ’লহেঁতেন— ‘জাতীয়তাবাদ প্ৰতিষ্ঠা কৰা’।

মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন, তেন্তে মই পোনপ্ৰথমেই নিম্নলিখিত কথাসমূহত গুৰুত্ব দিলোহেঁতেন, যাতে—

ক) ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন

খ) শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন

গ) জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাৰ প্ৰতি মনোনিৱেশ

ঘ) ৰাজ্যখনত প্ৰয়োজনীয়তা পূৰণ কৰা

ঙ) গাঁওসমূহৰ বিকাশ সাধন কৰা

চ) জনজাতিকৰণৰ ব্যৱস্থা কৰা

ছ) নিবনুৱা সমস্যা সমাধানৰ পৰিকল্পনা কৰা

জ) ৰাজ্যৰ বৌদ্ধিক সমাজৰ আশা-আকাংক্ষা পূৰণ কৰা

ঝ) যুৱ সমাজৰ প্ৰতি গুৰুত্ব, যুৱ উচ্ছৃংখলতা নিয়ন্ত্ৰণ কৰা

ঞ) জাতি, মাটি আৰু ভেটি ৰক্ষা কৰা

ট) ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ ৰক্ষণাৱেক্ষণৰ ব্যৱস্থা কৰা

মুঠৰ ওপৰত এখন ৰাজ্যৰ সৰ্বাংগীণ দিশৰ উন্নতি সাধনৰ চেষ্টাই মূলতঃ মোৰ দায়িত্বত পৰিণত হ’লহেঁতেন।

অৰ্থনৈতিক অৱস্থাৰ ওপৰত ৰাজ্যখনৰ উন্নতি বহু পৰিমাণে নিৰ্ভৰ কৰে। অৰ্থনৈতিক অৱস্থা সুচল হৈ থাকিলে ৰাজ্যখনৰ কৰ নিয়ন্ত্ৰিত অৱস্থাত থাকে। দ্ৰব্যসমূহৰ মূল্য নিয়ন্ত্ৰিত অৱস্থাত অৰ্থনৈতিক অচলাৱস্থাই কোনো ৰাজ্যত দেখা দিলে সেই ৰাজ্যৰ জনসাধাৰণ মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈ পৰে। গতিকে মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন তেন্তে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাৰ বিকাশ সাধনত গুৰুত্ব দিলোহেঁতেন।

গণতন্ত্ৰৰ অতি প্ৰয়োজনীয় চৰ্ত হ’ল শিক্ষা। শিক্ষাৰ প্ৰয়োজন হয় জনগণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিবৰ বাবে। এখন সু-শৃংখল, সু-সংঘবদ্ধ সমাজ গঠনত বিশেষ ভূমিকা পালন কৰিব পাৰে। মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন, তেন্তে শিক্ষানুষ্ঠানসমূহত উৎকৃষ্ট শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলোহেঁতেন। ছাত্ৰ-ছাত্ৰীসকলক সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষাসমূহৰ বাবে প্ৰস্তুত কৰি অসমৰ শিক্ষিত নৱপ্ৰজন্ম মানৱ সম্পদলৈ পৰিণত কৰিলোহেঁতেন। কাৰণ শিক্ষাই একমাত্ৰ মাধ্যম যি এখন সমাজত অন্ধকাৰৰপৰা পোহৰলৈ গতি কৰাব পাৰে।

জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাৰ প্ৰতি প্ৰতিজন জাতীয় নায়ক সচেতন হোৱা উচিত, কাৰণ জনসাধাৰণৰ বহু ইচ্ছা-আকাংক্ষা থাকে আৰু এজন জাতীয় নায়কে জনসাধাৰণৰ আশা-আকাংক্ষাসমূহ নিজে উপলব্ধি কৰি নিজৰ আয়ত্তৰ গণ্ডীৰ ভিতৰলৈ টানি আনি তেনে ইচ্ছা-আকাংক্ষাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত মই অহোপুৰুষাৰ্থ চেষ্টা কৰিলোহেঁতেন।

চলিত যুগটো ‘E’-ৰ যুগ। এই বিষয়ত গুৰুত্ব দিয়াটো সকলোৰে কাম্য। কিন্তু আমাৰ ৰাজ্যখনত ইয়াতকৈয়ো অধিক প্ৰয়োজন আছে Electricity বা Energy-ৰ অৰ্থাৎ সম্ভৱপৰ সোনকালে ৰাজ্যখনৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰাটো। জলবিদ্যুৎ উৎপাদনৰ বাবে বৃহৎ নদীবান্ধে পৰিৱেশ বিনষ্ট কৰা আৰু জন-ধন ক্ষতিসাধন কৰাৰ সম্ভাৱনা থকাৰ বাবে ই বিতৰ্কিত। সেয়েহে মই যদি অসমৰ মুখ্যমন্ত্ৰী হ’লোহেঁতেন অপাৰস্পৰিক শক্তি আহৰণত অধিক গুৰুত্ব দিলোহেঁতেন। বিশেষতঃ জৈৱিক গেছ আৰু সৌৰশক্তিৰ সহায়ত বিদ্যুৎ উৎপাদন কৰি শক্তিৰ নাটনি বহুলভাৱে হ্ৰাস কৰাৰ চেষ্টা কৰিলোহেঁতেন।

মহাত্মা গান্ধীয়ে আমাৰ গাঁওসমূহৰ সৰ্বাংগীণ উন্নতি সাধনৰ যি প্ৰয়াস কৰিছিল সেই প্ৰয়াস বৰ্তমানেও চলি আছে। গাঁওসমূহৰ বিভিন্ন সমস্যা, যেনে— অন্ধবিশ্বাস, ডাইনী হত্যা, নিচাযুক্ত দ্ৰব্য সেৱন, শিক্ষাৰ অভাৱ, যাতায়াতৰ দুৰৱস্থা, কৃষি ব্যৱস্থা, উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগৰ অভাৱ আদি আজিও বিৰাজমান। গতিকে মই যদি জাতীয় নায়ক হ’লোহেঁতেন গাঁওসমূহৰ শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰি, অন্ধবিশ্বাসমুক্ত কৰি, নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ নাশ কৰি, শিক্ষাৰ প্ৰসাৰ ঘটাই, যাতায়াতৰ ব্যৱস্থা সুচল কৰি, উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগ কৰি পূৰ্ণোদ্যমেৰে গ্ৰামোন্নতিত গুৰুত্ব দি গাঁৱৰ উন্নয়নৰ জৰিয়তে ৰাজ্যৰ উন্নয়ন সাধন কৰি ৰাজ্যখনক, অসমখনক এক বিশেষ ৰূপত গঢ়ি তুলিলোহেঁতেন। অসমীয়াৰ অস্তিত্ব ৰক্ষা, মূল্যবোধৰ ৰক্ষা কৰা চেষ্টা কৰিলোহেঁতেন। মহাত্মা গান্ধীৰ লাখুটিডাল বৰ্তমান অসমত লাঠীলৈ পৰিণত হৈছে; গতিকে মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন এই লাঠীডালক পুনৰ লাখুটিলৈ পৰিণত কৰিলোহেঁতেন।

মই যদি জাতীয় নায়ক হ’লোহেঁতেন জনজাতিকৰণৰ জৰিয়তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষা কৰি গণ প্ৰতিনিধিত্বৰ সংৰক্ষণ কৰাত গুৰুত্ব দিলোহেঁতেন অসমৰ ছয় জনগোষ্ঠী— কোচ-ৰাজবংশী, টাই-আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে ভৈয়ামৰ জনজাতিৰূপে মৰ্যাদা প্ৰদান কৰি ৰাজ্যখনৰ ৭০ শতাংশ খিলঞ্জীয়া লোকক জনজাতীয় মৰ্যাদা প্ৰদানৰ চেষ্টা কৰিলোহেঁতেন। এই মৰ্যাদাক সাংবিধানিকভাৱে সুৰক্ষা দিবলৈ সম্প্ৰতি নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য সংবিধানৰ ৩৭১ (ক) ধাৰা অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰি ৰাজ্যখনৰ সম্পদৰ ওপৰত ৰাজ্যবাসীৰ অধিকাৰ সাব্যস্ত কৰাৰ ব্যৱস্থা কৰিলোহেঁতেন।

অসমৰ জাতি সমস্যাৰ কেইবাটাও দিশ আছে। সেইবোৰ হ’ল—

১) অসমীয়া জাতিৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম।

২) বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম।

৩) পাৰ্বত্য জাতিসমূহৰ স্বাধিকাৰৰ সংগ্ৰাম।

৪) বিভিন্ন জনগোষ্ঠীসমূহৰ স্বায়ত্ত শাসনৰ সংগ্ৰাম আদি।

অসমীয়া জাতিৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ দুটা ধাৰা আছে। এটা সাৰ্বভৌম অসমৰ বাবে আন্দোলন আৰু আনটো হ’ল ভাৰতৰ ভিতৰতে সংবিধান সংশোধনৰদ্বাৰা বা সংশোধন নকৰাকৈ অসমীয়া জাতিৰ বাবে বিশেষ বা সুকীয়া ব্যৱস্থাৰ দাবী। দ্বিতীয় ধাৰাই পূৰ্ণ স্বায়ত্ত শাসন, দ্বি-নাগৰিকত্ব বা সম্পদৰ ওপৰত অধিকাৰ আদি প্ৰশ্নবোৰ উত্থাপন কৰে। বড়ো জাতিৰ এটা অংশই সাৰ্বভৌম বড়োলেণ্ডৰ দাবী জনাইছে আৰু আনটো অংশই পৃথক ৰাজ্যৰ দাবী জনাইছে। তৃতীয় ধাৰাটো হ’ল কাৰ্বি, ডিমাচা আদি স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীৰ আন্দোলন। তেওঁলোকে ভাৰতৰ সংবিধানৰ ২৪৪ক অনুচ্ছেদ দাবী কৰে। এই আন্দোলন ভাৰতীয় সংবিধানৰ ভিতৰুৱা। তদুপৰি ৰাভা, মিচিং, তিৱা আদি জনগোষ্ঠীসমূহে স্বায়ত্ত শাসনৰ দাবী জনোৱাৰ উপৰি সংবিধানসন্মত স্বশাসন বা ষষ্ঠ অনুসূচীৰো দাবী জনাই আহিছে। এই আটাইবোৰ দাবীৰদ্বাৰা দুটা ৰাজনৈতিক ধাৰা পৰিস্ফুট হয়; সাৰ্বভৌম অসমৰ বাবে বা সাৰ্বভৌম বড়োলেণ্ডৰ বাবে বিচ্ছিন্নতাবাদী ধাৰা আৰু আনটো এখন ফেডাৰেল ভাৰতৰ বাবে গঢ়ি উঠা আন্দোলনৰ ধাৰা। অসমৰ বিচ্ছিন্নতাবাদী বা সাৰ্বভৌমত্বৰ দাবী কৰা ধাৰাটোৱে ইতিহাসৰ পাতত ৰাজ্যখনৰ স্বাধীন অৱস্থিতিৰ প্ৰসংগ টানি আনে আৰু ভাৰতীয় শাসক শ্ৰেণীৰ একচেটিয়া শাসন-শোষণ, লুণ্ঠনৰপৰা চিৰমুক্তি বিচাৰে। বড়োসকলে কেৱল নিজৰ স্বতন্ত্ৰ ইতিহাস প্ৰদৰ্শন, ভাৰতীয় শাসক শ্ৰেণীৰ বিৰুদ্ধে ক্ষোভতে ক্ষান্ত নাথাকি অসমীয়া শাসক শ্ৰেণীৰ শাসন-শোষণৰ বিৰুদ্ধেও গৰজি উঠে। আন আন জনগোষ্ঠীবোৰ অসমীয়া শাসক শ্ৰেণীৰ বিৰুদ্ধে মূলতে অভিযোগৰ বৰ্ষামুখ টোঁৱাই ৰাখে। তেওঁলোকে অভিযোগ কৰে যে অসমীয়াভাষী শাসকবৰ্গই তেওঁলোকৰ ওপৰত ভাষা, সংস্কৃতি, শিক্ষা আদি জাপি দিব খোজে, যিটো তেওঁলোকৰ জনগোষ্ঠীগত স্বকীয় সত্তা ৰক্ষাৰ পৰিপন্থী। মুঠতে এইবোৰৰপৰা এইটো কথা স্পষ্ট হয় যে বিভিন্ন জাতি-জনগোষ্ঠীৰ মধ্যবিত্ত শাসক শ্ৰেণীবোৰৰ মাজত নিজৰ জাতিক একচেটিয়াভাৱে শাসন কৰাৰ অধিকাৰৰ দাবী উত্থাপিত হৈ আহিছে।

অসমৰ জাতি সমস্যা অতি জটিল আৰু সংঘাতপূৰ্ণ বিষয়। প্ৰায় আটাইবোৰ জাতিসত্তাৰ আন্দোলনৰ ক্ষেত্ৰতে সংকীৰ্ণ আৰু বহু সময়ত প্ৰতিক্ৰিয়াশীল গোষ্ঠীদ্বন্দ্বৰ বীজ দেখা গৈছে। সেয়েহে এইটো আমি সকলোৱে হৃদয়ংগম কৰাটো প্ৰয়োজন যে যি জাতিয়ে আন জাতিক নিপীড়ন কৰে সি নিজে কেতিয়াও মুক্ত হ’ব নোৱাৰে। অৰ্থাৎ আমাৰ জাতীয় সংগ্ৰামবোৰক অধিক গণতান্ত্ৰিকীকৰণৰ দিশত লৈ যোৱাটো অতীৱ প্ৰয়োজন। এইটো নিশ্চিত যে ইটো-সিটো জাতি-জনগোষ্ঠীৰ পাৰস্পৰিক সদ্ভাৱ, সংগ্ৰামী ঐক্য আৰু ঐক্যবদ্ধ সংগ্ৰামেৰেহে প্ৰকৃত জাতীয় মুক্তি লাভ কৰাটো সম্ভৱ। ভাৰতৰ সংবিধানৰ ভিতৰত ৰাজ্য এখনে সৰ্বোচ্চ ক্ষমতা পাব পৰাৰ ব্যৱস্থা আছে ৩৭০ আৰু ৩৭১(ক) অনুচ্ছেদত। ৩৭০ অনুচ্ছেদ হ’ল জম্মু-কাশ্মীৰৰ বাবে দিয়া বিশেষ ব্যৱস্থা। ৩৭১(ক) হ’ল নাগালেণ্ডৰ বাবে দিয়া বিশেষ ব্যৱস্থা। ভাৰতৰ সংবিধানৰ ভিতৰত এখন প্ৰদেশেহে পাব পৰা সৰ্বোচ্চ ক্ষমতাৰ বিশেষ ব্যৱস্থা হ’ল এই জম্মু-কাশ্মীৰ আৰু নাগালেণ্ডক দিয়া বিশেষ মৰ্যাদা। অসমসহ ১১ খন ৰাজ্যই পোৱা বিশেষ শ্ৰেণীৰ মৰ্যাদা আছিল সংবিধান বহিৰ্ভূত এক প্ৰশাসনিক ব্যৱস্থা। সেই ব্যৱস্থাও চতুৰ্দশ বিত্তীয় আয়োগৰ পৰামৰ্শৰ ভিত্তিত ২০১৫-২০১৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ সময়ৰপৰা কৰ্তন হয়। ৩৭০ অনুচ্ছেদ হ’ল জম্মু আৰু কাশ্মীৰৰ বাবে বাহাল ৰখা এক অস্থায়ী ব্যৱস্থা মাত্ৰ। আৰু ৩৭১(ক) অনুচ্ছেদ হ’ল নগালেণ্ডৰ বাবে বাহাল ৰখা বিশেষ ব্যৱস্থা মাত্ৰ। ৩৭০ অনুচ্ছেদ অনুসৰি জম্মু-কাশ্মীৰত সংবিধানৰ ২৩৮ নং অনুচ্ছেদ কাৰ্যকৰী নহয়। তদুপৰি ভাৰতৰ সংসদে আনকি কেন্দ্ৰীয় সূচী আৰু সমৱৰ্তী সূচীৰ ওপৰতো ৰাজ্যখনত প্ৰযোজ্য হোৱা আইন প্ৰণয়ন কৰিব নোৱাৰে; যিবোৰ বিষয়ত জম্মু-কাশ্মীৰৰ ৰাজ্য চৰকাৰৰ লগত পৰামৰ্শ কৰি ৰাষ্ট্ৰপতিয়ে স্থানীয় বিষয় বুলি ঘোষণা কৰে। অৰ্থাৎ এই অনুচ্ছেদ প্ৰদান কৰা ক্ষমতাৰ ভিত্তিত ৰাজ্যখনৰ চৰকাৰে কেন্দ্ৰৰ যিকোনো সিদ্ধান্ত মানি নল’ব পাৰে।

আনহাতে, ৩৭১ (ক) অনুচ্ছেদ অনুসৰি ভাৰতৰ সংসদে—

১) নগাসকলৰ ধৰ্মীয় আৰু সামাজিক প্ৰথাসমূহৰ সন্দৰ্ভত

২) নগাৰ পৰম্পৰাগত ৰীতি-বিধি আৰু প্ৰক্ৰিয়া সন্দৰ্ভত

৩) নগাৰ ৰীতিগত বিধি অনুসাৰে সিদ্ধান্ত লোৱা অসামৰিক আৰু সামৰিক ন্যায় প্ৰশাসন সম্পৰ্কত।

৪) মাটি আৰু ইয়াৰ সম্পদৰাজিৰ মালিকীস্বত্ব আৰু মালিকীস্বত্বৰ সাল-সলনিৰ সন্দৰ্ভত।

অসমে সংবিধানৰ ৩৭০ আৰু ৩৭১(ক)-ৰ দৰে এক সংবিধান স্বীকৃত বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা দাবী কৰিব পাৰে। ইয়ে ভাৰতৰ সংবিধানে ৰাজ্য এখনক দিব পৰা সৰ্বোচ্চ স্বীকৃতি। গতিকে অসমীয়া জাতিৰ জাতীয় আত্মনিয়ন্ত্ৰণ আৰু ৰাজ্যখনৰ অন্যান্য জাতি-জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণ লাভৰ বাবে আমি ভাৰতৰ ৰাষ্ট্ৰ গাঁথনি পৰিৱৰ্তনৰ সংগ্ৰামৰ লগত যেনেকৈ জড়িত হ’ব লাগিব, তেনেকৈ এখন সমাজতান্ত্ৰিক দেশ প্ৰতিষ্ঠাৰ সামগ্ৰিক সংগ্ৰামৰো অংশীদাৰ হ’ব লাগিব।

বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষা সাং কৰি উঠি বহু যুৱক-যুৱতীয়ে আজি শিক্ষিত নিবনুৱাত পৰিণত হৈছে আৰু উন্নত মানৰ কৃষিপদ্ধতিৰ প্ৰয়োগৰ অভাৱত বহুতো কৃষক ঋতুগত নিবনুৱাত পৰিণত হৈছে। গতিকে মই যদি জাতীয় নায়ক হ’লোহেঁতেন শিক্ষিত নিবনুৱা সমস্যা নিৰ্মূল কৰাৰ চেষ্টা কৰিলোহেঁতেন আৰু উন্নত কৃষি পদ্ধতিৰ প্ৰয়োগেৰে ঋতুগত নিবনুৱা সমস্যা নাশ কৰিলোহেঁতেন।

মই যদি জাতীয় নায়ক হ’লোহেঁতেন ৰাজ্যৰ বৌদ্ধিক সমাজৰ চিন্তা-চেতনা, আশাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণৰ চেষ্টা কৰিলোহেঁতেন। ৰাজ্যত বিভিন্ন দিশৰপৰা গঢ় লৈ উঠা সন্ত্ৰাসবাদী সংগঠনসমূহৰ উদ্দেশ্য আৰু লক্ষ্যসমূহৰ উৎসসমূহ চিনাক্তকৰণ কৰি তাক নিৰাময় কৰাৰ পূৰ্ণ প্ৰয়াস কৰিলোহেঁতেন যাৰ ফলশ্ৰুতিত এখন সন্ত্ৰাসবাদীহীন ৰাজ্য গঢ়ি তুলিলোহেঁতেন।

বৰ্তমানৰ যুৱ সমাজ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ যুৱ সমাজ। আজিৰ সমাজখনৰ ভৱিষ্যৎ এই যুৱ সমাজৰ ওপৰত নিৰ্ভৰ কৰে। এই যুৱ সমাজত দেখা দিয়া যুৱ উচ্ছৃংখলতাই কিন্তু বৰ্তমান সমাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। মই যদি জাতীয় নায়ক হ’লোহেঁতেন যুৱ-উচ্ছৃংখলতাৰ কাৰকসমূহ চিনাক্ত কৰি সেইসমূহক উচিত ব্যৱহাৰৰ বাবে যুৱ সমাজক উৎসাহিত কৰিলোহেঁতেন, নিজ নিজ অঞ্চলৰ সুনেতৃত্ব বহন কৰিবলৈ উৎসাহ যোগালোহেঁতেন, যাতে আমাৰ সমাজৰপৰা ড্ৰাগছৰ দৰে মাৰাত্মক যুৱ উচ্ছৃংখলতা সৃষ্টি কৰা দ্ৰব্যসমূহো আঁতৰ হয় আৰু উচ্ছৃংখল যুৱ সমাজ সু-শৃংখল হয়। যুৱ উচ্ছৃংখলতা নিয়ন্ত্ৰণ কৰাটো নিতান্তই প্ৰয়োজন হৈছে। কাৰণ পঞ্জাবৰ দৰে পৰিস্থিতিৰ আজি অসমতো সৃষ্টি হৈছে। ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্যৰ প্ৰভাৱে আজি অসমৰ অধিকাংশ যুৱক-যুৱতীক গ্ৰাস কৰিছে। ISIS-ৰ দৰে উগ্ৰপন্থী দলত আজি নামনি অসমৰ বহুতো যুৱক-যুৱতী অন্তৰ্ভুক্ত হৈছে। গতিকে মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন অসমক বিহাৰৰ দৰে ড্ৰাই ষ্টেটলৈ পৰিৱৰ্তন কৰিলোহেঁতেন যাতে ড্ৰাগছৰ দৰে মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ কৱলৰপৰা অসমৰ যুৱ সমাজ মুক্ত হৈ থাকে। অসমৰ প্ৰশাসনিক ব্যৱস্থা কটকটীয়া কৰি ISIS-ক অসমত প্ৰৱেশত বাধা দি অসমখনক ISIS তথা যিকোনো উগ্ৰপন্থী দলৰ কৱলৰপৰা মুক্ত কৰিলোহেঁতেন।

অনুপ্ৰৱেশকাৰী, অবৈধ প্ৰব্ৰজনৰ ফলত ৰাজ্যসমূহত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন অসমত বাংলাদেশৰপৰা আগমন ঘটা অনুপ্ৰৱেশকাৰীৰ যি সমস্যা তাক নিৰ্মূল কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক অসম-বাংলাদেশ সীমা ছীল কৰিবলৈ অনুমোদন জনালোহেঁতেন আৰু সীমাত শাসন ব্যৱস্থা কটকটীয়া কৰিলোহেঁতেন। ‍‘এনআৰচি’ অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ কৰি ৰাজ্যত পূৰ্বৰেপৰা থকা অবৈধ বাংলাদেশীসকলক নিজ ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিলোহেঁতেন। ৰাজ্যখনত অবৈধ প্ৰব্ৰজন নহ’বলৈ ৰাজ্যৰ সীমাত শাসন ব্যৱস্থা কটকটীয়া কৰি তুলিলোহেঁতেন।

এখন ৰাজ্যৰ উন্নতি ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ, জৈৱবৈচিত্ৰ্যৰ উন্নতিৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল। ৰাজ্যৰ পৰ্যটন উদ্যোগ মূলতঃ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত সংৰক্ষণে ৰাজ্যখনৰ মান দুগুণে বৃদ্ধি কৰিব পাৰি। নদীসমূহত ক্ষুদ্ৰ ক্ষুদ্ৰ নদীবান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদন কৰি ৰাজ্যখনে প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰৰ জৰিয়তে উপকৃত হ’ব পাৰি। ৰাজ্যখনত ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, বনাঞ্চল আদিৰ উপযুক্ত ৰক্ষণাৱেক্ষণ দি পৰ্যটকৰ আকৰ্ষণৰ বিন্দু হিচাপে ৰাজ্যখনক গঢ়ি তুলিব পাৰি। প্ৰাচীন কীৰ্তিচিহ্ন, স্মৃতিসৌধ আদিৰ উপযুক্ত ৰক্ষণাৱেক্ষণৰ জৰিয়তে ৰাজ্যখনৰ মানদণ্ড যথেষ্ট উন্নত কৰি তুলিব পৰা যায়। গতিকে মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন তেন্তে অসমত শিল্প উদ্যোগ গঢ়ি উঠিবৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিলোহেঁতেন। স্থানীয় লোকৰ মাজত শিল্প স্থাপনৰ উদ্যম বৃদ্ধি কৰিলোহেঁতেন আৰু এইক্ষেত্ৰত কুটিৰ শিল্পক প্ৰাধান্য দিলোহেঁতেন। ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণ কৰি ৰাজ্যখনক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিলোহেঁতেন।

পৃথিৱীৰ সকলো দেশৰ দৰে অসমতো পৰ্যটন উদ্যোগ গঢ়ি উঠাৰ বহুত সম্ভাৱনা আছে। প্ৰথমতে নদ-নদী, পাহাৰ অৰণ্য, জলাহ চাপৰিৰে ভৰা অসমত বহুতো প্ৰাকৃতিক সৌন্দৰ্যৰ ঠাই আছে যিবোৰ উপভোগ কৰিবলৈ পৰ্যটক আহে। অসমৰ শিলাময় নদী আৰু আওগৰীয়া পৰ্বতৰ ঢালত দুঃসাহসিক ক্ৰীড়াৰ সুবিধাও আছে। দ্বিতীয়তে, অসমৰ কামাখ্যা, উমানন্দ, বশিষ্ঠাশ্ৰম, নৱগ্ৰহ, হয়গ্ৰীৱ-মাধৱ, পোৱামক্কা আদিৰ দৰে পৱিত্ৰ তীৰ্থস্থান আছে, য’লৈ প্ৰতি বছৰে বহুতো তীৰ্থযাত্ৰী আহে। তৃতীয়তে, অসমৰ গুৱাহাটী, শ্ৰীসূৰ্য, তেজপুৰ, শিৱসাগৰ আদি ঠাইত প্ৰাচীন আৰু মধ্যযুগৰ মঠ-মন্দিৰ প্ৰত্নতাত্ত্বিক ভগ্নাৱশেষ আদি আছে। এইবোৰলৈ অনুসন্ধিৎসু লোক, গৱেষক, বুৰঞ্জীবিদ আহিব পাৰে। চতুৰ্থতে অসম প্ৰাকৃতিক সম্পদত চহকী। ইয়াত ৫ খন ৰাষ্ট্ৰীয় উদ্যান, ২২ খন অভয়াৰণ্য আৰু বহুতো সংৰক্ষিত বনাঞ্চল আছে।

এইবোৰত গঁড়, হলৌ বান্দৰ, দেও হাঁহ, নল গাহৰি, শিহু আদি বহুতো আপুৰুগীয়া জীৱ-জন্তু আৰু গছ-গছনি পোৱা যায়। এইবোৰ দৰ্শন কৰিবলৈয়ো বহুতো দেশী-বিদেশী পৰ্যটক আহে। পঞ্চমতে, অসম বহুতো জনগোষ্ঠীৰ বাসভূমি। এই প্ৰত্যেকটো জনগোষ্ঠীৰে নিজৰ নিজৰ চহকী পৰম্পৰাগত কলা-সংস্কৃতি, গীত-মাত, নৃত্য-নাট্য আদি আছে। এইবোৰ দৰ্শন, উপভোগ আৰু অধ্যয়ন কৰিবলৈয়ো দেশ-বিদেশৰপৰা যথেষ্টসংখ্যক পৰ্যটক অসমলৈ আহে। গতিকে মই যদি জাতীয় নায়ক হ’লোহেঁতেন এইবোৰ তথ্যৰ পৰিপ্ৰেক্ষিতত অসমত হোটেল, ম’টেল, অতিথিশালা আদি সজোৱাৰ ব্যৱস্থা কৰিলোহেঁতেন। যাতায়াত আৰু পৰিবহনৰ উন্নত ব্যৱস্থা কৰিলোহেঁতেন; নৃত্য-গীত, দৃশ্যমান শিল্প কলা আদি পৰিৱেশনৰ বাবে উন্নত মানৰ প্ৰেক্ষাগৃহ প্ৰতিষ্ঠা কৰিলোহেঁতেন আৰু প্ৰদৰ্শনী, মেলা-উৎসৱ আদি অনুষ্ঠিত কৰি, মাজুলীক দেশৰ মুখ্য পৰ্যটনস্থলীসমূহৰ অন্যতমৰূপে গঢ়ি তুলিবলৈ গুৰুত্ব আৰোপ কৰিলোহেঁতেন। মই যদি অসমৰ জাতীয় নায়ক হ’লোহেঁতেন যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনত গুৰুত্ব প্ৰদান কৰিলোহেঁতেন। ৰাজ্যখনৰ মুকুতা-মণিস্বৰূপ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, গণশিল্পী খগেন মহন্ত, জয়ন্ত হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুৰাভাৰ গীত তথা স্মৃতি সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা কৰিলোহেঁতেন। শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষকসকলৰ তথা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিলোহেঁতেন। ৰাজ্যৰ বিদ্যালয়, চৰকাৰী কাৰ্যালয় আদিত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিলোহেঁতেন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সঘনাই সংঘটিত গঁড় হত্যা ৰোধৰ ব্যৱস্থা হাতত ল’লোহেঁতেন। অসমীয়া লোকসংস্কৃতি সংৰক্ষণৰ প্ৰচেষ্টা কৰি, কৃষি ব্যৱস্থাৰ উন্নতি সাধন কৰি অসমী আইক সুজলা-সুফলা শস্য-শ্যামলা কৰি তোলাৰ চেষ্টা কৰিলোহেঁতেন। অসমৰ জৈৱবৈচিত্ৰ্যক সুৰক্ষা প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে জাৰি কৰা ১৯৭২ চনত বন্যপ্ৰাণী আইন অসমতো বলৱৎ কৰিলোহেঁতেন।

অসমৰ চিকিৎসা ব্যৱস্থাৰ উন্নতি সাধন কৰিলোহেঁতেন যাতে অসমৰ মানুহে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া নহয়। অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ব্যৱস্থা কৰিলোহেঁতেন যাতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে নিজ ৰাজ্যতে উন্নত মানৰ শিক্ষা লাভ কৰিব পাৰে।

অসমৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়ে ইয়াৰ বিশাল অৱবাহিকাৰপৰা কঢ়িয়াই অনা পানীয়ে অসমৰ ঠেক উপত্যকাত বানপানীৰ সৃষ্টি কৰাটো স্বাভাৱিক। তদুপৰি ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ পাৰ্বত্য অঞ্চলত থকা হিমবাহবোৰেও বাৰিষা পানী যোগান ধৰি বানপানী হোৱাত সহায় কৰে। ইয়াৰ উপৰি মানুহৰ বিভিন্ন কাৰ্যকলাপ, মৌচুমী ঋতুত হোৱা অতিপাত বৃষ্টিও বানপানীৰ কাৰণ। বানপানীৰ ফলত সৃষ্টি হোৱা গৰাখহনীয়া সমস্যায়ো অসমক জুৰুলা কৰে। বৃহৎ নদীদ্বীপ মাজুলীৰ মাটিকালি খহনীয়াৰ ফলত পূৰ্বৰ প্ৰায় আধা হৈছে।

ভূমিকম্প, ধুমুহা-বতাহ আদি প্ৰাকৃতিক দুৰ্যোগসমূহেও অসমৰ বিস্তৰ ক্ষতিসাধন কৰে।

মই যদি জাতীয় নায়ক হ’লোহেঁতেন পাৰিৱেশিক সমস্যাৰ উৎপত্তি আৰু প্ৰসাৰৰ কাৰণ, আক্ৰান্ত হোৱা এলেকা আৰু সমস্যাৰ চৰিত্ৰ অধ্যয়ন কৰি সমাধানৰ বাস্তৱধৰ্মী আঁচনি যুগুত কৰিলোহেঁতেন। বানাক্ৰান্ত এলেকাত বহনক্ষম উন্নয়ন সাধন কৰি সংশ্লিষ্ট প্লাৱন ভূমিবোৰৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলোহেঁতেন।

তৈল উদ্যোগসমূহত উৎপাদিত তেলৰ ৰাজমৰ্যাদা অসমলৈ অনাৰ চেষ্টা কৰিলোহেঁতেন।

ৰাজ্যখনৰ কুটীৰ শিল্পৰ উন্নতি সাধন কৰি, ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিবনুৱা সমস্যা দূৰ কৰাৰ লগতে ঔদ্যোগীকৰণৰ জৰিয়তে নগৰীকৰণত গুৰুত্ব দিলোহেঁতেন।

অসমত যি পৃথক ৰাজ্যৰ দাবী উত্থাপন হৈছে, তাৰ মূল কাৰণ বোধহয় চাৰিটা—

১) ১৯৪৭ চনৰ স্বাধীনতাৰ পিছতো জনগণৰ প্ৰকৃত সমস্যাবোৰ সমাধান নোহোৱা বা প্ৰকৃত উন্নয়ন নোহোৱা (এইক্ষেত্ৰত ভূমিপুত্ৰ, জনজাতি-জনগোষ্ঠীবোৰৰ অৱস্থা অধিক বেয়া)।

২) একাংশ তথাকথিত উচ্চ বৰ্ণ মানুহৰ/শাসক শ্ৰেণীৰ জনগোষ্ঠীসমূহৰ প্ৰতি অৱজ্ঞা বা অৱমাননাৰ আচৰণ আৰু কাম-কাজ।

৩) অবাধ প্ৰব্ৰজনে থলুৱা জনসমষ্টিৰ বাবে সৃষ্টি কৰা ভূমি আৰু পৰিচয় সংকট।

৪) চৰকাৰসমূহ তথা জনজাতীয় স্বায়ত্ত শাসিত পৰিষদসমূহৰ কু-শাসন। পৃথক ৰাজ্যৰ দাবীৰ অন্তৰালত বা জনগোষ্ঠীবোৰৰ অসন্তুষ্টিত তল সুঁতীয়াকৈ সাম্ৰাজ্যবাদী বিশ্বায়ন অৰ্থনীতিৰো প্ৰভাৱ নিশ্চয় আছে। চমুকৈ ক’বলৈ গ’লে, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক এক ঐতিহাসিক প্ৰক্ৰিয়াত অসমৰ জনজাতি-জনগোষ্ঠীৰ কেইবাটাও গোটে আজি অসমত প্ৰশাসনিক ব্যৱস্থাত তেওঁলোকৰ সৌভাগ্য উদয় নহ’ব বুলি নিজাববীয়াকৈ তেওঁলোকৰ ভাগ্য নিৰ্ণয়ৰ সিদ্ধান্ত ল’ব খুজিছে। দাবী কৰিছে পৃথক ৰাজ্য— অসন্তুষ্টিৰ উৎসসমূহ হ’ল—

ক) অনুন্নয়ন (অৰ্থনৈতিক)

খ) পৰিচয় সংকট ( ৰাজনৈতিক)

গ) ভূমি সংকোচন (অৰ্থনৈতিক আৰু ৰাজনৈতিক)

ঘ) সমমৰ্যাদাৰপৰা বঞ্চিত (সামাজিক)

ঙ) সু-শাসনৰ অভাৱ (ৰাজনৈতিক আৰু প্ৰশাসনিক)

ভাৰতবৰ্ষৰ সংবিধানে যি মিশ্ৰ অৰ্থনীতিৰ পোষকতা কৰিছে, তাৰ প্ৰকৃত ৰূপটো পুঁজিবাদী অৰ্থনীতিয়েই। সংবিধানৰ প্ৰস্তাৱনাত সাৰ্বভৌম, সমাজতান্ত্ৰিক, গণৰাজ্যৰ কথা কোৱা হৈছে যদিও ইয়াৰ অৰ্থনৈতিক গাঁথনিটো সম্পূৰ্ণৰূপে পুঁজিবাদী। মিশ্ৰ অৰ্থনীতিৰ নামত চলাই থকা হৈছে এই পুঁজিবাদ। পুঁজিবাদী অৰ্থনীতিৰ এটা অন্যতম বৈশিষ্ট্য হ’ল অসমান বিকাশ। এখন দেশৰ এটা অংশৰ বিকাশ দ্ৰুতগামী কৰাৰ বিপৰীতে অন্য কিছুমান অংশক প্ৰান্তীয় এলেকাৰূপে ৰাখি সেই এলেকাসমূহৰপৰা কেঁচামাল সংগ্ৰহ কৰা হয়। এই কেন্দ্ৰ প্ৰান্তীয় বিকাশৰ মডেলত এনে প্ৰান্তীয় এলেকাবোৰৰ ত্যাগৰ বিনিময়ত একো একোটা কেন্দ্ৰ গঢ়ি উঠে; প্ৰান্তীয় এলেকাটোৰ আন্তঃগাঁথনিৰ বিকাশ আৰু অন্যান্য উন্নয়নত গুৰুত্ব আৰোপ কৰা নহয়। কেঁচা মাল, সস্তীয়া শ্ৰমিক যোগানকাৰী আৰু বজাৰৰূপে ব্যৱহৃত এনে এলেকাবোৰ পুঁজিবাদী সমাজত সদায়েই অৱহেলিত ঠাইৰূপে পৰিগণিত হয়। সেইবাবে এনে এলেকাবোৰক (Colonial hinterland) ৰূপে ব্যৱহাৰ কৰা বুলি কিছুমান বুদ্ধিজীৱীয়ে অভিযোগ কৰে। অসম আন্দোলন (১৯৭৯-১৯৮৫)ৰ সময়ত এই ঔপনিৱেশিক কেঁচামাল যোগানকাৰী অঞ্চলৰ ধাৰণাটো বেছ চৰ্চিত হৈছিল। অসমীয়া জাতিয়ে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে কৰা সৰ্ববৃহৎ সংগ্ৰামৰ এই সময়খিনিত উপনিৱেশৰ ভিতৰতে উপনিৱেশ গঢ়ি তোলা এনে ঠাচৰ অৰ্থনৈতিক লুণ্ঠনৰ বাবেই অসমে তেনেকৈ যুঁজিবলগীয়া হৈছিল বুলি একাংশ লোকে বিশ্বাস কৰিছিল।

অসমক এনেকুৱা এখন পৃথক ৰাজ্যৰ প্ৰয়োজন, যি পৃথক ৰাজ্যই জনগণৰ হাতলৈ ক্ষমতা আনিব, যি ৰাজ্যই জনজাতি-জনগোষ্ঠীসমূহৰ অৰ্থনৈতিক-ৰাজনৈতিক সমস্যাসমূহ দূৰ কৰিব, সুৰক্ষিত কৰিব জনগোষ্ঠীটোক, থলুৱা জনগোষ্ঠীবোৰক, তেনে পৃথক ৰাজ্যক আমি সমৰ্থন কৰো। কিন্তু বৰ্তমানৰ সাংবিধানিক কাঠামোৰ ভিতৰত জনগণৰ অৰ্থনৈতিক-ৰাজনৈতিক ক্ষমতা সুৰক্ষিত হ’বনে (?) উত্তৰটো নেতিবাচক। বৰং বৰ্তমানৰ ব্যৱস্থাৰ ভিতৰত পৃথক ক্ষুদ্ৰ ৰাজ্য গঠনে কেন্দ্ৰক অধিক শক্তিশালী কৰিব আৰু কেন্দ্ৰক নিজৰ আয়ত্তত ৰাখি সাম্ৰাজ্যবাদ, ধনী দেশ, পুঁজিপতি, কৰ্প’ৰেট গোষ্ঠীবোৰে সম্পদ/কেঁচামাল আৰু বজাৰৰ ওপৰত সিহঁতৰ অধিক দখল সাব্যস্ত কৰিবলৈ সুযোগ পাব।

মই যদি জাতীয় নায়ক হ’লোহেঁতেন তেন্তে মহিলা, তৃতীয় লিংগৰ ব্যক্তি, সংখ্যালঘুসকলক প্ৰাধান্য দিলোহেঁতেন। এখন সুন্দৰ সমাজ গঢ়ি যুৱ সমাজক উৎকৃষ্ট সম্পদলৈ ৰূপান্তৰিত কৰিলোহেঁতেন। সুৰুচিপূৰ্ণ, সুসংগঠিত চৰকাৰ গঠনত প্ৰাধান্য দিলোহেঁতেন।

জনসাধাৰণৰ হিতৰ বাবে উপযুক্ত আঁচনি প্ৰয়োগ কৰিলোহেঁতেন। ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত কৰিলোহেঁতেন। সীমামূৰীয়া অঞ্চলত নগাই কৰা উপদ্ৰৱৰ এটা স্থায়ী সমাধান কৰিলোহেঁতেন। শিক্ষাক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান কৰি ছেবাৰ সংস্কাৰ সাধন কৰিলোহেঁতেন। বনাঞ্চল সংৰক্ষণ, হাতী-মানুহৰ সংঘাত নিৰাময়ৰ সুব্যৱস্থা কৰিলোহেঁতেন।

মই যদি জাতীয় নায়ক হ’লোহেঁতেন সকলো জাতি-ধৰ্ম-বৰ্ণৰ মানুহক সমান অধিকাৰ দিলোহেঁতেন, মৌলিক অধিকাৰ, মানৱ অধিকাৰ ৰক্ষা কৰিলোহেঁতেন। বিদ্যুৎ, পানী যোগান, অনাময় ব্যৱস্থা, যোগাযোগ স্বাস্থ্য আৰু চিকিৎসা সেৱা, কৃষিক্ষেত্ৰৰ বিকাশ ঘটোৱাৰ চেষ্টা কৰিলোহেঁতেন। যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ, ন্যায়-শৃংখলা অটুট ৰখা আৰু সাহিত্য-সংস্কৃতি বিকাশৰ বাবে এটা সুস্থ বাতাৱৰণ সৃষ্টি কৰাত গুৰুত্ব প্ৰদান কৰিলোহেঁতেন। দুৰ্নীতিমুক্ত, বৈজ্ঞানিক মানসিকতাপূৰ্ণ অসম গঢ়ি তোলাৰ চেষ্টা কৰিলোহেঁতেন। অসমৰ সৰ্বাংগীণ দিশৰ উন্নতি সাধন কৰি এই জয়মতী-কনকলতাৰ ৰাজ্যখনৰ জয়জয়কাৰ কৰি তুলিলোহেঁতেন। কেৱল বৃহৎ বৃহৎ সমস্যাসমূহক গুৰুত্ব দি দূৰদৰ্শনৰ পৰ্দাত তৰ্কাতৰ্কি কৰি থকাতকৈ সকলোকে লগত লৈ অসমৰ ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম সমস্যাৰ সমাধানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি মানৱ সম্পদৰ উন্নতি সাধনত নিজকে ব্ৰতী কৰি মানৱ সেৱাই পৰম সেৱা বুলি দেশ আৰু জাতিৰ নামত নিজকে উৎসৰ্গা কৰিলোহেঁতেন আৰু গৌৰৱেৰে ক’লোহেঁতেন—জয় আই অসম।

[ মহাবাহু আৰু মাল্টিকালশ্বাৰেল এডুকেশ্বনেল ডেভেলপমেন্ট ট্ৰাষ্ট‌‌‌‘-এ সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰা ৰচনা]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ জাতীয় নায়ক
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d