• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, March 30, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন (৫)

জাতীয় নায়ক

by Admin
February 17, 2022
in Special Report
Reading Time: 1 min read
0
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)
Share on FacebookShare on TwitterShare on LinkedIn

নিৰলা ইংহিপী

জাতীয় নায়ক

RelatedPosts

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023

“শদিয়াৰপৰা ধুবুৰী

সেউজীয়া অসমী

মহাবাহু চিৰপ্ৰৱাহী

জীপাল আমাৰ সংস্কৃতি।”

পৰিচয়ঃ

উত্তৰ-পূৰ্বাঞ্চলৰ এখন উল্লেখযোগ্য ৰাজ্য হ’ল অসম। নদ-নদী, পাহাৰ-পৰ্বত, খনিজ সম্পদেৰে পৰিপূৰ্ণ এখন মনোমোহা প্ৰদেশ। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ ইমানেই ধুনীয়া কোনো এজন পৰ্যটকৰ বাবে গৱেষণাকেন্দ্ৰ অতি আকৰ্ষণীয় বিষয় হৈ পৰে। প্ৰাকৃতিক পৰিৱেশৰ উপৰি কৃষ্টি-সংস্কৃতি অতি মনোৰম। নানা জাতি-জনগোষ্ঠীৰ মিলনৰ ধাম অসম এখন পুণ্যভূমি। সাহিত্য-সংস্কৃতিত চহকী ভঁৰালেৰে প্ৰতিজন অসমীয়াক এক সুকীয়া কৰি তোলে। জাতীয় সংস্কৃতি বিহুকে আদি কৰি চ’মাংকান, আলি-আই-লৃগাং, বিচুৱা, বৈশাখী আদি বিভিন্ন জনজাতীয় লোকে নিজৰ স্বকীয়তা ৰক্ষা কৰাৰ উপৰি বৃহৎ অসমীয়া জাতি-ভাষা সংৰক্ষণৰ বিশেষ অৰিহণা যোগাইছে। অসম এখন বৈচিত্ৰ্যৰ মাজত ঐক্যৰে এক সুকীয়া ৰাজ্য।

মূল বিষয়ঃ

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছৰপৰা অসমখন ইংৰাজৰ হাতলৈ যায়। সেই সময়ৰ অসমখন বৃহৎ অসম আছিল। বৰ্তমান অৰুণাচল, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা সকলো অসমৰে অংশ আছিল। কিন্তু অসমৰ ৰাজনৈতিক বাতাৱৰণ ইমান দুৰ্বল যে অসমে নিজক বচাবলৈ এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈ পৰিছে। ফলত এটি এটিকৈ নিজ অংশবোৰ হেৰুৱাবলগীয়া হৈছে। এনে ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰি থাকিলে অনতিপলমে অসমে অন্য দুখন অংশ কাৰ্বি আংলং ডিমা হাছাও আৰু বড়োলেণ্ড অংশটি হেৰুৱাবলৈ বাধ্য হ’ব। গতিকে অসমত এজন সুদক্ষ সৃষ্টিশীল জাতীয় নায়ক প্ৰয়োজন হৈ পৰিছে।

এই প্ৰেক্ষাপটত মই এগৰাকী জাতীয় নায়কৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ উদ্যত হৈ পৰিছো। সৰুৰেপৰা সমাজৰ কাম-কাজ কৰি ভালপোৱা আৰু বিভিন্ন NGO, আত্মসহায়ক গোটসমূহৰ লগত কাম কৰি ভাল পাইছিলো। সমাজৰ অতি নিম্ন লোকসকলৰ লগত বন্ধুত্ব কৰি বা কথা পাতি ভাল পাইছিলো। ইতিমধ্যে সাধাৰণ লোকসকলৰ লগত ভাব বিনিময় কৰি তেওঁলোকৰ মনৰ কথাবোৰ বুজি উঠিছো।

গতিকে মোৰ আত্মবিশ্বাস হৈ উঠিছে যে মই এগৰাকী অসমৰ জাতীয় নায়কৰ বাবে উপযুক্ত ব্যক্তি।

জাতীয় নায়ক হিচাপে ল’বলগীয়া পদক্ষেপ ঃ জাতীয় নায়ক হোৱাৰ পাছত মোৰ বিভিন্ন পদক্ষেপৰ ভিতৰত প্ৰথম দহ প্ৰকাৰৰ পদক্ষেপ ল’বলৈ প্ৰস্তুত হ’ম।

১) দুৰ্নীতিমুক্ত অসম, ২) আন্তৰ্জাতিক সীমা, ৩) ব্ৰহ্মপুত্ৰৰ নদীখনন, ৪) নাগৰিক আইন সংশোধনী বিধেয়ক বাতিল, ৫) অসমৰ বাবে বৰণীয় সংস্কৃতি সংৰক্ষণ, ৬) প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু সুব্যৱহাৰ, ৭) মহিলাৰ আত্মৰক্ষাৰ বাবে বিশেষ কলা-কৌশলীৰে প্ৰশিক্ষণ, ৮) শিক্ষিত যুৱকক ব্যৱসায়ৰ প্ৰতি আগ্ৰহ জন্মোৱা, ৯) পৰিৱেশ প্ৰদূষণ নিবাৰণৰ বিভিন্ন পদক্ষেপ, ১০) নাগৰিকসকলৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰা।

প্ৰথম কথা হ’ল এগৰাকী শিক্ষিত সুনাগৰিক হিচাপেও অসমখনক ধ্বংসৰ পথৰপৰা ঘূৰাই অনা মোৰ জাতীয় স্বাৰ্থ আৰু প্ৰকৃত কৰ্তব্য। গতিকে অসমৰ জাতীয় নায়ক হিচাপে মোৰ প্ৰথম পদক্ষেপ হ’ব দুৰ্নীতিমুক্ত অসম গঢ়া। গ্ৰাম্য অঞ্চলৰপৰা চহৰলৈ এই দীঘলীয়া যাত্ৰাতেই সংঘটিত হয় দুৰ্নীতি নামৰ কলংক চিৰবৈৰী সমাজ উন্নতি দুষ্কাৰ্য।

অসমৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰপৰা দুৰ্নীতি আঁতৰাব লাগিব। প্ৰতিজন কৰ্মচাৰীক দুৰ্নীতি নকৰিবলৈ সুব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দুৰ্নীতিমুক্ত কৰিব নোৱাৰিলে দেশ এখন কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে মোৰ প্ৰথম পদক্ষেপ হ’ব দুৰ্নীতিমুক্ত অসম গঢ়ি তোলা।

দ্বিতীয়তে, আন্তৰ্জাতিক সীমাত আধুনিকৃত বেৰ দিয়া। সেই কাম বহুত আগতে নকৰাৰ বাবে আজি নৱপ্ৰজন্মই অসংযত প্ৰতিবাদ কৰিবলৈও বাধ্য হৈ পৰিছে, গতিকে জাতীয় নায়ক হিচাপে মোৰ দ্বিতীয় পদক্ষেপ হ’ব অসমৰ আন্তৰ্জাতিক সীমা বন্ধা।

তৃতীয়তে, ব্ৰহ্মপুত্ৰ খননকাৰ্য অতি জৰুৰী বুলি ভাবো। ইয়াক খনন কৰিলে অসম ৰাইজে বানপানীৰপৰা ৰক্ষা পাব।

চতুৰ্থতে, নাগৰিকৰ আইন সংশোধনী বিধেয়ক। ই যে এক জটিল প্ৰশ্ন, গোটেই অসমবাসীৰ নহয় ভাৰতৰে সমস্যা। কিন্তু কথা হ’ল এই আইন প্ৰণয়ন কৰাৰ লগে লগে ভাৰতৰ বিভিন্ন ৰাজ্যয়ে অসুবিধাৰ সৃষ্টি নহ’ব। কিন্তু অসমৰ বা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে বৰ আৱেগিক সেয়া সকলোৱে জানে। গতিকে অসমলৈ সেই নাগৰিকসকলৰ বহন দায়িত্ব ৰাজনৈতিকভাৱে জাপি দিব। আমাৰ দেশ বেচা বদনসকলে নিজৰ স্বাৰ্থৰ সম্বলিত কাৰ্যৰ বাহিৰে কৰিবলৈ হাতত সময় নাথাকে। সেয়েহে এই বিধেয়কখনক সম্পূৰ্ণ বিৰোধিতাৰে মোৰ স্থিতি ৰক্ষা কৰিম। সম্পূৰ্ণ অৰ্থত মই অসমৰ জাতীয় নায়ক হ’ব বিচাৰো।

এইদৰে মোৰ প্ৰথম দহটা পদক্ষেপ সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিম। এই দহটা পদক্ষেপ অতি শীঘ্ৰে কাৰ্যক্ষেত্ৰত সম্পাদন কৰিব লাগিব।

মোৰ প্ৰথম পদক্ষেপ হ’ল— দুৰ্নীতিমুক্ত কৰা। অসমখন সম্পূৰ্ণ দুৰ্নীতিমুক্ত হ’লে ইয়াত থকা সকলো জাতি-ধৰ্ম, ভাষা-ভাষী, দুখীয়া-নিছলা সকলোৱে সমভাৱে চলিব পাৰিব। দুৰ্নীতিমুক্ত হোৱাৰ লগে লগে বাকী থকা সকলোবোৰ পদক্ষেপ তেনেই সহজ হৈ যাব।

সামৰণিঃ এইদৰে মই মোৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ পৰিছো। এখন সোণৰ অসমৰ বাহিৰে মোৰ সপোন বাস্তৱ একো থাকিব নোৱাৰে।

সেয়েহে ইয়াৰ জৰিয়তে মোৰ দেশৰ প্ৰতিগৰাকী আই, পিতা, বন্ধু-বান্ধৱ আৰু মোৰ অনুজসকলক দেশৰ প্ৰতি অনুৰাগ থাকিবলৈ কাতৰ আহ্বান। আপোনালোকৰ সহায়-সহযোগিতায়ে মোৰ সফল আৰু মোৰ সফল মানে আপোনালোকৰ জয়।

আহক আমি আকৌ গঢ়ো আমাৰ লুইতপৰীয়া “সুন্দৰ পুণ্য ধাম” অসমী আইক নিজ হাতেৰ শুদ্ধ মনেৰে সুখৰ প্ৰতিমা গঢ়ো।

জয় আই অসম।

[ মহাবাহু আৰু মাল্টিকালশ্বাৰেল এডুকেশ্বনেল ডেভেলপমেন্ট ট্ৰাষ্ট‘ৰ সৌজন্যত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ প্ৰাপ্ত ৰচনা]

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: অসমৰ জাতীয় নায়ক
Admin

Admin

Related Posts

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া
Special Report

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

by Admin
March 29, 2023
0

চিয়াং নৈ গৌতম শৰ্মা গৌতম শৰ্মা “চিয়াঙৰে গালং লোহিতৰে খামটি আৰু টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে….      সুধাকন্ঠ ড°...

Read more
Durga: As the Goddess of the East

Durga: As the Goddess of the East

March 29, 2023
Things to Learn in Navratri

Things to Learn in Navratri

March 28, 2023
India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 28, 2023
Things to do when offering an apology

Things to do when offering an apology

March 28, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 28, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

গামোচা বিতৰ্ক আৰু অসমীয়া বঙালীৰ সমন্বয়

March 29, 2023
In The Echoes Of February

In The Echoes Of February

March 29, 2023
UKRAINE: 5th report on the Media during the War

The Views of the News: The Role of Media in a Changing Landscape

March 29, 2023
চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

চিয়াং নৈৰ পাৰৰ নষ্টাল’জিয়া

March 29, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: