• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন (৪)

জাতীয় নায়ক

by Anjan Sarma
February 16, 2022
in Opinion, Special Report
Reading Time: 2 mins read
0
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)
Share on FacebookShare on TwitterShare on LinkedIn

–মহঃ জয়নুৰ আলী

জাতীয় নায়ক

পিৱন্তি নদ্যঃ স্বয়মেৱ নাম্ভঃ স্বয়ং

ন খাদন্তি ফলানি বৃক্ষাঃ।

ধাৰা ধাৰো বৰ্ষতি নাত্মহেতোঃ

পৰোপকাৰায় সতং বিভূতয়ঃ।।

অৰ্থাৎ নদীয়ে বহন কৰা জল নিজে পান নকৰে, বৃক্ষয়ো গছৰ ফল নাখায়, মেঘে বৰিষণ কৰা জল নিজৰ বাবে নকৰে, একেদৰেই আনৰ উপকাৰ কৰাটোৱেই সৎ লোকৰ বিভূতি বা অলংকাৰস্বৰূপ।

মহা মহা মানৱৰ, মহা মহা বীৰ-বীৰাংগনাৰ মৃত্যুঞ্জয়ী কীৰ্তি-কাহিনীৰে গৌৰৱৰঞ্জিত ভাৰতৰ দুশ বছৰীয়া পৰাধীনতাৰ গ্লানি দূৰ কৰিবলৈ, শৃংখলিত দেশমাতৃকাৰ কালিমাৰ জিঞ্জিৰি ছিন্ন কৰি, সাম্ৰাজ্যবাদৰ কলংকিত অধ্যায়ৰ মূলোচ্ছেদ কৰিবলৈ, যিসকল জাতীয় নায়কৰ দুৰ্দম শক্তিৰে প্ৰসাৰিত বদ্ধ মুষ্টিৰে দুৰ্ধৰ্ষ সংগ্ৰামত অৱতীৰ্ণ হৈছিল, সেইসকল মহান বীৰ-বীৰাংগনাৰ জীৱনৰ বৈচিত্ৰ্যময় কাহিনীৰ আজিও অন্ত পৰা নাই। বিপ্লৱৰ এটি উদ্দীপ্ত স্ফুলিংগ, দুঃসাহসিক প্ৰেৰণাৰ জীৱন্ত উৎস, দুৰ্দমনীয় স্বাধীনতা প্ৰয়াসী অগ্নি স্নানকাৰী, দুৰ্নিবাৰ সাহসৰ জ্বলন্ত প্ৰতিমূৰ্তিস্বৰূপ সেইসকল মহান জাতীয় নায়কৰ নাম ইতিহাসত খোদিত হৈ আছে কেঁচা তেজেৰে ৰঞ্জিত হৈ।

ত্যাগ, আদৰ্শ, দেশপ্ৰেম এই শব্দবোৰ ক’বলৈ অতি সহজ। কিন্তু প্ৰকৃতাৰ্থত ইয়াৰ তাৎপৰ্য অনুধাৱন কৰি বাস্তৱ ক্ষেত্ৰত ইয়াক পালন কৰাটো অতি কঠিন আৰু ইয়াক পালন কৰাৰ ক্ষমতা সকলোৰে নাথাকে, যাৰ আদৰ্শ জাতিৰ পিতা মহাত্মা গান্ধী যি অহিংস আন্দোলনত বিশ্বাসী আৰু যাক দেশৰ প্ৰতি ত্যাগৰ তাড়নাই প্ৰতি মুহূৰ্ততে আৱৰি ৰাখে তেৱেঁই হৈছে “জাতীয় নায়ক”।

“জননী জন্মভূমিশ্চ স্বৰ্গদপী গৰীয়সী” জন্মদাত্ৰী মাতৃ আৰু নিজৰ জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠ। শান্তিৰে বসবাস কৰা এই হোজা চহা সহজ- সৰল খিলঞ্জীয়া অসমীয়া জাতিটোক কোনে বিদ্ৰোহী কৰি তুলিলে? পাষাণ প্ৰতিমাসদৃশ জাতিটো ক্ষোভত ফাটি-ফুটি কিয় ছিৰাছিৰ হৈ গ’ল? ইতিহাসৰ পাত লুটিয়াই চালে আমাৰ ৰাজ্যখনৰ প্ৰতি বিদেশীৰ যি লোভ, সোণৰ অসমত সোণ বুটলিবলৈ শোষণৰ যি জাল সেই কথা স্পষ্ট হৈ পৰে। মানৰ আক্ৰমণ, মোগলৰ সোতৰ বাৰ আক্ৰমণ, ইংৰাজৰ অপশাসনত দেশ ৰাজ্য জুৰুলা হ’ল। সম্পদৰ লোভত ব্যৱসায় সূত্ৰে, চাকৰি সূত্ৰে, বিদেশ ভ্ৰমণৰ নামত ৰাজ্যখন বিদেশীৰ চৰণীয়া পথাৰ হ’ল। নিজ ৰাজ্যৰ সম্পদসমূহ তেল, চাহপাত, বনজ কাঠ বিদেশীলৈ ৰপ্তানি হ’ল। বিদেশতকৈ আমাৰ ৰাজ্যত এই সম্পদসমূহৰ মূল্য দুগুণ হ’ল। নিজৰ প্ৰাপ্যখিনি পাবলৈ ৰাজ্যখনৰ সম্পদসমূহ ৰক্ষা কৰিবলৈ খিলঞ্জীয়া অসমীয়াই ক্ষোভত বাছি ল’বলগীয়া হ’ল আন্দোলন, সংগ্ৰাম, বিদ্ৰোহ, প্ৰতিবাদ আৰু বিস্ফোৰণৰ পথ। জনবিস্ফোৰণ ঘটিল। ভাষা- আন্দোলন, মাধ্যম আন্দোলন, তেল শোধনাগাৰ আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন ইত্যাদি। মোগলৰ আক্ৰমণ ৰুধিবলৈ আহোম সেনাপতি লাচিত বৰফুকনে নিজৰ মোমায়েকক কাটি ৰাতিটোৰ ভিতৰতে গড় সাজি শৰাইঘাটৰ ৰণত মোগলক খেদি পঠিয়াইছিল। নৰকাসুৰে ৰাতিটোৰ ভিতৰতে কামাখ্যাৰ খটখটি সাজি উলিয়াইছিল। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত কনকলতা, মূলা গাভৰু, মণিৰাম দেৱান, পিয়লি ফুকন আদি অনেকজন শ্বহীদ হ’ল।  গুলীয়াই হত্যা কৰা হ’ল, কাৰোবাক ফাঁচি দিলে ইংৰাজ চৰকাৰে। ভাষা আন্দোলনত ৰঞ্জিত বৰপূজাৰী, অনিল বৰা, মোজাম্মিল হক শ্বহীদ হ’ল। বিদেশী বহিষ্কাৰ আন্দোলনত খৰ্গেশ্বৰ তালুকদাৰকে ধৰি ৮৫৫ জন আন্দোলনকাৰী শ্বহীদ হ’ল। অফিচ-আদালতত ইংৰাজে অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষা সুমুৱালে। চৰকাৰী চাকৰি পদৱীত উচ্চ-নীচৰ কথা আহিল। ব্ৰিটিছ চৰকাৰে অসমীয়া মানুহক তুচ্ছ-তাচ্ছিল্য কৰি “চোটো জাতৰ আদমী” বুলি উপহাস কৰিলে। শ্ৰেণীবিভাজন হ’ল। বিদেশী শক্তি বহুজাতিক গোষ্ঠীৰ কৱলত ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি প্ৰবল ভাবুকি আহিল। ব্ৰিটিছৰ দিনত শাসনৰ নামত শোষণ, উৎপীড়ন, অত্যাচাৰ, প্ৰৱঞ্চনা, হত্যা চলিল। নিজ দেশ, নিজ ৰাজ্যতে এচাম আকৌ ঘৰশত্ৰু বিভীষণ বদনৰূপী দানৱৰ দপদপনি। বিদেশীৰ পদলেহনকাৰী দেশদ্ৰোহী, জাতিদ্ৰোহী নৰাধামৰ কুচক্ৰান্ত। এনেবোৰ কাৰণতে সহজ-সৰল, হোজা-চহা অসমীয়া জাতিটো এটা সময়ত বিদ্ৰোহী হৈ উঠিল। ক্ষোভৰ অগনি জ্বলিল, জন বিস্ফোৰণ ঘটিল, তাতেই জন্ম হ’ল দেশপ্ৰেমৰ আন্দোলন।

স্বাধীনতা লাভৰ পাছত আমাৰ অসমৰ জনগণে সপোন দেখিছিল মধুৰ সপোন; নতুন সমাজৰ; নতুন দিগন্তৰ; য’ত অভাৱ নামৰ দৈত্যটোৰ তাণ্ডৱ নৃত্য নাথাকিব; শোষণ, অন্যায়-অনাচাৰ, চোৰাং ব্যৱসায়, অস্পৃশ্যতা নামৰ ৰক্তবীজৰ বংশধৰবোৰ এটা-এটাকৈ স্বাধীনতা অনলত ভস্মীভূত হৈ যাব; য’ত ক’লা বজাৰীসকল লাইট পোষ্টত ওলমি ওলমি ঘোষণা কৰিব— “দেশত ন্যায়ৰ প্ৰতিষ্ঠা হ’ল, দেশ ৰাম ৰাজ্য হ’ল”। কিন্তু মানুহৰ সপোন সপোন হৈয়ে ৰ’ল। ইয়াত কোটিপতি অৰ্বুদপতি হ’ল, ক’লা-বজাৰী, চোৰাং কাৰবাৰী ৰাজসিংহাসনত বহিল। পেটে-ভাতে খাই থকাবোৰ দৰিদ্ৰ হ’ল, দৰিদ্ৰবোৰ ভিক্ষাৰী হ’ল। কিন্তু শিক্ষিত, অৰ্ধশিক্ষিত যুৱকবোৰ? তেওঁলোকে এটাও হ’ব নোৱাৰি নিবনুৱা নাম লৈ ত্ৰিশংকুৰ দৰে সমাজৰ মাজত ওলমি জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেওঁলোকৰ বুকুত নিহিত থকা সৃজনশীল যি অফুৰন্ত কৰ্মশক্তি সৃষ্টিৰ নৱ নৱ প্ৰেৰণাত, উচ্ছল-উচ্ছ্বাসত দলদোপ-হেন্দোলদোপকৈ উঠিব লাগিছিল, সি আজি অপচয় আৰু অৱক্ষয়ৰ শোচনীয় পৰিণামত ক্লান্ত, অৱসন্ন আৰু দিকভ্ৰান্ত হৈ পৰিছে।

স্বাধীনতাৰ পাছত দেশৰ উন্নয়ন দ্ৰুততৰ কৰিবৰ কাৰণে উদ্যোগ গঢ়ি উঠাৰ প্ৰয়োজন হ’ল। উদ্যোগ গঢ়ি উঠিল; কিন্তু তাৰ গৰাকীসকল কোন? অধিকভাগেই ধনিক শ্ৰেণী। গতিকে সমাজবাদ প্ৰতিষ্ঠাৰ ঠাইত গঢ়ি উঠিল ধনতন্ত্ৰবাদ। ধনিক শ্ৰেণীয়ে উদ্যোগৰ নামত দেশত হাজাৰ হাজাৰ কল-কাৰখানা বহুৱালে। বৃহৎ শিল্প গঢ়ি উঠাত কুটীৰ শিল্পবোৰ মৰিল। তাৰ ফলত হাজাৰ হাজাৰ লোক কৰ্মহীন হৈ পৰিল। সেইদৰে দেশৰ বৃহৎ পৰিমাণৰ মাটি নানা পথেৰে ধনিক শ্ৰেণী, জমিদাৰ শ্ৰেণী আৰু অসংখ্য মাটিগিৰিৰ হস্তগত হোৱাত অসংখ্য কৃষক ভূমিহীন হৈ পৰিছে। তাৰ ফলতো নিবনুৱাৰ সৃষ্টি হৈছে। অসমত জনসংখ্যা অতি দ্ৰুতভাৱে (অসমত প্ৰতি বছৰে ১০ লাখতকৈ অধিক জনসংখ্যা বাঢ়িব লাগিছে) বাঢ়ি যোৱাত নিবনুৱাৰ সংখ্যাও প্ৰতি বছৰে লাখৰ হিচাপত বাঢ়ি গৈছে। এটা সমীক্ষা অনুসৰি অসমত বৰ্তমান ১৫ লাখতকৈ অধিক শিক্ষিত নিবনুৱা আছে।

নিবনুৱা সমস্যা সৃষ্টিৰ ক্ষেত্ৰত অসমৰ শিক্ষানীতিও বহু পৰিমাণে দায়ী। আমাৰ দেশে স্বাধীনতাৰ ৭০ বছৰৰ পাছতো সুদৃঢ় জাতীয় শিক্ষা-নীতি গ্ৰহণ কৰিব পৰা নাই। বৰ্তমানৰ শিক্ষা ব্যৱস্থাই আমোলা গঢ়িছে সঁচা, কিন্তু কৰ্মী, কৃষক গঢ়িব পৰা নাই। কিন্তু এখন দেশত সকলো শিক্ষিত যুৱক-যুৱতীকে চাকৰিত নিযুক্তি দিয়াটো সম্ভৱনে? কেতিয়াও নহয়। তেনেস্থলত প্ৰতি বছৰে স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰপৰা বাহিৰ হোৱা লাখ লাখ শিক্ষিত লোক নিবনুৱা নহৈ কি হ’ব? তেনেহ’লে শিক্ষিত আৰু অশিক্ষিত এই লাখ লাখ নিবনুৱাৰ কৰ্মসংস্থাপন কিৰূপে কৰা যায়? এই ভয়াৱহ পৰিস্থিতিয়ে আমাৰ গণতন্ত্ৰ কঁপাই তুলিছে।

কৰ্মহীন জীৱনৰ মানসিক প্ৰতিক্ৰিয়া অতি ভয়াৱহ। কৰ্মহীন ব্যক্তিৰ সৃজনী প্ৰতিভা, উৎপাদন নৈপুণ্য প্ৰকাশৰ সুবিধাৰ অভাৱত যে অকল মৰহিয়েই যায়, এনে নহয়, ই মানুহক জীৱন, সমাজ আৰু ৰাষ্ট্ৰ সম্বন্ধেও হতাশ কৰি তোলে। তাৰ ফলত মানুহ বিদ্ৰোহী হৈ উঠে। বৰ্তমান অসমত সঘনে ঘটি থকা নানা ধৰ্মঘট, ঘেৰাও, ধৰ্ণা, গণবিক্ষোভ আদি এই নৈৰাশ্যবোধৰে জ্বলন্ত প্ৰতিচ্ছবি। এই নৈৰাশ্যবোধেই বহুতো লোকক সমাজ বিৰোধী, সন্ত্ৰাসমূলক, ধ্বংসমূলক কাৰ্যত প্ৰবৃত্ত কৰায়।

গতিকে এই ভয়াৱহ নিবনুৱা সমস্যাৰপৰা যাতে অসমত বিদ্ৰোহ, অন্তৰ্বিপ্লৱ, ধ্বংসাত্মক কাৰ্যকলাপ আদিৰ উদ্ভৱ হ’ব নোৱাৰে, তাৰ কাৰণে সমস্যাৰ সমাধানৰ ক্ষেত্ৰত গভীৰ চিন্তা-চৰ্চা আৰু সাংগঠনিক দৃষ্টিভংগীৰে আগবাঢ়িব লগা হৈছে। এইক্ষেত্ৰত তলৰ পৰামৰ্শসমূহ আগবঢ়াব পাৰিঃ

১। ভূমিনীতি সংশোধন কৰি পুঁজিপতি, জমিদাৰ, মাটিগিৰিৰ কৱলত চোৰাংভাৱে থকা লাখ লাখ হেক্টৰ মাটি ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰি গাঁও অঞ্চলৰ নিবনুৱাসকলক সংস্থাপন কৰিব লাগে।

২। গুৰু শিল্পৰ প্ৰতিযোগিতাত কুটীৰ শিল্পসমূহ ধ্বংস হৈ যাবলৈ এৰি নিদি চৰকাৰী প্ৰচেষ্টাৰে পুনৰ্জীৱিত কৰি উন্নয়নৰ ব্যৱস্থা কৰিব লাগে। কুটীৰ শিল্পই হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থাপন ঘটাইছিল; উন্নয়নৰ যোগে অধিকসংখ্যকক সংস্থান দিব পৰা যাব।

৩। অসমৰ বুকুত অজস্ৰ শিল্প সম্ভাৰ, খনিজ, বনজ, পশুজাত সম্পদ আকাৰে আছে। নদীৰ বুকুতো মাছ-কাছ আদি আৰু বিদ্যুৎ সম্পদ আছে। এইবোৰ আহৰণৰ দ্ৰুত ব্যৱস্থা হাতত লৈ বিভিন্ন শিল্পোদ্যোগ গঢ়ি তুলিব লাগে। ক্ষিপ্ৰ শিল্পায়নে অজস্ৰ লোকক কৰ্মসংস্থান দিব।

৪। অসমৰ উদ্যোগবোৰ ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে সম্প্ৰসাৰণৰ ব্যৱস্থা কৰি অধিক লোক নিয়োগৰ সুবিধা সৃষ্টি কৰিব লাগে।

৫। কৰ্মমুখী শিক্ষানীতি গ্ৰহণ কৰি উৎপাদন কৰ্মৰ প্ৰতি শিক্ষিত ন-পুৰুষসকলক আগ্ৰহান্বিত কৰি স্ব-নিয়োজনক্ষম কৰাৰ ব্যৱস্থা কৰিব লাগে। কৃষি, শিল্প, বাণিজ্য আদি সকলো উৎপাদনশীল কৰ্মতে যাতে শিক্ষিত লোকসকল নিয়োজিত হয় তেনে নীতি গ্ৰহণ কৰা উচিত।

৬। প্ৰতি বছৰে  যাতে লাখ লাখ নিবনুৱাৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ কাৰণে পৰিয়াল পৰিকল্পনাৰ যোগেদি জন্ম নিয়ন্ত্ৰণৰদ্বাৰা ক্ৰমবৰ্ধমান জনসংখ্যা বৃদ্ধি হ্ৰাস কৰিব লাগে।

এনেদৰে পৰিকল্পিতভাৱে কাৰ্যপন্থা হাতত ল’লেহে সমৃদ্ধিময় অসম গঢ়ি তোলাৰ স্বপ্ন দিঠকত পৰিণত হ’ব।

প্ৰকৃতিয়ে বনজ, প্ৰাণীজ, খনিজ, অজস্ৰ সম্পদেৰে অসমীয়া আইক কেঁচা সোণ, বগা সোণ, ক’লা সোণৰ অক্ষয় ভাণ্ডাৰ কৰি স্ৰজন কৰিছে। কিন্তু আমি দুখীয়া অসমীয়া জাতিয়ে এই অক্ষয় ভাণ্ডাৰৰ অক্ষয়-অব্যয় সোণবোৰ আহৰণ কৰি অসমীক বৈভৱশালী কৰি তুলিব পৰা নাই। প্ৰকৃতিয়ে অযাচিতে আগবঢ়াই দিয়া অমূল্য অৱদানখিনি আহৰণ কৰি আমি জাতীয় জীৱন সমৃদ্ধ কৰিব নোৱৰাটো কাপুৰুষালিৰ বাহিৰে কি হ’ব পাৰে? আনকি বিশেষজ্ঞসকলে এই মতো পোষণ কৰে যে সমগ্ৰ অসমৰে গৰ্ভত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদৰ এক অক্ষয় ভাণ্ডাৰ অনাৱিষ্কৃত অৱস্থাত আছে, যাৰ উদঘাটন সম্ভৱ হ’লে আমাৰ অসমৰ “সোণৰ অসম” নাম কল্পনাৰ শীৰ্ষ বিন্দুৰপৰা নামি আহি বাস্তৱৰ আকাশলংঘী গৰিমাৰে মহিমামণ্ডিত হ’ব।

বনজাত সম্পদত অসম অতুলনীয়। প্ৰকৃতিয়ে অতুল বৈভৱেৰে ঐশ্বৰ্যশালী কৰি অসমক স্ৰজন কৰিছে। অসমৰ প্ৰতিটো সেউজীয়া বিন্দুৱেই একোটা অমূল্য সম্পদৰ ভাণ্ডাৰ। অসমৰ পৰ্বতে-পাহাৰে, পাহাৰৰ নামনিত, ভৈয়ামৰ বিভিন্ন প্ৰান্তত শত-সহস্ৰ মূল্যৱান কাঠ আছে। শাল, সোণাৰু, কৰৈ, গন্ধসৰৈ, বনচোম, শ্যাম, চেগুন, অগৰু, চন্দন, তিতাচঁপা, হালধি, চম্পা, শিমলু, পমা আদি অলেখ অপাৰ কাঠৰ অৰণ্য অসমৰ বুকুত বিৰাজমান। ঘৰ সজাৰ বিভিন্ন সঁজুলি আৰু নানা তৰহৰ আচবাব-পত্ৰৰ বাবে এইবোৰ অমূল্য সম্পদ; ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হয়; ৰে’লৰ শ্লিপাৰ আদি অসমৰ কাঠৰপৰা তৈয়াৰ হয়। অগৰু, চন্দন আদি কাঠৰপৰা সুগন্ধি আতৰ, ধূপকাঠী আদি তৈয়াৰ হয়। শিমলু কাঠ জুইশলা শিল্পত প্ৰচুৰ পৰিমাণে ব্যৱহৃত হয়। শিমলু কাঠক জুইশলা শিল্পৰ প্ৰাণ বুলি ক’লেও বঢ়াই কোৱা নহয়। শ্যাম কাঠৰ নাও উৎকৃষ্ট।

অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ আৰু বেত পোৱা যায়। বাঁহ-বেতৰ চাহিদা ৰাজ্যখনৰ ভিতৰত যিদৰে প্ৰভূত, সেইদৰে ৰাজ্যৰ বাহিৰতো প্ৰভূত। কাগজ উৎপাদনৰ কাৰণে কাঠ আৰু বাঁহ দুয়োটাই অতীৱ প্ৰয়োজনীয়। অসমৰ কাঠ, বাঁহ আদিৰ উৎপাদনলৈ চাই অসমত কেইবাটাও কাগজ কল স্থাপনৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি। অসম আৰু বিহাৰৰ দ্বাৰভাংগাৰ যুটীয়া প্ৰচেষ্টাত গোৱালপাৰা জিলাৰ যোগীঘোপাত “অশোক পেপাৰ মিল” নামৰ এটা মাত্ৰ কাগজৰ কল প্ৰতিষ্ঠা কৰা হৈছিল। নগাঁও জিলাৰ জাগীৰোড আৰু কাছাৰত আন দুটা কাগজৰ কল প্ৰতিষ্ঠা কৰা হৈছিল। অদূৰ ভৱিষ্যতে আৰু কেইবাটাও কাগজৰ কল স্থাপিত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি সমগ্ৰ ভাৰতব্যাপী বাঁহ-বেত শিল্প গঢ়ি উঠিছে অসমৰ উৎপাদনৰ গইনা লৈয়েই।

অসমৰ আন এবিধ অতি মূল্যৱান সম্পদ হৈছে লা। ই অৱশ্যে উদ্ভিদ আৰু প্ৰাণী উভয়ৰ মিশ্ৰিত প্ৰক্ৰিয়াৰদ্বাৰা উদ্ভূত। এবিধ গছত বৰ্ধিত কীটৰ আঠাৰপৰা লা হয়। ইয়াৰপৰাও অসমৰ যথেষ্ট আয় হয়। এই লা শোধন কৰাৰ ব্যৱস্থা বৰ্তমান অসমত নাই বাবে প্ৰায়বোৰ অশোধিত লা বাহিৰলৈ পঠোৱা হয়। চাপৰমুখত থকা একমাত্ৰ কাৰখানাটোও লা যোগানৰ অসুবিধাৰ অজুহাতত বাহিৰলৈ স্থানান্তৰিত কৰা হ’ল। অথচ প্ৰচুৰ পৰিমাণৰ অশোধিত লা প্ৰতি বছৰে অসমৰ বাহিৰলৈ যাব লাগিছে।

খনিজ পদাৰ্থ অসমৰ আটাইতকৈ মূল্যৱান সম্পদ। এই সম্পদতো অসম অতিশয় চহকী। ভাৰতত খনিজ সম্পদৰ ইতিহাসত অসমৰ কেৰাচিন আৰু পেট্ৰ’লৰ কাহিনী সৰ্বপ্ৰথমে সোণালী আখৰেৰে লিখা ৰ’ব চিৰদিন। এনে এটা সময় আছিল, যি সময়ত কেৱল ডিগবৈৰ কেৰাচিন তেলেৰেই ভাৰত পোহৰাব লগা হৈছিল। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্ৰীজান, গেলেকী আৰু ৰুদ্ৰসাগৰত প্ৰচুৰ পৰিমাণৰ কেৰাচিন তেলৰ পুং আৱিষ্কৃত হৈছিল। বিশেষজ্ঞসকলৰ জৰীপ মতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে বিৰাট পৰিমাণৰ তেলৰ সাগৰ থকা বুলি জনা গৈছে। অসমৰ তেল শোধন কৰিবৰ কাৰণে ডিগবৈত থকা পূৰ্বৰ শোধনাগাৰৰ বাহিৰেও গুৱাহাটীৰ নুনমাটিত শোধনাগাৰ স্থাপিত হৈছিল; বঙাইগাঁও জিলাতো পেট্ৰোকেমিকেল কমপ্লেক্স স্থাপিত হৈছিল। তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ বাবে দুলীয়াজানত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কেন্দ্ৰ প্ৰতিষ্ঠিত হৈছিল। অতিৰিক্ত খাৰুৱা তেলবোৰ বৰ্তমান বাৰাউনী আৰু হলদিয়ালৈ নি শোধন কৰা হৈছে। অসমৰপৰা আহৰণ কৰা এই সম্পদ অসমতে আৰু অধিক শক্তিসম্পন্ন শোধনাগাৰ প্ৰতিষ্ঠা কৰি শোধন কৰাৰ ব্যৱস্থা কৰা হ’লে এফালেদি অসমৰ অজস্ৰ নিবনুৱাৰ কৰ্মসংস্থান হ’লহেঁতেন আৰু আনফালেদি তাৰপৰা হোৱা আয় অসমৰ উন্নয়নত প্ৰয়োগ কৰিব পৰা গ’লহেঁতেন। অসমৰ যাতায়াত ব্যৱস্থা উন্নততৰ নোহোৱাৰ অজুহাত দেখুৱাই কেন্দ্ৰীয় চৰকাৰে অসমতে এই অতিৰিক্ত খাৰুৱা তেলৰ বাবে নতুন শোধনাগাৰ প্ৰতিষ্ঠা নকৰি অসমক সদায় প্ৰৱঞ্চনা কৰি অহাটো অতি পৰিতাপৰ কথা।

কয়লা অসমৰ দ্বিতীয় শ্ৰেষ্ঠ খনিজ সম্পদ। লিডু, মাৰ্ঘেৰিটা, বৰগোলাই, টিপং, মাকুম অঞ্চলত ইয়াৰ খনি আছে। কয়লাৰপৰা কুৎসিত আলকাতাৰৰপৰা আৰম্ভ কৰি নানাবিধ সুগন্ধি মচলা, ৰং আৰু চেকাৰিন তৈয়াৰ হয়।

ইয়াৰ বাহিৰেও অসমৰ বিস্তীৰ্ণ অঞ্চল জুৰি প্ৰচুৰ পৰিমাণে চূণশিল আৰু বালিচন্দা পোৱা যায়। কামৰূপ আৰু গোৱালপাৰা জিলাৰ সীমান্তৰ এক বিস্তীৰ্ণ অঞ্চলত ‘ফুলাৰ্চ আৰ্থ’ সঞ্চিত হৈ আছে। ৰহা অঞ্চলৰ শ্ৰীটিকেন্দ্ৰ সিংহ ৰজা নামৰ এজন লোকে ইয়াৰ খনি উদঘাটন কৰি আহৰণৰ ব্যৱস্থা হাতত লৈছিল; কিন্তু মূলধনৰ অভাৱত কাৰখানা স্থাপন কৰিব নোৱৰাত এই বহুমূলীয়া সম্পদবিধ কামত প্ৰয়োগ কৰিব পৰা হোৱা নাই।

গোৱালপাৰাৰ কোনো পাহাৰৰ শিৰাত সোণৰ সন্ধানো পোৱা গৈছিল; কিন্তু তাক আহৰণ কৰাৰ ফলত প্ৰকৃততে কিমান পৰিমাণৰ সোণ উৎপাদন হ’ব পাৰে তাৰ জৰীপ কৰা ব্যৱস্থা হৈছে নে নাই জনা নাযায়। সোৱণশিৰি নৈৰ বালিত সোণৰ চেকুৰা পোৱা যায়। পুৰণিকালত সোণোৱালসকলে যথেষ্ট পৰিমাণৰ সোণ তাৰপৰা আহৰণ কৰিছিল। অথচ ইয়াৰ উৎস ক’ত আৰু ব্যৱসায়িক ভিত্তিত আহৰণ কৰিব পৰা যায় নে নাযায়, তাৰ গৱেষণা সম্ভৱতঃ আজিলৈকে হোৱা নাই। অসমীয়া মানুহে অসমৰ বুকুৰপৰাই লোহাও আহৰণ কৰিছিল। ক’ৰপৰা কেনেকৈ কৰা হৈছিল তাৰ সন্ধান উলিওৱাৰ চেষ্টা অসমীয়া জাতিয়ে কেতিয়াবা কৰিব নে নাই সেয়া মোৰ সন্দেহ।

কিন্তু দুখৰ বিষয় আমি অসমীয়াই আজি “সোৱণশিৰিৰ সোণ চেকুৰা বুটলিব কোনে?” বুলি গীতৰ ৰাগিণী তুলিয়েই ক্ষান্ত আছো। তাক বাস্তৱত ৰূপায়িত কৰাৰ সৎসাহস, সামৰ্থ্য আমি গোটাব পৰা নাই।

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই নতুন পুৰুষসকলৰ ওপৰত দৰিদ্ৰতাৰ অভিশাপ জাপি দিয়াৰ বাহিৰে একো কৰিব পৰা নাই। শিক্ষিত যুৱক-যুৱতীসকল, কৃষক, শ্ৰমিক, শিল্পী একো হ’ব নোৱাৰে। কাৰণ, সেইবোৰ বিষয়ৰ শিক্ষা তেওঁলোকৰ নাই। তেওঁলোকে শিক্ষা লাভ কৰিছে— সাহিত্য, বুৰঞ্জী, ভূগোল, অংক, অৰ্থনীতি, ৰাজনীতি, বিজ্ঞান বা বিজ্ঞানৰ কোনো একোটা শাখাত। এইবোৰৰ শিক্ষাই উপযুক্ত শিক্ষক গঢ়িব পাৰে; আমোলা গঢ়িব পাৰে; কিন্তু কাৰিকৰ গঢ়িব নোৱাৰে। কিন্তু বছৰিনো কিমান শিক্ষক আৰু আমোলাৰ পদ খালী হয়? ল’ৰা-ছোৱালীক শিক্ষিত কৰি তুলিবলৈ গৈ বহুতো পিতৃ-মাতৃ, অভিভাৱকে মাটি, ভেটি, সা-সম্পত্তি বিক্ৰী কৰি দৰিদ্ৰতাৰ লাওলোটা ল’ব লগা হৈছে। তথাপি আশা কৰিছে তেওঁলোকৰ ল’ৰা-ছোৱালী শিক্ষিত হৈ চাকৰি-বাকৰি কৰি ধন ঘটি পুনৰ পৰিয়ালটি স্বচ্ছল কৰি তুলিব। কিন্তু সেই আশা ৰৈছে সুদূৰ-পৰাহত হৈ আৰু দৰিদ্ৰ জনসাধাৰণ হাতাশাত দিকবিদিক শূন্য হৈ পৰিছে।

এই কথা আমি শতমুখে স্বীকাৰ কৰিব লাগিব যে, ইংৰাজ চৰকাৰে আমাৰ বৃত্তিবোৰ কাঢ়ি নি আমাক কৰ্মবিমুখ কৰি কেৰাণীগিৰিৰ শিক্ষাতে আমাক আবদ্ধ কৰি ৰাখি সমগ্ৰ জাতিটোকে পংগু কৰি তুলিলে। সেই বাবে চাকৰিৰ মোহ আমাৰ আজিও যোৱা নাই। জাতীয় শিক্ষানীতি জাতীয় উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ নকৰাৰ পৰিণতিস্বৰূপেই আজি দেশত লাখ লাখ শিক্ষিত নিবনুৱাই কৰ্মসংস্থান বিচাৰি আৰ্তনাদ কৰিব লগা হৈছে।

সেইবাবে আধুনিক যুগে দাবী জনাইছে যি শিক্ষাৰ্থীৰ মানসিক আৰু বৌদ্ধিক প্ৰৱণতা অনুসৰি শিক্ষা ব্যৱস্থা হ’ব লাগে, যি শিক্ষা গ্ৰহণ কৰি মানুহে কোনো চাকৰিৰ বাবে চৰকাৰৰ মুখলৈ বাট চাই নাথাকি নিজ অভিৰুচি মতে বৃত্তি গ্ৰহণ কৰি জীৱিকা অৰ্জনত ব্ৰতী হ’ব পাৰে। সকলো ছাত্ৰ-ছাত্ৰীৰে মেধা বা প্ৰতিভা আৰু অভিৰুচি একে নহয়। কথাতে কয় “ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো।” এজনৰ এটা বিষয়ত যি দক্ষতা, আন এজনৰ সেই বিষয়ত মুঠেও দক্ষতা নাথাকিব পাৰে। আমাৰ অভিভাৱকসকলে এই বিষয়ে কোনোদিনে মনোযোগ দিয়া নাই, চিন্তাও কৰা নাই। চিন্তা মাথোঁ এয়ে, নিজ সন্তান হাকিম হওক, ডাক্তৰ বা ইঞ্জিনিয়াৰ বা প্ৰফেছাৰ হওক। অথচ সন্তানটিয়ে তাৰ বাবে আৱশ্যকীয় ডিগ্ৰী লাভ কৰিব নোৱাৰি জীৱনটো ব্যৰ্থতাৰে ভৰাই তুলিছে। আজি কিছুদিনলৈকে জাতীয় চৰকাৰেও এই বিষয়ত বিশেষ গুৰুত্ব দিয়া নাছিল। অথচ উডচ্ ডেছপাছ্, চেদলাৰ কমিছন, ৰাধাকৃষ্ণণ কমিছন, মুডালিয়াৰ কমিছন, কোঠাৰী কমিছন আদি বহু কমিছনে বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ সদায় দাঙি ধৰি আহিছে। গান্ধীজীয়েও সেইবাবে প্ৰাথমিক পৰ্যায়ৰপৰাই বৃত্তিমূলক শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ জন্মাবলৈ বুনিয়াদী শিক্ষা ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰিছিল। কিন্তু চৰকাৰী চাকৰিৰ ঐন্দ্ৰজালিক চমকনিয়ে মানুহক এনে মোহান্ধ কৰি ৰাখিছিল যে মানুহে তাৰ গুৰুত্বকে উপলব্ধি কৰিব নোৱাৰিলে। তদুপৰি উপযুক্ত শিক্ষক আৰু পথ-প্ৰদৰ্শকৰ অভাৱ হ’ল। আজি মানুহে লাহে লাহে উপলব্ধি কৰিব ধৰিছে যে চাকৰিৰ ৰঙীন আৰু দূৰৰ সপোন বাদ দি মানুহ বাস্তৱবাদী হোৱা উচিত।

আনহাতেদি এই কথাও জীৱন্ত সত্য যে, শুদা পেটত গামোচা বান্ধি কোনেও উচ্চ চিন্তা কৰিব নোৱাৰে, উচ্চশিক্ষিত হৈ নিবনুৱা জীৱন ধাৰণ কৰি বাটে বাটে ঘূৰি-ফুৰিও উচ্চ চিন্তাত মনোনিৱেশ কৰা সম্ভৱ নহয়। আগতে পেটটো ভৰিব লাগিব; তাৰ পাছতহে অন্য চিন্তা। আগতে চাউল কঠা, পিছতহে হৰি কথা। গতিকে ডিগ্ৰীৰ মোহ মানৱ জীৱনৰ ঘাই কথা নহয়। ঘাই কথা হৈছে অন্ন সংস্থান। সেইবাবে যোগ্যতা আৰু মেধা অনুযায়ী কাৰিকৰী শিক্ষা লাভ কৰি একোটা বৃত্তি গ্ৰহণ কৰা বাঞ্ছনীয়। তাকে কৰিলে দেশৰ দৰিদ্ৰতাও দূৰ হ’ব আৰু নিবনুৱা সমস্যাও সমাধান হ’ব।

আনহাতে অসমৰ বুকুত থকা সম্পদবোৰ আহৰণ কৰিবলৈ আৱশ্যকীয় যন্ত্ৰ–পাতি আমদানি কৰাটো অতিকৈ প্ৰয়োজন। তাৰ কাৰণে যাতায়াত ব্যৱস্থা উন্নত হ’ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ লাগিব। চৰকাৰে শিক্ষিত নিবনুৱাসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াই অনাৰ ব্যৱস্থা কৰিব লাগিব, যাতায়াতৰ ব্যৱস্থা উন্নত কৰিব লাগিব; তদুপৰি আৱশ্যকীয় মূলধনৰ ব্যৱস্থা কৰিব লাগিব। এই প্ৰচেষ্টা অকল ৰাজ্য চৰকাৰে আগবঢ়ালেই নহ’ব; কেন্দ্ৰীয় চৰকাৰেও এই উদ্যোগৰ ক্ষেত্ৰত অনুন্নত ৰাজ্যখনৰ সম্পদসমূহ আহৰণৰ কাৰণে ঔদ্যোগিক বিকাশৰ কাৰণে আৰু অনগ্ৰসৰ পূৰ্বাঞ্চলত আৰ্থিক, সামাজিক উন্নয়নৰ কাৰণে হাত উজান দিব লাগিব। নহ’লে এই আপুৰুগীয়া অমূল্য সম্পদসমূহ চিৰদিন অৱহেলিত আৰু অনাৱিষ্কৃতভাৱেই ৰৈ যাব আৰু অসমৰ উন্নয়নো ব্যাহত হ’ব।

প্ৰকৃতিয়ে অসমক সুজলা-সুফলা, শস্য-শ্যামলা, গিৰি-গুহা বিমণ্ডিতা কৰিয়ে সৃষ্টি কৰিছে। অথচ অসমৰ কৃষক ডাল-দৰিদ্ৰ। হাড়ক মাটি আৰু তেজক পানী কৰি কৃষিকাৰ্য কৰে। তথাপি অসমৰ কৃষকে এসাঁজ খাই, এসাজ পেটত গামোচা বান্ধি থাকে। তাৰ কাৰণ কি?

কাৰণ বিচাৰি বহু দূৰলৈ যাব নালাগে। অসমীয়া কৃষকৰ সমস্যা প্ৰধানকৈ মাটি আৰু বানপানীৰ লগত জড়িত সমস্যা। বানপানীয়ে প্ৰতি বছৰে অসমীয়া কৃষকক, অসমীয়া জাতিক জোলোকে-জোলোকে পানী খুৱাইছে।

বানপানী আৰু গৰাখহনীয়া স্থায়ী আৰু কাৰ্যকৰীভাৱে ৰোধ কৰিব লাগিব। তাৰ কাৰণে নদ-নদীসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব। অসমৰ নদীসমূহ খৰস্ৰোতা, ইহঁতৰ অৱবাহিকা বিস্তীৰ্ণ। সেইবাবে সাধাৰণ মথাউৰিৰে নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। দামোদৰ উপত্যকাৰ নিচিনা বিস্তৃত আৰু বহুমুখী আঁচনিৰদ্বাৰাহে নিয়ন্ত্ৰণ সম্ভৱ হ’ব। প্ৰতি বছৰে মথাউৰি তৈয়াৰ কৰাত কোটি কোটি টকা ব্যয় নকৰি, তেনে ধৰণৰ স্থায়ী আঁচনি লোৱাহে উচিত হ’ব। তেনে আঁচনিৰদ্বাৰা বান নিয়ন্ত্ৰণো হ’ব; গৰাখহনীয়াও ৰোধ হ’ব। লগতে বিদ্যুৎ উৎপাদন, পানী যোগান, মীন উৎপাদন আদি বিভিন্ন কাৰ্যও হ’ব। ইতিমধ্যে গৰাখহনীয়ত উপান্তৰ হোৱা পৰিয়ালবোৰক চৰকাৰী পতিত মাটিত সংস্থাপনৰ আশু ব্যৱস্থা কৰা উচিত। অন্যথাই অসমত ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পাব, যিটো অসমীয়া জাতীয় জীৱনৰ কলংক হ’ব।

দেশক খাদ্য যোগান ধৰোতা কৃষকসকলক দেশে যি মৰ্যাদা দান কৰিব লাগিছিল আৰু যি সা-সুবিধা আগবঢ়াই তেওঁলোকৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব লাগিছিল, সেইখিনি কোনোকালেই কৰা হোৱা নাই। বাৰটা পাঁচ বছৰীয়া পৰিকল্পনা শেষ হ’ল, বহু হাজাৰ কোটি টকা কৃষকৰ সমস্যা সমাধান আৰু উন্নয়নৰ আঁচনিত খৰচ কৰা হ’ল, কিন্তু কৃষকসকল দৰিদ্ৰ হৈয়ে ৰ’ল। বৰঞ্চ দেশৰ আধাসংখ্যক কৃষকেই দৰিদ্ৰতাৰ সীমাৰেখাৰ বহু তললৈহে গ’ল। এই ব্যৱস্থা বৰ্তি থাকিলে, অসমীয়া কৃষক সমাজ ভিক্ষাৰীত পৰিণত হ’ব।

ওপৰত উল্লেখ কৰা সমস্যাসমূহ মষিমূৰ কৰাৰ প্ৰচেষ্টা লোৱাটোৱেই “জাতীয় নায়ক” হিচাপে মই মোৰ প্ৰধান কৰ্তব্য বুলি ভাবো, অন্যথা জাতীয় নায়ক হিচাপে পৰিচয় দিব যোৱাটো এটা অবান্তৰ কথা হ’ব মাথোন। প্ৰকৃতিয়ে অযাচিতে আগবঢ়াই দিয়া অসমৰ অমূল্য সম্পদসমূহ আহৰণ কৰি অসমী আইক বৈভৱশালী কৰি “সোণৰ অসম” গঢ়াৰ মোৰ যি এক সপোন তাক বাস্তৱত ৰূপায়িত কৰাৰ প্ৰয়াস কৰিম। কৰ্মমুখী শিক্ষানীতি গ্ৰহণ কৰি উৎপাদন কৰ্মৰ প্ৰতি শিক্ষিত ন-পুৰুষসকলক আগ্ৰহান্বিত কৰি স্বনিয়োজনক্ষম কৰাৰ ব্যৱস্থা কৰিম। প্ৰতি বছৰে যাতে লাখ লাখ নিবনুৱাৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ কাৰণে পৰিয়াল পৰিকল্পনাৰ যোগেদি জন্ম নিয়ন্ত্ৰণৰদ্বাৰা ক্ৰমবৰ্ধমান জনসংখ্যা বৃদ্ধি হ্ৰাস কৰিবলৈ কঠোৰ নীতি গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিম।

হে জগদীশ্বৰ! মোৰ এই পৰিকল্পনাসমূহ সফল ৰূপত ৰূপায়িত হোৱাত, সাধনাত সফলতা লাভ কৰাত মোক প্ৰেৰণা যোগোৱা, শক্তি দিয়া।

শেষত অসমৰ সৰ্বাংগীণ উন্নয়ন কামনা কৰি এজন জাতীয় নায়কৰ ভাষাত—

“বাজক দবা, বাজক শংখ, বাজক মৃদং খোল,

অসম আকৌ উন্নতি পথত, জয় আই অসম বোল।”

[ এই ৰচনাখনে  সদৌ অসম ভিত্তিত ‘মহাবাহু‘ আৰু ‘মাল্অটিকালচাৰেল এডুকেশ্বনেল ডেভেলপমেন্ট ট্ৰাষ্ট‘-এ অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ জাতীয় নায়ক
Anjan Sarma

Anjan Sarma

Related Posts

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy
Opinion

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

by Kakali Das
September 9, 2026
0

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy KAKALI DAS Is India’s economy in...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d