• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন (৩)

জাতীয় নায়ক

by Anjan Sarma
February 15, 2022
in Opinion, Special Report
Reading Time: 3 mins read
0
মই যদি অসমৰ জাতীয় নায়ক হ’লোহেতেন (২)
Share on FacebookShare on TwitterShare on LinkedIn

পুষ্পাঞ্জলী শিৱম শৰ্মা

জাতীয় নায়ক

“মোৰ স্বপ্ন মহান, মই শ্ৰম কৰিম।

মোৰ দেশ মহান হওক, বিত্তশালী হওক।

গুণৰ আকৰ হওক… বন্তি এগছি

জ্বলাই ৰাখিম। যাৰ আলোকেৰে মোৰ দেশ

মহান হ’ব।”

    (এ. পি. জে. আব্দুল কালাম)

আইনষ্টাইনৰ আত্মজীৱনীমূলক টোকা এটাৰ এঠাইত উল্লিখিত আছিল, “বাধ্যবাধকতাৰদ্বাৰা মানুহক আনহে নালাগে আনকি দৰ্শন চৰ্চা আৰু অনুসন্ধান কৰাৰ আনন্দও উপভোগ কৰাব নোৱাৰি। কাৰণ মানুহৰ আধ্যাত্মিক সম্পদবোৰৰ ভিতৰত প্ৰিয়তম হ’ল ‘স্বাধীনতা’। ইয়াৰ হকে সৰ্বস্ব ত্যাগ কৰিবলৈ মানুহ সাজু থাকে। সেয়েহে যিমান সজ উদ্দেশ্যেৰেই নহওক কিয় আনৰ ওপৰত জোৰকৈ একো জাপি দিব নোৱাৰি, ভাষা-সংস্কৃতিতো দূৰৈৰ কথা।”

উপৰিউক্ত ভাষ্যখিনিৰ প্ৰাসংগিকতা স্বাভাৱিকতেই জাতি এটাৰ স্বজাতিপ্ৰেমীৰ প্ৰতিজন লোকৰে অনুভৱৰ লগত মিল থকা বুলি ক’ব পাৰি। কিয়নো স্বাধীনতা কেৱল মাত্ৰ এটা শব্দই নহয়, ই প্ৰতিফলিত কৰে সকলোপিনৰপৰা ব্যক্তি এজনক স্বমহিমাৰে মণ্ডিত কৰাৰ সুযোগ প্ৰদানক। জাতি এটা আৰু সেই জাতিটোৰ নায়কৰ ভূমিকাত যদি মই অৱৰ্তীণ হ’লোহেঁতেন, নিশ্চয়কৈ এক স্বাধীন মনোভাবৰদ্বাৰা প্ৰথমেই নিজক পুষ্ট কৰি আগবাঢ়ি যাবলৈ যত্নপৰ হ’লোহেঁতেন।

ইতিহাস সাক্ষী আছে যে কুৰি শতিকাৰ প্ৰথমাৰ্ধত অম্বিকাগিৰী ৰায়চৌধুৰী প্ৰমুখ্যে জাতীয়তাবাদী নেতাসকলৰ একচামে ‘সংৰক্ষিণী সভা’, ‘জাতীয় মহাসভা’ আদি স্থাপন কৰি ‘অসমীয়া’সকলৰ মাজত জাতীয় চেতনা জগাই তুলিবলৈ আপ্ৰাণ প্ৰচেষ্টা চলাইছিল। তেওঁলোকৰ চিন্তাত নিহিত আছিল যে খিলঞ্জীয়া জনজাতিসকল যিহেতু বিকাশৰ প্ৰাথমিক স্তৰতে ৰৈ আছে, গতিকে তেওঁলোকে বৃহত্তৰ অসমীয়া জাতিসত্তাৰ লগত একালত আপোনা-আপুনি মিলি যাব পাৰিব। কিন্তু ইপিঠিৰ স্বৰূপ যিয়ে নেকি বাস্তৱক প্ৰতিফলিত কৰে, সেইটোৰ প্ৰতি তেওঁলোকে অজ্ঞাত আছিল যে, অসমৰ জনজাতিসকলৰ মাজতো এক উগ্ৰ জাতীয় চেতনাৰ প্ৰেৰণা যোগাব পাৰে বা তাৰ ফলতেই এক ভ্ৰাতৃঘাতী গোষ্ঠী সংঘৰ্ষৰো সূচনা হ’ব পাৰে। মই যদি জাতীয় নায়ক হ’লোহেঁতেন, “একনায়কত্ববাদ” জাতীয় মনোভাবৰপৰা হাত সাৰি আগবাঢ়ি যোৱাটোত গুৰুত্ব প্ৰদান কৰিলোহেঁতেন। নহ’লে অম্বিকাগিৰী আৰু তেওঁৰ অনুগামীসকলৰ ভ্ৰান্ত ধাৰণা যে—“অসমত থকা সকলো অসমীয়া, জনজাতীয় লোকসকলো অসমীয়া। গতিকে আমি যি হুকুম দিওঁ, বাহিৰাসকলৰ লগতে খিলঞ্জীয়া জনজাতিসকলেও তাক নিৰ্বিচাৰে মানি ল’ব লাগিব, ইত্যাদি।” এনে মনোভাবে হিতে বিপৰীতহে সাধন কৰিছিল আৰু ফলত জনজাতীয় সমাজত ই ফলৱতী হ’ব পৰাগৈ নাছিল। অন্যহাতে উদাৰ এচামৰ মনোভাব এই প্ৰসংগত যে— “এইসকল লোক অৰ্থনৈতিকভাৱে আমাতকৈ পিছপৰা, ভাষা-সংস্কৃতিৰ ক্ষেত্ৰতো এওঁলোক আমাতকৈ দুৰ্বল। গতিকে উন্নত অসমীয়া ভাষা-সংস্কৃতিৰ দীক্ষা দি তেওঁলোকক আমাৰ মাজত আকোৱালি লোৱাটো আমাৰ পৱিত্ৰ কৰ্তব্য।” কিন্তু ইয়াতেই উদাহৰণ এটাৰে এনেকুৱা চিন্তাধাৰাক যুক্তিৰে কটাক্ষ কৰাৰ থল আছে যে— “যিদৰে আপোন খেলত মগ্ন শিশু এটিক বলেৰে কাষ চপাই আনিব নোৱাৰি, ঠিক তেনেকৈ আত্মীয়তাৰ সম্পৰ্ক স্থাপন নকৰাকৈ, জোৰ- জবৰদস্তিৰে, বৰককাইৰ মনোভাবেৰে ভিন্ন সাংস্কৃতিক পৰিমণ্ডলেৰে আবৃত্ত এটা গোষ্ঠীকো, সি যিমানেই অনুন্নত নহওক কিয়, বৃহত্তৰ সমাজত সুমুৱাই লোৱাটো ভাল হওক চাৰি বিপদহে মাতি আনিব আৰু তেনে বিপদৰ উদাহৰণ হৈছে ‘বিচ্ছিন্নতাবাদী’। সাম্প্ৰতিক অপ্ৰিয় যদিও কিছুমান জনজাতি গোষ্ঠীৰ আন্দোলন ইয়াৰ ফলহে মাথোন। মই যদি জাতীয় নায়ক হ’লোহেঁতেন, উপৰিউক্ত কথাবোৰ চালি-জাৰি চাই, নিশ্চয়কৈ ‘জাপি দিয়া’ মনোভাব পৰিহাৰ কৰি একো-একোখন সমাজৰ সামগ্ৰিক ইচ্ছাক অধ্যয়ন কৰি সেইমতে পদক্ষেপ ল’লো হয়। নহ’লে জনজাতিসকলৰ মানসিকতাক সহানুভূতি, ধৈৰ্য্য তথা সূক্ষ্ম নিৰীক্ষণেৰে বোধগম্য নকৰি জাতিদম্ভৰ অহংকাৰক প্ৰাধান্য দিলে ফলাফল সদায়েই অনিষ্টকাৰীহে হ’ব। অসমৰ খ্যাতনামা বামপন্থী বুদ্ধিজীৱী প্ৰয়াত দধি মহন্তদেৱে ১৯৭২ চনতেই লিখি থৈ গৈছিল যে— “বৰ্তমান অসমীয়াসকলে নিজৰ ঘৰতেই থকা জনজাতিসকলৰ প্ৰতি অৱজ্ঞাৰ নহ’লেও উদাসীনতাৰ যি মনোভাব পোষণ কৰি আছে তাক পৰিহাৰ কৰি উক্ত জাতিসমূহৰ অতীত ইতিহাস, জাতীয় বৈশিষ্ট্য, সমাজ ব্যৱস্থা, লোক-সংস্কৃতি আদি সম্পৰ্কে শ্ৰদ্ধাসহকাৰে যদি অধ্যয়ন কৰে, সাহিত্য সৃষ্টি কৰে, বিশ্ববিদ্যালয়ৰ গৱেষণাৰ অন্যতম বিষয় কৰে, তেন্তে অদূৰ ভৱিষ্যতে উক্ত জাতিগোষ্ঠীসকলে নিজৰ ভাষাক প্ৰতিষ্ঠিত কৰাৰ দখল বিচাৰি অসমীয়া ভাষাকো সাবটি ল’ব।” মই যদি জাতীয় নায়ক হ’লোহেঁতেন নিশ্চয়কৈ এনে ধৰণৰ চিন্তাৰে আগবাঢ়িলোহেঁতেন। দেশ তথা জাতি এটাৰ অস্তিত্বৰ প্ৰশ্নত পোনপ্ৰথমেই ‘মাতৃভাষা’ এনে এক ক্ষেত্ৰ যাৰদ্বাৰা প্ৰকৃত অস্তিত্বৰ স্বৰূপ প্ৰতিফলিত হয়। মাতৃভাষাই দেশপ্ৰেমৰ প্ৰথম প্ৰকাশৰ ক্ষেত্ৰ। অসমীয়া ভাষাৰ কাৰণে অসমীয়া যুৱকে যেনেকৈ সৰ্বস্ব পণ কৰিবলৈ সাজু স্বাধীন আৰু সমাজতান্ত্ৰিক ভাৰতত বড়ো, মিকিৰ, মিচিং আদি জনজাতি যুৱকসকলৰো তেনে প্ৰগাঢ় দেশপ্ৰেমক স্বীকৃতি দিব লাগিব।

মই যদি দেশৰ জাতীয় নায়ক হ’লোহেঁতেন মাতৃভাষা শিক্ষাৰ বিকাশত গুৰুত্ব দিলোহেঁতেন, একতা, সৌম্য আৰু মৈত্ৰীৰ ডোলেৰে সবাকে বান্ধি, উৎকট স্বাদেশিকতাৰ কোলাহলতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ’লোহেঁতেন।

জাতীয় নায়ক প্ৰকৃততে কি, কৰণীয় কি থাকে? কেনেকৈ আগবাঢ়িব লাগে তাক জানিবলৈ আমি অতীতৰ পৃষ্ঠাত মহান জাতীয় নায়কসকলৰ আদৰ্শক অনুসৰণ কৰিবই লাগিব সি ধুৰুপ। গতিকে প্ৰথমেই আহো কেৱল মাত্ৰ জাতীয় নায়ক বুলিয়েই সীমাবদ্ধ নহয়, বৰঞ্চ এটা যুগৰ দ্ৰষ্টা। উত্থানকাৰী মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱ। যিজনা ব্যক্তি অসম তথা অসমবাসীৰ প্ৰতিজনৰ অন্তৰৰ অতিকৈ আপোন। ইতিহাসত সোণালী আখৰেৰে লিখি অমৰ হৈ ৰোৱা এক অৱক্ষয় মূৰ্তিস্বৰূপ। এজন জাতীয় নায়কৰ পৰম তথা প্ৰধান কৰ্তব্য যে পৰিৱৰ্তিত সময় তথা সমাজৰ বিকাশত নিৰ্ণয়কাৰী ভূমিকা গ্ৰহণ, যি নেকি গুৰুজনাই আখৰে আখৰে পালন কৰি গৈছিল। প্ৰধানতঃ মধ্যযুগৰ অসমৰ বিশাল সাংস্কৃতিক উত্থানত চৰম ভূমিকা গ্ৰহণ।

অনিষ্টকাৰী প্ৰথা, কুসংস্কাৰৰ মোচন কৰি ধৰ্মৰ নতুন উপলব্ধিকৰণ তথা তাক বৰ্তাই ৰখাৰ উদ্দেশ্যেৰে এক নতুন সাংস্কৃতিক ভূমি ৰচনা কৰি যুগান্তকাৰী ইতিহাসৰ ৰচয়িতা গুৰুজনা প্ৰকৃততে নিজেই এক অৱক্ষয় দৃষ্টান্ত। গুৰুজনাৰ এনে আদৰ্শক সাৰোগত কৰি তেওঁৰ পদধূলাৰে তেৰাৰ মাৰ্গত চলিবলৈ আপ্ৰাণ প্ৰচেষ্টাত ব্ৰতী হৈ অন্যকো এই বিশ্বাসেৰে আগবঢ়াই নিলোহেঁতেন, যদিহে মই জাতি একোটাৰ নায়ক হ’লোহেঁতেন। এজন প্ৰকৃত জাতীয় নায়কৰ অখণ্ড দৃষ্টান্ত গুৰুজনাৰ বাদে দ্বিতীয়জন পাবলৈ টান হ’ব।

“The role of Sankardev and his followers in the formation of Assamese society in its social as well as religious aspects has been amply and exhaustively documented by scholars and literatures like Lakshminath Bezbaruah and Banikanta Kakati and their modern counterparts.”

এজন জাতীয় নায়ক হ’বলৈ প্ৰথমেই নিজে এজন সুনাগৰিক হোৱাটো প্ৰধান কৰণীয়। মই যদি জাতীয় নায়ক হ’লোহেঁতেন প্ৰথমেই ‘Harris’ নামৰ পণ্ডিত চিন্তাবিদগৰাকীয়ে নিৰ্ধাৰণ কৰি দিয়া তেওঁৰ “Citizenship education study” গ্ৰন্থত উল্লিখিত এনেবোৰ কথা হৃদয়ংগম কৰিবলৈ আগবাঢ়িলোহেঁতেন– (a) Aware of the importance of meeting basic human needs and is concerned with the extension of the essentials of life to individual.

(b) Gives allegiance to the ideals of democracy.

(c) Practises the kinds of human relationship that are consistent with a democratic society.

(d) Recognises and endeavours to help in the solution of the social problems of time, and

(e) Possesses and uses knowledge, skills and abilities to facilitate the process of democratic living.

উপৰিউক্ত গুণাৱলীক আহৰণৰ প্ৰচেষ্টা কৰি, আত্মউপলব্ধি, মানৱ সম্বন্ধ স্থাপন, অৰ্থনৈতিক দক্ষতা তথা নৈতিক দায়িত্ববোধৰ ধাৰণাৰে পৰিপুষ্ট হৈ আগবাঢ়িলোহেঁতেন।

জাতীয় নায়কৰ প্ৰসংগত নেলচন মেণ্ডেলাৰ দৰে ব্যক্তি এজনৰ নায়কত্বৰ উদাহৰণ ইতিহাসে সদায়েই সুঁৱৰি থাকিব। তেওঁ কৈছিল— “দেশখনক দগ্ধ হোৱা পৃথিৱীৰ এটা টুকুৰা আৰু নগৰ-চহৰৰ ৰাস্তা-ঘাটবোৰেদি তেজৰ নৈ বোৱাই দিয়া ভীতি প্ৰদৰ্শন কৰা এটা বিৰোধ বা সংঘৰ্ষৰপৰা আমি কেনেকৈ আৱিৰ্ভূত হ’লো সেইটো মনত পেলাওকচোন। সেইটো আমি গোষ্ঠীয়, ধৰ্মীয়, ভাষিক, সাংস্কৃতিক আৰু অন্যান্য ভেদাভেদৰ ঊৰ্ধলৈ উঠি পৰস্পৰৰ মানৱীয় মৰ্যাদাৰ এক নতুন দৃষ্টিভংগীৰ প্ৰতি এক সমূহীয়া সংকল্প গ্ৰহণ কৰি প্ৰতিহত কৰিছোহঁক। আহক এই প্ৰচেষ্টাৰে সকলোৰে প্ৰতি সমানতা আৰু মানৱীয় গৰিমাৰ বাবে সমৰ্পণ আৰু সংকল্প অটুট ৰাখো।” মেণ্ডেলাৰ জীৱনাদৰ্শ, কৰ্ম এজন এজন মানুহৰ বাবে আদৰ্শ, সত্য আৰু সমন্বয়ৰ সেঁতুস্বৰূপ মেণ্ডেলা আৰু তেওঁৰ জীৱন মানুহৰ প্ৰতি মানুহৰ ক্ৰূৰতাৰ ওপৰত মানৱ উদ্যম আৰু শক্তি বিজয়ৰ প্ৰতীকস্বৰূপ। এজন প্ৰকৃত জাতীয় নায়কৰ মূৰ্তিমান প্ৰতীক, যাৰ বাবে তিৰুবল্লুৱৰে এইদৰে ব্যাখ্যা কৰিছে—

“তিৰনল্লা তৰপিৰৰ সেয়য়ীনম নোনেকটু

অৰনল্লা সেয়য়ামই ননৰু।”

অৰ্থাৎ “যিয়ে তোমাৰ অন্যায় কৰে তাৰ বিনিময়ত তেওঁৰ উপকাৰ কৰাটোৱেই তেওঁক শাস্তি দিয়াৰ উত্তম পন্থা।”

মেণ্ডেলাই নিজৰ দেশৰ, জাতিৰ মানুহৰ দুখ-হতাশা দেখি, অনুভৱ কৰি অন্তৰাত্মাক জাগৃত কৰি উদ্ধাৰকাৰী হিচাপে তেওঁক সাজু কৰিছিল। কালামৰ মতে, “মেণ্ডেলাই এইটো স্পষ্টকৈ দেখুৱাই দিছে যে আমি যদি সমগ্ৰ বিশ্বৰ মানুহৰ দুখ-দুৰ্দশাৰ প্ৰতি আমাৰ মন আৰু অন্তৰ ৰুদ্ধ কৰি ৰাখো তেনেহ’লে আমি নিজৰ অনুন্নত বা অবিকশিত স্বৰূপত ৰুদ্ধ হৈ থাকিমহঁক।”

গতিকে মই যদি এজন জাতীয় নায়ক হ’লোহেঁতেন মেণ্ডেলাৰ এই অনুভৱক ধাৰণ কৰাৰ সাধনাত ব্ৰতী হৈ জাতিহিতৈষী সংগ্ৰামত নামি গ’লো হয়। ধৈৰ্য, জ্ঞান, বুদ্ধি, দূৰদৃষ্টিৰ সহায়ত বহুধা বিভক্ত মানুহবোৰক একত্ৰিত কৰিলো হয়, নৈতিক মনোবলেৰে আগুৱাই গ’লো হয় বিজয়ৰ পিনে।

মই যদি জাতীয় নায়ক হ’লোহেঁতেন নিৰৱ সাধনাৰে নিৰৱ সাধক এজনৰ দৰে দেশ তথা জাতিৰ চৈতন্য বিকাশৰ দিশটোত অগ্ৰসৰ হ’লো হয়। যিদৰে ড০ বাণীকান্ত কাকতিদেৱে তেওঁৰ ‘নিৰৱ সাধনাত’ লিখিছিল— “নিৰৱ সাধকসকল মৌমাখিৰ দৰে হ’ব লাগিব, তেওঁলোকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য, বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব। সেই মৌচাকৰপৰা নিজৰ জীৱনো মধুময় আৰু চহকী হৈ পৰিব। যোগ্য পুৰুষৰ স্থান সমাজত কেতিয়াও নেহেৰায়। “গুনাঃ পূজা স্থানং গুনিষু ন চ লিঙ্গং ন চ বয়।”

জাতীয়তাবাদৰ মনোভাবত নিহিত থাকিব লাগিব জাতি এটাৰ সাংস্কৃতিক বা সাহিত্যিক দিশবোৰো। হাড়ে-হিমজুৱে বিশ্বাস থাকিব লাগিব ভাষা চৈতন্যৰ ওপৰতো, যি নিৰ্ধাৰণ কৰে জাতীয় চৈতন্য। এজন জাতীয় নায়কৰ চিন্তাধাৰাত থাকিব লাগিব স্থায়ী ফল পাব পৰা আন্দোলনৰ উৎসাহ, ড০ বাণীকান্ত কাকতিদেৱে ক’বৰ দৰে— “অসম বিভিন্ন জনজাতি আৰু গোষ্ঠীভূত লোকৰ বাসভূমি। এই সকলোবোৰতেই লগ লগাই অসমীয়া জাতিৰ সকলো শাখাৰ লোকৰে সাধাৰণ মংগল সাধিবৰ অৰ্থে তেওঁলোকৰ কৰ্মসমূহ কেন্দ্ৰীভূত কৰিবলৈ হ’লে নতুন দৰ্শনৰ আৰু নতুন সমন্বয়ৰ সৃষ্টিৰ অৰ্থে আত্মনিয়োগ কৰিবৰ আৱশ্যক হ’ব। সাময়িক বতাহৰ কোবত নিজক বেলুনৰ দৰে বেপাৰীৰ দোকানৰ জৰীত আঁৰি থ’বলৈ অমান্তি হৈ নিজৰ আদৰ্শ আৰু লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নিৰৱে আগবাঢ়ে— তেওঁলোকেই সমাজ আৰু জগতৰ ভৱিষ্যৎ আশাৰ থল। বতাহত ওফন্দি উঠা বেলুনবোৰ ল’ৰা-ছোৱালীৰ ধেমালিৰ বস্তু, সমাজৰ কোনো কামত নালাগে।” গতিকে মই যদি জাতীয় নায়ক হ’লোহেঁতেন সূক্ষ্ম পৰ্যৱেক্ষণৰদ্বাৰা জাতীয় জীৱনৰ সমস্যাবোৰ আগতে চিনাক্তকৰণ কৰিলোহেঁতেন। অন্তৰ্দৃষ্টিক সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি কেৰোণবোৰ বিচাৰি এক সংহত আৰু বাস্তৱিক জাতীয়তাবাদী ধাৰণাক আগধৰি কৰ্মৰে তাৰ প্ৰতিফলনত গুৰুত্ব দিলো হয়। যিদৰে প্ৰটেষ্টাণ্ট ধৰ্মমত প্ৰচাৰত লুথাৰৰ ৰচনাৱলী, ভাৰতত মধ্যযুগত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ, আধুনিক যুগৰ বিপ্লৱবোৰত ৰুছো, ভল্টেয়াৰ, লেনিন, গৰ্কী আদিৰ ৰচনাবোৰে যিদৰে কাৰ্যক্ষমতা প্ৰকাশত সফল হৈছে তাক দোহাৰিবৰ প্ৰয়োজন নাই। গতিকে এনে মতাদৰ্শ সদায়েই পথ-প্ৰদৰ্শক হৈ পৰে।

মই যদি জাতীয় নায়ক হ’লোেহঁতেন, আদৰ্শ ল’লোহেঁতেন মহাপ্ৰতাপী লাচিত বৰফুকনৰ আৰ্হিক। তেওঁৰ দৰে সুদৃঢ় প্ৰতিজ্ঞা “দেশতকৈ মোমাই ডাঙৰ নহয়”— অবিচলিত নিৰ্ভীকতাৰ পথত চলাৰ পণত অৱতীৰ্ণ হ’লো হয়। নিঃস্বাৰ্থ দেশপ্ৰেম তথা নেতৃত্বৰ বিষয়ত দক্ষতা অৰ্জন কৰি আগবাঢ়িবলৈ হ’লে এজন জাতীয় নায়কৰ বাবে এইটো নিতান্তই দৰকাৰী যে অতি সতৰ্কতাৰে স্বজাতিৰ সুচৰিত্ৰৰ বছা বছা সদগুণবিলাক একত্ৰীকৰণ কৰি লৈ আগুৱাই যোৱা। উল্লেখ কৰাৰ থল আছে যে লাচিত বৰফুকনৰ প্ৰতিদ্বন্দ্বী মোগল সেনাপতি ৰামসিংহই যুদ্ধক্ষেত্ৰত পৰাভূত আৰু মৰ্যাদা লুপ্ত হৈ অসমীয়াসকলৰ বিষয়ে এইদৰে কৈ গৈছিল— “ধন্য ৰাজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, একো আদমীয়ে সকলো সেনা চলাইতে পাৰে। মই হেন ৰামসিংহ থলত থাকিও ছিদ্ৰ নাপাওঁ।’’ গতিকে এজন জাতীয় নায়কৰ কৰ্মকুশলতাৰ বাবে শত্ৰুৰপৰা এনে প্ৰশংসাবাণী পোৱাটো প্ৰকৃত সাৰ্থকতা তথা বীৰত্বৰ জ্বলন্ত উদাহৰণ। বীৰ লাচিতৰ দৰে অবিচলিত স্বাধীনতা প্ৰেম, জয়লাভৰ দৃঢ়প্ৰতিজ্ঞা, দূৰদৰ্শিতা, সংগঠন আৰু নিয়মানুৱৰ্তিতা তথা অতুলনীয় নেতৃত্বই যিদৰে জাতিৰ জয়লাভ সুনিশ্চিত কৰিছিল, এজন জাতীয় নেতাৰ বাবে এইবোৰ পালন কৰাটো দৰকাৰ। সুদক্ষ নেতা হ’বলৈ জৰ্জ ডি হেলচিয়ে ক’বৰ দৰে “নেতা কেনেকৈ হ’ব পাৰি’ত উল্লিখিত আছে যে ন্যায়পৰায়ণতা, আন্তৰিকতা, সততা, নিৰপেক্ষতা, নিৰ্ভীকতা, আত্মবিশ্বাস, ততালিকে সিদ্ধান্ত ল’ব পৰা ক্ষমতা, উপায় উদ্ভাৱনৰ শক্তি, কৌশল, মিত্ৰতা কৰা আৰু উদ্যম আৰু আনৰ অন্তৰত উদ্দীপনা জন্মাব পৰা শক্তি, উৎসুকতা, নিৰীক্ষণ শক্তি, মুকলি মন, বিচাৰ শক্তি, ক’তো খুঁত নোহোৱাকৈ আৰু ন্যায়নিষ্ঠভাৱে কাম কৰিব পৰা শক্তি, উপস্থিত বুদ্ধি, মৌলিকতা, সংগঠন শক্তি, কিটিপ-কৌশল আৰু কাৰ্যসম্পাদনা শক্তি।

গতিকে মই যদি জাতীয় নেতা হ’লোহেঁতেন উপৰিউক্ত গুণবোৰ আয়ত্ত কৰি এক সবল নেতৃত্বৰ সূচনা কৰাৰ পথ প্ৰশস্ত নিশ্চয়কৈ কৰিলোহেঁতেন।

যদি মই জাতীয় নায়ক হ’লোেহঁতেন প্ৰধানতঃ অসমৰ দৰে এক তুলনাহীন, প্ৰচুৰ তথা অদ্বিতীয় মূল্যৱান প্ৰাকৃতিক আৰু বনজ সম্পদেৰে বেষ্টিত দেশৰ, যেনে— ইয়াৰ নদ-নদী, পাহাৰ, টিলা, বনভূমি, জান-জুৰি, তেলপুং, কয়লাৰ খনি, চূণৰ খনি, গা-গছ, মাটি ইত্যাদিৰ সঠিক তথা পৰিপূৰ্ণ ব্যৱহাৰৰ হকে সকলো প্ৰকাৰ আধুনিক তথা বিজ্ঞানপ্ৰযুক্তি সন্মত কৌশল অৱলম্বন কৰিলো হয়। লগতে সুপৰিকল্পনা উপযুক্ত প্ৰণালী তথা সুদক্ষ ব্যক্তিৰ সহযোগেৰে থলুৱা সম্পদৰাজিৰ উপযুক্ত বিকাশেৰে দেশ জাতিৰ জনকল্যাণ, অৰ্থনৈতিক নিৰ্ভৰশীলতা, স্ব-উৎপাদন, বিনিয়োগ আদি দিশবোৰত উন্নতিৰ চিন্তাৰে আগবাঢ়িলো হয়। সৰ্বতোপ্ৰকাৰৰ বিকাশ, এজন জাতীয় নায়কৰ নিজৰ জাতিৰ বাবে সদায়েই কাম্য আৰু এইদৰেই ময়ো মোৰ ভূমিকা পালনত আগবাঢ়ি গ’লো হয়, যদিহে জাতি এটাৰ জাতীয় নায়ক হ’লোহেঁতেন।

বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দৰে এগৰাকী সুযোগ্য নেতা তথা জাতীয় নায়কৰ লেখীয়া ব্যক্তি, যি নেকি অনাগত ভৱিষ্যতৰো প্ৰবক্তা আছিল, তেওঁৰ দৰ্শনৰদ্বাৰাও অনুপ্ৰাণিত হৈ এগৰাকী জাতীয় নায়কে নিজৰ নায়কত্ব অতি হেলাৰঙে পাৰ কৰিব পাৰে। কিয়নো তেওঁৰ মন্তব্যত আমি প্ৰত্যক্ষ কৰিবলৈ পাওঁ— “সমাজ আগবাঢ়ে গতি, অগতি আৰু পূৰ্ণগতিৰে। কৃষ্টিৰ কাৰণেহে মানুহ, নহ’লে মানুহ পশুৰ শাৰীত থাকিলহেঁতেন। কাৰণ বাচি থকাই যেতিয়া প্ৰকৃতিৰ প্ৰেৰণা আৰু প্ৰকৃতিৰ ওপৰতেই মানুহ নিৰ্ভৰশীল হ’লহেঁতেন, তেতিয়া মানুহ পশু বুলি গণ্য হ’লহেঁতেন। কাৰণ পশুৱে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মানুহে জীৱিকাৰ প্ৰচেষ্টাতে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰকৃতিৰ বুকু ফালি খাদ্যবস্তু আৰু প্ৰয়োজনীয় উপাদান আদায় কৰিবলৈ শিকিলে। গতিকে মানুহৰ সৃষ্টিৰ মূল প্ৰেৰণা হ’ল প্ৰকৃতিৰ দাসত্বৰপৰা মুক্ত হোৱাটো। স্বাধীনতাৰ বাবে স্বাধীনতাৰ সাধনা। এই স্বাধীনতাৰ সাধনাই হৈছে মানুহৰ জীৱিকাৰ প্ৰয়াস। মানুহৰ এই জীৱিকাৰ প্ৰয়োগেই হৈছে কৃষ্টি-সংস্কৃতি বা কালচাৰৰ মূল তত্ত্ব। (বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘অসমীয়া কৃষ্টি’)

গতিকে ক’ব পাৰি যে শ্ৰম উপাদানসমূহৰ মাজতেই কৃষ্টি আৰু জনগোষ্ঠীয় বিকাশৰ স’তে জাতিসত্তাৰ বিকাশ অংগাংগীভাৱে জড়িত। সেয়ে এজন জাতীয় নায়কৰ এইটোও এটা গুৰুত্বপূৰ্ণ দায়িত্ব হোৱা উচিত যাতে বিকাশত অগ্ৰাধিকাৰ গ্ৰহণ কৰি তাৰ বাবে সঠিক পৰিকল্পিত কাৰ্যপন্থা অৱলম্বন কৰাটো।

জাতি-ধৰ্ম-নিৰ্বিশেষে যদি সকলো ব্যক্তিৰ মাজত ভেদভাব নাথাকি এক ভাই ভাই মনোভাবৰ দৃষ্টিভংগীয়ে বিৰাজ কৰে, এখন দেশ তথা জাতিৰ উন্নতিত ই সহায়হে কৰে। ইতিহাস সাক্ষী আছে যে অসমৰ নিচিনা দেশ এখনত ইয়াৰ জ্বলন্ত উদাহৰণৰ সমাৱেশ আছে। অসমৰ সংস্কৃতিত প্ৰত্যক্ষ কৰিব পাৰি যে মঠ-মন্দিৰসমূহৰ দুৱাৰ, খিৰিকীত মোগলাই ঠাচ আছে, সুকুমাৰ বৰকাথ প্ৰণীত ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিৰ শিল্পী দিলবৰ আৰু দোচাই আছিল মুছলমান শিল্পী। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ অনুগামী হোৱা ‘চান্দসাই’ আছিল মুছলমান। আজানপীৰ চাহাবৰ জিকিৰৰ লগত অসমৰ লোকগীত, দেহবিচাৰৰ গীতৰ সাদৃশ্য আছে। জিকিৰত কালিমা আৰু নামৰ মহিমা কীৰ্তিত হৈছে। ৰুদ্ৰসিংহৰ দিনৰ আঠঘৰ মুছলমান শিল্পীক ফাৰ্চীপঢ়ীয়া, আখৰকটীয়া, শিলাকটীয়া, মুগাকটীয়া, খনিকৰ, নেঘেৰিয়াল, দৰ্জী আৰু তাঁতী নিযুক্তি দি নিজৰ ৰাজ্যত ঠাই দিছিল। দ্বিজৰাম বিৰচিত মৃগাৱতী চৰিতৰ যোগেদি অসমীয়া সাহিত্যত চুফীবাদে প্ৰৱেশ কৰে। ইয়াৰ আন এটি নাম ‘চাহাপৰী উপাখ্যান’। জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ৰচনাতো চুফীবাদ লক্ষ্য কৰা যায়। চৰ-চাপৰিৰ মাজত জনপ্ৰিয় গীতৰাজিৰ মাজত পল্লীগীত, ভাটিয়ালী গীত, ধুৱা গীত বা বাউল গীত, দৰীয়া পীৰৰ গীত, গাজী পীৰৰ গীত, বাৰমাহী গীত আদি প্ৰধান। পমুৱা মুছলমানসকলৰ প্ৰব্ৰজন আৰু জীৱন সংঘাতৰ সৈতে জড়িত কাহিনীৰ প্ৰতিধ্বনী গীতৰ মাজেৰে শুনা যায় এইদৰে—

“পদ্মা হইতে আইলাম আমি আসামেৰ চৰ।

বৰমপুত্ৰই ভাঙলো আমাৰ সেইনা সোণৰ ঘৰ।”

গতিকে ক’ব পাৰি যে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ পৰিপূৰ্ণ বিকাশত বিভিন্ন জনগোষ্ঠীৰ লগতেও মুছলমানসকলেও অৰিহণা আগবঢ়াইছে। বাঘ হাজৰিকাৰ (ইছমাইল চিদ্দিকি) দৰে অসমীয়া মুছলমানে দেশৰ বাবে যুদ্ধ কৰিছিল। গতিকে উপৰিউক্ত উদাহৰণসমূহৰপৰা স্পষ্টকৈ প্ৰতিফলিত হৈছে যে জাতি এটাত অন্যান্য বহু ধৰণৰ জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান নিহিত থাকে আৰু প্ৰকৃতাৰ্থত এটা সম্পূৰ্ণ জাতি হ’বলৈ হ’লে প্ৰতিটোৰে উপাদানৰ সমাহাৰ নিতান্তই আৱশ্যকীয়। অসমৰ জাতিসত্তা গঠনত এই জনগোষ্ঠীসমূহৰ নৃগোষ্ঠীয় অৱদানৰ লগতে সাংস্কৃতিক উপাদানেও বাৰেবৰণীয়া অসমীয়াৰ সংস্কৃতি বৰ্ণাঢ্য ৰূপ প্ৰদান কৰিছে, আৰু মই যদি জাতীয় নায়ক হ’লো হয় এই উপাদানবোৰৰ পূৰ্ণ বিকাশেৰে জাতিসত্তাক সবল কৰিবলৈ মনোনিৱেশ কৰিলো হয়। যিবোৰ মৌলিক উপাদানে ঐতিহাসিক ঘটনা প্ৰৱাহৰ পটভূমি ৰচনা কৰে আৰু উক্ত ঘটনা প্ৰৱাহৰ সূত্ৰ ধৰি সেইবোৰৰ তথ্যভিত্তিক বস্তুনিষ্ঠ বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিলো হয়।

‘জনসংখ্যা’ এনে এক উপাদান যিয়ে নেকি এটা জাতিৰ সত্তাক নিৰ্ধাৰিত কৰে। ডাঃ কৰুণা সাগৰদেৱৰ ‘লুইতৰপৰা টেমচলৈ’ স্পষ্টকৈ লিখিছিল যে— ‘‘দহ বছৰৰ অন্তৰে অন্তৰে দেশৰ জনগণনা কৰা হয়। দহ বছৰৰ মূৰত হোৱা বৃদ্ধিৰ হাৰক ‘দেকাদেল গ্ৰোথ’ বুলি কোৱা হয়। আমাৰ দেশৰ জনসংখ্যাৰ দহবছৰীয়া বৃদ্ধিৰ পৰিসংখ্যা বিশ্লেষণ কৰিলে দেখা যায় যে ১৯৬১-৭১ আৰু ১৯৭১-৮১ এই সময়ছোৱাত ‘দেকাদেল গ্ৰোথ’ সৰ্বোচ্চ আছিল। এই বৃদ্ধি ২৪ শতাংশৰো ঊৰ্ধ্বত আছিল। অৱশ্যে বৰ্তমান এই বৃ্দ্ধিৰ হাৰ কিছু নিম্নগামী হোৱাটো পৰিলক্ষিত হৈছে। দৰিদ্ৰ নিৰ্মূলৰ প্ৰতি প্ৰাধান্য দিলে আমাৰ দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমোৱাটো অতিশয় প্ৰয়োজনীয়। আসন্ন এই ভয়াৱহতাক সুস্থ আৰু সুদৃঢ় নীতিৰে নিয়ন্ত্ৰণ নকৰিলে অসমখনত সকলো উন্নয়নমূলক আঁচনি সফল ৰূপায়ণ অসম্ভৱ হোৱাৰ লগতে সামাজিক জনজীৱন অশান্ত আৰু অস্থিৰ হৈ পৰিব। এমুঠি উৎপাদনৰ পৰিৱৰ্তে উপভোক্তাৰ সংখ্যা হৈ পৰিব অগণন। এই পৰিস্থিতিত ৰাজ্যবাসীৰ বাবে জীৱন নিৰ্বাহৰ সুযোগৰ অভাৱ ঘটিব আৰু নিজৰ মাজত খোৱা-কামোৰাৰ উদ্ৰেক হ’ব আৰু চক্ৰান্তকাৰী সুযোগ-সন্ধানী ৰাজনীতিক তথা আন্দোলনকাৰীসকলে সুযোগ লৈ ৰাইজৰ মাজত সমস্যাটোৰ অপব্যাখ্যা কৰি ভ্ৰান্তিৰ সৃষ্টি কৰিব আৰু ৰাইজক বিপথে পৰিচালিত কৰিব।”

গতিকে ওপৰৰ বাক্যাংশৰপৰা অনুধাৱন কৰি নিশ্চয়কৈ ক’ব পাৰি যে মই যদি জাতীয় নায়ক হ’লোহেঁতেন উক্ত সমস্যা তথা দিশটোৰ ওপৰত সঠিক নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰি যাতে জাতীয় জীৱনৰ সংস্কাৰ, আচাৰ-ব্যৱহাৰ আদিক বিপদাপন্ন কৰিব নোৱাৰে সেই দিশত দৃষ্টি ৰাখিলো হয়। ‘জন্ম নিয়ন্ত্ৰণ’ৰ দৰে আঁচনিসমূহ তথা ইয়াৰ সুফলাফলসমূহ ৰাইজৰ মাজত গ্ৰহণযোগ্য তথা আকৰ্ষণীয়ভাৱে প্ৰচাৰ আৰু উপস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰ, ৰাজনৈতিক দল, স্বেচ্ছাসেৱী দল, সংগঠন, প্ৰচাৰ মাধ্যম, ধৰ্মীয় গুৰু আৰু বুদ্ধিজীৱী সকলোকে সাৰথি কৰি সহায়-সহযোগিতাৰে সংঘবদ্ধভাৱে সাফল্যমণ্ডিত কৰিবলৈ যত্ন কৰিম।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল— ‘‘যি জনতাই সদায়ে দুষ্কৃতিৰ আক্ৰমণত কেঁচুৱাতে ধ্বংস হ’ব খোজা সংস্কৃতিক নিজৰ বুকুত সুমুৱাই তুলি-তালি ডাঙৰ-দীঘল কৰে, যি জনতাই সদায় সংস্কৃতিৰ পৰাজয় হ’লেই দুষ্কৃতিৰ অত্যাচাৰ মূৰ পাতি ল’ব লগা হয়, যি জনতাৰ অন্তৰত সংস্কৃতিলৈ মৰম নুনুমোৱা বেলিৰ দৰে সদায়ে জ্বলি থাকে, যি জনতা সংস্কৃতিৰ বাঁহীত চিৰকালেই মুগ্ধ, যি জনতাৰ চকুপানীয়েই সাংস্কৃতিৰ নিৰ্মল গাত দুষ্কৃতিয়ে সানি দিয়া মলিবোৰ ধুৱাই-পখলাই নিকা কৰি ৰাখে, যি জনতাই দেখা মাত্ৰকে সংস্কৃতিক চিনি পায়, মাকে পুতেকক চিনি পোৱাৰ দৰেই যি জনতাই নিজৰ বুকুৰ তেজ যুগে যুগে দিয়ো সংস্কৃতিক জীয়াই ৰাখি দুষ্কৃতিৰপৰা যিয়েই সিহঁতৰ যাউতিযুগীয়া দুখ-কষ্ট গুচাই জীৱনৰ হাঁহি ফুলাব বুলি বাট চাই আছে, আজি শিল্পীয়ে প্ৰথমেই সকলো ভয়, দুৰ্বলতা, ভ্ৰান্তি গচকি-খচকি সুকুমাৰ কলাৰ অস্ত্ৰ লৈ সেই দুৰ্ভগীয়া জনতাৰ মাজত থিয় হ’বগৈ লাগিব, মোহমুক্ত অৰ্জুনে যেনেকৈ থিয় হৈছিল সংগ্ৰামৰ কাৰণে।”

গতিকে নিতান্তই প্ৰয়োজন বৰ্তমান সমাজত এনে এক শিল্পসুলভ মানসিকতা তথা দৃষ্টিভংগীৰ উত্থান হোৱাটো। শিল্পই সহজে অন্তৰ চুই যাব পাৰে, শিল্পই সৃষ্টি আৰু শিল্পই ভৱিষ্যতক এক সোণোৱালী দিশৰ পিনে মধুময় যাত্ৰাত অৰিহণা যোগাব পাৰে। অন্তৰত, চিন্তাধাৰাত এনে এক শিল্পসুলভতাক ধাৰণ কৰি জ্যোতিপ্ৰসাদদেৱৰ লেখীয়া এক নিৰপেক্ষ দৃষ্টিভংগীৰে তথা শিল্পসত্তাৰ অস্তিত্বক হৃদয়ংগম কৰি জাতিটোক তথা ইয়াৰ জনতাক সাঙুৰি অগ্ৰসৰ হ’লো হয়। মন্ত্ৰ এফাকি গুণগুণাই যে— “সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে/সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।”

নিশা যিমান গভীৰ নহওক পুৱা সিমানেই মধুময় হ’ব। এক আলোক-সন্ধানী মনীষাক সাৰোগত কৰি নতুন নিষ্পেষণহীন, মংগলময় ৰাষ্ট্ৰ গঠনৰ সকলো উপাদানক সামৰি নতুন দৃষ্টিৰে, নতুনত্বক সামৰি জাতীয় নায়কৰ ভূমিকা পালন কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ’লোহেঁতেন, দেশৰ উন্নতিৰ হকে, জাতিটোৰ মংগলৰ হকে— জ্যোতিৰ সুৰতেই সুৰ মিলাই যে—

“আমি কৰিব লাগিব পৃথিৱী আলোকময়

জ্ঞান-বিজ্ঞানৰ সকলো ধৰ্মৰ

নানা আদৰ্শৰ নানা বিভেদৰ

কৰিব লাগিব মহান সমন্বয়,

মহা মহত্ত্বৰ বিৰোধী আসুৰী

সকলো শত্ৰু কৰিব লাগিব জয়।”

এই পৃথিৱীত আনিব লাগিব মহত্ত্বৰ মহাজয়। কৰিব লাগিব গোটেই জগত, অমৃত আলোকময়।

[সদৌ অসম ভিত্তিত ‘মহাবাহু‘ৰ উদ্যোগত আৰু ‘মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেন্ট ট্ৰাষ্ট‘ৰ সহযোগত অনুষ্ঠিত হোৱা “মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন” শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ যুটীয়াভাৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰা পুষ্পাঞ্জলী শিৱম শৰ্মাৰ ৰচনাখন ‘মহাবাহু‘ৰ পাঠকসমাজৰ বাবে আগবঢ়োৱা হ‘ল।]

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসমৰ জাতীয় নায়ক
Anjan Sarma

Anjan Sarma

Related Posts

The Dangote Effect and Nigeria’s Energy Transition
Climate Change

The Dangote Effect and Nigeria’s Energy Transition

by Aliu Akoshile
July 13, 2026
0

The Dangote Effect and Nigeria’s Energy Transition Aliu Akoshile The global conversation on energy transition has gained remarkable momentum in...

Read moreDetails
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d