• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মই যদি অসমৰ জাতীয় নায়ক হলোহেতেন (১)

জাতীয় নায়ক

by Anjan Sarma
February 13, 2022
in Opinion, Special Report
Reading Time: 2 mins read
0
close up of globe

Photo by NastyaSensei on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

জাতীয় নায়ক

ৰবেন্দ্ৰ কুমাৰ দাস

[ সদৌ অসম ভিত্তিত ‘মহাবাহু‘ৰ উদ্যোগত আৰু ‘মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেন্ট ট্ৰাষ্ট‘ৰ সহযোগত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰা ৰবেন্দ্ৰ কুমাৰ দাসৰ ৰচনাখন ‘মহাবাহু‘ৰ পাঠকসমাজৰ বাবে আগবঢ়োৱা হ‘ল।]

৭৮৪৩৮ বৰ্গ কিলোমিটাৰ এলেকাৰ, ৩১২০৫৫৬৬ জন লোকবসতিৰ অসমৰ মই জাতীয় নায়ক। এই লোকসকলৰ ৮৬ শতাংশ অৰ্থাৎ ২ কোটি ৬৮ লাখ ৭ হাজাৰজন থাকে ২৬৩৯৫ খন গাঁৱত। মাত্ৰ ১৪ শতাংশ অৰ্থাৎ ৪৩ লাখ ৯৯ হাজাৰ লোকৰ বসতি চহৰ অঞ্চলত। ২২৩১৩২১ জন লোক অনুসূচিত জাতি আৰু ৩৮৮৪৩৭১ জন অনুসূচিত জনজাতিৰ। ভিন্ন পাৰ্বত্য ভাষা-সংস্কৃতিৰে তিনিখনকৈ পাহাৰীয়া জিলা, সম্পূৰ্ণ ভিন্ন মাত-কথাৰে বৰাক নদীৰ পাৰত তিনিখনকৈ বৰাক উপত্যকা জিলা। তদুপৰি, ব্ৰহ্মপুত্ৰ নদীৰ বিস্তৃত উপত্যকাটোত আছে স্বকীয় ভাষা-সংস্কৃতিৰে এইসকল জনগোষ্ঠীয় লোক—বড়ো-কছাৰী, মিচিং, দেউৰী, হাজং, গাৰো, খাচি, জয়ন্তীয়া, মেছ, ৰাভা, তিৱা। আছে বিস্তৃত চাহ বাগিচা সামৰি চাহ জনগোষ্ঠীয় লোক। খামতি, সোণোৱাল, কছাৰী, টাইফাকে আৰু পাৰ্বত্য অঞ্চলৰ কাৰ্বি, কুকি, ডিমাচা, ৰেংমা নগা, জেমী নগা। মই তেওঁলোক সকলোৰে জাতীয় নায়ক। ইয়াৰ উপৰি ২০০১ বৰ্ষৰ তথ্যৰ আধাৰত অসমৰ ১৪ খন জিলাৰ মুঠ চৰ এলেকাৰ ২৪৯০০৯৭ গৰাকী চৰবাসীৰো জাতীয় জীৱনৰ নায়ক হিচাপে মই দায়িত্বপ্ৰাপ্ত। এই সমগ্ৰ ৩ কোটি ১২ লক্ষ লোকৰ জীৱন আৰু সম্পত্তিৰ সামাজিক-ৰাজনৈতিক আৰু সবাৰো ঊৰ্ধ্বত, সাংবিধানিক কৰ্তৃত্ব নিশ্চিত কৰাৰ বাবে জাতীয় নায়ক হিচাপে মোৰ ওপৰত ন্যস্ত হৈছে দায়িত্ব। দেশৰ ভৌগোলিক এলেকাৰ ভিতৰত আৰু সংবিধানৰ মৰ্যাদা আৰু পৰিসৰৰদ্বাৰা আবৃত, এই জনগণৰ কল্যাণৰ বাবে হাত আৰু মগজুৰ কাম কৰাৰ বাবে নায়কৰূপে মোক দায়িত্ব প্ৰদান কৰা হৈছে।

এই সমুদায় লোকক অসম অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে ৫৬১৯৪ বৰ্গ কিলোমিটাৰ আৰু বৰাক নদীয়ে ২২২৪৪ বৰ্গ কিলোমিটাৰ সামৰি জলধাৰাৰে ভৌগোলিক তথা আৰ্থ-সামাজিক জীৱন প্ৰদান কৰিছে নিজৰ অগণন শাখা-প্ৰশাখাৰে। কাৰ্বি আংলঙৰ মালভূমি অঞ্চল আৰু উত্তৰ কাছাৰ জিলাৰ পাৰ্বত্য অঞ্চলেও প্ৰাকৃতিক সম্পদ সমাহাৰেৰে বৃহত্তৰ অসমক ঠন ধৰি উঠাত উৎসাহ যোগাইছে। মুঠ অঞ্চলৰ অসমৰ ৩৪.২১ শতাংশ বা ২৬৮৩২ বৰ্গ কিলোমিটাৰ এলেকা বনাঞ্চলে সামৰি অসমক প্ৰাকৃতিক আৰু আৰ্থিকভাৱে সমৃদ্ধ হোৱাত সহায় কৰিছে। পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ, চূণশিল আদি কৰি সমগ্ৰ অসম জুৰি ভিন্ন খনিজ সামগ্ৰীৰেও অসম চহকী।

এই সকলো মানৱ আৰু প্ৰাকৃতিক সম্পদক অসমৰ জাতীয় নায়কজনে নায়কসুলভ নেতৃত্ব দি অসমক দেশৰ বাকী ২৮ খন ৰাজ্যৰ দীঘলীয়া শাৰীটোৰ একেবাৰে আগৰ ফালে লৈ যোৱাটোৱেই অসমবাসীয়ে বিচাৰিছে। তেওঁৰ হাতত এই সম্পদৰাজিৰ পূৰ্ণ বিকাশৰ দায়িত্ব আছে সম্পূৰ্ণভাৱে দেশৰ সংবিধানৰ পৰিধিৰ ভিতৰত, বিভিন্ন চৰ্তাৱলীৰ কটকটীয়া ব্যৱস্থাৰ মাজত। জাতীয় নায়কজনে কিমান সূক্ষ্ম ৰূপত চিন্তা-চৰ্চা কৰি ধনে-ধানে-পুষ্পে ভৰা এই বসুন্ধৰা অসমক নদন-বদন ৰাজ্য এখনলৈ ৰূপান্তৰ কৰিব পাৰে, সেয়া শত্ৰু পক্ষ-মিত্ৰ পক্ষ দুয়ো সমানে লক্ষ্য কৰি আছে। জাতীয় নায়কৰ সেয়েহে মৌলিক কামটো ৭৮৪৩৮ বৰ্গ কিলোমিটাৰৰ ভিতৰত ৩১২০৫৫৬৬ জন লোকৰ সামগ্ৰিক আৰু ব্যক্তিগত জীৱনটোক ৰক্ষণাৱেক্ষণ দিয়া, সংৰক্ষণ দিয়া আৰু সংবৰ্ধন কৰা। দেশৰ সংবিধানে প্ৰদান কৰা অধিকাৰ তথা অসমত প্ৰচলিত ৰীতি-নীতি, সামাজিক চেতনা-পৰম্পৰা আদিৰ যৌথ তথা সমসাময়িক কৰ্মৰদ্বাৰা ৰাজ্যখনৰ বিকাশৰ দায়িত্ব লৈ কৰ্তব্য কৰি যোৱাটো জাতীয় নায়ক হিচাপে মোৰ কৰণীয়।

জাতীয় নায়কৰূপে মোৰ প্ৰথম কাম হ’ব সমগ্ৰ অসমৰ শান্তি-শৃংখলা আৰু সম্প্ৰীতি অক্ষুণ্ণ ৰখা আৰু সমূহ সম্প্ৰদায়ৰ মাজত নিৰাপত্তা প্ৰদান নিশ্চিত কৰা। জীৱন আৰু সম্পত্তিৰ অধিকাৰ নাগৰিকক আমাৰ দেশৰ সংবিধানে দিয়া অধিকাৰ; সেয়েহে জাতীয় নায়কৰ মৰ্যাদা পাবলৈ হ’লে মই এই অধিকাৰক সন্মান জনাই মোৰ মন-মগজুৰে কাম কৰিব লাগিব। ৰাষ্ট্ৰৰ প্ৰাথমিক দায়িত্ব জন-ধনৰ ৰক্ষণাৱেক্ষণ দিয়া। এইক্ষেত্ৰত মই ৰাষ্ট্ৰযন্ত্ৰৰ এটা শক্তিশালী অংশৰূপে শৃংখলা আৰু সংহতিৰ বাবে কাম কৰি তিনি কোটি বাৰ লক্ষ লোকক মূল জনজীৱনত আশ্বস্ত কৰি ৰাখিব লাগিব। অসমলৈ শান্তি-শৃংখলাত বাধা দিবলৈ বিদেশী মৌলবাদী শক্তিৰ উৎসাহ দীঘলীয়া দিনৰ। তেওঁলোকৰ লগত দেশৰো কেতবোৰ অঞ্চলৰ আগ্ৰাসী চিন্তাই হাত উজান দি থাকে। এইসমূহ অপশক্তিৰ মূল লক্ষ্য অশান্তজৰ্জৰ অসমৰ পৰিস্থিতিৰ মাজতেই সমৃদ্ধ অসমৰ সম্পদৰাজিৰ কৰ্তৃত্ব লাভ। অসমৰ ভিতৰতেই জাগ্ৰত হোৱা বহুকেইটা আত্মগোপনকাৰী লুণ্ঠনকাৰী সংগঠনৰ পোনপটীয়া আক্ৰমণত বিগত চল্লিছটা বছৰে ৰাজ্যখনৰ জন-ধনৰ প্ৰভূত ক্ষতিসাধন হোৱাৰ সমানে সমানে সামগ্ৰিকভাৱে জনগণৰ মাজত ভাতৃত্ববোধ আৰু সংহতিৰ বাতাৱৰণত বিৰূপ প্ৰভাৱ পেলাইছে। এই অপশক্তিসমূহে ভাষা আৰু ধৰ্মভিত্তিকো সহনশীল অসমৰ জনসাধাৰণৰ মাজত হিংসা আৰু বিদ্বেষৰ বীজ ভালদৰেই ৰোপণ কৰিছে। সেয়েহে, জাতীয় নায়কৰ মূল দায়িত্ব হ’ব সমুদায় অসমবাসীৰ মাজত শান্তি-সম্প্ৰীতি-সংহতিৰ ভেটি সুদৃঢ় কৰি বন্ধাৰ ক্ষেত্ৰত শুভবাৰ্তক-শুভচিন্তকৰূপে স্থিত হোৱা। জাতি-ভাষা-ধৰ্ম সকলোৰে সমপৰিমাণে ৰক্ষা হওক। এইবোৰে পৰস্পৰে পৰস্পৰৰ ক্ষতিসাধন কৰাৰ বিপৰীতে ইটোৱে সিটোৰ সহায়ক হৈ সামগ্ৰিক অসমবাসীৰ কল্যাণকামী শক্তিলৈ ৰূপান্তৰ হোৱাটোহে উচিত পদ্ধতি। এই শক্তিটোৰ মই জাতীয় নায়কৰূপে ইন্ধন আৰু শ্ৰমৰ যোগনিয়াৰ হ’ম। এই শক্তি আহৰণৰ প্ৰধান হোতাও মই হ’ম।

ৰাজনৈতিক কেতবোৰ চিন্তাইও এচাম অসমবাসীৰ মনলৈ ভীতিগ্ৰস্ততা নমাইছে। বিদেশী নাগৰিকৰ অনুপ্ৰৱেশ আৰু বিতাড়নৰ সমস্যা এটাই সম্পূৰ্ণ চল্লিছ বছৰ ধৰি অসমৰ আকাশ-বতাহ ছানি আছে। লগে লগে বড়ো-কছাৰীসকলৰ দীঘলীয়া বড়োলেণ্ড ৰাজ্য গঠনৰ আন্দোলন, কাৰ্বি লোকসকলৰ স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী আদি এতিয়াও উমি উমি জ্বলি আছে। বিগত চল্লিছটা বছৰে লুণ্ঠনকাৰী উগ্ৰপন্থী সংগঠনবোৰৰ সমানে সমানে, প্ৰায় হাতত ধৰা-ধৰিকৈও, এই ৰাজ্য-দাবীদাৰসকলৰ আন্দোলনে অসমৰ বিস্তৰ ক্ষতিসাধন কৰিছে। এই চল্লিছটা বছৰ অন্য বহুবোৰ ৰাজ্য হাতে-কামে ধৰি অসমতকৈতো আগুৱাই গ’লেই, বৰঞ্চ নিজৰ মাজতো ৰাজনৈতিক-বৌদ্ধিক-অৰ্থনৈতিক প্ৰতিযোগিতাত নামি নিজকে বিকশাই নিয়াত বেগী হৈছে, সফল হৈছে। এনেদৰে জৰ্জৰিত—বহু পৰিমাণে অসমবাসীৰ নিজৰেই সৃষ্ট জৰ্জৰতাই অসমৰ বাহিৰে আন কাৰো ক্ষতিসাধন কৰা নাই। ৰাষ্ট্ৰৰ ভৌগোলিক সীমাৰ ভিতৰত থাকি, সংঘ-ৰাষ্ট্ৰৰ চিন্তাৰ ভিতৰত থাকি, সাংবিধানিক লক্ষণ ৰেখা অতিক্ৰম নকৰাকৈও অন্য ৰাজ্যবিলাকে নিজৰ সমস্যাৰাজিৰ মূল বিন্দুটো চিনাক্ত কৰি তাৰ দূৰীকৰণৰ ব্যৱস্থাৰ বাবে হাতে-কামে ধৰে, কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰে, তেনে ক্ষেত্ৰত কেৱল মাথো আৱেগসৰ্বস্বতাৰে অসমৰ আটাইকেইটা জাতি-জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি আন্দোলন চলাই একো উপকাৰিতাও নাপায় আৰু ক্ষতিসাধনো কৰে। ৰাজনৈতিক-সামাজিক-বৌদ্ধিক কোনো এটা সংগঠনেই অসমৰ এই ব্যৱস্থাটোৰ পূৰ্ণ অধ্যয়নৰ প্ৰয়োজন অনুভৱ নকৰাৰ বাবেই অসমত এটা নতুন প্ৰজন্ম নিজৰ প্ৰভূত সম্ভাৱনা শক্তিক উদ্ভাৱন কৰাৰপৰা বহু নিলগত প্ৰায় নিষ্কৰ্মা হৈ থাকিবলগীয়া হৈছে।

গতিকেই জাতি গঠনৰ এক বৃহৎ পৰিকল্পিত নিৰ্মাণক্ষেত্ৰ প্ৰস্তুতৰ এজন নায়কোচিত কৰ্মীৰ দায়িত্ব লৈ মই অসমৰ শুভযাত্ৰাৰ সূচনা কৰিব লাগিব। সকলো জাতিকে সামৰি সকলো জাতিকে নিজৰ নিজৰ ভাবে আগবাঢ়ি যাবলৈ প্ৰেৰণা দি, বৃহত্তৰ অসমৰ কথাত এক হৈ, অসমক নেতৃত্ব দিব পৰা শক্তিলৈ এই জাতিসমূহক উজ্জীৱিত কৰাটো হ’ব জাতীয় নায়ক হিচাপে মোৰ সৰ্বপ্ৰথম চিন্তা।

United Nations Development Programme-এ (UNDP) ২০০৯ চনত অসমৰ প্ৰথম Human Development Report বা ‘মানৱ উন্নয়ন প্ৰতিৱেদন’ প্ৰকাশ কৰিছিল। UNDP-ৰ নিজৰ মূলমন্ত্ৰই হ’ল The Real wealth of a nation is its people. And the purpose of development is to create an enabling environment for people to enjoy long, healthy and creative lives. Human development is the end-economic growth a means. So the purpose of growth should be to enrich people’s lives. UNDP-ৰ মূলমন্ত্ৰৰ এই অন্তৰ্নিহিত শক্তিৰে অসমৰ জাতীয় নায়ক হিচাপে মোৰ মৌলিক দায়িত্বটো হ’ব People’s Growth—মানৱ সংবৰ্ধন।

কিন্তু কেনেকৈ?

১। ‘বন্ধ সংস্কৃতিৰ বিলোপ’— সম্ভৱ ভাৰতৰ ভিতৰত বন্ধ পালন কৰা ৰাজ্য হিচাপে একেবাৰে আগৰ স্থানত আছে অসম (অসমত উদযাপন হোৱা ‘বন্ধ’ৰ বিৰুদ্ধে কোনেও একো ব্যৱস্থা নোলোৱাত ২০১৫ চনৰ ১৮ মে’ তাৰিখে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে এক জনস্বাৰ্থ জড়িত গোচৰত ৰাজ্য চৰকাৰক ২০১৪ চনৰপৰাই সেই পৰ্যন্ত বিভিন্ন দল-সংগঠনে অসাংবিধানিকভাৱে আহ্বান জনোৱা বন্ধ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে সন্মুখীন হোৱা আৰ্থিক লোকচানৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল)। ২০১৭ চনৰ ২০ ডিচেম্বৰ তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাই, ২০১৮ শিক্ষাবৰ্ষৰপৰাই, সুকীয়া বড়ো ৰাজ্য গঠন আৰু বড়ো মাধ্যমৰ বিদ্যালয়ৰ শৈক্ষিক সমস্যাসমূহৰ বাবে কৰা আন্দোলনৰ বাহিৰে, অন্য সকলো ধৰণৰ আন্দোলনৰ কাৰ্যসূচী বন্ধ ৰখাৰ লগতে, শৈক্ষিক দিশত ইতিবাচক পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছিল। মই জাতীয় নায়ক হিচাপে সমূহ ছাত্ৰ-ছাত্ৰীক উদ্বুদ্ধ কৰিম যে আন্দোলনৰ নামত বিদ্যালয় বন্ধ ৰাখি শিক্ষাদান ব্যাহত কৰা কাম সমূলঞ্চে দূৰ হওক।

২। শিক্ষাৰ প্লাৱনে অসম ধোৱাই যোৱাটো মানৱ সংবৰ্ধনৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ। তিনিটা বিগত লোকপিয়লত অসমৰ শিক্ষিতৰ হাৰ এনে ধৰণে দেখুওৱা হৈছে— ১৯৯১ চন (৫২.৪৯ শতাংশ), ২০০১ চন (৬৪.২৪ শতাংশ), ২০১১ চন (৭২.১৯ শতাংশ)। লোকপিয়লে যি কয় কওক, কিন্তু আমি এতিয়াও মানৱ সম্পদৰ এক বিশাল ভাণ্ডাৰ, মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ, সামগ্ৰিক উন্নয়নৰ বিকাশৰ দিশটোত সচেতন নহয়। আমি প্ৰাথমিক শিক্ষাৰ কথা কওঁ ‘Right to Education’-ৰ ভয়ত। আইআইটিৰ কথা, কওঁ কাৰিকৰী শিক্ষাৰ বিস্তীৰ্ণতাৰে দেশৰ তথ্য-প্ৰযুক্তিৰ বিকাশৰ সপোন ৰচনা কৰি। কিন্তু, আমি মাধ্যম শিক্ষা ব্যৱস্থা মাধ্যমিক শিক্ষাৰে বৃহৎ এক ছাত্ৰ-মানৱ শক্তিক দেশ নিৰ্মাণ, জাতি নিৰ্মাণৰ আহিলাৰূপে গঢ়ি আনিবলৈ তেওঁলোকৰ ক্ষেত্ৰত People’s growth মন্ত্ৰটোৰপৰা বহু নিলগত থাকো। মই নিশ্চিত কৰিম জাতীয় নায়ক হিচাপে যাতে শিক্ষানুষ্ঠানসমূহ বৰ্তি থাকে। এইচাম শিক্ষা-সম্পদক অসমৰ সামগ্ৰিক গাঁথনিৰ হাতিয়াৰ হিচাপে গণ্য কৰি। বিদ্যালয়লৈ ৰাষ্ট্ৰৰ শৈক্ষিক আহিলা যোগানৰ সমানে সমানে শৈক্ষিক মানদণ্ড নিৰূপণৰ যন্ত্ৰপাতি বহুতেই আওপুৰণি আৰু দক্ষতাহীন। পূৰ্ণ মূল্যায়ন, নিয়মীয়া বাস্তৱিক পৰিদৰ্শন আদিৰ জৰিয়তে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ আৰু মানদণ্ডৰ উন্নয়ন সাধনৰ কথাটোত গুৰুত্ব আৰোপ কৰিব পৰাকৈ মই এলানি কাৰ্যসূচী প্ৰস্তুত কৰি ল’ম।

৩। কৰ্ম সাংস্কৃতিৰ অবৰ্ণনীয় ৰূপ এটাই বিকশিত অসমৰ ছবিখনকে বিবৰ্ণ কৰিব খোজে। লক্ষ লক্ষজন ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীৰ নিষ্ঠা আৰু দক্ষতাপূৰ্ণ সেৱা প্ৰদান অবিহনে আমি People’s growth বা Assam’s growth কল্পনাও কৰিব নোৱাৰো। তেওঁলোকৰ হাততেই নিৰ্ভৰ কৰি আছে সামগ্ৰিক অসমৰ বিকাশ। চৰকাৰৰ বাৰ্ষিক অৰ্থনৈতিক বিকাশৰ কাগজীকৰণক জনগণে স্বচক্ষে দেখিব পৰাকৈ কৰ্মদক্ষ, ন্যায়নিষ্ঠ, সৎ বিষয়া-কৰ্মচাৰীৰ প্ৰয়োজন। মহাৰাষ্ট্ৰ চৰকাৰে ২০১৮ চনত ৰাজ্যখনৰ ৭.৫ লাখ চৰকাৰী কৰ্মচাৰীৰ কাম-কাজৰ Subjective and Objective evaluation কৰিবৰ বাবে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এখন আঁচনি গ্ৰহণ কৰি এই কৰ্মচাৰীসকলৰ দক্ষতাপূৰ্ণ সেৱাত প্ৰবৃত্ত হ’বলৈ উৎসাহিত কৰিছিল। কিয়নো অফিচত ফাইলত ‘নোট’ (Note) লিখাৰপৰা আৰম্ভ কৰি ক্ষেত্ৰ পৰ্যায়ত কি ধৰণৰ ফলাফল প্ৰাপ্ত কৰা হ’ল, সেই সকলোবোৰৰ বাবে কৰ্মচাৰীসকলক নম্বৰ দি ‘Rank’ দিয়া হ’ব। অসমতো এই ব্যৱস্থা প্ৰয়োগে মূৰকত ৰাইজক উপকৃত কৰিবৰ বাবে, তেনে আঁচনি গ্ৰহণ কৰাৰ বাবে চৰকাৰক উজ্জীৱিত কৰিবলৈ মই প্ৰচেষ্টা চলোৱাত সমান্তৰালভাৱে কৰ্মচাৰীসকলৰো কাৰ্যক্ষমতাত তীক্ষ্ণ নজৰ ৰখাৰ বাবে পদ্ধতি উদ্ভাৱন কৰিম।

২০১৬ চনৰ ৩ অক্টোবৰ তাৰিখে অসম চৰকাৰে উন্মোচন কৰিছে ‘অসম মানৱ উন্নয়ন ২০১৪’-ৰ প্ৰতিৱেদন। ২০১৫ চনৰ ২০ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাষ্ট্ৰসংঘৰ Sustainable Development Summit-ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে দিয়া বহুলক্ষম উন্নয়নৰ মন্ত্ৰক সাৰোগত কৰি অসমৰ ৰাজ্য চৰকাৰে ‘অসম ২০৩০ঃ আমাৰ সপোন আমাৰ দায়বদ্ধতা’ ধাৰ্য কৰি বিশ্বৰ স’তে ফেৰ মাৰি সম উন্নয়নৰ সোপান মেলিছে। এই সোপানত আছে দৰিদ্ৰতা দূৰীকৰণ, ভোকৰ নিবৃত্তি, মানসম্পন্ন শিক্ষা, বিশুদ্ধ পানী আৰু সুপয়ঃপ্ৰণালী নিশ্চিতকৰণ, অসমতা হ্ৰাসকৰণ, লিংগ বৈষম্যৰ বিলুপ্তি ইত্যাদি ১৭ টা বিশেষ লক্ষ্য। ১ লাখ ৬৯ হাজাৰ লোকৰ ওপৰত সমীক্ষা চলাই পোৱা এই সমীক্ষাত মানৱ উন্নয়নৰ সূচাংক ০.৫৫ শতাংশ বৃদ্ধি পোৱা দেখুৱাইছে। এই বৃদ্ধি মূলতঃ শিক্ষা আৰু স্বাস্থ্য— দিশ দুটাৰ সামান্য উন্নয়নৰ বাবে। কৰ্ম সংস্থাপন নোপোৱা যুৱক-যুৱতীৰ সংখ্যা ৰাজ্যখনত ১৫ৰপৰা ২৪ শতাংশলৈ বৃদ্ধি পাইছে। নিবনুৱাৰ সংখ্যা ৩৭.৭ শতাংশলৈ আৰু নিবনুৱা মহিলাৰ সংখ্যা ৩৩.৯ শতাংশলৈ বাঢ়িছে। ৩৭.৪ শতাংশ শিশুৰ পুষ্টিহীনতা, ১৫ শতাংশ যুৱতীৰ বিদ্যালয় এৰি বিয়াত বহা আদি কাৰকবিলাকৰ কাৰণে শিশু আৰু মাতৃৰ মৃত্যু বাঢ়িছে। এইখন প্ৰতিৱেদনে এতিয়া অসমৰ সমস্যা আৰু সম্ভাৱনীয়তাক অধিক প্ৰকট কৰি ৰাজ্যখনক সামাজিক, অৰ্থনৈতিক, ভৌগোলিক আৰু প্ৰতিষ্ঠানিক বৈচিত্ৰ্যতাক গুৰুত্ব আৰোপ কৰি সমগ্ৰ উন্নয়নৰ মন্ত্ৰটোক কায়মনোবাক্যে গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে। তেনে এক প্ৰেক্ষাপটত জাতীয় নায়ক হিচাপে মোৰ কৰ্মপন্থা নিৰ্ধাৰণৰ বিৰাট প্ৰত্যাহ্বান তেনেই সমাগত।

৪। এই সামগ্ৰিক বিকাশৰ লক্ষ্যটোত আগবাঢ়িবৰ বাবে মোৰ কৰ্মসূচীত এইকেইটা দিশকো সামৰি লোৱাটো গুৰুত্বপূৰ্ণ বিবেচিত কৰা হৈছে—(ক) যাতায়াতৰ উন্নয়ন (খ) মহিলা সবলীকৰণ (গ) বৈদ্যুতিক শক্তি বৃদ্ধি (ঘ) কৃষি আৰু আনুষংগিক সম্পদৰ বৃদ্ধি (ঙ) বন সম্পদ-জল সম্পদৰ বিকাশ (চ) সাংস্কৃতিক বিপ্লৱ (ছ) যান্ত্ৰিক আৰু স্কীল (দক্ষতা) শক্তিৰ উদাৰীকৰণ (জ) পৰ্যটনৰ উন্নতিসাধন (ঝ) ভূমি সমস্যা।

যাতায়াতৰ সুব্যৱস্থা আৰু সংযোগ স্থাপনৰদ্বাৰা উৎপাদিত সামগ্ৰীৰ ৰপ্তানি, প্ৰয়োজনীয় নিৰ্মাণ আদি কামৰ বাবে, বা খাদ্য সামগ্ৰী সৰবৰাহ আদিৰ বাবেও আৰু ঘাইকৈ আধুনিক বিশ্ব এখনৰ দিশে, বজাৰৰ দিশে আগুৱাবলৈ যাতায়াতৰ উন্নয়নৰ গত্যন্তৰ নাই। অসমে চুবুৰীয়া ৰাজ্যসমূহৰ স’তে পথ-ৰে’ল-বিমান-জল সংযোগেৰে সংযোজিত হোৱাৰ উপৰি একেই ব্যৱস্থাৰে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ, বাংলাদেশ, ভুটান, নেপালৰ লগত এছিয়ান হাইৱে আঁচনিৰ জৰিয়তে সংযুক্ত হ’ব লাগিব। আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নয়ন কৰাটো কল্যাণকামী ৰাজ্য হিচাপে অসম চৰকাৰক পৰামৰ্শ, সজাগতামূলক জনসম্পৰ্ক স্থাপন আদি দায়িত্ব পালন কৰি মই আহ্বান জনাম অসমবাসীক যাতে এই বুনিয়াদী সংযোগ গাঁথনিসমূহ নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স’তে সহযোগী ভাবসম্পন্ন মনোবৃত্তি গঢ়ি তোলে। সীমা বিবাদৰ দৰে বহুবোৰ বাধাই আমাক যোগাযোগ ব্যৱস্থা স্থাপনত এতিয়াও অসুবিধা দি আছে।

প্ৰচুৰ সম্ভাৱনাৰে প্ৰোজ্জ্বল অসমৰ পৰ্যটন বিকাশ আৰু সবল পৰ্যটন উদ্যোগৰ চিন্তা-চৰ্চাই অসমক বহু পৰিমাণে আৰ্থিকভাৱে লাভৱান কৰিব। পৰ্যটন স্থানসমূহ উপযুক্তভাৱে চিনাক্তকৰণ কৰি, থকা-খোৱা আৰু যাতায়াতৰ বাহন আদিৰ যোগান ধৰি আমি অসমক এক অতি মনোৰম গৃহ পৰ্যটনভূমিলৈ ৰূপান্তৰ কৰিব পাৰো। ভ্ৰমণকাৰীসকলৰ বাবে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক ক্ষেত্ৰ, বাৰে-বৰণীয়া সংস্কৃতিসমূহ অতি উপযুক্ত। ইয়াৰ জৰিয়তে বিপুল সংখ্যক পৰ্যটকক অসম ভ্ৰমণৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰৰ উদ্যমতকৈও স্থানীয় লোকৰ আগ্ৰহ আৰু উৎসাহৰ মাত্ৰা বহুত বেছি হোৱা প্ৰয়োজন। অসমক প্ৰতিখন জিলাতে সিঁচৰতি হৈ থকা এই বহনক্ষম পৰ্যটনক্ষেত্ৰবোৰৰ উন্নয়ন আৰু বিকাশৰ যোগেদি আৰ্থিক অৱস্থাৰ উন্নতি সাধনৰ উপৰি, বিশেষকৈ মায়াময় অসমক বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণেৰে উপস্থাপন কৰিবও পৰা যাব। মই নিশ্চয়কৈ বিশ্বাস কৰো অসমৰ জাতীয় নায়ক হিচাপে এই সাংস্কৃতিক বিপ্লৱৰ গুৰি ধৰাৰ বাবে মোৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। অসমৰ জনসাধাৰণৰ ‘বহনক্ষম পৰ্যটন মানসিকতা’ এটা গঢ়ি তোলা, তাৰ চৰ্চা কৰোৱা আৰু বিকাশ সাধন কৰোৱাটো জাতীয় নায়কে নেতৃত্বসুলভভাৱে চিন্তা কৰা উচিত। বহনক্ষম পৰ্যটনৰ বিকাশক সমানে সমানে আৰু তাৰ স্বাৰ্থতেই এইকেইটা দিশৰো অসমত উন্নতি সাধন হ’ব আৰু হোৱা উচিত; যেনে— জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সুৰক্ষা সাধন কৰা, সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ সুব্যৱস্থা, বজাৰ বিকাশ-বজাৰ সম্পৰ্কত নতুন চিন্তাৰ উদ্ভাৱন আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল অসমৰ মানুহৰ শ্ৰমবিমুখিতাৰ বিলুপ্তি আৰু কঠোৰ পৰিশ্ৰমী সংগ্ৰামী জীৱনৰ প্ৰতি ধাৱমান। বহনক্ষম পৰ্যটনৰ সমানে সমানে আমাৰ চিন্তালৈ আহিব অসমৰ বস্ত্ৰ উদ্যোগ, চিল্ক, ইণ্ডাষ্ট্ৰী, কুটীৰ শিল্প আদিৰো বিপুল বিকাশ। গ্ৰাম্য অঞ্চলত পৰ্যটনৰ অৰ্থনৈতিক সম্ভাৱনাই তৃণমূল পৰ্যায়ত নিয়োগৰ সুবিধা বৃদ্ধি, দৰিদ্ৰতা উচ্ছেদ, বেচৰকাৰী সংগঠন— আত্মসহায়ক গোটক টনকিয়াল কৰা আদি কামবোৰো কৰিব। কেইবছৰমানৰ আগতে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৩১ খন গাঁৱক সামৰি যি গ্ৰাম্য পৰ্যটন আঁচনিৰ সূচনা কৰিছিল, তাত শুৱালকুছিক সামৰা হৈছিল। অসমৰ জনজাতি অধ্যুষিত আৰু কেবাটাও অঞ্চলত এনেদৰে গ্ৰাম্য পৰ্যটনৰ সুযোগ আছে আৰু সেইবোৰক সন্মুখলৈ উলিয়াই অনাটো জাতীয় নায়ক হিচাপে মোৰ গুৰুত্বপূৰ্ণ দায়িত্ব হ’ব।

সাংস্কৃতিক ঐতিহ্যকো বহনক্ষম পৰ্যটনলৈ বিকশাই অনাটো মই এইবাবেই মোৰ চিন্তালৈ আনিম যে ইয়াৰদ্বাৰাই অসমত একালত চলা ছবছৰীয়া অসম আন্দোলনৰ বিদেশী নাগৰিক বহিষ্কৰণৰ দিশটোৰ স’তে গুৰুত্বপূৰ্ণভাৱে সংযোজিত হোৱা অসমীয়া মানুহৰ জাতীয় সংস্কৃতিৰ ৰক্ষণাৱেক্ষণ, সংৰক্ষণ, সংবৰ্ধনৰ বিষয়কেইটা জড়িত হৈ আছে অসম চুক্তিৰ আধাৰত। এই দিশত জাতীয় নায়কৰ কৰ্মসূচীলৈ আহিবলগীয়া এক তাৎক্ষণিক বিন্দু হৈছে অসমৰ সত্ৰসমূহৰ ৰক্ষণাৱেক্ষণ, সংৰক্ষণ আৰু বিকাশ। বৰ অসমৰ ভেটি নিৰ্মাণ কৰা, মহাপুৰুষসকলৰ উদাৰ নীতি আৰু সামাজিক-সাংস্কৃতিক সংস্কাৰ সাধন কৰাৰ কেন্দ্ৰবিন্দু অসমৰ ১৪০ খন সত্ৰক ৰাজ্য চৰকাৰে ২০১৬-১৭ বিত্তীয় বৰ্ষত ২৫ কোটি টকাৰ আৰ্থিক অনুদানেৰে সহায় আগবঢ়োৱাটো ভাল কথা। কিন্তু, জাতীয় নাগৰিকক উদ্বুদ্ধ কৰিব লাগিব জাতীয় নায়কে যে এই সত্ৰসমূহৰ ঐতিহ্যৰ বিকাশৰ আধুনিক চিন্তা-চৰ্চাৰ দায়িত্ব নাগৰিক সমাজে লওক। অসমীয়া জাতিৰ উত্তৰণৰ ক্ষেত্ৰত, বিশ্ব দৰবাৰত আগস্থান পাবলৈ দাবী কৰাৰ পৰত অসমৰ সত্ৰ জীৱনৰ, সত্ৰ ঐতিহ্যৰ ভীষণ প্ৰসাৰতাই বহু সুফল আগবঢ়াব।

সত্ৰ সংৰক্ষণৰ সমান্তৰালভাৱে যিটো কথাই অসমৰ জাতীয় নায়কজনক চিন্তিত কৰি ৰাছে, সেয়া চৰ অঞ্চলৰ বিকাশ। অসমৰ মূল নদীসমূহে বৃহৎ একোটা অঞ্চলত প্ৰাকৃতিকভাৱে চৰৰ সৃষ্টি কৰে। এই চৰসমূহ দৰাচলতে হ’ব লাগিছিল অসমৰ কৃষি-অৰ্থনীতিৰ অন্য এক উৎপাদনক্ষম ভূমিক্ষেত্ৰ। কিন্তু, এতিয়া চৰ বুলিলেই অসমৰ, মূলত খিলঞ্জীয়া জলসাধাৰণে, অবৈধ নাগৰিকৰ আশ্ৰয়স্থলী আৰু জনজীৱনৰ বিকাশথলী বুলি গণ্য কৰে আৰু বিশ্বাস কৰে। এই বিশ্বাসক অধিক দৃঢ়তা প্ৰদান কৰিছে সেই চৰ অঞ্চলসমূহত অত্যধিক আৰু অবিশ্বাস্যভাৱে বৃদ্ধি পোৱা জনসংখ্যাই। চুবুৰীয়া ৰাষ্ট্ৰৰপৰা আৰ্থিক তাড়নাত পৰিয়েই বহু লোক আহি এই চৰ অঞ্চলসমূহ গ্ৰাস কৰি পেলাইছে বুলি ভবাব সবল কাৰণ আছে। অসমৰ ৩৬০৯ বৰ্গ কিলোমিটাৰ চৰ এলেকা ১৪ খন জিলাত বিস্তৃত হৈ আছে। মূল কথাটো — নদী ভাঙোনত উদ্বাস্তু হোৱা খিলঞ্জীয়া অসমৰ বাসিন্দাসকলৰ বাবেহে চৰ ভূমি সংৰক্ষিত হ’ব লাগে। কিন্তু, সেইবোৰত প্ৰশাসন যন্ত্ৰই যথোপযুক্ত সক্ৰিয়তা প্ৰদৰ্শন নকৰাৰ ফলত অবৈধভাৱে বহু নাগৰিকৰ আগমন আৰু কৰ্তৃত্বই স্থানীয় খিলঞ্জীয়াৰ জীৱনলৈ আৰ্থিক-সামাজিক সকলো নিৰাপত্তালৈকে ভয়াৱহতা মাতিছে।

এইক্ষেত্ৰত জাতীয় নায়কে চৰকাৰ, খিলঞ্জীয়া অধিৱাসী আদি সকলোকে দায়িত্বশীল আৰু কৰ্তব্যপৰায়ণ হ’বলৈ আহ্বান জনোৱাই নহয়, প্ৰচলিত ভূমিনীতিৰ আধাৰত চৰ অঞ্চলৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বাধ্য হ’বলৈ সক্ৰিয় কৰাব। ইয়াৰদ্বাৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰব্ৰজন আৰু সেইবোৰে সৃষ্টি কৰা বহুবোৰ অসামাজিক দুষ্কাৰ্য-অপৰাধ আদি ৰোধ কৰাত সহায়ক হ’ব।

অসমত সত্ৰ-চৰ আদিৰ ভূমি সমস্যাৰ স’তে সংযোগ হোৱা আৰু দুটা সমস্যা হৈছে চুবুৰীয়া ৰাজ্যৰদ্বাৰা অসমৰ ভৌগোলিক এলেকাত বেদখল আৰু চাহ বাগিচা অঞ্চলৰ চৰকাৰী ভূমিত বাগিচাৰ মালিক কৰ্তৃপক্ষৰ অনধিকাৰ দখল। বহু যুগ ধৰি অসমৰ সীমামূৰীয়া প্ৰতিখন ৰাজ্যৰ লগতে অসমৰ আছে ভূমি বেদখলী বিবাদ— কেতিয়াও ওৰ নপৰা বিবাদ। এই বিবাদে সীমামূৰীয়া অসমৰ খিলঞ্জীয়া জীৱনলৈ ভয়ংকৰ দুৰ্ভাৱনা কঢ়িয়াই অনাৰ উপৰি বহুবোৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰো সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি চলি থকা এই ইছ্যুটো কেন্দ্ৰ ৰাজ্য কোনেও মীমাংসা কৰি উঠিব পৰা নাই। মই কওঁ যে এই সমস্যাটো অসমৰ জাতীয় স্তৰত শক্তিশালী প্ৰশাসন যন্ত্ৰই যাতে এই বিবাদৰ মীমাংসাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰে, তাৰ প্ৰতি জনমত গঠন আৰু জনসজাগতা বৃদ্ধি কৰাত মই গুৰুত্বপূৰ্ণ নেতৃত্ব নিশ্চয় ল’ম। একেই ধৰণেৰে, ৰাজ্যিক প্ৰশাসন সক্ৰিয় হ’বই লাগিব চাহ বাগিচা কৰ্তৃপক্ষই নিজৰ লাভৰ বাবে অযুক্তিকৰভাৱে যাতে চৰকাৰী ভূমি দখল কৰিব নোৱাৰে তাৰ প্ৰতি নিষ্ঠাৱান হ’বলৈ।

ভূমি বেদখলৰ সমানে সমানে যিটো সমস্যাই জাতীয় নায়কক চিন্তাক্লিষ্ট কৰে, সেয়া নিশ্চয়কৈ বনাঞ্চল বেদখল আৰু বনসম্পদ লুণ্ঠন। এই বনাঞ্চল ধ্বংসযজ্ঞৰ ফলত বনসম্পদত অতি চহকী আমাৰ ৰাজ্যখনে অতুলনীয় প্ৰাকৃতিক সম্পদেৰে বিস্তৰ অৰ্থনীতি সবলীকৰণত আৰু সমানে সমানে বায়ুমণ্ডল দূষণমুক্ত কৰি ৰখাত চৰম বিফল হৈছে। ঘাইকৈ সংৰক্ষিত বনাঞ্চল চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সীমাৰ স’তে জড়িত বাবে উচটনিমূলক, আগ্ৰাসী কাৰ্যৰে সেইবোৰ ৰাজ্যই অসমৰ সংৰক্ষিত বনাঞ্চলৰ বিনষ্ট সাধন কৰিছে। তদুপৰি, বিভাগৰ অকৰ্মণ্যতাৰ বাবেই চোৰাং চিকাৰীৰদ্বাৰা গোটেই বছৰটোৱেই অসমৰ বনানী আৰু বন্যপ্ৰাণীৰ হানি হোৱাটো নৈমিত্তিক ঘটনাৰ দৰে হৈ পৰিছে। ইয়াৰ পৰিত্ৰাণ ক’ত?

অগণন চৰকাৰী আঁচনিৰেও বনৰ ৰক্ষণাৱেক্ষণ, সংৰক্ষণ আৰু সংবৰ্ধনত অগ্ৰগতি অৰ্জন কৰিব পৰা নাই। জাতীয় নায়কৰ দৃষ্টি থাকিব— (১) সততা আৰু দক্ষতাসম্পন্ন বনাঞ্চল ৰক্ষণকাৰী চৰকাৰী শাসন যন্ত্ৰটোৰ সমানে সমানে জনগণকো এই কাৰ্যত প্ৰাণৱন্ত কৰি তোলা আৰু দায়িত্বশীল কৰি অনা (২) সম্পদৰাজিৰ জৰিয়তে অসমৰ অৰ্থনীতি সবলীকৰণৰ বাবে স্থানীয়ভাৱে উদ্যোগ স্থাপনৰ চিন্তা কৰা যি ৰাজ্যখনক বনানীৰ শ্ৰীবৃদ্ধি কৰিবৰ বাবে উৎসাহী কৰিবলৈ বাধ্য কৰাব।

জলসম্পদক আজিকোপতি ৰাজ্যখনে বানপানী আৰু বৃহৎ নদী প্ৰকল্পৰ বিৰোধিতা কৰাৰ চিন্তাত নিমগ্ন হৈ থকা দেখা গ’ল। এই দুয়োটা বিন্দুকেই ইতিবাচক দৃষ্টিৰ সঁহাৰি দিয়া হোৱা নাই বাবেই বানপানীয়ে আমাক কোনো এটা বছৰতেই ব্যাঘাত নজনোৱাকৈ থকা নাই আৰু নদীমাতৃক ৰাজ্য অসমক এতিয়াও নদীয়ে দিব পৰা বহু উপকাৰী সম্পদ দিয়াৰপৰা বঞ্চিত কৰি আহিছে। ৰাজ্য চৰকাৰ আৰু জনসাধাৰণৰ সুসম্পৰ্ক আৰু ভাব আদান-প্ৰদানৰ অভাৱেই এইক্ষেত্ৰত প্ৰধান অন্তৰায়। এইক্ষেত্ৰত জাতীয় নায়কে মধ্যস্থতাকাৰীৰ দায়িত্ব লোৱাৰ সময় একেবাৰেই সমাগত।

(ড) এনেদৰে ৰাজ্যখনৰ উন্নয়নমূলক সমূহ ক্ষেত্ৰতে এচাম তেনেই চিন্তাশীল আৰু কৰ্মঠ লোকৰদ্বাৰা আধুনিক বৈজ্ঞানিক ক্ষেত্ৰৰ প্ৰয়োগেৰে ৰাজ্যখনৰ সকলো সম্ভাৱনীয়তাক উজ্জীৱিত কৰা, উঠি অহা এটা প্ৰজন্মক চৰকাৰমুখিতা আৰু চৰকাৰ-বিমুখিতা দুয়োটাৰে সম্পৰ্কত শক্তিশালী আৰু পৰিষ্কাৰ ধাৰণাৰ অংশীদাৰ হোৱাৰ বাবে উৎসাহ দিবলৈ অসমৰ জাতীয় নায়ক হিচাপে মোৰ গুৰুত্বপূৰ্ণ কৰ্তব্য আছে। চৰকাৰী আঁচনি চৰকাৰে গ্ৰহণ কৰিব, ৰূপায়ণ কৰিব। কিন্তু, ভাৰতীয় সংবিধানৰ পৃষ্ঠাসমূহৰ ভিতৰত থাকিও, ‘জনতা ভৱন’ আৰু সচিবালয়ৰ বাহিৰত থাকিও এদল অতি দক্ষ, সৎ আৰু নিষ্ঠাৱান সেনা সৃষ্টি কৰি তেওঁলোকক একেবাৰে সন্মুখৰপৰা নেতৃত্ব দিবলৈকে মই যদি অসমৰ জাতীয় নায়ক হওঁ, তেনেহ’লে মোৰ সেনানীক মই পাঞ্চজন্য বজাই ক’ম— প্ৰশাসনৰ লগত থাকি সুপ্ৰশাসন নিশ্চিত কৰা আৰু প্ৰশাসনৰ বিৰোধ কৰি কুপ্ৰশাসন স্তব্ধ কৰা। এই মন্ত্ৰই অসমৰ এখন ‘স্কীল অসম’ৰ সপোন দেখুৱাবলৈ সুবিধা দিব আৰু শুদ্ধ এন আৰ চিৰ পৃষ্ঠা ছপা হোৱাত সহায়ক হ’ব।

চৰকাৰী তথ্য, গৱেষকসকলৰ তথ্য সকলোৱেই প্ৰচাৰ মাধ্যমৰ যিদৰেই পৰিসীমাত প্ৰৱেশ কৰে কৰকগৈ, মই মোৰ ৰাজ্যৰ জনতাৰ নায়ক হিচাপে এই পৰামৰ্শই দিম—নিয়োগ বিনিময় কেন্দ্ৰৰ ৰেজিষ্টাৰত নাম অন্তৰ্ভুক্তি কৰাবৰ দিনৰপৰাই তুমি নিশ্চিত হোৱা— ১) তুমি দেশৰ সম্পদ ২) তুমি উৎপাদনশীল সম্পদ ৩) তুমি অক্ষতিকাৰক সম্পদ।

যিসকলে নিয়োগ বিনিময় কেন্দ্ৰৰ বাট চিনি নাপায়, তেওঁলোককো মই এই একেই কথাই ক’ম। এতিয়া, এই নিয়োগ বিনিময় কেন্দ্ৰলৈ নোযোৱাসকলৰ বাবে এক বিন্দু হ’লেও মোৰ দায়িত্ব অধিক এইবাবেই যে তেওঁলোকৰ সম্ভাৱনীয়তাখিনিক উদ্ভাসিত কৰিবলৈ মই এক ‘স্কীল অসম’ৰ মেপ আঁকিব লাগিব। শিক্ষাহীনতাতকৈও ভয়াৱহ হ’ল অশিক্ষিত হৈ ৰোৱা। মগজু আৰু শ্ৰমৰ ভাৰসাম্যিক বিকাশেৰে মই এইচাম মানৱ সম্পদক এক জাগৰণলৈ ৰূপান্তৰ কৰাৰ ব্ৰতত চৰকাৰ-অচৰকাৰ সকলোৰে সহায় কামনা কৰিম। মোক এখন শাৰীৰিক-মানসিক শক্তিসম্পন্ন অসম লাগে যি ৩ কোটি ১২ লাখ মানুহৰ চিন্তা আৰু শ্ৰমৰ উপাদানৰ ভিত্তিতহে সম্ভৱ হ’ব। এই সমুদায় সম্পদক বৃহৎ সম্ভাৱনীয়তাৰ দিশে অগ্ৰসৰ কৰাবলৈ হ’লে মই জাতীয় চৰিত্ৰৰ অৰ্হতা অৰ্জন কৰিব লাগিব আৰু তাৰ বাবে সকলো জনগোষ্ঠীৰ আস্থাপ্ৰাপ্ত কৰিব লাগিব। মোৰ জাতিটোক ৩ কোটি ১২ লাখ লোকেৰে গঠিত জাতিটোক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিভীষিকাই গ্ৰাস কৰিব নালাগিব; এই পঞ্জীয়ে তেওঁক এখন চালিৰ তলত ৰাতি উদ্বেগশূন্যভাৱে নিদ্ৰাপ্ৰাপ্তি কৰাব লাগিব আৰু ৰাতিপুৱা সূৰ্য উঠাৰ লগে লগেই এই নাগৰিকপঞ্জীয়ে সেই জাতিটোক ক’ব— যোৱা কাম কৰা, স্কীল-আনস্কীলড দুয়োটাই। অসমৰ জাতীয় নায়ক হিচাপে এই তিনি কোটি বাৰ লক্ষ মানুহেৰে গঠিত জাতিটোক এটা সূৰ্যোদয়-প্ৰভাত উপহাৰ দিবৰ বাবে গোটেই ৰাতি অন্ধকাৰত সাৰে থাকি এক জাতীয় চৈতন্য আহৰণ কৰাৰ কামত মই ব্ৰতী থাকিম।

৭৮৪৩৮ বৰ্গ কিলোমিটাৰ মাটিয়েই অসম নে ৩১২০৫৫৬৬ জনগণই অসম— সেই কথা নিৰ্ধাৰণ কৰিব দেশৰ সংবিধানে। সংবিধান মোৰ কৱচ কাপোৰ হ’ব। মই জাতীয় নায়ক হিচাপে যি প্ৰৌজ্জ্বল অসমৰ বাটৰ সন্ধানত নামিছো তাত ভ্ৰাতৃত্ব, মমত্ব আৰু বিশ্বাস শাণিত অস্ত্ৰৰ তূণ উপচি আছে। এই অস্ত্ৰৰ এতিয়া উপযুক্ত স্থানত উপযুক্ত শক্তিৰ বিৰুদ্ধে ব্যৱহাৰ কৰাতকৈ অনুপযুক্ত স্থানত অনুপযুক্ত শক্তিৰ সপক্ষে ব্যৱহাৰ কৰি অসম গঢ়াৰ সেনাদলত নামভৰ্তিৰ বাবে উপযুক্ত কৰি তুলিব লাগিব। এই নামভৰ্তিৰ যোগেদিয়েই তেওঁলোকে নিজক নিয়োজিত কৰিব লাগিব, নিজক বিনিময় কৰাৰ অৰ্হতা প্ৰাপ্ত কৰাব লাগিব।

৭৮৪৩৮ বৰ্গ কিলোমিটাৰ এলেকাৰ এক ‘নিয়োগ বিনিময় কেন্দ্ৰ’ত পৰিচালকৰ ৰূপত নিজক প্ৰতিষ্ঠা কৰিব পাৰিলেহে মই জাতীয় নায়কৰ দায়িত্ব পালন কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মাল্টিকালচাৰেল এডুকেশ্যনেল ডেভেলপমেন্ট ট্ৰাষ্ট
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d