‘কা’: মই লিখিম কাৰ নাম?
অঞ্জন শৰ্মা

কংগ্ৰেছৰ দিনত ‘আই-এম-ডি-টি‘ জাপি দিওতে
তুমি চীৎকাৰ কৰিছিলা
অসমৰ পৰা অবৈধ বিদেশী ধৰ্ম নিৰ্বিশেষে
বহিষ্কাৰ হ’বই লাগিব বুলি
তুমিয়েই বছৰ বছৰ ভাষণ দিছিলা
শত শত বিবৃতি কাকতত প্ৰকাশ কৰিছিলা
তুমি আছিলা প্ৰতিবাদৰ প্ৰতীক
তুমি আছিলা বিদ্ৰোহৰ প্ৰতীক
তুমি আছিলা এক অসমাপ্ত আন্দোলনৰ
সুযোগ্য উত্তৰাধিকাৰী, এক জীয়া নাম
মোৰ পুত্ৰই দুভৰিত থিয় দিব পৰাৰে পৰাই
কাণেৰে শব্দ শুনি বুজিব পৰাৰে পৰাই
দুচকুৰে ছৱি চাই চিনিব পৰাৰে পৰাই
মুখেৰে শব্দ নিক্ষেপ কৰিব পৰাৰে পৰাই
তোমাৰ নাম শুনিছিল আমাৰ মুখত
তোমাৰ ছৱি দেখিছিল টি-ভিৰ পৰ্দাত
ডাঙৰ হৈ, তোমাৰ বিবৃতি পঢ়িছিল
অসমৰ বিভিন্ন বাতৰিকাকতত..
তোমাৰ শব্দ-প্ৰক্ষেপে
তোমাৰ বিবৃতিসমূহে
তোমাৰ আপোচহীন প্ৰতিবাদে
তোমাৰ ‘আই-এম-ডি-টি’ বিৰোধে
তোমাৰ ‘বিদেশী-মুক্ত অসম’ৰ সপোনে
মোৰ পুত্ৰৰ মনত
তেজত
হৃদয়ত
পেশীত
সঞ্চাৰিত কৰিছিল জাতীয় চেতনাৰ জোৱাৰ….
তোমাৰ সৈতে ব্যক্তিগত চিনাকি নাছিল
মোৰ পুত্ৰৰ
কিন্তু অইনৰ আগত তোমাৰ প্ৰসংগ ওলালেই
তেওঁ তোমাক ‘খুৰা’ বুলিয়েই
সম্বোধন কৰিছিল…!
তুমি যিদৰে ‘আই-এম-ডি-টি’ৰ বিৰোধিতা কৰিছিলা
মোৰ পুত্ৰইও সেইদৰে ‘কেব’-‘কা’ৰ বিৰোধিতা
কৰিছিল
জন্মৰে পৰাই তোমাৰ দ্বাৰাই তেওঁ অনুপ্ৰাণিত হৈছিল….
তেওঁ সপোন দেখিছিল
এখন ‘বিদেশী মুক্ত অসম’ৰ
তোমাৰ দৰেই
তোমাৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই !
কিমান নো বয়স হৈছিল তেওঁৰ (?)
মাত্ৰ ১৭ বছৰ!
তাৰে ৬ বছৰমান বাদ দিলে, যোৱা ১১ বছৰে
মোৰ পুত্ৰৰ বাবে তুমিয়েই আছিলা ‘নায়ক‘!
তুমি ১০ ডিচেম্বৰত শ্বহীদ উদ্যানৰ আধাৰশিলা স্থাপন কৰিছিলা…

মোৰ পুত্ৰও তাৰে দুদিন পিছত শ্বহীদ হ’ল!
মোৰ ১৭ বছৰীয়া পুত্ৰ আজি আৰু নাই..!
১২ ডিচেম্বৰ, ২০১৯, সন্ধিয়া ৫-৩০ বজাৰ পিছৰে পৰা
মোৰ পুত্ৰ আৰু নাই!
গুৱাহাটীৰ হাতীগাওঁ নামঘৰ পথৰ সমীপত
গুলী মাৰি
মোৰ পুত্ৰৰ
মূৰৰ হাড় ভাঙি
গুলীটো সোঁ- চকুৰ ওপৰেৰে সুমুৱাই
থুঁতৰিৰ তলেৰে গুলীটো উলিয়াই দিয়া হ’ল….
তাতেই শেষ হোৱা নাছিল ঘটনাটো..
অইন এটা গুলী পুনৰ পিঠিৰে মাৰি
মোৰ পুত্ৰৰ বুকুৰে উলিয়াই দিয়া হ’ল…!
মোৰ পুত্ৰৰ স’তে তোমাৰ ব্যক্তিগত চিনাকি নাছিল
তেওঁ আছিল একলব্য
তেওঁৰ নাম আছিল ছেম ষ্টেফ’ৰ্ড!
তেওঁৰ নামটোও তুমি এতিয়া হয়তো পাহৰি গৈছা
তোমাৰ শ্বহীদ উদ্যানত হয়তো তেওঁৰ বাবে
স্থানো নহ’ব কাহানিও
সময়েও হয়তো পাহৰি যাব সকলো
যিদৰে পাহৰি গ’ল
ইন্দিৰা-হিতেশ্বৰে হত্যা কৰা শত শত জনক !
আৰু সেইসময়ত ইন্দিৰা -হিতেশ্বৰৰ লগত মিতিৰালি কৰা সকলক!
মোৰ পুত্ৰও হৈ থাকিব এটা সংখ্যা
পৰিসংখ্যা!

মোক সমবেদনাৰ প্ৰয়োজন নাই..
মই কথাখিনি অৱতাৰণা কৰিলো এইবাবেই
যিহেতু
এটা প্ৰশ্নৰ উত্তৰ মই এতিয়াও পোৱা নাই
তুমি মোক মাত্ৰ এটা উত্তৰ দিলেই যথেষ্ট!
মোৰ পুত্ৰৰ
অৰ্থাৎ
ছেম ষ্টেফ’ৰ্ডৰ
মূৰৰ হাড় ভাঙি সোঁ-চকুৰে থুঁতৰি ভেদি ওলাই যোৱা
আৰু
পিঠিৰে বুকু ভেদি ওলাই যোৱা
দুটাকৈ ৰক্তাক্ত বুলেটত
মই লিখিম কাৰ নাম ?

(২০১৯ চনৰ ডিচেম্বৰত লেখা)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)