-প্ৰীতিমা চাংমাই |
“হেল্ল’, তুমি প্ৰীতিমা চাংমাইনে, মই হোমেন বৰগোহাঞিয়ে কৈছোঁ দেই…”
বুলি কওঁতে মই থতমত খাইছিলোঁ ৷ কিন্তু তেখেতৰ মাতটো চিনি পাই ভয় আৰু আনন্দত চকুপানী ওলাব খুজিছিল ৷ এগৰাকী অখ্যাত লেখিকালৈ অহংকাৰী, দাম্ভিক বুলি ভবা,সময় অপব্যয় কৰিব নোখোজা এজন প্ৰখ্যাত সাহিত্যিকৰ ফোন ৷ মোৰ বাবে অভাৱনীয় আৰু আশ্চৰ্যকৰ কথা আছিল ৷
মোৰ লেখাটো ভাল পাইছে বুলি জনাই ফোনতে মোৰ বিষয়ে সকলো সুধিছিল তেখেতে ৷ দেউতাৰ নামটো কোৱাৰ লগে লগে
“অ’ তুমি তুলসী চাংমাইৰ ছোৱালী ৷’’
কিন্তু মই ফোনত এইকথা নক’লো যে পঢ়ি থকা সময়তে তেখেতক মই দুবাৰ কম সময়ৰ বাবে লগ পাইছিলোঁ ৷
দেউতাক তেখেতে জানিছিল, কাৰণ হোমেন বৰগোহাঞি ‘সুত্ৰধাৰ’ৰ সম্পাদক হৈ থকা সময়তে দেউতাই আলোচনীখনত প্ৰায়ে লিখিছিল ৷
মই হঠাতে কি ভাবি জানো তেখেতৰ ফোনক’লটো ৰেকৰ্ড কৰি ৰাখিছিলোঁ ৷ পাছত দেউতাক সেই ৰেকৰ্ডটো শুনাওঁতে দেউতাৰো চকু চলচলীয়া হৈছিল ৷ কিয় জানো !
ৰেকৰ্ডিং কৰি থোৱা সেই কণ্ঠস্বৰেই আজি মোৰ প্ৰেৰণাৰ অন্যতম উৎস হৈ ৰ’ব ৷
তাৰ পাছতো আমাৰ অসমলৈ পঠিওৱা আন এটা লেখাৰ প্ৰাপ্তি স্বীকাৰ কৰি ছাৰে পুনৰ ফোন কৰিছিল ৷ তেতিয়াও উৎফুল্লিত হৈ ৰেকৰ্ড কৰি থোৱা সেই কণ্ঠস্বৰ মই বহুতক শুনাইছোঁ ৷
“প্ৰীতিমা চাংমাই, তোমাৰ লেখাটো পাইছোঁ ৷ লিখি থাকিবা আৰু কিতাপ পঢ়িবা ৷”
সেয়ে কালিৰ পৰা কিবা এক শূন্যতাই বুকুৰ ভিতৰত হাহাঁকাৰ এটাৰ সৃষ্টি কৰিছে ৷ মোৰ প্ৰকাশিত কিতাপ দুখন নিজ হাতেৰে তেওঁক দিবলৈ যাম বুলি ভাবি থকাতেই থাকিল ৷
স্কুলীয়া কালতে হোমেন বৰগোহাঞিদেৱৰ “আত্মানুসন্ধান” পঢ়িয়েই গদ্য সাহিত্যৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ ৷ তেতিয়া হোমেন বৰগোহাঞিৰ কিতাপ মানেই এফালৰপৰা পঢ়ি গৈছিলো ৷ তেখেতৰ বিষন্নতা, নিসংগতা, অস্তৰাগ, পিতাপুত্ৰ প্ৰতিখন কিতাপতে যোগাত্মক কিবা এটা বিচাৰি পাওঁ ৷
সৰুতে ভীষণ ভয়াতুৰ আছিলোঁ মই ৷ আন্ধাৰ হোৱাৰ পাছত এটা কোঠাৰ পৰা আন এটা কোঠালৈ অকলে কেতিয়াও নাযাওঁ ৷ তেখেতৰ ভয় সম্পৰ্কীয় লেখা এটা পঢ়িয়েই ভয় জয় কৰিব পৰা হৈছিলো ৷ আত্মবিশ্বাস বাঢ়িছিল ৷ জীৱনবোধৰ পাঠ শিকিছিলোঁ ৷
সেইজন প্ৰিয় লেখকক লগ পাবলৈ তেতিয়া উৎসুক হৈ আছিলোঁ ৷ গুৱাহাটীত পঢ়ি থকা সময়তে এদিন মৰসাহ কৰি দাদা এজনৰ লগত ‘অসম বাণী’ৰ কাৰ্যালয়লৈ তেখেতক লগ ধৰিবলৈ গ’লোঁ ৷ জানিছিলোঁ অনাহকত সময় নষ্ট কৰি তেখেতে মানুহক লগ নকৰে ৷ তথাপিও গ’লোঁ ৷ খন্তেক সময় বাহিৰত অপেক্ষা কৰাৰ পাছত তেখেতে ভিতৰলৈ মাতিলে ৷
“ওঁ কোৱা ৷”
ডাকযোগে অহা কিছুমান লেখা পঢ়ি পঢ়ি হাতেৰে মোহাৰি মোহাৰি তেখেতে ডাষ্টবিনত জমা কৰি আছিল ৷ কিছুমান টেবুলত থৈ গৈছিল ৷
“ছাৰ, মই Assam Textile Institute ত পঢ়ি আছোঁ ৷ আপোনাৰ লেখা পঢ়ি খুউব ভাল পাওঁ ৷ আপোনাক চাবলৈ আহিছিলোঁ ৷”
“চালানে ! কেনেকুৱা লাগিল ! কেৱল পঢ়ানে ! কিবা লিখা যদি মোক আহি দি যাবা ৷ এতিয়া যোৱা দেই ৷ মোৰ বহুত কাম আছে ৷”
“বহুত ভাল লাগিল”
বুলি পুনৰ নমস্কাৰ এটা জনাই ওলাই আহিছিলোঁ ৷ সোমাই যাওঁতে বুকুত যি ঢপঢপনি আছিল ওলাই আহোঁতে সেয়া নোহোৱা হৈছিল ৷
তাৰপাছত ধীৰেণ বৰুৱাৰ “সোণৰ খাৰু নালাগে মোক”(বোধহয়!) উপন্যাসখনৰ উন্মোচন সভাত ছাৰক আকৌ লগ পাইছিলোঁ ৷ মাত্ৰ “ছাৰ,ভালে আছে” বুলি মাত এষাৰ লগাইছিলোঁ ৷ সিমানেই ৷
পঢ়া সামৰি গুৱাহাটীৰ পৰা গুচি অহাৰ পাছত ডাকযোগে পঠিওৱা মোৰ কেইবাটাও লেখা ‘অসম বাণী’ত প্ৰকাশ হৈছিল ৷
আজি হোমেন বৰগোহাঞি ছাৰৰ মৃত্যুৰ পাছত সুখ-দুখ প্ৰৱন্ধটোত তেখেতে লিখা কথাকেইটা মোৰ মনলৈ আহিছে ৷ মৰিবৰ সময়ত তেওঁ কেতিয়াও বিছমাৰ্ক বা হাৰ্বাৰ্ট স্পেঞ্চাৰৰ দৰে বিলাপ কৰি নমৰে ৷ পৃথিৱীৰ পৰা চিৰবিদায় লোৱাৰ মুহূৰ্তত উইলিয়াম হেজলিটৰ দৰে জীৱনক ধন্যবাদ জনাই কৈ যাব-“Well,I ‘ve had a happy life !”
(আত্মজাহিৰ কৰা হ’ব নেকি বুলি লিখোঁ নে নিলিখোঁ ভাবি আছিলোঁ কিন্তু এই উৎসাহজনক স্মৃতিকথাবোৰ এতিয়াই যদি সাঁচি নাৰাখোঁ কেতিয়াও ৰখা নহ’ব ৷ )