• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মগজু আকাশতকৈও বিশাল••••

অঞ্জন শৰ্মা

by Anjan Sarma
September 23, 2023
in Special Report, Opinion
Reading Time: 6 mins read
0
মগজু আকাশতকৈও বিশাল••••
Share on FacebookShare on TwitterShare on LinkedIn

মগজু আকাশতকৈও বিশাল

অঞ্জন শৰ্মা

মগজু আকাশতকৈও বিশাল
Human brain in x-ray view

(অজ্ঞতাৰ টোকাবহী)

‘মগজু – মগজু আকাশতকৈও বিশাল

  একেলগে অৱস্থান কৰিলে আকাশে
  মগজুক
  অথবা মগজুই আকাশক সহজে ল’ব পাৰে

  আকোৱালি

  আৰু তোমাকো —

         মগজু – মগজু সাগৰতকৈও গভীৰতৰ

         একেলগে অৱস্থান কৰিলে মগজুই

         সাগৰক, অথবা

         সাগৰে মগজুক সহজে শুহি ল’ব পাৰে

         বাল্টিৰ পৰা ষ্পঞ্জে শুহাৰ দৰে….’

 [ এমিলি ডিকিনচন্ছৰ মূল ইংৰাজীৰ অসমীয়া ভাবানুবাদ ]

মগজু আকাশতকৈও বিশাল

     কেৱল এমিলি ডিকিনচন্ছ-এই নহয়, মগজু সম্পৰ্কে আৰু এক মনোগ্ৰাহী বৰ্ণনা ডাঙি ধৰিবলৈ বিচাৰিছো। কিউবাৰ পটভূমিত নিৰ্মিত হলিউডৰ বোলছৱি এখনত চীন্ কোনেৰী ( Sean Connery) এ এগৰাকী ‘মেজৰ’ৰ ভূমিকাত অভিনয় কৰিছিল আৰু এটা দৃশ্যত এক চৰিত্ৰই মেজৰক সুধিছিল — ‘ মেজৰ, আপোনাৰ প্ৰিয় অস্ত্ৰবিধৰ নাম কওক, মই লৈ আহোগৈ ( Major, tell me what your favourite weapon is, and I’ll get it for you)? তেতিয়া সেই প্ৰশ্নৰ উত্তৰত মেজৰে কৈছিল -‘মগজু'(Brains)!

কোভিড -১৯ কিম্বা কৰ’না ভাইৰাছে বিশ্বৰ ২০০ ৰো অধিক দেশত ভয়াবহ তান্ডৱ সৃষ্টি কৰি মানৱক সম্পূৰ্ণ অসহায় কৰি দেশে দেশে মানৱসভ্যতাক প্ৰত্যাহ্বান জনোৱাৰ পটভূমিত সঙ্গৰোধ তথা গৃহবন্দী আৰু এক নিশ্চল জীৱনযাত্ৰাৰ অভিজ্ঞতাৰে দিনবোৰ অতিবাহিত কৰিবলগীয়া অৱস্হা হোৱাৰ পিছত অন্যান্য ভালেমান চিন্তাৰ লগতে মোৰ মগজুৱে কিয় জানো মগজুটোৰ বিষয়ে চিন্তা কৰিবলৈ মগজুৰ নিজস্ব ক্ৰিয়াৰে মোৰ এই শৰীৰটোৰ ভিতৰত থকা অথচ মই নিজেই  যি ‘মই’ৰ নিৰ্দিষ্ট অৱস্থানৰ বিষয়ে অজ্ঞ – সেই  ‘মই’ক একপ্ৰকাৰ বাধ্য কৰালে !!

মগজু আকাশতকৈও বিশাল

বিভিন্ন তথ্য-পাতিৰ আধাৰত ঢৌতে খৰ মাৰি এইবিষয়ে সামান্য জ্ঞাত হৈছো যে এই বিশ্বৰ নানান আশ্বৰ্যজনক সামগ্ৰীবোৰৰ ভিতৰত অন্যতম আশ্বৰ্যকৰ – বিস্ময়জনক সামগ্ৰীবিধ আমাৰ মূৰৰ ভিতৰত দুয়োখন কাণৰ মাজত অৱস্থান কৰি আছে আৰু সেই তিনিপাউন্ড ওজনৰ ষ্পঞ্জজাতীয় সামগ্ৰীবিধ আছে বাবেই আমি নিজাববীয়াকৈ নিজকে ‘জীৱশ্ৰেষ্ঠ’ বুলি ঘোষণা কৰো !

এই বিস্ময়কৰ সামগ্ৰীবিধেই হ’ল মগজু – যাৰ বিষয়ে এমিলি ডিকিনচন্ছ-এ লেখা অমৰ কবিতাটিৰ কেইফাকিমান মৰসাহ কৰি অসমীয়ালৈ ভাঙনি কৰিছো আৰু চীন ক’নেৰীৰ উক্তি ডাঙি ধৰিছো। ডাঙি ধৰিবলগীয়া হৈছে, কাৰণ যিমানেই বয়স বাঢ়িছে – সিমানেই অনুভৱ হৈছে যে ভালদৰে একোৱেই নাজানিলো আৰু ইয়াকো নাজানিলো যে কিমানৰ কিমান শতাংশ বা এক্সাবাইটৰ কিমান শতাংশ (বা তাতোকৈ অধিক) নাজানিলো!

অথচ মোকো দুই -একে ‘পোৱা -জ্ঞানী‘ (অৰ্থাৎ, এপোৱা!)ৰ শাৰীত থব বিচাৰে – শুদ্ধ অন্ত:কৰণেৰে! এইখিনি এইবাবেই বকলা মেলিলো, যিহেতু মগজুৰেই নিৰ্দেশ মগজুৰ বিষয়ে সামান্য আলাপ কৰিবলৈ আৰু আকৰ্ষণীয় কথা এয়েই যে মগজুৰ বিষয়ে মই একোকেই নাজানো!

যি কি নহওক, অসমৰ দৃশ্য-শ্ৰব্য প্ৰণালী সমূহৰ আলোচনাসমূহত মাহৰ পিছত মাহ ধৰি বিভিন্ন বিষয়ৰ ওপৰত অনৰ্গল পাগুলি থাকিব পৰা কেইগৰাকীমান বিশিষ্ট বিশেষজ্ঞই হয়তো জানিব পাৰে, কিন্তু মগজুৰ গঠনপ্ৰণালীৰ বিষয়ে বিশ্বৰ বহু বহু বিদগ্ধ পন্ডিতেও নাজানে, আৰু কোটি কোটি মানুহৰ সাধাৰণ জ্ঞানেও ঢুকি নাপায়। ৭৫% ৰ পৰা ৮০% পানীৰে পূৰ্ণ আমাৰ মগজুটো হ’ল মানৱজীৱনলৈ প্ৰকৃতিৰ এক শ্ৰেষ্ঠ অৱদান। সম্পূৰ্ণ নীৰৱতা আৰু অন্ধকাৰৰ মাজত আমৃত্যু অৱস্থান কৰা মগজুৱেই আমাক দেখুৱায় পোহৰৰ বাট।

আমাৰ মগজুটোৱে কাহানিও পোৱা নাই সূৰ্যৰশ্মিৰ পৰশ অথবা শীতৰ কুঁৱলী কিম্বা শাওনৰ বৰষুণৰ ছিটিকণি। মগজু সম্পৰ্কে গৱেষণা কৰা গৱেষকসকলৰ মতে মগজুৰ বাবে পৃথিৱীখন হ’ল বৈদ্যুতিক তৰঙ্গৰ এক অবিৰত নিজৰা –  ম’ৰ্চৰ সাংকেতিক লিখন পদ্ধতিৰ দৰে ( taps of Morse Code), আৰু এনে নিৰপেক্ষ বৈদ্যুতিক তৰংগৰ আধাৰতেই মগজুৱে আমাৰ বাবে সৃষ্টি কৰে এখন স্পন্দিত, ত্ৰি-মাত্ৰিক, অনুভূতিসম্পন্ন চিত্তাকৰ্ষক মনোৰম ব্ৰহ্মাণ্ড! লৌকিকভাবে একাৰ্থত মোৰ মগজুটোৱেই মই (প্ৰাণ, আত্মা আদিক ইয়াৰ আওতাভুক্ত নকৰিলে)!

মগজু আকাশতকৈও বিশাল

মগজুক বাদ দি অইন সকলোবোৰ হ’ল উচ্চমঞ্চত কোনো অজ্ঞাত নাট্যকাৰ-পৰিচালকৰ নিৰ্দেশত চলি থকা জীৱন-নাট্যত অংগ-প্ৰত্যংগৰ অভিনয় আৰু সেই জীৱন-নাট্যৰ প্ৰয়োজনত প্লাম্বাৰে নলী জোৰা লগোৱাসদৃশ ভিন্ন ভিন্ন কৰ্মত ৰত।

আমেৰিকাৰ লকহিড কোম্পানী (স্পেছক্ৰেফ্ট) আৰু পাৰ্কিন-এলমাৰ (অপ্টিক্স) কোম্পানীয়ে নিৰ্মাণ কৰা তথা ১৯৯০ চনৰ ২৪ এপ্ৰিল তাৰিখে ‘নাছা'(NASA)ই পৃথিৱীৰ নিম্ন কক্ষপথলৈ উৎক্ষেপণ কৰা ১১১১০ কিলোগ্ৰাম ওজনৰ  ‘হাবল্ স্পেছ টেলিস্কোপ’টোৱে প্ৰতি সপ্তাহত ১২০ ‘গিগাবাইট (জি-বি) ডাটা‘ বা তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰে, এতিয়াও কৰি আছে।

ডাৰহাম বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিভাগৰ গৱেষণা বিভাগৰ মূৰব্বী ডঃ মেগনাছ বৰদেউশ্ব-অৰ পৰা লাভ কৰা তথ্য অনুসৰি আমি নীৰৱে আৰু একো কাম নকৰাকৈ নিশ্চলে বহি থকা সময়খিনিতো মগজুই মাত্ৰ ৩০ ছেকেণ্ডত যিমানখিনি মন্হন কৰে – সেইখিনি হ’ল হাবল টেলিস্কোপে ৩০ বছৰত আহৰণ কৰা ‘ডাটা’ৰ সমান!

মগজুৰ বহি:স্তৰৰ এক ঘন মিলিমিটাৰ আয়তনৰ এটা ক্ষুদ্ৰতম অংশ – যি এটা বালিকণাৰ সমান আকাৰৰ – ই ২০০০ টেৰাবাইট (টি-বি) ‘ডাটা’ সংৰক্ষণ কৰি ৰাখিব পাৰে – অৰ্থাৎ পৃথিৱীৰ সমস্ত বোলছৱি (ট্ৰেইলাৰ সহকাৰে) সংৰক্ষণ কৰি ৰাখিব পাৰে বা শতাধিক কোটি ৰামায়ণ- মহাভাৰত- কোৰাণ-বাইবেল- গুৰুগ্ৰন্হচাহিব আদিৰ দৰে গ্ৰন্হ সংৰক্ষণ কৰি ৰাখিব পাৰে। ১ সংখ্যাটোৰ পিছত ১৮ টা শূণ্য লগালে ‘১ এক্সাবাইট’ বুলি কোৱা হয়, অৰ্থাৎ ১,০০০,০০০,০০০,০০০,০০০,০০০ !

‘নেচাৰ নিউৰ’চাইন্স‘ (Nature Neuroscience) আলোচনীত প্ৰকাশ কৰামতে আমাৰ মগজুটোৱে সংৰক্ষণ কৰিব পাৰে ২০০ এক্সাবাইট ‘ডাটা’– অৰ্থাৎ আজিৰ বিশ্বৰ সমস্ত ডিজিটেল সূচী (digital content)! এয়াও এক পৰম আশ্বৰ্য নহয় নে?

মগজু আকাশতকৈও বিশাল

আমাৰ শৰীৰৰ মুঠ ওজনৰ প্ৰায় ২% হ’ল মগজুটোৰ ওজন, কিন্তু মগজুৱে এদিনত ৪০০ কেলৰি এনাৰ্জি ব্যয় কৰে , ই প্ৰায় শৰীৰৰ মুঠ এনাৰ্জি ব্যয়ৰ ২০% । সদ্যজাত শিশুৰ ক্ষেত্ৰত এই এনাৰ্জি ব্যয় হ’ল ৬৫% , সেইবাবেই কেচুৱাবোৰ সৰহভাগ সময় শুই থাকে- আৰু বৃদ্ধিপ্ৰাপ্ত মগজুৱে এনাৰ্জি ব্যয় কৰি সিহতক ভাগৰুৱা কৰি তোলে। শৰীৰত চৰ্বিৰ প্ৰয়োজনীয়তা মগজুৰ বাবেও আছে – সঞ্চিত ভান্ডাৰৰ পৰা ব্যয় কৰিবলৈ।

কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ৰিচাৰ্ড হেয়াৰ-এ গৱেষণা কৰি পাইছে যে অতিশয় পৰিশ্ৰম কৰা মগজুবোৰৰ প্ৰকৃততে কৰ্মৰ ফলাফলৰ গ্ৰাফডাল নিম্নস্তৰৰ! তেওঁ এনে ব্যাখ্যা দিছে ‘পজিট্ৰন এমিশ্যন টম’গ্ৰাফি স্কেনাৰ‘ৰ দ্বাৰা পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত। তেওঁৰ মতে সুদক্ষ মগজুবোৰে কোনো এটা কাম শীঘ্ৰেই সমাপন কৰে আৰু তাৰপিছতেই একপ্ৰকাৰৰ ‘ষ্টেন্ড-বাই ম’ড'(standby mode)লৈ গুচি যায়!

মুঠতে মগজুৰ ক্ষেত্ৰখন ইমান বিশাল যে মই সেইবিষয়ে বৰ্ণাব নোৱাৰো। সেয়েহে দুই এটা কথা কৈয়েই সামৰিম।

ব্ৰাজিলৰ নিউৰ’চাইন্টিষ্ট চুজানা হাৰকুলানো- হাউজেল-এ ২০১৫ চনত অতি সাৱধানতা অৱলম্বন কৰি গভীৰভাৱে গৱেষণা কৰি পাইছিল যে মানুহৰ মগজুত ৮৬ বিলিয়ন ‘নাৰ্ভ চেল’ বা নিউৰন থাকে। অইন এগৰাকী নিউৰ’চাইন্টিষ্ট ডেভিড ঈগলমেন-এ কৈছে যে প্ৰতিটো নিউৰনে হাজাৰ হাজাৰ অইন নিউৰনৰ সৈতে সংযুক্ত হৈ সংলগ্ন হৈ থাকে মগজুৰ ‘টিছ্যু’ৰ সৈতে – মহাবিশ্বৰ হাতীপটিৰ তৰাবোৰৰ দৰেই, আৰু  মগজুৰ এক এক ঘন চেন্টিমিটাৰ ‘টিছ্যু’ৰ সৈতে থাকে এনে অলেখ নিউৰন!

আমাৰ চকুযুৰিয়ে প্ৰতি ছেকেণ্ডত ২০ বিলিয়ন ‘ছিগনেল‘ মগজুলৈ প্ৰেৰণ কৰে। কিন্তু এয়া হ’ল পাতনি হে! আমি যি দেখি পাও, সেয়া অসম্পূৰ্ণ, মাত্ৰ ১০% হে ‘অপ্তিক নাৰ্ভ’ৰ জৰিয়তে পাওঁ, আৰু মগজুৰ অইন অংশবোৰে সেই ‘ছিগনেল’ নতুনকৈ নৱ-নিৰ্মিত কৰে – মুখমন্ডল মনত পেলায়, গতি -চলাচল বিশ্লেষণ কৰে- বিপদৰ আগজাননী দি সতৰ্ক কৰে-..!

মগজু আকাশতকৈও বিশাল
Photo by meo on Pexels.com

চকুৰে দেখা মানেই দৰ্শন কৰা ছৱি মগজুৱে গ্ৰহণ কৰা নুবুজায়! প্ৰত্যেক দৃশ্য চকুৰ পৰা মগজুলৈ গমন কৰি বিভিন্ন প্ৰক্ৰিয়াৰে বিশ্লেষিত হৈ আমি দেখিবলৈ ২০০ বিলিয়ন ছেকেন্ড বা এক ছেকেন্ডৰ পাঁচ ভাগৰ এভাগ সময় লাগে।

অৰ্থাৎ, এতিয়াৰ পৰা এক ছেকেন্ডৰ ব্যৱধানৰ পৃথিৱী এখন হে জন্মৰ পৰা মৃত্যুৰ সময়লৈ মগজুৱে আমাক অবিৰতভাৱে দেখুৱাই থাকে তথা আমাৰ বাবে সেয়াই ‘বৰ্তমান’!! ই এক আশ্বৰ্যজনক কথা নহয় নে?

এইসম্পৰ্কে এগৰাকী গৱেষকে এনেদৰে লিখিছে -‘ Brain continuously forecasts what the world will be like one-fifth second from now!! It’s a most extraordinary thing! And it’s the ‘present’ for us. That means that we never see the world as it is at this very instant, but rather as it will be a fraction of a moment in the future. We spent our whole lives – living in a world that doesn’t quite exist yet!’

মগজুৰ ক্ষেত্ৰখন এক বিশালতম ক্ষেত্ৰ। সেই ক্ষেত্ৰৰ একবিন্দুও মই নাজানো। যিদৰে নাজানো এয়া যে পোহৰৰ ফ’টনৰ কিয় ৰং নাই! শব্দ তৰংগৰ কিয় শব্দ নাই! বৃটিছ চিকিৎসক আৰু লেখক জেমচ লে ফানুৱে মগজুৰ বিষয়ে কৈছে – ‘ while we have the overwhelming impression that the greenness of the trees and the blueness of the sky are streaming through our eyes as through an open window, yet the particles of light impacting on retina are colourless, just as waves of sound impacting on the eardrums are silent and scent molecules have no smell. They are all invisible, weightless, subatomic particles of matter traveling through apace.’

অইন এগৰাকী বিশেষজ্ঞই এনেদৰে কৈছে যে -‘ All the richness of life is created inside your head. What you see is not what is, but what your brain tells you it is, and that’s not same thing at all.’

আমাৰ , অৰ্থাৎ মানুহৰ মগজুটো একপ্ৰকাৰৰ বিশেষ সামগ্ৰীৰে যে নিৰ্মাণ হৈছে তেনে নহয়, মানুহৰ দৰেই কুকুৰ -শিয়াল আদিৰ মগজুতো নিউৰন, এক্সন্চ, গেঙ্গলিয়া আদি থাকে। মানুহতকৈ তিমি, হাতী আদিৰ মগজু বহু ডাঙৰ। নিগনি এটাক মানুহৰ সমান ডাঙৰ কৰি ল’লে নিগনিটোৰ মগজুৰ আকাৰ আৰু মানুহৰ মগজুৰ আকাৰ প্ৰায় একেই হ’ব। চৰাইৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য।

কোভিড-১৯ বা কৰ’নাৰ দিনবোৰত মগজুই ‘মোৰ’ মগজুক এইবিষয়েও মন্হন কৰিবলৈ সংকেত প্ৰদান কৰিছে যে আমাৰ এনেহেন প্ৰচন্ড কৰ্মক্ষম মগজুটোৰ বিশাল দক্ষতাৰ অত্যাধিক অংশ মানুহৰ বাবে প্ৰকৃততে অপ্ৰয়োজনীয়! কাৰণ পৃথিৱীত অইন চতুষ্পদী প্ৰাণীৰ দৰে জীয়াই থাকিবলৈ এনেহেন মগজুৰ প্ৰয়োজন নাই!

মগজু আকাশতকৈও বিশাল

সংগীত, সাহিত্য, কলা-সংস্কৃতি, জ্ঞান-বিজ্ঞান, গাড়ী-বিমান- মোবাইল- বাতৰিকাকত, ইত্যাদি একো নোহোৱাকৈও চৰাই-চিৰিকটি- মাছ- বাঘ- চিম্পাঞ্জী আদিৰ দৰে সুখে-সন্তোষে জি-এছ-টি/আয়কৰ/ আধাৰকাৰ্ড/ ‘শিক্ষা’/ আদিৰ আওতাৰ বাহিৰত থাকি সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰি! পৃথিৱীত জীয়াই থাকিবলৈ দৰ্শন-ৰাজনীতি- ধৰ্ম আদিৰ প্ৰয়োজন কি? মঙলগ্ৰহ অভিযানৰ সাৰ্থকতা কি – যদিহে পৃথিৱীৰ বক্ষতেই মিলা-প্ৰীতি নাই!

‘ফেচবুক’ বিশ্ববিদ্যালয়ৰ বা ‘হোৱাটচ্এপ’ মুক্ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হৈ এইহেন বিশাল মগজুৰ অধিকাৰীসকলৰ সৰহভাগেই যিবোৰ তৰলতম অৰ্থহীন বাৰেভচহু তথাকথিত ‘জ্ঞান’ বিতৰণ কৰি আছে বা  ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পিছতেই কৰ’নাই যিদৰে ধৰ্মগ্ৰহণ কৰিছে, হয়তো সেইবোৰৰ পটভূমিতেই মগজুৱে মানুহক যে ইমান উৎকৃষ্টতম  ‘মগজু’ৰ প্ৰয়োজন সচাই নাই আৰু নোহোৱাকৈও অইন জীৱ-জন্তুৰ দৰে চলিব পাৰিব, সেইহেতুকেই হয়তো সংকেত দিছে!

কাৰণ ‘মগজু’ থাকিনো মানুহে কিদাল ফালি আছে আৰু টোকোৰা চৰাইটোৱেনো কি নকৰাকৈ আছে? কিন্তু দুৰ্ভাগ্যবশতঃ ‌মই মগজুৰ বিষয়ে একোকেই নাজানো আৰু ‘মগজু’ নামৰ সামগ্ৰীবিধ কোনেনো কি উদ্দেশ্যে লৈ সৃষ্টি কৰি আমাৰ মূৰৰ ভিতৰত সুমুৱাই দিছিল – তেওঁৰ বিষয়ে তথা তেওঁৰ ‘উদ্দেশ্য’ৰ বিষয়েও একোকেই নাজানো। মই সচাকৈয়ে অসহায়! অজ্ঞ!

আগতেও ক’ৰবাত লিখিছো যে আজি কিছুদিন ধৰি ভাব হৈছে যে যিমানেই বয়স বাঢ়িছে – সিমানেই জ্ঞাত হৈছো যে প্ৰকৃততে মই ব্যক্তিগত ভাৱে কিমান অজ্ঞানী!

মগজু আকাশতকৈও বিশাল

কৰ’না বা কোভিদ বাদেই দিলো, নিপাহ-ঝিকা-চাৰ্চ-মাৰ্চ আদি বাদেই দিলো, সাগৰ-মহাসাগৰ- আকাশ-মহাকাশ-নদী-জীৱজগত -জড়জগত  আদিও বাদেই দিলো, সূক্ষ্মজগত-পৰলোক-দূৰণিৰ কোনো গ্ৰহত প্ৰাণ আছেনে — সেইবোৰো বাদ দিলো, বাদ দিলো ডাইন’চৰ কিদৰে বিলুপ্ত হৈছিল বা মানুহো বিলুপ্ত হৈ যাব নেকি জাতীয় প্ৰশ্নবোৰ ; কিন্তু জন্মৰ মুহুৰ্তৰ আগৰে পৰাই পৰাই মই যাৰ স’তে আছো আৰু মৃত্যুৰ মুহুৰ্তলৈ যাৰ সৈতে থাকিম – সেই আপোন শৰীৰটোৰ বিষয়ে বা দেহাটোৰ বিষয়ে মই জানো ‘সচাকৈ ভালদৰে জানো’ ?

নিজৰ শৰীৰটোৰ বিষয়েই মই নাজানো, গতিকে ‘মগজু‘ৰ ক্ষেত্ৰত মোৰ অৱস্হা কেনে সেয়া মই সহজেই অনুমান কৰিব পাৰো। ‘জ্ঞানী‘সকলে এইবিষয়ে আলোকপাত কৰিলে বাধিত হ’ম!

কোনজনা সৃষ্টিকৰ্তাই কি উদ্দেশ্যে কোভিড-১৯ সমগ্ৰ বিশ্বজুৰি এৰি দি জলন্ধৰবাসীক দুশ কিলোমিটাৰ দূৰৰ পৰা হিমালয়ৰ বৰফাবৃত শৃঙ্গবোৰ দৰ্শন কৰিবলৈ তথা প্ৰকৃতিক সকাহ দিছে মই নাজানো;  কিন্তু মগজুৱে মগজুকেই সংকেত দিছে যে কোভিড-১৯ ৰ দৰে হয়তো অদূৰ ভৱিষ্যতে অইন ধৰণৰ ভাইৰাছৰ আৱিৰ্ভাৱ হৈ ‘অপ্ৰয়োজনীয় ‘ মগজুকো ‘হেক’ কৰি নিষ্ক্ৰিয় কৰি পেলাব পাৰে!

( বিভিন্ন উৎসৰ সহায় লৈ প্ৰস্তুত কৰা হৈছে)

[first published in the time of Covid-19 First Wave)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: কোভিড -১৯চীন্ কোনেৰী
Anjan Sarma

Anjan Sarma

Related Posts

Who Really Controls the World? Legacy Wealth vs. Big Tech
World

Who Really Controls the World? Legacy Wealth vs. Big Tech

by PAHARI BARUAH
June 12, 2026
0

Who Really Controls the World? Legacy Wealth vs. Big Tech From the shadowy banking dynasties of the 1800s to today’s...

Read moreDetails
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 11, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

June 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d