• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Tech

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

মগজু

by Anjan Sarma
March 10, 2026
in Tech, Opinion, Science, World
Reading Time: 9 mins read
0
Musk
Share on FacebookShare on TwitterShare on LinkedIn

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা

আমেৰিকান চিনেমা পৰিচালক ৰিচাৰ্ড লেষ্টাৰে (Richard Lester) ১৯৭৯ চনত ‘কিউবা’ নামেৰে এখন চিনেমা নিৰ্মাণ কৰিছিল আৰু চিনেমাখনৰ প্ৰধান চৰিত্ৰ ‘ৰবাৰ্ট ডেপচ্’ (Robert Dapes) অৰ ভূমিকাত অৱতীৰ্ণ হৈছিল বিখ্যাত অভিনেতা চীন কোনেৰী (Sean Connery)। ৰবাৰ্ট আছিল এগৰাকী প্ৰাক্তন মেজৰ (ইংৰাজ) তথা ‘ভাড়াতীয়া যোদ্ধা‘।

সেই চিনেমাখনৰ আৰম্ভণিৰ প্ৰথমাংশত ৰবাৰ্ট ডেপচ্ কিউবাত উপস্থিত হোৱাৰ পিছত, তেওঁক কিউবাৰ এজন সেনাধ্যক্ষই এনেদৰে সুধিছিল—‘Major, tell me what your favourite weapon is, and I’ll get it for you’ (মেজৰ, আপোনাৰ প্ৰিয় অস্ত্ৰবিধৰ নাম কওক, মই আপোনাৰ বাবে অনাই লওঁ)?

উত্তৰত মেজৰ (চীন কোনেৰী)-এ কৈছিল—‘মগজু’ (Brains)!

BRAIN
Human brain in x-ray view

 মগজু!

আমাৰ কাণ দুখনৰ মাজতেই হ’ল মগজুৰ নিগাজী পাম, ওজন প্ৰায় ১.৩৬১ কিলোগ্ৰাম (৩ পাউণ্ড), আৰু ই স্পঞ্জৰ দৰেই বা ফেটি লোৱা মাখনৰ দৰেই কোমল।

‘মগজু’ দেখাত একেবাৰেই আকৰ্ষণীয় নহয়। বিশেষজ্ঞৰ বৰ্ণনা অনুসৰি মগজুৰ ৭৫-৮০ ভাগ হ’ল পানী আৰু বাকীখিনি চৰ্বি তথা প্ৰ’টিন। এই তিনিটা লৌকিক সামগ্ৰী একত্ৰিত হৈ সৃষ্টি হোৱা মগজুৱে আমাক চিন্তাশক্তি, স্মৃতিশক্তি, দৃষ্টি, নান্দনিকতা আদি প্ৰদান কৰাৰ লগতে আৰু যে কি কি প্ৰদান নকৰে!

যি মগজুৰদ্বাৰাই আমি আমাৰ চৌপাশ, জিলা, ৰাজ্য, দেশ, সাগৰ, পৃথিৱী, ব্ৰহ্মাণ্ড, পোহৰ, আন্ধাৰ, প্ৰেম, বিদ্বেষ, সৌন্দৰ্য ইত্যাদিক অনুভৱ কৰিব পাৰো—সেই মগজুৱে পিছে কেতিয়াও আমাৰ লাওখোলাৰ ভিতৰত থকা নিগাজী পামৰ পৰা বাহিৰ হৈ ওলাই আহি একো প্ৰত্যক্ষ কৰিব পৰা নাই।

প্ৰখ্যাত লেখক বিল ব্ৰাইছনে লিখিছে যে মগজু অথবা মনটোৱে অন্ধকাৰত শান্তিৰে বাস কৰে। মগজুৰ কষ্টৰ অনুভূতি নাই, আৱেগ নাই, গৰম নাই, ঠাণ্ডা নাই, বতাহৰ অনুভূতি নাই। মগজুৰ বাবে পৃথিৱীখন হ’ল স্পন্দনশীল বৈদ্যুতিক প্ৰৱাহৰ দৰে, ‘মৰ্চ কোড’ৰ দৰে ‘টেলিগ্ৰাফিক ক’ড’। মগজুৱেই আমাৰ বাবে সৃষ্টি কৰে এক জীৱন্ত, ত্ৰিমাত্ৰিক, আকৰ্ষণীয় বিশ্বব্ৰহ্মাণ্ড।

বিজ্ঞানীৰ মতে ‘মই’ মানে হ’ল মোৰ ‘মগজু’। অইন সকলোবোৰ হ’ল ‘ফ্ৰেম’ আৰু ‘প্লাম্বিং’। নীৰৱে থাকি, একোকে নকৰাকৈ, মগজুৱে ৩০ ছেকেণ্ডত, ‘হাবল‘ মহাকাশ টেলিস্ক’পে ৩০ বছৰত প্ৰক্ৰিয়াকৰণ কৰিব পৰাতকৈ অধিক তথ্য মন্থন কৰিব পাৰে।

এক ঘন মিলিমিটাৰ আকাৰৰ এটা বালিৰ দানাৰ সমান ‘কৰ্টেক্স’ (বহিঃস্তৰ)ৰ এটা টুকুৰাত মগজুৱে সংৰক্ষণ কৰিব পাৰে ২০০০ ‘টেৰাবাইট’ তথ্য, আৰু ‘ট্ৰেইলাৰ’ আদিকে ধৰি এই পৰ্যন্ত পৃথিৱীত নিৰ্মাণ হোৱা সকলোবোৰ চিনেমা বা ১০০০ পৃষ্ঠাৰ এখন গ্ৰন্থৰ ১ বিলিয়ন (১০০ কোটি)তকৈও অধিক গ্ৰন্থ।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

‘নেচাৰ নিউৰেচাইন্স’ (Nature Neuroscience)অৰ মতে, অনুমান কৰা হৈছে যে মানুহৰ মগজুৱে মুঠ ২০০ ‘এক্সাবাইট’ (১০০০০০০০০০ গিগাবাইট = ১ এক্সাবাইট) তথ্য ক্ৰমাগতভাৱে সংৰক্ষণ কৰিব পাৰে—যিটো আজিৰ পৃথিৱীৰ সমস্ত ডিজিটেল বিষয়বস্তুৰ সমতুল্য। তথাপিও যদি ‘মগজু’ সৰ্বশ্ৰেষ্ঠ অসাধাৰণ বস্তু নহয়, তেনেহ’লে বেলেগ আশ্বৰ্যকৰ কি আছে?

মগজুক দিনটোত প্ৰায় ৪০০ কেলৰি শক্তিৰ প্ৰয়োজন হয়। পূৰ্বতে যদিও মগজুত ১০০ বিলিয়ন স্নায়ুকোষ বা ‘নিউৰণ’ থকা বুলি ধাৰণা কৰা হৈছিল, ২০১৫ চনৰ ব্ৰাজিলৰ স্নায়ুবিজ্ঞানী চুছানা হাৰকুলানোৰ এক পদ্ধতিগত মূল্যায়নত এই সংখ্যা ৮৬ বিলিয়ন বুলি ঠাৱৰ কৰা হৈছিল। 

বিজ্ঞানীসকলে দাঙি ধৰিছে যে নিউৰণ অইন কোষৰ দৰে নহয়, নিউৰণ সুন্দৰ আকৃতিৰ, দীঘল, আঁহযুক্ত, আৰু এই নিউৰণে সেয়েহে নিজৰ মাজত নিপুণভাৱে সহজে বৈদ্যুতিক সংকেত পৰিবাহিক কৰিব পাৰে। প্ৰতিটো নিউৰণ অইন হাজাৰ হাজাৰ নিউৰণৰ লগত সংযুক্ত হৈ থকাৰ ফলত কোটি কোটি সংযোগ সৃষ্টি হয়।

স্নায়ুবিজ্ঞানী ডেভিদ ঈগলমেনে কৈছিল—মগজুৰ কলাকোষত এক ঘন চেণ্টিমিটাৰত যিমান সংমিশ্ৰণ আছে, আকাশগঙ্গা (Milky Way) তো সিমানেই তৰা আছে। 

মগজুৰ দুটা স্নায়ুকোষৰ মাজৰ ক্ষুদ্ৰতম স্থানক ‘চিনেপ্স’ বোলা হয় আৰু আমাৰ বুদ্ধিমত্তা এনে জটিল ‘চিনেপ্স্টিক স্থান’তেই নিহিত হৈ থাকে—নিউৰণৰ সংখ্যাত নহয়। এনে মত বিজ্ঞানীসকলৰ।

কিছুবছৰ আগতে এক ক্ষুদ্ৰ লেখাত (‘মগজু আকাশতকৈও বিশাল’ শীৰ্ষক, ‘দৈনিক অসম’ আৰু ‘মহাবাহু’ত প্ৰকাশিত) আমি সাধাৰণ পাঠক হিচাপে সামান্য পঢ়ি-শুনি আহৰণ কৰা কিছু তথ্য দাঙি ধৰি এক পৰম বিস্ময় ‘মগজু’ সম্পৰ্কে আলোচনা কৰিছিলো।

তাৰোপৰি, পৰৱৰ্তী সময়ত, ‘নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ’ তথা ‘নিজৰ মগজুক লৈ সাৱধান নহ’লে ভয়ংকৰ বিপদ’ শীৰ্ষক অইন দুটা লেখাত ‘মগজু’ সম্পৰ্কে সাধাৰণভাৱে (‘সাধাৰণভাবে‘- যিহেতু লেখক ‘মগজু বিশেষজ্ঞ’ নহয়) দাঙি ধৰাৰ প্ৰয়াস কৰিছিলো।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

সেই লেখাবোৰেৰে মগজুৰ বিশেষত্ব আৰু মগজুক লৈ আৰম্ভ হোৱা ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰ যুযুৎসু, ‘এলগৰিদম’ৰ নাগপাশ, স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ চক্ৰান্তমূলক পৰিকল্পনা, ৰাজনৈতিক শক্তিৰ পাশাখেল আদিৰ বিষয়ে সম্যকভাৱে আলোচনা কৰিছিলো। 

তেন্তে, পুনৰ ‘মগজু’ক লৈ এই লেখা কিয় লিখিবলগীয়া হ’ল, কিয়ই বা ‘কিউবা’ৰ পটভূমিত নিৰ্মাণ হোৱা ‘কিউবা’ আৰু চীন কোনেৰীৰ বিষয়ে টানি আনিবলগীয়া হ’ল—ইয়াৰ উত্তৰৰ আগতে আমি এতিয়াৰ বিশ্বৰ এগৰাকী বিখ্যাত ব্যক্তি ইলন মাস্কৰ বিষয়ে সংক্ষেপে তলত দাঙি ধৰিম।

ইলন মাস্ক!

মগজুৰ বিষয়ে আলোচনা কৰি কৰি হঠাৎ ইলন মাস্ক!

হয়, ইলন মাস্ক!

সাম্প্ৰতিক বিশ্বত এক ফৰিংফুটা নাম হ’ল ইলন মাস্ক। ইলন ৰিভ মাস্ক।

আফ্ৰিকাৰ প্ৰিটোৰিয়াত ১৯৭১ চনৰ ২৮ জুনত তেওঁ উপজিছিল আৰু ১৮ বছৰ বয়সত কানাডালৈ যোৱাৰ পূৰ্বে প্ৰিটোৰিয়া বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰিছিল। তেওঁ কানাডিয়ান মাতৃৰ মাধ্যমেৰে কানাডাৰ নাগৰিকত্ব অৰ্জন কৰি কুইন্স বিশ্ববিদ্যালয়ৰ যাৱতীয় পৰীক্ষা সাং কৰি পেনচিলভেনিয়া বিশ্ববিদ্যালয়লৈ স্থানান্তিৰত হৈ অৰ্থনীতি তথা পদাৰ্থ বিজ্ঞানৰ স্নাতক হয়।

ইলন মাস্কে ১৯৯৫ চনত ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিবলৈ কেলিফ’ৰ্ণিয়ালৈ যাত্ৰা কৰে আৰু তালৈ যোৱাৰ কেইদিনমান পিছতেই ‘অনলাইন চিটি গাইড চফ্টৱেৰ কোম্পানী’ Zip 2 (জিপ ২) নিজৰ ভাতৃৰ সৈতে প্ৰতিষ্ঠা কৰে।

১৯৯৯ চনত ‘কম্পেক’ (Compaq)-এ ৩০৭ নিযুত ডলাৰ ব্যয় কৰি ‘জিপ ২’ কোম্পানীটো অধিগ্ৰহণ কৰে। ইয়াৰ পিছত ইলন মাস্ক-এ প্ৰতিষ্ঠা কৰে (সহ-প্ৰতিষ্ঠা) X.com নামৰ এক কোম্পানী যি কোম্পানী হ’ল এক বিত্তীয় কোম্পানী। ২০০০ চনত X.com-এ ‘Confinity’ৰ সৈতে একীভূত হৈ ‘PayPal’ নামৰ কোম্পানীলৈ ৰূপান্তৰিত হয় আৰু ২০০২ চনত EBay কোম্পানীয়ে ইয়াক ১.৫ বিলিয়ন ডলাৰৰ বিনিময়ত অধিগ্ৰহণ কৰে।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!
ইলন ৰিভ মাস্ক

২০০২ চনত ১৭৫.৮ মিলিয়ন (নিযুত) ডলাৰেৰে মাস্কে মহাকাশযাত্ৰাৰ বাবে প্ৰতিষ্ঠা কৰে Space X; আৰু ২০০৪ চনত তেওঁ বৈদ্যুতিক যানবাহন সংস্থা ‘টেচলা মটৰচ্ ইনকৰ্প’ৰেটেড’-অৰ প্ৰাথমিক বিনিয়োগকাৰী হয় তথা ২০০৮ চনত মুখ্য কাৰ্যবাহী বিষয়া (CEO) হোৱাৰ উপৰিও ‘চেয়াৰমেন’ৰ আসনতো অধিষ্ঠিত হয়।

২০০৬ চনত ইলন মাস্কে এখন ‘চোলাৰচিটি’ (সূৰ্যালোকভিত্তিক মহানগৰ) নিৰ্মাণত হাত দিয়ে—যি পিছলৈ ‘টেচলা এনাৰ্জি’ হৈ পৰে। ২০১৫ চনত তেওঁ এক অলাভজনক, কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক গৱেষণা সংস্থা Open Al সহ প্ৰতিষ্ঠা কৰে।

 ২০১৬ চনত ইলনে ‘নিউৰোটেকন’লজি কোম্পানী’ ‘নিউৰালিংক’ প্ৰতিষ্ঠা কৰে আৰু এই কোম্পানী মগজু-কম্পিউটাৰ ‘আন্তঃপৃষ্ঠ সম্পৰ্কীয় প্ৰযুক্তি’ প্ৰস্তুত কৰাৰ কাম হাতত লয়। ২০২২ চনত ৪৪ বিলিয়ন ডলাৰেৰে তেওঁ ‘টুইটাৰ’ ক্ৰয় কৰে। তাৰোপৰি ‘হাইপাৰলুপ হাই-স্পিড ভ্যেকট্ৰেইন’ পৰিবহন ব্যৱস্থাৰ চিন্তা-চৰ্চাতো নিমগ্ন হয়।

২০১৫ চনত Space X-অৰ ‘চেটেলাইট’ ইণ্টাৰনেট (কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে ইণ্টাৰনেটৰ সেৱা প্ৰদান) সুবিধা প্ৰদানৰ বাবে ‘Low Earth Orbit’-অত উপলব্ধ হোৱা কৃত্ৰিম উপগ্ৰহবোৰৰ বাবে ‘Starlink’ বিকশিত কৰে আৰু প্ৰথম দুটা কৃত্ৰিম উপগ্ৰহ ২০১৮ চনৰ ফেব্ৰুৱাৰীত উৎক্ষেপণ কৰে।

২০২২ চনত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত ইলন মাস্কে ইণ্টাৰনেটৰ সুবিধা প্ৰদানৰ বাবে আৰু যোগাযোগ ব্যৱস্থা সুচল কৰি ৰাখিবৰ বাবে ইউক্ৰেইনলৈ ‘ষ্টাৰলিংক টাৰ্মিনেল’ প্ৰৰণ কৰে। ২০২২ চনৰ অক্টোবৰত ইলন মাস্কে কৈছিল যে ইউক্ৰেইনক প্ৰায় ২০০০ ‘চেটেলাইট টাৰ্মিনেল ট্ৰেন্সফাৰ’ৰ সুবিধাও দান কৰা হৈছে—যাৰ মূল্য ৮০ নিযুত ডলাৰ। ইউক্ৰেইনক ‘ষ্টাৰলিংক’ বিনামূলীয়াকৈ দিয়াৰ বিনিময়ত ইলন মাস্কৰ বছৰি খৰছ হ’ব ৪০০ নিযুত ডলাৰ।

সাম্প্ৰতিক কালৰ এক পৰম বিস্ময় ইলন মাস্কৰ বিষয়ে সংক্ষেপে উপৰিউক্ত কথাখিনি দাঙি ধৰিলো যাত সম্যকভাৱে তেওঁৰ বিষয়ে অৱগত হ’ব পাৰি।

কিন্তু আমাৰ মূল উদ্দেশ্য হ’ল ইলন মাস্কৰ ‘নিউৰালিংক’ৰ বিষয়ে সামান্য দাঙি ধৰা। কাৰণ এই ‘নিউৰালিংক’ৰ সৈতেই ‘মগজু’ৰ বিষয়টো জড়িত হৈ আছে।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!
Nuralink

১০০ নিযুত ডলাৰেৰে ২০১৬ চনত প্ৰতিষ্ঠা (সহ-প্ৰতিষ্ঠা) কৰা ‘নিউৰালিংক’ৰ দ্বাৰা মানুহৰ মগজুক কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে একত্ৰীকৰণ কৰাৰ লক্ষ্যৰে ‘চিপচ’ (Chips) প্ৰস্তুত কৰাৰ কাম চলাই থকা হৈছে আৰু এনে ‘চিপচ্’ মগজুৰ সৈতে সংলগ্ন কৰিলে মেচিনৰ সৈতে একত্ৰীকৰণৰ প্ৰচেষ্টা সহজ হ’ব—এনেদৰেই কামত আগবাঢ়িছিল ইলন মাস্ক। তেওঁৰ মতে এক উন্নত প্ৰযুক্তিয়ে ‘মেম’ৰি’ বৃদ্ধি কৰিব পাৰিব বা ‘চিম’ক ‘ছফ্টৱেৰ’ৰ সৈতে যোগাযোগ কৰাবলৈ সক্ষম হ’ব।

এতিয়া কথা হ’ল, ব্ৰহ্মাণ্ডৰ এক সৰ্বশ্ৰেষ্ঠ বিস্ময়স্বৰূপ প্ৰকৃতিদত্ত আমাৰ মগজু—যাৰ বিষয়ে আমি ইতিপূৰ্বে সংক্ষেপে আলোচনা কৰি আহিলো আৰু যি ‘মগজু’ ইতিমধ্যে আমি নেদেখা নুবুজা এক পৰমশক্তিৰ সৈতে সংযুক্ত হৈ আছে (হয়, আধ্যাত্মিক জগতখনৰ ব্যাখ্যা অনুসৰি – যিখন জগতৰ তুলনাত আজিৰ ‘বিজ্ঞান’ এক দুগ্ধপোষ্য শিশু, বয়স মাথো প্ৰায় ৪০০ বছৰ) আৰু ‘হেকড্’ (Hacked) হৈ আছে ।

‘হেকড্’ হৈ থকা হেতুকেই প্ৰত্যেকজন ব্যক্তিৰ কৰ্মস্থান-কৰ্মফল-জন্মস্থন-পূৰ্বজন্ম-পৰজন্ম আদিৰ প্ৰসংগও জড়িত হৈ আছে (আপুনি মানি লওক বা নলওক, সেয়া সুকীয়া বিষয়; কিন্তু আধ্যাত্মিক জগতৰ ব্যাখ্যা অনুসৰিও আমাৰ মগজু জন্মৰ দিনৰে পৰাই অদৃশ্য মহাশক্তিৰদ্বাৰা ‘হেকড্’ হৈ থকাটোক লৈ প্ৰাচীন কালৰে পৰাই বিভিন্ন আলোচনা হৈ আছে) !

সেই ‘মগজু’টোকে লৈ শাসকপক্ষই-ব্যৱসায়িক মহল-ধৰ্মীয় মহল আদিয়ে সভা-সমিতি-আলোচনী-বাতৰিকাকত-দূৰদৰ্শন- ইণ্টাৰনেট-ইউটিউব-স্মাৰ্টফোন আদিৰে হেতালি খেলি খেলি হঠাৎ সেই ক্ষেত্ৰখনত ‘কৃত্ৰিম বুদ্ধিমত্তা’ তথা ‘এলগৰিদম’ নামৰ দুটা ‘চণ্ড-মুণ্ড’ক প্ৰৱেশ কৰাই ‘মগজু’—অন্ধকাৰত নীৰৱে শান্তিৰে থকা মগজুটোক অহৰহ ব্যতিব্যস্ত কৰি, সন্মোহিত কৰিবলৈ চেষ্টা কৰি, ‘হেক্’ কৰিবলৈ প্ৰয়াস কৰি এক বিশাল জটিল মকৰাজালৰ মাজত আৱদ্ধ কৰিবলৈ পূৰ্ণোদ্যমে চেষ্টা চলাই থকাৰ সময়তে ‘মগজু’ৰ সন্মুখত এতিয়া অৱতীৰ্ণ হৈছে ইলন মাস্ক!

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

২০২৩ চনৰ ২৫ মে’ বৃহস্পতিবাৰে ইলন মাস্কৰ ‘ব্ৰেইন ইমপ্লাণ্ট’ কোম্পানী ‘নিউৰালিংক’-এ সদৰি কৰিছে যে কোম্পানীটোৱে মানুহৰ মগজুৰ ওপৰত প্ৰথম পৰীক্ষা চলাবলৈ আমেৰিকাৰ ‘খাদ্য আৰু ঔষধ প্ৰশাসন’ (FDA- ‘Food & Drug Administration)ৰ পৰা অনুমোদন লাভ কৰিছে !

অৰ্থাৎ, নিউৰালিংক-এ তেওঁলোকৰ যন্ত্ৰৰে মানুহৰ মগজুৰ ওপৰত প্ৰথমবাৰৰ বাবে ‘ক্লিনিকেল ট্ৰায়েল’ চলোৱাৰ বাবে অনুমোদন পাবলৈ সক্ষম হ’ল !

আমেৰিকাৰ FDA (খাদ্য আৰু ঔষধ প্ৰশাসন) সাধাৰণতে মানুহৰ মগজুত ‘ক্লিনিকেল ট্ৰায়েল’ৰ বাবে অনুমোদন নিশ্চিত নকৰে যদিও ২০২৩ চনৰ ২৬ মে’ তাৰিখে তেওঁলোকৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিৰ জৰিয়তে কৈছে যে—‘এফ.ডি.এ.-ই স্বীকাৰ কৰিছে আৰু বুজি পাইছে যে নিউৰালিংকৰ ঘোষণা অনুসৰি তেওঁলোকৰ ইমপ্লাণ্ট/আৰ ১ ৰ’বটৰ বাবে তদন্তমূলক ৰেহাইৰ বিষয়টো FDA-ৰ দ্বাৰা অনুমোদিত হৈছে আৰু এতিয়া নিউৰালিংক-এ নিজৰ ‘ডিভাইচ’ৰ বাবে মানৱ ‘‘ক্লিনিকেল ট্ৰায়েল’ চলাবলৈ আৰম্ভ কৰিব পাৰে।’’

ইলনৰ ‘ব্ৰেইন চিপ’টোৱে মগজুত স্থান লাভ কৰাৰ পূৰ্বে ভাবি চাওক যে আপুনি ভবাৰ লগে লগেই ‘ব্ৰেইন চিপ’ৰ সহায়ত ইণ্টাৰনেটৰ জগতখনত প্ৰৱেশ কৰিব পাৰিব।

চিন্তা কৰক, কিবা এটা লেখা কলমেৰে কাগজৰ ওপৰত বা আপোনাৰ কম্পিউটাৰত ‘টাইপ’ কৰাৰ পৰিৱৰ্তে যদি মগজুতেই লিখিব পাৰে আৰু ‘ব্লু-টুথ’ৰ সহায়ত ছপা কৰি উলিয়াব পাৰে অথবা ‘মেইল’ কৰিব পাৰে—কেনে হ’ব?

কিছুদিন আগলৈ এনেবোৰ বিষয় আছিল কল্পবিজ্ঞানৰ অন্তৰ্গত। কিন্তু এতিয়া নিউৰালিংক-এ এইবোৰ বাস্তৱত ৰূপায়ণ কৰিবলৈ গৈ আছে। ইলন মাস্কৰ নেতৃত্ত্বাধীন স্নায়ুভিত্তিক প্ৰযুক্তিগত কোম্পানীটোৱে এই ‘ব্ৰেইন চিপ’ মানুহৰ লাওখোলাৰ ভিতৰত সংস্থাপন কৰি মগজুৰ কাৰ্যকলাপ অনুসৰণ কৰিব পৰাৰ লগতে মগজুক উদ্দীপিত কৰিবও পাৰিব বুলি চৰ্চা হৈছে।

ইলন মাস্কৰ মতে এই ‘ব্ৰেইন চিপচ’ৰ সহায়ত পক্ষাঘাতগ্ৰস্ত ব্যক্তিয়েও হেনো মগজুৰে স্মাৰ্টফোন ব্যৱহাৰ কৰিব পাৰিব। তেওঁৰ মতে মানুহৰ স্মৃতিৰ সংৰক্ষণো এই চিপচ্-এ অদূৰ ভৱিষ্যতে কৰিব পাৰিব।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!
Nuralink

ইলন মাস্কৰ নেতৃত্বত নিউৰালিংক-এ মগজু-কম্পিউটাৰ আন্তঃপৃষ্ঠ নামেৰে পৰিচিত ক্ষেত্ৰখনলৈ এক অকল্পনীয় প্ৰযুক্তিৰ প্ৰৱেশ কৰোৱাৰ লগতে বিনিয়োগকাৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে আৰু এই ক্ষেত্ৰখনত বিজ্ঞানী তথা অভিযন্তাসকলে ‘ইলেক্ট্ৰনিক ইমপ্লাণ্ট’ প্ৰস্তুত কৰি আছে—যিয়ে মগজুৰ কাৰ্যকলাপ ‘ডিকোড’ (সংকেতলিপিৰ পাঠোদ্ধাৰ) কৰি কম্পিউটাৰৰ সৈতে যোগাযোগ কৰিব।

ইলন মাস্কৰ মতে এই প্ৰযুক্তিয়ে পক্ষাঘাত আৰু ‘এমিওট্ৰফিক লেটাৰেল স্কে্লৰ’ছিছ’ৰ দৰে দুৰ্বল কৰা আক্ৰান্ত লোকৰ কাৰ্যক্ষমতা পুনৰুদ্ধাৰ কৰাৰো সম্ভাৱনা আছে।

নিউৰালিংকৰ পূৰ্বেই, ইতিমধ্যে ‘ব্লেকৰক নিউৰ’টেক‘ আৰু ‘চিনক্ৰন‘ৰ দৰে বিখ্যাত কোম্পানীয়ে ‘ক্লিনিকেল ট্ৰায়েল’ৰ বাবে মানৱ-শৰীৰত ‘ডিভাইচ ইমপ্লাণ্ট’ কৰিছে তথা ‘ৱাশ্বিংটন পোষ্ট’ কাকতত প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ বিশ্বত ৪২ জনৰ মগজু-কম্পিউটাৰ ‘ইমপ্লাণ্ট’ কৰিছে।

তেওঁলোকৰ তেনে প্ৰচেষ্টাই এসময়ৰ কল্পবিজ্ঞানৰ ক্ষেত্ৰখনৰ অন্তৰ্গত কৃতিত্বসমূহৰ কিছুমান সক্ষম কৰি তুলিছে আৰু সেইবাবেই বাতৰিকাকতত তথা সামাজিক মাধ্যমত দেখা গৈছে যে এজন পক্ষাঘাতগ্ৰস্ত মানুহে বাৰাক ওবামা (আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি)ক হাতেৰে মুঠি মাৰি ধৰিছে, এজন ‘ALS’ (Amyotrophic Lateral Sclerosis : also known as Lou Gehrig’s Disease, is a rare neurological disease that affects motor neurons—those nerve cells in the brain and spinal cord that control roluntay muscle movement) ৰোগীয়ে কিবা ভাবি ‘টাইপ’ কৰি আছে, ইত্যাদি।

কিন্তু ‘নিউৰালিংক’ কিছু সুকীয়া। কাৰণ ‘শ্ব’-মেনশ্বিপ’ৰ প্ৰতি প্ৰৱল ধাউতি থকা ইলন মাস্কৰ উচ্চাকাংখ্যাই নিউৰালিংকক প্ৰভাৱিত কৰিছে—মানুহৰ কাৰ্যকলাপ পুনৰুদ্ধাৰ কৰিবলৈয়েই মাত্ৰ নহয়, বৰং বৃদ্ধিও কৰিবলৈ। ২০২৩ চনৰ এপ্ৰিল মাহত নিউৰালিংক-এ টুইট কৰি কৈছিল যে—‘আমি আমাৰ প্ৰযুক্তিৰে সক্ষম মানুহৰ প্ৰদৰ্শনক অতিক্ৰম কৰিব বিচাৰো।’

নিউৰণৰদ্বাৰা গঠিত মগজুৰ কাৰ্যকলাপ ধৰা পেলাবলৈ নিউৰালিংক ‘চিপ’ত সহস্ৰাধিক ইলেক্ট্ৰডৰ সৈতে সজ্জিত ক্ষুদ্ৰ ক্ষুদ্ৰ তাঁৰ (thread) থাকিব—যিয়ে মানুহৰ মগজুৰ সমগ্ৰ অংশ সামৰি ল’ব। এই ‘চিপ’ৰ আকাৰ এটা মুদ্ৰাৰ সমান আৰু ইয়াক অনাতাৰ ‘চাৰ্জিং’ কৰিব পৰা যাব।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!
Nuralink

নিউৰালিংক-এ মানুহৰ মগজুৰ পৃষ্ঠত চিলাই কৰিব পৰাকৈ ইলেক্ট্ৰড পৰিপূৰ্ণ কম্পিউটাৰ চিপ আৰু অস্ত্ৰোপচাৰ কৰিবলৈ ৰ’বটিক যন্ত্ৰৰ ডিজাইন কৰিছে।

নিউৰালিংক-এ কিছুমান প্ৰতিদ্বন্দীতকৈ অধিক আক্ৰমণাত্মক, উচ্চ-বেণ্ডউইডথ্ পদ্ধতি অনুসৰণ কৰিছে আৰু সৱলভাৱে দাবী কৰিছে যে নিউৰালিংকৰ ‘কনফিগাৰেশ্যন’-এ কম পৰিমাণৰ ইলেক্ট্ৰড থকা বা মগজুৰ পৃষ্ঠৰ বাহিৰত থকা ‘ডিভাইচ’তকৈ মগজুৰ পৰা কম্পিউটাৰলৈ অধিক দ্ৰুতভাৱে তথ্য স্থানান্তৰ কৰিব পাৰিব তথা ডিভাইচবোৰ নিয়মীয়াকৈ উন্নীত কৰিব পৰা যাব।

 ২০২২ চনৰ নৱেম্বৰ মাহৰ শোষৰফালে এক অনুষ্ঠানত মাস্কে কৈছিল—‘মই মোটামুটি নিশ্চিত যে আইফোন ১৪ উপলব্ধ হ’লে আপুনি আইফোন ১ আপোনাৰ মগজুত আৱদ্ধ হৈ থকাটো নিবিচাৰিব।‘

মগজু-কম্পিউটাৰ আন্তঃপৃষ্ঠ হৈছে ইলন মাস্কৰ অন্যতম অভিলাষী আঁচনী—যি তেওঁৰ বিশাল ব্যৱসায়িক ক্ষেত্ৰখনৰ এক উজ্জ্বলতম ক্ষেত্ৰ হৈ পৰিব পাৰিব বুলি তেওঁ দৃঢ় বিশ্বাস। তেওঁৰ মতে তেওঁৰ এই মগজু কম্পিউটাৰ আন্তঃপৃষ্ঠ সম্পৰ্কীয় প্ৰযুক্তিয়ে তেওঁৰ ইলেক্ট্ৰিক গাড়ীৰ পৰা আৰম্ভ কৰি মানুহক মহাকাশলৈ ভ্ৰমণ কৰোৱা ৰকেটলৈ বিস্তৃত হ’ব আৰু শেহতীয়াকৈ অত্যন্ত চৰ্চিত হোৱা কৃত্ৰিম বুদ্ধিমত্তা তথা সামাজিক মাধ্যমকো সামৰি ল’ব। 

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

২০২০ চনত পোনপ্ৰথমবাৰৰ বাবে ‘গেৰ্ট্ৰুড’ নামৰ গাহৰিৰ ওপৰত ‘নিউৰালিংক’ৰ পৰীক্ষা চলোৱা হৈছিল আৰু পৰীক্ষাৰ সময়ত গেৰ্ট্ৰুডৰ মগজুৰ পৰা আহৰণ কৰা তথ্য পোনপটীয়াকৈ কম্পিউটাৰলৈ প্ৰৰণ কৰা হৈছিল—যিবোৰ তথ্য গৱেষকসকলে অধ্যয়ন কৰিছিল।

‘ট্ৰেডমিল’ত খোজ কাঢ়ি যোৱাৰ সময়ত ‘চিপ’টোৱে গেৰ্ট্ৰুডৰ অংগ-প্ৰত্যংগৰ অৱস্থান সঠিকভাৱে ধৰা পেলাব পাৰিছিল।

গেৰ্ট্ৰুডৰ ওপৰত কৰা পৰীক্ষাৰ জৰিয়তে বিশেষজ্ঞসকলে এনে সিদ্ধান্তত উপনীত হৈছিল যে ‘চিপ’টোৰ অনাতাৰ পদ্ধতি( ৱাৰলেচ) পশুৰ পৰীক্ষাৰ ক্ষেত্ৰত উপকাৰী হ’ব পাৰে, কাৰণ ইয়াৰ ছালৰ মাজেৰে তাঁৰ ওলাই যোৱা প্ৰায় অসম্ভৱ। কিন্তু যেতিয়া নিউৰালিংকৰ পৰীক্ষা বান্দৰৰ ওপৰত আৰম্ভ হ’ল, তেতিয়া অতি শীঘ্ৰে পশুৰ প্ৰতি কৰা নিষ্ঠুৰতাৰ খবৰ প্ৰকাশ হ’বলৈ আৰম্ভ কৰিলে।

আমেৰিকাৰ পশু অধিকাৰ সংগঠন ‘ফিজিছিয়ানছ কমিটি ফৰ ৰেচপন্সিবল মেডিচিন’ (PCRM)এ অভিযোগ উত্থাপন কৰিছে যে নিউৰালিংকৰ মালিকানাধীন ১৩টা বান্দৰৰ ভিতৰত মাত্ৰ ৭টা বান্দৰহে পৰীক্ষাৰ প্ৰক্ৰিয়াৰ পৰা ৰক্ষা পৰি আছে। অভিযোগ উত্থাপিত হৈছে যে’’ ইলন মাস্কৰ কোম্পানীটোৱে অধিক তৎপৰতাৰে পশুৰ ওপৰত পৰীক্ষা কৰাৰ ফলত ভেৰা, গাহৰি, বান্দৰ, এন্দুৰ, নিগনিকে ধৰি ১৫০০ জীৱ-জন্তুৰ মৃত্যু হৈছে।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহলৈকে PCRM-এ নিউৰালিংকৰ বিৰুদ্ধে পশুৰ যত্ন আৰু আক্ৰমণাত্মক পৰীক্ষাৰ বাবে আমেৰিকাৰ চৰকাৰক অভিযোগ দাখিল কৰি আহিছে আৰু এতিয়া পুনৰ সৰৱ হৈ উঠিছে।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!
গেৰ্ট্ৰুড’ নামৰ গাহৰিৰ ওপৰত ‘নিউৰালিংক’ৰ পৰীক্ষা চলোৱা হৈছিল

প্ৰকৃতিৰ এক সৰ্বশ্ৰেষ্ঠ বিস্ময় মানুহৰ মগজুক লৈ ইলন মাস্কৰ ‘অভিলাষী প্ৰকল্প’ই কি কি ভাল কৰ্ম কৰে সেয়া সুকীয়া কথা, কিন্তু ই এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে। আজি শুনিবলৈ ‘অৰ্থহীন’ যেন লাগিলেও নিউৰালিংকৰ ‘চিপ’সমূহ ‘হেকাৰ’ৰ বাবে ‘হেকিং’ কৰিবলৈ সহজলভ্য হ’ব আৰু এনে দিন আহিব যে মানুহৰ মন নিয়ন্ত্ৰণ কৰিবলৈও সক্ষম হ’ব।

উল্লেখযোগ্য যে কৃত্ৰিম বুদ্ধিমত্তাৰ ভয়াবহতাৰ বিৰুদ্ধে প্ৰৱলভাৱে সৰৱ হোৱা, মুকলি পত্ৰত স্বাক্ষৰদান কৰা ইলন মাস্কৰ নিউৰালিংক-এও কিন্তু কৃত্ৰিম বুদ্ধিমত্তাকো সাৱটি ল’বলৈ গৈ আছে!

ইলন মাস্কৰ নিউৰালিংকৰ মূল সামৰ্থ—মানুহৰ মগজুৰ জৰিয়তে ‘ডিভাইচ’সমূহ চলাব পৰা ক্ষমতাই হ’ল আটাইতকৈ ডাঙৰ ত্ৰুটি। এই ‘চিপ’বোৰে মগজুক কম্পিউটাৰৰ সৈতে সংযোগ কৰে আৰু ‘হেকাৰ’সকলক মগজুলৈ প্ৰৱেশ কৰিবলৈ আমন্ত্ৰণ জনাব পাৰে। এনে হ’লে, এক অৰাজক পৰিস্থিতিৰ সৃষ্টি নহ’বনে (?) – তেনে প্ৰশ্ন উত্থাপন হৈছে। 

যাদুকৰে যিদৰে দৰ্শকক সন্মোহিত কৰি যি ইচ্ছা তাকেই দেখুৱাব পাৰে, ‘হেকাৰ’সকলেও মানুহৰ মগজু হেক কৰি যি ইচ্ছা তাকেই কৰাব নোৱাৰিবনে?

কোনো বিত্তৱান ব্যক্তিৰ মগজু ‘হেক’ কৰি তেওঁৰ ‘একাউণ্ট’ৰ ধন ‘হেকাৰ’ৰ একাউণ্টলৈ প্ৰেৰণ কৰা, কোনো ব্যক্তিৰ মগজুত ‘কামভাৱ‘ জাগ্ৰত কৰি তেওঁক যৌন-কাৰ্যকলাপত ‘নিজৰ অজানিতে’ (অথচ কোনেও বিশ্বাসো নকৰিব) লিপ্ত কৰোৱা, কোনো ৰাজনৈতিক দলৰ নেতাক অসভ্য-অশ্লীল-বেবেৰিবাং কথা কোৱাই (নিজৰ অজ্ঞাতে) জনমানসত অপদস্থ কৰোৱা, ইত্যাদি অলেখ কাম সম্ভৱ হ’ব পাৰে।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

ইলন মাস্কৰ কোম্পানীটোৱে সদৰি কৰা অনুসৰি এই ‘চিপ’টোৱে মানুহৰ হাতত থকা স্মাৰ্ট ফোনটোৰ সৈতে ‘ব্লু-টুথ’ (Blue Tooth)সংযোগ কৰিব। কিন্তু এনে সংযোগ হোৱাৰ লগে লগে দুৰ্বল মানদণ্ডৰ সুৰক্ষাৰ প্ৰশ্নও সজোৰে উত্থাপন হৈছে। কাৰণ ইলন মাস্কে কোৱাৰ দৰে ‘নিউৰালিংক এপ’টো (যিটোৱে স্মাৰ্টফোনৰ সৈতে মগজুক সংযোগ কৰিব) থাকিব ‘এপ-ষ্টোৰ’ত – যাক কেন্দ্ৰ কৰি বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে।

তেওঁলোকৰ মতে, মানুহে ভুলবশতঃ ‘কপিকেট এপ’ ডাউনলোড কৰিব পাৰে—যিয়ে ‘চিপ’টোৰ সুৰক্ষা বিপন্ন কৰিব।

তাৰোপৰি, নিউৰালিংক-এ দাবী কৰা ধৰণে এই ‘চিপ’টোৱে যদি মানুহৰ মগজুক উদ্দীপিত কৰিবলৈ সমৰ্থ হয়— তেন্তে তাৰ পাৰ্শ্বক্ৰিয়া কেনে হ’ব পাৰে? ‘চিপ’টোৱে এজন মানুহৰ ব্যক্তিত্বকেই পৰিৱৰ্তিত কৰিব পাৰে আৰু ই প্ৰদান কৰা উদ্দীপনাই হয়তো অনবৰতে ইতিবাচক প্ৰভাৱ নেপেলাই নেতিবাচক প্ৰভাৱেৰে হিংসাত্মক বা আক্ৰমণাত্মক অনুভূতিক ইন্ধন যোগাব পাৰে!

ইলন মাস্ক আৰু তেওঁৰ নিউৰালিংক কোম্পানীয়ে যিবোৰ দাবী কৰি আহিছে, সেই দাবীসমূহো বৃহৎ সন্দেহৰ সন্মুখীন হৈছে। কাৰণ এনে বহুত উদাহৰণ আছে যে ইলন মাস্কে যিমানবোৰ দাবী কৰি আহিছে, সেইবোৰ তেওঁ পূৰণ কৰিব পৰা নাই, সময়মতেও কৰিব পৰা নাই। তদুপৰি, বিশেষজ্ঞসকল তথা মাস্কৰ কাৰ্যকলাপক লৈ সন্দেহ ব্যক্ত কৰি থকা সন্দেহবাদীসকলেও মাস্কৰ বিশ্বাসযোগ্যতাতকৈও ‘চিপ’টোৰ নৈতিকতা আৰু সুৰক্ষাক লৈ অতি চিন্তিত।

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

যি কি নহওক, এয়া মাথো আৰম্ভণিহে। আমি ইতিপূৰ্বে লিখিছিলো যে বিশ্বজুৰি মানুহৰ মগজুক লক্ষ্য কৰি এক অদৃশ্য আক্ৰমণ আৰম্ভ হৈছে আৰু শাসক-ৰাজনৈতিক নেতা-কৰ্প’ৰেট আদিৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিছে স্নায়ুৰাজনৈতিক বিশেষজ্ঞসকল ! তেওঁলোকৰ এতিয়া জয়জয়াকাৰ।

গতিকে নাগৰিকসকল, সাৱধান, পুতলা হোৱাৰ পৰা সাৱধান, কোনোবাই ডম্বৰু বজালেই নৃত্য কৰাৰ পৰা সাৱধান ! 

কাৰণ, শাসক-ৰাজনীতিবিদ-কৰ্পৰেটৰ হাতৰ পুতলা বা বান্দৰ হিচাপে যদি কোনোৱে নিজকে প্ৰমাণ কৰিছে—তেওঁ ‘নাগৰিক’ হৈ থকা নাই, তেওঁৰ মগজু ইতিমধ্যে ‘হেক’ হৈছে বা হ’বলৈ ধৰিছে। আৰু, মগজুটোৱেই যদি বন্ধকত থাকিল—মানুহৰ বাবে নো থাকিলেই বা কি? 

গতিকে, ইয়াৰ পটভূমিত ‘মগজু’, ইলন মাস্ক, নিউৰালিংক আৰু মানুহৰ সৰ্বশ্ৰেষ্ঠ সম্পদ ‘মগজু’ৰ ‘হেকিং’ সম্পৰ্কে চিন্তা-চৰ্চা নকৰিলে অদূৰ ভৱিষ্যতে আমি গাহৰি হৈ পৰো নে বান্দৰ হৈ পৰো—‘হেকাৰ’সকলৰ ওপৰতেই নিৰ্ভৰ কৰিব।

সৰ্বশ্ৰেষ্ঠ সম্পদ ‘মগজু’ক নিজৰ দখলত ৰাখিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰক ! এয়া দুঃসময় ! সাৱধান !! 

[ বিভিন্ন তথ্য-পাতিৰ সহায়ত লেখাটো যুগুত কৰা হ’ল ]

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation
food

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

by Rituraj Phukan
September 7, 2026
0

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation RITURAJ PHUKAN The first Global...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026
NEPAL: What if the mud is already here?

NEPAL: What if the mud is already here?

September 7, 2026
The River That Sang Through Bhupen Hazarika

The River That Sang Through Bhupen Hazarika

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40591 shares
    Share 16236 Tweet 10148
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18865 shares
    Share 7546 Tweet 4716
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3994 shares
    Share 1598 Tweet 999
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    950 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    151 shares
    Share 60 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4079 shares
    Share 1632 Tweet 1020
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d