মণিপুৰ জ্বলাই থকা লেলিহান অগ্নি কেতিয়া নিৰ্বাপিত হ’ব?
কাকলি দাস
‘আই টি চেল'(IT Cell)ৰ একাংশ সদস্যই জানিলে স্তম্ভিত হ’ব যে মণিপুৰ হ’ল ভাৰতৰ এক অংশ, আৰু মণিপুৰত আমেৰিকা বা ইজিপ্ততকৈ সোনকালে উপস্থিত হ’ব পাৰি।
মণিপুৰৰ শেহতীয়া ঘটনাই আন্তৰ্জাতিক শিৰোনাম দখল কৰিছে।
পৰ্যবেক্ষকসকলে কৈছে যে ৰাজ্যখনত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত বিভাজন হৈছে। এতিয়ালৈ মণিপুৰত ১০০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে, মণিপুৰৰ বিধায়ককে ধৰি হাজাৰ হাজাৰ মানুহৰ ঘৰ জ্বলি গৈছে, ৫০ হাজাৰ লোক স্থানচ্যুত হৈছে যিসকল এতিয়া শৰণাৰ্থী শিবিৰত আছে আৰু কিবা প্ৰকাৰে জীয়াই থাকিবলৈ চেষ্টা কৰিছে।
মণিপুৰ গৃহযুদ্ধৰ সীমান্তত উপনীত হৈছে। এই পৰ্যন্ত হাজাৰ হাজাৰ অটোমেটিক ৰাইফল জব্দ কৰা হৈছে, আৰু সকলোধৰণৰ সশস্ত্ৰ বাহিনীৰ উপস্থিতিৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণাধীন হোৱা নাই। আচলতে সেনাই কৈছে যে বৰ্তমানৰ চৰ্তত তেওঁলোকে কাম কৰিব নোৱাৰে। অলিম্পিক বিজয়ী মেৰী কমে লিখিছে, ‘মোৰ ৰাজ্যখন জ্বলি আছে’। কিন্তু মোডীজীয়ে আজিকালি পদক বিজয়ীৰ কথা নুশুনে।
ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকাৰ পিছতো দুমাহ ধৰি এই সংকটক লৈ নিমাত হৈ আছে প্ৰধানমন্ত্ৰী মোদী – এতিয়ালৈকে এটাও বাৰ্তা দিয়া নাই বা এটাও টুইট কৰা নাই। ৰাজ্যখনৰ ৰাইজে ‘মন কি বাত‘লৈ অপেক্ষা কৰিছিল – এনে এক চিন্তাৰে যে হয়তো মোডীজীয়ে মণিপুৰৰ বিষয়ে কিবা এটা ক’ব। কিন্তু যেতিয়া কোনো ‘মন কি বাত’ত মণিপুৰ সম্পৰ্কে একোৱেই উল্লেখ নকৰিলে, তেতিয়া মণিপুৰৰ মানুহে প্ৰতিবাদ কৰিলে।
মেইটেই আৰু কুকি সম্প্ৰদায়ৰ লোকসকলে সম্প্ৰতি কোনো ক্ষেত্ৰতে একমত নহয়, কিন্তু এটা কথাত তেওঁলোক একমত হৈছে – যে মোডীজী, কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ সাধাৰণ জনতাই মণিপুৰক কোনো গুৰুত্ব নিদিয়ে।
মণিপুৰত কি হৈ আছে? গভীৰভাৱে শিপাই থকা মূল কাৰণটো কি? বীৰেন সিং চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা! এই ডাবল ইঞ্জিন চৰকাৰখন কেনেকৈ ৰেলপথৰ পৰা ওলাই আহিল? স্বাভাৱিক পৰিস্থিতি শীঘ্ৰে উভতি অহা সম্ভৱনে?
“ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকাৰ পিছতো দুমাহ ধৰি এই সংকটক লৈ নিমাত হৈ আছে প্ৰধানমন্ত্ৰী মোদী – এতিয়ালৈকে এটাও বাৰ্তা দিয়া নাই বা এটাও টুইট কৰা নাই। ৰাজ্যখনৰ ৰাইজে ‘মন কি বাত‘লৈ অপেক্ষা কৰিছিল – এনে এক চিন্তাৰে যে হয়তো মোডীজীয়ে মণিপুৰৰ বিষয়ে কিবা এটা ক’ব। কিন্তু যেতিয়া কোনো ‘মন কি বাত’ত মণিপুৰ সম্পৰ্কে একোৱেই উল্লেখ নকৰিলে, তেতিয়া মণিপুৰৰ মানুহে প্ৰতিবাদ কৰিলে।”
মণিপুৰ বিভাজনৰ ‘মেপিং’
বিষয়টো বুজি পোৱাৰ আগতে আমি ৰাজ্যখনৰ ভূগোল, জনগাঁথনি আৰু ইতিহাস জানিব লাগিব। মণিপুৰৰ মানচিত্ৰখন চাওকচোন – ৰাজ্যখন যে চৰম উত্তৰ-পূবত আছে, ম্যানমাৰৰ সৈতে সীমান্ত ভাগ কৰি আছে সেয়া স্পষ্ট। ভৌতিক মানচিত্ৰখনৰ পৰা দুটা সুকীয়া ভৌগোলিক বৈশিষ্ট্য স্পষ্ট – মাজত আছে উপত্যকা আৰু চাৰিওফালে পাহাৰ।
মাজৰ ইম্ফল উপত্যকাটোৱে মণিপুৰৰ মাত্ৰ ১০% অংশ সামৰি লৈছে, আনহাতে পাহাৰবোৰে ৰাজ্যখনৰ ৯০% অংশ সামৰি লৈছে। বিভাজনৰ প্ৰধান কাৰণ হৈছে মণিপুৰৰ ভূগোল। উপত্যকাটোত জনসংখ্যাৰ ঘনত্ব অধিক, কিয়নো তাত প্ৰায় ৬০% লোক বাস কৰে। পাহাৰৰ আয়তন ৯০%, কিন্তু জনসংখ্যাৰ সংখ্যা ৰাজ্যৰ প্ৰায় ৪০%হে পাহাৰত বাস কৰে!
উপত্যকা আৰু পাহাৰৰ এই বিভাজন বা পাৰ্থক্যই ৰাজ্যখনত সংঘাতৰ কাৰণ। বিশুদ্ধ খোৱাপানী, ৰন্ধন ইন্ধন, স্বাস্থ্যসেৱা, সু-পুষ্টি, সুযোগ সকলো উপলব্ধ ইম্ফল উপত্যকাত। পৰ্যটন উদ্যোগো ইম্ফল উপত্যকাতে সীমাবদ্ধ।
অৰ্থনৈতিক বৈষম্য থকাটো কোনো আচৰিত কথা নহয়। মাটি উৰ্বৰ হোৱাৰ বাবে বেছিভাগ কৃষি উপত্যকাত কৰা হয়, গতিকে উপত্যকাত অধিক উৎপাদন হয় আৰু সেয়েহে অধিক হৈ পৰিছে উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব।
কিন্তু এই ভৌগোলিক আৰু অৰ্থনৈতিক বিভাজনে সামাজিক বিভাজনৰ সৃষ্টি কৰিছে আৰু চৰকাৰে এই বিষয়টোত মনোনিৱেশ নকৰিলে সংঘাত অধিক তীব্ৰতৰ হৈ পৰিব পাৰে আৰু সামাজিক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে।
জনসংখ্যাৰ ভিতৰত ৬০% জনসংখ্যা মেইটেই আৰু ৪০% কুকি আৰু নগা। ৯০-৯৫% মেইটেই উপত্যকা অঞ্চলত আৰু ৯০-৯৫% কুকি আৰু নগাই পাহাৰত বাস কৰে। গতিকে, মেইটেই সম্প্ৰদায়ৰ বাবে উন্নত সুবিধা আৰু সুযোগ আছে, আৰু সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশীদাৰিত্বৰ বাবে অধিক ৰাজনৈতিক ক্ষমতা আছে। বিধানসভাত থকা ৬০খন আসনৰ ভিতৰত ৪০খন আসনো মেইটেই সম্প্ৰদায়ৰ হাতত আছে।
কিন্তু, এই জনগাঁথনিগত বৈষম্য কিয়?
মণিপুৰৰ এক চমু ইতিহাস
হাজাৰ হাজাৰ বছৰৰ আগতে মেইটেই সম্প্ৰদায়ে উত্তৰ ম্যানমাৰৰ পৰা প্ৰব্ৰজন কৰি ইম্ফল উপত্যকাত বসতি স্থাপন কৰিছিল, আৰু তাত বহু শতিকা ধৰি শাসন কৰিছিল – তেওঁলোকে প্ৰথমে নিজৰ থলুৱা ধৰ্ম ছানামাহী অনুসৰণ কৰিছিল। পিছলৈ, ১৭৩০ চনৰ দশকত মণিপুৰৰ ৰজাই নিজেই হিন্দুধৰ্ম গ্ৰহণ কৰাৰ পিছত মেইটেইসকলেও হিন্দু ধৰ্ম গ্ৰহণ কৰে।
১৮০০ চনৰ আৰম্ভণিতে ব্ৰহ্মদেশে মণিপুৰ আক্ৰমণ কৰে আৰু তাৰ পিছত ইংৰাজে মণিপুৰক নিজৰ সাম্ৰাজ্যৰ অংশ কৰি লয়। ১৯৪৯ চনত মহাৰাজে ভাৰতৰ লগত চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে মণিপুৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয়।
কিন্তু এইদৰে কোৱা হয় যে ৰজাই মণিপুৰৰ বিধান পৰিষদৰ পৰা অনুমতি লোৱা নাছিল আৰু সেইবাবেই মণিপুৰত ‘বিচ্ছিন্নতাবাদী’ উগ্ৰপন্থী আন্দোলন আৰম্ভ হৈছিল। ঐতিহাসিকভাৱে ক’বলৈ গ’লে মণিপুৰৰ প্ৰায় সকলো সম্প্ৰদায়েই ‘বিচ্ছিন্নতাবাদী’ আন্দোলনৰ অংশ হৈ আহিছে।
এই চুটি ইতিহাসৰ পৰা এটা কথা স্পষ্ট – ইম্ফল উপত্যকাত মেইটেই সম্প্ৰদায়ৰ প্ৰবল ৰাজনৈতিক প্ৰভাৱ আছে। মেইটেই সম্প্ৰদায়ে পাহাৰবোৰৰ ওপৰতো নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল। সেইটোৱেই দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘাতৰ কাৰণ, সেয়েহে ই যুগ যুগ ধৰি চলি অহা এক সংঘাত।
” বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত তেওঁ ভূপাললৈ গৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ‘মেৰা বুথ সবছে মজবুত’ৰ অনুষ্ঠানত অংশ লৈছিল – কিন্তু এতিয়ালৈকে মণিপুৰৰ বিষয়ে কোনো শব্দ তেওঁৰ মুখেৰে ওলোৱা নাই। হয়তো, মুকলিকৈ জড়িত হৈ পৰিলে আৰু মণিপুৰৰ পৰিস্থিতি অধিক বেয়া হ’লে তেওঁৰ তথাকথিত ‘ভাল ভাবমূৰ্তি’ কলংকিত হ’ব বুলি সৃষ্টি হোৱা ভয়টোৱেই মূল কাৰণ হ’ব পাৰে। সেইবাবেই, কোনো বিবৃতি নাই, কোনো কথা নাই ‘ৰাষ্ট্ৰপতিৰ শাসন’ সম্পৰ্কেও।”
মণিপুৰৰ এই পাহাৰীয়া জনজাতি কোন?
মণিপুৰত স্বীকৃতি লাভ কৰিছে ৩৩টা জনজাতিয়ে। এই আটাইকেইটা জনজাতি বহলভাৱে দুটা ভাগত বিভক্ত – নগা আৰু কুকি-জোমি-মিজো-চিন (লেখাটোৰ পিছৰ অংশত পিছৰটোক কুকি সম্প্ৰদায় বুলি উল্লেখ কৰিম)।
উত্তৰ পাহাৰত নগা জনজাতি আৰু দক্ষিণত কুকি জনজাতি বাস কৰে – দুয়োটা ঐতিহাসিকভাৱে অৰ্ধ যাযাবৰী সম্প্ৰদায় হৈ আহিছে – তেওঁলোক কেৱল একেঠাইতে বসতিপ্ৰধান লোক নহয় – যিয়ে গাঁৱত উৎপাদন কৰে, কিন্তু স্লেচ আৰু বাৰ্ন খেতিৰ ব্যৱহাৰো কৰে। দুয়োটা সম্প্ৰদায়ে প্ৰায় ১৫০ বছৰ আগতে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল আৰু পাহাৰবোৰকেই নিজৰ ঘৰ বুলি গণ্য কৰে।
যদিও নগা আৰু কুকি সম্প্ৰদায়ৰ মাজতো পূৰ্বতে সংঘৰ্ষ হৈছিল, কিন্তু দুয়োটা সম্প্ৰদায় মেইটেইৰ আধিপত্যৰ বিষয়ে একমত। আনহাতে মেইটেইৰ মতে তেওঁলোকৰ উপস্থিতি আৰু প্ৰভাৱ হ্ৰাস পাইছে – এইটোৱেই হৈছে সংঘৰ্ষৰ ভিত্তি।
কোনে জুই জ্বলাই দিলে?
মেইটেইয়ে কৈছে যে তেওঁলোক নিজৰ ৰাজ্যতে সংখ্যালঘু হৈ পৰিছে আৰু তেওঁলোকৰ মাটি লাহে লাহে কাঢ়ি লোৱা হৈছে। মেইটেইৰ যুক্তি হ’ল কুকি আৰু নগা জনগোষ্ঠীৰ অনুসূচিত জনজাতিৰ মৰ্যাদা আছে – যি মৰ্যদা মেইটেইৰ নাই, আৰু সেইবাবে তেওঁলোকে পাহাৰীয়া জিলাত মুক্তভাৱে মাটি কিনিব নোৱাৰে!
কিন্তু অইন যিকোনো ব্যক্তিয়েই সহজেই আহি ইম্ফল উপত্যকাত বসতি স্থাপন কৰিব পাৰে। সেইবাবেই মেইটেই সকলে কয় যে তেওঁলোকে আনকি নিজৰ অধিকাৰত থকা মাটিৰ ১০% এলেকাও হেৰুওৱাৰ আশংকাত ভুগিছে।
লগতে কোৱা হৈছে যে ম্যানমাৰৰ পৰা অবৈধ কুকি অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিছে আৰু ৰাজ্যখনৰ জনগাঁথনি সলনি হৈছে। তদুপৰি অনুপ্ৰৱেশকাৰীসকলে সংৰক্ষিত বনাঞ্চলত বসতি স্থাপন কৰি ‘পপি’(নাৰকোটিক ড্ৰাগ)ৰ খেতি কৰি আছে, গতিকে মেইটেইৰ দাবী হ’ল – এই সম্পৰ্কে শীঘ্ৰেই ব্যৱস্থা ল’ব লাগিব।
মেইটেইয়ে নিজৰ পৰম্পৰা, সংস্কৃতি আৰু ভাষা বচাব বিচাৰে, নহ’লে তেওঁলোক সংখ্যালঘু হৈ পৰিব – আনকি এই গোটৰ কিছুমানে মণিপুৰ উচ্চ ন্যায়ালয়ত ‘এছ টি’ মৰ্যাদাও দাবী কৰিছে, যি মৰ্যদা লাভ কৰিলে মেইটেইসকলে পাহাৰৰ মাটি ক্ৰয় কৰি বসতি স্থাপন কৰাৰ অধিকাৰ লাভ কৰিব।
এই সম্পৰ্কে একক ন্যায়াধীশৰ বিচাৰপীঠে এক চাঞ্চল্যকৰ ৰায় দিছিল ! ন্যায়াধীশ এম ভি মুৰালিদাৰনে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক জাননী দিছিল – পৰ্যালোচনা আবেদনখনৰ ওপৰত আৰু ই মোটামুটি আছিল মেইটেইৰ সপক্ষে ৰায়দান। প্ৰশ্ন হয় ন্যায়াধীশ মুৰলীদাৰনৰ তেনে সিদ্ধান্ত দিব পৰা ক্ষমতা আছিল নেকি?
উচ্চতম ন্যায়ালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক সমালোচনা কৰে আৰুকয় যে ‘এছ টি’ তালিকাত পৰিৱৰ্তনৰ দাবী কৰাটো তেওঁলোকৰ অধিকাৰৰ অন্তৰ্ভুক্ত নহয়। কিন্তু উচ্চ ন্যায়ালয়ৰ এই এটা ভুলে দুয়োটা গোটৰ মাজৰ জুইক ইন্ধন যোগালে।
কুকি সংখ্যাগৰিষ্ঠ চহৰ চুৰাচান্দপুৰত প্ৰৱল প্ৰতিবাদ আৰম্ভ হৈছিল – তেওঁলোকে কৈছিল যে মেইটেইসকলে ইতিমধ্যে সকলো সুবিধা লাভ কৰিছে আৰু ৰাজনৈতিক নিয়ন্ত্ৰণো তেওঁলোকৰ হাতত আছে (বিধানসভাত মেইটেইৰ সংখ্যাগৰিষ্ঠ আসন আছে)। আৰু কৈছিল যে, দুজন জন মুখ্যমন্ত্ৰীৰ বাহিৰে বাকী সকলো মেইটেইৰ হাততেই আছিল; মেইটেই ভাষাক ৮ম সূচীত স্বীকৃতিও দিয়া হৈছে। কিন্তু পাহাৰৰ বাহিৰে কুকিৰ কি আছে?
মেইটেইয়ে যদি ‘এছ টি'(জনজাতি)ৰ মৰ্যদা পায় তেন্তে তেওঁলোকে পাহাৰবোৰো দখল কৰিব। এই ধৰণৰ চিন্তাবোৰ এতিয়া কুকি জনগোষ্ঠীৰ গভীৰতম চিন্তাৰ বিষয় হৈ পৰিছে।
“বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰতো এটা প্ৰশ্ন উত্থাপন হৈছে – তেওঁলোকৰ চৰকাৰৰ দিনত যেতিয়া এই ধৰণৰ মেৰুকৰণ ঘটিছিল তেতিয়া তেওঁলোকে কি কৰিছিল? মোডী-শ্বাহৰ তথাকথিত ‘চাণক্য নীতি’ ক’ত আছিল? নে এই মেৰুকৰণ পৰিকল্পনা অনুসৰি হৈছিল? ইয়াৰ আগতেও আন ৰাজ্যত এনে ঘটনা ঘটিছিল যদিও প্ৰতিক্ৰিয়া হয়তো হোৱা নাছিল, কিন্তু মণিপুৰত ইয়াৰ প্ৰৱল প্ৰতিক্ৰিয়া সংঘটিত হৈছিল।”
চুৰাচান্দপুৰৰ প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে মণিপুৰৰ পৰিস্থিতি দিনক দিনে বেয়া হৈ পৰে আৰু দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ তীব্ৰ হৈ পৰে। যোৱা দুমাহত ৰাজ্যখনত কিমান হিংসাত্মক দুৰ্ঘটনা সংঘটিত হৈছে সেয়াও পাঠকসকলে জানিব লাগিব।
মণিপুৰত এতিয়া চৌপাশে বেদনা, ক্ষোভ আৰু ভয়ৰ পৰিবেশ। পাহাৰত বাস কৰা মেইটেইসকলে এই উত্তেজনাৰ আৰু সংঘৰ্ষৰ পটভূমিত উপত্যকা অঞ্চললৈ উভতি আহিল আৰু উপত্যকাত বাস কৰা কুকিসকল পুনৰ পাহাৰলৈ গুচি গ’ল – ৰাজ্যখনত এক সুস্পষ্ট বিভাজন হৈ পৰিল।
বীৰেণ সিং চৰকাৰ সম্পূৰ্ণ বিফল
পৰিস্থিতি কেনেকৈ হাতৰ পৰা ওলাই আহিল? এটা প্ৰশ্ন হ’ল – এই সকলো বিতৰ্কৰ মাজতে নগা গোষ্ঠীয়ে কি কৰি আছে? হিংসাৰ লগত নগাসকল জড়িত নাছিল, কিন্তু তেওঁলোকেও মেইটেইৰ বাবে ‘এছ টি’ৰ মৰ্যাদা নিবিচাৰে। কাৰণ মণিপুৰত যি হৈ আছে সেয়া কেৱল উপত্যকা বনাম পাহাৰৰ সংঘৰ্ষৰ বাবে মাথোঁ নহয়, ই হ’ল মেইটেই বনাম কুকিৰ মেৰুকৰণ।
ইয়াৰ কাৰণো হ’ল, মেইটেইসকলৰ মাজত ম্যানমাৰৰ পৰা প্ৰৱেশ কৰা কুকিসকলে বা বাহিৰৰ মানুহ সোমাই জনগাঁথনি সলনি কৰি পেলোৱা বুলি স্পষ্ট ধাৰণা আছে।
বিজেপি দলৰ বীৰেণ সিং চৰকাৰ মণিপুৰৰ ক্ষমতাত আছে যদিও মণিপুৰৰ পৰিস্থিতি অধিক বেয়া কৰাৰ ক্ষেত্ৰত বীৰেণ সিং চৰকাৰেও ভূমিকা লৈছিল বুলি সৰ্বত্ৰ প্ৰচাৰিত হৈছে। মেইটেইয়ে উত্থাপন কৰা বিষয়বোৰ যে প্ৰকৃততে গুৰুত্বপূৰ্ণ নহয় তেনে নহয়, কিন্তু সেইবোৰ সংবেদনশীলতাৰে চম্ভালিব পাৰিব লাগিছিল।
কুকি সম্প্ৰদায়ে কয় যে মুখ্যমন্ত্ৰী বীৰেণ সিঙে মণিপুৰত মেইটেইৰ দ্বাৰা সংখ্যাগৰিষ্ঠ হোৱা চৰকাৰ এখন চলাই আছে আৰু চৰকাৰখনে কুকিসকলক অত্যাচাৰ কৰি আছে।
ৰাজ্যৰ তিনিটা ডাঙৰ বিষয় হ’ল– সংৰক্ষিত বনাঞ্চল, অনুপ্ৰৱেশ আৰু পপি খেতি।
১) সংৰক্ষিত বনাঞ্চল – সংৰক্ষিত বনাঞ্চলৰ নামত কুকিসকলক উচ্ছেদ বা নিজৰ ঘৰ-বাৰী এৰি গুচি যাবলৈ ঠেলা দিয়া হৈছে বুলি কুকিসকলে কয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চুৰাচান্দপুৰ চহৰত এখন সম্পূৰ্ণ কুকি গাঁও ধ্বংস কৰা হৈছিল – বন সুৰক্ষাৰ নামত।
২/ অবৈধ পপি বাগিচা – অবৈধ পপি বাগিচা বন্ধ কৰাৰ বাবে বীৰেণ সিং চৰকাৰ পাহাৰীয়া জিলাৰ মাটি নিয়ন্ত্ৰণ কৰিলে। মুখ্যমন্ত্ৰীয়ে কুকি গোটসমূহক নিচাভিত্তিক বা নাৰকোটিক-ড্ৰাগভিত্তিক সন্ত্ৰাসবাদৰ জনক বুলি অভিযোগ উত্থাপন কৰি কয় যে এই সম্প্ৰদায়সমূহে পপি গছৰ পৰা ধন ঘটে। এইটো সঁচা যে পপি বাগিচা সম্প্ৰসাৰিত হৈ আছে আৰু ভাৰত ম্যানমাৰ সীমান্তত ড্ৰাগছ ব্যৱসায়ৰ সুব্যৱস্থা আছে। কিন্তু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ এটা সামগ্ৰিক সামাজিক অৰ্থনৈতিক সমাধানৰ প্ৰয়োজন – এটা সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটোৱে কোনো সহায় নকৰে – ই দুয়োটা গোটৰ মাজত উত্তেজনা বৃদ্ধিহে কৰিব।
৩) প্ৰব্ৰজন – বীৰেণ সিঙে কয় যে ম্যানমাৰৰ পৰা বহু অবৈধ অনুপ্ৰৱেশকাৰী মণিপুৰত প্ৰৱেশ কৰিছে। গতিকে ‘এন আৰ চি’ বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীভিত্তিক ব্যৱস্থা লৈ চিনাক্তকৰণ কৰাৰ প্ৰয়োজন আছে। আৰু সূত্ৰ অনুসৰি এতিয়া অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ বাবে চাণ্ডেল, চুৰাচানপুৰ, টেংগনৌপাল, কামজং আৰু ফেৰজাউলকে ধৰি পাঁচখন জিলাত লোৱা পৰীক্ষণ অভিযানৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
হয়, কুকি সম্প্ৰদায়ৰ মানুহ ম্যানমাৰৰ পৰা প্ৰব্ৰজন কৰিছিল, কিন্তু মন কৰিবলগীয়া যে ভাৰত বা ম্যানমাৰ সীমান্ত থকাৰ আগৰ পৰাই কুকি জনজাতিয়ে সদায় প্ৰব্ৰজন কৰি আহিছে। ম্যানমাৰত হৈ থকা গৃহযুদ্ধৰ বাবেও প্ৰব্ৰজন বৃদ্ধি পাইছে – উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত আশ্ৰয় লৈছে ম্যানমাৰৰ মানুহে।
উদাহৰণস্বৰূপে– মিজোৰামে ৪০ হাজাৰ শৰণাৰ্থীক আশ্ৰয় দিছিল আৰু মিজোৰামৰ গৃহমন্ত্ৰীয়ে গৌৰৱেৰে কয় যে তেওঁলোকে মানৱীয় সাহায্য প্ৰদান কৰি থাকিব। কোনোবাই আন্তঃৰাষ্ট্ৰীয় সীমান্ত অংকন কৰি ৰাজনৈতিকভাৱে বিভক্ত কৰিলে বুলিয়েই বুলিয়েই তেওঁলোকে নিজৰ ভাই-ভনীক আশ্ৰয় নিদিয়াকৈ থাকিব বুলি ক’ব নোৱাৰি।
যদিও মণিপুৰ ৰাজ্য চৰকাৰে মিজোৰামৰ দৰে এনেধৰণৰ ঘোষণা কৰা নাছিল, মণিপুৰত থকা কুকি সম্প্ৰদায়ে শৰণাৰ্থীসকলক আশ্ৰয় দিছিল। তেওঁলোকে কয় যে তেওঁলোক অবৈধ নহয় – যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা পলায়ন কৰা তেওঁলোক আমাৰেই ভাই-ভনী। বীৰেণ সিং চৰকাৰে বুজি পোৱা নাছিল যে আন্তঃৰাষ্ট্ৰীয় সীমাতকৈ জাতিগত সম্পৰ্ক কুকিৰ বাবে অধিক গুৰুত্বপূৰ্ণ।
যিহেতু পৰিস্থিতি জটিল হৈ আহিছিল, গতিকে চৰকাৰে এক সুদূৰপ্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰি দীৰ্ঘম্যাদী সামাজিক অৰ্থনৈতিক সমাধান বিচাৰি উলিয়াব লাগিছিল। চৰকাৰে কেৱল মেইটেইৰ দৃষ্টিভংগীকহে প্ৰতিনিধিত্ব কৰিছিল আৰু কথাবোৰ আৰু বেয়া হৈ পৰিছিল। এটা স্পষ্ট ধাৰণা গঢ় লৈ উঠিল যে চৰকাৰখন কুকিসকলৰ বিৰোধী আৰু তেওঁলোকক কেৱল বেদখলকাৰী, ড্ৰাগছ ব্যৱসায়ী বুলি গণ্য কৰে।
“সংকটৰ সময়ত কেন্দ্ৰৰ প্ৰতিক্ৰিয়া কি? নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰৰ যি উদাত্ত কণ্ঠ শুনা যায় আৰু যি উচ্চস্বৰ আকাশে বতাহে উৰি ফুৰে – সেয়া এতিয়া কিয় অন্তৰ্ধান? আনকি ‘মোডীজী’য়েও কৈছিল যে তেওঁলোকৰ চৰকাৰ গঠন হ’লে উন্নয়ন আৰু স্থিতিশীলতা হ’ব! কিন্তু যেতিয়া নিজৰ স্থিতি প্ৰমাণ কৰাৰ সময় আহিল, তেতিয়া মোডী ব্যস্ত হৈ পৰিল বিশ্ব ভ্ৰমণত। তেওঁ এতিয়াও মণিপুৰত অন্ততঃ এখনো বৈঠকৰ অধ্যক্ষতা কৰিবলৈ সক্ষম হোৱা নাই।”
মোডী-শ্বাহৰ আটাইতকৈ ডাঙৰ ব্যৰ্থতা
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰতো এটা প্ৰশ্ন উত্থাপন হৈছে – তেওঁলোকৰ চৰকাৰৰ দিনত যেতিয়া এই ধৰণৰ মেৰুকৰণ ঘটিছিল তেতিয়া তেওঁলোকে কি কৰিছিল? মোডী-শ্বাহৰ তথাকথিত ‘চাণক্য নীতি’ ক’ত আছিল? নে এই মেৰুকৰণ পৰিকল্পনা অনুসৰি হৈছিল? ইয়াৰ আগতেও আন ৰাজ্যত এনে ঘটনা ঘটিছিল যদিও প্ৰতিক্ৰিয়া হয়তো হোৱা নাছিল, কিন্তু মণিপুৰত ইয়াৰ প্ৰৱল প্ৰতিক্ৰিয়া সংঘটিত হৈছিল।
মণিপুৰত এতিয়াও কিয় ৰাষ্ট্ৰপতিৰ শাসন দিয়া হোৱা নাই? মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ বাবে সকলোৱে দাবী জনাইছে যাতে ইয়াৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যায় – কিন্তু এই মৌলিক পদক্ষেপ এতিয়াও লোৱা হোৱা নাই।
কেন্দ্ৰৰ দীৰ্ঘম্যাদী পৰিকল্পনা কি? পপি খেতিৰ বিকল্প নীতি কি? মণিপুৰৰ শৰণাৰ্থীক কোনো নীতিৰ অধীনত স্থান দিব পাৰিবনে? আমি দেখি থাকো যে আভ্যন্তৰীণ বা বৈদেশিক ৰাজনীতিৰ বিশেষজ্ঞৰ অভাৱ নাই, কিন্তু ব্যাপক স্পৰ্শকাতৰ সমাধান বিচাৰি উলিওৱাৰ কথা আহিলে কি হয় – ক’ত লুকায় সেইসকল?
সংকটৰ সময়ত কেন্দ্ৰৰ প্ৰতিক্ৰিয়া কি? নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰৰ যি উদাত্ত কণ্ঠ শুনা যায় আৰু যি উচ্চস্বৰ আকাশে বতাহে উৰি ফুৰে – সেয়া এতিয়া কিয় অন্তৰ্ধান? আনকি ‘মোডীজী’য়েও কৈছিল যে তেওঁলোকৰ চৰকাৰ গঠন হ’লে উন্নয়ন আৰু স্থিতিশীলতা হ’ব! কিন্তু যেতিয়া নিজৰ স্থিতি প্ৰমাণ কৰাৰ সময় আহিল, তেতিয়া মোডী ব্যস্ত হৈ পৰিল বিশ্ব ভ্ৰমণত। তেওঁ এতিয়াও মণিপুৰত অন্ততঃ এখনো বৈঠকৰ অধ্যক্ষতা কৰিবলৈ সক্ষম হোৱা নাই।
বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত তেওঁ ভূপাললৈ গৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ‘মেৰা বুথ সবছে মজবুত‘ৰ অনুষ্ঠানত অংশ লৈছিল – কিন্তু এতিয়ালৈকে মণিপুৰৰ বিষয়ে কোনো শব্দ তেওঁৰ মুখেৰে ওলোৱা নাই। হয়তো, মুকলিকৈ জড়িত হৈ পৰিলে আৰু মণিপুৰৰ পৰিস্থিতি অধিক বেয়া হ’লে তেওঁৰ তথাকথিত ‘ভাল ভাবমূৰ্তি’ কলংকিত হ’ব বুলি সৃষ্টি হোৱা ভয়টোৱেই মূল কাৰণ হ’ব পাৰে। সেইবাবেই, কোনো বিবৃতি নাই, কোনো কথা নাই ‘ৰাষ্ট্ৰপতিৰ শাসন‘ সম্পৰ্কেও।
এয়া কিয় স্পষ্ট নহয় যে প্ৰধানমন্ত্ৰীয়ে এই ৰাজ্যখনক ভাৰতৰ এখন ৰাজ্য বুলি ধৰি লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগ্ৰহী ? বা এয়াও হ’ব পাৰে যে তেওঁৰ বাবে মণিপুৰৰ কোনো গুৰুত্ব নাই – কিয়নো মণিপুৰত লোকসভাৰ আসন মাত্ৰ দুখন! কিন্তু এয়া ২ খন আসনৰ কথা নহয় – এয়া প্ৰায় ১০০০ টা চুৰি হোৱা অটোমেটিক ৰাইফল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আৰু ৫০,০০০+ জন স্থানচ্যুত লোকৰ মৰ্মন্তুদ বিষয়।
কোৱা হৈছিল যে অমিত শ্বাহৰ সৰ্বদলীয় বৈঠকৰ পিছত মণিপুৰত কিছু শান্তি বিৰাজ কৰিব। তেওঁ মুখ্যমন্ত্ৰী বীৰেন সিঙক ইম্ফল উপত্যকাত শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছিল আৰু পাহাৰীয়া জিলাসমূহত সৈন্য মোতায়েন কৰা হ’ব বুলি কৈছিল।
কিন্তু, কেৱল সেই ঠাইলৈ সেনাবাহিনী পঠিয়াই দিলেই একো সমাধান নহয়, কাৰণ বহু গোটে সেনাবাহিনীৰ সৈতে সহযোগিতা কৰা নাই – যেনেকৈ শেহতীয়াকৈ মহিলা প্ৰতিবাদকাৰীয়ে সেনাবাহিনীৰ কনভয় অৱৰোধ কৰা ঘটনা সংঘটিত হৈছে। সেনাও অঞ্চলটোত অসহায় হৈ পৰিছে আৰু বিবৃতি প্ৰকাশ কৰি মণিপুৰত শান্তি আৰু স্থিতিশীলতা অনাৰ বাবে দিনে নিশাই কাম কৰা নিৰাপত্তাৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ সমাজৰ সকলো শ্ৰেণীক আহ্বান জনাইছে।
এই সকলোবোৰে ইংগিত দিয়ে যে ৰাজনৈতিক সমাধান অবিহনে শান্তি ৰক্ষাৰ যিকোনো অভিযান সফল নহ’ব – বলপূৰ্বক ব্যৱস্থাই হয়তো বিশেষ কাম নকৰিব।
শান্তি বিৰাজ হ’ব পাৰেনে?
মৃত্যু হোৱাসকল পুনৰ ঘূৰি আহিব নোৱাৰে, কিন্তু ৫০ হাজাৰ স্থানচ্যুত লোকে ঘৰলৈ উভতি আহিব পাৰে আৰু ইয়াৰ বাবে ৰাজনৈতিক ইচ্ছাশক্তিৰ প্ৰয়োজন।
“কিন্তু, কেৱল সেই ঠাইলৈ সেনাবাহিনী পঠিয়াই দিলেই একো সমাধান নহয়, কাৰণ বহু গোটে সেনাবাহিনীৰ সৈতে সহযোগিতা কৰা নাই – যেনেকৈ শেহতীয়াকৈ মহিলা প্ৰতিবাদকাৰীয়ে সেনাবাহিনীৰ কনভয় অৱৰোধ কৰা ঘটনা সংঘটিত হৈছে। সেনাও অঞ্চলটোত অসহায় হৈ পৰিছে আৰু বিবৃতি প্ৰকাশ কৰি মণিপুৰত শান্তি আৰু স্থিতিশীলতা অনাৰ বাবে দিনে নিশাই কাম কৰা নিৰাপত্তাৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ সমাজৰ সকলো শ্ৰেণীক আহ্বান জনাইছে।”
সমাধানসমূহ –
• বেলেগলৈ আঙুলিয়াই দিয়াটো বন্ধ কৰিব লাগে – প্ৰতিটো সম্প্ৰদায়ৰ মতামত আৰু মূল্যবোধ বেলেগ বেলেগ, কিন্তু এটা সম্প্ৰদায়ক ফ্ৰেমৱৰ্ক কৰি দোষাৰোপ কৰাটোৱে পৰিস্থিতি আৰু বেয়া কৰি তুলিব। কেৱল বাস্তৱিক প্ৰতিবেদনহে কৰা উচিত – কোনো অতিৰঞ্জিত নহয়, আৰু অনুগ্ৰহ কৰি এই সমস্যাক হিন্দু খ্ৰীষ্টান বিষয়লৈ ৰূপান্তৰিত নকৰিব।
• নিৰন্তৰ বৈঠক আৰু আলোচনা – মণিপুৰৰ সকলো দলীয় বৈঠকৰ অধ্যক্ষতা কৰি মানুহক সম্বোধন কৰিব লাগে আৰু এনে ধাৰণা হ’ব নালাগে যে এনে বৈঠক মূলতঃ মোদীয়ে ভোট বিচৰাৰ দৰে হৈ পৰে।
• বীৰেণ সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা প্ৰয়োজন। আলোচনাৰ অন্তত এক সন্মত ৰাজনৈতিক সমাধানত উপনীত হ’ব পাৰি, কিন্তু যদি কুকি সম্প্ৰদায়ে মুখ্যমন্ত্ৰী বীৰেণ সিঙক উৎখাত কৰাৰ দাবী কৰে, তেন্তে সদয়ভাৱে বিবেচনা কৰিব লাগে। এজন নেতাক আঁতৰোৱাৰ আগতে বহুত বেছি দলীয় ৰাজনৈতিক চিন্তা কৰিলে কাম নহ’ব৷
কুকি গোটসমূহে কয় যে পৃথকীকৰণেই শান্তিৰ একমাত্ৰ উপায় – উপত্যকা আৰু পাহাৰসমূহ অৰ্থনৈতিকভাৱে আন্তঃসংলগ্ন – যিয়েই নহওক কিয় দুয়োটা সম্প্ৰদায় সমৃদ্ধিশালী হ’ব পাৰিব লাগে।
শেষত মূল ভাৰতৰ তথাকথিত জনসাধাৰণে দৃষ্টিপাত কৰা উচিত। আমি মাহৰ পিছত মাহ ধৰি কৰ্ণাটকৰ নিৰ্বাচন, ‘আদিপুৰুষ’ আদিৰ ওপৰত গুৰুত্ব দি আছিলো – কিন্তু মণিপুৰৰ কথা কিয় নকলো? আমি সহ-নাগৰিকৰ প্ৰতি সহানুভূতি বিকশিত কৰা উচিত আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰতো হেঁচা প্ৰয়োগ কৰা উচিত – এই লেখাটোও সেই দিশৰেই এক ক্ষুদ্ৰ প্ৰচেষ্টা।
গুৰুত্বপূৰ্ণ প্ৰশ্নটো সংবাদ মাধ্যমৰ বাবেও বাহাল আছে – কিয়নো তেওঁলোকে উত্তৰ-পূবক খুব কমেইহে প্ৰকাশ কৰে। কিন্তু, যেতিয়া মণিপুৰৰ বাহিৰৰ মানুহে জানিবলৈ আগ্ৰহী হ’ব, তেতিয়া সংবাদ মাধ্যমেও স্পষ্টভাৱে ডাঙি ধৰিবলৈ বাধ্য হৈ পৰিব।
[কাকলি দাসৰ মূল লেখা ‘Manipur -When will the state stop burning‘ অৰ অৰবিন্দ ৰাভাই কৰা অসমীয়া ভাঙনি]
Images from different sources
০৪-০৭-২০২৩
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)