• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, May 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মদাহি জনগোষ্ঠীৰ চমু ইতিবৃত্ত

ASSAMESE SECTION / Indigenous

by Editor
August 19, 2025
in ASSAMESE SECTION, Indigenous Peoples
Reading Time: 3 mins read
0
মদাহি জনগোষ্ঠীৰ চমু ইতিবৃত্ত
Share on FacebookShare on TwitterShare on LinkedIn

RelatedPosts

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

May 11, 2026
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
The Ancient Answer to a Modern Crisis: Why Indigenous Food Systems Are the Future of Urban Climate Resilience

The Ancient Answer to a Modern Crisis: Why Indigenous Food Systems Are the Future of Urban Climate Resilience

May 5, 2026

মদাহি জনগোষ্ঠীৰ চমু ইতিবৃত্ত

প্ৰেমানন্দ মদাহি

মদাহি জনগোষ্ঠীৰ চমু ইতিবৃত্ত

অসমৰ অধিৱাসীসকল প্ৰধানকৈ — (ক) মংগোলীয়, (খ) অষ্ট্ৰলয়ড। মংগোলীয় জনগোষ্ঠী অষ্ট্ৰিকসকলৰ পিছতে চীনদেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰপৰা প্ৰায় খ্ৰীঃপূঃ ২০০০ বছৰৰ আগত ব্ৰহ্মপুত্ৰ চিন্দুইন, মেকং আদি নদ-নদীৰে অসম, ব্ৰহ্মদেশ আদি ঠাইলৈ অবিৰতভাৱে প্ৰব্ৰজন ঘটিছিল।

চীনৰ হোৱাংহো আৰু ইয়াংচিকিয়াং নদী উপত্যকাৰ মংগোলীয়সকলৰ আদি বাসস্থান আছিল বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। জনগোষ্ঠীসমূহৰ ভিতৰত বড়ো, কছাৰী, গাৰো, ৰাভা, লালুং, কোচ, মেচ, চুটিয়া, মদাহি আদি জাতি-উপজাতিৰ অসমলৈ প্ৰব্ৰজন ঘটে।

এই জনগোষ্ঠীসমূহ প্ৰকৃতিৰ পৰিৱেশ, অৱস্থান, সময়ৰ পৰিৱৰ্তনৰ ফলত বিভিন্ন নামেৰে জনাজাত হয়। নিজস্ব লোক-সংস্কৃতিৰে পৰিপূৰ্ণ এই জাতি-উপজাতিৰ ভিতৰত বৃহত্তম মদাহি জনগোষ্ঠী অতি প্ৰাচীনতম অধিৱাসী অথবা ভূমিপুত্ৰ।

প্ৰাক্ ঐতিহাসিক কালৰপৰা বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোকৰ অবিৰতভাৱে উত্তৰ-পূব ভাৰতবৰ্ষ তথা অসমলৈ প্ৰব্ৰজন ঘটে। প্ৰব্ৰজনৰ ওপৰত ভিত্তি কৰি জনগোষ্ঠীসমূহক দুটা ভাগত উল্লেখ কৰিব পাৰি— ১) যি জনগোষ্ঠীৰ প্ৰব্ৰজনৰ কাল ইতিহাসে ঢুকি পাইছে তাক প্ৰব্ৰজিত জনগোষ্ঠী আৰু ২) ইতিহাসে ঢুকি নোপোৱা জনগোষ্ঠীক ভূমিপুত্ৰ বোলা হয়। মদাহি জনগোষ্ঠীক প্ৰব্ৰজিত জনগোষ্ঠী নে “ভূমিপুত্ৰ” আখ্যা দিয়া হ’ব বহুলভাৱে চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে।

মদাহি জনগোষ্ঠী ক’ৰপৰা উদ্ভৱ হৈছে, কোন জনগোষ্ঠীৰ ফৈদ আদি স্পষ্ট ধাৰণা আৰু অভিমত দিব পৰা নাই। সমাজতাত্ত্বিক ডব্লিউ চি স্মিথে মংগোলীয় জনগোষ্ঠীৰ কেইটামান উমৈহতীয়া সংস্কৃতি আৰু লক্ষণ উল্লেখ কৰিছে যিবিলাক মদাহিসকলৰ মাজত দেখা যায়।

সংস্কৃতি আৰু লক্ষণবোৰ—১) দেৱ-দেৱীৰ পূজাত বলিবিধান, ২) সামাজিক বা ধৰ্মীয় অনুষ্ঠানত চাউলৰপৰা তৈয়াৰী মদৰ ব্যৱহাৰ, ৩) কুকুৰা, গাহৰি, শুকান মাছ আদি খাদ্য হিচাপে গ্ৰহণ, ৪) বিবাহত গা-ধন লোৱাৰ ব্যৱস্থা, ৫) বিপদ-আপদ, ৰং-আনন্দত সামূহিক দায়িত্ব গ্ৰহণ, ৬) মান-মৰ্যাদাৰ প্ৰশ্নত অনমনীয়তা, ৭) নিজৰ অস্তিত্ব ৰক্ষাৰ হকে অসীম চেষ্টা, ৮) সৰলতা আৰু জাতিভেদ ভাব ত্যাগ কৰা।

মংগোলীয় কিৰাত বা কছাৰীসকলক সাম্প্ৰতিক অসমত ঠাইবিশেষে বিভিন্ন নামেৰে জনা যায়। নেপালৰ হিমালয় অঞ্চলত মেচ, মদাহি, কোচ, মদাই, উজনি অসমত সোণোৱাল, চুটিয়া, ঠেঙাল, পশ্চিমে বড়ো, ৰাভা, মদাহি, শৰণীয়া আৰু দক্ষিণ অঞ্চলৰ কাছাৰ জিলাত ডিমাচা আদি নামেৰে জনা যায়।

ৰেভাৰেণ্ড চিদনী এণ্ডেলে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে বসবাস কৰা কছাৰীসকলক দুটা ভাগত বিভক্ত কৰিছে— (ক) উত্তৰ গোষ্ঠী আৰু খ) দক্ষিণ গোষ্ঠী। উত্তৰ গোষ্ঠীৰ ভিতৰত বড়ো, ৰাভা, মেচ, মদাহি আদি আৰু দক্ষিণ গোষ্ঠীৰ ভিতৰত — ডিমাচা, লালুং, হাজং আদি অন্তৰ্ভুক্ত কৰিছে।

প্ৰমাণিত হয় যে, অসমলৈ প্ৰব্ৰজন কৰা গাৰো, লালুং, ৰাভা, মেচ, হাজং, কোচ, মদাহিসকল বড়োমূলীয় জনগোষ্ঠী। বিশিষ্ট লেখক ভবেন নাৰ্জীদেৱেও মদাহিসকলক বড়ো-কছাৰীৰ অংশবিশেষ বুলি অভিমত প্ৰকাশ কৰিছে।

মংগোলীয় গোষ্ঠীৰ লোকৰ অসমলৈ প্ৰব্ৰজন ঘটাৰ আগতে অষ্ট্ৰিক লোকসকল আঁহিছিল। অষ্ট্ৰিকসকলৰ লগত যুঁজত ফেৰ মাৰিব নোৱাৰি দক্ষিণ-পশ্চিমলৈ আতৰি যায়। কালক্ৰমত সৃষ্টি হৈছিল অষ্ট্ৰিক মংগোলীয় সন্মিলিত উপাদানেৰে অসমৰ বৰভেটি। মংগোলীয়সকলে একে সময়তে আৰু একেলগে অসমলৈ অহা নাছিল।

ইতিহাসে ঢুকি নোপোৱা দিনৰেপৰা উত্তৰ-পূব গিৰিপথেদি মংগোলীয়সকলৰ প্ৰব্ৰজনৰ সোঁত অবিৰতভাৱে হৈছিল। শৰীৰৰ গঠন, বৰণ, আকৃতি আদি সাদৃশ্য থাকিলেও ভাবাৱেশ, সামাজিক লোকাচাৰ, সংস্কৃতি সম্পূৰ্ণভাৱে পৃথক বাবে বড়ো-কছাৰী আৰু মদাহিৰ মাজত বহুত তাৰতম্য আছে। সেয়েহে মদাহি জনগোষ্ঠীক বড়ো-কছাৰীৰ ঠাল বা ফৈদ বুলি কোৱাৰ কোনো ঐতিহাসিক ভিত্তি নাই।

কিছুমানৰ মতে ‘মদাহি’ জনগোষ্ঠী ৰাভা মূলৰ। ৰাভাৰে এটা ঠাল বা ফৈদ বুলি উল্লেখ কৰিছে। ৰাভাসকলৰ দৰে মদাহিসকলৰ মাজত “খোকচি” বা “ৰায়খো” পূজাৰ প্ৰচলন নাই। নিজত্ব সংস্কৃতি, লোকাচাৰ, গীত-মাত আদিৰে পৰিপুষ্ট মদাহি কেতিয়াও ৰাভাৰ অন্তৰ্ভুক্ত নহয়।

মদাহি জনগোষ্ঠীৰ ক্ষেত্ৰত এলেনৰ মন্তব্য— মেচ, ৰাভা আৰু ৰাজবংশী শ্ৰেণীত অগ্ৰাধিকাৰ দিয়া হৈছিল ধৰ্মান্তৰ ৰূপত। প্ৰথম অৱস্থাত তেওঁলোকে ‘মদাহি’ আৰু শৰণীয়া এই দুই স্তৰত অভিষিক্ত হৈছিল। তেওঁলোকেই সাধাৰণতঃ “ভংগ ক্ষত্ৰীয়” বুলি দাবী কৰা পৰিলক্ষিত হয়। ধৰ্মান্তৰ কৰি তেওঁলোকক কেনেকৈ কোচ উপাধি প্ৰদান কৰিছিল তাৰ কিছু আভাস দাঙি ধৰা হ’ল— “মদাহি কোচ” হ’ল ধৰ্মান্তৰৰ প্ৰথম স্তৰ আৰু “শৰণীয়া কোচ” হ’ল দ্বিতীয় স্তৰ।

ধৰ্মীয় বন্ধনেৰে এই দুই স্তৰ পাৰ পোৱাৰ পিছত তৃতীয় স্তৰ “হেৰেমিয়া” আৰু চতুৰ্থ স্তৰত “সৰুকোচ”লৈ ধৰ্মান্তৰিত হোৱা দেখা যায়। এই ধৰ্মীয় ৰীতি-নীতি উত্তীৰ্ণ হ’ব পাৰিলে “কামতালি” বা “বৰকোচ”লৈ উন্নীত হয়। কালক্ৰমত এই বৰকোচে ৰাজবংশী উপাধি পাইছিল। মেচৰ ক্ষেত্ৰত এই নীতিকে গ্ৰহণ কৰা যেন অনুমান হয়। উল্লেখযোগ্য যে স্বাধীনতাৰ পাছত “মদাহি”সকলে উপাধিটোৰ বাবে হীনমন্যতাত ভুগি ধৰ্মান্তৰ হয় আৰু মাটিৰ দলিল বা পট্টাত আৰ্যমূলীয়া উপাধি লিখা পৰিলক্ষিত হয়।

নেপালৰ তৰাই অঞ্চলৰ ‘মদাই’ বা ‘মদাসী’ নামে এটা জাতি অসমলৈ প্ৰব্ৰজনৰ কথা জনা যায়। অতি প্ৰাচীন কালত নেপালৰ জনক ৰজাৰ পোষ্যপুত্ৰ নৰকাসুৰে কামৰূপলৈ আহোতে নেপালৰপৰা কিৰাটী সৈন্য লৈ আহিছিল। এই কিৰাটীসকল হিন্দু আছিল। এওঁলোক ৰাই, লিম্বু, থকালি, ধিমাল, দানুৱাৰ, গুৰং, মগৰ, লামা, কোচে, মেচে আৰু মদাই আদি। এওঁলোক মংগোলীয় মূলৰ আৰু এওঁলোকক নেপালত  উচ্চ স্থান দিয়া নাছিল।

এই জনগোষ্ঠীসকলৰ মাজত মদৰ প্ৰচলন নিষিদ্ধ নহয় বাবে তেওঁলোকক নেপালত “মতবালী” (মদখোৱা) জাতি বুলি কোৱা হৈছিল। নেপালৰপৰা ‘মদাই’ বা মদাসীসকল অসমলৈ প্ৰব্ৰজন হ’লেও “মতৱালী” বুলি পোৱা নাযায়। নেপালৰ মদাই নদীৰ পাৰত বাস কৰা মদাই বা মদাহিসকল কৃষিজীৱী আছিল।

কৃষিকাৰ্যৰ সুবিধাৰ্থে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল আৰু কালক্ৰমত ‘মদাই’ বা ‘মদাসী’ শব্দটোৱে অপভ্ৰংশ হৈ “মদাহি” হ’ব পৰাৰ থল আছে। ভাৰতৰ সিন্ধু নদীৰ পাৰত গঢ়ি উঠা সভ্যতাক যেনেকৈ সিন্ধু সভ্যতা বুলি কোৱা হয়, তেনেকৈ মদাই নদীৰ পাৰত সৃষ্টি হোৱা ‘বোড’ জনগোষ্ঠীৰ ফৈদটোক ‘মদাহি’ বুলি ক’ব পাৰি।

আৰ্যসকলৰ মাজত জাতিভেদ আৰু জাত্যাভিমান যিমান প্ৰকট মংগোলীয়সকলৰ মাজত জাতি বৈষম্য দেখা নাযায়। ৰাজনৈতিক পাৰ্থক্য কিম্বা প্ৰতিদ্বন্দ্বিতাৰ অন্ত পৰিলেই যিকোনো ফৈদৰ মংগোলীয়সকল সহজে মিলি যাব পাৰে।

তিৱা বা লালুং, কোচ, কছাৰী, ৰাভাসকল বিভিন্ন প্ৰকাৰে সানমিহলি হোৱাৰ আৰু ৰক্ত সংমিশ্ৰণৰ ফলত নতুন নামেৰে— পানীকোচ, মদাহি, সৰুকোচ, শৰণীয়া জাতি-উপজাতিৰ সৃষ্টি হোৱা বুলি লীলা গগৈয়ে ‘অসমৰ সংস্কৃতি’ত উল্লেখ কৰিছে। মদাহি জনগোষ্ঠীৰ প্ৰাচীন বুৰঞ্জী, লিখিত সাহিত্য, লিপি নাই, কিন্তু মুখে মুখে চলি থকা লোকগীত, লোককথাত অনেক চহকী। নিজস্ব ধৰ্মীয় বিশ্বাস, আচাৰ-ব্যৱহাৰ, লোক-সংস্কৃতি থকা এটা জনগোষ্ঠী কেতিয়াও মিশ্ৰণৰ ফলত সৃষ্টি হোৱা বুলি মানি ল’ব নোৱাৰি।

ইংৰাজ বুৰঞ্জীবিদসকলে ভাৰত তথা অসমৰ ইতিহাস প্ৰণয়ন কৰোতে কোনো গৱেষণা আদি চলোৱা নাছিল। ব্ৰাহ্মণ পণ্ডিতসকলৰপৰা তেওঁলোকে যি শুনিছিল তাকেই লিখিছিল।

মদাহিসকলৰ খাদ্যাভ্যাস, আচাৰ-ব্যৱহাৰ, সাজ-পোছাক, ৰীতি-নীতি, ধৰ্মীয় উৎসৱ-পাৰ্বণ আদিৰ নিয়ম-কানুন পৰ্যৱেক্ষণ কৰি ব্ৰাহ্মণ পণ্ডিতসকলৰ পাকচক্ৰত পৰি ইংৰাজ গৱেষকসকলে ‘মদাই’ বা ‘মদাসী’ৰ ঠাইত ‘মদাহি’ লিখা বুলি ক’ব পাৰি। ফলত চুটিয়াসকলৰ দৰে লজ্জাবোধ আৰু হীনমন্যতাৰ বাবে বহুতে বিভিন্ন উপাধি গ্ৰহণ কৰি অন্য জাতিৰ লগত চামিল হৈ আত্মঘাতী হয়। সময়ৰ সোঁতত বৃহত্তৰ মদাহি জনগোষ্ঠী বিলুপ্তিৰ ফালে অগ্ৰসৰ হয়।

মদাহি জনগোষ্ঠীক পুনৰ উজ্জীৱিত কৰাৰ হেতুকে কেইজনমান চিন্তাশীল লোকৰ আপ্ৰাণ চেষ্টাৰ বিনিময়ত ১৯৭৯ চনৰ ২ ফেব্ৰুৱাৰিত ‘সদৌ অসম মদাহি সন্মিলন’ নামেৰে এটি সংগঠন গঠন কৰা হয় আৰু এই সংগঠনে মদাহিসকলৰ নীচাত্মিকা দৃষ্টিভংগী আঁতৰ কৰি বৰ্তমান পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰিব পাৰি।

অন্য জনগোষ্ঠীৰ দৰে মদাহি জনগোষ্ঠীৰো পাঁচটা ফৈদ বা খেল আছে। খেলসমূহ — ১) চুঙা মদাহি, ২) মাটিয়া মদাহি, ৩) শিঙা ফুকোৱা মদাহি, ৪) বাকৰা মদাহি, ৫) ব্ৰাহ্মণঘৰীয়া মদাহি। কিছুমান ঠাইত মাটিয়া মদাহিক “মাটিয়া কোচ” বুলি কোৱা শুনা যায়। মাটিৰ দলিল বা পট্টাত মাটিয়া মদাহি লিখা আছে।

বিশেষকৈ বঙাইগাঁও, গোৱালপাৰা, চিৰাং জিলাত বেছিসংখ্যক মানুহৰ পট্টাত মাটিয়া মদাহি আছে। আনহাতে ড৹ মজুমদাৰে “The Rabha of west Bengali” গ্ৰন্থত উল্লেখ কৰিছে যে কোচসকল— হৰিগয়া, সাতপুৰীয়া, চাগৰা, ওৱানাং আৰু তিনতেনীয়া নামেৰে বিভক্ত। ড৹ লীলা গগৈয়ে উল্লেখ কৰিছে— পানীকোচ, বৰকোচ, সৰুকোচ আৰু ৰাজবংশী আদি ভাগবোৰ। গতিকে স্পষ্টভাৱে ক’ব পাৰি মাটিয়াসকল মদাহি জনগোষ্ঠীৰে ফৈদ।

মদাহি জনগোষ্ঠীৰ প্ৰধান লোকবাদ্য হ’ল কাহাল, ঢোল আৰু তাল। উৎসৱ-পাৰ্বণত দুবিধ ঢোল— “দীঘল ঢোল” আৰু “চুটি ঢোল” ব্যৱহাৰ কৰে। কাহাবাদ্য বা কাহাল সকলো উৎসৱ-পাৰ্বণতে ব্যৱহাৰ কৰে আৰু ইয়াৰ ব্যৱহাৰ আজিও ঠায়ে ঠায়ে চলি আছে। “বাঁহী”ও মদাহিসকলৰ এবিধ লোকবাদ্য। অৱশ্যে কিছুমান বাদ্যযন্ত্ৰ পাহৰণিৰ গৰ্ভত লীন যোৱা বুলি ক’ব পাৰি।

মদাহি এটি অতি প্ৰাচীন ঐতিহ্যপূৰ্ণ জনগোষ্ঠী। ক্ষেত্ৰ অধ্যয়নৰদ্বাৰা মদাহি জনগোষ্ঠীৰ জনসংখ্যা বঢ়া-টুটা বা বাসস্থানৰ স্থিতি নিৰ্ণয় কৰিব পাৰি। শুনা যায় যে ভূটীয়াৰ আক্ৰমণৰ ফলত মদাহিসকল বিভিন্ন অঞ্চলত সিঁচৰতি হৈ পৰে। বৰ্তমান বাক্সা, ওদালগুৰি, চিৰাং, বঙাইগাঁও জিলাত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে— ছয়গাঁও, বকো, দুধনৈ আদি অঞ্চলত মদাহি জনগোষ্ঠীৰ লোক বাস কৰে।

উল্লেখযোগ্য যে বৰ্তমান বঙাইগাঁও, টুলুঙ্গীয়া অভয়াপুৰী আৰু উত্তৰ শালমৰা অঞ্চলৰ মদাহিসকলে নিজকে “ৰাজবংশী” বুলিহে চিনাকি দি ভাল পায়। মদাহিসকল সময়ৰ সোঁতত স্থান-কাল, পৰিৱেশৰ বশৱৰ্তী হৈ অইন জাতি-উপজাতিৰ লগত মিশ্ৰিত হয় আৰু বিভিন্ন উপাধি গ্ৰহণ কৰে। ফলত মদাহিৰ জনসংখ্যা কমিবলৈ আৰম্ভ কৰ।

মদাহি জনগোষ্ঠীৰ বঢ়া-টুটাৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল— ধৰ্মান্তৰকৰণ। সেই সময়ত উচ্চ জাতিৰ মানুহে অন্য জনগোষ্ঠীৰ মানুহক হীন চকুৰে চাইছিল। এইক্ষেত্ৰত মদাহিসকল বাদ পৰি যোৱা নাছিল। সেয়েহে মদাহিসকলে মানসিকভাৱে ভোগা হীনমন্যতা আঁতৰ কৰাৰ বাবে উচ্চ পৰ্যায়লৈ উন্নীত হ’বলৈ বিচাৰিছিল। ফলত লোকগণনাত মদাহিৰ জনসংখ্যা হ্ৰাস পাইছিল। বৰ্তমান মদাহিৰ জনসংখ্যা জনগোষ্ঠীটোৰ নিজত্ব লোকপিয়ল প্ৰতিৱেদন মতে ছয় লাখ।

প্ৰাচীন কালত সমাজত চুব নোপোৱা বা পোৱা এটা ডাঙৰ সমস্যা আছিল। সেয়েহে বহুতে ‘শৰণ-ভোজন’ হৈ হোমযজ্ঞৰদ্বাৰা সংস্কাৰ হ’বলৈ আগবাঢ়িছিল। প্ৰাক-স্বাধীনতাৰ সময়ত সংস্কাৰৰ নামত শীতল ধৰ্মযুদ্ধ চলিছিল। জড়বাদী ধ্যান-ধাৰণাৰে নিমজ্জিত হোৱা জনজাতিসকলৰ মাজত জোকাৰণিৰ সৃষ্টি হৈছিল।

এফালে খ্ৰীষ্টান-মিছনেৰীসকলৰ অভিলাষী প্ৰভাৱ আৰু আনফালে মহাপুৰুষীয়া ভাগৱতী বৈষ্ণৱ ধৰ্মৰ আগ্ৰাসন— এই দুয়োটা ধৰ্মীয় চেতনাৰ মাজত পৰি জনজাতীয়সকলৰ ধৰ্মীয় বিশ্বাস আৰু আচাৰ-নীতিত আমূল পৰিৱৰ্তন আহে। এইক্ষেত্ৰত বিংশ শতাব্দীৰ আদিভাগত গুৰুদেৱ শ্ৰীমৎ কালীচৰণৰ প্ৰচাৰিত ব্ৰহ্ম ধৰ্মৰ প্ৰভাৱে বড়োসকলৰ সমাজত আমূল পৰিৱৰ্তন আনিব পাৰিছিল।

ইয়ে ধৰ্মান্তৰকৰণৰ পথত বাধা আৰোপ কৰিব পাৰিছিল। কিন্তু মদাহি জনগোষ্ঠীৰ মাজত শ্ৰীমৎ কালীচৰণ ব্ৰহ্মৰ দৰে ব্যক্তিৰ অভাৱ হোৱা হেতুকে শংকৰদেৱৰদ্বাৰা প্ৰচাৰিত “একশৰণ ভাগৱত বৈষ্ণৱ ধৰ্ম”ত কিছুসংখ্যক মদাহি লোকে দীক্ষা গ্ৰহণ কৰে। আনফালে খ্ৰীষ্টান মিছনেৰীসকলে পাহাৰীয়া অঞ্চলত প্ৰৱেশ কৰে আৰু খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰে। এইদৰে আনুমানিক ১৯২৮-৩০ চনৰ আগতে ধৰ্মান্তৰ হোৱা মদাহিসকল “পুৰাণ কোচ” আৰু পিছৰ পৰ্যায়ত হোৱাবিলাকক “নতুন কোচ” বা “মদাহি কোচ” বোলা হয়।

জনসংখ্যা কমি যোৱাৰ অন্য এটি কাৰণ হ’ল— “মদাহী” উপাধিটো। “মদাহি” বুলি ক’লে সাধাৰণতে মদ্যপায়ী লোকক বুজায়। এই সম্পৰ্কত আমাৰ বক্তব্য “মদাহী” নহৈ জাতিটো “মদাহি” বুলি লিখাহে যুক্তিসংগত। কাৰণ মাটিৰ পট্টা বা দলিলত ‘‘মদাহি” লিখা আছে। মদাহি জনগোষ্ঠীৰ শত্ৰু লোকৰ পাকচক্ৰত পৰি “মদাহি” লিখি মদাহিসকলৰ মনত আঘাত হানি হীনমন্যতাত ভোগাইছিল। নতুবা বানানৰ সীমিত জ্ঞানৰ পৰিসৰৰ বাবেই “ই” আৰু “ঈ”ৰ মাজৰ পাৰ্থক্যত গুৰুত্ব আৰোপ নকৰিব পাৰে।

মদাহিসকলে দেৱ-দেৱীক বিশ্বাস কৰে। শিক্ষাৰ ক্ষেত্ৰত পিছপৰা হেতুকে অন্ধবিশ্বাস তথা কিছুমান কুসংস্কাৰৰ বশৱৰ্তী হৈ আছে। বেমাৰ-আজাৰ হ’লে বেজ-কবিৰাজৰ ওচৰ চাপে। “বৰমানী পূজা” বা “মনসা পূজা” মদাহিসকলৰ প্ৰধান পূজা। তন্ত্ৰ-মন্ত্ৰ, ভূত-প্ৰেত আদিত বিশ্বাস কৰে। ভূত-প্ৰেতৰ সন্তুষ্টিৰ বাবে কুকুৰা, পাৰ, ছাগলী বলি দিয়ে।

মদাহিসকলে গভীৰভাৱে কৰ্মফলৰ ওপৰত বিশ্বাস কৰে। প্ৰাচীন কালত মদাহি সমাজত “মৰং” পূজাৰ ব্যৱস্থা আছিল। উৎসৱ-পাৰ্বণৰ সময়ত মদৰ প্ৰচলন আছিল। অৱশ্যে আজিকালি কিছুমান সামাজিক নিয়মৰ পৰিৱৰ্তন হোৱা দেখা যায়। তথাপি ওজা বা বেজৰ প্ৰভাৱ শেষ হোৱা নাই।

অন্য জনগোষ্ঠীৰ দৰে মদাহিৰো বিচিত্ৰ কৃষ্টি-সংস্কৃতি আছে। মদাহিসকলে ব’হাগ বিহু পালন কৰাটো পৰম্পৰা বুলি ক’ব পাৰি। মদাহিসকলে বহাগ বিহুৰ লগত সংগতি ৰাখি “উমৰা” উৎসৱ পালন কৰে। এই “উমৰা” উৎসৱ ব’হাগ বিহুৰ এক তাৰিখে পালন কৰা হয়। এই উৎসৱৰ মূল উদ্দেশ্য হ’ল যাতে কোনো অপায়-অমংগল হ’ব নোৱাৰে আৰু ৰং-ৰহইচত আনন্দিত হৈ কৃষি কাৰ্যত লাগিব পাৰে।

ব’হাগ মাহত মদাহি জনগোষ্ঠীৰ “দহৰ” ফুৰোৱা এটা উল্লেখযোগ্য উৎসৱ। কিছুমানে কৌতুক কৰি “টোকোন’’ গোসাঁই বোলা শুনা যায়। দহৰ ফুৰোৱা সংস্কৃতিয়ে ধৰ্মীয় তথা সামাজিক ঐক্যৰ আদৰ্শৰ ভাব স্পষ্টভাৱে প্ৰকাশ কৰে।

মদাহি জনগোষ্ঠীৰো নিজস্ব মৌখিক উপভাষা আছে। মদাহিসকলে মান্য ভাষা হিচাপে অসমীয়া ব্যৱহাৰ কৰে। মদাহি জনগোষ্ঠীৰ ক্ষেত্ৰত কথিত সাহিত্যৰ বাহিৰে তথ্য সম্বলিত লিখিত ভাষা-সাহিত্য পাবলৈ নাই। প্ৰাচীন কালত মদাহি জনগোষ্ঠীৰ লিপি আছিল নে নাই জনা নাযায়। যি মৌখিক সাহিত্যৰ প্ৰচলন আছে তাক ভাষা তাত্ত্বিক দৃষ্টিভংগীৰে বিচাৰ কৰিলে ৰূপতত্ত্ব, ধ্বনিতত্ত্ব আৰু শব্দ ভাণ্ডাৰৰ উচ্চ বৈয়াকৰণিক ৰূপ পোৱা যায়।

এই ভাষাৰ ওপৰত গৱেষণা কৰি প্ৰচলিত মাত-কথাৰপৰা এক সুন্দৰ সাহিত্যৰ ৰূপ হ’ব পাৰে। কথিত ভাষা হ’লেও অসমীয়া ভাষাক ই প্ৰচুৰ ভাষিক অৱদান দিছে— তাক দোহাৰা আৱশ্যক নাই। মদাহি ভাষাৰ উত্তৰণৰ বাবে ‘সদৌ অসম মদাহি সাহিত্য পৰিষদ’ গঠন কৰা হৈছে।

(খিলঞ্জীয়াৰ সৌজন্যত)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মদাহি জনগোষ্ঠী
Editor

Editor

Related Posts

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব
ASSAMESE SECTION

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

by Manas Pratim Dutta
May 11, 2026
0

  পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব মানস প্ৰতিম দত্ত আমাৰ পৃথিৱীখন যে কিমান বিস্ময়কৰ জীৱৰ বাসভূমি সেইকথা ভাবিলে...

Read moreDetails
bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
The Ancient Answer to a Modern Crisis: Why Indigenous Food Systems Are the Future of Urban Climate Resilience

The Ancient Answer to a Modern Crisis: Why Indigenous Food Systems Are the Future of Urban Climate Resilience

May 5, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

May 2, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

May 2, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Preserving Deepor Beel

দীপৰ বিলৰ নীৰৱ বিননি আৰু উন্নয়নৰ কুঠাৰঘাত : “তহঁতে মোক মাৰি পেলালি”

May 13, 2026
Anti Consumerism and the Fight Against Billionaire Power: Why More People Are Rejecting Capitalism

Anti Consumerism and the Fight Against Billionaire Power: Why More People Are Rejecting Capitalism

May 13, 2026
The Gokyo Mandate 2026: How Indigenous Himalayan Knowledge Is Reshaping Global Climate Policy

CLIMATE CHANGE: What Africa and Global South Should Canvass at COP31 in Türkiye

May 13, 2026
The Restoration Revolution: Why the World Is Quietly Getting Better – and Why You Should Know About It

The Restoration Revolution: Why the World Is Quietly Getting Better – and Why You Should Know About It

May 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    32205 shares
    Share 12882 Tweet 8051
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13908 shares
    Share 5563 Tweet 3477
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    253 shares
    Share 101 Tweet 63
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3708 shares
    Share 1483 Tweet 927
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6518 shares
    Share 2607 Tweet 1630
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    925 shares
    Share 370 Tweet 231
  • Love in the Age of Ghosting and Situationships

    82 shares
    Share 33 Tweet 21
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    77 shares
    Share 31 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    74 shares
    Share 30 Tweet 19
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    65 shares
    Share 26 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d