মধুপুৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ বুঢ়ীৰ পো গোবিন্দ আতৈৰ শ্ৰী চৰণত
যুগান্ত বায়ন

(মধুপুৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ বুঢ়ীৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি উপলক্ষ্যে)
পঞ্চদশ শতিকাত শাক্ত ধৰ্মৰ প্ৰভাৱে অসমৰ সমাজ জীৱনক তচনচ কৰি তোলাৰ সময়তে যি গৰাকী ক্ষণজন্মা মহাপুৰুষৰ জন্ম হৈছিল সেই গৰাকী মহান গুৰু আছিল শ্ৰীমন্ত শংকৰদেৱ।
অসমত নৱ বৈষ্ণৱ ধৰ্মৰে এক বৈপ্লৱিক সূচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নামধৰ্মৰ লগতে আমাক ভাষা-সাহিত্য, সংস্কৃতি, স্বনিৰ্ভৰশীলতাৰ বাট মোকলাই দি এখন সুস্থিৰ সমাজ স্থাপনত বৰঙণি আগবঢ়াইছিল।
আনহাতে মহাপুৰুষ জনাৰ সকলো অৱদানৰ ভিতৰতে অন্যতম আছিল সত্র স্থাপন। গুৰুজনাই সত্ৰৰ জৰিয়তে মানুহৰ মাজত এক শৰণ নামধৰ্মৰ প্ৰচাৰ কৰিছিল যদিও এই সত্ৰত গুৰু-শিষ্যৰ মহামিলন হোৱাৰ লগতে ভক্তিধৰ্মৰ পৰা সামাজিক ব্যৱস্থালৈকে সকলো বিষয় চর্চা হৈছিল আৰু সত্ৰই আমাৰ সমাজ জীৱনক প্ৰভাৱিত কৰি তুলিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্মৃতি বিজড়িত তেনে এখন পৱিত্ৰ আৰু ঐতিহাসিক তীর্থস্থান হ’ল কোচবিহাৰৰ মধুপুৰ সত্ৰ। অসমৰ বৈষ্ণৱ ভক্তসকলৰ বাবে মধুপুৰ সত্ৰ হ’ল বৃন্দাৱন স্বৰূপ।
উল্লেখ্য, উজনিত ধর্ম প্ৰচাৰ কৰাৰ সময়ত আহোম ৰজাৰ ৰোষত পৰি গুৰুজনাই তেওঁৰ শিষ্য- প্রশিষ্যক লগত লৈ নামনিলৈ ভটিয়াই আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু গুৰুজনাই জীৱনৰ শেষকালত আজিৰ পশ্চিমবংগ তথা তাহানিৰ কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্য কোচবেহাৰৰ মধুপুৰ ধামতে কটাবলগীয়া হয়। পিছে আজি যিখন সত্ৰ বৰ্তমান কোচবিহাৰত আছে সেই সত্ৰখন দুখন সত্ৰৰ সংযোজিত ভেলা মধুপুৰ সত্ৰ হিচাপে পৰিচিত।
প্রণিধানযোগ্য এই সত্ৰখনৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ আছিল বুঢ়ীৰ পো গোবিন্দ আতৈ। তেৰা প্ৰথমে আছিল ভেলা সত্রত। সত্রখন আছিল তোৰোষা নদীৰ পাৰত। কোচ ৰজা লক্ষ্মী নাৰায়ণে মাটি বৃত্তি দান কৰি সত্ৰখন স্থাপন কৰিছিল। মাধৱদেৱৰ পৰবৰ্তী সময়ত এইখন থানৰ প্ৰথম সত্ৰাধিকাৰ হয় বুঢ়ীৰ পো গোবিন্দ আতৈ।
কিন্তু সত্ৰাধিকাৰ পতাৰ কেইদিনমান পিচতে নদীখনৰ প্ৰচণ্ড সোঁতে ভেলা থানখন খহাই নিবৰ উপক্ৰম কৰাত গোবিন্দ আতৈয়ে সেই সময়ৰ ৰজা বীৰ নাৰায়ণৰ শৰণাপন্ন হয়। ৰজাই প্রয়াত পিতৃ লক্ষ্মী নাৰায়ণৰ কথা স্মৰণ কৰি ভেলা থানৰ সমস্ত বয় বস্তু নাৱেৰে আনি মধুপৰ ধামত থ’বলৈ দিয়ে। ৰজাৰ সহায়ত বুঢ়ীৰ পো গোবিন্দই ভকত সকলক লগত লৈ ভেলা থানৰ সমস্ত বয় বস্তু আনি মধুপুৰ ধামত থৈ দুয়োখন সত্র একত্রিত কৰে।
এই দুয়োখন সত্ৰ একেলগ কৰি নাম দিয়া হয় ভেলা মধুপুৰ আৰু এই ভেলা মধুপুৰ সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰেই হ’ল বুঢ়ীৰ পো গোবিন্দ আতৈ। আমি যিগৰাকী আতৈৰ বিষয়ে বকলা মেলিবলৈ ওলাইছোঁ সেই গৰাকী হ’ল গোবিন্দ আতৈ।
চৰিতৰ পাতত আকৌ গোবিন্দ নামৰ কেবাগৰাকী আতা, আতৈ পুৰুষৰ নাম পোৱা যায়, যথা- নাওভঙ্গা গোবিন্দ, কৰি ভঙ্গা গোবিন্দ, মহুৰপাৰ গোবিন্দ, চুমৰিৰ উদাৰ গোবিন্দ, গমাৰ গোবিন্দ, লচাকণীয়া গোবিন্দ, খটৰা গোবিন্দ, গাৰোৰ গেবিন্দ, গোবিন্দ দণ্ড, ৰাজখোৱা গোবিন্দ, লখৰঙ্গদ্বাৰৰ দ্বিজ গোবিন্দ, গোবিন্দ আতৈ আৰু বুঢ়ীৰ পো গেবিন্দ আতৈ। ইয়াৰে প্ৰতিগৰাকী ভকতেই মহাপুৰুষীয়া ধৰ্মৰ গভীৰ আস্থাশীল, নিষ্ঠাবান একান্ত ভকত।
উল্লিখিত মহান ভকত সকলৰ ভিতৰত আমাৰ আলোচ্য আতৈ গৰাকী হ’ল- বুঢ়ীৰ পো গোবিন্দ আতৈ।

অন্যান্য আতা বা আতৈ সকলৰ দৰে বুঢ়ীৰ পো গোবিন্দ আতৈ সম্বন্ধেও বিস্তৃত বিতং তথ্য পোৱা নাযায়। চৰিত পুথিৰ পাতত সিঁচৰতি হৈ থকা দুই চাৰি উল্লেখৰ পৰা সংগ্ৰহ কৰি একত্র সংকলনৰ চেষ্টাৰ সংক্ষিপ্ত প্রতিফলিত হৈছে ডঃ মহেশ্বৰ নেওগ দেৱৰ গৱেষণা গ্রন্থ “Sankardeva and His Times: Early History of Vaisnava Faith and Movement in Assam” ত। ডঃ নেওগৰ চমু কথাখিনি আৰু চৰিতৰ বিৱৰণৰ আঁত ধৰিয়েই নিবন্ধটো যুগুতাবৰ চেষ্টা কৰা হৈছে।
বুটীৰ পো গোবিন্দ?
মহাপুৰুষ মাধৱদেৱৰ ভক্ত শিষ্য সকলৰ ভিতৰত এগৰাকী অন্যতম প্রিয় শিষ্য আছিল সুদামআতৈ। গৃহবাৰী আছিল বৰ কৰৈবাৰীত। এই জনা আতৈৰ এগৰাকী আছিল মৰমৰ দুহিতা, নাম ৰতি। ৰতিক বিয়া দিছিল গোবিন্দপুৰৰ এজন লোকৰ লগত। বিয়াৰ পিছত সিহঁতৰ দাম্পত্য জীৱন বৰ সুখেৰে অতিবাহিত হৈছিল। সময়ত এটা ল’ৰা সন্তান উপজিল। পৰম কৃষ্ণ ভক্তা ৰতিয়ে ল’ৰাটোৰ নাম ৰাখিলে গোবিন্দ।
কিন্তু আঁঠু কঢ়া বয়সতে গোবিন্দই পিতৃক হেৰুৱাব লগা হ’ল। একমাত্র জীয়ৰী ৰতি অকালতে বিধবা হোৱাত সুদাম আতৈৰ পিতৃ হিয়া হাহাকাৰ কৰি উঠিল। গুৰু মাধৱদেৱৰ উপদেশ মর্মে সুদাম আতৈয়ে বিধৱা জীয়ৰীৰ সৈতে এমাডিমা ল’ৰা সন্তানটোক নিজৰ ঘৰলৈ, অৰ্থাৎ কৰৈবাৰীলৈ লৈ আহিল। ৰতি আছিল পৰম ভক্তা, সেয়েহে তেনেই ফুকলীয়া ল’ৰা সন্তান গোবিন্দক মাধৱ পুৰুষৰ লগত ৰাখিবলৈ ইচ্ছা প্রকাশ কৰিলে।
স্মর্তব্য যে সেই সময়ত সুন্দৰীদিয়াত সত্র পাতি আছিল মহাপুৰুষ মাধৱদেৱ। সত্ৰৰ নিচেই কাষতে বহা সাজি স্থায়ীভাৱে বসবাস কৰি আছিল মহাপুৰুষৰ ধৰ্ম আৰু আদর্শ আখৰে আখৰে পালন কৰা পৰম ভক্ত তথা মাধৱ পুৰুষৰ ভনীয়েক উর্বশীৰ পাণি গ্রহণ কৰা ৰামদাস ওৰফে গয়পানি আতাই। গতিকে ৰতিয়ে ল’ৰাটোক সুন্দৰীদিয়া সত্ৰলৈ পঠাব খুজিলে।
পিছে পিতৃ সুদামে নাতিয়েকৰ মৰমত জীয়েকক ক’লে যে ছৱাটি অলপ ডাঙৰ হ’লে মোৰ মহাপুৰুষ গুৰুৰ থানলৈ পঠালে ভাল হ’ব। পিতৃৰ কথাত বৰ বিনম্র ভাৱে ৰতিয়ে ক’লে যে পিতা, আমাৰ পো গোবিন্দক এতিয়াৰ পৰা যদি গুৰুজনাৰ লগত ৰখা যায়, তেনেহ’লে সমস্ত ধর্মবস্তু, নীতি, সদাচাৰ সোপাকে আয়ত্ব কৰিব পাৰিব।
ৰতিৰ কথাত পিতৃ সুদাম আতৈ পতিয়ন গৈ ক’লে যে, তুমি জ্ঞানগর্ভ, অভিজ্ঞ বুঢ়ীৰ দৰে কথা কৈছা, সেইবাবে আমাৰ নাতিটোও বুঢ়ীৰ পো হিচাপে পৰম জ্ঞানী হ’ব দে বুলি কৈ জীয়ৰীৰ কথামতে, জীয়ৰী ৰতিৰ সৈতে গোবিন্দক সুন্দৰী থানলৈ লৈ আহিল। তেনেদৰে মাতৃ পুত্ৰ আহি সুন্দৰীদিয়া পালে আৰু মাধৱদেৱৰ বৈনাই ৰামদাসৰ গৃহত আশ্রয় ল’লে। পৰম ভক্ত ৰামদাসে সুকীয়াকৈ বহা সাজি থাকিব দিয়াৰ লগতে ভোজন সমস্তও যোগান ধৰিলে।
ৰামদাসৰ আশ্ৰয়ত থাকিয়েই পুৱা গধুলি মাতৃ পুত্রই সত্ৰৰ সেৱায়িত কামফেৰা গভীৰ ভক্তি আৰু শ্ৰদ্ধাৰে কৰি গৈ থাকিল। মাধৱ পুৰুষৰ লগতে সমস্ত ভকতৰ মাজত সিহঁতহাল বৰ কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল। ভকত সকলে গোবিন্দক মৰমতে বুঢ়ীৰ পো বুলি মতা হ’ল আৰু সেইমর্মেই পিছলৈ হয়তো গোবিন্দ হ’লগৈ বুঢ়ীৰ পো গোবিন্দ।

আন এটা সূত্র অনুসৰি গোবিন্দ নামৰ কেবাগৰাকী ভকত থকা বাবে সহজতে পৰিচয় পাব পৰাকৈ বা চিনি পাবৰ বাবে বুঢ়ীৰ পো হিচাপে চিনাকি দিছিল। তুলনামূলক ভাৱে বৰপেটা সত্ৰৰ অন্তৰ্গত লোকসকলৰ মাজত এতিয়াও একে নামৰ লোকসকলক চিনাকি কৰিবলৈ নামৰ পাছত বা আগত এটা বিশেষণ শব্দ ব্যৱহাৰ কৰে। যথা- হৰেন খন্তি, হৰেন নাজিৰ, হৰেন দালাল, হকো হৰেন, অচ্যুত মাহাজন, অচ্যুত গাওঁবুঢ়া ইত্যাদি।
উল্লেখযোগ্য যে, চৈধ্য বছৰ ছমাহ কাল সুন্দৰীদিয়াত থাকি মহাপুৰুষ মাধৱদেৱে তালি টুপলিৰ ভাৰ বান্ধি ভবানীপুৰলৈ যাবলৈ প্রস্তুত হৈ থকাৰ সময়তে বৰপেটাৰ পৰম প্রিয় শিষ্য গোবিন্দ তাঁতী (পিচলৈ মথুৰাদাস বুঢ়া আতা, বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ) ৰ নেৰা নেপেৰা অনুৰোধত ভকত সমন্বিতে আহি বৰপেটাত সত্ৰ পাতিলে।
বৰপেটাত সাত বছৰ ছমাহকাল থকাৰ পিছত ৰজা ৰঘুৰায় (পিতৃ চিলাৰায় ওৰফে নুনু)ৰ নিগ্রহ ভুঞ্জি হাজো ৰামদিয়ালৈ যায় আৰু নৰনাৰায়নৰ পুত্ৰ ৰজা লক্ষ্মী নাৰায়নৰ মাতৃ আইধাইৰ অনুৰোধ মর্মে গৈ ভেলাডোবাত গৈ সত্ৰ পাতে। এই সমস্ত সময়খিনিত বুঢ়ীৰপো গেবিন্দই ছাঁটোৰ দৰে মহাপুৰুষৰ লগত থাকি সেৱাৰ কাম চলাই গৈছিল।
জীৱন জীবিকা হিচাপে সেই সময়ৰ কোচৰাজ্যৰ ৰাজবিষয়া বিৰু কাজিৰ তলতীয়া কৰ্মচাৰীৰ কাম কৰিছিল গোবিন্দই। সমান্তৰাল ভাবে মহাপুৰুষৰ ভক্তিধৰ্মৰ মাজতো গভীৰ ভাবে মনোনিবেশ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজবিষয়া বিৰু কাজিৰ আত্মম্ভৰীতাৰ বাবে ভক্তি ধর্ম প্রবর্তাই ৰখাৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱৰ লগতে শিষ্য প্রশিষ্য সকল প্রত্যাহ্বানৰ সম্মুখীন হ’ব লগা হৈছিল।
বিৰু কাজিও আছিল ৰজা লক্ষ্মীনাৰায়ণৰ ৰাজবিষয়া কাজি। কাজি হ’ল বিচাৰক । চৰিত পুথিৰ বিৱৰণ মতে এইগৰাকী বিষয়াই ভক্তি ধৰ্মৰ বিৰোধীতা কৰাৰ লগতে ভকত বিৰোধী অভিযানত নামি পৰি মাধৱদের সমন্বিতে ভকত বৈষ্ণৱ সকলক নগুৰ নাগতি কৰিছিল। ইয়াৰ অন্তৰালৰ কাহিনী হ’ল যে, বিৰু কাজিয়ে তেওঁৰ ভনীয়েকক বিয়া দিছিল কোচৰজাৰ ৰাজবিষয়া হাঁহ খোৱা লস্কৰ (সৈন্যৰ দলপতি আজিৰ কেপ্তেইন)লৈ।
এইজনা লস্কৰে মহাপুৰুষ মাধৱদেৱৰ শুদ্ধ সৎ ধৰ্মত শৰণ লৈ পৰম ভকত হৈ পৰিছিল। শৰণ লোৱাৰ কেইমাহমান পিচতে চ’ত মাহৰ চতুৰ্থীত লস্কৰৰ শহুৰেক অর্থাৎ বিৰু কাজিৰ পিতৃৰ শ্রাদ্ধ আদি প্রেত কর্ম পাতিলে। লস্কৰৰ পত্নীয়ে দ্রব্য বস্তু লৈ আগদিনাখনেই গ’ল ককায়েকৰ গৃহলৈ। শহুৰেকৰ মৃতকৰ্মলৈ বুলি পিচদিনাখন লস্কৰো গ’ল। ভাত খাবৰ সময়ত পূৰ্বৰ দৰে পত্নীয়ে তেওঁক ভাত খাবলৈ মাতিলে।
কিন্তু লস্কৰে ভাত খাব নোৱাৰো বুলি পত্নীক সমিধান দি ক’লে যে তেওঁ মাধব গুৰুত শৰণ-ভজন লৈছে। বিৰু কাজিৰ ঘৰৰ সকলোৰে লগতে পত্নীও অভজনীয়া। গতিকে অভজনীয়াৰ সৈতে তেওঁ খাব বব নোৱাৰে। এই কথা শুনি পত্নীয়ে চৰু চাউল বেলেগকৈ দি ভাত ৰান্ধি খাবলৈ ক’লে।
নিশা শুবৰ সময়ত বিৰু কাজিৰ পত্নীয়ে স্বামীক যেতিয়া ক’লে যে অভজনীয়া হেতুকে লস্কৰে তেওঁলোকৰ লগত খাব বব নোৱাৰা বুলি ক’লে, তেতিয়া বিৰু কাজি খঙত তিঙিৰি তুলা হ’ল আৰু অঙ্গীকাৰ কৰি ক’লে:
” বোলে মহাজনক নেখেদো মানে দেশৰ: মাথা জিহ্বা কাটি বিষ্ঠাৰ গৰ্তত পেলাম।“
(গু.চ.ক. পৃঃ ৪৬১ দফা ১০৪৫)
এনেদৰে প্ৰতিজ্ঞাবদ্ধ বিৰু কাজি ব্রাহ্মণ্যবাদ প্রতিষ্ঠা কৰাৰ বাবে ৰাজ ক্ষমতাৰ অপপ্রয়োগ কৰি মাধৱ পুৰুষৰ লগতে ৰামচৰণ ঠাকুৰ প্ৰমুখ্যে ভকত সকলক বহু কষ্ট দিবলৈ ধৰিলে। কিন্তু কৃষ্ণৰ কৃপাত কোনো ভকতকে বিশেষ একো কৰিব নোৱাৰিলে। ক্রমে বিষয়া গৰাকীৰ জিদ বাড়ি গ’ল। সেয়েহে ভকতৰ বিৰুদ্ধে ৰজাত লগালেগৈ-
“ বোলে মহাৰাজ বাউসীৰ মহস্তে দেশ অনাচাৰ কৈলেঃ ব্রাহ্মণ পণ্ডিতে কৈছে যি দেশত বেদধর্ম এৰি
অনাচাবে প্রবর্তেঃ যি দেশত হুনুঃ ছত্রভঙ্গ পাত্রমন্ত্রী নাশ দুর্ভিক্ষঃ দেশত প্রাণীক্ষয় শস্যহানি।–
(গু.চ.ক. পৃঃ ৪৬৪ দফা ১০৪৯)
কাজিৰ মুখত এনে কথা শুনাৰ পিচত কাজিৰ কৌশলী বুধিমতেই মাধৱদেৱৰ একান্ত অনুগামী শিষ্য তথা ভক্ত বুঢ়ীৰ পো গোবিন্দ আতৈ আৰু কেৱলীয়া কৃষ্ণাই আতৈক হৰি কথা সুধিব বুলি ৰজাই মাতি পঠিয়ালে। ৰজাৰ তালৈ যাবলৈ ওলাই আহি দুয়ো ভকতে মাধৱদেৱৰ চৰণত সেৱা কৰি বিদায় ল’লে।
বিদায়ৰ সময়ত মহাপুৰুষে সাবধান বাণী শুনাই দুয়ো ভকতক উদ্দেশ্যি ক’লে যে, বিৰুৰ কথাত ভোল যাব নালাগে। দুৰ্জনৰ মতি কোনোদিনে সৎ নহয়, সেয়ে কৃষ্ণনাম হৃদয়ত লৈ থকিবলৈ উপদেশ দি দুয়োকে যাবলৈ অনুমতি প্রদান কৰিলে। মহাপুৰুষৰ অনুমতি লৈ কৃষ্ণনাম হৃদয়ত লৈ দুয়ো ৰাজ দৰবাৰলৈ যাত্রা কৰিলে।
ভকত গৈ পোৱাৰ আগেয়ে কূট বুদ্ধিৰ ভড়াল কাজিয়ে ৰাজসভাৰ পাৰিষদৰ সন্মুখত কুঁহিয়াৰ চেপি ৰস উলিয়াই পগাই এটা কলহৰ ভিতৰত ভৰাই কলহৰ মুখটো সাত তৰপ তুলাপাতেৰে মেৰিয়াই বন্ধ কৰি লাৰে ছাব মাৰি বজাৰ আগত ৰাখিলে। দুয়োগৰাকী ভকত আহি পোৱাৰ পিচত কাজিয়ে বৰ আথে বেথে তেওঁলোকক ৰাজচ’ৰালৈ লৈ গৈ ৰজাৰ আগত হাজিৰ কৰালে।
ৰজা মন্ত্রী পাৰিষদৰ সন্মুখত ভকত দুগৰাকীক কলহটো দেখুৱাই দি সোধা হ’ল যে এই কলহটোৰ ভিতৰত কি আছে তেওঁলোকে ক’ব লাগে। বুঢ়ীৰ পো গোবিন্দ আৰু কৃষ্ণাই আতৈৰ স্পষ্ট উত্তৰ যে তেওঁলোকতো সৰৱজান নহয়, গতিকে কলহৰ ভিতৰত কি আছে তেওঁলোকে নাজানে। তেতিয়া কাজিয়ে দুয়োকে কলহটোৰ সাঁফৰ খুলিব দিলে। আদেশ মতে দুয়োগৰাকী ভকতে কৃষ্ণ নাম মুখত লৈ সকলোৰে সন্মুখত সাঁফৰ খুলিলে।
সাঁফৰ খোলাৰ লগে লগে দুডাল প্রকাণ্ড ফেঁটীসাপে ফেঁট তুলি ফোফাব ধৰিলে। ভয়ত বিচূর্তি হৈ ৰজা আসনতে বাগৰি পৰিল। বাকী পাৰিষদ সকল অত্রাহি হৈ ফৰিং চিটিকা দিলে। ভয়ত বিতত হৈ কর্ফাল খাই পৰা কাজিয়ে ভকত দুগৰাকীক ৰাজ আদেশ শুনাই সাপদুডাল কলহৰ ভিতৰত সোমাবলৈ নিৰ্দেশ কৰিলে।
কৃষ্ণ নাম মুখত ৰাখি মাধৱ গুৰুৰ নাম লৈ সোমা সোমা বুলি দুয়ো ভকতে কোৱাত সাপ দুডাল কলহৰ ভিতৰত সোমাই পৰিল আৰু সাত তৰপীয়া তুলাপাতেৰে কলহৰ মুখ বন্ধ কৰি দিয়াৰ পিচতহে সকলোবে স্বস্তিৰ নিশ্বাস পেলালে। এনে অদ্ভুত কার্য সমাধান কৰাৰ বাবে ৰজাই দুয়োগৰাকী ভকতক পুৰস্কৃত কৰাৰ লগতে নাম ধর্ম যে শুদ্ধ সৎ বস্তু সেই কথা স্বীকাৰ কৰি স-সন্মানে তেওঁলোকক বিদায় দিলে।
ভকত দুজন যোৱাৰ পিচত ৰজা পাৰিষদ সকলৰ কথামতে টাঙোন, পছা, আদি হাতত লৈ কলহটোৰ চাৰিওফালে বেঢ়ি ধৰি তুলাপাতৰ সাঁফৰ গুচাই চাই দেখে যে, কলহৰ ভিতৰত পাগ কৰা গুড় খিনিয়ে আছে। এনেকুৱা আশ্বর্য কাণ্ডই ৰজা সমন্বিতে সকলোকে সচকিত কৰিলে আৰু নাম ধৰ্মৰ কি মাহাত্ম্য সেয়া উপলব্ধি হ’ল।
তথাপি বিৰু কাজি বহি নাথাকিল। কোচবেহাৰৰ পৰা ভক্তিধৰ্মৰ শিপা উভালিবৰ বাবে মহাপুৰুষ মাধৱদেৱ সমন্বিতে ভকত বৈষ্ণৱ সকলৰ বিৰুদ্ধে নানান কূট কৌশল ৰচনা কৰিব ধৰিলে। বিৰু কাজিৰ তেনে অপচেষ্টা আগৰে পৰ লক্ষ্য কৰি আছিল নুনু মাতৃ আইধায়ে। আইধাই আছিল পৰম ভক্তা, সেয়েহে কাজিৰ এনে পশ্চাৎকামী চিন্তা বন্ধ কৰাৰ বাবে চেষ্টা চলাইছিল।
আইধায়ে ভালদৰে বুজিছিল যে, ৰজাৰ পৰা লাই পাই কাজিয়ে নিজৰ ইচ্ছামতে ভকতসকল আৰু ভক্তিধৰ্মৰ বিৰুদ্ধে কূট কৌশল ৰচনা কৰি আছে। সেয়ে আইধায়ে নামধর্ম কি, ভক্তিৰ মাহাত্ম্য কিমান এই বিষয়ে ৰজাক বুজাই দিলে। ৰজাই নিজেও লক্ষ্য কৰি আহিছিল যে বিৰুৱে ভকতৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনি কেতবোৰ কূট কৌশল ৰচনা কৰি কাম কৰি আছে যদিও ভকতৰ একো হানি বিঘিনি ঘটাব পৰা নাই।
আই ধাইৰ বুজনিত ৰজা ৰঘুৰায় লাহে লাহে মাধৱদেৱৰ নাম ধৰ্মৰ প্রতি আকৃষ্ট হৈছিল আৰু এশ মাদৈক লগত লৈ মাধৱদেৱৰ ওচৰত শৰণ ল’ব বিচাৰিছিল। কিন্তু ৰজা নৰ নাৰায়ণৰ দৰে নুনু পুত্ৰ ৰজা ৰঘুৰায়ৰো সেই আশা পূৰণ নহ’ল। তাৰ আগেয়ে মাধৱ পুৰুষৰ দেহাৱসান ঘটিল। শৰণ ল’ব নোৱাৰিলে। যদিও পৰবৰ্তী সময়ত ভকত সজ্জনক যথেষ্ট সেৱা সৎকাৰ কৰিছিল।
মাধৱ পুৰুষৰ দেহাৱসান ঘটাৰ পিচত কাম কাজ, শুদ্ধি আদি সম্পন্ন কৰা হ’ল আৰু ভকত সকল তথা ৰজাৰ সৌহাদ্য সহযোগত বহলভারে শ্রাদ্ধ বিধি পাতি ভকত সজ্জনৰ লগতে সন্ত-মহন্ত, ৰজাঘৰ প্ৰজাঘৰৰ লোকক নিমন্ত্ৰণ কৰি তিথি মহোৎসৱ পাতিলে।
বৰপেটাত সাদিন, কমলাবাৰীত ছদিন ধৰি তিথি মহোৎসৱ পাতিলে। ব্রাহ্মণ, পুৰোহিতক সেৱা সৎকাৰ কৰা হ’ল। এমহীয়া তিথিৰ অন্তত ভেলা থানত সমস্ত ভকতে লগ লাগি বুঢ়ীৰ পো গেবিন্দ আতৈক সত্ৰাধিকাৰ পাতিলে। After Madhava’s death he (বুঢ়ীৰ পো গোবিন্দ) became the Adhikar of the Bhela Sattra in Behar. (Sankardeva and His Times: Early History of Vaisnava Faith and Movement in Assam, p-147)
মহাপুৰুষ মাধৱদেৱৰ দেহাৱসান ঘটিছিল ১৫১৮ শকৰ ভাদ্ৰমাহৰ ৭ তাৰিখ কৃষ্ণা পঞ্চমীৰ পূর্ব ভদ্রা নক্ষত্র মঙ্গলবাৰে। গতিকে এমাহ পিচত হ’লে ১৫১৮ শকৰ আহিন মাহৰ কৃষ্ণা পঞ্চমী বা কৃষ্ণা ষষ্ঠীৰ দিনা অথবা আহিনৰ ন বা দহ তাৰিখে বুঢ়ীৰ পো গোবিন্দ আতৈক সত্ৰাধিকাৰ পতা হৈছিল বুলি অনুমান কৰিব পাৰি।
গোবিন্দ আতৈৰ তিৰোভাৱ তিথিৰ এই পৱিত্ৰ মূহুৰ্তত উত্তৰ বংগ আৰু অসমত ৰাইজৰ হৈ আমি জনাইছোঁ ভক্তি অঞ্জলি।

যুগান্ত বায়ন ৮৮৭৬৪১৫০৮৯
11-02-2024
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)