• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

ASSAMESE SECTION / World

by Gautam Sarmah
March 28, 2026
in News
Reading Time: 3 mins read
0
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War
Share on FacebookShare on TwitterShare on LinkedIn

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

Middle East Map

গৌতম শৰ্মা

gautam sarma
গৌতম শৰ্মা

মধ্যপ্ৰাচ্যৰ সংকট বুলিলে সাধাৰণতে পশ্চিম এছিয়া অঞ্চলত চলি থকা ৰাজনৈতিক অস্থিৰতা, যুদ্ধ, ধৰ্মীয় দ্বন্দ্ব, জাতিগত সংঘাত আৰু বিশ্ব শক্তিসমূহৰ প্ৰভাৱ বিস্তাৰৰ প্ৰতিযোগিতাক জনা হয়। এই অঞ্চলত দীৰ্ঘদিন ধৰি সংঘটিত হৈ থকা বিভিন্ন যুদ্ধ আৰু মতাদৰ্শগত সংঘাতে ইয়াক বিশ্ব ৰাজনীতিৰ আটাইতকৈ স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিগণিত কৰিছে।

মধ্যপ্ৰাচ্যৰ সংকট এটা অতি সূক্ষ্ম অৰ্থাৎ অলপতে সৃষ্টি হোৱা ঘটনা নহয়; ই বহু ঐতিহাসিক পৰ্যায়ৰ ফচল। ঐতিহাসিকভাৱে এই সংকটৰ মূল শিপা প্ৰথম বিশ্ব যুদ্ধৰ পিছত দেখা গৈছিল। যুদ্ধৰ আগলৈকে এই অঞ্চলৰ বৃহৎ অংশ অট’মান সাম্ৰাজ্যৰ অধীনত আছিল।

প্ৰথম বিশ্বযুদ্ধত অট’মান সাম্ৰাজ্য পৰাজিত হোৱাৰ পিছত ব্ৰিটেইন আৰু ফ্ৰান্সে গোপনে কৰা চাইকেছ-পিকোট চুক্তিৰ জৰিয়তে এই অঞ্চলক নিজৰ স্বাৰ্থ অনুসাৰে বিভক্ত কৰি লয়। এই কৃত্ৰিম সীমা নিৰ্ধাৰণে বহু জাতিগত আৰু ধৰ্মীয় গোটক এখন ৰাষ্ট্ৰৰ ভিতৰত ৰাখিলে, যাৰ ফলত পৰৱৰ্তী সময়ত গৃহযুদ্ধ আৰু দ্বন্দ্বৰ সৃষ্টি হয়।

এই সংকটৰ আন এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট সৃষ্টি হৈছিল ইজৰাইলৰ সৃষ্টিৰ লগত। ১৯৪৮ চনত ইজৰাইল ৰাষ্ট্ৰ গঠন হোৱাৰ লগে লগে আৰব দেশসমূহ আৰু ইজৰাইলৰ মাজত একাধিক যুদ্ধ সংঘটিত হয়। পেলেষ্টাইন প্ৰশ্ন আজিও এই অঞ্চলৰ অন্যতম কেন্দ্ৰীয় সংকট। ইজৰাইল-পেলেষ্টাইন সংঘাতে বহু দশক ধৰি অস্থিৰতা অব্যাহত ৰাখিছে। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই এই অঞ্চলত নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে বিভিন্ন দেশ আৰু গোটক সমৰ্থন কৰিছিল। ফলস্বৰূপে বহু সংঘাতে আন্তঃৰাষ্ট্ৰীয় ৰূপ লয়।

তেল সম্পদো এই অঞ্চলক বিশ্ব শক্তিৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ কৰি তুলিছিল। ১৯৭৯ চনৰ ইৰাণীয়ান বিপ্লৱে মধ্যপ্ৰাচ্যৰ ৰাজনীতিত নতুন অধ্যায় আৰম্ভ কৰে। ইৰাণত ইছলামিক চৰকাৰ স্থাপন হোৱাৰ পিছত ইৰাণ আৰু আমেৰিকাৰ মাজত শত্ৰুতা বৃদ্ধি পায়। ইয়াৰ পিছত ইৰাণ-ইৰাক যুদ্ধ, গুল্ফ যুদ্ধ আৰু ২০০৩ চনৰ ইৰাক যুদ্ধই অঞ্চলটোক অধিক অস্থিৰ কৰি তোলে। তদুপৰি ছিৰিয়া, ইয়েমেন আদি দেশত সংঘটিত গৃহযুদ্ধ, চিয়া-চুন্নী ধৰ্মীয় বিভাজন, আৰু বিভিন্ন প্ৰক্সি সংগঠনৰ ভূমিকাই সংকটক জটিল কৰি তুলিছিল। এইক্ষেত্ৰত ইৰাণ আৰু চৌদি আৰবৰ মাজৰ আঞ্চলিক প্ৰভাৱ বিস্তাৰৰ প্ৰতিযোগিতাও এক গুৰুত্বপূৰ্ণ কাৰক। গতিকে এই মধ্যপ্ৰাচ্যৰ সংকট এক দীৰ্ঘ ঐতিহাসিক প্ৰক্ৰিয়াৰ ফচল; য’ত ঔপনিৱেশিক বিভাজন, জাতীয়তাবাদ, ধৰ্মীয় ৰাজনীতি, তেল সম্পদ, আৰু বিশ্ব শক্তিসমূহৰ স্বাৰ্থ একেলগে জড়িত। এই সংকট বুজিবলৈ ইতিহাসৰ গভীৰ অধ্যয়ন অত্যাৱশ্যক।

শেহতীয়াকৈ এই মধ্যপ্ৰাচ্যৰ সংকটক মূলতঃ  ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ হত্যা আৰু তাৰ পাছত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ মিলিত সামৰিক আক্ৰমণে জটিল কৰি তুলিছে। যোৱা ২৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে আমেৰিকা আৰু ইজৰাইলৰ যৌথ অভিযানত ইৰাণৰ ৰাজধানী তেহৰানত গুৰুত্বপূৰ্ণ সামৰিক আৰু ৰাজনৈতিক লক্ষ্য স্থানসমূহৰ ওপৰত পৃথকে পৃথকে বোমা আৰু মিছাইল আক্ৰমণ কৰা হৈছিল।

এই আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনি তথা অন্যান্য শীৰ্ষ আই আৰ জি চি নেতা নিহত হোৱা বুলি সংবাদ মাধ্যমসমূহে নিশ্চিত কৰিছে। খামেনিৰ মৃত্যুৰ খবৰ আৰু ইয়াৰ বিপৰীতে ইৰাণৰ প্ৰতিক্ৰিয়াই সংঘাতৰ পৰিসৰক বৃদ্ধি ঘটাইছে। ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে মিছাইল আৰু ড্ৰোন আক্রমণ আৰম্ভ কৰিছে। বিশেষকৈ উপসাগৰীয় দেশসমূহত থকা আমেৰিকান ঘাটিসমূহ আৰু ইজৰাইলৰ অংশসমূহ লক্ষ্য কৰি লৈছে। এই ঘটনাই সম্প্ৰতি পুনৰবাৰ মধ্যপ্ৰাচ্যত এক তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে। কিয়নো সংঘাত আগতে আছিলেই; এতিয়া শীৰ্ষ নেতাৰ হত্যাই ইৰাণৰ প্ৰতি-প্ৰতিক্ৰমণ আৰু অঞ্চলজুৰি সম্ভাব্য ব্যাপক যুদ্ধৰ আশংকা কঢ়িয়াইছে। বিশ্বৰ বহু দেশ আৰু সংঘই সংযমৰ আহ্বান জনাইছে যদিও অস্থিৰতা আৰু উত্তেজনাই এখন ব্যাপক বিশ্বযুদ্ধৰ আগজাননী দিছে।

গতিকে মধ্যপ্ৰাচ্য পুনৰ এবাৰ আজি এক অতি সংকটজনক সন্ধিক্ষণত উপনীত হৈ উত্তেজনাৰ সীমনাত সমগ্ৰ বিশ্বই অৱস্থান কৰিছে। এই সন্ধিক্ষণ, এই ঘটনা কেৱল এক আঞ্চলিক সংঘাত নহয়; ই মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক মৈত্ৰী, সুৰক্ষা নীতি আৰু শক্তিৰ সাম্যত নতুন অধ্যায়ৰ সূচনা কৰিবলৈ যেন আগবাঢ়িছে। যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ যুটীয়া সামৰিক অভিযানত আয়াতুল্লাহ আলী খামেনিৰ হত্যা মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক নাটকীয়ভাৱে সলনি কৰি পেলাইছে। যিটো ঘটনাই বিশ্বই দশক দশক ধৰি দেখা নোপোৱা এক প্ৰবল আৰু অধিক বিপজ্জনক সংঘাতৰ সম্ভাৱনাক বহুগুণে বৃদ্ধি কৰিছে।

Iran US 1

এই আক্ৰমণসমূহ ‘অপাৰেচন এপিক ফিউৰি’ নামেৰে পৰিচিত এক সমন্বিত সামৰিক অভিযানৰ অংশ আছিল, যি যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰাণৰ নেতৃত্বৰ স্থানসমূহ, মিছাইল ঘাটি আৰু আদেশ কেন্দ্ৰসমূহৰ বিৰুদ্ধে আৰম্ভ কৰিছিল। ইৰাণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনসমূহে নিশ্চিত কৰিছে যে প্ৰায় চাৰি দশক ধৰি ইৰাণৰ নেতৃত্ব দিয়া খামেনি তেহৰানস্থিত তেওঁৰ আৱাসস্থল মিছাইল আৰু বোমাৰে আক্ৰমণ কৰা হৈছিল। এই অভিযানত খামেনিৰ লগতে আন কেইবাজনো উচ্চ পৰ্যায়ৰ ইৰাণী বিষয়াৰ মৃত্যু হোৱা বুলি কোৱা হৈছে আৰু গুৰুত্বপূৰ্ণ সামৰিক পৰিকাঠামো ধ্বংস কৰা হৈছে; যাৰ ফলত আজি বিশ্বজুৰি বিশেষকৈ ইছলামীক দেশসমূহত গভীৰ আঘাত আৰু উদ্বেগৰ সৃষ্টি হৈছে।

ইজৰাইল আৰু আমেৰিকাৰ এই যৌথ অভিযানক ইৰাণেও তৎক্ষণাৎ প্ৰতিক্ৰিয়া স্বৰূপে উপসাগৰীয় অঞ্চলজুৰি আমেৰিকাৰ সামৰিক ঘাটি আৰু ইজৰাইলী স্থানসমূহৰ ওপৰত মিছাইল আৰু ড্ৰোন আক্ৰমণৰ এক ধাৰাবাহিকতা আৰম্ভ কৰিছে। এই আক্ৰমণসমূহ বাহৰেইন, কুৱেইট, কাটাৰ, জৰ্ডান আৰু সংযুক্ত আৰৱ আমিৰাতৰ দৰে দেশসমূহত থকা সেই সুবিধাসমূহক লক্ষ্য কৰি চলোৱা হৈছিল; য’ত আমেৰিকাৰ সেনা বা সামৰিক সম্পদ স্থাপন কৰা আছে।

ইৰাণৰ ইছলামিক ৰিভলিউশ্বনেৰী গাৰ্ড কৰ্পছ চমুকৈ আই আৰ জি চিয়ে ঘোষণা কৰিছে যে অঞ্চলটোত থকা সকলো আমেৰিকান আৰু ইজৰাইলী সামৰিক স্থান এতিয়া বৈধ লক্ষ্যবস্তু আৰু ইৰাণৰ চৰকাৰেও ঘোষণা কৰিছে যে এই অভিযান অবিৰতভাৱে আগবাঢ়ি যাব। হাজাৰ হাজাৰ ইৰাণীয়ে আজি ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰিছে, খামেনিৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধৰ দাবীত শ্লোগান দিছে।

বৰ্তমান পৰিস্থিতি অতি উত্তেজনাপূৰ্ণ আৰু অনিশ্চিয়তাৰ দিশে আগবাঢ়িছে। বিশ্বৰ শীৰ্ষ নেতাসকলৰ লগতে বৃহৎ শক্তিসমূহৰ কূটনীতিজ্ঞসকলে সংযম অৱলম্বন কৰিবলৈ আৰু অধিক উত্তেজনা ৰোধ কৰাৰ বাবে আলোচনাৰ আহ্বান জনাইছে, কিন্তু কেনেকৈ পৰিস্থিতি শান্ত কৰিব পাৰি সেই বিষয়ত মতভেদ গভীৰ হৈ পৰিছে। কিছুমান দেশ, বিশেষকৈ ৰাছিয়া আৰু চীনে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণক ইৰাণৰ সাৰ্বভৌমত্ব আৰু আন্তঃৰাষ্ট্ৰীয় আইন ভংগ কৰা বুলি কঠোৰভাৱে সমালোচনা কৰিছে আৰু তৎক্ষণাৎ সামৰিক অভিযান বন্ধ কৰাৰ আহ্বান জনাইছে। আন কিছুমান দেশে এই হিংসাত্মক পৰিস্থিতিয়ে উপসাগৰীয় অঞ্চলৰ বাহিৰলৈও বিস্তাৰ লাভ কৰি ওচৰৰ দেশসমূহক এক বিস্তৃত সংঘাতত জড়িত কৰিব পাৰে বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

Ayatollah Ali Khamenei 3

খামেনিৰ এইৰ মৃত্যু ইৰাণৰ বাবে মোক্ষম আঘাত, যিটো ঘটনাই আজি ইৰাণত নেতৃত্বৰ এক শূন্যতা সৃষ্টি কৰিছে। যদিও সংকট নিয়ন্ত্ৰণ কৰিবলৈ এখন অন্তৱৰ্তীকালীন নেতৃত্ব পৰিষদ গঠন কৰা হৈছে, তথাপিও নতুন সৰ্বোচ্চ নেতা নিযুক্তিৰ প্ৰক্ৰিয়া অস্পষ্ট আৰু ইয়াত সময় লাগিব পাৰে। যাৰ ফলত দেশৰ ভিতৰত অনিশ্চয়তাসমূহ বৃদ্ধি পাইছে। বিশ্লেষকসকলৰ মতে, শক্তিশালী কেন্দ্ৰীয় নেতৃত্বৰ অনুপস্থিতিত ইছলামিক ৰিভলিউশ্বনেৰী গাৰ্ড কৰ্পছ আৰু আন কট্টৰপন্থী গোটসমূহে অধিক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, যিয়ে ইৰাণক অধিক ধ্বংসাত্মক সংঘাতৰ দিশে লৈ যাব পাৰে। ইৰাণৰ পৰৱৰ্তী নেতাই আলোচনাৰ পথ গ্ৰহণ কৰিব নে প্ৰতিৰোধ আৰু সংঘাত বিস্তাৰ কৰিব সেয়া এতিয়াও স্পষ্ট নহয় আৰু এই অনিশ্চয়তাই অঞ্চলটোত উদ্বেগ আৰু আশংকা অত্যাধিক বৃদ্ধি কৰিছে।

ইৰাণে ইতিমধ্যে স্পষ্টকৈ দেখুৱাইছে যে দেশখনে শত্ৰুৰ এই প্ৰতিশোধমূলক কাৰ্যসূচী অব্যাহত ৰাখিবলৈ প্ৰস্তুত। প্ৰত্যুত্তৰ স্বৰূপে ইৰাণে মিছাইল আৰু ড্ৰোন আক্ৰমণে কেৱল সামৰিক ঘাটিসমূহেই নহয়, ইজৰাইলৰ ভিতৰৰ কিছুমান অঞ্চলতো আঘাত কৰিছে, যাৰ ফলত জন-ধনৰ অভূতপূৰ্ব ক্ষতি হৈছে। এই আক্ৰমণ-প্ৰতিআক্ৰমণৰ পৰিস্থিতিয়ে বিশেষকৈ সাধাৰণ জনজীৱনক ব্যাহত কৰিছে। মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত বিমান উৰণ বাতিল হৈছে আৰু বিশ্বৰ তেল পৰিবহণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰ দৰে শক্তি-পথসমূহৰ ওপৰত সম্ভাৱ্য আক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে। বহু বিশেষজ্ঞই বিশ্বাস কৰিছে যে নিজৰ নেতৃত্বকেই গুৰুতৰ আগ্ৰাসন বুলি অভিহিত কৰা এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে নিজৰ সামৰিক কাৰ্যসূচী, বিশেষকৈ মিছাইল আৰু পাৰমাণৱিক সক্ষমতা অধিক ত্বৰান্বিত কৰিব পাৰে। এনে পদক্ষেপসমূহে আমেৰিকা আৰু ইয়াৰ সহযোগী দেশসমূহৰ বাবে গুৰুত্বপূৰ্ণ কৌশলগত প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে।

আজি ইৰাণৰ বিভিন্ন চহৰত দেখা দিয়া প্ৰতিক্ৰিয়াসমূহত শোক আৰু ক্ষোভ দুয়োটাৰে মিশ্ৰ ৰূপ স্পষ্ট হৈছে। হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই প্ৰতিশোধৰ দাবী জনাইছে আৰু বৈদেশিক হস্তক্ষেপৰ তীব্ৰ নিন্দা কৰিছে। ইছলামিক ৰিভলিউশ্বনেৰী গাৰ্ড কৰ্পছ আৰু অন্যান্য কৰ্তৃপক্ষই এই সংঘাতক অহংকাৰী শক্তিসমূহৰ বিৰুদ্ধে এক বৃহৎ সংগ্ৰাম হিচাপে উপস্থাপন কৰিছে। খামেনিৰ মৃত্যুক এক ত্যাগ আৰু জাতীয় ঐক্যৰ আহ্বান হিচাপে চিত্রিত কৰিছে। একে সময়তে, আক্ৰমণসমূহৰ মানৱীয় প্ৰভাৱ, বিশেষকৈ সাধাৰণ নাগৰিকৰ মৃত্যু আৰু আঘাতৰ ঘটনাই আন্তঃৰাষ্ট্ৰীয় স্তৰত সমালোচনাৰ সৃষ্টি কৰিছে। বিভিন্ন মহল, বিশেষকৈ মানৱ অধিকাৰ সংগঠনসমূহে, নিৰস্ত্ৰ লোকৰ বিৰুদ্ধে হিংসা প্ৰদৰ্শন অবিলম্বে বন্ধ কৰাৰ আহ্বান জনাইছে।

Iran

সম্প্ৰতি মধ্য প্ৰাচ্যৰ এই সংকটৰ সময়ত ব্যাপক উদ্বেগ আৰু কূটনৈতিক প্ৰচেষ্টাসমূহে উত্তেজনা হ্ৰাস কৰাৰ চেষ্টা চলাই থাকিলেও, অধিক বিস্তৃত যুদ্ধৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিব নোৱাৰি। সমগ্ৰ অঞ্চলটো আজি গভীৰ উৎকণ্ঠাৰ মাজত আছে আৰু দুয়ো পক্ষৰ উদ্দেশ্যসমূহ বহু বছৰ ধৰি চলি অহা অসন্তোষ আৰু কৌশলগত প্ৰতিযোগিতাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। যদি কূটনৈতিক পথসমূহ ব্যৰ্থ হয় আৰু দুয়ো পক্ষই উত্তেজনা বৃদ্ধি কৰিয়েই থাকে, তেন্তে এই সংঘাতে চুবুৰীয়া দেশসমূহকো জড়িত হ’বলৈ বাধ্য কৰি এখন বৃহৎ মুখামুখি সংঘাতৰ সৃষ্টি কৰিব পাৰে। সম্প্ৰতি এই ভয়তেই কিছুমান নেতাই তৎকালীন আলোচনা আৰম্ভ কৰাৰ আহ্বান জনাইছে যদিও, আন কিছুমানে স্পষ্টকৈ কৈছে যে উল্লেখযোগ্য ৰাজনৈতিক বা সামৰিক লাভ নোহোৱালৈকে তেওঁলোকে পিছুৱাই যোৱা অনুচিত। গতিকে, আগন্তুক কেইটামান দিন বা সপ্তাহত এই উত্তপ্ত পৰিস্থিতি পূৰ্ণাংগ যুদ্ধলৈ গঢ় ল’বনে সাম কাটিব নতুবা সময়ে সময়ে হোৱা সংঘৰ্ষৰ পৰিচিত ধাৰালৈ উভতি যাব, সেইটো সময়তহে লক্ষণীয় হ’ব।

Hormuz

মুঠতে আজি মধ্যপ্ৰাচ্যৰ পৰিস্থিতি গভীৰ অস্থিৰতা আৰু ভয়ৰ মাজত আছে। এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাৰ হত্যাই প্ৰতিশোধমূলক আক্ৰমণ, প্ৰতিবাদ আৰু আন্তঃৰাষ্ট্ৰীয় উদ্বেগৰ এক শৃংখলাবদ্ধ প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে। আমেৰিকা আৰু ইয়াৰ সহযোগী শক্তিসমূহে ইৰাণৰ বিৰুদ্ধে এক ডাঙৰ সামৰিক অভিযান চলাই আছে আৰু তেহৰানেও উপলব্ধ সকলো উপায়েৰে তাৰ উত্তৰ দিছে। আঞ্চলিক সহযোগী দেশ, প্ৰতিদ্বন্দ্বী শক্তি আৰু সাধাৰণ নাগৰিকসকল এই সংঘাতৰ মাজত আৱদ্ধ হৈ পৰিছে। সমগ্ৰ বিশ্বই এই পৰিস্থিতিক নিবিড়ভাৱে লক্ষ্য কৰি আছে, কিয়নো দীঘলীয়া সংঘাতে তেল যোগান ব্যাহত কৰাৰ লগতে বিশ্ব অৰ্থনীতি আৰু ৰাজনৈতিক স্থিতিশীলতাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। গতিকে যুদ্ধৰত দেশসমূহে বিবেচনাপূৰ্ণ সিদ্ধান্তই আগবাঢ়ি নগ’লে এক প্ৰবল আৰু অধিক বিধ্বংসী সংঘাতৰ আশংকা স্পষ্টভাৱে বিদ্যমান হোৱাৰ আশংকা আছে।

IRAN

এই পৰিস্থিতিক অধিক জটিল কৰি তুলিছে সামৰিক প্ৰতিদ্বন্দ্বিতা, আদৰ্শগত বৈৰীতা আৰু পাৰমাণৱিক কাৰ্যসূচী সম্পৰ্কীয় আশংকাসমূহে। ইৰাণে যদি নিজৰ পাৰমাণৱিক কাৰ্যসূচী অধিক শক্তিশালী কৰে, তেন্তে ই অঞ্চলটোৰ বাবে আৰু এক ডাঙৰ উদ্বেগৰ বিষয় হ’ব। প্ৰক্সি গোটসমূহৰ সম্ভাৱ্য সক্ৰিয়তা আৰু বিশ্ব শক্তিসমূহৰ কৌশলগত স্বাৰ্থই এই সংকটক অধিক অনিশ্চিত কৰি তুলিছে। যিকোনো বিস্তৃত যুদ্ধই কেৱল চৰকাৰ বা সেনা বাহিনীকেই প্ৰভাৱিত নকৰে; ই লাখ লাখ নিৰীহ মানুহৰ জীৱন, শান্তি আৰু আৰ্থিক সুৰক্ষাকো বিপদত পেলাব। সেয়ে এই গুৰুত্বপূৰ্ণ সময়ত সংযম, কূটনৈতিক আলোচনা আৰু দায়িত্বশীল নেতৃত্বৰ অতি প্ৰয়োজনীয় হৈ পৰিছে। বৈৰীতাৰ মাজতো সংলাপেই দীৰ্ঘম্যাদী সমাধানৰ একমাত্ৰ স্থায়ী পথ। মধ্যপ্ৰাচ্যই ভৱিষ্যতে সংঘাতৰ পথ বাছি ল’বনে বুদ্ধিমত্তা আৰু আলোচনাৰ জৰিয়তে অঞ্চলটোক এক বিধ্বংসী যুদ্ধৰ পৰা আঁতৰাই আনিবলৈ যত্ন কৰিব, এতিয়া তাৰ ওপৰতেই নিৰ্ভৰ কৰিছে অঞ্চলটো আৰু সমগ্ৰ বিশ্বৰ ভৱিষ্যৎ।

 [লেখকৰ ফোন: 99540-00200, 94353-97352; যোগাযোগৰ ঠিকনা: ইতিহাস বিভাগ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই, অসম।]

Mahabahu Climate Logo
 
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Gautam Sarmah

Gautam Sarmah

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d