• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News World

মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি

গৌতম শৰ্মা

by Anjan Sarma
October 11, 2023
in World, Opinion
Reading Time: 4 mins read
0
মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি
Share on FacebookShare on TwitterShare on LinkedIn

মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি

গৌতম শৰ্মা 

Gautam Sarma 1
গৌতম শৰ্মা   

সম্প্ৰতি বিশ্ব ইতিহাসক পুনৰবাৰ লজ্জানত আৰু ধ্বংসস্তূপত পৰিণত কৰিবলৈ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত এক ভয়ানক যুদ্ধৰ সূত্ৰপাত ঘটিছে।

যুদ্ধৰ গতি, প্ৰকৃতিয়ে ইয়াৰ তাৎক্ষণিক আৰু সুদূৰপ্ৰসাৰী পৰিণতিসমূহ আমাক দিব যদিও এই যুদ্ধসদৃশ পৰিৱেশ সৃষ্টিৰ ক্ষণলৈ চাই আজি আমাৰ মনত বহুতো শংকাই ক্ৰিয়া কৰিছে।

কিয়নো ইতিমধ্যে মধ্যপ্ৰাচ্যৰ এই দুই দেশৰ সমৰ্থনত ইতিমধ্যে বিশ্বৰ বহু শক্তিয়ে নিজৰ মনোভাৱসমূহ ব্যক্ত কৰিছে। য’ত অন্তৰ্নিহিত হৈ থাকিব পাৰে যেন শংকা হৈছে অনাগত এখন ভয়ংকৰ বিশ্বযুদ্ধৰ আগমনৰ আগলিবতৰা।

আমি আশা কৰিম, এনেকুৱা এটি পৰিৱেশ নাহক। কিন্তু যদি আহে কি হ’ব বিশ্ববাসীৰ ভৱিষ্যত?

সমৰসজ্জা, যুদ্ধৰ কৌশল তথা প্ৰযুক্তিগত দিশৰ পৰা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ দুখনতকৈ আজি বিশ্ব বহুদূৰ আগুৱাই আহিল। শীতল যুদ্ধৰ কালছোৱাত দুই বৃহৎ শক্তিগোষ্ঠীৰ সমৰসজ্জা প্ৰতিযোগিতাত বিশ্ববাসীয়ে বহুবোৰ অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিলে। বিশেষকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ ছত্ৰছাঁয়াতেই এইসমূহৰ বিকাশ ঘটিছিল।

আদর্শগত সংঘাত আৰু প্ৰতিযোগিতামূলকভাৱে আগবঢ়া এই বিশেষ সময়ছোৱাত আমি দুটা বিশেষ ধাৰাক দেখিবলৈ পাওঁ। ইয়াৰে এটা হৈছে প্ৰযুক্তিগতভাৱে বৃদ্ধি পোৱা অত্যাধুনিক মাৰণাস্ত্ৰসমূহৰ প্ৰতিযোগিতা আৰু আনটো হৈছে ক্ৰমশঃ বৃদ্ধি পোৱা মতাদৰ্শসমূহৰ আধিপত্যতা। 

কুৰি শতিকাৰ শেষ দশকত যবনিকা পৰা এই শীতল যুদ্ধই সমগ্ৰ বিশ্ববাসীকে কিছুমান কথা নতুনকৈ ভাবিবলৈ শিকাই গৈছিল।

প্রায় ৭০ বছৰৰ অন্তত ছোভিয়েট ইউনিয়নে যদিও এই আদর্শগত যুদ্ধখনত আনুষ্ঠানিকভাৱে পৰাজয় স্বীকাৰ কৰিছিল তথাপি কিন্তু ৰাষ্ট্ৰখনৰ পৰা যুদ্ধংদেহী মনোভাৱসমূহ আঁতৰ কৰিব পৰা নগ’ল।

অন্যহাতেদি, আমেৰিকা যুক্তৰাষ্ট্ৰই যেন যুদ্ধজয়ে সমগ্ৰ বিশ্বতে সৰ্বময় কৰ্তা তথা সৰ্বশক্তিমান ৰূপত প্ৰতিষ্ঠিত হ’ল। সেয়েহে এককথাত, শীতল যুদ্ধ অন্ত পৰিল যদিও সমৰসজ্জা, যুদ্ধৰ কৌশল আহৰণ আৰু উদ্ভাৱনৰ প্ৰতিযোগিতাখনৰ যতি নপৰিল, বৰঞ্চ আৰু অধিক ক্ৰমান্বয়ে ক্ষিপ্ৰহে হ’ল। 

মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি
Pic: Sky News

পুঁজিবাদী প্ৰথমবিশ্ব আৰু সমাজবাদী দ্বিতীয়বিশ্বৰ দেশসমূহৰ লগতে শীতল যুদ্ধৰ সময়ছোৱাত মৌনবত আৰু নিৰপেক্ষনীতি অৱলম্বন কৰা তৃতীয়বিশ্ব দেশসমূহেও আজি সমৰসজ্জা আহৰণত, যুদ্ধ-প্ৰযুক্তি উত্তৰণত পিছপৰি ৰোৱা নাই।

শীতল যুদ্ধই এৰি যোৱা সন্ত্ৰাসবাদ (যাৰ পৰিণতি আজি ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধখন), আদৰ্শগত তিক্ততা আৰু সমৰসজ্জা আহৰণ আৰু উদ্ভাৱনৰ মানসিকতাসমূহে বিশ্বৰ বুকুলৈ আজি বহু দুৰ্যোগ নমাই আনিছে। নতুন নতুন চিন্তা, প্ৰযুক্তিৰে নকৈ উদ্ভাৱন হোৱা গধুৰ মাৰণাস্ত্ৰবোৰৰ উপৰিও ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে ব্যবহৃত লঘু অস্ত্ৰসমূহৰ মুক্ত বেহাৰে সাম্প্ৰতিক বিশ্বৰ পেক্ষাপটলৈ বহু বিভীষিকা নমাই আনিছে।

মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি

বৰ্তমান বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন অত্যাধুনিক মাৰণাস্ত্ৰসমূহৰ মুক্ত আৰু গোপন বেহা চলাত আজি সন্ত্ৰাসবাদী সংগঠনসমূহে এইসমূহৰ সুবিধা লৈ ৰাষ্ট্ৰসমূহত ভয়ংকৰ নৈৰাজ্যবাদৰ সৃষ্টিত সম্প্ৰতি প্ৰবল অৰিহণা যোগাইছে। 

অন্যহাতেদি, এইসমূহ ব্যৱস্থাই সৃষ্টি কৰিছে অন্য এক অহেতুক পৰিস্থিতি। কিয়নো অস্তিত্ব ৰক্ষা, সম্প্ৰসাৰণ আৰু নব্য ঔপনিৱেশিকতা বিস্তাৰৰ নামত আজি বিশ্বৰ ৰাষ্ট্ৰসমুহৰ মাজত নিতৌ ন-ন যুদ্ধৰ পটভূমি ৰচিত হ’ব লাগিছে। বিশেষকৈ সম্প্ৰসাৰণ আৰু শোষণৰ স্বাৰ্থত এখন সাৰ্বভৌম ৰাষ্ট্ৰই অন্য এখন সাৰ্বভৌম ৰাষ্ট্ৰক গ্ৰাস কৰা নীতিসমূহ আকৌ ক্ৰমাৎ বিধি পাব ধৰিছে।

মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি

ৰাষ্ট্ৰসংঘহেন আন্তৰ্জাতিক শান্তি ৰক্ষাকাৰী সংগঠনসমূহক বুঢ়া আঙুলি দেখুৱাই আজি বহুঠাইত বহু ৰাষ্ট্ৰই মুক্তভাৱে নিজৰ ন্যস্তস্বাৰ্থ সিদ্ধিৰ হেতু সামৰিক শক্তিক অপপ্ৰয়োগ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমশঃ আজি কেতবোৰ যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হৈ বিশ্ববাসী এক ভয়ংকৰ সংকটৰ বলি তথা সন্মুখীন হৈছে। 

মানৱ সভ্যতাৰ ইতিহাসলৈ দৃষ্টি দিলে আমি দেখিবলৈ পাওঁ যে, বিশ্বৰ বুকুত আমি আজিলৈকে বহুতো যুদ্ধ দেখিলোঁ, লগতে দেখিলোঁ ইয়াৰ বিভীষিকা আৰু ভয়ংকৰ পৰিনামসমূহো।

পৃথিৱীৰ যুদ্ধ ইতিহাসত এতিয়ালৈকে এটা কথাই স্পষ্টভাৱে প্ৰতিবাৰেই প্ৰতিপন্ন হৈছে যে, শান্তিপূৰ্ণ আলোচনাৰে যিটো কাম কৰিব নোৱাৰি, যুদ্ধই তথা সামৰিক শক্তি প্ৰয়োগে সেই কাম কৰাৰ কথা ভাবিবই নোৱাৰি। তেনেস্থলত কিহৰ বাবে, কি কাৰণে আজি বিশ্বজুৰি বৃহৎ এক সমৰসজ্জাৰ প্ৰস্তুতি চলিছে সেয়া এক ডাঙৰ প্ৰশ্ন। 

মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি

এতিয়ালৈকে বিশ্বৰ বুকুত বিভিন্নখন দেশৰ বিভিন্ন কোণত বহু আমীমাংসিত প্ৰশ্নৰ উত্তৰ বিচাৰি বহু হাজাৰখন যুদ্ধ সংঘটিত হৈ গ’ল। কিন্তু ইয়াৰ কোনোখন যুদ্ধৰ অন্তই বিচৰা প্ৰশ্নৰ উত্তৰসমূহ দিব পৰা নাই। প্ৰত্যেকখন যুদ্ধৰ শেষত আলোচনাৰ, শান্তিচুক্তি অৰ্থাৎ কাগজ-কলমৰ প্ৰয়োজন আহিছেই। প্ৰয়োজন আহিছে  যুদ্ধত অৱতীৰ্ণ দুয়োপক্ষৰ বিবেকৰ শ্ৰমৰ।

লিপিবদ্ধ হৈছে বহু দফাজোৰা শান্তিচুক্তি, স্বাক্ষৰ কৰা হৈছে প্ৰতিশ্ৰুতি পালনৰ। এতেকে স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় সমস্যাসমূহ যদি এনেকৈয়ে শান্তিপূৰ্ণ আলোচনাৰ উপায়েৰে মীমাংসা কৰিব পৰা যায় তেন্তে মানুহক যুদ্ধৰ ভোক লাগেনো কেলৈ? ই আমাৰ বাবে আজি অবুজ সাঁথৰ!

যুদ্ধপ্ৰিয় তথা যোদ্ধাভিলাসীসকলে যদি তেওঁলোকৰ ইতিহাসৰ পৰা উচিত শিক্ষা ল’ব পাৰে তেন্তে তেওঁলোকৰ সঞ্চিত সমস্ত শক্তিক আজি এখন নতুন যুদ্ধক্ষেত্ৰত সফল প্ৰয়োগ কৰিব পাৰে। যিখন যুদ্ধ আমাৰ সমাজত আৱহমান কালৰেপৰা চলি আহিছে অন্যায়, অবিচাৰ, অনাচাৰ, অত্যাচাৰ, শোষণ, নিষ্পেষণ, ঠগ-প্ৰবঞ্চনাৰ বিৰুদ্ধে। যিখন যুদ্ধ হৈ আহিছে দানৱতা আৰু কপটতাক নিঃশেষ কৰাৰ হকে।

মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি

এতেকে, আজি আমি সমগ্ৰ বিশ্বখনকে শান্তিপূৰ্ণভাৱে সুন্দৰ ৰূপত বৰ্তাই ৰাখিবলৈ হ’লে পোনপ্ৰথমে আমাৰ মন আৰু মগজুক শুদ্ধ, সুস্থ আৰু সুন্দৰ কৰি গঢ়ি তুলিব লাগিব। 

যিসমূহ ব্যৱস্থাৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজন হ’ব আন্তৰাষ্ট্ৰীয় সহমত আৰু কটকটীয়াকৈ প্ৰতিষ্ঠিত এক সু-নিয়ন্ত্ৰণ ব্যৱস্থাৰ। তেতিয়াহে সাম্প্ৰতিক বিশ্বই এই ব্যাপক সমৰসজ্জা আৰু যুদ্ধ-প্ৰযুক্তিক মানৱ সভ্যতাৰ বিকাশৰ সম্বল তথা ইতিবাচক আধাৰ হিচাপে ল’ব পাৰিব বুলি আমি আটায়ে আশা কৰিব পাৰোঁ। যাক ফলপ্ৰসূৰূপত ৰাষ্ট্ৰসংঘৰ দৰে শক্তিশালী অনুষ্ঠানৰ বলিষ্ঠ হস্তক্ষেপৰ দ্বাৰাহে সম্ভৱপৰ হ’ব পাৰিব বুলি আশা কৰিব পাৰি।

গতিকে আমি ক’ব খুজিছোঁ,  একবিংশ শতিকাৰ মাজমজিয়াত উক্ত বিষয়টোৰ ওপৰত আমাৰ সন্মুখত এইটোৱেই হৈছে শেষ আৰু বিকল্পহীন সময়োচিত সমাধানৰ উত্তৰ।

মধ্যপ্ৰাচ্যৰ সংকট বনাম যুদ্ধ, শান্তি আৰু এক নব্য যুক্তি

লেখকৰ ফোন: ৯৯৫৪০০০২০০ ; ঠিকনা: ইতিহাস বিভাগ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d