মনত আছেনে তোমাৰ
•মানস প্ৰতিম কলিতা
মনত আছেনে তোমাৰ!
যাদুঘৰ চাম বুলি আমি ওলাই গৈছিলোঁ, বাৰখৰে পুৰি পেলাইছিল দুয়োকে। জালুকবাৰীত, চিটিবাছত পাণ জপা ভিৰৰ মাজত এটা ছিট কোনোমতে হস্তগত কৰি দুয়ো হাঁহিছিলোঁ। আমালৈ চাই অইন এহাল মানুহে চেলাউৰী কোঁচাইছিল। ভ্ৰুক্ষেপ নাছিল আমাৰ। চিটিবাছৰ এটা খালি ছিটেই আমাক দিব পাৰিছিল ক্ষণিকৰ সুখ। (বৰ সৰল আছিল সেইবোৰ সময় আৰু প্ৰয়োজন!)
খিৰিকীৰ সিপাৰে চকু থৈ আমি গৈ আছিলোঁ। চহৰৰ ফুটপাথত পৰি ৰোৱা শৈশৱ, কৈশোৰ, প্ৰৌঢ়ত্ব আৰু বৃদ্ধত্বৰ প্ৰতি আমি কেতিয়াবা উদাসীন আৰু কেতিয়াবা ভীষণ প্ৰতিবাদী হৈ উঠিছিলোঁ। আমি কথা পাতিছিলোঁ, পুঁজিবাদী শোষণৰ তাত্বিক বিশ্লেষণ কৰিছিলোঁ, চৰম দুৰ্দশাৰ পিছতো কেনেদৰে ইভিএমত আঙুলিৰ হেঁচা দিবলৈ মানুহৰ হেতা ওপৰা, তাক লৈ হতাশাত ভুগিছিলোঁ। (আৰু কিয়েইবা কৰিব পাৰিছিলোঁ, আমাৰ হেৰুওৱাবলৈ বহুত কিবা আছিল, সৰুকৈ এটা চাকৰি, বিয়া আৰু এটা ষ্টেবল জীৱনে আমাকো খেদি ফুৰিছিল!)
আমি কথা পাতিছিলোঁ, ইউজিন ডেলাক্ৰ’ৱাৰ পৰা গয়ালৈ, মিকেলেঞ্জেলোৰ পৰা বেইজলৈ! মাজতে দেশৰ ৰাজধানী আৰু কাৰেঞ্চিক লৈ সৰুকৈ এটা কুইজ (চৰকাৰী পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞানৰ চৰ্চা কৰাৰ সময় আছিল সেয়া)। মই সুধিলো ইথিওপিয়াৰ ৰাজধানী, তুমি ক’লা ইড্ৰিছ এলবা। মই উচ্চস্বৰে হাঁহি দিলোঁ, শুধৰাই দিলো এডিছ আবাবা, এলবা এজন অভিনেতাহে!
কণ্ডাক্টৰৰ সৈতে যাত্ৰীৰ তৰ্কাতৰ্কি, পুলিচৰ গাড়ী আৰু এম্বুলেন্সৰ চাইৰেনক উপেক্ষা কৰি আমি দীঘলীপুখুৰীৰ পাৰত নামিলোঁ। যাদুঘৰৰ টিকেট লৈ আমি ভিতৰলৈ সোমাই গলোঁ।

আমি ইতিহাস ভাল পাইছিলোঁ। ইতিহাসৰ বুকুত সমাধিস্থ হৈ থকা ঘটনা, মানুহ আৰু সময়ৰ প্ৰতি আছিল আমাৰ অভাৱনীয় ৰাপ। আমি মৃত সময়বোৰত জীয়াই থাকি ভাল পাইছিলোঁ। ইতিহাস খুচৰি খুচৰি মৃত চৰিত্ৰবোৰৰ সৈতে আমি একেলগে হাঁহিছিলোঁ, খাইছিলোঁ, শুইছিলোঁ। এই অস্বাভাৱিক অতীতপ্ৰীতিক লৈ আমি সুখী আছিলোঁ। আমি এপদ এপদকৈ পুৰণা বস্তু দৰ্শন কৰি গৈ আছিলোঁ। এক নীৰৱ নিতাল পৰিবেশত আমি সেই মৃত সময়বোৰৰ বুকু ফালি সোমাই পৰিছিলোঁ। তুমি হঠাতে ৰৈ গ’লা। মোলৈ আঙুলি টোঁৱাই দেখুৱালা-
এটা মেছিন গান !
দ্বিতীয় বিশ্বযুদ্ধত ক’হিমা বৰ্ডাৰত উদ্ধাৰ কৰা জাপানী সেনাই ব্যৱহাৰ কৰা এটা মেছিন গান!
আমি মজিয়াত বহি পৰিলোঁ। কোনো শব্দৰ বিনিময় নকৰাকৈয়ে আমি সেই সময়খিনিত ভৰি থলোঁ।

কোন আছিল সেই জাপানী সৈন্যজন যাৰ আঙুলিৰ ছাপ কঢ়িয়াই এই কঠিন ধাতুটুকুৰা ইয়াত পৰি ৰৈছেহি? কেনে আছিল তেওঁ দেখিবলৈ! সিদিনা বৰষুণ দিছিল নে ৰ’দ?
জাপানৰ কোন ঠাইৰ পৰা আহিছিল তেওঁ! চহৰৰ অভিজাত অথবা গাঁওৰ কোনো দুখীয়া খেতিয়ক, কাৰ সন্তান আছিল? স্বদেশৰ স্বাৰ্থত নে শাস্তিৰ ভয়ত তেওঁ ৰেংগুন পাৰ হৈ ভৰি থৈছিল ক’হিমাত?
তেওঁ এৰি থৈ আহিছিল নেকি গৰ্ভৱতী পত্নী কিম্বা প্ৰেয়সীক? যুদ্ধ শেষ কৰি তেওঁ এদিন উভতি আহিব বুলি কোনোবা তেওঁলৈ ৰৈ আছিলনে? সূৰ্যাস্তৰ অন্তত গধূলি বেলা তেওঁৰ অনুপস্থিতিত কোনোবাই চকুলো টুকিছিলনে? আছিলনে তেওঁৰ কোনোবা সুহৃদ? প্রিয় ব্যঞ্জন ৰন্ধাৰ সময়ত তেওঁৰ মাকে উচুপি উঠিছিলনে ! পিতাকে বাৰাণ্ডাত বহি অস্ফুটভাৱে গুমুৰিয়াই আছিলনে! হাতৰ মুঠি টানকৈ ধৰিছিলনে?
তেওঁ জীয়াই আছিলনে? নে গুলী-বোমাত তেওঁ মৰিছিল?
আমাৰ হাতত ইয়াৰ উত্তৰ নাছিল (থাকিবই বা কেলৈ!) নাছিল ধাতৱ লোহাখণ্ডটোৰ ওচৰতো। যুদ্ধৰ নিৰ্মমতাৰ সাক্ষী হৈ অচিন জাপানী এজনৰ হাতৰ ছাপ কঢ়িয়াই মেছিন গানটো যাদুঘৰটোৰ একোণত পৰি ৰৈছিল।
এজন বাকহীন বৃদ্ধৰ দৰে !