নাৰীবাদ
গৌতম শৰ্মা
সংক্ষিপ্ত সাৰ: মনুস্মৃতি, মনুবাদী চিন্তা, নাৰীবাদ
হিন্দু ধর্মৰ স্মৃতিকাৰ, আইন প্ৰণেতা মনু আৰু তেওঁৰ মনুসংহিতা বা মনুস্মৃতিক আমি সকলোৱে খুৱ ভালদৰে জানোঁ।
খৃঃ পূৰ্ব দ্বিতীয়ৰ পৰা খৃঃ দ্বিতীয় শতিকাৰ ভিতৰত ৰচনা কৰা মানুস্মৃতিখনত ৰজা, আমোলা, সমাজৰ বিভিন্ন প্ৰস্থিতি তথা ভিন্নবৰ্ণৰ লোকসকলৰ নিজ নিজ কৰ্তব্যসমূহৰ লগতে সম্পত্তি বিষয়ক আইন-কানুন, নীতি-নিয়ম, দেৱানি-ফৌজদাৰী আদালতৰ কামকাজ, দণ্ডবিধিৰ বিষয়ে বহু বৰ্ণনা পোৱা নাই।
এই সকলোবোৰৰ উৰ্ধত ভাৰতীয় সভ্যতাত নাৰী জাতিৰ কৰ্ম, প্ৰস্থিতি আৰু প্ৰতিষ্ঠাৰ অন্তৰালত এই বিশেষ গ্ৰন্থখনে ইয়াৰ ৰচনাৰ দিন ধৰি আজিলৈকে বহু প্ৰভাৱ বিস্তাৰ কৰি আহিছে। মনুস্মৃতিত প্ৰতিফলিত হোৱা নাৰী সম্পৰ্কীয় মনুবাদী চিন্তা-চেতনাসমূহৰ বিষয়ে আজি আমি সকলোৱে খুৱ ভালকৈয়ে জানোঁ।
যিহেতু নাৰী জাতিক নিয়ন্ত্ৰণ কৰি তেওঁলোকৰ গতি সৰ্বদিশতে ৰুদ্ধ কৰিব বিচৰা সেই মনুবাদী চিন্তা-চেতনাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাই তথাকথিত আধুনিক শিক্ষাৰে শিক্ষিত হোৱা আমাৰ আজিৰ সমাজখন।
মনুবাদী চিন্তাই বিয়পাই যোৱা বিষবাষ্পৰ বিৰূদ্ধে সাম্প্ৰতিক সময়ত আমাৰ দেশৰ নাৰীবাদী চিন্তা, চেতনাৰ আন্দোলন তথা জাগৰণসমূহে কিমানদূৰ সফলতা অৰ্জন কৰিছে সেয়া আজি বহু বিতৰ্কিত আৰু বিচাৰ্যময় বিষয়।
উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ নাৰী জাতিৰ ওপৰত যুগ-যুগ ধৰি চলি অহা অন্যায়, অবিচাৰ তথা অপৰাধসমূহৰ ভেটিতেই আধুনিক বিশ্বৰ বুকুত নাৰীবাদ ধাৰণাটোৱে আত্মপ্ৰকাশ কৰিছিল। এই নাৰীবাদ শব্দটো ইংৰাজী Feminism শব্দৰ পৰা আহিছে। নাৰীবাদ হৈছে পাশ্চাত্য জগতৰ পৰা অহা এক দৰ্শন। একেবাৰে সৰল অৰ্থত নাৰীবাদ হৈছে পুৰুষ-মহিলাৰ সমতাৰ ভেটিত প্ৰতিষ্ঠা কৰা এক সামাজিক দৰ্শন।
এই দৰ্শনৰ মূল লক্ষ্য হৈছে সমগ্ৰ বিশ্বৰ শোষিত, নিষ্পেষিত, নিৰ্যাতিত নাৰীসকলৰ উন্নতি সাধন লগতে অন্যায়ৰ চৰম প্ৰতিভূ পিতৃতান্ত্ৰীকতাৰ ঘোৰ বন্দীশালখনত বন্দীত্ব জীৱন কটোৱা নাৰীসকলৰ মুক্তি আৰু মঙ্গলৰ হকে কাম কৰি যোৱা। এইসমূহ লক্ষ্য আৰু আদৰ্শৰ ভেটিতেই ঊনৈশ শতিকাত পাশ্চাত্য জগতত নাৰীমুক্তি আন্দোলনসমূহৰ তথা নাৰীবাদৰ জন্ম হৈছিল।
নাৰীবাদী আন্দোলনৰ জন্মৰ ইতিহাসলৈ দৃষ্টি দিলে আমি পাওঁ যে, সপ্তদশ শতিকাৰ ইংৰাজ দাৰ্শনিক জন ল’কৰ Second Treatise of Government আৰু ফৰাচী দাৰ্শনিক কঁডাচৰ Admission of the Women to Full Citizenship নামৰ গ্ৰন্থ দুখনে সৰ্বপ্ৰথমে বিশ্বৰ বুকুত নাৰীবাদক সুপ্ৰতিষ্ঠা কৰাত বিশেষভাৱে অৰিহণা যোগাইছিল।
ইয়াৰ পৰৱৰ্তীকালত মেৰী ৱোলছ্টন ক্ৰাফট্ৰৰ A Vindication of the Rights of Women জন ষ্টুৱাট মিলৰ The Subjection of Women মিলৰ পত্নী হেৰীয়েট টেইলৰৰ The Enfranchisement of Women গ্ৰন্থত; কাৰ্ল মাৰ্ক্স আৰু এংগেলচৰ Origin of the Family, Private Property and the State গ্ৰন্থখনৰ লগতে শেহতীয়াকৈ ১৯৪৫ চনত প্ৰকাশ পোৱা Simon De Beauvoir ৰ The Second Sex নামৰ গ্রন্থখনে বিশ্ব ইতিহাসৰ বুকুত নাৰীবাদী আন্দোলনটোক জন্ম আৰু ক্ৰমবিকাশত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
পশ্চিমীয়া জগতত ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা এই নাৰীবাদী ধাৰণাই ব্ৰিটিছসকলৰ ভাৰত আগমনৰ যোগেদিহে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। ঊনবিংশ আৰু বিংশ শতিকাত, পশ্চিমীয়া শিক্ষা আৰু সংস্কৃতিৰ প্ৰভাৱত নাৰীমুক্তিৰ হকে ঔপনিবেশিক ভাৰতভূমিত ৰাজা ৰামমোহন ৰয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰকে আদি কৰি বহুসংখ্যক দেশী-বিদেশী সমাজ সংস্কাৰকে গোড়ামী আৰু ৰক্ষণশীলতাৰ বুকুৰ পৰা ভাৰতীয় নাৰীক মুক্তি আৰু প্ৰগতিৰ পথলৈ আনিবলৈ প্ৰথম আধুনিক প্ৰয়াস হাতত লৈছিল।
প্ৰাক-স্বাধীন কালত ১৯১৭ চনত স্থাপন হোৱা “ৱমেন ইণ্ডিয়া এছোচিয়েচন” আৰু ইয়াৰ পৰৱৰ্তী সময়ত স্থাপন হোৱা “নিখিল ভাৰত মহিলা সন্মিলন” আদিয়ে ভাৰতবৰ্ষৰ ভূখণ্ডলৈ পশ্চিমীয়া আধুনিক মতাদৰ্শৰ ওপৰত ভিত্তি কৰি জন্ম হোৱা এই নাৰীবাদ দৰ্শনৰ আগমনৰ পথসমূহ প্ৰশস্ত কৰিছিল। স্বাধীনোত্তৰ কালতো এই নাৰীবাদী আন্দোলনৰ প্ৰচেষ্টাসমূহৰ দ্বাৰা ভাৰতীয় নাৰীক মুক্তি, মঙ্গল আৰু উত্তৰণৰ স্বাৰ্থত বহু কাম কৰি থকা আমাৰ দৃষ্টিগোচৰ হৈ আহিছে।
তৎস্বত্বেও, আজিও আমাৰ দেশত নাৰীমুক্তি প্ৰশ্নটো এটা জটিল ৰূপতেই আমাৰ আগত থিয় দি আছে। বৰ্তমানৰ ভাৰতীয় সমাজ ব্যৱস্থাসমূহত নাৰীসকলৰ দুটা বিশেষ প্ৰস্থিতি আমাৰ দৃষ্টিগোচৰ হৈছে। এফালে যেনেকৈ আজি ভাৰতীয় নাৰীয়ে মহাকাশত গৈ খোজ পেলাইছেগৈ আনফালে আকৌ আজিও ঘৰখনৰ চাৰিবেৰৰ মাজতে কটকটীয়া আৱেষ্টনীত আবদ্ধ হৈ বহু নাৰীয়ে অনিচ্ছাসত্বেও নিজৰ সৰ্বস্ব সুখ জ্বলাঞ্জলি দি একমাত্ৰ আনৰ সুখৰ হকে জীয়াই থাকিব লগা হৈছে।
আকৌ এফালে যেনেকৈ নাৰীয়ে শিক্ষা, সমাজ, সংস্কৃতি, সাহিত্য, ক্ৰিয়া আদি সকলোতে শ্রেষ্ঠতা আৰ্জি বৌদ্ধিক, সামাজিক-সাংস্কৃতিক জগতখনো চহকী কৰিছে আনফালে যৌতুকৰ দাবীত নাৰীক ডাইনী সজাই নানান অত্যাচাৰ চলাই জীয়াই জীয়াই জ্বলাই দিয়া হৈছে। সঁচাকৈ, এইবোৰ দেখিলে, শুনিলে, ভাৱিলে আজি নিজকে আমিবোৰ যে সভ্য, আধুনিক সভ্যতাৰ যে গৰাকী তাক চিনাকি দিবলৈকে বহু লাজ লাগে! আচলতে আজি আমি কোন যুগত জীয়াই আছো তাকলৈও বহু সন্দিহান হৈ পৰোঁ বহুসময়ত!
সভ্যতাৰ ইতিহাসলৈ চকু দিলে আমি পাওঁ যে, আৱহমান কালৰেপৰা পুৰুষে যিদৰে সমাজ বিকাশত অৰিহণা যোগাই আহিছে ঠিক তেনেদৰে নাৰীয়েও যোগাই আহিছে। কিন্তু যুগ-যুগ ধৰি আমাৰ পুৰুষপ্ৰধান সমাজখনত নাৰীসকল বহুক্ষেত্ৰত পিছপৰি অৱহেলিত, শোষিত হৈ আহিছে। শাৰীৰিক শক্তি আৰু গঠনৰ ফালৰপৰা পুৰুষ-নাৰীৰ মাজত সামান্য তাৰতম্য থাকিলেও মানসিক আৰু বৌদ্ধিক শক্তিত নাৰী-পুৰুষৰ মাজত কোনো পার্থক্যই নাই।
তথাপি আজি আমাৰ ৰাষ্ট্ৰখনতেই একাংশ মুষ্টিমেয় নাৰীৰ বিপৰীতে বহুসংখ্যক নাৰীয়েই নিজৰ গতি, স্থিতি, সক্ষমতাৰ সম্পৰ্কে তেওঁলোক নিজেই জ্ঞাত নহয়। যাৰ পৰিপ্ৰেক্ষিতত পুৰুষপ্ৰধান কেতবোৰ সমাজে অদ্যাপী নাৰীজাতিক বহু নিম্ন দৃষ্টিৰে চাবলৈ এৰা নাই। সভ্যতাৰ ইতিহাসৰ আদি স্তৰত এনে এটা সময় আছিল, এনে এখন সমাজ আছিল য’ত নাৰী-পুৰুষৰ স্থানৰ মাজত কোনো বিভিন্নতা নাছিল।
ক্ৰমবৰ্ধমান লিংগভিত্তিক শ্ৰম আৰু এই শ্ৰমৰ ভিত্তিত হোৱা শ্ৰেণীবিভাজনে এদিন নাৰীজাতিৰ প্ৰস্থিতিক অধোগামী কৰিলে। যাৰ ফলশ্ৰুতিত আজিও ভাৰতীয় নাৰীয়ে ব্যক্তিগত, ঘৰুৱা, ৰাজহুৱা আদি ক্ষেত্ৰসমুহত বিভিন্ন ধৰণে লিংগবৈষম্য, বঞ্চনা আৰু নিৰ্যাতনৰ বলি হৈ থাকিব লগা হৈ আহিছে। ফলত নাৰীৰ মানৱীয় মৰ্যাদা আৰু মূল্য অৱদমিত হৈয়েই আছে।
ভাৰতবৰ্ষত নাৰী বঞ্চনাৰ ইতিহাস খুচৰি চালে পাওঁ যে, বৈদিক যুগৰ পৰৱৰ্তী পৰ্যায়লৈ আমাৰ দেশৰ নাৰীয়ে প্ৰাচীন মৰ্যদাসমূহ ক্ৰমশঃ হেৰুৱাই পেলাইছিল। অৱশ্যে কথাটো সমাজভেদে বহুখিনি সুকীয়া। যিনহওক, সৰ্বভাৰতীয় প্ৰেক্ষাপটত এইখিনি সময়ত ৰচিত হোৱা ধৰ্মীয় আৰু আইন বিষয়ক গ্ৰন্থসমূহে নাৰী নিৰ্যাতনৰ বহু স্পষ্ট ছবি আমাক যোগান ধৰিছিল। পৰৱৰ্তী বৈদিক যুগৰ অন্যতম সাহিত্য স্মৃতিসমুহৰ দ্বাৰা নাৰীৰ সামাজিক স্থান, কৰ্ম আদিৰ ওপৰত আৰোপ কৰা বহু নিষেধাজ্ঞাসমূহৰ বিষয়ে আমি খুৱ ভালদৰেই জানো।
পূৰ্বতে উল্লেখ কৰা মতে, এই বিশেষ সময়ছোৱাত ৰচিত হোৱা মনুৰ মনুস্মৃতিখনে নাৰীজাতিৰ ইতিহাসলৈ কঢ়িয়াই আনিছিল ভাৰতীয় নাৰীজাতিৰ প্ৰথমটো ঐতিহাসিক পৰাজয়। নাৰীৰ স্থিতি, গতি, প্ৰকৃতি সম্পর্কত মনুৱে মনুস্মৃতিত দিয়া নিজস্ব ঐতিহাসিক ৰায়দানৰ ভেটিতেই পৰৱৰ্তী বহু শতিকাজুৰি ভাৰতীয় নাৰীয়ে নাৰকীয় যন্ত্ৰণাসমূহ ভোগ কৰি আহিছিল।
আমাৰ দৃষ্টিত, সেই ব্ৰহ্মণ্যবাদী হিন্দুধর্মৰ গোড়ামী, অন্ধবিশ্বাস, কুসংস্কাৰৰ কলীয়া ডাৱৰৰ সিমূৰে লুপ্ত হোৱা নাৰীজাতিৰ অধিকাৰ নামৰ সূৰ্যটো আজিকোপতি পৰিষ্কাৰকৈ উদ্ধাৰ হোৱা নাই। অপ্ৰিয় হ’লেও এয়াই সত্য যে, সেইদিন ধৰি আজিলৈকে মনুবাদী চিন্তাধাৰাৰ পৰা সম্পূৰ্ণৰূপত মুক্ত হ’ব পৰা নাই আমাৰ সমাজখন।
ঊনবিংশ শতিকাৰ ভাৰতবৰ্ষত কেতবোৰ প্ৰান্তত কিছুসংখ্যক প্ৰগতিশীল শিক্ষিত লোকৰ প্ৰচেষ্টাত আৰম্ভ হোৱা নতুন জাগৰণসমূহে ভাৰতীয় নাৰীলৈ এচেৰেঙা ৰ’দ কঢ়িয়াই আনিছিল যদিও সেই ৰ’দজাক কুসংস্কাৰৰ ডাৱৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাছিল। সংস্কাৰবাদী লোকসকলৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই অভিযানসমূহে ভাৰতীয় নাৰীক মনুবাদৰ কুটিল গহ্বৰৰ পৰা উলিয়াই অনাৰ হেতু নিঃসন্দেহে প্ৰথম আধুনিক প্ৰয়াস কৰিছিল।
এইক্ষেত্ৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধিসকলে, খ্ৰীষ্টিয়ান মিছনেৰীসকলে যথেষ্টখিনি প্ৰচেষ্টা হাতত লৈছিল। পিছে ভাৰতবৰ্ষত নকৈ স্থাপন হোৱা এই ব্ৰিটিছ সাম্ৰাজ্যবাদী প্ৰশাসন ব্যৱস্থাটোক নিকপকপীয়া কৰাৰ স্বাৰ্থত কোম্পানীৰ সংস্কাৰবাদী লোকসকলে প্ৰচলিত ভাৰতীয় সমাজ ব্যৱস্থাৰ ৰীতি-নীতি, আচাৰসমূহৰ বিৰুদ্ধে মাত মাতিবলৈ বহুক্ষেত্ৰত ভয় কৰিছিল।
ফলত এই সংস্কাৰ অভিযানসমূহ বহু সীমাবদ্ধতাৰে ভৰি পৰিছিল। লাহে লাহে যেতিয়া পশ্চিমীয়া আধুনিক শিক্ষাৰে ভাৰতীয় সমাজখন শিক্ষিত হৈ আধুনিকতাৰ দিশে ধাৱমান হৈছিল, জাতীয়তাবাদী চিন্তা-চৰ্চাসমূহৰ বিকাশে যেতিয়া স্বাধীনতা সংগ্ৰামখন আগুৱাই গৈছিল তেতিয়াই ভাৰতীয় নাৰীয়েও বিভিন্ন বন্ধনসমূহৰ পৰা উন্মুক্ত হৈ পুৰুষৰ সমানে বিৰল কৰ্ম-পৰিচয়সমূহ দাঙি ধৰি নিজৰ শক্তি সাৰ্মথ্যতাসমূহ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। স্বাধীনোত্তৰ কালতো আমাৰ দেশৰ নাৰীয়ে পালন কৰি অহা ঐতিহাসিক ভূমিকাসমূহ অতি মনকৰিবলগীয়া।
যি কি নহওক, পৰিৱৰ্তিত সমাজ ব্যৱস্থাইদি আগুৱাই আহি আজি একবিংশ শতিকাৰ মাজমজিয়াত ভাৰতীয় নাৰীয়ে যি স্থানত উপনীত হৈছেহি তাকলৈও বহু বিতৰ্কৰ অন্ত নাই। কিয়নো আধুনিক শিক্ষাৰে শিক্ষিত হৈয়ো আজি আমাৰ সমাজখনে নাৰীক পুৰুষজাতিৰ বশ কৰি ৰখোৱাৰ প্ৰৱণতাসমূহ বহুক্ষেত্ৰত এৰা নাই।
সমাজভেদে দেখিবলৈ পোৱা কেতবোৰ আওপুৰণি মনুবাদী চিন্তা-চেতনাই আজিকোপতি আমাৰ মাজৰ পৰা ধৰ্মীয় গোড়ামী আৰু সংকীৰ্ণতাসমূহ আঁতৰ কৰিব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজিও আমাৰ চৌদিশে বহু মাতৃ, ভগ্নী তথা নাৰীয়ে উচুপি-উচুপি জীৱন কটাবলগীয়া হৈ আহিছে। উল্লেখযোগ্য যে, পুৰুষৰ তুলনাত নাৰী দৈহিকভাৱে কিছু দুৰ্বল যদিও মানসিকভাৱে নহয়।
বৰঞ্চ কোনো কোনো ক্ষেত্ৰত নাৰীৰ মনোবল পুৰুষতকৈ বহুগুণে বেছি হোৱাহে দেখা যায়। বহু নাৰীৰ নাৰীসুলভ মোহনীয় ব্যক্তিত্ব আৰু অন্তৰৰ অপৰিমেয় শক্তিৰ ওচৰত বহু উদণ্ড পুৰুষো পৰাভূত হোৱা বহু উদাহৰণ আছে। হতাশাত ভগ্নপ্ৰায়, মৃত্যুমুখী পথৰ যাত্ৰীসকলক নাৰীৰ প্ৰেমে যুগে-যুগে বহু মহত্ব প্ৰদান কৰি আহিছে। এনে দৃষ্টান্তসমূহ পৃথিৱীৰ বহু মহান মনীষীৰ জীৱনত আমি সকলোৱে দেখি আহিছোঁ।
নিজৰ স্বামীক, সন্তানক, নিজৰ মাতৃভূমিক মহান জীৱনৰ উপহাৰ দিবলৈ সক্ষম হোৱা প্ৰত্যেকগৰাকী নাৰীয়েই হৈছে সৃষ্টি, প্ৰলয়, ত্যাগ আৰু প্ৰেমৰ চিৰযুগমীয়া গৰাকী আৰু প্ৰতীক। এগৰাকী নাৰীৰ উচ্চতৰ জীৱনমুখী চিন্তা আৰু ত্যাগে বিশ্বৰ প্ৰতিটো সভ্যতা আৰু প্ৰতিখন সমাজৰ ভেটিক মজবুতকৈ গঢ়াত প্ৰবল বৰঙণি আগবঢ়াই আহিছে। তেনেস্থলত, আজিও আমাৰ বহু সমাজে কিয় নাৰীক এনে এলান্ধুকলীয়া চকুৰে চাই সেয়া আমাৰ বাবে গভীৰ বিচাৰ্যৰ!
পুৰুষপ্ৰধান আমাৰ সমাজ ব্যৱস্থাত নাৰীবাদী চিন্তা-চৰ্চাবোৰ বহুদূৰ আগবাঢ়ি গৈছে যদিও সেইসমূহে সকলোকে স্পর্শ কৰিবলৈ এতিয়াও বহু বাকী আছেগৈ। আমাৰ দেশৰ সমাজভেদে থকা কঠোৰ নিয়ম-নীতিৰ বন্দীশালত আবদ্ধ হৈ থকা অজস্ৰ নাৰীৰ জীৱনে কয় যেন আজিও আমি সেই মতান্ধ যুগতেই জীয়াই আছোঁ।
সমাজদেহৰ অৰ্ধাংগস্বৰূপ নাৰীক কঠোৰ নীতি-নিয়ম, অনুশাসনৰ আৱৰ্তত বন্দী কৰি নিজকে আজি আমি সু-সভ্য আধুনিক মনৰ মানুহ বুলি ভাবিলে আচলতে আধুনিক সভ্যতাটোকেই উপলুঙা কৰা হ’ব। এনেবোৰ কাৰণতেই আজি আমি সকলো নাৰী-পুৰুষ একেলগে মিলি যিসকল নাৰীয়ে এতিয়াও বন্দীত্বৰ জীৱনৰ পৰা মুক্তি হ’ব পৰা নাই তেওঁলোকৰ মুক্তিৰ বাবে হাতউজান দিয়া উচিত।
কিবা কাৰণত নাৰীৰ মনস্তত্ব পুৰুষতকৈ বেলেগ হ’ব পাৰে কিন্তু তেওঁলোকো যিহেতু মানুহেই। তেওঁলোক সকলোৱে আছে এটা অদম্য জীৱন-তৃষ্ণা জীৱনটোক নিজৰ মতে সজাই প্ৰাণভৰি ভোগ কৰিবলৈ। আগন্তুক সময়ত আমাৰ সমাজ ব্যৱস্থাসমূহত নাৰী হৃদয়ৰ মৰ্মবেদনাক বুজি পোৱা পুৰুষৰ সংখ্যা বাহক। মতান্ধ সংস্কৃতিৰে আৱৰি থকা মনুবাদী চিন্তা আৰু বিচাৰৰ পৰা সমাজখন পৰিস্কাৰ হওক।
দেশৰ কোটি কোটি নাৰীৰ মুক্তি, মঙ্গল আৰু উদ্ধাৰৰ হেতু নতুন চিন্তা, চেতনা আৰু দৃষ্টিভংগীয়ে সকলো ওলাই আহক।
[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: ৯৯৫৪০০০২০০]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)