• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, March 28, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

মনোবিজ্ঞানৰ দৃষ্টিৰে মানৱ চৰিত্ৰৰ কেতবোৰ দিশৰ বিষয়ে

মনোবিজ্ঞানৰ দৃষ্টিৰে মানৱ চৰিত্ৰ

by Admin
March 24, 2022
in Opinion, Special Report, Uncategorized, Women
Reading Time: 3 mins read
0
person in black pants and black shoes sitting on brown wooden chair

Photo by cottonbro on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

মনোবিজ্ঞানৰ দৃষ্টিৰে মানৱ চৰিত্ৰ

•ডা° সুকৃতি চৌধুৰী

RelatedPosts

India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 28, 2023
Things to do when offering an apology

Things to do when offering an apology

March 28, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 28, 2023

মনোবিজ্ঞানৰ দৃষ্টিৰে মানৱ চৰিত্ৰৰ কেতবোৰ দিশৰ বিষয়ে:

নমস্কাৰ বন্ধু-বান্ধৱীসকল,

যেতিয়া আপুনি জীৱনৰ পৰা কাৰোবাক বিদায় দিয়ে বা কাৰোবাৰ জীৱনৰ পৰা আপুনি বিদায় লৈ আঁতৰি আহে, এই কথাটো ভালকৈ জানি লওক যে তেওঁ কেৱল আপোনাৰ ঋণাত্মক দিশটোৰ কথাহে আনৰ আগত ক’বগৈ৷ তেওঁৰ ভালৰ বাবে আপুনি যিমানেই যি নকৰক কিয়, কিমান ত্যাগ কৰিছিল, কিমান ভাল পাইছিল বা মৰম দিছিল সেই কথা কেতিয়াও নকয়৷ আনহাতে কেতিয়াবা যদি এখন্তেকৰ বাবেও কিবা এটা কথাত ভুলটো টানকৈ কৈছিল সেইটোকে বঢ়াই দি আপোনাৰ ব্যৱহাৰেই তেনে আছিল বুলি ক’বগৈ৷ দুখ নকৰিব এয়াই মানৱীয় চৰিত্ৰ৷ ইয়াৰ উৰ্ধ্বত থাকিব পৰাজন সচাকৈয়ে মহান৷ 

আহক আজি আমি মনোবিজ্ঞানৰ দৃষ্টিৰে মানৱীয় চৰিত্ৰৰ কেতবোৰ দিশৰ বিষয়ে কথা পাতো…..

যি মানুহে শুই উঠিবৰ বাবে এটাতকৈ অধিক এলাৰ্ম দিয়ে মনোবিজ্ঞানৰ দৃষ্টিৰে তেওঁ কমকৈ বিশ্বাস কৰা ধৰনৰ লোক হয়৷ 

এইটো প্ৰমাণিত সত্য যে এসপ্তাহত তিনিবাৰতকৈ অধিক যৌন সম্পৰ্কত সক্ৰিয় লোক সকলক নিজৰ বয়সতকৈ ৫ ৰ পৰা ৭ বছৰ সৰু যেন দেখা যায় আৰু তেওঁলোক সকলো ক্ষেত্ৰতে বয়সতকৈ ৫-৭ বছৰ সৰু নৰ-নাৰীৰ দৰে সক্ৰিয় হয়৷ আনহাতে এটা মাহত কমপক্ষেও ২১ বাৰ যৌন সম্পৰ্কৰে সক্ৰিয় লোক সকলৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা ৫% ৰ পৰা ২০% কম হয়৷ আনহাতে যৌনক্ৰিয়াৰে যুক্ত হোৱাৰ আগতে খোৱা একাপ কফিয়ে নাৰীৰ চৰম আনন্দ ৫০% পৰ্যন্ত বঢ়াই তোলে৷

human 1
today.com

বিপৰীত লিঙ্গৰ মানুহ (বন্ধু বা বান্ধৱী অথবা প্ৰেমাস্পদ)ৰ হাতত ধৰি কথা ক’লে শাৰীৰিক মানসিক যন্ত্ৰণা কম হোৱাৰ লগতে চাপমুক্ত হয়৷ 

মানুহে নিজৰ সঙ্গীৰ মাজত সাদৃশ্য বিচাৰে যদিও প্ৰকৃত সত্যটো হ’ল দুজন নৰ-নাৰীৰ মাজত যিমান বেছি সাদৃশ্য থাকে সিমানেই বেছি বিচ্ছেদ হোৱাৰ সম্ভাৱনা থাকে৷

বিচ্ছেদৰ পিছত এহাল নৰ-নাৰী পুনৰ প্ৰেমত নপৰে৷ যদিও তেওঁলোকৰ মাজত পুনৰ ভালপোৱা হয় সেয়া আচলতে তেওঁলোকে এৰি অহা অতীতটোৰ মধুৰ স্মৃতিচাৰণহে৷ 

ধৰি লওক আপোনালোক দুজনমান/দুগৰাকীমান ক’ৰবাত বহি আড্ডা দি আছে৷ কিন্ত জানিব খোজে যে আপোনালোক কেইজনৰ মাজত আটাইতকৈ dangerous কোন…যিজন বা যিগৰাকীয়ে কথা নোকোৱাকৈ থাকি বা আটাইতকৈ কমকৈ কথা কৈ কেৱল সকলোৰে আলেখ-লেখ চাই অখণ্ড মনোযোগেৰে কথাবোৰ শুনিহে আছে, তেৱেঁই সেইকেইজন /জনীৰ মাজত আটাইতকৈ বিপদজনক৷

মনোবিজ্ঞানে কয় যে ৯০% ল’ৰাই নিজৰ প্ৰেমিকাৰ মাজত ” wife potential” বা হ’ব লগা ঘৈণীয়েকক বিচাৰে৷

সৰহভাগ ল’ৰাই তেওঁৰ ছোৱালী ‘Best Friend’ জনীৰ প্ৰেমত পৰে৷ 

human2
https://pediaa.com

প্ৰকৃত পুৰুষত্ব থকা পুৰুষে:-

ক)পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীৰ প্ৰেমত নপৰে৷ কিন্তু ভালপোৱা ছোৱালীজনীৰ বাবে তেওঁ পৃথিৱীখন আটাইতকৈ ধুনীয়া দেখে৷

খ) প্ৰকৃততেই কাৰোবাক ভালপোৱা পুৰুষে কেতিয়াও ছোৱালীজনীৰ নগ্ন ফটো বা ভিডিও খুজি আমনি দি নাথাকে বা হকে-বিহকে শাৰীৰিক সম্পৰ্ক কৰাৰ বাবেও জোৰ দি নাথাকে৷ তেওঁৰ বাবে ভালপোৱা এক স্বৰ্গীয় অনুূভূতি আৰু ইয়াক তেওঁ এইদৰেই অনুভৱ কৰে৷ 

গ) পুৰুষে কাৰোবাক যদি ভাল পায় তেওঁ অনুচ্চ স্বৰত কথা কয়৷ 

ঘ) পুৰুষে প্ৰকৃততে কাৰোবাক ভাল পালে তেওঁৰ সমস্যাবোৰ কয় আৰু বিশ্বাস কৰে যে প্ৰিয়তমা নাৰীগৰাকীয়ে মন দি শুনিব৷

ঙ) পুৰুষে যেতিয়া প্ৰকৃততেই এগৰাকী নাৰীক ভাল পায় তেতিয়া নাৰীগৰাকীৰ পচন্দৰ সকলোবোৰ তেওঁৰো পচন্দ হৈ উঠে৷

পুৰুষেই হওক বা নাৰীয়েই হওক, আপুনি নিজক পাগল নহয় বুলি কয় যদিও কেতিয়াবা অকলে অকলে হাঁহি থাকে আৰু নিজৰ লগত কথা পাতিও থাকে ৷ 

আপুনি সাধাৰণতে এনে লোকৰ প্ৰতিয়েই তীব্ৰতাৰে আকৰ্ষিত হয় যাক আপুনি পোৱাৰ সম্ভাৱনা শূন্য৷ 

নাৰীয়ে সহজে ক্ষমা কৰি দিব পাৰে কিন্তু সহজে পাহৰিব নোৱাৰে….

নাৰীৰ বাবে যিটো বাক্য আটাইতকৈ বেছি ভয় হৈ উঠিব পাৰে(Greatest fear) সেইটো হ’ল:-‘I love you.’

নাৰীৰ বাবে যিটো বাক্য আটাইতকৈ বেছি অনুশোচনাৰ কাৰণ (Biggest regret) হৈ উঠিব পাৰে সেইটো হ’ল:-‘I trust you.’

এগৰাকী নাৰীয়ে কোৱা আটাইতকৈ ডাঙৰ মিছা কথাটো (Biggest lie) হ’ল :-‘I am fine.’ অন্তৰত হাজাৰ যন্ত্ৰণা আৰু দুখৰ ধুমুহা হেচি ৰাখি এই বাক্যটো কিমান নাৰীয়ে যে ক’ব লগা হয়৷

এটা মনোবৈজ্ঞানীক সত্য হ’ল: নাৰীসকল সেইজন পুৰুষৰেই প্ৰেমত বেছিকৈ পৰে যি তেওঁক ‘এভইদ’ কৰিছিল৷ 

প্ৰায়বোৰ ছোৱালীৰে এটা বিৰাট ভুল ধাৰণা যে পুৰুষে সদায় “Skinny hot girl” হে পচন্দ কৰে৷ কিন্ত বাস্তৱত এই কথাটো সত্য নহয়৷ 

কেৱল ৪% নাৰীয়েহে বিশ্বাস কৰে যে তেওঁ ধুনীয়া৷

নাৰীয়ে পোনতে আনক নিজে ভালপোৱা ধৰনে আচৰণ কৰে৷ লাহে লাহে আপুনি তেওঁক কিদৰে আচৰণ কৰিছিল সেই অনুসৰি সলনি হয়৷

৫২% নাৰীয়ে বিশ্বাস কৰে যে তেওঁৰ ‘Husband’ কোনোপধ্যেই তেওঁৰ ‘soulmate’ নহয়৷ 

শুনকচোন, নাৰী সকলক কৈছো–আপোনাৰ চকুলৈ চাই ভাৱনাত ডুব যোৱা পুৰুষজনে কেৱল আপোনাক চাই থকা নাই৷ তেওঁ চাই আছে আপোনাৰ আৰু তেওঁৰ আপোন পৃথিৱীখন৷

human4
https://pediaa.com

নাৰীয়ে ভালপোৱা পুৰুষজন নাৰীৰ বাবে শক্তি৷ কিন্ত পুৰুষে ভালপোৱা নাৰীগৰাকী পুৰুষজনৰ দুৰ্বলতা৷ 

কোনোবাই যদি সঁচাকৈয়ে ভাল পায় তেনেহ’লে তেওঁ আপোনাৰ বাবে ‘effort’ হে দিব৷ ‘Excuse’ বিচাৰি নুফুৰে ।

আপুনি কাৰোবাক ভাল পায়৷ ৰাতিপুৱাৰে পৰা একেৰাহে গধূলিলৈকে একেলগে থাকিলেও দেখিব যে ঘৰাঘৰি গুচি যোৱাৰ পিছতেই তেওঁলৈ বৰকৈ মনত পৰে৷

আপুনি ৯৯% নিশ্চিত হৈছে যে আপোনাৰ ‘crush’ য়ে আপোনাক ভাল পোৱাৰ কোনো অৱকাশ নাই৷ কিন্ত বাকী থকা ১% বিশ্বাসে কেতিয়াবা এনেকুৱা যাদুৰ দৰেও কাম কৰিব পাৰে যাৰ ফলত আপুনি তেওঁৰ প্ৰিয়তম হৈ উঠিব পাৰে৷ 

কেতিয়াবা আপোনাৰ প্ৰিয়তমা নাৰী গৰাকীয়ে কাঁজিয়া কৰাৰ অল্তৰালত থকা মনোবৈজ্ঞানীক কথাটো হ’ল তেওঁক ধৰি ৰাখিবলৈ আপুনি কিমাননো চেষ্টা কৰে সেয়া তেওঁ প্ৰমাণ চাব খোজে৷

বাৰু আপুনি জানেনে ‘I am OK’ বুলি কোৱাটোয়ে এইটো নুবুজায় যে সকলো ঠিকে আছে৷ কিন্ত এইটোহে বুজায় যে ঠিকে নথকা কথাবোৰৰ সৈতে নিজক ‘adjust’ কৰি লোৱা হৈছে৷ 

 বিভিন্ন ফিল্ডত সফল প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ ছাত্ৰাৱস্থাত কোনো ধৰনৰ ‘future plan’ নাছিল৷ তেওঁলোকে ভাল পোৱা বিষয়টোতেই লাগি থাকিছিল আৰু এসময়ত ইয়াতেই বিৰাট সফল হৈছিল৷ ইয়াৰ অন্তৰালত থকা কথাটো হ’ল যে আপুনি যিহকেই নকৰক কিয় কামটো অন্তঃকৰণেৰে ভাল পাব লাগিব৷ যদিহে আপোনাৰ কামটো আপুনি আন্তঃকৰণেৰে ভাল পায় আৰু অত্যন্ত আগ্ৰহেৰে কৰে,তেনেহ’লে নিশ্চিন্ত থাকক যে আপুনি এই বিষয়ত সুউচ্চ আসন পাবলৈ গৈ আছে৷ 

কাৰোবাক যদি আপোনাৰ জীৱনত ঠাই দিছে আপুনি মানি নল’লেও ক’ম যে ইয়াৰ এটা কাৰণ থাকে৷ হয় আপুনি নিজৰ জীৱনটো সলনি কৰিব খুজিছিল অন্যথা তেওঁ তেওঁৰ জীৱনটো সলনি কৰিব খুজিছিল৷ প্ৰেমৰ কাৰণ নিশ্চয় থাকে৷ মাথো চৰ্ত নাথাকে৷ 

পুৰুষেই হওক বা নাৰী, সহজে ৰঙাচিঙা পৰা মানুহবোৰ হেনো আটাইতকৈ ভাল প্ৰেমিক/প্ৰেমিকা হয়৷

আপুনি গাৰু এটা সাৱটি শুয়ে নে কি? তাৰমানে আপুনি বৰ মৰম আকলুৱা আৰু ভালপোৱা কাৰোবাক কাষতে থকাটো বিচাৰে৷ 

তলপেট দি শুৱা মানুহৰ যৌন ভাৱনা অকনমাণ বেছি৷ তদুপৰি পেট পেলাই শুলে উত্তেজক সপোন দেখাৰ চান্স থাকে৷ 

এহাল নাৰী-পুৰুষৰ কিবা এটা পৰিস্থিতিত যদি কাঁজিয়া হৈছে তাৰমানে এইটো নহয় যে নাৰী আৰু পুৰুষজনৰ মাজত কাঁজিয়া হৈছে৷ ইয়াৰ প্ৰকৃত অৰ্থটো হ’ল নাৰী-পুৰুষ আৰু পৰিস্থিতিটোৰ মাজতহে কাঁজিয়া হৈছে৷ মানে নাৰী বনাম পুৰুষ নহয়৷ সত্যটো হ’ল নাৰী-পুৰুষ Vs পৰিস্থিতি৷ এই সৰল সত্যটো উপলব্ধি কৰিলেই কিমানৰ যে কাঁজিয়া নোহোৱা হ’ব৷ 

যাক ভাল পায় তেওঁক মূল্য দিবলৈ শিকক ৷ কাৰণ এবাৰ হেৰুৱাৰ পিছত যদি তেওঁ ঘুৰিও আহে তেনেহ’লে তেওঁ আৰু আগতে লগ পোৱা সেই মানুহজন হৈ নাথাকে৷ অলপ হ’লেও সলনি হ’বই হ’ব৷

আপুনি যেতিয়া আনন্দিত হয় গানৰ সুৰ শুনে৷ আপুনি যেতিয়া দুখ পোৱা অৱস্থাত থাকে গানটোৰ শব্দবোৰ শুনে৷ 

যদিহে আপুনি বৰকৈ কন্দাৰ পিছতো আনৰ আগত এনেকৈ দেখুৱাব পাৰে যেন একোয়েই হোৱা নাই, তেনেহ’লে আপোনাৰ দৰে শক্তিশালী পুৰুষ বা নাৰী আন এজন পোৱা টান৷

আপোনাতকৈ যদি সৰু ভাইটি বা ভন্তি আছে তেনেহ’লে যি সকলৰ নাই তেওঁলোকতকৈ আপোনাৰ ব্লাড প্ৰেচাৰ ৬% বেছি হোৱাৰ চান্স আছে৷ 

সৰু সৰু কথাতেই কান্দি দিয়া মানুহবোৰ ‘innocent and softhearted’ হয়৷ 

অনুগত হোৱা মানুহেই বেছিকৈ যন্ত্ৰণা পায়৷ 

কাৰোবাৰ ব্যক্তিত্ব যেতিয়া ভাল লাগে তেতিয়া তেওঁৰ সকলোখিনিয়েই ভাল লগা হয়৷

শেষত একাষাৰ কথাৰে সামৰিম:-কিবা এটা কাম কিয় হৈ নুঠিল তাৰ কাৰণবোৰ ভাবিগুণি নিজক কষ্ট দিয়াতকৈ কেনেকৈ হৈ উঠিব তাৰ পথহে বিচাৰিব লাগে৷

সদায়েই ভালে থাকক দেই..

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

India’s Obsession with Matchmaking
Culture

India’s Obsession with Matchmaking

by Admin
March 28, 2023
0

India’s Obsession with Matchmaking KAKALI DAS Sima aunty from Indian Matchmaking, a 2020 Indian reality television series, is not just...

Read more
Things to do when offering an apology

Things to do when offering an apology

March 28, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 28, 2023
Beautification Ahead of G20 Summit: Is it a crime to be poor?

Beautification Ahead of G20 Summit: Is it a crime to be poor?

March 28, 2023
amazing waterfall with lush foliage on rocks

In Search Of A New Beginning

March 27, 2023
The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

The Renewed Boundaries of Being Indigenous : Indigenous Values Vs Modern Values

March 27, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
India’s Obsession with Matchmaking

India’s Obsession with Matchmaking

March 28, 2023
Things to do when offering an apology

Things to do when offering an apology

March 28, 2023
Rampant Upsurge of Academic Bullying

Rampant Upsurge of Academic Bullying

March 28, 2023
Beautification Ahead of G20 Summit: Is it a crime to be poor?

Beautification Ahead of G20 Summit: Is it a crime to be poor?

March 28, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: