• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, May 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

মন্ডাৰমণিৰ জোৱাৰ-ভাটা

ASSAMESE SECTION / Travel

by Editor
October 6, 2025
in ASSAMESE SECTION, Travel
Reading Time: 4 mins read
0
blue and white abstract painting

Photo by Ricardo Esquivel on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

মন্ডাৰমণি

ভৱেশ শৰ্মা

mandarmani

পন্ডিচেৰীৰ ছয়টা দিনৰ ফৰাচী আমেজ দেহ মনত সানি লৈ আমি এইবাৰলৈ বিদায় ললো— অহা বছৰলৈ আকউ অহাৰ সংকল্প লৈ।

আমাৰ পৰবৰ্তী গন্তব্যস্থল আছিল ভাৰকালা— কেৰালাৰ আৰব সাগৰৰ উপকূলবৰ্তী এখন সৰু সুন্দৰ ঠাই।

RelatedPosts

bihu2

ব’হাগ আৰু অসমৰ অৰ্থনীতি

May 8, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

May 2, 2026

এফালে পশ্চিমঘাট পৰ্বত আৰু আনফালে আৰব সাগৰ। পৰ্বত আৰু সাগৰৰ কি অপূৰ্ব সংগম !

ভাৰকালাৰ বীচ্চ খনো অতি আকৰ্ষণীয় ।

তুলনামূলকভাবে বহু পৰিমানে কোলাহলমুক্ত।

মাছ খাই ভাল পোৱা সকলৰ বাবে ভাৰকালাৰ দৰে উপযুক্ত ঠাই বিচাৰি পোৱা খুবেই কঠিন। বিভিন্ন ধৰণৰ মাছ উভৈনদী তাত । দামো বৰ বেছি নহয় ।

ভাৰকালা বীচ্চৰ সাগৰৰ পানী চুই ৰৈ থকা ৰিচৰ্ট এখনৰ কটেজ এটা মই বুক কৰি ৰাখিছিলো। কটেজৰ সমুখতেই আৰব সাগৰৰ নীলিম সলিল ৰাশি । বৰ মনোমোহা পৰিবেশ । ভাবিছিলো তিনিটা দিন পৰম শান্তিত কটাম আৰব সাগৰ তীৰৰ এই কটেজটোত।

মন্ডাৰমণিৰ জোৱাৰ-ভাটা
পন্ডিচেৰী : Image Barsha Sarma

কটেজৰ বাহিৰত মুক্ত আকাশৰ তলত চকী মেজ পাৰি বহি লম সাগৰৰ ফালে মুখ কৰি। গৰম গৰম মাছ ভজা আহিব । মাজ ভজাৰ লগৰ যোগাৰটো পন্ডিচেৰীৰ পৰাই লৈ যাম । এই ক্ষেত্রত পন্ডিচেৰী খন আমাৰ খানাপাৰাৰ নিচিনা । উৎসাহবৰ্ধক পানীয়ৰ দাম যথেষ্ট কম ।

পিচে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি । কেৰালাত সাংঘাটিক প্ৰাকৃতিক বিপৰ্য্যয় । প্ৰবল বানপানী । —“এতিয়াতো যোৱাৰ প্ৰশ্নই নুঠে, অহা কেইমাহমানলৈ কেৰালা ভ্ৰমণ কৰাৰ কথাই নাভাবিব”— বিজ্ঞজনে কলে ।

মন্ডাৰমণিৰ জোৱাৰ-ভাটা
পন্ডিচেৰী Image: Barsha Sarma

হতাশ মনে ভ্ৰমণৰ সকলো ব্যবস্থা বিসৰ্জন দি মই চিন্তা কৰিলো কলৈ যোৱা যায় । তামিলনাডু, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰো অবস্থা বৰ ঠিক নহয় । কেউফালে প্ৰবল বৰষুণ । কেৰালা সদৃশ পৰিস্থিতিৰ যে উদ্ভব নহব তাৰ কোনো নিশ্চয়তা নাই । এনে সময়তে চাৎকৈ মনত পৰি গল আমাৰ মহাবাহু গোটৰ সদস্য ভ্ৰাতৃসম বন্ধু পাৰ্থই কিছুদিন আগতে মোক কোৱা কথা এষাৰ —“মন্দাৰমনিলৈকে যাওক, দাদা।”

বাকী চিন্তা বাদ দি মই এইবাৰ ব্যস্ত হৈ পৰিলো মন্দাৰমনিলৈ যোৱাৰ সকলো ব্যবস্থা সম্পূৰ্ণ কৰি তোলাৰ কামত ।

কোলকাতাৰ ৮ নং ৰাছেল স্ট্ৰীটৰ এই পুৰণি চৌহদটোৰ লগত মোৰ আত্মীয়তাৰ সম্পৰ্ক আজিৰ কথা নহয় । কবলৈ গলে যোৱা প্ৰায় ত্রিশ বছৰৰ। খুবেই আপোন মোৰ এই চৌহদটো । চৌহদৰ ভিতৰৰ প্ৰতিটো বস্তুৱেই  মোক চিনি পায়। প্ৰবেশ কৰাৰ লগে লগে যেন নীৰব ভাষাৰে মোক সম্ভাষণ জনায় — “দাদা, বহু দিনৰ পাচত আহিলে “— ঠিক এনেকুৱা ভাবত ।

হয় মই কোলকাতাৰ আমাৰ অসম ভবনৰ কথাই কৈছো । বাহিৰৰ পৰা ঘূৰি আহি ইয়াত প্ৰবেশ কৰিলেই মনটো ভাল লাগি যায়। নিজৰ ঘৰ খন পোৱা যেনেই লাগে ।—” দাদা, আজি কি মাছ খাব ?” — ডাইনিং হলত ভাত খাবলৈ গৈ এই কথাষাৰ শুনিবলৈ ৰখি থকাটো মোৰ একপ্ৰকাৰ অভ্যাসতেই পৰিণত হৈ গৈছে ।

মই চাকৰি কৰি থকা সময়ৰ কথা । কোম্পানীৰ কামত মই কোলকাতালৈ সঘনাই আহি থাকিব লগা হয় । কোম্পানীৰ নিজস্ব এক সুন্দৰ অতিথিশালা আছে কোলকাতাৰ আলিপুৰ এলেকাত । থকা খোৱাৰ ব্যবস্থা তাতেই কৰা হয় ।

এবাৰ অতিথিশালাত ৰুম খালী নথকাৰ বাবে কোম্পানীৰ পলিচী মতে মোৰ পদমৰ্য্যাদা অনুসৰি মোৰ থকা মেলাৰ ব্যবস্থা কৰা হল Kennilworth নামৰ এখন বিলাসী হোটেলত। দিনটো কাম কৰি আহি সন্ধিয়া পৰত আহি মই সোমালো হোটেল খনত। খুউব বেছি অস্বস্তি অনুভব কৰিলো হোটেলৰ অতি বিলাসী আদব কায়দাত। বিচনা খনত পৰি চালো । বাপৰে ! শৰীৰটো কোমল তুলিৰ মাজত ডুবি যাব খোজে দেখোন। বাথৰুমলৈ গৈ চালো । অত্যাধুনিক বাথৰুমটোৰ কাৰবাৰেই বেলেগ । গা ধুব খুজিলেও মহা বিড়ম্বনা । এসোপামান নব । কোনটো নব ঘূৰালে কোন ফালৰ পৰা পানী পৰে ধৰাই টান । মেনু কাৰ্ড খন চালেতো মূৰ গৰম হোৱাৰেই কথা। তাৰে কিছুমান খোৱা বস্তু নে সজোৱা বস্তু নে আন কিবাহে সেই লৈ গবেষণাৰ বিশদ প্ৰয়োজন আছে যেনহে অনুভব হয় ।

 কোনোমতে নিশাটো কটালো । নিশা ভালদৰে টোপনিয়ে নাহিল । ৰাতিপুৱাই ফোন লগালো অসম ভবনত । অসম ভবনৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া গোকুল হাজৰিকাৰ লগত মোৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক । —“একো চিন্তা নাই । ৰুম খালী আছে । আহি যাওক।”— হাজৰিকাই ফোনত কলে ।

আৰু কোনে পায় ! বিলাসী হোটেলক ইমানতে বিদায় জনাই লগে লগেই আহি মই অসম ভবন পালোহি । অসম ভবনৰ নিজৰ ৰুমত সোমাইহে মই শান্তিৰ উশাহ ললো । —-” আজি  পাভ মাছ খাই ভাল পাব । সৰিয়হ দি চৰ্চৰি বনাইছে। ভাল ভেটকী মাছো আছে পিচে।”– ৰুমত টাৱেল দিবলৈ আহোতে ৰাভা নামৰ পৰিচাৰক জনে মোক খবৰ দিলে।

এই মোৰ মৰমৰ অসম ভবন । পন্ডিচেৰীৰ পৰা ঘূৰি আহি অসম ভবনৰ নিজৰ ৰুমত বহি মই পুৰণি কথাবোৰ মনত পেলাই আত্মস্থ হৈ পৰিছিলো হবলা।

-“আজি মই ইলিচ মাছ খাম”— শ্ৰীমতীৰ কথাত মোৰ সম্বিৎ ঘূৰি আহিল ।

মন্ডাৰমণিৰ জোৱাৰ-ভাটা

মন্দাৰমনিৰ সাগৰ খনৰ জোৱাৰ ভাটাৰ খেলটো চাবলৈ বৰ মজা ।

ভাটাৰ সময়ত সাগৰ খনৰ ৰূপ বৰ শান্ত হৈ পৰে। মৃদু লহৰ বোৰে পাৰৰ বালিত লাহেকৈ আচাৰ মাৰি পৰি কিবা যেন লৰাধেমালিহে কৰে। সাগৰ খন দূৰলৈ আতৰি যোৱা বাবে বীচ্চ খনো ভালেখিনি দূৰলৈ উন্মুক্ত হৈ পৰে ।উন্মুক্ত বীচ্চ খন এনে সময়ত হৈ পৰে উৎসাহী ভ্ৰমণাৰ্থী সকলৰ নানা ধৰণৰ মনোৰঞ্জন আৰু বিচৰণৰ পৰম আকাংক্ষিত স্থল। আগতে ভাটাৰ সময়ত মানুহে তাত পানীৰ কাষে কাষে গাড়ী মটৰ চলাই ৰং ৰহইচ কৰি ঘূৰি ফুৰিছিল । কেইবছৰমান আগেয়ে হোৱা এটা দুৰ্ঘটনাৰ পৰা পশ্চিম বংগ চৰকাৰে বীচ্চত গাড়ী মটৰৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে ।

মন্দাৰমনিৰ সাগৰ তীৰৰ সামগ্ৰিক প্ৰতিচ্ছবি খন এনে ধৰণৰ :

সাগৰৰ ফালে মুখ কৰি পাৰত এখনৰ পাচত এখনকৈ শাৰী পাতি ৰৈ আছে ভিন ভিন মানদন্ডৰ হোটেল আৰু ৰিচৰ্ট সমূহ । এই হোটেল সমূহৰ সমুখেৰে সাগৰৰ জলৰেখাৰ সমান্তৰাল ভাবে গৈছে  সংযোগী মূল পকা পথটো ।  জোৱাৰৰ সময়ত এই পথটো পানীত সম্পূৰ্ণ ৰূপে ডুব গৈ পৰে । সেই বুলি হোটেল সমূহ বহিৰ্জগতৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ নপৰে। হোটেল বোৰৰ পিচ ফালেৰে আছে আন এটা বিকল্প  ঠেক পথ । জোৱাৰ আহাৰ সময়ত এই বিকল্প পথটোৱেই হৈ পৰে বাহিৰৰ জগত খনৰ লগত যোগাযোগ ৰখাৰ একমাত্র উপায় ।

কিছুদিন আগেয়ে জোৱাৰৰ সময়ত আহা প্ৰচন্ড ঢৌৱে আমাৰ হোটেল খনৰ সমুখৰ মূল পথটোৰ এছোৱা সম্পূৰ্ণ চিঙি পেলাইছে । চিঙি যোৱা অংশ নতুনকৈ বনাবৰ কাৰণে ডাঙৰ ডাঙৰ পাথৰ আনি তাত দমাই থোৱা হৈছে ।আমি সেই বাবে হোটেলত প্ৰবেশ কৰিব লগা হৈছিল পিচ ফালৰ ঠেক পথটোৰে।

ৰুমত বস্তু বাহানি থৈ চাহ একোকাপ খাই বেলি ডুব যোৱাৰ আগে আগে শ্ৰীমতী আৰু মই নামি গলো সমুখৰ সাগৰ খনলৈ ।

বংগোপসাগৰৰ উত্তাল ৰূপৰ লগত মোৰ চিনা পৰিচয় আছে । কিন্তু একেখন সাগৰৰ ইমান শান্ত সমাহিত ৰূপ আগতে কতো দেখা মনত নপৰে। বালিৰ ওপৰে ওপৰে খোজ কাঢ়ি এটা সময়ত আমি নামি গলো সাগৰৰ তৰাং পানীৰ মাজলৈ । সৰু সৰু ঢৌবোৰে আলফুলে সাবটি ধৰি আমাক স্বাগতম জনালে । সাগৰৰ পানী চুই আহা ৰিব ৰিব বতাহ জাকে দেহটো শাত পেলাই দিলে। দূৰলৈ চালো । কিমান যে বিশাল এই সাগৰ খন ! দূৰৈত দিগন্তৰ সতে সাগৰ খন মিলি একাকাৰ হৈ গৈছে । আকাশৰ নীলা আৰু সাগৰৰ নীলাৰ মাজৰ সীমাৰেখাডাল নিশ্চিহ্ন হৈ পৰিছে । বৰ সুন্দৰ আৰু বৰ অপৰূপ এই দৃশ্য ।বিশাল সমুদ্ৰ খনৰ লগত একাত্ম হোৱাৰ যেন অতি অনুকুল পৰিবেশ – এনেকুৱা ভাব হল মোৰ।

–“আৰু বেচি দূৰলৈ নাযাবা । এতিয়া ঘূৰিহে যাব লাগে। সাজ লাগিবৰ হল । হঠাতে জোৱাৰ আহি যায় বুলি ভয়ো লাগে।”- মোক সতৰ্ক কৰিবলৈ শ্ৰীমতীয়ে কৈ উঠিল।

হয়ো কথাটো । সন্ধিয়াৰ পাচতে জোৱাৰ আহিব বুলি মেনেজাৰে কৈছিল । বেছি দু:সাহস নকৰাই ভাল।

পাতল আন্ধাৰে লাহে লাহে আবৰি আনা নিৰ্জন বীচ্চ খনৰ ওপৰেৰে আমি দুয়ো এইবাৰ উভতিলো নিয়ন লাইটৰ আলোকেৰে জিলিকি উঠা পাৰৰ আমাৰ হোটেল খনলৈ ।

mondar

হাওৰা-দীঘা এ.চি. চুপাৰ এক্সপ্ৰেছ — বৰ সুন্দৰ ট্ৰেইন এইখন । হাওৰাৰ পৰা আগবেলা ১১-৪০ বজাত এৰি ট্ৰেইন খন দীঘা পায়গৈ বিয়লি ২-২০ বজাত । গোটেই ট্ৰেইন খনেই এ.চি. চেয়াৰ কাৰ । শতাব্দী এক্সপ্ৰেছৰ নিচিনাকৈ যাত্রাৰ সময় ছোৱাত খোৱা লোৱাৰ যোগান ধৰা হয় । ব্যবস্থাপনা খুবেই সুন্দৰ ।

নিৰ্দিষ্ট সময়তকৈ দহ মিনিট আগেয়ে আহি ট্ৰেইন খন দীঘা পালেহি । দীঘা স্টেশ্যনটোৰ লগত  দক্ষিণ ভাৰতৰ কন্যাকুমাৰী স্টেশ্যনৰ বহুখিনি সাদৃশ্য আছে। থকাৰ কথাই । দুয়োখন ঠাইয়েই সাগৰ তীৰত। আৰু দুয়োখনেই সেই ৰেলপথৰ অন্তিম স্টেশ্যন ।

বস্তু বাহানি কঢ়িয়াই আমি স্টেশ্যনৰ বাহিৰ ওলালো । আমাৰ বাবে গাড়ী এখন স্টেশ্যনৰ বাহিৰত ৰখিয়ে আছিল । আজিকালি ইন্টাৰনেটৰ যুগ । বহুত সুবিধা । ট্ৰেইনেৰে আহি থাকোতেই মই ইন্টাৰনেটৰ জৰিয়তে দীঘাৰ টেক্সী এজেন্সী এটাৰ লগত সংযোগ স্থাপন কৰি গাড়ী এখন বুক কৰি থৈছিলো ।

আমি আহি গাড়ীত বহাৰ লগে লগে গাড়ী চলিল ত্রিশ কিলোমিটাৰ দূৰৰ মন্দাৰমনিলৈ ।

—“কোন হোটেললৈ যাব, চাৰ ?”– দীঘা পাৰ হৈ আহাৰ অলপ পাচতে প্ৰশ্ন কৰিলে ডেকা ড্ৰাইভাৰজনে ।

–“হোটেল মেৰিনো বীচ্চ ৰিচৰ্ট। বীচ্চৰ একেবাৰে শেষৰ ৰিচৰ্ট এইখন ।”— মোৰ ইন্টাৰনেটলব্ধ তথ্যসমৃদ্ধ উত্তৰ ।

অভিজ্ঞ ড্ৰাইভাৰে মূৰ দুপিয়ালে । হোটেলৰ নাম লিখা থকা সুদৃশ্য তোৰণ এখনৰ আগত গাড়ী ৰখিল।

গাড়ীৰ পৰা নামি হোটেলৰ অভ্যৰ্থনা কক্ষৰ দুৱাৰ মুখত থিয় হোৱাৰ পাচতেই মোৰ প্ৰথম দৃষ্টি নিক্ষেপিত হল সমুখৰ সাগৰ খনৰ ওপৰত।

–“সাগৰ খন অলপ দূৰত দেখিছো দেখোন “—  ইন্টাৰনেটৰ ছবি চাই সাগৰ খন একেবাৰে কাষতে পাম বুলি আশা কৰি আহি মই এইবাৰ অলপ হতাশ হৈ প্ৰশ্ন কৰিলো মেনেজাৰ জনক ।

–” সন্ধিয়াৰ পিচতে জোৱাৰ আহিব, চাৰ।সাগৰ খন আহি যাব আমাৰ গেটৰ ওচৰলৈ— কেতিয়াবা চৌহদৰ ভিতৰলৈকো। ৰাতিপুৱা দহ বজালৈকে থাকিব । -তাৰ পিচত লাহে লাহে গুচি যাব আতৰলৈ। মানে এতিয়া যে দেখিছে, সউ তালৈকে। ইয়াত এনেকুৱাই হয়, চাৰ।”— মই মন্দাৰমনিলৈ এই প্ৰথম আহা বুলি জানি ব্যাখ্যা কৰিলে মেনেজাৰ মহাশয়ে ।

কোঠাৰ ভিতৰৰ পৰা সমীপৰ সমুদ্ৰৰ ঢৌৰ গৰ্জন শুনি থকাটোও মোৰ বাবে এক স্মৰণীয় অভিজ্ঞতা ।

সন্ধিয়াৰ পাচত এটা সময়ত সমুদ্ৰৰ গৰ্জনৰ শব্দৰ পৰাই মই অনুমান কৰিলো — সাগৰ খন যেন একেবাৰে কাষ চাপি আহিছে । তাৰ মানে জোৱাৰ আহিছে নিশ্চয় ।

শ্ৰীমতীয়ে বিচনাত অৰ্ধশায়ী হৈ পৰি মেনু খনৰ ওপৰত গবেষণা চলাইছে । বোধহয় ৰাতিলৈ কি মাছ খোৱা ভাল হব তাকে লৈ গুণাগথা কৰিছে । কৰক বাৰু । সেই কাম তেওৰ ওপৰতে এৰি দি মই এইবাৰ অকলে ওলাই গলো সাগৰ তীৰলৈ ।

close up photo of body of water
Photo by Matt Hardy on Pexels.com

সন্ধিয়া পৰত দেখা শান্ত সমাহিত সাগৰ খনৰ এতিয়া কি সংহাৰী ৰূপ ! ফেনে ফোটোকাৰে ওফন্দি আহি প্ৰচন্ড ঢৌ বোৰে পাৰ ভাঙো ভাঙো কৰিছে । সন্ধিয়া শ্ৰীমতী আৰু মই যিমান দূৰলৈ গৈছিলো এতিয়া তালৈ যোৱাৰ কথা কল্পনা কৰিলেও ভয়ত বুকু কপি যাব খোজে । পাৰত থিয় হৈ  অপলক নেত্রে বহুপৰ মই পান কৰিলো সাগৰ খনৰ এই ভয়ংকৰ অথচ অতীব সুন্দৰ ৰূপসুধা ।

আমাৰ হোটেলৰ ফালৰ পৰা সাগৰ তীৰত সুন্দৰকৈ চকী মেজ পাৰি সজাই থোৱা আছে— অতিথি সকলৰ সুবিধাৰ বাবে । তাৰে এখন চকী অধিকাৰ কৰি বহি পৰিলো মই ।

–” কওক, চাৰ । কি দিম ?”– মই বহি পৰা দেখি অদূৰত ৰখি থকা হোটেলৰ  পৰিচাৰক জন আগবাঢ়ি আহিল ।

–“কি আছে ?”– জানিব খুজিলো মই ।

–“যি লাগে চব পাব, চাৰ । মন্দাৰমনিলৈ সকলোৱে দুদিনৰ ছুটী লৈ ফূৰ্তি কৰিবলৈ আহে । আমাৰ হোটেলত সেয়েহে চব মজুত ৰাখো”– সম্পূৰ্ণ আত্মবিশ্বাসেৰে উত্তৰ দিলে পৰিচাৰকজনে ।

–“লগত খাবলৈ….?”

–“এতিয়া সৰু মাছ ভজা লওক, চাৰ । খাই ভাল পাব ।একদম ফ্ৰেছ। দীঘাৰ মোহনাৰ পৰা এই মাত্র আহি পাইছে ।”

সৰু মাছ ভজা এক প্লেটকে আনিব দিলো পৰিচাৰকজনক।

–“মাছ ভজা আহি আছে, চাৰ”– মোৰ টেবিল খনত গিলাচ আৰু পানী যতনাই দিয়াৰ সময়ত পৰিচাৰক জনে কলে ।

নিশা আগবাঢ়িল । দিনৰ ডাৱৰীয়া আকাশ খন লাহে লাহে মুকলি হৈ পৰিল । আকাশ খনলৈ মূৰ তুলি চালো । নিৰ্মল আকাশত জোনবাইটোৱে পূৰ্ণ ৰূপ ধৰি হাহি হাহি স্নিগ্ধ পোহৰ বিলাইছে। জোনৰ পোহৰত ৰহস্যময় ৰূপ ধাৰণ কৰিছে জোৱাৰৰ সময়ত ওফন্দি আহি হোটেলৰ চৌহদত প্ৰবেশ কৰিবৰ উপক্ৰম  কৰা বলিয়া সাগৰ খনে । আজি পূৰ্নিমা হবপায় । সাগৰ খন সেই বাবেহে আৰু বেছি উত্তাল হৈ পৰিছে চাগে ।

সময় গৈ আছে লাহে লাহে । ঢৌ বোৰৰ চিটিকনি আহি মাজে মাজে মোৰ গালে মুখে পৰিছেহি। বৰ ভাল লাগিছে মোৰ । বাহিৰৰ জগত খন হৈ পৰিছে মোৰ বাবে সম্পূৰ্ণ অপ্ৰাসংগিক। মই সকলো পাহৰি গৈছো ।

এখন বেলেগ জগতত প্ৰবেশ কৰিলো মই । এখন সুন্দৰ জগত— যত কেউফালে মাথো সৌন্দৰ্য্যৰ সমাহাৰ। বিশ্ব ব্ৰহ্মান্ডত এতিয়া আছে মাথো সাগৰ খন আৰু তাৰ পাৰত এটা ক্ষুদ্ৰ বিন্দু সম মই । আৰু কোনো নাই।

–“ৰাতি বহুত হল । ভাত নোখোৱা নেকি ? মোৰ হলে বৰ ভোক লাগিছে।”— তৃতীয় কোনোবা এজনৰ কন্ঠস্বৰত ধ্যানভংগ হল মোৰ ।

ঘূৰি চালো মই । পিচফালে ৰৈ আছে এয়া দেখোন শ্ৰীমতী ।

—“ঠিক কথা কৈছা। বৰ ভাল কথা কৈছা। ৰাতি ভাত এসাজ খাবই লাগে । কিন্তু ডাঙৰ কথাটো হল— ভাত এতিয়া পাম কত ?”— অসহায় ভাবে প্ৰশ্ন কৰিলো মই ।

–“উ: কি হলহে আজি তোমাৰ ? বেছিকৈ খালা নেকি ? ভাত ৰুমত দি থোৱাই আছে । অৰ্ডাৰ ময়েই দিছিলো । এতিয়া খাই লও আহা।”

অগত্যা শ্ৰীমতীৰ পিচে পিচে একান্ত বাধ্য ছাত্রৰ দৰে মই খোজ ললো ।

চাওতে চাওতে বয়স মোৰ বহুতেই হল । তিনিকুৰিৰ ওচৰে পাজৰে। দেহত শকতিৰ অভাব হোৱা নাই যদিও আঠু দুটাৰ জোৰ ভালেখিনি কমিল ।

খোজ বোৰ সেই বাবেহে সেই দিনা অলপ থৰক বৰক হৈছিল হবলা ।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: ভাৰকালামন্ডাৰমণি
Editor

Editor

Related Posts

bihu2
ASSAMESE SECTION

ব’হাগ আৰু অসমৰ অৰ্থনীতি

by Dhrupadi Bezbarua
May 8, 2026
0

ব’হাগ আৰু অসমৰ অৰ্থনীতি ধ্ৰুপদী বেজবৰুৱা ব’হাগ অসমীয়াৰ প্ৰাণৰ মাহ , অসমীয়াৰ সাহৰ মাহ ৷ বছৰটো বাগৰাৰ লগে লগে ধনে-ধানে ,...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

পেৰাফিলিয়া : যৌন আকৰ্ষণ আৰু বিকাৰ

May 2, 2026
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

May 2, 2026
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

April 23, 2026
ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিত – ১

ইংৰাজী উচ্চাৰণৰ বিষয়ে যৎকিঞ্চিত – ১

April 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 10, 2026
Preserving Deepor Beel

দীপৰ বিলৰ নীৰৱ বিননি আৰু উন্নয়নৰ কুঠাৰঘাত : “তহঁতে মোক মাৰি পেলালি”

May 10, 2026
Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

May 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    31925 shares
    Share 12770 Tweet 7981
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13729 shares
    Share 5492 Tweet 3432
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    168 shares
    Share 67 Tweet 42
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3702 shares
    Share 1481 Tweet 926
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6509 shares
    Share 2604 Tweet 1627
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    911 shares
    Share 364 Tweet 228
  • Love in the Age of Ghosting and Situationships

    75 shares
    Share 30 Tweet 19
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    74 shares
    Share 30 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    73 shares
    Share 29 Tweet 18
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    63 shares
    Share 25 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d