মনৰ প্ৰেক্ষাপটত পাঁচ বছৰ উজাই পোৱা এটি স্মৃতি
দিব্যাংশু বৰা

জীৱনৰ যিকোনো মূহুৰ্ততে একোজন লোকৰ মনত ভুমুকি মাৰি তেওঁক আৱেগ, অনুভূতি আৰু নষ্টালজিক কৰি তোলাৰ অদম্য শক্তিৰ অধিকাৰী হৈছে স্মৃতি। বহু বছৰ আগতে ঘটা এটি ঘটনাই স্মৃতিৰ ছদ্মবেশত দেখা দি মানুহৰ মনত যিকোনো মূহুৰ্ততে আলোড়ন আৰু কম্পনৰ সৃষ্টি কৰিব পাৰে।
ভাবি আচৰিত লাগে যে দীৰ্ঘদিন ধৰি পাহৰণিৰ দুৱাৰদলিত ৰৈ থকা এটি ঘটনাৰ স্মৃতিয়ে অকস্মাতে মনৰ প্ৰেক্ষাপটত দেখা দি সেই ঘটনাক পুনৰ উজ্জীৱিত কৰি তোলে। তাৰোপৰি, কিছুমান স্মৃতিয়ে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে মাজে সময়ে দেখা দিয়া কোনো লগৰীৰ দৰে আমাৰ জীৱনৰ সংগী হৈ পৰে।

এনে এটি মধুৰ স্মৃতিৰ বিষয়ে মই আলোচনা কৰিবলৈ বিচাৰিছোঁ। উক্ত স্মৃতিৰ সময়কাল আছিল বৰ্তমানৰ পৰা পাঁচ বছৰ আগত অৰ্থাৎ ২০২০ চনৰ ফেব্ৰুৱাৰীত। ২০২০ চনৰ পৰা সুদীৰ্ঘ পাঁচটা বছৰ অতিবাহিত হোৱাৰ স্বত্তেও এই স্মৃতি মোৰ মনত চিৰসেউজ হৈ আছে আৰু মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
সঠিকভাৱে ক’বলৈ গ’লে লেখাটো লিখাৰ পাঁচ বছৰ পূৰ্বে অৰ্থাৎ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে আগতে কেতিয়াও গৈ নোপোৱা এখন বিদ্যালয়ৰ গেটৰ সন্মুখত থিয় হৈছিলো এটা পৰীক্ষাৰ সন্মুখীন হোৱাৰ উপলক্ষে। জীৱনৰ সেই প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা যাৰ ফলাফলে মোৰ ছাত্ৰ জীৱনৰ অনাগত দিনবোৰত মই ল’বলগীয়া সিদ্ধান্তবোৰৰ এক পথপ্ৰদৰ্শক ৰূপে পৰিচিত, যাৰ নাম হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLC।
এই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ আৰম্ভণি হিচাপে পৰিলক্ষিত সেই বিশেষ দিনটোৱে সমগ্ৰ অসমতে খলকনিৰ সৃষ্টি কৰিছিল। সেই বিশেষ দিনটোত পৰীক্ষাৰ্থীসকলৰ তুলনাত তেওঁলোকৰ পৰিয়ালবৰ্গৰ মানসিক চাপ কোনো গুণেই কম নহয় আৰু মোৰ ক্ষেত্ৰতো মই সেই একেটা পৰিস্থিতিৰ উমান পাইছিলোঁ। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ৩০ মিনিট পূৰ্বে অৰ্থাৎ পুৱা ৮:৩০ ত বিদ্যালয়খনৰ গেটখনৰ সন্মুখত ৰৈ আছিলোঁ।
মোৰ মনোবল অটুট ৰাখিবলৈ মোৰ কাষতে থিয় হৈ আছিল মোৰ মা আৰু মানুহৰ মাজত ঠেলা–হেঁচাৰ সৃষ্টি নহ’বলৈ মই চকুৰে দেখা পোৱাকৈ অলপমান দূৰত থিয় হৈ আছিল মোৰ কণমানি ভাতৃৰ সৈতে মোৰ দেউতা। সঁচা কথা ক’বলৈ গ’লে সেইদিনাই মোৰ ছাত্ৰ জীৱনত পোনপ্ৰথমবাৰৰ বাবে কোনো পৰীক্ষাৰ উদ্দেশ্যে ইমানবোৰ ছাত্ৰ–ছাত্ৰীৰ সমাগম দেখিবলৈ পাইছিলোঁ।
শুভাকাংক্ষীসকলৰ শুভেচ্ছা আৰু মৰমে সেই সময়ত মোৰ মনত উদয় হোৱা ভয় আৰু সংশয় ভাবক পাৰ্য্যমানে হ্ৰাস কৰিবলৈ সক্ষম হৈছিল। প্ৰায় ১৫ মিনিটৰ পিছত অৰ্থাৎ ৮:৪৫ ত বিদ্যালয়ৰ কৰ্তৃপক্ষই গেটখন খুলি দিয়াত লাহে লাহে সকলো ছাত্ৰ–ছাত্ৰীৰ সৈতে বিদ্যালয়ৰ ভিতৰলৈ আগবাঢ়িব ধৰিলোঁ। বিদ্যালয়খনৰ ভিতৰলৈ সোমায়েই ভালদৰে প্ৰত্যক্ষ কৰিলোঁ যে বিদ্যালয়খন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ। চৌদিশে কেৱল গছ।
মোৰ মনটো সুখ আৰু আনন্দেৰে উপচি পৰিল কাৰণ মই সেই সময়ত পঢ়ি থকা বিদ্যালয়খনৰ নিৰাসক্ত পৰিৱেশ, য’ত কেৱল পঢ়াৰ বাহিৰে আন একো নাছিল তাৰ বিপৰীতে এই বিদ্যালয়খনৰ পৰিৱেশ আছিল বেচ আকৰ্ষণীয় আৰু উৎসাহজনক। অলপপৰ প্ৰত্যক্ষ কৰি পৰীক্ষাৰ বাবে মোক নিৰ্ধাৰিত কৰি দিয়া শ্ৰেণীকোঠালৈ আগবাঢ়িলোঁ আৰু মোক নিৰ্ধাৰিত কৰি দিয়া আসনত বহিলোঁ।

অলপ সময়ৰ পিছত শ্ৰেণীকোঠাটোৰ পৰা বাহিৰলৈ ওলাই গৈ আন এখন বিদ্যালয়ৰ মোৰ ভাল বন্ধু কেইজনমানেও সেই একেখন বিদ্যালয়ত পৰীক্ষা দিবলৈ অহাত তেওঁলোকক দেখি বাৰুকৈয়ে আনন্দিত হ’লো।
তাৰোপৰি দুজনমানে আকৌ মোৰ সৈতে একেটা শ্ৰেণীকোঠাত পৰীক্ষা দিবলৈ নিৰ্ধাৰিত হৈছিল বুলি গম পাই মোৰ সুখ আৰু আনন্দৰ কোনো সীমা নোহোৱা হৈছিল।
মোৰ মনতে ভাব হৈছিল, “ৱাহ, আৰু কি লাগে! এখন মনোমোহা বিদ্যালয়ত নিজৰ প্ৰিয় বন্ধুবৰ্গৰ সৈতে নিজৰ প্ৰিয় বিষয় (ইংৰাজী) ৰ পৰীক্ষা দিয়াৰ সৌভাগ্য আছে কেইজনৰ?”
জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষাত ভগৱানেও যেন মোৰ পক্ষে সহানুভূতিৰ ভাব প্ৰকট কৰিছিল। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ১০ মিনিটৰ আগতে পুনৰ নিৰ্ধাৰিত আহল-বহল আৰু ধুনীয়া শ্ৰেণীকোঠালৈ উভতি আহিলোঁ।
ইতিমধ্যে শ্ৰেণীকোঠাত প্ৰায় সকলো ছাত্ৰ–ছাত্ৰী উপস্থিত হৈছিল। মোৰ আশে-পাশে বহা এজনক বাদ দি আটাইকেইজনেই আছিল মোৰ সম্পূৰ্ণ অচিনাকি, কিন্তু তেওঁলোকৰ নম্ৰ আৰু ভদ্ৰ ব্যৱহাৰৰ ফলত তেওঁলোকৰ সৈতে একধৰণৰ আত্মীয়তাৰ ভাব গঢ় লৈ উঠিছিল।

পৰীক্ষা আৰম্ভ হোৱাৰ পাঁচ মিনিটৰ আগত দুজন শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰী শ্ৰেণীকোঠালৈ সোমাই আহে আৰু তেওঁলোকৰ সহজ-সৰল আৰু নম্ৰ ব্যৱহাৰে মোৰ সেইদিনাৰ পৰীক্ষাৰ প্ৰতি থকা সংশয় আৰু ভয়ক প্ৰায় নিঃশেষ কৰি পেলায়।
তাৰ পিছত তিনিগৰাকী শিক্ষকৰ তত্বাৱধানত ৯ বজাৰ পৰা পৰীক্ষা সুকলমে আৰম্ভ হয়।
সেইদিনা কিয় জানো মই সেই সময়ত পঢ়ি থকা বিদ্যালয়খনতকৈ পৰীক্ষা দিবলৈ অহা বিদ্যালয়খন বেছি আপোন যেন লাগিছিল।
বি.দ্ৰ: লেখাটো লিখাৰ দিনা অৰ্থাৎ ১০ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে ৰাতিপুৱা কিবা এটা বিশেষ কামৰ বাবে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া বিদ্যালয়খনৰ সন্মুখেৰে যাওঁতে সেই পাঁচ বছৰ আগৰ মধুৰ স্মৃতি মনত ভুমুকি মৰাত এই লেখাৰ সৃষ্টি হয়। আমাৰ এই লেখাৰ অভিজ্ঞতাৰ সৈতে আন বহুতৰ সাদৃশ্য থকাটোৱে স্বাভাৱিক।
দিব্যাংশু বৰা,ইংৰাজী বিভাগ, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়,নগাঁও,অসম
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.