• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

মমতাৰ বিষ

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
June 11, 2023
in Opinion, Education, Lifestyle
Reading Time: 4 mins read
0
মমতাৰ বিষ
Share on FacebookShare on TwitterShare on LinkedIn

মমতাৰ বিষ

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Nath
সঞ্জীৱ কুমাৰ নাথ

হিন্দী লেখক বিষ্ণু প্রভাকৰৰ এখন একাংকিকা “মমতা কা ৱিষ” (মমতাৰ বিষ)ত মহাবিদ্যালয়ত পঢ়িবলৈ যাব বিচৰা আৰু পিছত ডাক্তৰ হ’ব খোজা এটা ল’ৰা সুশীলৰ কাহিনী দেখুওৱা হৈছে।

সুশীলৰ বাৰে বাৰে জ্বৰ উঠে। ডাক্তৰে চাই ঔষধ পাতি দিয়াৰ পিছতো কিন্তু সুশীলৰ গা ভাল নহয়। ডাক্তৰৰ সন্দেহ হয় যে ঘৰতে কিবা এটা গণ্ডগোল হৈছে। সেইবাবে ডাক্তৰ আৰু সুশীলৰ দেউতাকে চোৰাংচোৱাৰ দ’ৰে লুকাই থাকি সুশীলৰ কোঠালৈ কোন আহে যায় বা তাত কি কি হয় চাই থাকিবলৈ ল’লে।

তেওঁলোকে দেখে যে মাজৰাতি এটা ছাঁয়া মুর্ত্তি আহি সুশীলৰ কোঠাৰ খিৰিকী খুলি ঠাণ্ডা বতাহ সোমাই আহিবলৈ দি, সুশীলৰ গাৰ কাপোৰ আঁতৰাই দি, মেজত থোৱা ঔষধৰ বটলৰ পৰা ঔষধ পেলাই দি তাত পানী ভৰাই দিয়ে। সুশীলৰ কোঠালৈ সোমাইগৈ দেউতাক আৰু ডাক্তৰে আচৰিত হৈ প্রত্যক্ষ কৰে যে সেই ছাঁয়া মুর্ত্তি আন কোনো নহয়, সুশীলৰ মাক।

“এই একাংকিকাৰ কাহিনী পঢ়িছিলো বহু দশক আগতে, স্কুলত থাকোতে, আৰু তেতিয়া ভাবিছিলো যে এনেকুৱা মাক ক’তো থাকিব নোৱাৰে, যে একাংকিকা খনৰ কাহিনীৰ সৈতে বাস্তৱৰ কোনো সম্বন্ধ নাই। কিন্তু এতিয়া যেনিয়ে চাওঁ তেনিয়ে তেওঁৰ দৰে মাক-দেউতাকেই দেখিবলৈ পাওঁ : মাক-দেউতাক যি নিজে নিজৰ সন্তানক ধ্বংসৰ বাটলৈ ঠেলি দিয়ে, মাক-দেউতাক যি ধ্বংসৰ বাটত খোজ দিয়া সন্তানক ঘুৰাই অনাৰ সৎ সাহস কণ হেৰুৱাই পেলাইছে। ভয়াতুৰ পিতৃ-মাতৃ। সুশীলৰ মাক মানসিক ভাবে সুস্থ নহয়। তেওঁৰ মনস্তাত্ত্বিক বুজনি আৰু ঔষধৰ প্রয়োজন আছে। কিন্তু তেওঁৰ দৰে অসুস্থ নহ’লেও, সম্পূর্ণ সুস্থ, সাধাৰণ মাক-দেউতাকেও ল’ৰা-ছোৱালীক কিদৰে মমতাৰ বিষ খুৱাব পাৰে তাকে কব খুজিছোঁ।”

স্বাধীনতা সংগ্রামৰ পটভূমিত ৰচিত এই একাংকিকাত সুশীলৰ ককায়েক-ভায়েক বোৰৰ কোনোৱে দেশ-সেৱাত নিজকে উৎসর্গ কৰি ঘৰ এৰিলে, কোনোৱে ধন ঘটিবলৈ দূৰ দেশলৈ গ’লগৈ। একমাত্র সুশীলহে মাক-দেউতাকৰ সৈতে আছিল, আৰু সিও এতিয়া মহাবিদ্যালয়ত পঢ়িবলৈ আৰু চিকিৎসা-শাস্ত্র পঢ়িবলৈ ঘৰ এৰিব খোজা দেখি মাকে অন্তত: এটা ল’ৰাক নিজৰ কাষৰ পৰা যাবলৈ নিদিওঁ বুলি সুশীলৰ জ্বৰ ভাল নোহোৱাৰ ব্যৱস্থা কৰি আছিল।

RelatedPosts

Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026

শেষত ডাক্তৰে সুশীল আৰু তাৰ মাক দুয়োৰে বাবে ঔষধৰ ব্যৱস্থা কৰে।

মমতাৰ বিষ
মমতা কা ৱিষ : স্বাধীনতা সংগ্রামৰ পটভূমিত ৰচিত একাংকিকা

সুশীলৰ মাকৰ মমতাই বিষৰ ৰূপ ধাৰণ কৰিছিল। পুত্রৰ প্রতি অত্যাধিক মমতাৰ বাবে তেওঁ এক প্রকাৰে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল, আৰু সুশীলক ৰোগী কৰি হ’লেও নিজৰ সৈতে ৰাখিবলৈ চেষ্টা কৰিছিল। তেনে কৰাৰ ফলত যে সুশীলৰ মৃত্যুও হ’বগৈ পাৰে, তেওঁ বুজা নাছিল।

এই একাংকিকাৰ কাহিনী পঢ়িছিলো বহু দশক আগতে, স্কুলত থাকোতে, আৰু তেতিয়া ভাবিছিলো যে এনেকুৱা মাক ক’তো থাকিব নোৱাৰে, যে একাংকিকা খনৰ কাহিনীৰ সৈতে বাস্তৱৰ কোনো সম্বন্ধ নাই।

কিন্তু এতিয়া যেনিয়ে চাওঁ তেনিয়ে তেওঁৰ দৰে মাক-দেউতাকেই দেখিবলৈ পাওঁ : মাক-দেউতাক যি নিজে নিজৰ সন্তানক ধ্বংসৰ বাটলৈ ঠেলি দিয়ে, মাক-দেউতাক যি ধ্বংসৰ বাটত খোজ দিয়া সন্তানক ঘুৰাই অনাৰ সৎ সাহস কণ হেৰুৱাই পেলাইছে। ভয়াতুৰ পিতৃ-মাতৃ।

মমতাৰ বিষ

সুশীলৰ মাক মানসিক ভাবে সুস্থ নহয়। তেওঁৰ মনস্তাত্ত্বিক বুজনি আৰু ঔষধৰ প্রয়োজন আছে। কিন্তু তেওঁৰ দৰে অসুস্থ নহ’লেও, সম্পূর্ণ সুস্থ, সাধাৰণ মাক-দেউতাকেও ল’ৰা-ছোৱালীক কিদৰে মমতাৰ বিষ খুৱাব পাৰে তাকে কব খুজিছোঁ।

এনে দিনো আছিল যেতিয়া বহুতো ল’ৰা-ছোৱালীয়ে মাক-দেউতাকলৈ ভয় কৰিছিল। সেই দিন আৰু নাই। এতিয়া মাক-দেউতাকে ল’ৰা-ছোৱালীৰ “কিবা জগৰ লগালো নেকি” বুলি ভয় কৰি থাকে। অতি কঠোৰ শাসন কৰা পিতৃ-মাতৃ ভাল অবিভাৱক আছিল বুলি ক’ব খোজা নাই। দেউতাকৰ মাত শুনিলেই ভয়ত কঁপিবলগীয়া হোৱা অৱস্থাক ঠিক বুলি ক’ব খোজা নাই।

কিন্তু মাক-দেউতাকৰ প্রতি মৰমৰ লগতে এক প্রকাৰৰ শ্রদ্ধা মিশ্রিত ভয় ল’ৰা-ছোৱালীৰ মনত থকা উচিত। তেওঁলোকৰ মনত তেনেকুৱা ভয়-শ্রদ্ধাৰ সৃষ্টি হ’বলৈ তেওঁলোকে সময়মতে মাক-দেউতাকৰ “শাসন”ৰ সন্মূখীন হ’ব লাগিব। যদি কোনো শাসন নাই, কেৱল মৰমহে আছে, তেনেহ’লে সেই মৰমত মমতাৰ বিষ আছে।

শৈশৱৰ পিছত যে কৈশোৰ আৰু যৌৱন আহে, এতিয়াৰ মাক-দেইতাক বহুতে গমেই নাপায়। ফলত পাঁচ বছৰীয়া শিশু হৈ থাকোতে পুত্র বা পুত্রীৰ প্রতি যি মৰম-আবদাৰ আছিল, পোন্ধৰ বছৰীয়া কিশোৰেও সেই একেই মৰম-আবদাৰ পায়। মৰম কৰিব নালাগে বুলি কব খোজা নাই। কিন্তু মমতাৰ বিষ ধালিব নালাগে বুলি কব খুজিছোঁ।

মমতাৰ বিষ

পোন্ধৰ বছৰীয়া ল’ৰাটোৱে বিচাৰিলে বাবেই মটৰ চাইকেল আনি দিয়া মানে মমতাৰ বিষ ধলা, কৈশোৰ পাৰ নহওঁতেই (কিছুমান ক্ষেত্রত শৈশৱ পাৰ নহওঁতেই) mobile addict হবলৈ এৰি দিয়া মানে মমতাৰ বিষ ধলা, ক’লৈ যায় স্পষ্টকৈ নোকোৱাকৈ, যেতিয়া মন যায় যিমান সময়ৰ বাবে মন যায় ওলায় যাবলৈ দিয়া মানে মমতাৰ বিষ ধলা, ল’ৰা-ছোৱালীক কুসঙ্গত পৰা দেখিও নেদেখা ভাও ধৰা মানে মমতাৰ বিষ ধলা, সিহঁতে কেতিয়া খায়, কেতিয়া শোৱে, কেতিয়া উঠে খবৰ নৰখা মানে মমতাৰ বিষ ধলা ….. কৈ শেষ কৰিব নোৱাৰি, কিন্তু মমতাৰ বিষ ধলা কামটো কৰা সকলে নিজেই জানে তেওঁলোকে কেনেকৈ নিজৰ ল’ৰা ছোৱালীক ধ্বংস হ’বলৈ এৰি দিছে।

“এনে দিনো আছিল যেতিয়া বহুতো ল’ৰা-ছোৱালীয়ে মাক-দেউতাকলৈ ভয় কৰিছিল। সেই দিন আৰু নাই। এতিয়া মাক-দেউতাকে ল’ৰা-ছোৱালীৰ “কিবা জগৰ লগালো নেকি” বুলি ভয় কৰি থাকে। অতি কঠোৰ শাসন কৰা পিতৃ-মাতৃ ভাল অবিভাৱক আছিল বুলি ক’ব খোজা নাই। দেউতাকৰ মাত শুনিলেই ভয়ত কঁপিবলগীয়া হোৱা অৱস্থাক ঠিক বুলি ক’ব খোজা নাই। কিন্তু মাক-দেউতাকৰ প্রতি মৰমৰ লগতে এক প্রকাৰৰ শ্রদ্ধা মিশ্রিত ভয় ল’ৰা-ছোৱালীৰ মনত থকা উচিত। তেওঁলোকৰ মনত তেনেকুৱা ভয়-শ্রদ্ধাৰ সৃষ্টি হ’বলৈ তেওঁলোকে সময়মতে মাক-দেউতাকৰ “শাসন”ৰ সন্মূখীন হ’ব লাগিব। যদি কোনো শাসন নাই, কেৱল মৰমহে আছে, তেনেহ’লে সেই মৰমত মমতাৰ বিষ আছে।”

সাধাৰণতে তেওঁলোকক তেওঁলোকৰ ল’ৰা-ছোৱালীৰ বিষয়ে কিবা সুধিলে কথোপকথন এই ধৰণৰ হয় :

“ল’ৰাটো ঘৰত আছে নে?”

“নাই। ৰাতিপুৱাই লগৰ এটাৰ লগত ওলাই গ’ল। ক’লৈ গৈছে জানো!”

“ছোৱালী জনী ক’ত?”

“আছে, ৰ’ব। অ’ মাজনী, চাওঁ আহচোন এইফালে…..নোলায়েই নহয় ৰুমৰ পৰা…..মোবাইলটোকে লৈ কিবা কিবি কৰি থাকে”।

মমতাৰ বিষ

সাধাৰণতে দেখা যায় যে কিছু পৰিমাণে আর্থিক টনাটনিৰ মাজতো ভালেমান ল’ৰা-ছোৱালীয়ে পৰীক্ষাত ভাল ফল পাবলৈ, ভাল চাকৰি পাবলৈ বা অর্থপূর্ণ ভাবে স্বনির্ভৰশীল হ’বলৈ সক্ষম হয়।

আৰু তাৰ বিপৰীতে আর্থিকভাবে স্বচ্ছল অনেক মানুহৰ ল’ৰা-ছোৱালীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে, বা তেওঁলোকক বৰ ঠেলি হেঁচি থাকিলেহে পঢ়া-শুনা কৰে।

অভাৱৰ সৈতে যুঁজাৰ ফলত চৰিত্র নির্মাণ হয় আৰ যিকন সুবিধা আছে তাৰ সম্পূর্ণ ব্যৱহাৰ কৰাৰ মানসিকতা গঢ়ি উঠে। তাৰ বিপৰীতে, সহজে সকলো পোৱা জনে কষ্টৰ মূল্য বুজিবলৈ সুবিধা নাপায়, আৰু মনত কৃতজ্ঞতাৰ ভাবো নাথাকে।

বহুত বছৰ আগতে পঢ়া কথা এটা –- এতিয়া আটাইবোৰ খুটি-নাতি মনত নাই—হলিউডৰ এজন নামকৰা অভিনেতাক তেওঁৰ ল’ৰাই এখন বিলাসী বাহন বিচাৰিছিল; দেউতাকে ক’লে যে “বোপাই, মই মোৰ প্রথম গাড়ীখন মোৰ নিজৰ পইছাৰেই কিনিছিলো। তুমি প্রথমে নিজে এখন সাধাৰণ গাড়ী কিনি দেখুওৱা। তেতিয়া মই তোমাক যেনেকুৱা বিলাসী বাহন লাগে, কিনি দিম”।

আমাৰ ধনী পিতৃ-মাতৃৰতো কথাই নাই—ল’ৰা-ছোৱালীক যি লাগে দিয়েই—সাধাৰণ মধ্য বিত্ত শ্রেণীৰ পিতৃ-মাতৃয়েও, বহুত কষ্ট কৰি হ’লেও, ল’ৰা-ছোৱালীয়ে যি বিচাৰে দিবলৈ আপ্রাণ চেষ্টা কৰে। তাৰ ফলত তেওঁলোকৰ ল’ৰা ছোৱালীয়ে যে তেওঁলোকৰ ওচৰত চিৰ-কৃতজ্ঞ হৈ থাকিব, তেনে নহয়। বৰঞ্চ যিমানে সহজে বিচৰা বস্তু পায়, সিমানে তেওঁলোকৰ মনত দৃঢ় হয় এটা ভাৱ -– যে তেওঁলোক সকলো মৰম-চেনেহ আৰু দামী উপহাৰ পাবৰ বাবে আছে, আৰু তেওঁলোকৰ মা-দেউতাক আছে তেওঁলোকক সেইবোৰ দিবলৈ। তেওঁলোকৰ নিজৰ কোনো দায়বদ্ধতা নাই আৰু সেই উপহাৰ বোৰ পাবলৈ তেওঁলোকৰ কোনোধৰণৰ “যোগ্যতা”ৰ প্রয়োজন নাই। তেওঁলোক অমুক-অমুকৰ ল’ৰা-ছোৱালী – সিমানেই যোগ্যতা।

মমতাৰ বিষ

“শৈশৱৰ পিছত যে কৈশোৰ আৰু যৌৱন আহে, এতিয়াৰ মাক-দেইতাক বহুতে গমেই নাপায়। ফলত পাঁচ বছৰীয়া শিশু হৈ থাকোতে পুত্র বা পুত্রীৰ প্রতি যি মৰম-আবদাৰ আছিল, পোন্ধৰ বছৰীয়া কিশোৰেও সেই একেই মৰম-আবদাৰ পায়। মৰম কৰিব নালাগে বুলি কব খোজা নাই। কিন্তু মমতাৰ বিষ ধালিব নালাগে বুলি কব খুজিছোঁ। পোন্ধৰ বছৰীয়া ল’ৰাটোৱে বিচাৰিলে বাবেই মটৰ চাইকেল আনি দিয়া মানে মমতাৰ বিষ ধলা, কৈশোৰ পাৰ নহওঁতেই (কিছুমান ক্ষেত্রত শৈশৱ পাৰ নহওঁতেই) mobile addict হবলৈ এৰি দিয়া মানে মমতাৰ বিষ ধলা, ক’লৈ যায় স্পষ্টকৈ নোকোৱাকৈ, যেতিয়া মন যায় যিমান সময়ৰ বাবে মন যায় ওলায় যাবলৈ দিয়া মানে মমতাৰ বিষ ধলা, ল’ৰা-ছোৱালীক কুসঙ্গত পৰা দেখিও নেদেখা ভাও ধৰা মানে মমতাৰ বিষ ধলা, সিহঁতে কেতিয়া খায়, কেতিয়া শোৱে, কেতিয়া উঠে খবৰ নৰখা মানে মমতাৰ বিষ ধলা ….. কৈ শেষ কৰিব নোৱাৰি, কিন্তু মমতাৰ বিষ ধলা কামটো কৰা সকলে নিজেই জানে তেওঁলোকে কেনেকৈ নিজৰ ল’ৰা ছোৱালীক ধ্বংস হ’বলৈ এৰি দিছে।”

ইংৰাজী সাহিত্যিক চার্লয দিকেন্সৰ শৈশৱ আছিল কষ্টকৰ। কোৱা যায় যে লেখক হিচাবে সুনাম কঢ়িয়াই, ধনী হোৱাৰ পিছত তেওঁ হাতত পিন্ধা দামী আঙুঠি এক প্রকাৰে প্রদর্শন কৰিছিল। তেওঁৰ অবচেতনত যেন এক ভয় – কোনোৱে তেওঁক দুখীয়া বুলি নাভাবেতো! দুর্ভাগ্যবশত: প্রায় তেনেকুৱা এটা মনোবৃত্তি আজিৰ এচাম মাক-দেউতাকৰ মাজত দেখা যায়।

তেওঁলোকে নিজে কষ্ট কৰি পঢ়িলে, কাম কৰিলে, ধন-সম্পত্তি ও ঘটিলে, কিন্তু সেই কষ্ট কেনেবাকৈ ল’ৰা-ছোৱালীয়ে পাব বুলি অবচেতনত এটা ভয় থাকে। ফলত তেওঁলোকে দৰকাৰতকৈ বেছিকৈ মৰম কৰে – মমতাৰ বিষ ধালি দিয়ে। তেওঁলোকে পাহৰি পেলায় যে এটা পৰিমাণৰ কষ্ট চৰিত্র-গঠনৰ আহিলাহে, যে তেওঁলোকে নিজে সেই আহিলা ব্যৱহাৰ কৰিয়েই কৃতকার্য হৈছে।

নিজৰ ল’ৰা-ছোৱালীক সকলো ধৰণৰ ৰক্ষণাবেক্ষণ দি, কোনো ধৰণৰ কাম-বন কৰিবলৈ নিদি, কোনো দায়িত্ব নিদিয়াকৈ, খুব বেছি আবদাৰেৰে ডাঙৰ কৰি সিহঁতক সোৰোপা, অকামিলা, সোপাঢিলা, চৰিত্রহীন কৰি পেলায়। কোনো বেলেগ বিষ পান কৰিব নালাগে আৰু সিহঁতে। নিজৰ পিতৃ-মাতৃয়েই সিহঁতক অপদার্থ কৰি পেলায়।

মমতাৰ বিষ

বহুত বছৰ আগতে মধ্য প্রদেশৰ এখন ডাঙৰ আবাসিক স্কুলৰ বর্ডিং হাউছৰ মুৰব্বীজন (হাউছ মাষ্টাৰ) আমাৰ সেই বৃহৎ বর্ডিং হাউছৰ এটা অংশত তেওঁৰ পত্নীৰ সৈতে আছিল। বৰ কঠোৰ “শাসক” আছিল তেওঁ। ৰাতি দহ বজাত শোৱাৰ সময়ত শুবলৈ নগলে লাইব্রেৰীত বহি পঢ়িব, লিখিব পাৰি, কিন্তু তাৰ বাহিৰে অন্য কোনো কাম কৰিব নোৱাৰি, ক’লৈকো যাব নোৱাৰি।

পুৱা “এছেম্বলী”ত সকলোৰে সাজপাৰ, জোতা, নখ, চুলি চোৱা হয়। দীঘল নখ, চুলি, লেতেৰা কাপোৰ, জোতাৰ কোনো স্থান নাই। নিয়ম নমনা সকলে লগে লগে শাস্তি পাইছিল।

মাৰ ধৰ নহয়, কিন্তু জোতাযোৰ চিকচিকিয়াকৈ চাফা নেদেখিলে তেতিয়াই তেওঁৰ চকুৰ আগতে চাফা কৰিব লাগিব, কাপোৰ লেতেৰা বা জধলা হ’লে সলাব লাগিব, নখ কাটিবলগীয়া বা নাপিতৰ ওচৰলৈ বহিবলগীয়া হ’ব পাৰে।

মমতাৰ বিষ

তেতিয়া তাত থাকোঁতে তেওঁক বৰ ভাল পোৱা নাছিলো। কিন্তু এতিয়া নিজে বৃদ্ধাৱস্থাৰ দুৱাৰদলিত থিয় হৈ মই নিশ্চিতকৈ কব পাৰোঁ যে ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা গৈ তাত থকা ইমান বোৰ খটাসুৰক মানুহ হ’বলৈ শিকোৱা আমাৰ সেই হাউছ মাষ্টাৰ জন প্রকৃততে বৰ ভাল অভিভাৱক আছিল।

খটাসুৰ হঁতে পঢ়া-শুনা, খেলা-ধুলা সকলো ভাল দৰে কৰিব পাৰিছিল, কিন্তু উৎপাত, অত্যাচাৰ কৰিব নোৱাৰিছিল। আমাৰ পিতৃ-মাতৃ সকলো তেওঁৰ দৰে অভিভাৱক হোৱা হ’লে ভাল আছিল।

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Intersectionality and the Spectrum of Autonomy !
Women

Intersectionality and the Spectrum of Autonomy !

by Dikumoni Hazarika
March 7, 2026
0

Intersectionality and the Spectrum of Autonomy ! Dikumoni Hazarika I’m not well-versed in feminist theory; I am just sharing what...

Read moreDetails
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

Rural Waste Management: The Silent Challenge in India’s Sustainability Journey

March 3, 2026
Can India Become a Developed Nation Without Health Literacy by 2047?

Can India Become a Developed Nation Without Health Literacy by 2047?

March 2, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

February 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d