• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?

অৰবিন্দ ৰাভা

by Anjan Sarma
May 14, 2022
in Politics
Reading Time: 2 mins read
0
ময়েই প্ৰধানমন্ত্ৰী তৃতীয়বাৰোঃ খানাপাৰাৰ ‘ভুল’ৰ উত্তৰ দিলে নেকি মোডীয়ে?
Share on FacebookShare on TwitterShare on LinkedIn

ময়েই প্ৰধানমন্ত্ৰী

অৰবিন্দ ৰাভা

অসমৰ সোণোৱালী সময়ৰ মন্ত্ৰী পল্লৱ লোচন দাসে ‘অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সময়তে’ই ‘ভুল‘তে ৰাজহুৱা সভাত ‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা’ বুলি উল্লেখ কৰিছিল! হয়তো কোনোবা জ্যোতিষীৰ প্ৰৱল প্ৰভাৱত সন্মোহিত হৈ পল্লৱ লোচন দাসৰ শ্ৰীমুখেৰে তেনে ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ নিৰ্গত হৈছিল। পিছলৈ দেখা গ’ল যে সেই ‘ভৱিষ্যত বাণী’ কিম্বা ‘ভুল’ দিঠকত পৰিণত হ’ল।

একেই ধৰণৰ ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ এইবেলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কৰিলে। তেওঁ নেদেখাজনৰ দৈৱবাণী লাভ কৰি সন্মোহিত হৈ আহ্লাদময় আবেগবিভোৰ কন্ঠৰে ‘ভৱিষ্যত বাণী’ কৰিলে নে ‘ভুল’তেই ক’লে – সেয়া সাধাৰণ নৰমনিচৰ বোধগম্য হোৱাটো দুৰুহ কৰ্ম যদিও তেওঁ যি শব্দব্ৰহ্ম প্ৰয়োগ কৰি অমিত শ্বাহক ‘প্ৰধানমন্ত্ৰী‘ আৰু নৰেন্দ্ৰ মোদীক ‘গৃহমন্ত্ৰী‘ বুলি ঘোষণা কৰিলে – তাৰেই পটভূমিত বু বু বা বা হ’বলৈ আৰম্ভ কৰিছে যে..

RelatedPosts

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026

.. তেওঁক তেনে পল্লৱলোচনীয় ‘ভুল’ কৰিবলৈ ষষ্ঠ ইন্দ্ৰিয়ই প্ৰৰোচিত কৰিছিল নে স্বয়ং অমিত শ্বাহে কথা প্ৰসঙ্গত লাল কৃষ্ণ আদৱানী- মুৰলী মনোহৰ যোশী আদিৰ বয়স হোৱা হেতুকে ‘মাৰ্গদৰ্শক মন্ডলী’ত জিৰণি ল’বলৈ দিয়াৰ বিষয়ে আলোচনা কৰি থাকোতে ‘মোডীজীৰো একেধৰণেই বয়স বাঢ়ি গৈছে, কি বা হয়’ ধৰণৰ কথা উচ্চাৰণ কৰাৰ পটভূমিত ‘নৰেন্দ্ৰ মোদীৰ জীৱনী’ নিলিখি অমিত শ্বাহৰ জীৱনী লেখা জীৱনীকাৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৃষ্টিৰ বাবেই তেনে ‘ভুল’ হ’ল – সেয়া মাৰ্গদৰ্শক মন্ডলীয়ে বা অসমৰ ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰাজেশ গোঁহাই আদিৰ দৰে বিজ্ঞসকলে নিশ্চয় বিচাৰ কৰিব; …

…..কিন্তু হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত তেনে পল্লৱলোচনীয় ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ কৰাৰ এসপ্তাহ নৌ- হওঁতেই যোৱা পৰহি, বৃহস্পতিবাৰে, ১২-০৫-২০২২ তাৰিখে, ভৰুচত, উৎকৰ্ষ সমাৰোহত কেন্দ্ৰীয় চৰকাৰৰ ৪ খন আচঁনিৰ হিতাধিকাৰীক উদ্দেশ্য কৰি দিয়া ভাষণত কিয় এনেদৰে ষ্পষ্ট কৰি দিলে যে তেওঁ তৃতীয়বাৰৰ বাবেও প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ থাকিব!?

amit shah at scz meet
অমিত শ্বাহ

মোডীৰ এনে ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে আৰু ‘কলিয়াবৰত পৈয়েক মৰিল/ঢেকী দিওঁতে মনত পৰিল’ৰ দৰে ‘খানাপাৰাত মাৰিলো টিপা/ ভৰুচ পালেগৈ শিপা‘ৰ দৰেই হৈছে বুলি ভু-ৰখা মহলে বুবু বা বা কৰিছে। তাৰোপৰি অসমৰ প্ৰাক্তন কংগ্ৰেছীসকলে এতিয়া দলে দলে নলবাৰীৰ ৰাস চাবলৈ যোৱাৰ দৰে হেঙেৰাবাৰীলৈ দলে দলে গৈ নেওতা পঢ়ি মূৰত আৰ-এছ-এছৰ টুপী পিন্ধি হঠাৎ মহান হিন্দু হৈ পৰি বিজেপি দলটোক প্ৰাক্তন কংগ্ৰেছীৰ দল হিচাপে পৰিকল্পনা অনুসৰি গঢ়ি লৈ পুৰণি বিজেপি সকলক আগৰ কালৰ লং প্লেয়িং ৰেকৰ্ড সদৃশ কৰি তুলিবলৈ সক্ষম হ’লেও, তেওঁলোকে দশক দশক কংগ্ৰেছত থাকি কি কি কৰ্ম কৰিছিল, মোডীৰ বিষয়ে কি কি কৈছিল – স্বয়ং মোডীয়ে সেইবোৰ পাহৰি যোৱা নাই হেতুকে ভৰুচৰ ৰাজহুৱা সভাত মোডীয়ে ভৰুচৰ সভাত সকলোৱে শুনাকৈ কৈছে -‘ এবাৰ এগৰাকী নেতাই মোক সাক্ষাৎ কৰাৰ সময়ত প্ৰশ্ন কৰিছিল যে দেশৰ জনতাই দুবাৰকৈ আপোনাক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱালে, আপুনি আৰুনো কি বিচাৰে ?’

সেই প্ৰশ্নৰ উত্তৰত মোদীয়ে হেনো কৈছিল যে, ‘তেওঁ কথাষাৰ কওঁতে হয়তো ভাবিছিল যে দুবাৰ প্ৰধানমন্ত্ৰী হোৱাটো এক ডাঙৰ উপলব্ধি আছিল। কিন্তু তেওঁ জনা নাছিল যে এই মোদী অন্য ধাতুৰে গঢ়া। গুজৰাটৰ মাটিয়ে মোডীক আকাৰ দিছে। সেয়ে, এয়াই যথেষ্ট নহয় যে এতিয়া মই আৰাম কৰিব লাগে! যি হৈছে ভাল হৈছে। কিন্তু মোৰ সপোন হৈছে নিজৰ লক্ষ্য ১০০ শতাংশ পূৰণ কৰা।’

প্ৰধানমন্ত্ৰী

হঠাৎ মোডীয়ে কিয় এনেদৰে ক’ব লগীয়া হ’ল?

বহুতেই ক’ব খোজে যে মোডীয়ে ‘ডাঙৰ বিৰোধী নেতা’ শৰদ পাৱাৰৰ কথা কৈছে, কিন্তু বহুতৰ মতে সেয়া হেনো মোডীক লৈ যাতে পুনৰ কোনেও ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ নকৰে, মোডীক যাতে মাৰ্গদৰ্শক মন্ডলীৰ লাল কৃষ্ণ আদৱানী বা মুৰুল মনোহৰ যোশী বুলি কোনেও ভাবি নলয় – সেই সম্পৰ্কে সকিয়নী দি মোডীয়ে তেনেদৰে কৈছে।

তাৰোপৰি, এতিয়া অমিত শ্বাহৰ ভৰিৰ তলৰ কাৰ্পেটখন উত্তৰপ্ৰদেশৰ যোগী আদিত্যনাথে টানি লৈ গৈছে। তাৰেই প্ৰমাণ হিচাপে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবে যোৱাকালি অমিত শ্বাহৰ শৰণাগত হৈ চকুলো টুকি প্ৰাৰ্থনা কৰিলেও অমিত শ্বাহে তেওঁক ৰক্ষা কৰিব নোৱাৰিলে; কাৰণ এতিয়াও শেষ কথা মোডীৰ, আৰু তেওঁৰ পিছত দন্ডায়মান হৈ ৰৈ আছে যোগী আদিত্যনাথ।

শুনামতে, পল্লৱ লোচন দাসৰ উত্ৰাৱলী/সন্মোহিত/নিৰ্দেশিত ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ এতিয়াও সৰ্বানন্দ সোণোৱালে পাহৰি যোৱা নাই আৰু খানাপাৰাৰ ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ৰ সৈতে ‘পল্লৱলোচনীয় ভুল’ৰ চাটনিৰে কোনে কোনসময়ত কিদৰে চকীৰ বাবে উত্ৰাৱল হৈছিল আৰু কিদৰে তেওঁৰ অনুগতসকলে ‘ভুল’ কৰিছিল, সেই সকলোবোৰ পটাত পিহি পিহি সমগ্ৰ ঘটনাৰ বিশ্লেষণ সুন্দৰকৈ ডাঙি ধৰা হৈছে ‘বয়সস্থ হৈ পৰা’ মোডী ডাঙৰীয়াক।

সেইবাবেই হেনো মোডীয়েও ঘোষণা কৰিছে, হয়, ময়েই, ময়েই তৃতীয়বাৰো!

১৪-০৫-২০২২

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next
World

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

by Olha Konsevych
March 3, 2026
0

Putin has already shown what kind of ally he is: why Russia is not saving Iran and what to expect...

Read moreDetails
Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

Trump Confirms: Iran’s Ayatollah Khamenei Killed in Major Strikes

March 1, 2026
Why Did America and Iran Become Enemies? A History of Conflict, Oil, and Revolution

U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

March 1, 2026
Trade is not neutral: why Russia is investing in the International North-South Transport Corridor?

Trade is not neutral: why Russia is investing in the International North-South Transport Corridor?

February 26, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
Environmental Impacts of Electronic Waste & Potential Pathways for its Management

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

March 8, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d