• তনয় চক্ৰৱৰ্তী
চিনেমা বা কল্পবিজ্ঞানৰ দৰে লাগিলেও এতিয়া কিন্তু সচাকৈয়ে বাস্তৱলৈ পৰিৱৰ্তিত হৈছে মহাকাশ পৰ্যটন! মহাকাশলৈ যাবলৈ হ’লে এতিয়া মাত্ৰ টকা খৰচ কৰিলেই হ’ল। এইবছৰৰ জুলাই (২০২১) মাহত মহাকাশ ভ্ৰমণ কৰিছে বিলিয়নিয়াৰ বা ধনকুবেৰ ৰিচাৰ্ড ব্ৰ্যানচন্-এ। তেওঁৰ নিজৰ মহাকাশ-ভ্ৰমণ প্ৰতিষ্ঠান ‘ভাৰ্জিন গেলেক্টিক’ৰ দ্বাৰা বিকশিত ‘ইউনিট-২২’ নামৰ নভোযান বা মহাকাশযানত উঠি মহাকাশ ভ্ৰমণ কৰিছে তেওঁ। তেওঁৰ ভ্ৰমণৰ এসপ্তাহ পিছতেই ‘নিউ শ্বেফাৰ্ড’ মহাকাশযানত বহুৱাই পৰ্যটকক মহাকাশলৈ লৈ গৈছিল ‘ব্লু অৰিজিন’ৰ মূল ব্যক্তি আমাজনৰ জেফ বেজোছ ডাঙৰীয়াই। ভূ-পৃষ্ঠৰ পৰা উলম্বভাৱে ওপৰলৈ গতি কৰি ১০০ কিলোমিটাৰ ওপৰত ‘স্পেছশ্বিপ’ৰ পৰা পৃথক হৈ পৰিছিল যাত্ৰীসকলৰ কেপচুল। তাৰপিছত তিনিটা পেৰাচুটৰ মাধ্যমেৰে এই কেপচুল পৃথিৱীলৈ উভতি আহে।
ভাৰ্জিন গেলেক্টিক-এ ২০২২ চনৰ শেষৰ ফালে মহাকাশলৈ বাণিজ্যিকভাবে যাত্ৰা কৰিবলৈ ইচ্ছুক বুলি ঘোষণা কৰাৰ পিছতেই টিকত বিক্ৰী আৰম্ভ হৈছে। ব্লু-অৰিজিনৰ লগত ভাৰ্জিন গেলেক্টিকৰ মহাকাশ যাত্ৰাৰ ভালেখিনি পাৰ্থক্য আছে। এক বিশাল কেৰিয়াৰ প্লেনত বহুৱাই যাত্ৰীসকলক মহাকাশলৈ লৈ যাব ভাৰ্জিন গেলেক্টিক-এ আৰু ই ‘ৰাণ-ৱে’ৰ পৰা ‘টেক-অফ’ কৰিব। তাৰপিছত ৫০ মাইল বা ততোধিক উচ্চতালৈ উৰাৰ পিছত পুনৰ পৃথিৱীলৈ উভতি আহিব।
২০০৪ চনত ভাৰ্জিন গেলেক্টিক নামৰ প্ৰতিষ্ঠান সৃষ্টি কৰে ৰিচাৰ্ড ব্ৰ্যানচন্-এ। বৰ্তমান ভাৰ্জিন গেলেক্টিক-এ নিজৰ আৰ্থিক বিৱৰণী প্ৰকাশ কৰিছে আৰু দেখা গৈছে যে ৰিচাৰ্ড ব্ৰ্যানচন্-এ মহাকাশৰ পৰা সুকলমে উভতি অহাৰ পিছত ভাৰ্জিন গেলেক্টিক-এ এতিয়ালৈ মহাকাশলৈ যাবলৈ ইচ্ছুক যাত্ৰীক ১০০ টা টিকত বিক্ৰী কৰিছে। মহাকাশ পোৱাৰ পিছত মহাকাশ যানৰ কেইজনমান যাত্ৰীয়ে নিজৰ চিটবেল্ট খুলি কেইমিনিট মানৰ বাবে শূণ্য মাধ্যাকৰ্ষণৰো উপলব্ধি কৰিব পাৰিব বুলি ৰিচাৰ্ড-এ সদৰি কৰিছে। তাৰোপৰি মহাকাশৰ পৰা পৃথিৱীৰ বিনন্দীয়া ৰূপ নিজৰ দুচকুৰে উপভোগ কৰিবলৈও যাত্ৰীসকল সক্ষম হ’ব।
মহাকাশত মহাশূণ্যৰ এই অভিজ্ঞতা লভিবলৈ প্ৰচুৰ পৰিমাণে ডলাৰ তুলি দিব লাগিব ৰিচাৰ্ড ব্ৰ্যানচন্-অৰ প্ৰতিষ্ঠান ‘ভাৰ্জিন গেলেক্টিক’ক। প্ৰতিটো টিকতৰ বৰ্তমান মূল্য হ’ল ৪.৫ লাখ আমেৰিকান ডলাৰ বা ভাৰতৰ টকা অনুসৰি ৩.৫ কোটি টকা। ২০০৫ চনৰ পৰা ২০১৪ চন পৰ্যন্ত ৬০০ জন পৰ্যটকে আগতীয়াকৈ মহাকাশ ভ্ৰমণৰ বাবে ২ লাখ ডলাৰৰ পৰা ২.৫ লাখ ডলাৰ পৰিমাণৰ ধন দি থৈছে আৰু ভাৰ্জিন গেলেক্টিক-অৰ জনৈক মুখপাত্ৰৰ মতে এইপৰ্যন্ত তেওঁলোকৰ কোম্পানীয়ে ৭০০ টিকত বিক্ৰী কৰিছে। এতিয়া আৰু বেছি সময়ৰ প্ৰয়োজন নহ’ব, অহাবছৰৰ শেষৰ ফালে তেওঁলোকৰ আশা পূৰণ হ’ব।
ভাৰ্জিন গেলেক্টিক-অৰ মুখ্য কাৰ্যবাহী বিষয়া মাইকেল কলগ্লাজিয়েৰে এক বিবৃতিৰ দ্বাৰা জনাইছে যে ‘অহা বছৰৰ পৰা বাণিজ্যিক ভাবে মহাকাশ ভ্ৰমণ আৰম্ভ কৰাৰ প্ৰস্তুতি চলিছে। মহাকাশযানৰ স্থায়িত্ব, নিৰ্ভৰযোগ্যতা, পূৰ্বাভাসযোগ্যতা বৃদ্ধি কৰিবলৈ এক সুস্পষ্ট ৰোডমেপসহ মহাকাশযানৰ সংখ্যা বৃদ্ধি কৰাৰ এক ঐতিহাসিক সময়ৰ বোকোচাত আমি প্ৰৱেশ কৰিছো। মহাকাশ ভ্ৰমণৰ চাহিদা খুব ভাল। পৰিকল্পিত সময়ৰ মাজেৰে ভ্ৰমণ আৰম্ভ কৰাৰ আগতেই আমি প্ৰতিখন আহনৰ বাবে টিকত বিক্ৰী আৰম্ভ কৰি দিছো।’
আনহাতে নিজৰ উৰণসূচী ‘ব্লু অৰিজিন’-এও প্ৰকাশ কৰি কৈছে যে এইবছৰ পুনৰ দুটা উৰণৰ পৰিকল্পনা আছে। তাৰপিছত ২০২২ চনৰ পৰা সাধাৰণ পৰ্যটকক মহাকাশযানত বহুৱাই জেফ বেজোছৰ মহাকাশযানে মহাশূণ্যলৈ ঢাপলি মেলিব। ইয়াৰোপৰি ‘ৰিয়েল্টি শ্ব’ত অংশগ্ৰহণ কৰি বিজয়ী হ’লেও মহাকাশলৈ যোৱাৰ টিকত পোৱা যাব বুলি জনোৱা হৈছে তথা সেই মৰ্মেই ‘স্পেছ হিৰো’ নামৰ এক ‘ৰিয়েল্টি টি ভি শ্ব’ আৰম্ভ কৰা হৈছে। শুনা মতে এই শ্ব’ৰ বিজয়ীয়ে ২০২৩ চনত ইন্টাৰনেছনেল স্পেছ ষ্টেচনলৈ যোৱাৰ সুযোগ পাব। এতিয়া ধনকুবেৰ সকলৰ মাজত প্ৰতিযোগিতা চলিছে মহাকাশলৈ যোৱাৰ বাবে।
যিসকলে ইমান ধন ব্যয় কৰিব নোৱাৰে, তেওঁলোকে ১ লাখ ২৫০০০ আমেৰিকান ডলাৰ বা প্ৰায় ১ কোটি টকা ( ভাৰতৰ হিচাবত) খৰচ কৰিলে ‘স্পেছ নেপচুন’ত আসনৰ সুবিধা পাব আৰু এই বুকিং চলি আছে। এখন ফুটবল খেলপথাৰৰ আকাৰৰ বেলুনক বহুত উচ্চতালৈ নি ৩৬০° ‘ভিউ’ প্ৰদৰ্শন কৰিব এই বেলুনে বা ‘স্পেছ নেপচুন’-এ। কিন্তু ভূ-পৃষ্ঠৰ পৰা ১৮ মাইলৰ বেছি ওপৰলৈ উঠিব নোৱাৰিব এই বেলুনে। এই উচ্চতাত শূণ্য মাধ্যাকৰ্ষণৰ অভিজ্ঞতা সম্ভৱ নহয়। কিন্তু ইতিমধ্যে ২০২৪ চনৰ বাবে ‘স্পেছ নেপচুন’ৰ ৩০০ আসন বুক হৈ গৈছে আৰু ২০২৫ চনৰ বাবে বুকিং চলি আছে।