মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ
কুমাৰ দীপক দাস
মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱলৈ প্ৰণাম
এগৰাকী সৰল, ধৰ্মপৰায়ণ, বেদ, উপনিষদ, গীতা, ভাগৱত আদি শাস্ত্ৰৰ শাস্ত্ৰজ্ঞ পণ্ডিত বিশিষ্ট যোগসিদ্ধপুৰুষ আৰু ৫৯৬ বছৰ আগেয় আমাৰ এই অসম ভূমিত আবিৰ্ভাব হোৱাৰ পিচত ইয়াত বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰীহৰিদেৱৰ আজি পূণ্য আবিৰ্ভাৱ তিথি ।
আজিৰ এই বিশেষ তাৎপৰ্যপূৰ্ণ দিনটোত এই গৰাকী মহাপুৰুষক শ্ৰদ্ধাৰে সুৱৰি তেখেতৰ পবিত্ৰ চৰণত সেৱা জনাই তাৰাৰ কৰুণা আশীষে আমাৰ সকলোৰে ঘৰে ঘৰে সুখ শান্তি সমৃদ্ধি প্ৰদান কৰক তাকেই আন্তৰিকতাৰে কামনা কৰিলোঁ ।
এইজনা মহাপুৰুষে ভগৱানৰ পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ, গীতা, ভাগৱত আদিত উল্লিখিত ধৰণে শ্ৰীকৃষ্ণকেই সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল।
এই এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ মানেৰি সত্ৰ, বহৰি সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল।
নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক গৰাকীয়ে এনেদৰে সত্ৰ পাতি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও তেখেতে ভক্তিজ্ঞাপক গ্ৰন্থ ৰচনা কৰিছিল। তেখেত গীতিকাৰো আছিল।
১৪২৬ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত লখিমপুৰৰ নাৰায়ণপুৰত মহাপুৰুষ হৰিদেৱৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল দ্বিজ অজনাভ আৰু মাতৃ পাৰিজাতি দেৱী। তেখেতৰ পূৰ্বপুৰুষ কান্যকুব্জৰ আছিল যদিও সময়ৰ গতিত তেওঁ অসমৰ বাসিন্দাত পৰিণত হয়।
তেখেতে সকলো শাস্ত্ৰৰপৰা মূল তত্ত্ববোৰ গোটখুৱাই ভক্তসকলৰ মাজত প্ৰচাৰ কৰাৰ লগতে লিপিবদ্ধও কৰিছিল।
উল্লেখযোগ্য এইযে , তেখেতে বিশেষকৈ উত্তৰ ভাৰতৰ সকলো ধৰ্মীয়স্থানলৈ যায় বেদকে ধৰি সকলো শাস্ত্ৰ অধ্যয়ন কৰে তাৰপিছত তেওঁ জগন্নাথত পাঁচ বছৰকাল ভাগৱত চৰ্চা কৰি ভাগৱতাচাৰ্য্য উপাধি লাভ কৰে। ভাগৱত সমাপ্ত হোৱাৰ পিছত তেওঁ তেওঁৰ পূৰ্বপুৰুষৰ স্থান বহৰিলৈ ঘূৰি যায় আৰু তাতেই তেওঁ ১৪৫৩ চনত সৎ সংগী হৰিদেৱাশ্ৰম নামেৰে এখন আশ্ৰম স্থাপন কৰে। পিছত ই গুৰুদেৱ সেৱাশ্ৰম নামে নামান্তৰিত হয়। সেই সময়ত শ্ৰীমন্ত শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱে তেখেতক সম্বৰ্ধনা জনাই মান ধৰে। এই মান ধৰা সূত্ৰেই গুৰুদেৱ সেৱাশ্ৰম পিছলৈ মানেৰি সত্ৰ নামে জনাজাত হয়।এই সত্ৰক বহৰি সত্ৰ বুলিও জনা যায়।
মহাপুৰুষ হৰিদেৱৰ সাহিত্যকৃতি :
মহাপুৰুষ হৰিদেৱৰ গদৈশৈলীৰ অন্যতম বৈশিষ্ট হ’ল সহজ-সৰল চুটি চুটি বাক্যৰ দ্বাৰা গধুৰভাৱ প্ৰকাশ কৰা ।তেখেতৰ ‘‘‘ভক্তিৰস তৰংগিনী’’’ প্ৰচীন অসমীয়া গদ্য সাহিত্যৰ এক নিদৰ্শন।এই পুথি খন ইতিমধ্যে ইংৰাজী অনুবাদ হৈছে ।
বৰ্তমানলৈকে পোহৰলৈ অহা পুথিসমূহ হ’ল-
শৰণ সংহিতা
ভক্তিৰস তৰংগিনী
আৰু তেখেতে লিখা কেইটিমান ভক্তিমূলক গীতৰ বিষয়ে জানিব পৰা গৈছে। শৰণ সংহিতাত শৰণৰ প্ৰয়োজনীয়তা, শৰণৰ প্ৰকৃত অৰ্থ আৰু নিয়ম পদ্ধতিৰ কথা আছে। আনহাতে ভক্তিৰস তৰংগিনীত ভাগৱতৰ সাৰতত্ত্ব ৰ বিশ্লেষণ পোৱা যায়। পাতৰ এপিঠিত সংস্কৃত শ্লোক আৰু আন পিঠিত তাৰ অসমীয়া গদ্য ৰূপান্তৰ দিয়া আছে। ইয়াৰ উপৰি মহাপুৰুষ হৰিদেৱে “ৰামাভিষেক” নামৰ অংকীয়া নাট এখনো ৰচনা কৰি গৈছে। তাত ৰামৰ জন্ম, বিবাহ, বনবাসৰ পৰা ৰাজ্যাভিষেকলৈ কাহিনীবোৰ বৰ্ণোৱা হৈছে। তেৰাই ৰচনা কৰা “হৰিনাম কীৰ্ত্তন পদ্ধতি” নামৰ পুথিখনত কীৰ্তনৰ প্ৰকৃত অৰ্থ আৰু তাৰ আঁতিগুৰি আলোচনা কৰা হৈছে।
আজি আবিৰ্ভাৱ তিথিত এই গৰাকী মহাপুৰুষৰ প্ৰতি পুণৰ শ্ৰদ্ধাভৰা সেৱা জনালোঁ ।
01-09-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)