• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

ভূপেন হাজৰিকাৰ : মহাবাহুলৈ এখন চিঠি

ASSAMESE SECTION/ Bhupen Hazarika

by Editor
September 8, 2025
in Bhupen Hazarika, ASSAMESE SECTION, Literature
Reading Time: 3 mins read
0
ভূপেন হাজৰিকাৰ : মহাবাহুলৈ এখন চিঠি
Share on FacebookShare on TwitterShare on LinkedIn

ভূপেন হাজৰিকাৰ : মহাবাহুলৈ এখন চিঠি

ভূপেন হাজৰিকা 

bhupen2

‘It is easy to be a citizen of the world.

Only problem is the man next door!’

মাথোঁ কিছুদিন আগতে মই এটি গান লিখিছিলো;
‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ
মহাবাহু ব্ৰহ্মপুত্ৰ…।’

মহাবাহুৰ প্ৰথম সংখ্যা পঢ়ি যুক্তিপূৰ্ণ আৰু সংযত সাংবাদিকতাৰ প্ৰতীক যেন লাগিছে। প্ৰথম সংখ্যাত ময়ো এটি লিখিছিলো। প্ৰথম সংখ্যাত ‘জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই’ কবিতাটি সকীয়নিৰূপে প্ৰকাশিত হৈছিল। পাঠক-সমাজে নিশ্চয় পঢ়িছে।

মহাবাহুৰ জৰিয়তে এইবাৰো মোৰ অতি আপোন, মৰমৰ, সংগ্ৰামী অসমীয়া ৰাইজলৈ এটি প্ৰবন্ধ আগবঢ়াবলৈ বিচাৰিছিলো। কিন্তু সময়ৰ অভাৱে আৰু নানা অপৰিহাৰ্য কাৰণে মোক সেইকণ সুবিধা নিদিলে। মই নতুন প্ৰবন্ধ লিখিব নোৱাৰিলো। তথাপি মৰমৰ অসমীয়া ৰাইজক, মোৰ অন্তৰপৰাও লোৱা ভাবেৰেহে মই এটি কথা ক’ব খুজিছো :

অসমত, অসম দেশত, আৰক্ষী বাহিনী, অমাৰ্জিত ভাৰতীয় সৈন্য, দিল্লীৰ ৰঙা চকু আদিৰে, কিম্বা ভাষা বা ধৰ্মৰ বিদ্বেষ সৃষ্টি কৰা ক্ষুদ্ৰ দলীয় সুবিধাবাদী ৰাজনীতিৰে আজিৰ এই গণতান্ত্ৰিক আন্দোলনৰ ‘গাৰ নোম এডালো ছিঙিব নোৱাৰি।’ অৱশ্যে, সেই কথা, মই কোৱাৰ বহু আগতেই আপোনালোকে উপলব্ধি কৰিছে।

দেখা নাছিলো। শুনিছিলো, দুলীয়াজানৰ সেই পাশৱিক হত্যালীলাৰ কৰুণ কাহিনী, লক্ষীমপুৰৰ তেজৰঙা কাহিনী। যিবোৰৰ গুৰিত আছে আমাৰেই কিছুমান ‘অসমীয়া’ ভাই।

সঁচাকৈ, এক জঘন্য চক্ৰান্ত চলিছে। সংবিধানক আশ্ৰয় কৰি চলা গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ অবাধ ষড়যন্ত্ৰ চলিছে। জধে-মধে, য’তে-ত’তে, অধিক পুলিচামি চলিছে। আজি মোৰ নিজৰাপাৰৰ ঘৰৰপৰা নিশা Tourist Lodge লৈ আহি থাকোতে, ময়ো অধিক পুলিচামিৰ ভুক্তভোগী, দুখ লাগে বেচেৰাহঁতৰ অৱস্থা দেখি। তেওঁলোকে যাত্ৰাদলৰ ভেমভৰা বহুৱালি কৰি যেন সমগ্ৰ অসমবাসীকে উপলুঙা কৰিব খুজিছে!

বেছি কথা কোৱাৰ সময় এতিয়া নাই। নিশা এক বাজি গৈছে।

ভূপেন হাজৰিকাৰ : মহাবাহুলৈ এখন চিঠি

অলপ বেলেগ কথা :

বহুদিন বিৰতিৰ পিছত, গললৈকে পিটনিত জাহ যোৱা অসমীয়া জাতিয়ে, পিটনিৰপৰা ওলাবলৈ কৰা প্ৰয়াসক, অসমীয়া জাতিৰ আশা-নিৰাশাক আৰু নাগৰিক অধিকাৰক, প্ৰধানমন্ত্ৰী, লোকসভা, ৰাজ্যসভা, শ্ৰীচাৰিণ, শ্ৰীৰামমূৰ্তি সকলোৱে সন্মান কৰিবই লাগিব আৰু তেওঁলোকৰ তলৰ পুলিচ বিষয়া (যাৰ ঘৰৰ আই, ভাই-ভনীয়ে দেশৰ হকে যুঁজিছে) সঁচা অৰ্থত ‘মানুহ’ হ’ব লাগিব।

সমগ্ৰ পৃথিৱীৰ খাটি খোৱা মানুহৰ মহা সংগ্ৰামৰ অংগ এই আজিৰ অসমৰ সংগ্ৰাম। সাংবিধানিক সংগ্ৰাম; যাক প্ৰধানমন্ত্ৰীয়েও নুই কৰা নাই। কৰিব নোৱাৰে।

বিশ্বৰ ইতিহাসত এটা জাতি পৰাজিত হোৱাৰ, নিশ্চিহ্ন হৈ যোৱাৰ নজিৰ ক’তো নাই। অসমীয়া জাতিও পৰাজিত নহয়, হ’ব নোৱাৰে।

‘মহাবাহু ব্ৰহ্মপুত্ৰ’ মানে হ’ল মহাউদাৰতা। সেই মহাউদাৰতাক যদি কোনোবা চাকৰিৰ বাবে চাকৰি কৰা ‘সৈন্য’ই দুৰ্বলতা বুলি ভাবি অধিক পুলিচামি কৰে, তেন্তে তেওঁ নিজেই নিজৰ সমাধি ৰচিব। আমি এই মন্তব্য সজ্ঞানে, সুস্থ মস্তিষ্কেৰে প্ৰকাশ কৰিলো।

ভূপেন হাজৰিকাৰ : মহাবাহুলৈ এখন চিঠি

(মহাবাহু, ১৯৮০ চনৰ পৰা)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ডঃ ভূপেন হাজৰিকামহাবাহু
Editor

Editor

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 25, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d