মহাশিৱৰাত্ৰি
পুষ্পাঞ্জলি শিৱম শৰ্মা

শিৱৰ অৰ্থ মংগলময়।
কিন্তু কেতিয়াবা ৰুদ্ৰ মুৰ্তি ধৰি দুষ্টৰ দমনৰ হকে এই শিৱই তাণ্ডবলীলাও কৰে৷
সৃষ্টিৰ অনাদি কালৰে পৰাই মানুহে শিৱক পূজা কৰিবলৈ লোৱাৰ তথ্য বিভিন্ন ঠাইত উল্লেখিত আছে ৷
শিৱৰাত্ৰি শিৱপূজাৰ এক উল্লেখযোগ্য পৰ্ব যাক হিন্দুধৰ্মাৱলম্বী লোকসকলে মহা আড়ম্বৰৰে পালন কৰে প্ৰতিবছৰে৷
ইয়াক লৈ নানাধৰণৰ আখ্যান আৰু প্ৰবাদ প্ৰচলিত হৈ আহিছে ৷
তাৰ ভিতৰত, এটা জনপ্ৰিয় আখ্যান হৈছে এটা ব্যাধৰ কাহিনীঃ
শিবমহাপুৰাণ অনুসৰি, প্রাচীনকালত বাৰাণসী তথা কাশীধামত এক নিষ্ঠুৰ ব্যাধ বাস কৰিছিল। সি প্রায়েই অধিক পৰিমাণে জীবহত্যা কৰিছিল। এদিন চিকাৰ কৰি আহি তাৰ বহুত ৰাতি হোৱাত হিংস্ৰ জন্তুৰ ভয়ত হাবিখনৰ এডাল ওখ গছত আশ্ৰয় ললে । কোনো চিকাৰ নাপাই সি হতাশাত গছৰ পৰা এটি এটিকৈ পাত ছিঙি তললৈ পেলাই আছিল।
সৌভাগ্যক্ৰমে সেই গছডাল আছিল এডাল বেলগছ আৰু সেই বেলগছৰ তলত এটি শিবলিঙ্গ আছিল।

সেইদিনা আছিল শিবচতুর্দশী, অর্থাৎ মহাশিৱৰাত্রি আৰু ব্যাধজন উপবাসে আছিল৷ সি পেলোৱা বেলপাতবোৰ শিবলিঙ্গৰ তাত পৰি আছিল৷
নজনাকৈ যদি শিবচতুর্দশীৰ দিনা ব্রত পালন কৰা যায় তথাপি তাৰ ফলো অজানিতেই লাভ হয়৷
কিছুদিন পিছত সেই ব্যাধজনৰ মৃত্যু হোৱাত যমদূতে তাক নিবলৈ আহিল। কিন্তু শিবচতুর্দশী ব্রতৰ ফল লাভ কৰাৰ বাবে শিবদূত সকল আহি তাত যুদ্ধ কৰি যমদূতক হৰুৱাই ব্যাধক লৈ যায় আৰু সি মুক্তি লাভ কৰে ৷
যমৰাজে তেতিয়া কৈছিল যে যিয়ে শিবচতুর্দশীৰ ব্রত পালন কৰে আৰু যিজন পৰম শিব ভক্ত , তেওঁৰ ওপৰত স্বয়ং যমৰাজৰো কোনো অধিকাৰ নাথাকে ।
সেইজনে মুক্তিলাভ কৰাটো নিশ্চিত। এইভাবেই মর্ত্যলোকত শিবচতুর্দশী ব্রতৰ প্রচাৰ আৰম্ভ হৈ গৈছিল ৷
আকৌ পুৰাণৰ মতে, শিবৰাত্রিৰ দিনাই শিবই পাৰ্বতীক স্বপ্নত প্ৰত্যক্ষ কৰিছিল৷ আৰু এই কথাও উল্লেখ আছে যে এই দিনতেই পার্বতীৰ লগত মহাদেবৰ বিবাহ হৈছিল। শিবৰাত্রি উপলক্ষ্যে কোনো কোনো ঠাইত তিনি দিন আগতে আৰম্ভণি হয় মন্দিৰৰ সাজসজ্জা।

পার্বতী আৰু শিবৰ মূর্তিক বৰবধু সাজেৰে সজ্জিত কৰি ঘৰে-ঘৰে ঘুৰুৱা হয় আৰু মহাশিবৰাত্রিৰ দিনা তেওঁলোকৰ বিবাহ কাৰ্য সম্পাদন কৰা হয়। শিবৰাত্রি হৈছে হিন্দু শৈব সম্প্রদায়ৰ নিকট এটি গুৰুত্বপূর্ণ ধর্মীয় আচাৰ অনুষ্ঠান। এই মহাশিবৰাত্রি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুর্দশী তিথিত পালন কৰা হয়। মহাশিবৰাত্রি হল হিন্দুধর্মৰ সর্বোচ্চ আৰাধ্য দেবাদিদেব মহাদেববা ‘শিবৰ মহা ৰাত্রি’। এই ৰাত্ৰি শিৱৰো প্ৰিয়৷
আন এটি প্রচলিত লোককথা অনুসৰি দেবতা আৰু ৰাক্ষসগণৰ সমুদ্র মন্থনৰ ফলত ভয়ঙ্কৰ কালকূট বিষ উঠি আহিছিল৷
সেই বিষে সকলোকে ঢাহিমুহি নি ত্ৰাহি ত্ৰাহি সোৱৰাইছিল৷ এই বিষৰ প্রভাব পৃথিৱী আৰু তাৰ সমগ্ৰ জীৱকূলৰ ওপৰত পৰিব ধৰিলে৷ মৃত্যুসম জ্বলনত দহি ছটফটাব আৰম্ভ কৰিছিল বসুন্ধৰাবাসী সকলে।
তেতিয়া মহাদেব নিজেই সেই বিষ পান কৰি জীৱজগতক উদ্ধাৰ কৰে আৰু সেই তীব্ৰ হলাহলৰ প্ৰভাবত তেওঁৰ কণ্ঠও নীলা হৈ যায়। ‘নীলকণ্ঠ’ৰূপী শিবৰ উপাসনাৰ বাবে এই তিথিত শিবৰাত্রি পালন কৰা হয়।

উল্লেখনীয় যে শিৱৰ পবিত্ৰ সংখ্যা পাঁচ আৰু তেওঁৰ আৰাধনাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰসমূহৰ অন্যতম এটা “নমঃ শিৱায়” ও পাঁচটি আখৰৰ দ্বাৰা গঠিত৷ এই মন্ত্ৰৰ জাপ কৰিলে সকলো বিঘ্ন আতৰি যায় আৰু কল্যাণ হয় ৷
প্ৰবাদ আছে যে শিৱৰ শৰীৰো পাঁচটি মন্ত্ৰৰ দ্বাৰা গঠিত যাক কোৱা হয় পঞ্চব্ৰহ্মণ। প্রাচীন সভ্যতা মহেঞ্জোদাৰোতো শিবলিঙ্গ পোৱা গৈছে আৰু শিৱৰ বিষয়ে যথেষ্টখিনি তথ্য উন্মোচিত হৈছে ৷
এবাৰ দেবী পার্বতীৰ এক প্রশ্নৰ উত্তৰত ভগবান শিবই কৈছিল যে, “মোক স্নান কৰালে, পূজার্চনা কৰালে, বস্ত্র দান কৰিলে যিমান আনন্দ পাওঁ তাতকৈ বেছি আনন্দিত হওঁ জগতৰ অর্থাৎ পৃথিবীবাসীৰ ফাগুন মাহৰ চতুর্দশী তিথিৰ এই ব্রত পালনতহে”। লোকবিশ্বাস অনুসৰি ভগবান শিবৰো এই মহা শিবৰাত্রিৰ ক্ষণটো খুউব প্রিয়।
এক বছৰ নিৰন্তৰ পুজা কৰিলে যি ফল লাভ হয়, মহা শিবৰাত্রিত দিনৰাতি অনাহাৰে আৰু জিতেন্দ্রিয় হৈ থাকি নিজৰ ক্ষমতা অনুসৰি পূজা কৰিলে একেই ফল লাভ হয়। এই ৰাতি সকলোতকৈ অন্ধকাৰ হয় আৰু জগতৰ সকলো অন্ধকাৰ হৰন কৰি ভগৱান শিৱই ভক্তক ৰক্ষা কৰে ৷

এই ব্রত পালনৰ মাধ্যমৰে ধর্ম, অর্থ, কাম, মোক্ষ লাভ হয়। হিন্দুধর্মত যিমানবোৰ পালনকাৰী ব্রত আছে সেই সকলোবোৰৰ মাজত অন্যতম আৰু শ্রেষ্ঠ ব্রত হল শিব চতুর্দশী বা মহা শিবৰাত্রি ব্রত।
চতুর্দশী তিথি (চতুর্দশ দিন) কৃষ্ণপক্ষ (চন্দ্র চক্রৰ ক্ষয়প্রাপ্ত পর্যায়)দিনাৰ ৰাতিটোক ভগবান শিবক উৎসর্গ কৰা হয় বাবে ইয়াক শিবৰাত্রি হিচাপে উল্লেখ কৰা হয়।এই ৰাতিটোক সৰ্বাধিক শ্ৰেষ্ঠ ৰাতি হিচাপে গণ্য কৰা হয় হিন্দু ধৰ্মত।
সেইদিনা শিব ভক্তসকলে ভগবানক বেল পাত নিবেদন কৰে। বিশ্বাস কৰা হয় যে বেল পাত দি ভগবানৰ পূজা কৰিলে শিবৰ প্ৰচুৰ কৰুণা বৰ্ষণ হয়। কাৰণ বেল পাত হৈছে এটি ত্রিভুজাকাৰ পাত। ইয়াৰ প্ৰতিটো পাতে হিন্দু ধর্মৰ তিনিজন প্রধান দেবতাৰ প্রতিনিধিত্ব কৰে– ভগবান ব্রহ্মা, ভগবান বিষ্ণু আৰু ভগবান শিব। হিন্দু পুৰাণ অনুসৰি, এই ত্ৰিশক্তিকে সমগ্র মহাবিশ্বৰ স্রষ্টা দ্ৰষ্টা আৰু সংহাৰহৰ্তা বুলি মানি আহিছে ।
এইটোও বিশ্বাস কৰা হয় যে বেল পাত ভগবান শিবৰ সকলোতকৈ প্রিয় পাত বাবে তেওঁৰ শিৰৰ জটাত তাক ধাৰণ কৰি থাকে ৷ বেল পাত হৈছে শীতলতা প্রদান কৰা এবিধ অন্যতম পাত। সেইবাবে ইয়াক শিবক অৰ্পণ কৰিলে ভক্তৰ যদি উত্তপ্ত স্বভাব থাকে সেয়া শান্ত হয় বুলি মান্যতা আছে।
মহাশিবৰাত্ৰিত ইয়াক অৰ্পণ কৰিলে আধ্যাত্মিক শক্তি জাগ্ৰত হয়। যি আধ্যাত্মিকতাই ভক্ত আৰু ভগৱানৰ মিলন সম্ভৱ কৰে বুলি প্ৰচলন আছে। বেল গছৰ তলত শিবলিঙ্গ পুজা কৰিলে মোক্ষ লাভ হয় বুলি বিশ্বাস কৰা হয়।
বেল গছৰ তলত প্রদীপ জ্বলালে জ্ঞান লাভ হয় আৰু এই বৃক্ষৰ তলত দীনদৰিদ্ৰক খাদ্য খুৱালে আর্থিক অবস্থাৰ উন্নতি হয় বুলি কোৱা যায় ৷ এই পাত মহামৃত্যুঞ্জয় জপ সহ অন্যান্য শিব মন্ত্রৰ লগত শিবলিঙ্গত নিবেদন কৰা হয়।যাৰ ফলত ১০০০টি যজ্ঞৰ সমান পুণ্য লাভ হয় ৷

হিন্দু ধৰ্ম মতে ভগৱান শিব হৈছে, জ্ঞানৰ দেৱতা । দেৱী সৰস্বতীক পুজা কৰিলে বিদ্যা-বুদ্ধিৰ প্ৰাপ্তি হয় কিন্তু প্ৰকৃত জ্ঞান অৰ্জনৰ হেতু শিবৰ উপাসনা কৰাটো দৰকাৰ ৷ ধ্যানমগ্ন যোগীৰ যোগত জ্ঞানৰ প্ৰাপ্তিৰ প্ৰতিকী ৰূপ হৈছে শিৱৰ ধ্যানস্থ অৱস্থান ৷ তেওঁৰ ভক্তগণৰ কাৰোৰে বেয়া হোৱাটো নিবিচাৰে। ভক্তৰ ভক্তিত অহৰহ শিৱ গদগদ হৈ থাকে আৰু অলপতে সন্টুষ্ট হয় ৷যাৰবাবে তেওঁৰ অন্য এক নাম “ভোলানাথ’’৷
মূল সংস্কৃত শব্দৰ পৰা উৎপত্তি “শিৱ’’ৰ অৰ্থ হৈছে মংগল অৰ্থাৎ শুভ। হিন্দুধৰ্মৰ তিনিজন বিশেষ প্ৰাথমিক দৈৱসত্বাৰ অন্যতম হ’ল মহাদেৱ অৰ্থাৎ শিৱ।ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এই ত্ৰিমূৰ্তিৰ ভিতৰত শিৱক সৰ্বোচ্চ ইশ্বৰ বুলি জ্ঞান কৰে একাংশই। শিৱৰাত্ৰিৰ দিনা ভক্তসকলে শিবলিঙ্গত জল ঢালে, ইয়াত ‘লিঙ্গ’ শব্দৰ অর্থ হৈছে ‘বাস’ মানে, বাসস্থান। অর্থাত্ ভগৱান শিব যত বাস কৰে বা বিৰাজমান , সেয়াই প্ৰকৃততে ‘শিবলিঙ্গ৷
সেয়েহে শিৱলিঙ্গত জল অৰ্পণ কৰি শিৱক অভিষেক কৰা হয়৷
পুৰাণকাহিনী মতে শিবলিঙ্গৰ তলত থকা গোলাকৃতিৰ অবয়ৱটো প্ৰকৃততে পার্বতীৰ পিঠি। পুৰাণ অনুযায়ী, জ্ঞানৰ বিকাশ হয় শক্তিৰ পিঠিৰ ওপৰত। আৰু শক্তিৰ উত্স হৈছে পার্বতী-দুর্গা বা নাৰী। নাৰী শক্তিৰ ওপৰত ভিত্তি কৰিয়েই জ্ঞান বিকশিত হয়। সত্য স্বৰূপ এয়াই ৷ পুৰুষ শাসিত সমাজত যদি এই সুক্ষ্ম সাৰসত্যটো সকলোৱে বোধগম্য কৰিব পাৰে সমাজখনৰ এক নব্যৰূপ প্ৰত্যক্ষ কৰিব পৰা যাব।

মহাদেৱক শিৱৰাত্ৰিৰ সময়ত যে গাখীৰ,ভাং আৰু গাজৰৰ ভোগ অৰ্পণ কৰা হোৱাৰ আঁৰত এক বৈজ্ঞানিক বাখ্যা আছে। সাধাৰণতে ভাং বেয়া আৰু নিচাজাতীয় বস্তু বুলি গন্য কৰা হয় আৰু ফাগুণ-চ’ত মাহত গাজৰে শৰীৰত ৰোগৰ সৃষ্টি কৰে। গতিকে শিৱৰাত্ৰিত নীলকণ্ঠৰূপী শিৱক এই অপকাৰী দ্ৰব্যবোৰ অৰ্পণ কৰি তাৰপৰা হব পৰা বেয়া ফলাফলবোৰৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁৰ হাতত ইয়াৰ উদ্ধাৰৰ দায়িত্ব অৰ্পণ কৰা হয়৷
যিহেতু শিৱই তীব্ৰ হলাহল বিষ পান কৰি এসময়ত এই সমগ্ৰ জগতক ৰক্ষা কৰিছিল৷ উল্লেখনীয় যে শিৱৰাত্ৰিৰ পিছত গাজৰ খোৱা নহয় বা ই ভোগ্য নহয় বুলি বিশ্বাস এটা চলি আহিছে ৷ আয়ুৰ্বেদৰ মতে মানুহৰ শৰীৰত বাত-পিত্ত-কফ এই তিনিবিধৰ বিকাৰ হ’লে বিভিন্ন ৰোগৰ উৎপত্তি হয় ৷ সাধাৰণতে শাওন মাহত বাত জাতীয় বিকাৰ বেছি হয় আৰু বিভিন্ন শাৰীৰিক উপসৰ্গসমূহে দেখা দিয়ে আৰু ই শৰীৰৰ পীড়িত কৰে।
এই সময়ত শাক পাত জাতীয় খাদ্য খোৱা নিষেধ বুলি ধাৰণা এটা চলি আহি আছে। কিন্ত গাখীৰ দিয়া পশুয়ে যিহেতু এই শাকশোকোতাই খাদ্য হিচাপে গ্ৰহণ কৰে ঘাঁহ-পাত বেছিকৈ ভক্ষণ কৰে, গতিকে সেইবিলাকৰ গাখীৰতো তাৰ বিৰূপ প্ৰভাব পৰে আৰু বাত বৃদ্ধি হয়।
এনে সময়ত অন্য পাত-শাকৰ লগতে গাখীৰো শৰীৰৰ বাবে বিষতুল্য হয়। গতিকে এইসময়ত গাখীৰ খোৱাৰ সলনি শিৱলিংগত ঢলা হয়। এনে বাতযুক্ত গাখীৰ খোৱাৰ ফলত ভাইৰেল, টাইফয়েড, মুত্ৰনলীৰ ইনফেকশ্বন, আদি হোৱাৰ সম্ভাৱনা থাকে আৰু ৰক্তবিকাৰো হব পাৰে ।

ফাগুণ-চ’ত বা শাওন-ভাদ মাহত গাখীৰ প্ৰায় ব্যৱহাৰ কৰা নহৈছিল আৰু সেই দুষিত গাখীৰক সংহাৰনাশী দেৱতা শিৱক অৰ্পণ কৰিছিল। ফলত এনেবিলাক ৰোগৰ পৰা ৰক্ষা পৰি থাকিব পাৰিছিল৷ কিন্তু আজিকালি সেইবিলাক অন্ধবিশ্বাস বুলি অতিমাত্ৰা জ্ঞানৰ বিস্তাৰে প্ৰকৃতিগত সেই সমাধান আৰু বিশ্বাসবোৰক লাহে লাহে গিলি পেলাব ধৰিছে ৷
ভাৰতীয় সভ্যতা, ইতিহাস, বিশ্বাস পৰম্পৰা ৰীতিনীতি এইবোৰৰ মাজত এক সুকীয়া আৰু যথেষ্টখিনি বৈজ্ঞানিক ভিত্তি নিষ্ঠ কথা নিহিত হৈ আছে ৷ এইবোৰৰ সঠিক বাখ্যা আৰু দৃষ্টিভঙ্গীৰ পুনৰউত্থানৰ যথেষ্টখিনি প্ৰয়োজন আছে ৷ শিবৰাত্ৰি আৰু ইয়াক লৈ যিমানবোৰ পৰম্পৰা বা ৰীতি জড়িত হৈ আছে কেৱল এইটোৱে নহয় অন্যান্য ক্ষেত্ৰতো ইয়াক লৈ গৱেষণাৰ যথেষ্টখিনি থল আছে নতুনত্বৰ উদ্ভাৱনৰ হকে ৷
মহাদেৱ শিৱৰ বানী মতে-“ জন্ম নহয়, কৰ্মহে মূল।’’
যিদৰে শিৱই যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ মানসিকভাৱে নিজকে সাজু কৰি ৰাখিছিল আৰু ধাৰণ কৰিছিল অন্তদৰ্শন৷ যি অন্তদৰ্শনে প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্বক এক সুন্দৰ আৰু সঠিক জীৱনযাপনৰ দিশে গতি কৰাই লৈ যাব পাৰে ৷
কিয়নো প্ৰতীকী অৰ্থত শিৱই সত্য, আৰু সেই সত্যই সুন্দৰ ৷
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)