–দিলীপ দৈমাৰী |
নিউয়ৰ্কৰ পৰা প্ৰকাশ হোৱা অনুসৰি ‘দ্যা কোৱালিশ্যন ফৰ উইমেন ইন জাৰ্ণেলিজম'( চি.এফ.ডব্লিউ.আই.জে)-এ ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ ‘প্ৰেছ ফ্ৰিডম ফৰ উইমেন জাৰ্ণেলিস্ট’ প্ৰতিৱেদন প্ৰকাশ কৰিছে। এই এটামাত্ৰ মাহতেই মহিলা সাংবাদিকৰ ওপৰত ৬১ টা নিৰ্যাতনৰ ঘটনা নথিভুক্ত কৰিছে চি.এফ.ডব্লিউ.আই.জে-ই। নিৰ্যাতনৰ ঘটনাবোৰৰ ভিতৰত আছে আটক কৰি ৰখা, পোনপটীয়াকৈ হায়ৰানি কৰা, শাৰীৰিক নিৰ্যাতন ইত্যাদি। তাৰোপৰি বিশ্বজুৰি মহিলা সাংবাদিকৰ কামৰ ক্ষেত্ৰত গণমাধ্যমৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপৰ ঘটনাও বৃদ্ধি পাইছে।
কানাডা আৰু পাকিস্তানত ২০২১ চনৰ ছেপ্টেম্বৰ মাহত কমেও ২০ গৰাকী মহিলা সাংবাদিকক লৈ সামাজিক যোগাযোগৰ মাধ্যম সমূহত ট্ৰ’ল কৰা হয়। তাৰোপৰি তুৰস্ক, লেবানন আৰু আমেৰিকাত ১২ গৰাকী মহিলা সাংবাদিকক শাৰীৰিক ভাৱে আক্ৰমণ কৰা হয়। কমেও ১০ গৰাকী মহিলা সাংবাদিকক শাৰীৰিক নিৰ্যাতন কৰা হয় তুৰস্ক, শ্লোভেনিয়া,মন্টিনেগ্ৰো, আফগানিস্তান, আমেৰিকা আৰু নাইজেৰিয়াত। ছেপ্টেম্বৰত সবাতোকৈ বেছি ঘটনা সংঘটিত হৈছিল কানাডাত। অন্ততঃ ১৯ গৰাকী মহিলা সাংবাদিকক ট্ৰোল কৰা হৈছিল কানাডাত। তাৰোপৰি কৰ্মক্ষেত্ৰত মহিলা সাংবাদিকক নিৰ্যাতন কৰা হৈছিল কানাডাত। পাকিস্তানৰ মহিলা সাংবাদিকক অনলাইনযোগে হাৰাশাস্তি কৰা হৈছিল আৰু সেই সংখ্যা হ’ল ৫ গৰাকী মহিলা সাংবাদিক। আগষ্ট মাহৰ তুলনাত ছেপ্টেম্বৰত ৩৮.৬% হিংস্ৰতা বৃদ্ধি পাইছে মহিলা সাংবাদিকৰ ওপৰত। দলগতভাৱে ট্ৰোল কৰা ঘটনাও বহুত বাঢ়ি গৈছে। মহিলা সাংবাদিকৰ ওপৰত অনলাইনত হাৰাশাস্তিৰ ঘটনা ৯০০% বৃদ্ধি পাইছে।