• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Remembrance

মহেন্দ্ৰ বৰঠাকুৰদেৱৰ আজি ওপজা দিন

 কুমাৰ দীপক দাস

by Anjan Sarma
September 1, 2022
in Remembrance, Cultural, Drama, Inspiration, Literature
Reading Time: 3 mins read
0
মহেন্দ্ৰ বৰঠাকুৰদেৱৰ আজি ওপজা দিন
Share on FacebookShare on TwitterShare on LinkedIn

মহেন্দ্ৰ বৰঠাকুৰ

 কুমাৰ দীপক দাস

অসমৰ নাট্য আন্দোলনৰ এগৰাকী অন্যতম কান্দাৰী , স্বনামধন্য নাট্যকাৰ অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ,আমাৰ অতি শ্ৰদ্ধাৰ স্বনামধন্য মহেন্দ্ৰ বৰঠাকুৰদেৱৰ আজি পবিত্ৰ ওপজা দিন  ৷ আজিৰ এই বিশেষ দিনটোত তেখেতৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ ৷

মহেন্দ্ৰ বৰঠাকুৰদেৱৰ  জীৱন আৰু কৃতি


      মহেন্দ্ৰ বৰঠাকুৰদেৱে ১৯৫৭ চনতেই সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰে। ১৯৬৭ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত সহকাৰী সম্পাদক (পাণ্ডুলিপি) হিচাপে যোগদান কৰে আৰু পাছত নাট্য-প্ৰযোজক, সহকাৰী কেন্দ্ৰ সঞ্চালক, কলিকতা আৰু উত্তৰ-পূৰ্বাঞ্চল উপ-সঞ্চালক প্ৰধানৰ কাৰ্যালয় আৰু গুৱাহাটীত কাৰ্যনিবাহ কৰে। ১৯৯৩ চনত তেখেতে অৱসৰ গ্ৰহণ কৰে। এই মহান নাট্যকাৰ গৰাকীয়ে গভীৰ সমালোচনাৰে  উথ্থাপিত কৰি  ’অসমত নাটক এলাগি সাহিত্য ’ বুলি কোৱা কথাষাৰ আজিকোপতি অসমৰ সাহিত্য বিচাৰক পণ্ডিত সকলে গুৰুত্ব নিদিলে ,দু:খ আৰু পৰিতাপৰ বিষয়টো এই যে ,এইবাবেই সমগ্ৰ ভাৰতৰ ভিতৰত কেৱল অসমে এখন ৰাজ্য য’ত বহু মূল্যবান নাট সৃষ্টি হোৱাৰ পিছতো অসমৰ  এখনো নাটক সাহিত্য অকাডেমি বটাঁ পোৱাৰ যোগ্যতা পাবলৈ সক্ষম হোৱা নাই ৷

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026


   মহেন্দ্ৰ বৰঠাকুৰদেৱ একাধাৰে এগৰাকী কৃতি শিক্ষক, নাট্যকাৰ, নাট্য-প্ৰযোজক, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সহকাৰী সঞ্চালক আছিল। তেখেত বিশেষ ভাবে সমাদৃত হৈছিল এগৰাকী জনপ্ৰিয় নাট্যকাৰ হিচাপে। তেওঁ অসম নাট্য সন্মিলনৰ সভাপতি হিচাপে (২০০১-২০০৩) কৃতিত্বৰে দায়িত্ব সম্পন্ন কৰিছিল ৷তেখেতে অসমৰ নাট্যজগতৰ উপৰিও অসমীয়া বোলছবি জগততো বিশিষ্ট অৰিহনাৰে এই শিল্পক জাতিষ্কাৰ কৰি তুলিছিল ।

তেখেতক ১৯৮৯ চনত অসমৰ শ্ৰেষ্ঠ’ ভ্ৰাম্যমাণ নাটক বঁটা তেখেতৰ  অন্যতম নাট ‘মুখ্যমন্ত্ৰী’ নাটক খনিৰ বাবে প্ৰদান কৰা হৈছিল আৰু ২০০১ চনত তেওঁ ’অসম শিল্পী দিৱস বঁটা’ৰে সন্মানিত হৈছিল।অসম নাট্য সন্মিলনে প্ৰতি বছৰে এই গৰাকী বিশিষ্ট নাট্যকাৰক সুৱৰী মহেন্দ্ৰ বৰঠাকুৰ স্মাৰক বক্তৃতাৰ আয়োজন কৰি আহিছে ৷

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰদ্বাৰা প্ৰচাৰিত ব্যংগাত্মক অনুষ্ঠান ‘নোকোৱাই ভাল’ৰ জৰিয়তে এসময়ত মহেন্দ্ৰ বৰঠাকুদেৱ অতি জনপ্ৰিয় হৈ পৰিছিল।১৯৪৭ চনতেই মহেন্দ্ৰ বৰঠাকুৰদেৱে হাইস্কুলীয়া শিক্ষা লাভ কৰা সময়তে ‘লাচিত বৰফুকন’ নামৰ এখন নাটক লিখিছিল। বৰঠাকুৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘কাবুলীৱালা’ গল্পৰ আধাৰত এখন একাংকিকা, কলেজীয়া ছাত্ৰাৱস্থাত ‘মকৰাজাল’ নামৰ আন এখন একাংকিকা নাটক লিখিছিল।

১৯৭১ চনত জন্ম নামৰ এখন নাটক লিখি উলিয়ায়। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ‘ৰঙিলী’ উপন্যাসখনি আনাতাঁৰ অভিযোজনাৰে তেখেতে আকাশবাণীৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। তেখেতে হাস্য-ব্যংগৰ মৃদু মৃদু অস্ত্ৰেৰে সামাজিক, ৰাজনৈতিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক বিশেষ কৃতিত্বৰ পৰিচয় দি আহিছে। ১৯৮১ চনত ‘শিমলু চন্দন’ নাটকৰ মাজেৰে তেখেতে ভ্ৰাম্যমাণৰ নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। সমাজ জীৱনৰ সংঘাত, ব্যক্তি আৰু সমাজৰ দ্বন্দ্ব, পাৰিবাৰিক সমস্যা, নতুন আৰু পুৰণিৰ সংঘাত, পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনেৰে যুক্তিনিষ্ঠ সহাকাৰে বৰঠাকুৰদেৱে বিভিন্ন নাটক লিখি নাট্যজগত জিলিকাই গৈছে। স্বৰচিত কাহিনীৰ উপৰিও বিশ্ববিখ্যাত উপন্যাস, ঘটনা, চৰিত্ৰসমূহক লৈ নাট ৰচনা কৰি তেখেতে অসমীয়া নাট্য সাহিত্যক এক নতুন গতি প্ৰদান কৰিলে।

‘আজলী নবৌ’ আৰু ‘ককাদেউতা নাতি আৰু হাতী’কে মুখ্য কৰি কেইবাখনো অসমীয়া বোলছবিৰ চিত্ৰনাট্য-সংলাপ মহেন্দ্ৰ বৰঠাকুৰদেৱে লিখিছিল। বোলছবি ‘আজলী নবৌ’ৰ দৰে নাটকখনতো মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ইলা কাকতীয়ে। বিশ্বখ্যাত নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰৰ যাউতীযুগীয়া সৃষ্টি ‘হেমলেট’ আৰু ‘অথেল’’ নামৰ নাটক দুখনৰো নাট্যৰূপ দিছিল মহেন্দ্ৰ বৰঠাকুৰে। জাহ্নু বৰুৱাৰ অসমীয়া ছবি ‘সাগৰলৈ বহু দূৰ’ৰ নাম একে ৰাখি তেওঁ সেইখনো নাটক হিচাপে মঞ্চস্থ কৰোৱাইছিল। হোমেন বৰগোহাঞিৰ বহুপঠিত উপন্যাস ‘হালধীয়া চৰায়ে বাওধান খায়’কো মহেন্দ্ৰ বৰঠাকুৰে নাট্যৰূপ দিছিল। সাংবাদিক পৰাগ কুমাৰ দাসৰ ‘ছাংলট ফেন্‌লা’খন তেওঁ হেঙুল থিয়েটাৰত ১৯৯৬-৯৭ চনত মঞ্চস্থ কৰিছিল।

ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা নাট সমূহ

শিমলুচন্দন
বন্দীনী
এই মাটিতে
শৰাগুৰিৰ চাপৰি
বাঘ হাজৰিকা
আইৰ চকুলো
বিলকিচ বেগম
অসতী কন্যা
দধীচি
ৰজা হৰিচন্দ্ৰ
হালধীয়া চৰায়ে বাওধান খায়
মোৰ আই
বেয়া মানুহ
গোসাঁনী
অমানুহ
মকৰাজাল
মানুহ
মুখ্যমন্ত্ৰী
ভাল মানুহ
অবতাৰ
পুতলা নাট
সম্ৰাট আৰু সুন্দৰী
কামৰূপ কামাখ্যা
পগলা চহাব
পাখিত জুই
প্ৰিয়া আৰু পুলিচ
প্ৰাৰ্থনা
কলংকিনী সতী
মহাত্মা
পিতামহ
বলিয়া হাতী
তাৰ্জান তাৰ্জান
তেজলগা বাট
যদুবংশ
তেজাল ঘোঁৰা
নৰক বন্দনা
আজলী নবৌ
নেদেখা নদীৰ ঘাট
বেনহুৰ
ডেকা হাকিম
মাতৃহত্যা পৰশুৰাম
চাহাব দাদা
ৰজাৰো ৰজা
হেমলেট
ৰাতিৰ জুই
অপহৰণ
বালিঘৰৰ আলহী
পোহৰৰ ছাঁ
হে মহানগৰ
মহাবীৰ চিলাৰায়
মাজ নিশাৰ চিঞৰ
ডাইনীৰ প্ৰেম
অগ্নিক্ষণ
আধাৰশিলা
অতিথি
জুয়ে পোৰা মানুহ
সমদল
সাগৰৈ বহুদূৰ
পুৰুষ
বলিয়া গোসাঁই
ছাংলট ফেনলা
কুৰুক্ষেত্ৰ
কাৰাগাৰৰ বাঘ
শিকলি
পঁজাঘৰৰ ৰজা
বনকুঁৱৰী
প্ৰতীক্ষা
অচল সুঁতি
প্ৰেতাত্মা
অৰুণ-তৰুণ
অধঃপতন
ছাঁ
বিষ্ণুপ্ৰসাদ
মুখাৰ মুখ

 তেখেতলৈ পুনৰ ওপজা দিনৰ এই পূণ্য দিনটোত আমাৰ হিয়াভৰা ওলগ যাচিলোঁ ৷।      

(তথ্য সংগৃহিত)

01-09-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
Holi A Festival of Joy and Gulaal

Holi A Festival of Joy and Gulaal

March 4, 2026
Holi in Barpeta,  Assam: A Symphony of Colors, Culture, and Devotion

অসমত উদযাপিত দৌলোৎসৱৰ তাৎপৰ্য

March 3, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
How the Iran Conflict is Triggering an LPG Shortage in India?

How the Iran Conflict is Triggering an LPG Shortage in India?

March 14, 2026
ice

Why Is Greenland Moving and What Does It Mean for Global Sea Levels?

March 14, 2026
U.S.-Israel Strikes on Iran Ignite Fears of a Regional War

মধ্যপ্ৰাচ্যৰ সংকটত অশান্ত বিশ্ব

March 14, 2026
India’s 7th National Report to the CBD

India’s 7th National Report to the CBD

March 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28441 shares
    Share 11376 Tweet 7110
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11419 shares
    Share 4568 Tweet 2855
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    120 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3522 shares
    Share 1409 Tweet 881
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    237 shares
    Share 95 Tweet 59
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d