-ডাঃ মুকুল শর্মা |
পৃথিৱীৰ সকলো মানুহে নিজৰ জীৱনকালত কিবা নহয় কিবা কাৰণত মূৰৰ বিষত আক্ৰান্ত হোৱাটো স্বাভাৱিক। আধুনিক চিকিৎসাবিজ্ঞানত মূৰৰ বিষক পাঁচটা ভাগত ভাগ কৰা হৈছে; যেনে—Tension headache, Migraine headache, Cluster headache, Sinus headache আৰু Hormonal headache। তলত মাইগ্ৰেইনৰ মূৰৰ বিষৰ ওপৰত কিছু কথা আগবঢ়োৱা হ’ল।
অৱলোকন
মাইগ্ৰেইন হ’ল মগজুৰ এটা ফালে আৰু কেতিয়াবা গোটেই মগজুতে হোৱা এটা কম্পন বা স্পন্দনযুক্ত মূৰৰ বিষ। সাধাৰণতে এজন ব্যক্তিৰ মাইগ্ৰেইন হ’লে তেওঁৰ মূৰৰ বিষৰ লগতে বমি বমি ভাব, কেতিয়াবা বমি, পোহৰ, শব্দ আৰু কেতিয়াবা গোন্ধৰ প্ৰতি অসংবেদনশীলতা বা সহ্য কৰিব নোৱৰা ইত্যাদি লক্ষণসমূহ দেখা যায়। মাইগ্ৰেইন হোৱাৰ আগত বা মাইগ্ৰেইন হোৱাৰ সময়ত আমাৰ শৰীৰত কিছুমান বিপদৰ আগজাননীযুক্ত লক্ষণ (ইংৰাজীত aura বুলি কোৱা হয়) দেখা যায়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল চকুৰ সন্মুখত চক্মকীয়া তৰংগ সদৃশ পোহৰ দেখা, চকুৰে ধোঁৱা-কোঁৱা দেখা, মূখ বা ভৰি-হাতৰ এটা ফালে জিন্জিননি হোৱা, আভোক আভোক লগা ইত্যাদি।
লক্ষণ
মাইগ্ৰেইন সাধাৰণতে শিশু বা যৌৱন বা প্ৰাক্-প্ৰাপ্তবয়স্ক বয়সত আৰম্ভ হোৱা দেখা যায়। মাইগ্ৰেইনত চাৰিটা পর্যায় (stage) দেখা যায়। অৱশ্যে সকলোৰে ক্ষেত্ৰত চাৰিওটা পর্যায় দেখা নিদিবও পাৰে। পর্যায়কেইটা হ’ল—
১) পূৰ্ব লক্ষণ
মাইগ্ৰেইন হোৱাৰ এদিন বা দুদিন আগত কিছুমান লক্ষণ দেখা যায়। এই লক্ষণসমূহক পূৰ্ব লক্ষণ বুলি কোৱা হয়। যেনে—
*কোষ্ঠকাঠিন্য
*মানুহজনৰ মানসিক স্থিতিৰ পৰিৱৰ্তন, যেনে—কেতিয়াবা খুব বিষণ্ণ (depressed) আৰু কেতিয়াবা খুব উৎসাহী (euphoric) হোৱা দেখা যায়।
*ডিঙিৰ জড়তা যাৰ ফলত ডিঙিটো লৰচৰ কৰাত অসুবিধা হয়।
*ভোজনৰ প্ৰতি অধিক লালায়িত হোৱা।
*খুব পিয়াহ লাগিব আৰু অধিক পেচাপ হব।
*সঘনাই হামি আহিব।
২) আগজাননীযুক্ত লক্ষণ বা aura
মাইগ্ৰেইনৰ আগত বা মাইগ্ৰেইনৰ মূৰৰ বিষ হৈ থকা সময়ত এই লক্ষণসমূহ দেখা যায়। বেছিভাগ মানুহ এই আগজাননীযুক্ত লক্ষণসমূহৰ অবিহনে মাইগ্ৰেইনত আক্ৰান্ত হোৱা দেখা যায়। এই আগজাননীযুক্ত লক্ষণসমূহ উভয় সংবেদী আৰু চালক স্নায়ুৰ লগত জড়িত। এই লক্ষণসমূহৰ ভিতৰত চকুৰে দেখাত অসুবিধা হোৱা, চকুৰ আগত তৰংগযুক্ত বা চক্মকীয়া পোহৰ দেখা, চকুৰে অস্পষ্টকৈ দেখা, কথা কোৱাত অসুবিধা হোৱা, মাংসপেশীৰ দুৰ্বলতা বা কোনোবাই যেন মানুহজনক স্পৰ্শ কৰি আছে তেনে অনুভৱ হয়। এই লক্ষণসমূহ সাধাৰণতে লাহে লাহে আৰম্ভ হৈ কে’বামিনিটৰ ভিতৰত আগবাঢ়ি গৈ পূৰ্ণৰূপ পায়। সাধাৰণতে ২০ৰ পৰা ৬০ মিনিটমান সময় ধৰি থাকে। অন্য লক্ষণসমূহ হ’ল—
*দৃষ্টিশক্তি সম্পৰ্কীয় লক্ষণ, যেনে—চকুৰে দেখা বস্তুবিলাক বিভিন্ন আকৃতিৰ হ’ব পাৰে, উজ্জ্বল আৰু চক্মকীয়া পোহৰ দেখা ইত্যাদি।
*ক্ষন্তেকীয়া সময়ৰ বাবে দৃষ্টিশক্তি লোপ পোৱা
*ভৰি আৰু হাতত বেজিয়ে বিন্ধাৰ নিচিনা অনুভৱ
*মুখ বা দেহৰ এটা ফালে দুৰ্বলতা বা অৱশতা
*কথা ক’বলৈ অনিচ্ছা প্ৰকাশ কৰা
*কাণেৰে বিভিন্ন ধৰণৰ শব্দ শুনা
*অনিয়ন্ত্ৰিত কম্পন ইত্যাদি
কেতিয়াবা এই লক্ষণসমূহৰ লগত হোৱা মাইগ্ৰেইনৰ ফলত দেহৰ কোনো অংগ দুৰ্বল বা অকামিলাও হৈ যাব পাৰে।
৩) মাইগ্ৰেইনৰ আক্ৰমণ
যদি চিকিৎসা লোৱা নহয় মাইগ্ৰেইনৰ মূৰৰ বিষ সাধাৰণতে ৪ৰপৰা ৭২ ঘণ্টা থাকে। ব্যক্তি অনুসৰি এই বেমাৰটো বাৰম্বাৰ হোৱাৰ প্ৰৱণতাও ভিন্ ভিন্ হয়; যেনে—কিছুমানৰ বহু বছৰৰ মূৰত হ’ব পাৰে, কিছুমানৰ মাহৰ মূৰত, কিছুমানৰ মাহতে দুই-তিনিবাৰ হ’ব পাৰে। কোনো ব্যক্তি মাইগ্ৰেইনৰদ্বাৰা আক্ৰান্ত হোৱাৰ সময়ত সাধাৰণতে তলৰ লক্ষণসমূহ দেখা যায়। যেনে—
*মূৰৰ এফালে বা দুইফালে বিষ অনুভৱ কৰা
*বিষটো কম্পন বা স্পন্দনযুক্ত হয়
*শব্দ, পোহৰৰ প্ৰতি সংবেদনশীল অৰ্থাৎ শব্দ আৰু পোহৰ সহ্য কৰিব নোৱৰা হয়। কেতিয়াবা গোন্ধ আৰু স্পৰ্শৰ প্ৰতিও সংবেদনশীল হয়।
*বমি বমি ভাব বা বমিও হ’ব পাৰে
*মূৰটো পাতল পাতল অনুভৱ হয় আৰু কেতিয়াবা মূৰ্ছা যাব পাৰে।
৪) মাইগ্ৰেইনৰ পশ্চাৎ লক্ষণ
মাইগ্ৰেইনৰ বিষ হৈ যোৱাৰ পিছত কিছুমান মানুহ খুব দুৰ্বল অনুভৱ কৰে আৰু কিছুমান উত্তেজিত হ’ব পাৰে। ২৪ ঘন্টাৰ ভিতৰত মানুহজনে তলত দিয়া অৱস্থাসমূহ অনুভৱ কৰিব পাৰে—
*বিশৃংখলতা, মূৰ আচন্দ্ৰাই কৰা, দুৰ্বলতা, পোহৰ আৰু শব্দৰ প্ৰতি অসংবেদনশীলতা।
মাইগ্ৰেইনৰ কাৰণ
যদিও মাইগ্ৰেইন কি কাৰণত হয় জনা নাযায়, বংশগত আৰু পাৰিপাৰ্শ্বিক কাৰণকে ইয়াৰ বাবে জগৰীয়া কৰা হয়। প্ৰায় ৮০-৯০% মাইগ্ৰেইনৰ ৰোগীৰ বংশগত কাৰণত বেমাৰটো হোৱা বুলি ভবা হয়। মস্তিষ্কৰ ভিতৰত হোৱা কিছুমান পৰিৱৰ্তনৰ ফলত মাইগ্ৰেইন হোৱা বুলি ঠাৱৰ কৰা হয় আৰু ট্ৰাইজেমিনেল নাৰ্ভ (মুখমণ্ডলৰ বিষ অনুভূতিৰ মুখ্য স্নায়ু) আৰু মগজুৰ কোষৰ মাজত কিছুমান ৰাসায়নিক পদাৰ্থৰ আদান-প্ৰদানত হোৱা তাৰতম্যৰ ফলত সৃষ্টি হোৱা বুলি ভবা হয়। মগজুৰ ভিতৰত নিঃসৰিত এবিধ ৰাসায়নিক দ্ৰব্য, যাক চেৰটনিন বুলি কোৱা হয়, যিয়ে আমাৰ শৰীৰৰ যি কোনো স্নায়ুৰপৰা উৎপন্ন বিষ নিয়ন্ত্ৰণত সহায় কৰে, যি কোনো কাৰণবশতঃ যদি চেৰটনিন নামৰ ৰাসায়নিক পদাৰ্থবিধৰ উৎপত্তি হয়, তেতিয়া তাৰ ফলত substance P নামৰ অন্য এবিধ পদাৰ্থৰ উৎপত্তি হয় আৰু এই substance P-এ স্নায়ুবিলাকৰ মেৰুবিভাজন ঘটোৱাৰ ফলত এক প্ৰকাৰৰ প্ৰদাহৰ সৃষ্টি কৰে আৰু ট্ৰাইজেমিনেল নাৰ্ভৰ গেংলিয়ন (স্নায়ুকোষৰ থূপ) বিলাক আক্ৰান্ত হয়, যাৰ ফলশ্ৰুতিতে মাইগ্ৰেইনৰ উৎপত্তি হোৱা বুলি ভবা হয়। মাইগ্ৰেইনত চেৰটনিনৰ ভূমিকাৰ বিষয়ে গৱেষকসকলে এতিয়াও গৱেষণা চলাই আছে।
মাইগ্ৰেইন বেমাৰক উদ্গনি যোগোৱা কাৰণসমূহ
*মাইকী মানুহৰ ক্ষেত্ৰত হোৱা হৰম’নৰ তাৰতম্য — ইষ্ট্ৰজেন নামৰ হৰম’নৰ তাৰতম্যৰ ফলত বহুতো মাইকী মানুহ মাইগ্ৰেইনৰদ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। সেয়েহে মাইকী মানুহৰ মাহেকীয়া হোৱাৰ আগত বা মাহেকীয়া হোৱাৰ সময়ত যেতিয়া তেজত ইষ্ট্ৰজেন হৰম’নৰ পৰিমাণ কমি যায়, মাইগ্ৰেইনৰ বিষ হোৱা দেখা যায়। গৰ্ভাৱস্থাত বা ৰজোনিবৃত্তিৰ (Menopause) সময়তো এই বিষ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
হৰম’নযুক্ত ঔষধ, যেনে—গৰ্ভনিৰোধক বড়ি, হৰম’ন প্ৰতিস্থাপন পদ্ধতি (Hormone Replacement Therapy) ব্যৱহাৰ কৰা মহিলাৰো এই বিষ হোৱাৰ সম্ভাৱনা থাকে।
*খাদ্য — পুৰণা চিজ্ (Cheese), নিমখীয়া পদাৰ্থ, প্ৰক্ৰিয়াজাত খাদ্য (processed foods) ইত্যাদিৰ ফলতো মাইগ্ৰেইন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সময়মতে কৰিবলগীয়া ভোজন ত্যাগ, উপবাস ইত্যাদিয়েও মাইগ্ৰেইনক উদ্গনি যোগায়।
*পানীয় — এলক’হ’ল, অত্যধিক কেফেইনযুক্ত পানীয়, যেনে—চাহ, কফি ইত্যাদিয়েও মাইগ্ৰেইন হোৱাত উদ্গনি যোগায়।
*মানসিক চাপ — ঘৰুৱা, সামাজিক বা কৰ্মস্থলীত ইত্যাদি বিভিন্ন উৎসৰ লগত জড়িত কোনো মানসিক চাপো মাইগ্ৰেইনৰ এটা মুখ্য কাৰণ।
*স্নায়ুজনিত কোনো উত্তেজনা — উজ্জ্বল পোহৰ, অত্যধিক কোলাহলপূৰ্ণ বাতাৱৰণ, উগ্ৰ গোন্ধ, বেলেগে কৰা ধূম্ৰপানৰ ধোঁৱা ইত্যাদি অৱস্থায়ো মানুহ এজনৰ মগজুৰ কোষক উত্তেজিত কৰি মাইগ্ৰেইনৰ সৃষ্টি কৰিব পাৰে।
*খাদ্যত মিহলি কৰা কিছুমান বিশেষ দ্ৰব্য — মিঠাইৰ মিঠা গুণ বঢ়াবলৈ কৃত্ৰিমভাৱে বনোৱা কিছুমান পদাৰ্থ, মনোছডিয়াম গ্লুকোনেট নামৰ এবিধ সংৰক্ষক (Preservative), যাক বিভিন্ন খাদ্যপদাৰ্থ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়, ইত্যাদিও মাইগ্ৰেইনক উদ্গনি যোগোৱা কাৰক হিচাপে দেখা যায়।
*টোপনিৰ বিন্যাসৰ পৰিবৰ্তন — টোপনি ক্ষতি বা অত্যধিক টোপনি, টোপনিৰ সময়ৰ পৰিৱৰ্তন ইত্যাদি কাৰকবোৰেও মাইগ্ৰেইন ৰোগ হোৱাত প্ৰভাৱ বিস্তাৰ কৰে।
*শাৰীৰিক কাৰক — তীব্ৰ শাৰীৰিক পৰিশ্ৰম, অত্যধিক যৌন ক্ৰিয়া ইত্যাদিও মাইগ্ৰেইনৰ কাৰক হিচাপে কাম কৰে।
*পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন — বতৰৰ পৰিৱৰ্তন বা বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তন ইত্যাদিও মাইগ্ৰেইনৰ কাৰক হ’ব পাৰে।
*কিছুমান ঔষধ — গৰ্ভনিৰোধক বড়ি, কিছুমান Vasodilator, যেনে—নাইট্ৰগ্লিচাৰাইড ইত্যাদিৰ সেৱনৰ ফলতো মাইগ্ৰেইনৰ সমস্যা প্ৰকূপিত হ’ব পাৰে ।
*বংশগতি — প্ৰায় ৮০-৯০% মাইগ্ৰেইনৰ বেমাৰীৰ ক্ষেত্ৰত বংশ-পৰিয়ালৰ কোনো সদস্যৰ মাইগ্ৰেইন থকা দেখা যায় আৰু তেওঁ এইটো বংশগতভাৱে আয়ত্ত কৰে।
*লিংগ — সাধাৰণতে মতা মানুহতকৈ মাইকী মানুহৰ মাইগ্ৰেইনৰ সমস্যাৰদ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি। মাইকী মানুহৰ ইষ্ট্ৰজেন হৰমনৰ তাৰতম্যৰ প্ৰভাৱত বেছিকৈ আক্ৰান্ত হোৱা বুলি ভবা হয়।
#জটিলতা — কেতিয়াবা মাইগ্ৰেইন নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত ঔষধৰ প্ৰয়োগৰ বাবে বা স্বাভাৱিকভাৱেও কিছুমান জটিলতাৰ সৃষ্টি হ’ব পাৰে; যেনে—
*পেটৰ সমস্যা — মাইগ্ৰেইন নিবাৰণৰ বাবে ব্যৱহৃত বিষ নিবাৰক ঔষধৰ বহুল আৰু দীঘলীয়া প্ৰয়োগৰ ফলত মানুহৰ পেটৰ বিভিন্ন ধৰণৰ সমস্যা, যেনে—পেটৰ বিষ, পেটৰপৰা ৰক্তক্ষৰণ, আলচাৰ ইত্যাদি হ’ব পাৰে। তদুপৰি লিভাৰ, কিডনি আদিও আক্ৰান্ত হ’ব পাৰে।
*অত্যধিক ঔষধৰ সেৱনৰ ফলত হোৱা মূৰৰ বিষ — প্ৰত্যেক মাহত মাইগ্ৰেইনৰ বিষৰ বাবে ব্যৱহৃত একেধৰণৰ ঔষধবিলাকে এদিন গৈ বেমাৰবিধত কাম নকৰা হয় আৰু মূৰৰ বিষ বেছি হয়। তাৰ ফলত মানুহজনে অধিক শক্তিশালী ঔষধ সেৱন কৰিবলগীয়া হয় আৰু এই প্ৰক্ৰিয়াটো এনেদৰে চলি থাকে। তদুপৰি অত্যধিক ঔষধ সেৱনৰ ফলত সেই ঔষধৰ পার্শ্বক্ৰিয়া হিচাপেও মূৰৰ বিষ হ’ব পাৰে।
*Serotonin syndrome — ই হ’ল এটা দুৰ্লভ জীৱনৰ প্ৰতি সংশয়যুক্ত অৱস্থা, য’ত আমাৰ স্নায়ুতন্ত্ৰত চেৰটনিনৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পায়।
*জীৰ্ণ মাইগ্ৰেইন — যদি এজন মানুহৰ পোন্ধৰ বা ততোধিক দিন ধাৰাবাহিকভাবে তিনি মাহ ধৰি মূৰৰ বিষ থাকে তেন্তে তেনে মাইগ্ৰেইনক জীৰ্ণ বা Chronic মাইগ্ৰেইন বুলি কোৱা হয়।
*Status migrainous — এইবিধ জটিলতাৰ ফলত মানুহজনৰ তীব্ৰ মূৰৰ বিষ হয় আৰু তিনি দিনৰ বেছি থাকে।
প্ৰতিৰোধ
মাইগ্ৰেইনক প্ৰভাৱিত কৰা কাৰকসমূহৰপৰা এজন মানুহ আঁতৰি থাকিলে এই বেমাৰটো হোৱাৰ সম্ভাৱনা কম থাকে। কিন্তু কিছুমান কাৰকৰপৰা আঁতৰি থকা সম্ভৱ নহয় আৰু কেতিয়াবা এনে কাৰকসমূহৰপৰা আঁতৰি থাকিলেও বাঞ্ছিত ফল পোৱা নাযায়। তথাপি তলত দিয়া সাৱধানতাসমূহ লোৱা উচিত।
*সময়মতে খাদ্য খোৱাৰ অভ্যাস গঢ়িব লাগে
*বিৰুদ্ধ আহাৰ, গৰিষ্ঠ ভোজন, পেটত গেছ উৎপন্নকাৰী খাদ্য, সোনকালে হজম নোহোৱা খাদ্য, যেনে—ৰাজমাহ, মাটিমাহ, ইত্যাদি পৰিহাৰ কৰিব লাগে
*অত্যধিক মানসিক চাপ ত্যাগ কৰিব লাগে
*যথেষ্ট পৰিমাণে পানী খাব লাগে
*ৰাত্ৰি জাগৰণ পৰিহাৰ কৰিব লাগে
*কোলাহলপূৰ্ণ, উগ্ৰ গোন্ধযুক্ত, উজ্জ্বল পোহৰযুক্ত বাতাৱৰণ পৰিত্যাগ কৰিব লাগে
মাইগ্ৰেইনৰ চিনাক্তকৰণ
*সাধাৰণতে লক্ষণৰ ওপৰত ভিত্তি কৰি মাইগ্ৰেইন চিনাক্ত কৰা হয়। বিশ্ব মূৰৰ বিষ সংস্থাই (World Headache Organization) মাইগ্ৰেইনৰ মূৰৰ বিষ চিনাক্ত কৰাৰ বাবে ৫,৪,৩,২,১ নামৰ এটা পদ্ধতি উলিয়াইছে। এই পদ্ধতিটো হ’ল—
*৫ বাৰ বা ততোধিক মাইগ্ৰেইনৰদ্বাৰা আক্ৰান্ত হোৱা
*৪ ঘণ্টা বা অধিক সময় প্ৰত্যেক দিনে মূৰৰ বিষ অনুভূত হোৱা
*৩ দিন সাধাৰণতে মূৰৰ বিষটো থকা
*অতিকমেও মূৰৰ এফালে ২ ঠাইত বিষ অনুভৱ কৰা
*অতিকমেও এটা অতিৰিক্ত লক্ষণ, যেনে—বমি ভাব, বমি, পোহৰ বা শব্দৰ প্ৰতি অসহিষ্ণুতা ইত্যাদি লক্ষণ থকা
আনহাতে মূৰৰ বিষটো কিবা অন্য কাৰণ, যেনে—মগজুত হোৱা টিউমাৰ, ৰক্তবাহী নলী বা স্নায়ুগত বা মগজুৰ ভিতৰৰ অন্য কিবা সমস্যাৰ বাবে জানিবলৈ বেমাৰীক তলত দিয়া পৰীক্ষা-নিৰীক্ষাসমূহ কৰিবলৈ দিয়া হয়—
*তেজৰ পৰীক্ষা — ৰক্তবাহী নলিকাৰ কোনো সমস্যা বা মগজুত হোৱা কোনো সংক্ৰমণ আদি নিশ্চিত কৰিবলৈ তেজৰ পৰীক্ষা কৰা হয়।
*মগজুৰ এম্ আৰ্ আই (MRI) আৰু চি টি স্কেন — মগজুৰ ভিতৰত হোৱা কোনো টিউমাৰ, ৰক্তক্ষৰণ, ৰক্তবাহী নলীৰ বিকৃতি বা গঠনৰ বিকৃতি আদি চিনাক্ত কৰিবলৈ এই দুটা পৰীক্ষা কৰা হয়।
চিকিৎসা
আধুনিক চিকিৎসাবিজ্ঞানত মাইগ্ৰেইনৰ চিকিৎসাৰ বাবে বিষ নিবাৰক ঔষধ, এণ্টি ডিপ্ৰেচেণ্ট ইত্যাদি বিভিন্ন ধৰণৰ ঔষধ লক্ষণ অনুসাৰে প্ৰয়োগ কৰা হয়।
আয়ুৰ্বেদিক দৃষ্টভংগী
আয়ুৰ্বেদত অশুদ্ধ খাদ্যাভ্যাস আৰু জীৱনশৈলীকে মুখ্যতঃ জগৰীয়া কৰা হৈছে। অশুদ্ধ খাদ্যাভ্যাস, যেনে—গৰিষ্ঠ ভোজন, সময়মতে খাদ্য সেৱন নকৰা, গেছ উৎপন্নকাৰী খাদ্য সেৱন আৰু অশুদ্ধ জীৱনশৈলী ৰাত্ৰিজাগৰণ, অত্যধিক মানসিক চাপ, বেছি সময়লৈ পাইখানা, পেচাপ আদিৰ বেগ ধাৰণ কৰা ইত্যাদিৰ প্ৰভাৱত আমাৰ শৰীৰত বাত দোষ প্ৰধানকৈ প্ৰকূপিত হয় আৰু মূৰৰ বিষৰ লগতে অন্যান্য বেমাৰৰ সৃষ্টি কৰে। আয়ুৰ্বেদত কোৱা হৈছে ”বাতাদিতে নাস্তি ৰুজাঃ”, তাৰমানে বাত দোষ অবিহনে কোনো ধৰণৰ বিষ হ’ব নোৱাৰে। আয়ুৰ্বেদত এঘাৰ প্ৰকাৰৰ মূৰৰ বিষৰ কথা কোৱা হৈছে, যেনে—
১) বাতিক — য’ত বাত দোষৰ প্ৰাধান্য থাকে। এনে ধৰণৰ মূৰৰ বিষ হঠাৎ হয় আৰু বিশেষকৈ ৰাতিৰ ভাগত হয়। মূৰত অকণমান হেঁচা বা মালিচ প্ৰয়োগ কৰিলে এই মূৰৰ বিষত আৰাম পোৱা যায়।
২) পিত্তজ — এই মূৰৰ বিষ হ’লে মূৰ আৰু চকুত জ্বলন হয়। ভুক্তভোগীয়ে ঠাণ্ডা পানী, নাৰিকলৰ পানী ইত্যাদি খাবলৈ ইচ্ছা কৰে।
৩) কফজ — কফজ মূৰৰ বিষত মূৰটো গধুৰ গধুৰ অনুভৱ হয়। চর্দি কাহৰ ফলত হোৱা মূৰৰ বিষক ইয়াৰ লগত তুলনা কৰিব পাৰি।
৪) সন্নিপাতজ — এই মূৰৰ বিষত বাত, পিত্ত আৰু কফৰ মিশ্ৰিত লক্ষণ দেখা যায়।
৫) ৰক্তজ — বাতজ মূৰৰ বিষত যেনেকৈ ৰোগী এজনে মালিচ কৰিলে আৰাম পায়, তেনেদৰে ৰক্তজ মূৰৰ বিষত ঠিক তাৰ বিপৰীতে ৰোগীজনে মূৰত কোনো স্পৰ্শ আনকি আঙুলি এটাৰো স্পৰ্শ সহ্য কৰিব নোৱাৰে।
৬) ক্ষয়জ — শৰীৰৰ দুৰ্বলতা, যেনে—পুষ্টিহীনতা, কোনো বেমাৰৰ ফলত শৰীৰ দুৰ্বল হ’লে ইত্যাদি কাৰণত এনে ধৰণৰ মূৰৰ বিষ হয়। এই মূৰৰ বিষত কোনো ধৰণৰ বিষ নিবাৰক ঔষধৰ দৰকাৰ নহয়। এনে ধৰণৰ মূৰৰ বিষযুক্ত ৰোগীক পোষকতত্ত্বযুক্ত খাদ্য বা দুৰ্বলতা দূৰীকৰণৰ বাবে উপযুক্ত খাদ্যৰ দৰকাৰ হয়।
৭) কৃমিজ — শৰীৰৰ তেজত থকা কৃমি গৈ মগজুত থিতাপি ল’লে এনে মূৰৰ বিষ হয় আৰু কেতিয়াবা ৰোগী মূর্ছা যাবও পাৰে।
৮) অৰ্ধাবভেদক — ইয়াক মাইগ্ৰেইনৰ লগত তুলনা কৰা হয়। বাত আৰু কফ দোষ প্ৰকূপিত হৈ মগজুৰ ভিতৰৰ এটা ফালে থিতাপি লৈ স্ৰোতবিলাক অৱৰোধ কৰাৰ ফলত এনে ধৰণৰ মূৰৰ বিষ হোৱা বুলি কোৱা হয়।
৯) অনন্তবাত — এনে ধৰণৰ মূৰৰ লগতে ডিঙিৰ (cervical) বিষো থাকে।
১০) সূর্যাৱৰ্ত — নামটো শুনিলেই গম পোৱা যায় যে সূর্যৰ গতিৰ লগে লগে এই মূৰৰ বিষ বাঢ়ি যায় আৰু সূর্যৰ ৰ’দ যেতিয়া প্ৰখৰ হয়, মূৰৰ বিষো বাঢ়ি যায়।
১১) শংখক — এই ধৰণৰ মূৰৰ বিষত কপালৰ দুই ফালে বিষ হয় আৰু ইয়াক Trigeminal Neuralgiaৰ লগত ৰিজাব পাৰি।
মাইগ্ৰেইনৰ ঘৰুৱা বিধান
*আধা চামুচ গুৰ আধা চামুচ ঘিউৰ লগত মিহলাই হালুৱাৰ নিচিনা বনাই তাত বুটৰ দাইলৰ সমান কৰ্পূৰ মিহলাই ৰাতিপুৱা সূর্যোদয়ৰ এঘন্টা আগত মাহত তিনিদিনকৈ তিনি-চাৰিমাহ সেৱন কৰিলে মাইগ্ৰেইনৰ বিষত সুফল পোৱা যায়।
ৰোগীজনে ঔষধ সেৱন কৰি উঠি এটা বন্ধ কোঠাত, য’ত বতাহ প্ৰৱেশ কৰিব নোৱাৰে, পাংখা, এয়াৰ কুলাৰ ইত্যাদি বন্ধ থাকে, তেনে কোঠাত গৰম কাপোৰেৰে মূৰৰপৰা ভৰিলৈকে ঢাকি এঘণ্টা শুই থাকিব লাগে, যাতে শৰীৰৰপৰা ঘাম নিৰ্গত হয়। এনেকুৱা কৰিলে মাইগ্ৰেইন ঠিক হোৱাৰ সম্ভাৱনা বহু গুণে বাঢ়ি যায়।
মাইগ্ৰেইনৰ আয়ুৰ্বেদিক ঔষধি
মাইগ্ৰেইনৰ বহুতো পেটেন্ট আৰু শাস্ত্ৰীয় ঔষধ বজাৰত উপলব্ধ। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল—
চেফাগ্ৰেইন টেবলেট, শিৰশূলাদি বজ্ৰৰস ইত্যাদি।
এইবোৰৰ উপৰি লক্ষণ অনুযায়ী বিভিন্ন ঔষধ প্ৰয়োগ কৰিবলগীয়া হ’ব পাৰে।
আয়ুৰ্বেদিক পঞ্চকৰ্ম পদ্ধতিত শিৰোধাৰা শিৰোলেপ, শি্যৰোবস্তি, শিৰোনস্য ইত্যাদি প্ৰয়োগ কৰিলে সুফল পোৱা যায়।
যোগাসন
পদ্মাসন, ধনুৰাসন, বৃক্ষাসন, বালাসন, অধোমুখা শৱাসন, উত্তনাসন, জানু শীৰ্ষাসন, পশ্চিমোত্তানাসন, মৎস্যাসন, ঊর্ধ্বমুখ শৱাসন, সেতুবন্ধ, নৌকাসন, শৱাসন, প্ৰাণায়াম আৰু ধ্যান ইত্যাদি এজন যোগ পৰামৰ্শদাতাৰ তত্ত্বাৱধানত শৰীৰৰ শক্তি অনুপাতে কৰিলে সুফল পোৱা যায়।
শেষত সকলোলৈকে এটাই অনুৰোধ—যদি আপোনাৰ সঘনাই মূৰৰ বিষ হৈ আছে তেন্তে ফাৰ্মাচীৰপৰা বিষ নিবাৰক ঔষধ সেৱন কৰি কিছু সময়ৰ বাবে মূৰৰ বিষ দমাই নাৰাখি কোনো চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ ই কোনো ভয়ংকৰ বেমাৰৰ লক্ষণো হ’ব পাৰে।
যিহেতু অশুদ্ধ জীৱনশৈলীয়ে মাইগ্ৰেইনকে ধৰি বিভিন্ন বেমাৰক উদ্গনি যোগায়, গতিকে জীৱনশৈলীৰ কিছু হ’লেও পৰিৱৰ্তন আমি আনিব লাগিবই। বৰ্তমান যুগত মানুহৰ অশুদ্ধ জীৱনশৈলীৰ মুখ্য কাৰণ হ’ল মহতাকাংক্ষা অৰ্থাৎ ভৌতিক বস্তুৰ প্ৰতি লালসা। আজি এখন গাড়ী আছে, কাইলৈ দুখন লাগিব, আজি এটা ঘৰ আছে, কাইলৈ এটা ফাৰ্ম হাউছ লাগিব ইত্যাদি ইত্যাদি। মুঠতে মানুহ কেতিয়াও যিখিনি পায় সেইখিনিতে সন্তুষ্ট নহয়। কিন্ত এই ভৌতিক বস্তুসমূহ আয়ত্ত কৰিবলৈ যাওঁতে আমি নিজৰ স্বাস্থ্যৰ কথা পাহৰি যাওঁ। শেষত ভাগৱত গীতাৰ এটা শ্লোকেৰে আজিৰ এই লেখনীৰ মোখনি মাৰিছো—
ध्यायतो विशयान् पुंसः
सङ्गस्तेशूपजायते।सङ्गात्सजायते कामः
कामात्क्रोधोऽभिजायते।।
—অৰ্থাৎ কোনো বিষয় বা বস্তুৰ চিন্তা কৰিলে তাৰ প্ৰতি আসক্তি উৎপন্ন হয়। আসক্তিৰপৰা তাৰ প্ৰতি কামনাৰ সৃষ্টি হয় আৰু কামনা পুৰণ নহ’লে ক্ৰোধ উৎপন্ন হয়।