• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, March 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Adventure

মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি

মানস বৰুৱা

by Anjan Sarma
June 4, 2023
in Adventure, Inspiration, News
Reading Time: 6 mins read
0
মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি
Share on FacebookShare on TwitterShare on LinkedIn

মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি

মানস বৰুৱা

Manas Barua 2
মানস বৰুৱা

গুৱাহাটী, ৪ জুনঃ বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা সফলতাৰে আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম পৰ্ৱতাৰোহণ সন্থাৰ দলটোক ৰাজ্যৰ বিভিন্ন স্থানত উষ্ম আদৰণি জনোৱা হয়৷

৫৪ দিনীয়া অভিযান সামৰি ৭ জনীয়া অভিযানকাৰী দলটো কালি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়৷ উল্লেখযোগ্য যে ৰেলেৰে অসমলৈ ঘূৰি অহা দলটো যোৱা ২ জুনত কোকৰাঝাৰত উপস্থিত হয়৷ দলটোক তাতে জিলা প্ৰশাসন, আছুকে ধৰি বিভিন্ন দল-সংগঠনে আদৰণি জনায়৷

আনহাতে কোকৰাঝাৰৰপৰা দলটো স্থলপথেৰে গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ পূৰ্ৱে কালি পুৱা কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ (চি আই টি) শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ গুৱাহাটী অভিমুখী দলটোক বঙাইগাওঁ, পাঠশালা আদি একাধিক স্থানত জিলা প্ৰশাসন, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিভিন্ন দুঃসাহসিক ক্ৰীড়া সংগঠন, প্ৰেছ ক্লাৱ আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে৷

RelatedPosts

Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
How Long Can India Survive on Its 100 Million Barrel Oil Reserve as Iran Closes the Strait of Hormuz?

How Long Can India Survive on Its 100 Million Barrel Oil Reserve as Iran Closes the Strait of Hormuz?

March 5, 2026

আনহাতে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা দলটোক উজানবজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উষ্ম আদৰণি জনোৱা হয়৷

অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি কেন্দ্ৰীয় সমিতি আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বহুকেইজন নেতা-কৰ্মী উপস্থিত থাকে৷

  • ama23
  • ama13
  • ama14
  • ama15
  • ama16
  • ama17
  • ama18
  • ama19
  • ama20
  • ama21
  • ama22

অসম পৰ্বতাৰোহণ সন্থাৰ উপদেষ্টা সত্যেন শৰ্মা, সভাপতি দেৱেন্দ্ৰ নাথ মহন্ত, প্ৰৱীণ পৰ্বতাৰোহী পাৰ্ৱতী প্ৰসাদ গৌতম, ৰাজেন্দ্ৰ প্ৰসাদ গৌতমকে ধৰি সন্থাৰ বহুসংখ্যক নৱীন-প্ৰৱীণ সতীৰ্থয়ো দলটোক উষ্ম আদৰণি জনায়৷

আনহাতে এই অনুষ্ঠানতে গুৱাহাটীৰ নৰ্থ ইষ্ট এডভেন্সাৰ ফাউণ্ডেশ্যন, বগামাটিৰ গ্ৰীণ ট্ৰেক এডভেন্সাৰ, গোৰেশ্বৰৰ শিখৰ এডভেন্সাৰকে ধৰি কেইবাটাও দল-সংগঠনেও মাউণ্ট কাঞ্চনজংঘাত সফলতাৰে আৰোহণ কৰা অসমৰ দলটোক আদৰণি জনায়৷

মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি

প্ৰণিধানযোগ্য যে অসম পৰ্বতাৰোহণ সন্থাৰ সদস্যদ্বয় ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে যোৱা ২৫ মে’ৰ পুৱা প্ৰায় ৭.১৫ বজাত ৮,৫৮৬ মিটাৰ উচ্ছতাৰ মাউণ্ট কাঞ্চনজংঘা শৃংগৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল৷ আৰোহণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম কঠিন শৃংগ হিচাপে পৰিচিত মাউণ্ট কাঞ্চনজংঘালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰপৰা এইটোৱেই আছিল কোনো সংগঠনে এককভাৱে চলোৱা আৰু সফলতাৰে শিখৰ আৰোহণ কৰা প্ৰথমটো বৃহৎ অভিযান৷

মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি

এই অভিযানৰ বাবে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বিত্তীয় সাহাৰ্য আগবঢ়াইছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা এই অভিযানৰ চীফ-দা-মিছন আছিল৷ উল্লেখযোগ্য যে দলটোৰ চাৰিজন সদস্য ক্ৰমে ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস আৰু শেখৰ বৰদলৈয়ে যোৱা ১৮ মে’ত প্ৰথম শিখৰ আৰোহণৰ লক্ষ্যৰে অভিযান চলাইছিল৷

দলটোৱে মাউণ্ট কাঞ্চনজংঘাৰ ৮,৪১৬ মিটাৰপৰ্যন্ত আৰোহণ কৰাৰ পাছতো কাৰিকৰী কাৰণত শিখৰলৈ মাত্ৰ ১৭০ মিটাৰ বাকী থকা অৱস্থাত সেইদিনা অভিযান পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল৷ ইয়াৰ ছদিন পাছত দলটোৰ দুই সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে দ্বিতীয়বাৰৰ বাবে ছামিট কেম্পৰপৰা শিখৰ আৰোহণৰ প্ৰয়াস কৰিছিল আৰু এইবাৰ সফলতাৰে শিখৰ আৰোহণ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি

কাঞ্চনজংঘা অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰে ২০১৫ আৰু ২০১৬ বৰ্ষত অসমৰপৰা উলিওৱা এভাৰেষ্ট অভিযান দুটাৰ নেতৃত্ব বহন কৰা ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহী মানস বৰুৱাই৷ উপ দলপতিৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছিল ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্ৱতাৰোহী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী৷ যুটীয়া উপ দলপতিৰ দায়িত্বত আছিল অভিজ্ঞ পৰ্ৱতাৰোহী উপেন চক্ৰৱৰ্তী৷

মাউণ্ট কাঞ্চনজংঘাৰ সফল অভিযানকাৰী দলক উষ্ম আদৰণি

অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ ৭ জনীয়া দলটো যোৱা ১১ এপ্ৰিলত গুৱাহাটীৰপৰা ৰাওনা হৈছিল৷

  • ama5
  • ama11

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে যোৱা ৭ এপ্ৰিলত কইণাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ ফ্লেগ অফ কৰাৰ লগতে অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰিছিল৷

[মানস বৰুৱা, সাধাৰণ সম্পাদক, অসম পৰ্বতাৰোহণ সন্থা, ফোন – ৯৪৩৫১০৬৭৪৮]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Intersectionality and the Spectrum of Autonomy !
Women

Intersectionality and the Spectrum of Autonomy !

by Dikumoni Hazarika
March 7, 2026
0

Intersectionality and the Spectrum of Autonomy ! Dikumoni Hazarika I’m not well-versed in feminist theory; I am just sharing what...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
How Long Can India Survive on Its 100 Million Barrel Oil Reserve as Iran Closes the Strait of Hormuz?

How Long Can India Survive on Its 100 Million Barrel Oil Reserve as Iran Closes the Strait of Hormuz?

March 5, 2026
Why the Middle East Remains a Battlefield: From Ottoman Collapse to Endless Wars

Should the region have slipped into such tension?

March 5, 2026
New Humanism: seeds of the future in a dystopian present

New Humanism: seeds of the future in a dystopian present

March 5, 2026
HCI Climate Impact Tour 2026 – Part 2 : Mumbai

HCI Climate Impact Tour 2026 – Part 2 : Mumbai

March 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Intersectionality and the Spectrum of Autonomy !

Intersectionality and the Spectrum of Autonomy !

March 7, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

Village Rockstars 2 : Rima Das’s Sequel is a Must Watch

March 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3492 shares
    Share 1397 Tweet 873
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d