মাছ ধৰি খায় ঐ লুইতৰ শিহু
সুমিত দাস

মাছ ধৰি খায় ঐ লুইতৰ শিহু
মঙ্গলবাৰে উৰুকা বুধবাৰে বিহু
সোনোৱাল কছাৰীসকলৰ বিহুনামত লুইতৰ শিহুৰ কথা উল্লেখ আছে।শিহুৱে লুইতত মাছ ধৰি খোৱাৰ কথা আছে।
অতীজৰে পৰা মানুহে লুইতত শিহুয়ে জলকেলি কৰাৰ দৃশ্য উপভোগ কৰি আহিছে।পানীৰ ওপৰলৈ ওলাই ক্ষণিকৰ বাবে শব্দ এটাৰ সৃষ্টি কৰি পুনৰ পানীৰ ভিতৰলৈ সোমাই যোৱাৰ নান্দনিক দৃশ্য উপভোগ কৰি আহিছে। শিহু ককা-আইতাহঁতৰ পৰিচিত এবিধ অতি নিমাখিত জলচৰ প্ৰাণী।
শিহু আজিও আছে;পিছে সংখ্যা হ্ৰাস পালে। বিভিন্ন কাৰণত বিগত সময়বোৰত বহুত শিহুৰ মৃত্যু হ’ল।
আমাৰ জন্ম ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা হাতীঘূলি গোহাঁই গাঁৱত। গাওঁখনৰ গাতে-গা লগাই ব্ৰক্ষ্মপুত্ৰ বৈ গৈছিল। তেতিয়া অৱশ্যে ব্ৰক্ষ্মপুত্ৰ কিছু সৰু আছিল।কালক্ৰমত গড়াখহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাত আমাৰ গাওঁখনৰ লগতে বিস্তীৰ্ণ জনবসতিপূৰ্ণ অঞ্চল ব্ৰক্ষ্মপুত্ৰৰ বুকুত যাহ গ’ল।
তেতিয়াৰ সৰু নৈখনে বৃহৎ ৰূপ ধাৰণ কৰিলে। আমাৰ শৈশৱ-কৈশোৰৰ দিনবোৰত শিহু আছিল বিস্ময়। শিহুবোৰে জলকেলি কৰি থকা দৃশ্য চাবলৈ নৈৰ পাৰলৈ ঢপলিয়াই গৈছিলো।পকনীয়াবোৰত শিহুৱে সৰু মাছ ধৰি খাইছিল।পানীৰ উপৰলৈ ওলাই আহি ক্ষণিকৰ বাবে শব্দ এটা কৰি পুনৰ সোমাই যোৱা দৃশ্যটোৱে আমাক বৰকৈ আমোদ দিছিল।
এতিয়া আমি ব্ৰহ্মপুত্ৰ নৈৰ পৰা কেইমাইলমান নিলগলৈ গুচি আহিলো।আগৰ দৰে মন গ’লেই শিহুবোৰে জলকেলি কৰি থকা দৃশ্য উপভোগ কৰিব নোৱাৰোঁ।শিহুৰ সংখ্যাও কমিল।সুযোগ সুবিধা মিলিলে এতিয়াও শিহু চোৱাৰ মানসেৰে নৈৰ কাষ চাপো। কেতিয়াবা শিহুৰ সাক্ষাৎ হয়। কেতিয়াবা বিফল মন লৈ উভতিব লাগে।

কিছুদিনৰ পূৰ্বে আমাৰ অঞ্চলৰ কেইজনমান বয়োজ্যেষ্ঠৰ সৈতে নৈৰ পৰিস্থিতি সম্পৰ্কে অৱগত হ’বলৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় দুৱাৰমুখ কেন’পাচৰ পৰা নৈৰ গতিৰ বিপৰীতে মেচিন নাও এখন লৈ আগবাঢ়িলো।
পিছে পূৰ্বৰ দৰে শিহু চোৱাৰ ভাগ্য উদয় নহ’ল।জলপথেৰে কেইমাইলমান আগবাঢ়ি যোৱাৰ পিছত হঠাৎ আমাৰ ধাৰণাক ভুল প্ৰমাণিত কৰি শিহু এটাই শব্দ কৰি জলৰাশিৰ ওপৰলৈ ওলাই ক্ষণিকতে পুনৰ সোমাই গ’ল।
এই দৃশ্যই আমাৰ লগতে নাঁৱত থকা প্ৰতিজনকে আনন্দ দিলে।কিছুদূৰ আগবাঢ়ি দুখন নদীৰ সংগমস্থল পালোঁ।পাহাৰৰ পৰা খৰস্ৰোতেৰে নামি অহা দিবাং নৈ ব্ৰক্ষ্মপুত্ৰৰ সৈতে মিলিছে।
দুই নদীৰ সংগমস্থলত জলপ্ৰবাহ আন ঠাইবোৰতকৈ কিছু বেছি যেন অনুভূত হ’ল।সেই স্থলৰ সৰু-বৰ পকনীয়াবোৰত একাধিক শিহু দেখাৰ সৌভাগ্য হ’ল। বহুদিনীয়া হেঁপাহ এটাই পূৰ্ণতা পোৱাত আমাৰ মনবোৰো প্ৰফুল্লিত হ’ল।
শিহু এবিধ জলজ স্তন্যপায়ী (Mammal)প্ৰাণী।অসমৰ ব্ৰক্ষ্মপুত্ৰ,সোৱণশিৰি আৰু কলহী(কুলসী)নদীত শিহু পোৱা যায়।ভাৰত, বাংলাদেশ আৰু নেপালৰ ব্ৰক্ষ্মপুত্ৰ-গঙ্গা,মেঘনা আৰু কৰ্ণপুলি নদীতন্ত্ৰত শিহু বিস্তাৰিত।

শিহুৰ সাধাৰণ ইংৰাজী নাম হৈছে Gangetic River Dolphin আৰু বিজ্ঞানসন্মত পৰিভাষাত Platanista gangetica gangetica নামেৰে জনাজাত।
শিহু অনাদিকালৰে পৰা পৃথিৱীত জীয়াই আছে যদিও উইলিয়াম ৰক্সবাৰ্গ নামৰ বিজ্ঞানীগৰাকীয়ে ১৮০১ খ্ৰী:ত ইবোৰক আৱিস্কাৰ কৰে। পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ নদী ডলফিনৰ উপস্থিতি ধৰা পৰিছে। এইসমূহ হৈছে- আমাজন নদী ডলফিন(বট’),ইয়াংজে নদী ডলফিন (বাইজী),সিন্ধু নদী ডলফিন আৰু গঙ্গা নদী ডলফিন (শিহু)।

আন আন স্তন্যপায়ী প্ৰাণীবোৰৰ দৰে শিহুৱে পোৱালি জন্ম দিয়ে আৰু পোৱালিবোৰক গাখীৰ খোৱায়। ইহঁত দৃষ্টিশক্তিহীন।ইটোৱে-সিটোৰ সৈতে শব্দ-কম্পন পদ্ধতি (Echolocation)’ৰে যোগাযোগ ৰক্ষা কৰে। ইহঁতৰ প্ৰধান খাদ্য মাছ।
২০০৮ চনত অসম চৰকাৰে শিহুক জাতীয় জলচৰ প্ৰাণী আৰু ২০০৯ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় জলচৰ প্ৰাণীৰ অভিধাৰে বিভুষিত কৰে।
ভাৰত চৰকাৰৰ দ্বাৰা ১৯৭১ চনত প্ৰণীত বন্যপ্ৰাণী সুৰক্ষা আইন(WPA-1972)’ৰ ১ নং অনুসূচীত অন্তৰ্ভুক্ত কৰি আইনী সুৰক্ষা প্ৰদান কৰিছে। ইহঁতক বধ কৰা কাৰ্য দণ্ডণীয় অপৰাধ। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংস্থা (IUCN)’য়ে ২০০৪ চনত শিহুক বিপন্নপ্ৰায়(Endangered) বুলি ঘোষণা কৰিছে।
বিভিন্ন কাৰণত শিহুবোৰলৈ সংকট নামি আহিছে।ভিন্ন প্ৰান্তত বান্ধ দিয়াৰ ফলত শিহুৰ আৱাসভূমি সংকুচিত হৈ আহিছে।জলত ৰাসায়ণিক পদাৰ্থ মিহলি হোৱাৰ ফলতো শিহুৰ জীৱন-যাপন প্ৰত্যাহ্বানমূলক হৈ পৰিছে। মাছমৰীয়াৰ মিহি সূতাৰ ফাঁচী জালত লাগিও বহুত শিহুৰ মৃত্যু হয়।

নৈৰ বুকুৰ পৰা বালি আহৰণ কৰা মেছিনৰ অংশত লাগিও শিহুৰ মৃত্যুৰ বাতৰিয়ে সংবাদ শীৰ্ষ দখল কৰে।অনেকে অন্ধবিশ্বাসৰ বলি হৈ নিমাখিত প্ৰাণীবিধক বধ কৰি তেল আহৰণ কৰে। বহুত মানুহে শিহুৰ তেলেৰে মালিচ কৰিলে সন্ধিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি বিশ্বাস কৰে।
এনেবোৰ কাৰণতে শিহুয়ে অস্তিত্বৰ সংকটত ভৰি দিছে।শিহু সম্পৰ্কত চৰকাৰী বিভাগ, বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে গৱেষণা অব্যাহত ৰাখিছে। জনসাধাৰণৰ মাজত ব্যাপক জনজাগৰণৰ প্ৰয়োজন হৈছে। জাতীয় জলচৰ প্ৰাণী শিহু সংৰক্ষণৰ স্বাৰ্থত প্ৰতিজন লোক সচেতন হ’ব লাগে।

সুমিত দাস, ছাত্ৰ, উদ্ভিদ বিজ্ঞান বিভাগ, অৰুণাচল বিশ্ববিদ্যালয়
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)