• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

মাছ ধৰি খায় ঐ লুইতৰ শিহু

SUMIT DAS

by Anjan Sarma
March 2, 2024
in Nature, Special Report
Reading Time: 3 mins read
0
মাছ ধৰি খায় ঐ লুইতৰ শিহু
Share on FacebookShare on TwitterShare on LinkedIn

মাছ ধৰি খায় ঐ লুইতৰ শিহু

সুমিত দাস

Sumit Das 1
সুমিত দাস

মাছ ধৰি খায় ঐ লুইতৰ শিহু

মঙ্গলবাৰে উৰুকা বুধবাৰে বিহু

সোনোৱাল কছাৰীসকলৰ বিহুনামত লুইতৰ শিহুৰ কথা উল্লেখ আছে।শিহুৱে লুইতত মাছ ধৰি খোৱাৰ কথা আছে।

অতীজৰে পৰা মানুহে লুইতত শিহুয়ে জলকেলি কৰাৰ দৃশ্য উপভোগ কৰি আহিছে।পানীৰ ওপৰলৈ ওলাই ক্ষণিকৰ বাবে শব্দ এটাৰ সৃষ্টি কৰি পুনৰ ‌পানীৰ ভিতৰলৈ সোমাই যোৱাৰ নান্দনিক দৃশ্য উপভোগ কৰি আহিছে। শিহু ককা-আইতাহঁতৰ পৰিচিত এবিধ অতি নিমাখিত জলচৰ প্ৰাণী।

শিহু আজিও আছে;পিছে সংখ্যা হ্ৰাস পালে। বিভিন্ন কাৰণত বিগত সময়বোৰত বহুত শিহুৰ মৃত্যু হ’ল।

           আমাৰ জন্ম ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা হাতীঘূলি গোহাঁই গাঁৱত। গাওঁখনৰ গাতে-গা লগাই ব্ৰক্ষ্মপুত্ৰ বৈ গৈছিল। তেতিয়া অৱশ্যে ব্ৰক্ষ্মপুত্ৰ কিছু সৰু আছিল।কালক্ৰমত গড়াখহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাত আমাৰ গাওঁখনৰ লগতে বিস্তীৰ্ণ জনবসতিপূৰ্ণ অঞ্চল ব্ৰক্ষ্মপুত্ৰৰ বুকুত যাহ গ’ল।

তেতিয়াৰ সৰু নৈখনে বৃহৎ ৰূপ ধাৰণ কৰিলে। আমাৰ শৈশৱ-কৈশোৰৰ দিনবোৰত শিহু আছিল বিস্ময়। শিহুবোৰে জলকেলি কৰি থকা দৃশ্য চাবলৈ নৈৰ পাৰলৈ ঢপলিয়াই গৈছিলো।পকনীয়াবোৰত শিহুৱে সৰু মাছ ধৰি খাইছিল।পানীৰ উপৰলৈ ওলাই আহি ক্ষণিকৰ বাবে শব্দ এটা কৰি পুনৰ সোমাই যোৱা দৃশ্যটোৱে আমাক বৰকৈ আমোদ দিছিল।

এতিয়া আমি ব্ৰহ্মপুত্ৰ নৈৰ পৰা কেইমাইলমান নিলগলৈ গুচি আহিলো।আগৰ দৰে মন গ’লেই শিহুবোৰে জলকেলি কৰি থকা দৃশ্য উপভোগ কৰিব নোৱাৰোঁ।শিহুৰ সংখ্যাও কমিল।সুযোগ সুবিধা মিলিলে এতিয়াও শিহু চোৱাৰ মানসেৰে নৈৰ কাষ চাপো। কেতিয়াবা শিহুৰ সাক্ষাৎ হয়। কেতিয়াবা বিফল মন লৈ উভতিব লাগে।

dolphin Brahmaputra

কিছুদিনৰ পূৰ্বে আমাৰ অঞ্চলৰ কেইজনমান বয়োজ্যেষ্ঠৰ সৈতে নৈৰ পৰিস্থিতি সম্পৰ্কে অৱগত হ’বলৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় দুৱাৰমুখ কেন’পাচৰ পৰা নৈৰ গতিৰ বিপৰীতে মেচিন নাও এখন লৈ আগবাঢ়িলো।

পিছে পূৰ্বৰ দৰে শিহু চোৱাৰ ভাগ্য উদয় নহ’ল।জলপথেৰে কেইমাইলমান আগবাঢ়ি যোৱাৰ পিছত হঠাৎ আমাৰ ধাৰণাক ভুল প্ৰমাণিত কৰি শিহু এটাই শব্দ কৰি জলৰাশিৰ ওপৰলৈ ওলাই ক্ষণিকতে পুনৰ সোমাই গ’ল।

এই দৃশ্যই আমাৰ লগতে নাঁৱত থকা প্ৰতিজনকে আনন্দ দিলে।কিছুদূৰ আগবাঢ়ি দুখন নদীৰ সংগমস্থল পালোঁ।পাহাৰৰ পৰা খৰস্ৰোতেৰে নামি অহা দিবাং নৈ ব্ৰক্ষ্মপুত্ৰৰ সৈতে মিলিছে।

দুই নদীৰ সংগমস্থলত জলপ্ৰবাহ আন ঠাইবোৰতকৈ কিছু বেছি যেন অনুভূত হ’ল।সেই স্থলৰ সৰু-বৰ পকনীয়াবোৰত একাধিক শিহু দেখাৰ সৌভাগ্য হ’ল। বহুদিনীয়া হেঁপাহ এটাই পূৰ্ণতা পোৱাত আমাৰ মনবোৰো প্ৰফুল্লিত হ’ল।

           শিহু এবিধ জলজ স্তন্যপায়ী (Mammal)প্ৰাণী।অসমৰ ব্ৰক্ষ্মপুত্ৰ,সোৱণশিৰি আৰু কলহী(কুলসী)নদীত শিহু পোৱা যায়।ভাৰত, বাংলাদেশ আৰু নেপালৰ ব্ৰক্ষ্মপুত্ৰ-গঙ্গা,মেঘনা আৰু কৰ্ণপুলি নদীতন্ত্ৰত শিহু বিস্তাৰিত।

river dolphin in assam

শিহুৰ সাধাৰণ ইংৰাজী নাম হৈছে Gangetic River Dolphin আৰু বিজ্ঞানসন্মত পৰিভাষাত Platanista gangetica gangetica নামেৰে জনাজাত।

শিহু অনাদিকালৰে পৰা পৃথিৱীত জীয়াই আছে যদিও উইলিয়াম ৰক্সবাৰ্গ নামৰ বিজ্ঞানীগৰাকীয়ে ১৮০১ খ্ৰী:ত ইবোৰক আৱিস্কাৰ কৰে। পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ নদী ডলফিনৰ উপস্থিতি ধৰা পৰিছে। এইসমূহ হৈছে- আমাজন নদী ডলফিন(বট’),ইয়াংজে নদী ডলফিন (বাইজী),সিন্ধু নদী ডলফিন আৰু গঙ্গা নদী ডলফিন (শিহু)।

Brahmaputra River

আন আন স্তন্যপায়ী প্ৰাণীবোৰৰ দৰে শিহুৱে পোৱালি জন্ম দিয়ে আৰু পোৱালিবোৰক গাখীৰ খোৱায়। ইহঁত দৃষ্টিশক্তিহীন।ইটোৱে-সিটোৰ সৈতে শব্দ-কম্পন পদ্ধতি (Echolocation)’ৰে যোগাযোগ ৰক্ষা কৰে। ইহঁতৰ প্ৰধান খাদ্য মাছ।

২০০৮ চনত অসম চৰকাৰে শিহুক জাতীয় জলচৰ প্ৰাণী আৰু ২০০৯ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় জলচৰ প্ৰাণীৰ অভিধাৰে বিভুষিত কৰে।

ভাৰত চৰকাৰৰ দ্বাৰা ১৯৭১ চনত প্ৰণীত বন্যপ্ৰাণী সুৰক্ষা আইন(WPA-1972)’ৰ ১ নং অনুসূচীত অন্তৰ্ভুক্ত কৰি আইনী সুৰক্ষা প্ৰদান কৰিছে। ইহঁতক বধ কৰা কাৰ্য দণ্ডণীয় অপৰাধ। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংস্থা (IUCN)’য়ে ২০০৪ চনত শিহুক বিপন্নপ্ৰায়(Endangered) বুলি ঘোষণা কৰিছে।

         বিভিন্ন কাৰণত শিহুবোৰলৈ সংকট নামি আহিছে।ভিন্ন প্ৰান্তত বান্ধ দিয়াৰ ফলত শিহুৰ আৱাসভূমি সংকুচিত হৈ আহিছে।জলত ৰাসায়ণিক পদাৰ্থ মিহলি হোৱাৰ ফলতো শিহুৰ জীৱন-যাপন প্ৰত্যাহ্বানমূলক হৈ পৰিছে। মাছমৰীয়াৰ মিহি সূতাৰ ফাঁচী জালত লাগিও বহুত শিহুৰ মৃত্যু হয়।

River Dolphin 3

নৈৰ বুকুৰ পৰা বালি আহৰণ কৰা মেছিনৰ অংশত লাগিও শিহুৰ মৃত্যুৰ বাতৰিয়ে সংবাদ শীৰ্ষ দখল কৰে।অনেকে অন্ধবিশ্বাসৰ বলি হৈ নিমাখিত প্ৰাণীবিধক বধ কৰি তেল আহৰণ কৰে। বহুত মানুহে শিহুৰ তেলেৰে মালিচ কৰিলে সন্ধিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি বিশ্বাস কৰে।

          এনেবোৰ কাৰণতে শিহুয়ে অস্তিত্বৰ সংকটত ভৰি দিছে।শিহু সম্পৰ্কত চৰকাৰী বিভাগ, বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে গৱেষণা অব্যাহত ৰাখিছে। জনসাধাৰণৰ মাজত ব্যাপক জনজাগৰণৰ প্ৰয়োজন হৈছে। জাতীয় জলচৰ প্ৰাণী শিহু সংৰক্ষণৰ স্বাৰ্থত প্ৰতিজন লোক সচেতন হ’ব লাগে।

dolphin Brahmaputra1

সুমিত দাস, ছাত্ৰ, উদ্ভিদ বিজ্ঞান বিভাগ, অৰুণাচল বিশ্ববিদ্যালয়

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Politics of ethnicity and Sub-Nationalism of North East India
Politics

Politics of ethnicity and Sub-Nationalism of North East India

by Editor
August 10, 2026
0

Politics of ethnicity and Sub-Nationalism of North East India Anjashi Sarkar  A two part study comprising the initial stage of...

Read moreDetails
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
The Wrath of Nature : Floods of Assam

The Wrath of Nature : Floods of Assam

July 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d