• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা

গৌতম শৰ্মা

by Anjan Sarma
January 2, 2023
in Special Report, Cultural, Culture, Tourism, Travel
Reading Time: 6 mins read
0
মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা
Share on FacebookShare on TwitterShare on LinkedIn

মাজুলী

গৌতম শৰ্মা

Gautam Sarma
গৌতম শৰ্মা

ঐতিহাসিক, ধর্মীয়, সাংস্কৃতিক আদি বহুবোৰ দিশৰপৰা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰকৃতিৰ মনোমোহা সৃষ্টি নদীদ্বীপ মাজুলী।

আনুষ্ঠানিকভাৱে যোৱা ২০১৮ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ ৩৫ সংখ্যক জিলা ৰূপে স্বীকৃতিপ্ৰাপ্ত মাজুলীৰ ৰং, ৰূপ, সৌন্দৰ্য্যই প্ৰতিপল সকলোকে ইয়ালৈ হাতবাউলি মাতে।
বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতি আৰু ধৰ্মৰ আলয় অসমৰ প্ৰধান এক সাংস্কৃতিক নগৰী হিচাপে খ্যাত নদীদ্বীপ মাজুলিয়ে নিজ অস্তিত্ব প্ৰকাশৰ দিন ধৰি স্বকীয় বৈশিষ্ট্যই সমগ্ৰ বিশ্ববাসীকে মন্ত্ৰমুগ্ধ কৰি আহিছে।

মাজুলীৰ চমু ভূগোল আৰু ইতিহাস :

      ইতিহাসৰ পাত লুটিয়াই লগতে বিবৰ্তিত সময়ৰ মাজৰে নদীদ্বীপ মাজুলীৰ সৃষ্টি, ক্ৰমবিকাশৰ ইতিহাস আৰু ভৌগোলিক পৰিসীমাৰৰ বিষয়ে বিচাৰিলে আমি পাওঁ যে, গুৰুচৰিত, আহোম বুৰঞ্জী ইত্যাদি ঐতিহাসিক সমলসমূহত মাজুলীক ‘মাজালী‘ বুলিহে উল্লেখ আছিল।

এই  মাজালী ভূ-খণ্ডৰ কোনো নিৰ্দিষ্ট পৰিসীমা নাছিল যদিও দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ভূ-খণ্ডকেই মাজালী বুলি জনা গৈছিল।

ব্ৰহ্মপুত্ৰই যেতিয়া গতি সলাই দিহিঙৰ লগ লাগে তেতিয়াৰে পৰা এই মাজালী বা পাছলৈ মাজুলী নদীদ্বীপটো সৃষ্টি হৈছিল। প্ৰচলিত এক জনশ্ৰুতি মতে, তুংখুঙীয়া ফৈদৰ আহোম ৰজা গদাধৰ সিংহৰ দিনত এটা প্ৰবল বানপানীতেই বৰলুইতে গতি সলাই দিহিঙৰ সৈতে মিলি মাজুলী নদীদ্বীপৰ আকাৰ লয়।

উল্লেখনীয় যে, আহোম ৰজা লক্ষ্মীসিংহৰ দিনত ১৭৭৭ চনত বেঙেনাআটী সত্ৰক দিয়া ভূমিদান আৰু পাইক নিবন্ধনৰ তাম্ৰ ফলিতো মাজালী শব্দটোহে ব্যৱহাৰ কৰা হৈছিল।

খ্ৰীষ্টীয় ষোড়শ শতিকাৰ দ্বিতীয় দশকত চিলাৰায়ে আহোম-কোচ সংঘৰ্ষৰ সংক্ৰান্তত এবাৰ এনেদৰে উল্লেখ কৰিছিল -“মাল শুক্লে গৈ মাজালীত বহিলেগৈ।” অন্যহাতেদি আহোম ৰজা জয়ধ্বজ সিংহইৰ দিনতহে মাজুলীয়ে নদীদ্বীপৰ আকাৰ লৈছিল বুলি লেখক নকুলচন্দ্ৰ ভূঞাই মতপোষণ কৰিছে।

মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা
Image: Dhrubazaanphotography

      আকৌ ব্ৰিটিছ ঔপনিবেশিক শাসনৰ কালৰ লেখকসকলৰ লেখনিটো মাজালী বা মাজুলীৰ বিষয়ে কেতবোৰ তথ্য পোৱা যায়। ডঃ জন পিটাৰ ৱেদে অষ্টাদশ শতিকাৰ শেষ দশকতো মাজালী শব্দটো ব্যৱহাৰ কৰি ইয়াৰ দীঘ-প্ৰস্থ ক্ৰমে ১৫০ আৰু  ৬০ মাইল বুলি উল্লেখ কৰি গৈছে। ‘গেজেটা অফ বেংগল এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া’ৰ উল্লেখ অনুসৰি, ১৯০১ চনত মাজুলীৰ আয়তন ৪৮৫ কিলোমিটাৰ আছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন অধ্যাপক ড° ডম্বৰুধৰ নাথৰ মতে, সপ্তদশ শতিকাৰ মাজভাগ পৰ্যন্ত মাজুলীৰ অৱস্থিতি চাপৰি এটাৰ দৰে আছিল যদিও ই দক্ষিণৰ স্থলভাগৰ সৈতে মুক্তভাৱে সংলগ্ন আছিল; দিহিং আৰু দিখৌৰ জলধাৰা এক হৈ প্ৰবাহিত হোৱাৰ পাছতহে ইয়াৰ আকৃতি নদীদ্বীপৰ দৰে হয়। তেখেতে সপ্তদশ শতিকালৈকে মাজুলী দক্ষিণ পাৰৰ বৰ্তমানৰ মূল ভূ-ভাগৰ সৈতে মিলি আছিল বুলি ক’ব খোজে।

এইফালৰ পৰা চাবলৈ গ’লে পূৰ্বৰ ব্ৰহ্মপুত্ৰখন মাজুলীৰ উত্তৰ পাৰেদি বৈ গৈছিল। মুঠৰ ওপৰত, মাজালী বা মাজুলী নদীদ্বীপটোৰ সৃষ্টি যেনেদৰেই নহলেও এটা কথাত সকলোৱে আজি একমত যে ব্ৰহ্মপুত্ৰ, দিহিং, দিখৌ আদি নৈসমূহৰ গতি পৰিবৰ্তনৰ ফলতেই যে এই নদীদ্বীপটো এদিন সৃষ্টি হৈ ক্ৰমশঃ বসবাসৰ উপযোগী হৈছিল।

      মাজুলী শব্দটোৰ বুৎপত্তিগত অৰ্থ সম্পৰ্কত সাহিত্যচাৰ্য অতুলানন্দ হাজৰিকাই কৈছে ‘মা’ আৰু ‘জুলী’ শব্দ দুটাৰ অৰ্থ হৈছে ক্ৰমে লক্ষ্মী আৰু জোলোঙা; অৰ্থাৎ মাজুলী শব্দৰ অৰ্থ হৈছে লক্ষ্মীৰ ভঁৰাল। কিয়নো একালত শস্যে-মৎস্যে নদন-বদন আছিল বাবেই এই ঠাইখনক মাজুলী হিচাপে জনা গৈছিল।

মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা
Jengraimukh; Image: Phanindra

ভৌগোলিক অধ্যয়নে পৰিষ্কাৰকৈ কয় যে দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু উত্তৰে খেৰকুটীয়া সুঁতিৰ লগতে সোৱণশিৰী লগ হৈ এই নদীদ্বীপটো সৃষ্টি কৰিছে। ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বৰ্তমান মাজুলী নদীদ্বীপে প্ৰকৃতাৰ্থত ক’বলৈ গ’লে নদীদ্বীপৰ সংজ্ঞা হেৰুৱাই উত্তৰ-পূব অংশৰে ঢকুৱাখনা আৰু ধেমাজিৰ স্থলভাগৰ সৈতে সংযুক্ত হৈ আছে।

ধেমাজি, ঢকুৱাখনাক মাজুলীয়ে পৃথক কৰি ৰখোৱা ব্ৰহ্মপুত্ৰৰ খেৰকুটীয়া সংযোগী সুঁতিটোকো ইতিমধ্যে বন্ধ কৰা হৈছে। আকৌ মাজুলীৰ ব্ৰহ্মপুত্ৰৰ পাৰে-পাৰে দক্ষিণ অংশৰে এটি মথাউৰী নিৰ্মাণ কৰি ধেমাজি জিলাৰ চিচিবৰগাঁও পৰ্যন্ত সংযোগ কৰাত মাজুলীৰ উত্তৰ-পূব দিশে থকা দ্বীপৰ মৰ্যদা তথা পৰিচয়ো নাইকিয়া হৈ পৰিছে।

      ইতিহাসৰ পাতত বিশেষকৈ আহোম বুৰঞ্জীৰ আলম লৈ এটা কথা জনা গৈছে যে পুৰণি অসমত ‘ৰতনপুৰ’ নামৰ ঠাইখনে বিশেষ গুৰুত্ব পাইছিল। পিছে সেই ৰতনপুৰখন বৰ্তমানৰ মাজুলীৰ ৰতনপুৰখনেই আছিলেনে অন্য ক’ৰবাৰ ঠাই আছিল তাক লৈ বহু অভিমত দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে, পুৰণি অসমত ৰচিত ‘যোগিনীতন্ত্ৰ’ গ্ৰন্থৰ মতে, ধৰ্মপাল নামৰ এজন ৰজাৰ পুতেক ৰামচন্দ্ৰই ৰত্নপুৰ বা ৰতনপুৰত ৰাজধানী স্থাপন কৰিছিল। ৰামচন্দ্ৰৰ আগতো বহু ৰজাই এই ৰতনপুৰত ৰাজত্ব কৰিছিল বুলি গ্ৰন্থখনিত উল্লেখ আছে। সি যি কি নহওক, প্ৰকৃতপক্ষে ক’বলৈ গ’লে নদীদ্বীপ মাজুলীৰ আচল ইতিহাস আৰম্ভ হৈছিল মাজুলীত সত্ৰ স্থাপন আৰু সত্ৰীয়া-সংস্কৃতি বিকাশৰ পিছৰ সময়খিনিৰ পৰাহে।

মাজুলীখন কৃষ্টি-সংস্কৃতি আৰু সত্ৰনগৰী হিচাপে খ্যাত হোৱাৰ মূলতেই আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মধ্যযুগৰ অসমত যেতিয়া ধর্মৰ নামত অধর্মৰ উত্থান ঘটিছিল, ধৰ্ম ৰক্ষাৰ নামত নানান অযথা অপকৰ্মবোৰে সমাজ জীৱনক কলুষিত কৰিছিল তেতিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৰ্থাৎ গুৰুজনাই সমগ্ৰ ভাৰত ভ্রমী সৰ্বভাৰতীয় প্ৰেক্ষাপটত সেইসময়ত প্ৰবলভাৱে সমাদৰতা লাভ কৰা ভক্তি আন্দোলনৰ এটি সুঁতি অসমলৈও বোৱাই আনে।

এই ভক্তি আন্দোলনৰ প্ৰভাৱতেই অসমত একশৰণ নামধৰ্ম অৰ্থাৎ নৱবৈষ্ণৱ ধৰ্মীয় দৰ্শনে প্ৰবলভাৱে জনপ্ৰিয় হৈ পৰিছিল। এক কথাত এয়া আছিল এক ধৰ্মীয় আন্দোলন; যাক আমি আজি মধ্যযুগৰ অসমৰ ইতিহাসৰ নৱবৈষ্ণৱ আন্দোলন হিচাপে জানো। এই নৱবৈষ্ণৱ আন্দোলনৰ ছাঁয়াতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্যসকলৰ নেতৃত্বত প্ৰথমে সত্ৰানুষ্ঠানৰ বিকাশ ঘটিছিল।

মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা

এই সত্ৰসমূহৰ যোগেদিয়েই শংকৰদেৱৰ দ্বাৰা প্ৰবৰ্তিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি সাধাৰণ লোকসকল গভীৰভাৱে আকৰ্ষিত হৈছিল। উল্লেখযোগ্য যে, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ ধুৱাহাট বা বেলগুৰি সত্ৰখনেই হৈছে মাজুলীৰ তথা উজনি অসমৰ প্ৰথম সত্ৰ।

     নামনি আৰু মধ্য অসমত থকাৰ কালছোৱাত গুৰুজনাই ধৰ্মপ্ৰচাৰত বহু প্ৰতিবন্ধকতাৰ সন্মুখীন হ’ব লগা হৈছিল। বিশেষকৈ কছাৰীসকলৰ উপৰ্যুপৰি আক্ৰমণ সহিব নোৱাৰি গুৰুজনাই শিষ্যসকলৰ সৈতে উজনিৰ ফাললৈ উজাই যাবলৈ ঠিৰাং কৰে।

সেই উদ্দেশ্যে কিছু শিষ্যক লগত লৈ ব্ৰহ্মপুত্ৰইদি উজাই গুৰুজনাই বিশ্বনাথ ঘাট পালেগৈ; তাতে কিছুদিন জিৰণি লৈ আকৌ উজাই গ’ল। ব্ৰহ্মপুত্ৰৰ মূল সুঁতি এৰি কলাকটা নামৰ এটা চেৰাসুঁতিয়েদি উজাই গৈ পাৰ পাই তাতে নাও বান্ধিলে। পাৰৰ হাবি-বন কটাই তাতে নামঘৰ, মণিকূট সজাই হৰিনাম আৰু ধৰ্মপ্ৰচাৰৰ মেলা পাতিলে। গুৰুজনাই নতুনকৈ খোপনি পোতা এই ঠাইখনেই আছিল মাজুলীৰ ধুৱাহাট।

পিছত এই ঠাইখন বহু বেলগছেৰে ভৰি পৰা কাৰণে এই ধুৱাহাটেই এদিন বেলগুৰি নাম পালে। আটাইতকৈ উল্লেখনীয় কথাটো হ’ল যে, এই ধুৱাহাটতেই শংকৰদেৱে তেওঁৰ প্রিয় আৰু প্ৰধান শিষ্য মাধৱদেৱক লগ পাইছিল। ১৫২২ চনৰ শংকৰ-মাধৱৰ এই ঐতিহাসিক সাক্ষাৎতকেই অসমৰ ইতিহাসত ‘মণিকাঞ্চন সংযোগ’ হিচাপে জনা যায়।

অন্যহাতেদি আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত মাজুলীৰ সত্ৰানুষ্ঠানসমূহলৈ এক নতুন পৰিৱৰ্তন আহিছিল। কিয়নো আহোম ৰজাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা আউনীআটী, দক্ষিণপাত, গড়মূৰ আদি সত্ৰসমূহ মাজুলীত প্ৰতিষ্ঠা কৰা হয়। যিকেইখন সত্ৰক ৰজাঘৰীয়া সত্ৰৰূপেও জনা গৈছিল; আৰু লাহে-লাহে বেঙেনাআটী, ভোগপুৰ, কমলাবাৰী, চামগুৰিকে ধৰি শতাধিক সত্ৰ প্ৰতিষ্ঠাৰে মাজুলী নৱবৈষ্ণৱ আন্দোলনৰ এক প্ৰধান ঠাইলৈ পৰ্যবেসিত হয়।

মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা
Image: P.Phukan

     সত্ৰৰোত্তৰ মাজুলীৰ ইতিহাস প্ৰকৃতপক্ষে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়েই আৰম্ভ কৰিছিল। যিয়ে সত্ৰ তথা ধৰ্মীয় আঁৰ কাপোৰ আঁতৰাই নিজ পৰাধীন দেশক স্বাধীন কৰাৰ লক্ষ্যৰে ব্ৰিটিছ ঔপনিবেশিক শক্তিৰ শাসন আৰু শোষণৰ বিৰুদ্ধে ওলাই আহিছিল।

পোনপ্ৰথমে যদিও তেখেতে প্রত্যক্ষভাৱে স্বাধীনতা আন্দোলনত যোগদান কৰা নাছিল তথাপিও কিন্তু পঞ্চায়ত, সমবায় আন্দোলন আদিৰ মাধ্যমেদি মহা মানৱ মহাত্মা গান্ধীৰ বাণীবোৰ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদ্দেশ্যবোৰৰ বিষয়ে ৰাইজক অৱগত কৰিছিল।

স্বাধীনোত্তৰ অৰ্থাৎ স্বাধীনতাৰ পাছত বিশেষকৈ সত্তৰ দশকৰ পিছৰ কালছোৱাত নদীদ্বীপ মাজুলীৰ ইতিহাসলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আহে। কিয়নো ১৯৭৯ চনত মাজুলীক যোৰহাট জিলাৰ এটি মহকুমা হিচাপে ঘোষণা কৰা হৈছিল; ইয়াৰ লগে লগে মাজুলীৰ প্ৰশাসনিক কাৰ্যালয়সমূহ প্ৰতিষ্ঠা হয়।

ফলত পৰোক্ষভাৱেই মাজুলীৰ সমাজ, সংস্কৃতি, অৰ্থনীতি আদি সকলো দিশলৈ কেতবোৰ নতুন পৰিৱৰ্তন আহে। ধৰ্মীয় আবেষ্টনীৰ পৰা মুক্ত কৰি আধুনিকতাৰ ফালে আৰু অধিক গতি কৰোৱাত মাজুলীত ছপা যন্ত্ৰ স্থাপন, আসাম বিলাসিনীৰ দৰে সংবাদপত্ৰ প্ৰকাশ, সত্ৰীয়া-সংস্কৃতিৰ প্ৰসাৰ, গীত-মাত, মাজুলীৰ লোক-পৰম্পৰা, মৃৎশিল্প, মুখাশিল্পৰ লগতে জনজাতীয় সংস্কৃতিয়েও এক বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।

২০১৬ চনত মাজুলীক জিলাৰূপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰি  ২০১৮ চনৰ ৮ ছেপ্টেম্বৰত ইয়াক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে।

নৱ স্বীকৃতিপ্ৰাপ্ত অসমৰ ৩৫ সংখ্যক জিলাৰ শাৰীত অন্তৰ্ভুক্ত বৰ্তমানৰ মাজুলী বুলি ক’লে উত্তৰে লখিমপুৰ আৰু ধেমাজি জিলা, দক্ষিণে যোৰহাট জিলা, পূবে শিৱসাগৰ আৰু পশ্চিমে গোলাঘাট আৰু শোণিতপুৰ জিলাৰ সীমাই বেৰি থকা ২৬°৪৫ উত্তৰ অক্ষাংশৰ পৰা ২৭°১২ উত্তৰ অক্ষাংশ আৰু ৯৩°৩৯ পূব দ্ৰাঘিমাংশৰ ভিতৰৰ ভূখণ্ডকে বুজোঁ; আৰু শেহতীয়া সমীক্ষা অনুসৰি ইয়াৰ বৰ্তমানৰ মুঠ মাটিকালি হৈছে ৩৫২ বৰ্গকিলোমিটাৰ।

majuli4

মাজুলীৰ জনগাঁথনি :

      বুৰঞ্জী, লোককথা, কিম্বদন্তি অনুসৰি মাজুলীত ১৪ শ শতিকা পৰ্যন্ত চুতীয়া, কছাৰীসকলে ৰাজত্ব কৰিছিল। সেয়েহে চুতীয়া, কছাৰীসকলকে মাজুলীৰ ভূমিপুত্ৰ হিচাপে জানি অহাৰ লগতে মেচসকলো হৈছে মাজুলীৰ বহু পুৰণি অৰ্থাৎ খিলঞ্জীয়া ভূমিপুত্ৰ।

অন্যহাতেদি মাজুলীত বাস কৰা নাথসকলেও নিজকে মাজুলী যিমান দিন পুৰণি তেওঁলোকো সিমান দিনৰে পুৰণি বুলি দাবী কৰি আহিছে। কৈৱৰ্তসকলো মাজুলীৰ অন্যতম পুৰণি বাসিন্দা। কিয়নো শংকৰদেৱে মাধৱদেৱক ধুৱাহাটত লগ পোৱাৰ সময়তেই মাজুলীত কৈৱৰ্তসকল থকাৰ কথা জনা যায়। কোচসকলো মাজুলীৰ অন্যতম পুৰণি ভূমিপুত্ৰস্বৰূপ। এইসমূহৰ উৰ্দ্ধত মাজুলীখন বহুকেইটা জনজাতিৰো অতি পুৰণি আবাসস্থল।

নদীদ্বীপ মাজুলীত বাস কৰা প্ৰধান জনজাতি কেইটা হৈছে মিচিং, দেউৰী আৰু সোণোৱালা কছাৰী। এক ক্ৰমশঃ গতিত এই জনজাতিকেইটাই বিভিন্ন ঐতিহাসিক পৰিঘটনাৰ মাজেৰে মাজুলীত পদাৰ্পন কৰিছিল; যিসকল জনজাতিৰ লোকৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি তথা নিত্য-নৈমিত্তিক কাৰ্যসমূহে আজি সত্ৰীয়া-সংস্কৃতিৰ বৰঘৰ মাজুলীক প্ৰবলভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

এই জনজাতীয় লোকসকলক লৈ জনজাতীয় আবাসস্থল হিচাপে মাজুলীক আমি পৰৱৰ্তী সময়ত অলপ মূল্যায়ন কৰিবলৈ প্ৰয়াস কৰিম। এইক্ষেত্ৰত আমি মাজুলীৰ জনজাতিসকলৰ চমু পৰিচয়ৰ, তেওঁলোকৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ লগতে, সত্ৰ তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱত তেওঁলোকৰ জীৱনলৈ অহা বিশেষ পৰিৱৰ্তন সমূহৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।

মাজুলীৰ জনজাতীয় লোকসকল :

১/ মিচিংসকল : মাজুলীৰ জনজাতীয় সমাজখনক মিচিংসকলেই সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিছে। মাজুলীৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধেকৰ ওচৰলৈকে অৰ্থাৎ ৪৭% মান এই মিচিং জনজাতীয় লোকেৰে চহকী।

মাজুলীৰ মিচিংসকলৰ তেওঁলোকৰ প্ৰধান মুঠ ৯ টা খেলৰ ভিতৰত দহগাম, দাম্বুকিয়াল, বৰগাম আদি মিচিংসকলে সমৃদ্ধ কৰিছে। জীৱন ধাৰণ তথা সামাজিক, সাংস্কৃতিক আদি বৈশিষ্ট্যৰ ফালৰপৰা ৰাজ্যখনৰ অন্যান্য প্ৰান্তত থকা মিচিংসকলৰ দৰেই মাজুলীৰ মিচিংসকলে তেওঁলোকৰ বিভিন্ন লোকবিশ্বাস, লোকপৰম্পৰা, উৎসৱ-পৰ্ব আদিবোৰ ধৰি ৰাখিছে।

অন্যহাতেদি, গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা একশৰণ নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত মাজুলীৰ মিচিংসকলে নিজৰ স্বকীয় বৈশিষ্ট্যসমূহ ধৰি ৰখাবলৈ প্ৰয়াস কৰাৰ লগতে স্থানীয় অন্য লোকৰ দৰে নানান উৎসৱসমূহ আদি যেনে বিহু, পূজা, নাম-প্ৰসংগ, নাট-ভাওনা, ৰাস আদি ধৰ্মীয় পৰম্পৰাসমূহো সুকলমে পালন কৰি অহাটো দৃষ্টিগোচৰ হৈছে।

মাজুলীৰ মিচিংসকলে ব’হাগ বিহুৰ প্ৰথম দিনাই ভাওনা কৰাটো আজি এটা বহুজনপ্ৰিয় ৰীতি; য’ত তেওঁলোকে অতি উলহ-মালহেৰে যোগদান কৰি আহিছে। ৰাসোৎসৱৰ অভিনয়, বৰগীতকে ধৰি সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শনতো মাজুলীৰ মিচিংসকক বিশেষভাৱে পাৰ্গত।

     সত্ৰসমূহৰ লগত মাজুলীৰ মিচিংসকলৰ এক নিবিড় সম্পৰ্ক আছে। যাক আমি এক অতি ঐতিহাসিক তথা পুৰণি সম্পৰ্ক বুলি ক’লেও ভুল নহ’ব। মাজুলীৰ মিচিং গাঁওসমূহত গৈ সত্ৰৰ সত্ৰাধিকাৰসকলে শৰণ-ভজন দিয়া উদাহৰণো মাজুলীৰ মিচিং জনজাতীয় লোকসকলৰ জীৱনৰ প্ৰধান এক বিশেষত্ব।

এই ব্যবস্থাৰ দ্বাৰা এই জনজাতীয়মূলৰ লোকসকলক সত্ৰৰ শিষ্যত্ব প্ৰদান কৰাৰ লগতে সত্ৰসমূহৰ প্ৰতি তেওঁলোকৰ আনুগত্যতাকো আদায় কৰা হয়। শিষ্যত্ব গ্ৰহণৰ ঠিক পাছতেই সত্ৰৰ প্ৰতি দান-দক্ষিণা দিয়া, শৰণ-ভজন দিয়া গুৰুক সেৱা কৰা আদি বৈষ্ণৱ পৰম্পৰাসমূহো তেওঁলোকৰ বাবে নিয়মত পৰিণত হয়।

majuli3

অন্যহাতেদি সত্ৰৰ শিষ্যত্ব গ্ৰহণৰ পাছতেই তেওঁলোকে সত্ৰৰ তত্ত্বাৱধানত থকা দেৱোত্তৰ বা ব্ৰহ্মোত্তৰ মাটিত খেতি কৰাৰো সুযোগ পায়; যিটো দিশৰ সৈতে এইসকল জনজাতীয় লোকৰ অৰ্থনৈতিক দিশটোও সংযুক্ত হৈ পৰে। এনেকৈ শিষ্যত্ব গ্ৰহণৰ লগতে সত্ৰৰ মাটিত খেতি কৰিবলৈ লোৱাৰ ফলত এইসকল জনজাতীয় লোকৰ সত্ৰলৈ সঘন আহ-জাহৰ ফলত দৈনন্দিন জীৱন ধাৰণ, চাল-চলন, ৰুচিবোধ আদিলৈ কোনেও নভবাকৈয়েই এক নতুন পৰিৱৰ্তন আহে। যি পৰিবৰ্তনৰ ফলত আজি মাজুলীত বাস কৰা বহু মিচিং জনজাতীয় লোকে কেতবোৰ নতুন ৰীতি-নীতিক আঁকোৱালি লোৱাটো সততে আমাৰ দৃষ্টিগোচৰ হৈ আহিছে; য’ত সত্ৰীয়া-সংস্কৃতি আৰু জনজাতীয় সংস্কৃতিৰ সংমিশ্ৰণৰে গঠিত এখন নতুন ছবি পৰিস্ফুট হৈছে।

      সত্ৰানুষ্ঠানসমূহৰ প্ৰভাৱতেই মাজুলীৰ মিচিং লোকসকলে ভকতীয়া প্ৰথাৰে পূজা-অৰ্চনা কৰিবলৈ শিকিলে। চাকি জ্বলোৱা, শৰাই পতা, দক্ষিণা আগকৰা, ঢাৰি পাৰি বহা, গুৰু সেৱা কৰা আদি কামবোৰ কৰিবলৈ লোৱাৰ লগতে ‘সাধুবুঢ়া’ বা সাতোলা ভকতৰ যোগেদি পূজা-পৰ্ব আদি ধৰ্মীয় কামসমূহ কৰি নাম-কীৰ্তন কৰিবলৈ শিকিছে। সাধুবুঢ়াই নাম-কীৰ্তনৰ শেষত আৰ্শীবাদ দিয়া প্ৰথা প্ৰবৰ্তনৰ লগতে আৰ্শীবাদসমূহতো বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰা দেখা গৈছে।

সকামত ব্যৱহাৰ কৰা চাকি, শৰাই, দক্ষিণা, ঢাৰি ইত্যাদিবোৰ সত্ৰৰ প্ৰভাৱৰ পৰাই তেওঁলোকৰ জীৱনলৈ অহা বুলি ক’ব পৰা যায়; কিয়নো মিচিংসকলে পূৰ্বে কেতিয়াও চাকি জ্বলাই পূজা কৰাৰ উদাহৰণ পোৱা নাযায়। লগতে ভকতীয়া সকামত যেনেদৰে প্ৰাৰ্থনা কৰা, নাম গোৱা, আৰ্শীবাদ দিয়া ধৰ্মীয় প্ৰথাবোৰো পূৰ্বে তেওঁলোকৰ জীৱনত নাছিল।

সেয়েহে আমি নিঃসন্দেহে এই পৰম্পৰাবোৰ সত্ৰৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱতেই যে তেওঁলোকৰ জীৱনলৈ আহিল তাত আমি নিশ্চিত হ’ব পাৰোঁ। তদুপৰি তেওঁলোকৰ জীৱনৰ কেতবোৰ সংস্কাৰ যেনে- বিয়া, শ্ৰাদ্ধ, বছেৰেকীয়া সকাম আদিতো মহাপুৰুষীয়া অৰ্থাৎ একশৰণ নামধৰ্মৰ প্ৰভাৱ পৰাটো আজি আমাৰ দৃষ্টিগোচৰ হৈছে।

     বৰ্তমান মাজুলীৰ মিচিং গাঁওসমূহতো বহু নামঘৰ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বাবে এই নামঘৰেই হৈছে বহু পবিত্ৰ অনুষ্ঠান আৰু স্থান। মাজুলীৰ মিচিং জনজাতীয় লোকসকলৰ দ্বাৰা তেওঁলোকৰ গাঁওসমূহত এনেধৰণৰ নামঘৰ প্ৰতিষ্ঠা, মণিকূট নিৰ্মাণ, কীৰ্তন পুথি, নামঘোষা, গীতা, ভাগৱত আদি পবিত্ৰ গ্ৰন্থসমূহ তাত সংৰক্ষণ, পুৱা-গধূলি নাম প্ৰসংগ কৰা, শংকৰদেৱৰ-মাধৱদেৱৰ তিথি পালন, জন্মাষ্টমী, পিতৃ-মাতৃৰ বছেৰেকীয়া তিথি পালন আদি পৰ্ববোৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱৰেই কাৰণ।

majuli10
Image: zenithbuzz.in

তদুপৰি ভাওনা সবাহ, ৰাসোৎসৱৰ আয়োজন কৰা আদি কাৰ্যবোৰো মাজুলীৰ মিচিং জনজাতীয় লোকসকলৰ জীৱনৰ প্ৰধান অন্যতম বিশেষত্ব। উল্লেখযোগ্য যে, মাজুলীৰ চুমেমাৰী মিচিংগাঁৱৰ ৰাসোৎসৱ আকৰ্ষণৰ অন্য এক থলী।

এইসমূহ দিশৰপৰা চাবলৈ গ’লে মাজুলীৰ মিচিংসকলৰ মাজত সাংস্কৃতিক, আধ্যাত্মিক তথা ধৰ্মীয় কাম-কাজসমূহত আজি সত্ৰ আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱ ব্যাপকৰূপত পৰিছে যেন অনুমান হয়।

বিশেষকৈ সত্ৰানুষ্ঠানসমূহৰ গতিশীল আৰু সুন্দৰ কাৰ্যৱলীয়েই যে এই জনজাতীয় লোকসকলক সত্ৰৰ অতি ওচৰ চপাই আনিলে তাত হয়তো কাৰো দ্বীমত নাই। প্ৰণিধানযোগ্য যে, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ গোস্বামীৰ প্ৰয়াসতেই পোনপ্ৰথমে মাজুলীৰ অসংখ্য মিচিং লোকে বৈষ্ণৱ ধৰ্মলৈ আহি ক্ৰমাৎ বিভিন্ন সত্ৰীয়া ৰীতি-নীতিবোৰ গ্ৰহণ কৰিছে।

আকৌ ভোগপুৰ সত্ৰৰ প্ৰভাৱত চুবুৰীয়া কিছুমান মিচিংগাঁও যেনে- সোণোৱাল, বৰপমুৱা, জতীয়া, তামোলনী, জকাইচুক, মৰিতুনী আদিৰ মিচিং লোকসকলে বিশেষকৈ পুৰুষসকলে পোন্ধ মাৰি চুৰিয়া পিন্ধা, খোপা বন্ধা আদি অভ্যাসসমূহ কৰিবলৈ ল’লে। ৰাসোৎসৱৰ সময়তো তেওঁলোকে সত্ৰসমূহলৈ আহি আখৰা চাবলৈ ল’লে, লগতে তেওঁলোকৰ দৈনন্দিন জীৱনত ব্যৱহৃত কিছুমান কথাটো সত্ৰীয়া বা একশৰণ নামধৰ্মৰে সমন্ধবাচক কেতবোৰ শব্দ ব্যৱহাৰ কৰিবলৈ শিকিছে।

majuli7

     সত্ৰানুষ্ঠানসমূহৰ সমান্তৰালকৈ ২০১২ চনত শ্ৰীমন্ত ফাউণ্ডেশ্বনে স্থাপন কৰা ‘জেংৰাইমুখ শিল্পী মিছন’ নামৰ সাংস্কৃতিক কেন্দ্ৰৰটোৰ যোগেদিও মিচিং জনজাতীয় লোকসকলৰ মাজত সত্ৰীয়া-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি পাইছে; যিটো অনুষ্ঠানৰ যোগেদি জনজাতীয় যুৱক-যুৱতীসকলক বৰগীত, মাটি আখৰা আদিৰ প্ৰশিক্ষণ দিয়া হৈছে।

যাৰ ফলত আজি মাজুলীৰ জনজাতীয় লোকসকলেও অতি সুন্দৰৰূপত বৰগীত, মাটি আখৰা আদি পৰিৱেশন কৰিব পাৰিছে। এইখিনিতে এটা বিশেষ কথা উল্লেখ কৰিবই লাগিব যে, ২০১২ চনৰ ৪ নৱেম্বৰত যোৰহাটৰ অসম সত্ৰ মহাসভাত মাজুলীৰ জেংৰাইমুখৰ মিচিং জনজাতীৰ ৩০ জনীয়া এটা শিল্পী দলে বৰগীত পৰিৱেশন কৰি এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

মুঠৰ ওপৰত, আমি এককথাত ক’বলৈ গ’লে নিজৰ স্বকীয় বৈশিষ্ট্যসমূহকো ধৰি ৰাখিও বৃহত্তৰ অসমীয়া জাতি গঠনত নিজকে বিলীন কৰি দিয়াত মাজুলীৰ মিচিং জনজাতীয় লোকসকলে আজিকোপতি অলপো কৃপনালি কৰা নাই।

২/ দেউৰীসকল : দেউৰীসকল হৈছে মাজুলীত বাস কৰা দ্বিতীয় প্ৰধান জনজাতি। সংখ্যাগৰিষ্ঠতাৰ ফালৰপৰা মিচিংসকলৰ পাছতেই তেওঁলোকৰ স্থান। মাজুলীত প্ৰধানকৈ তিনিখন দেউৰী গাঁও আছে, সেইকেইখন হৈছে- ১/ মাজৰ দেউৰী গাঁও, ২/ শ্ৰীৰাম দেউৰী গাঁও আৰু ৩/ দেউৰী পাম গাঁও। মাজুলীৰ দেউৰীসকল দিবঙীয়া ফৈদৰ আৰু তেওঁলোক প্ৰধানকৈ শাক্ত ধৰ্মৰ উপাসক।

অসমৰ অন্যান্য প্ৰান্তত বাস কৰা দেউৰীসকলৰ দৰে মাজুলীৰ দেউৰীসকলেও নিজৰ পৰম্পৰাগত সংস্কৃতিসমূহ ধৰি ৰাখিবলৈ যত্ন কৰি আহিছে। তৎসত্বেও মিচিংসকলৰ দৰে মাজুলীৰ দেউৰীসকলৰ ওপৰতো মাজুলীৰ সত্ৰানুষ্ঠান আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱ পৰাটোও দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে, বহু দেউৰী লোকে নিজৰ কেতবোৰ পৰম্পৰাক ত্যাগ কৰি সত্ৰীয়া সংস্কৃতিৰ সৈতে লীন গৈ সত্ৰৰ ৰীতি-নীতিৰে শৰণ-ভজন, মালা-মন্ত্ৰ গ্ৰহণ, ভকতীয়া প্ৰথাৰে জীৱন-যাপনত আজি গুৰুত্ব আৰোপ কৰিছে। মাজুলীৰ দেউৰীসকলেও সত্ৰত উদযাপন কৰা বিভিন্ন ধৰ্মীয় উৎসৱ, অনুষ্ঠান, ৰাসোৎসৱ, ভাওনা সবাহ আদিৰ সৈতেও জড়িত হৈ পৰাটো দেখিবলৈ পোৱা যায়।

৩/ সোণোৱাল কছাৰীসকল : মাজুলীত বাস কৰা তৃতীয় তথা অন্তিম জনজাতিটো হৈছে সোণোৱালা কছাৰীসকল। বিশেষকৈ মাজুলীৰ উজনি অংশত থকা সোণোৱাল কছাৰী গাঁওখনেই হৈছে মাজুলীৰ একমাত্ৰ সোণোৱাল কছাৰীসকলৰ গাঁও; আৰু তেওঁলোকৰ মুঠ জনসংখ্যা আনুমানিক ২০০০ ৰ ওচৰৰ হ’ব।

সংখ্যাৰ ফালৰপৰা যদিও কম তথাপিও মিচিং আৰু দেউৰীসকলৰ দৰে মাজুলীত বসবাস কৰা সোণোৱাল কছাৰীসকলেও মাজুলীৰ সত্ৰীয়া-সংস্কৃতিৰ সৈতে মিলি যোৱাৰ লগতে নিজৰ সাংস্কৃতিক ঐতিহ্যকো ধৰি ৰাখিবলৈ সক্ষম হৈছে।

দেউৰীসকলৰ দৰে এই সোণোৱালা কছাৰীসকলো শাক্ত ধৰ্মৰ উপাসক; যিসকলে গাহৰি, কুকুৰা, হাঁহ, সুৰা আদি পূজা-বলিয়ে ধৰ্ম ৰক্ষাৰ কৰাৰ পক্ষপাতী। উল্লেখযোগ্য যে, সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱত তেওঁলোকে এই আগৰ পূজা-পাতল ইত্যাদিবোৰ এৰিছে যদিও অদ্যাপী সেইসমূহক সম্পূৰ্ণকৈ এৰিব পৰা হোৱা নাই। উদাহৰণস্বৰূপে, মাজুলীৰ সোণোৱাল কছাৰী লোকসকলৰ মাজত আজিও ‘বাইথ দেৱতা’ৰ পূজা অতি জনপ্ৰিয় হৈ আছে।

তৎসত্বেও সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱত মাজুলীৰ সোণোৱাল কছাৰী গাঁওখনত নামঘৰ প্ৰতিষ্ঠা কৰি তাত নাম-প্ৰসংগ কৰাৰ উদাহৰণো কিন্তু নোহোৱা নহয়। য’ত গুৰুদুজনাৰ তিথি, বাৰ্ষিক ভাওনা সবাহ, ধৰ্মালোচনা আদিবোৰ পতা হৈ আহিছে।

মাজুলীৰ সোণোৱাল কছাৰীসকলৰ বাবে নামঘৰেই হৈছে আদালতৰ ক্ষুদ্ৰ সংস্কৰণ; য’ত ব্যক্তিগতভাৱে আমীমাংসিত বিষয়বোৰক ‘ৰাইজমেল’ৰ যোগেদি মীমাংসা কৰা হৈ আহিছে।

     মাজুলীৰ সোণোৱালা কছাৰীসকল সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট হোৱাৰ এটা বিশেষ কাৰণো আছে। আউনীআটী সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ কেশৱাদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱাত আহোম ৰজা গদাধৰ সিংহই ধৰ্মীয় উৎপীড়ন চলাইছিল। যাৰ ফলত তেওঁ শদিয়াৰ কুণ্ডিল নৈৰ পাৰৰ ব’ৰাগী মঠলৈ নিৰ্বাসিত হ’ব লগা হৈছিল।

নিৰ্বাসিত হোৱাৰ পাছত তাতেই এখন মুকলি পথাৰত নামঘৰ সাজি তাত থকা সোণোৱালা কছাৰী লোকসকলক নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰে। যাৰ ফলশ্ৰুতিত তেতিয়াৰে পৰাই এই সোণোৱালা কছাৰী লোকসককে আউনীআটী সত্ৰৰ শিষ্যত্ব লৈ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আনুগত্যতা প্ৰদৰ্শন কৰিবলৈ লয়।

majuli Island

মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা :

      সম্প্ৰতি পৰ্যটন ক্ষেত্ৰখনলৈ মাজুলীৰ জনজাতীয় লোকসকলৰ অৱদান একেবাৰে নগণ্য যদিও এই সম্ভাৱনা বিকাশৰ যথেষ্টখিনি থল এতিয়াও বাকী ৰৈ আছে। সত্ৰীয়া-সংস্কৃতিৰ আৰু নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ মাজুলীত বাস কৰা জনজাতীয়মূলৰ লোকসকলে নিজস্বতা ৰাখি পালন কৰি অহা  বিভিন্ন উৎসৱ-অনুষ্ঠানে তেওঁলোকৰ প্ৰতি বহিঃবিশ্বৰ দৃষ্টি সদায় আকৰ্ষণ কৰি আহিছে।

ইয়াৰ সমান্তৰালকৈ ৰাসোৎসৱ, ভাওনা-সবাহ আদি আয়োজন কৰাৰ ক্ষেত্ৰতো মাজুলীৰ জনজাতীয় লোকসকল আজি পিছ পৰি ৰোৱা নাই। বিশেষকৈ মাজুলীৰ মিচিং লোকসকলে এইক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে।

উদাহৰণস্বৰূপে, মাজুলীৰ মিচিংসকলৰ নেতৃত্বত উদযাপিত হোৱা চুমেমাৰী মিচিং গাঁৱৰ ঐতিহাসিক ৰাসোৎসৱে সকলোকে আকৰ্ষিত কৰি আহিছে। সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱতেই অথচ জনজাতীয় উৎসাহ, উদ্দীপনা আৰু সংমিশ্ৰিত বৈশিষ্ট্যই উদযাপিত এই উৎসৱে মাজুলীৰ পৰ্যটন উদ্যোগটোৰ বিকাশৰ দিশটো বিশেষ ভূমিকা ল’ব পৰাৰ সম্ভাৱনা নথকা নহয়।

      জনজাতীয় খাদ্য সম্ভাৰো হ’ব পাৰে পৰ্যটকসকলক আকৰ্ষণৰ মূল কাৰক। কিয়নো জনজাতীয় পৰম্পৰাগত খাদ্যসম্ভাৰৰ প্ৰতি আমাৰ প্ৰত্যেকৰে আছে এক বিশেষ দুৰ্বলতা।  সম্পূৰ্ণ প্ৰকৃতিগত, স্বাস্থ্যসন্মত, পুষ্টিকৰ সুস্বাদো জনজাতীয় ব্যঞ্জনে কৃষ্টি-সংস্কৃতিৰ বৰঘৰ মাজুলীলৈ অহা অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ লগতে দেশী-বিদেশী পৰ্যটকসকলকো আকৰ্ষণ কৰিব পৰাৰ সম্ভাৱনা উহ্য আছে বুলি ধাৰণা কৰিব পাৰি।

      মাজুলীত বাস কৰা জনজাতীয় লোকসকলৰ সাজ-পোছাকো হ’ব পাৰে পৰ্যটকসকলক আকৰ্ষণৰ অন্য এটি আহিলা। সম্প্ৰতি আমি জনাত মাজুলীৰ বহু জনজাতীয়মূলৰ শিপিনীয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্টীয় বজাৰত ফেৰ মাৰিব পৰাকৈও বহু পৰম্পৰাগত অৰ্থাৎ জনজাতীয় সাজ-পোছাক বৈ এইসমূহ মাজুলীলৈ অহা লোকসকলক বিক্ৰী কৰি স্বাৱলম্বী হোৱাৰ পথটি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

মাজুলীৰ বস্ত্ৰ শিল্পৰ জগতখনলৈ অদূৰ ভৱিষ্যতে যদি এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা যায় তেন্তে ই বহুখিনি নতুন প্ৰত্যাশা আমালৈ কঢ়িয়াই আনিব। বৰ্তমান মাজুলীত বাস কৰা মিচিং জনজাতীয় লোকসকলৰ পৰম্পৰাগত সাজপাৰে ৰাষ্ট্রীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ সমাদৰতা পাইছে; সেয়েহে এইসমূহক লৈও যে পৰ্যটন উদ্যোগটোৰ বিকাশৰ বহু সম্ভৱানা লুকাই আছে সেয়া সকলোৱে অনুমেয়।

      অন্যহাতেদি মাজুলীত বাস কৰা জনজাতীয় লোকসকলৰ আবাসস্থলো হ’ব পাৰে মাজুলীৰ জনজাতীয় লোকসকলক লৈ পৰ্যটন উদ্যোগৰ বিকাশৰ অন্য এক আহিলা। বিশেষকৈ জনজাতীয় লোকসকলৰ গৃহ নিৰ্মাণৰ আৰ্হিয়ে অন্যান্য জাতি-জনগোষ্ঠীৰ লোকসকলক সততে আকৰ্ষিত কৰি অহাটো পৰিলক্ষিত হয়। যিসমূহ গৃহৰ আৰ্হিত সম্প্ৰতি বহু হোটেল, ৰিজৰ্ট, জিৰণি ঘৰ ইত্যাদিবোৰ বহুঠাইতেই নিৰ্মাণ হোৱাটো আমাৰ দৃষ্টিগোচৰ হৈ আহিছে।

বিশেষকৈ মিচিং জনজাতীয় লোকৰ চাংঘৰ, ডেকা চাং আদি গৃহৰ আৰ্হিত পৰম্পৰাগত তথা প্ৰকৃতিগতভাৱে উপলব্ধ সা-সৰঞ্জামেৰে নিৰ্মিত তেনে আবাস গৃহসমূহেও আজি মাজুলীৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ অহা আঁতৰৰ লোকসকলক আকৰ্ষণ কৰিব পৰাৰ বহু থল আছে; যিটো ব্যবস্থা ইতিমধ্যে বহুঠাইত গঢ়ি উঠা পৰিলক্ষিত হৈছে।

       সদৌশেষত, মাজুলীৰ জনজাতীয় লোকসকলক লৈ অদূৰ ভৱিষ্যতে গঢ়ি তুলিব পৰা পৰ্যটন উদ্যোগৰ বিকাশৰ অন্য এক আহিলা হৈছে নৌকা বিহাৰ বা নৌকা ভ্ৰমণ। সচৰাচৰ আমি জানো যে জনজাতীয় লোকসকল বিশেষকৈ মিচিংসকলে যুগ-যুগ ধৰি নদীৰ পাৰতেই মৎস্য ব্যৱসায়, জল পৰিবহণ  আদি বৃত্তিয়ে জীৱন নিৰ্বাহ কৰি আহিছে।

Majuli9
Majuli Ferry Ride; Image: medium.com

বাৰিষাৰ ভয়ংকৰভাৱে বাঢ়ি অহা বুঢ়ালুইতৰ কোবাল সোঁতকো কেৰেপ নকৰা মাজুলীৰ মিচিং জনজাতীয় লোকসকলে ব্ৰহ্মপুত্ৰৰ বুকুত জল-ক্ৰিয়া, নৌকা বিহাৰৰ দৰে দুঃসহসিক অভিযানসমূহ কৰিব খোজা পৰ্যটকসকলক যদি প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰি ভাল একো একোজন পথ নিৰ্দেশকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে তেন্তে ব্ৰহ্মপুত্ৰ আৰু মাজুলীৰ জনজাতীয় লোকসকলক লৈ সম্ভাৱনাৰ অন্য এখন নব্য দুৱাৰ খোল খাব।

ইয়াৰ বাবে তেওঁলোকক অত্যাধুনিক প্ৰশিক্ষণ দিয়াৰ লগতে অত্যাধুনিক নৌকা, হঠাৎ দুৰ্ঘটনাত পতিত হ’লে ৰক্ষা পৰিব পৰা সাজ-পোছাক ইত্যাদিবোৰ যোগান ধৰা বা তেওঁলোক নিজেই ইয়াৰ বাবে সুসজ্জিত হোৱাৰ বিশেষ প্ৰয়োজন আছে।

উল্লেখযোগ্য যে, এনেবোৰ দিশেই মাজুলীত বসবাস কৰা জনজাতীয় লোকসকলৰ জীৱনলৈ এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লগতে তেওঁলোকৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি দিশসমূহলৈও আমূল পৰিবৰ্তনসমূহ আনিব পাৰিব বুলি আশা কৰিব পাৰি; মাত্ৰ ইয়াৰ বাবে প্ৰয়োজন এক সুস্পষ্ট কাৰ্যকৰীকৰণৰ এক সুদৃঢ় নীতিৰ।

[লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন: ৯৯৫৪০ ০০২০০]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মাজুলীত জনজাতীয় পৰ্যটন
Anjan Sarma

Anjan Sarma

Related Posts

The River That Became a Drain: Bharalu and the Death of a Memory
Environment

The River That Became a Drain: Bharalu and the Death of a Memory

by RAHUL ROAHN PAUL
August 13, 2026
0

The River That Became a Drain: Bharalu and the Death of a Memory RAHUL ROHAN PAUL There is a photograph...

Read moreDetails
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d