–গায়ত্ৰী দত্ত |
“দলংখনৰ সিপাৰৰ মাটিত বেলিটো হেৰাইছে।পানীয়ে চোৱা মাটি! মাজুলীৰ দৰিয়া ডুবিৰ মাটি! দলঙৰ পৰা দৃশ্যমান হোৱা ডুবিটোৰ পানীত নাচি উঠা অস্ত বেলিটোৰ সৌন্দৰ্যই মাটিৰ সেউজীয়াখিনিক যেন আওকাণ কৰাইছে। আনদিনাৰ দৰেই , সেউজীয়াখিনিকে সাৱটি নিশাৰ বাবে ব্যস্ত হৈ উঠিছে পাৰৰ মিচিং গাঁও কেইখন! সৰু সৰু পদূলিবোৰৰ দিনটোৰ ব্যস্ততাবোৰ প্ৰায় কমি আহিছে । দলংখনৰ ব্যস্ততা কিন্তু কমা নাই! নকমেই! শেষনিশা ঐনিতমৰ সুৰ শুনিবলৈ আপোনপাহৰা হৈ থকা ডেকাজনকো সংগ দি , মাজুলীৰ বুকুৰ মঙহ এটুকুৰা হৈ জিলিকি ৰ’ব , তাইৰ এক অবিচ্ছেদ্য সংগী দৰিয়া ডুবিৰ ঘাট! সন্ধিয়াৰ দৰিয়া ডুবিৰ পাৰত ৰৈ একপ্ৰকাৰৰ আৱেগিক ভাৱতেই মোৰ কলমটোৰ স্বতঃস্ফূৰ্ত সৃষ্টি আছিল এয়া। হয়তো, সেইসময়ত সেইঠাইত উপস্থিত প্ৰতিজন ব্যক্তিৰেই মন-মগজুত দৰিয়াঘাটৰ সৌন্দৰ্য্য-সুষমাৰ এই ভাৱবোৰেই ক্ৰিয়া কৰি থাকিলহেঁতেন ! কৰিবৰেই কথা,এইয়া ঐতিহ্যমণ্ডিত দৰিয়া ডুবিৰ সৌন্দৰ্য্য! মাজুলীৰ নিভাঁজ সৌন্দৰ্য্যৰ অংশ এয়া ; যি সৌন্দৰ্য্যতা আৰু সম্ভাৱনাৰ পম খেদিয়ে মাজুলীৰ বুকুত চিৰদিনৰ বাবে বিলীন হৈ গৈছিল এক নিঃস্বাৰ্থ সমাজসেৱী সত্ত্বা- সঞ্জয় ঘোষ! প্ৰেমিক সঞ্জয় ঘোষ……মাজুলীৰ প্ৰেমিক! যাৰ মৃত্যুৰ ৰহস্যত অনুৰাধা শৰ্মা পূজাৰীয়ে “চাহেব পুৰাৰ বৰষুণ”জাকক মাজুলীৰ আকাশলৈ নমাই আনিছিল শব্দৰূপে! প্ৰতিফলিত কৰোৱাইছিল কাহানিও নোকোৱা মাজুলীবাসীৰ বুকুৰ বেজাৰবোৰক। এনে এক বেজাৰেই আকৌ সুৰ হৈ প্ৰতিধ্বনিত হৈছিল জুবিন গাৰ্গৰ ‘ মাজুলীত দুখ পোৱা ‘ ছোৱালীজনীৰ কথা কোৱা সেই অপূৰ্ব সৃষ্টিৰ মাজত! ‘দহটকাৰ ফেৰীৰে’ , ‘দৰিয়া ঘাটতে কলিজা থেকেচি’ , মাজুলীলৈ আমন্ত্ৰণ জনোৱা সেই বিশেষ গীতটিত কোৱাৰ দৰেই আমি বাৰু সচাঁকৈয়ে পাৰিছোনে সেই ছোৱালীজনীৰ বুকুৰ খহনীয়াৰ উমান ল’ব? দেখিছোনে তাইৰ চকুৱেদি বৈ যোৱা তেজৰঙা নদী দুখনিকৈ? শেতা হাঁহিত খহি যোৱা সেই প্ৰাণ প্ৰাচুৰ্যময় যৌৱনক…..? যিদৰে এসময়ত সচাঁ হৃদয়ৰে উমান লৈছিল সঞ্জয় ঘোষে,মাজুলীৰ প্ৰেমিক সঞ্জয় ঘোষে!!
১৯৯৫ চনত “Association of voluntary Agencies for rural Development, North East” (এৰ্ভাড এন ই)শীৰ্ষক স্বেচ্ছাসেৱী সংগঠনটোৰ সচিব হিচাপে মাজুলীলৈ অহা সঞ্জয় ঘোষে প্ৰকৃততে যোৰহাটৰ নিমাতী ঘাটেৰে ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰা কৰিয়েই বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটিৰ ঐশ্বৰ্য্যৰ উমান লাভ কৰিছিল । মাজুলীৰ মাটিত ভৰি দিছিল এজনী অচিন অথচ প্ৰাণৰ প্ৰেমিকাক লগ কৰিবলৈ অহাৰ দৰেই! সেই প্ৰেম আৰু সপোনৰ মূলতেই আছিল মাজুলীৰ সহজ-সৰল পৰিশ্ৰমী জনগণৰ সংগ্ৰামৰ ৰূপৰেখা। বানৰ প্ৰলয়ে কবৰ দিয়া মাটিত পুনৰাই সোণগুটি সিচাঁটো জানো ইমান সহজ ? সহজ জানো ইমান দুৰ্যোগৰ মাজতো ৭৮.৫৬%( ২০২০ চনৰ সমীক্ষা অনুসৰি)শিক্ষিতৰ হাৰেৰে অসমৰ আন বহুতো উন্নত জিলাতকৈও শিক্ষাৰ প্ৰসাৰত উচ্চ স্থান লাভ কৰা! যান্ত্ৰিকতাৰে দগ্ধ মহানগৰীত আপোনাৰ মনলৈ অহা যৎকিঞ্চিৎ হতাশাৰ বাবেও জীৱনৰ সংজ্ঞা সম্পৰ্কত এবাৰ এওঁলোকৰ লগত কথা পাতি চাবচোন। নিশ্চিতভাৱেই আপুনিও চাগৈ হতাশাৰ পৰা মুক্তি পাব ! কিয়নো, প্ৰকৃতিৰ ৰম্যভূমি মাজুলীৰ উৰ্বৰতাৰ সাধক এওঁলোক; মহাপুৰুষীয়া কৃষ্টিৰ প্ৰসাৰৰ গুৰিধৰোঁতাৰ ভূমিকাৰে বৰ্তমান সময়লৈকে অসমীয়াত্বৰ শিপাডাল নিভাঁজ ৰূপত বান্ধি ৰখা বিশুদ্ধ জাতীয়তাবাদৰ নীৰৱ সাধক এওঁলোক! মাজুলীৰ জনগণৰ এই দৃঢ় মনোবল আৰু কৰ্মোদ্যমী মানসিকতাই সঞ্জয় ঘোষৰ সেই নিঃস্বাৰ্থ সমাজসেৱকী সত্ত্বাটিক যেন প্ৰাণৰহে সঞ্চাৰ কৰিলে। সকলোকে একত্ৰিত কৰাই মাজুলীক লৈ দেখা সপোনবোৰ বিশ্বৰ সন্মুখত প্ৰতিষ্ঠাপিত কৰিবলৈ অক্লান্ত সাধনাত ব্ৰতী হৈছিল তেওঁ! বিভিন্ন কল্যাণকামী আচঁনি গ্ৰহেণেৰে মাজুলীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীতকৰণৰ বাবে বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছিল। স্বাস্থ্য সম্পৰ্কীয় অভিযান (মেলেৰীয়াৰ বিৰুদ্ধে সজাগতা), বাহঁ বেতৰ শিল্প , থলুৱা বয়ন শিল্পৰে প্ৰতিভাশালী মাজুলীৰ জনগণক সেই বিশেষ ক্ষেত্ৰসমূহত আধুনিকতাৰে পৰশেৰে স্বাৱলম্বী কৰি তুলিবৰ নানা কৌশলৰে ভৰপূৰ মোনাটি কান্ধত লৈ মাজুলীৰ গাঁৱে-ভূঞে বিভিন্ন ৰাজহুৱা সভা সমিতি আয়োজন কৰি সৱলীকৰণৰ পথ প্ৰৰ্দশন কৰিছিল। শালমৰা কুমাৰ গাওঁৰ মৃৎ-শিল্পৰ প্ৰতি বিশেষভাৱে আগ্ৰহী আছিল তেওঁ। মাটিৰ বাচন বৰ্তনৰ বাবে কৌটিকালৰ পৰাই বিখ্যাত শালমৰা কুমাৰ গাওঁৰ মৃৎশিল্পী সকল ইমানেই পৰিপক্ক যে চাকত সামগ্ৰী তৈয়াৰ কৰাৰ পৰিৰ্বতে হাতেৰেই নিৰ্মাণ কৰি উলিয়াই একোটি নিখুঁত মৃৎ-সামগ্ৰী। ‘টকা’ আৰু ‘বলিয়াৰে’ গঢ়া সামগ্ৰী সমূহত হাতৰ পৰশ গভীৰভাৱে পৰাত সামগ্ৰীবোৰৰ নান্দনিক সৌন্দৰ্যও বেচ আকৰ্ষণীয়। আন মাটিৰ সামগ্ৰীতকৈ যথেষ্ট মজবুত। এই শালমৰা কুমাৰ গাওঁৰ মৃৎশিল্পী সকলক এখনি আন্তজাৰ্তিক বজাৰ প্ৰদানৰ বাবে অহোপুৰোষাৰ্থ চেষ্টা কৰিছিল সঞ্জয় ঘোষে । মাজুলীৰ গৰাখহনীয়া ৰোধৰ পৰিকল্পনাই মাজুলীক লৈ দেখা ঘোষৰ সপোনৰ অধিকাংশই আৱৰি আছিল। দিনক দিনে খহনীয়াত ক্ষয় হৈ যাবলৈ ধৰা বিশ্বৰ অমূল্য সম্পত্তি মাজুলীক খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্যিক প্ৰশাসনৰ নিৰুদ্বেগ অপৰাগতাক লৈ উদ্বিগ্ন হৈ পৰিছিল তেওঁ। মাজুলীৰ ‘পোহাৰদিয়া চাপৰি ‘ নামে অঞ্চলত প্ৰায় দেৰ কিল’মিটাৰ দৈৰ্ঘ্যৰ খহনীয়া ৰোধৰ এক প্ৰকল্প প্ৰস্তুত কৰিছিল ; য’ত গাৱঁৰ জনতাই আন প্ৰতিটো কামৰ দৰেই প্ৰাণ ঢালি এই প্ৰকল্পটিতো ঘোষক সহায় কৰিছিল। ইমানদিনে , শিশুৰ পৰা বৃদ্ধলৈ নিঃস্বাৰ্থ ভাৱে বিভিন্ন প্ৰগতিশীল কৰ্মৰ যোগদি সাধাৰণ জনতাৰ উন্নয়ন সাধন কৰা সঞ্জয় ঘোষ মাজুলীৰ সাধাৰণ ৰাইজৰ হৃদয়ৰ এফাল হৈ পৰিছিল। বিশেষকৈ গৰাখহনীয়াৰ সমস্যাক লৈ ৰাইজে ভুগি অহা জীয়াতু তথা বানপানীৰ সমস্যাটোক একাংশ সুবিধাবাদী দালালে ঠিকাভিত্তিক ব্যৱসায়ীলৈ ৰূপান্তৰিত কৰাৰ দৰে অমানৱীয় কাৰ্যই মাজুলীৰ জনগণক, পৰম আগ্ৰহেৰে ঘোষে গ্ৰহণ কৰা প্ৰাকৃতিক পদ্ধতিৰে খহনীয়া ৰোধৰ পৰিকল্পনাটিত আপোনা- আপুনি হাত উজান দিবলৈ উৎসাহ দিছিল। নদীৰ পাৰটিক সমান কৰি ইকৰা ৰুই খহনীয়া ৰোধৰ বাবে প্ৰস্তুত কৰি তোলা পাৰটি যেতিয়া প্ৰকৃততেই পৰৱৰ্তী সময়ত খহনীয়াৰ কবলৰ পৰা ৰক্ষা পৰিছিল ; সাধাৰণ জনতাৰ অন্তৰে সেই সুখৰ মূহূৰ্ততো তেওঁৰ অনুপস্থিতিক লৈ হাহাকাৰ কৰি উঠিছিল। অনুপস্থিতি! সঞ্জয় ঘোষৰ অনুপস্থিতি…..তাকো মাজুলীত! অসম্ভৱ! প্ৰাণৰ প্ৰেমিকাক এৰিতো তেওঁ যাব নোৱাৰে…নোৱাৰে যাব! সচাঁকৈ তেওঁ যোৱা নাছিল , তেওঁক আতঁৰাই পঠিওৱা হৈছিল। পাষাণ অৰ্থহীন মগজুবোৰে তাহাঁতৰ নিকৃষ্ট স্বাৰ্থৰ বাবে সঞ্জয় ঘোষক আতৰাই পঠিয়াইছিল , পৃথিৱীৰ পৰা । সঞ্জয় ঘোষক হত্যা কৰা হৈছিল। বানপানীৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি সাধাৰণ মানুহৰ আৱেগবোৰক লৈ ব্যৱসায় কৰা দুষ্ট চক্ৰটিয়ে , বক্ৰ পথেৰে অনা স্বাধীনতাত বিশ্বাসী এচামৰ সহায় লৈ হৃদয় বিদাৰক ভাৱে হত্যা কৰিছিল মাজুলীৰ প্ৰেমিক জনক। সেই দুখেৰেই আজিও সেই ‘ছোৱালীজনিৰ’ চকুৱেদি তেজৰ নৈ বয়, তাইৰ বুকুত লুইতে অলিয়া-বলিয়া হৈ ৰাওচি জুৰে কিয়নো তাইক নিঃস্বাৰ্থ মনেৰে ভাল পাবলৈ, লুইতক শান্ত কৰিবলৈ…দ্বিতীয়জন সঞ্জয় ঘোষ যে আজিলৈ মাজুলীৰ মাটিলৈ নাহিল!
সঞ্জয় ঘোষক বাদ দি মাজুলীৰ ইতিহাস আধৰুৱা। “মাজুলীৰ ইতিহাস মানে অসমৰ ইতিহাস ,অসমীয়া সভ্যতা, অসমীয়া স্মৃতি , সত্তা আৰু ভৱিষ্যতৰ ইতিহাস।” – চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱে কোৱাৰ দৰেই মাজুলীৰ ইতিহাস মানে অসমৰ ইতিহাস , অসমৰ বৌদ্ধিক যাত্ৰাৰ এক গৌৰৱাম্বিত দলিল । মহাপুৰুষীয়া সংস্কৃতিৰ বৌদ্ধিক অৱদানেৰে সমৃদ্ধ মাজুলীৰ পৰাই প্ৰথম অসমীয়াৰ দ্বাৰা প্ৰকাশিত বাতৰিকাকত “আসাম বিলাসিনী” প্ৰকাশ পাইছিল। সত্ৰ, বৈষ্ণৱ ধৰ্ম , সংস্কৃতি , জনজাতীয় বৈচিত্ৰ্যতাই মাজুলীয়ে পৃথিৱীৰ মানুহক আৰ্কষণ কৰে। মাথোন মাজুলীৰ বুকুৰ বেদনা শুনিব পৰাকৈ তথাকথিত আধুনীক সমাজৰ সুস্থ মানসিকতাৰ অভাৱ । মাজুলীৰ উন্নয়নৰ বাবে প্ৰকৃততেই এক নিঃস্বাৰ্থ মনৰ প্ৰয়োজন। মাজুলীৰ ঐশ্বৰ্যতাক হৃদয়েৰে উপলব্ধি কৰাৰ প্ৰয়োজন , কিয়নো এয়া যে “আত্মাৰ মাজুলী”, আত্মাৰ! শেষত, নৱকান্ত বৰুৱা দেৱৰ কবিতাটোৰেই..
“হয়তো নহয় বন্ধু,সঁচাকৈয়ে আছে মই জানো
শান্তিৰ অকণি এটি দ্বীপ
……..
মন আৰু মগজুৱে ঘোলা কৰা লুইতৰ
কোনোবা অংশতে আত্মাৰ মাজুলী আছে
তোমাৰ প্ৰেমৰ – য’ত তোমাৰ প্ৰিয়াৰ কলাফুল
মিলি থাকে সৰিয়হ ফুল আৰু কুহুমীয়া
ৰ’দালি উমত।জ্বলা জ্বলা গোন্ধ সনা
চকুৰ পানীয়ে য’ত বাট দেখুৱায় সভ্যতাৰ
চাৰ্কাছত ব্যৰ্থকাম বহুৱাবোৰকো …….”
[‘স্বনিমন্ত্ৰিত’, নৱকান্ত বৰুৱা]।