মাজুলীৰ টেকেলি
অৰবিন্দ ৰাভা
মাজুলী!
মাজুলীৰ এখন ভিতৰুৱা গাওঁ, কাষেৰে বৈ যোৱা এটা সুঁতিত এতিয়া পানী নাই বাবে বহুকেইখন নাওঁ অচল হৈ পৰি আছে তাত, চৌদিশে সেউজ আৰু সেউজ, এক নিৰ্জঞ্জাল নীৰৱতা, বতাহত সৰিয়হ ফুলৰ গোন্ধ, মাটিৰ গোন্ধ। গাঁওখন
ৰ এঘৰলৈ সোমাই গলো। ঘৰটো একপ্ৰকাৰৰ আধুনিক চাংঘৰ – যিহেতু বছৰেকত প্ৰায় দুমাহ চোতালত পানী থাকে।
আমাক একোখনকৈ কেঁচা তামোল আগবঢ়াই ঘৰৰ গৃহস্থনী চাংঘৰটোৰ তলত প্ৰৱেশ কৰি এলদা মাটি লৈ আহিল আৰু পীৰা এখনত বহি লৈ তেওঁ হাতেৰে কাম আৰম্ভ কৰিলে – কোনোধৰণৰ কুমাৰৰ চাক নাই, কেৱল নিজৰ নিপুণ হাতেৰে তেওঁ আৰম্ভ কৰিবলৈ ধৰিলে এটা মাটিৰ টেকেলি।
তাৰেই কেইখনমান ছৱি মোবাইলত বন্দী কৰিলো।
তেওঁৰ ঘৰৰ সন্মুখতেই দেখিলো ভাটি, য’ত পুৰি কঠিন কৰা হয় মাটিৰ পাত্ৰবোৰ।
আৰু পথৰ দাঁতিত দেখিলো থৰে থৰে সজাই থোৱা আছে মাজুলীৰ মাটিৰ টেকেলি।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)