• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Cultural

মাজুলী আৰু ৰাস

by Anjan Sarma
December 6, 2023
in Cultural
Reading Time: 4 mins read
0
মাজুলী আৰু ৰাস
Share on FacebookShare on TwitterShare on LinkedIn

মাজুলী আৰু ৰাস

গৌতম শৰ্মা

মাজুলী আৰু ৰাস
গৌতম শৰ্মা

ৰাস শব্দৰ মূল হৈছে ৰস; নৱৰসৰ সমাৱেশেই হৈছে ৰাস।

হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, স্বয়ং ভগৱান তথা পৰম ব্ৰহ্ম হৈছে ইয়াৰ মূল উৎস।

ভাগৱত গীতাত উল্লেখ থকা মতে, শাৰদীয় পূৰ্ণিমাত ৰাসোৎসৱ উদযাপন কৰা হয়। অৱশ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত আঘোণী পূৰ্ণিমাতহে ৰাসোৎসৱ উদযাপন কৰা হয়।

মূলতঃ গোপীসকলৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেমলীলাৰ যোগেদি জীৱাত্মাক পৰমাত্মালৈ, জাগতিক সুখানুভূতিক আধ্যাত্মিকতালৈ, কাম প্ৰবৃত্তিক কলাৰ শাৰীলৈ উন্নীত কৰি দেখুওৱাৰ প্ৰয়াসেই হৈছে ৰাসোৎসৱৰ তাত্ত্বিক অৰ্থ। য’ত পূৰ্ণকাম, ভক্তবৎসল, আত্মাৰাম ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক জীৱন্ত, উপভোগ্য ৰূপত তুলি ধৰিবলৈ প্ৰয়াস কৰা হয়।

ৰাসোৎসৱ বুলি ক’লেই আমাৰ প্ৰথম মনলৈ অহা ঠাইখন হৈছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ নদী দ্বীপ মাজুলী।

সত্ৰনগৰী মাজুলীৰ ধৰ্মীয় আৰু সাংস্কৃতিক এই দুয়ো দিশতে প্ৰতিনিধিত্ব কৰা এক বৃহৎ উৎসৱ হৈছে ৰাস। যিটো উৎসৱত মাজুলীত বাস কৰা ভিন্ন জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ লোকসকলে উবুৰিখাই পৰি ইয়াক সাফল্যমণ্ডিত ৰূপত উদযাপন কৰি আহিছে। প্ৰকৃতাৰ্থত মাজুলী হৈছে অসম তথা উত্তৰ-পূবৰ ৰাসোৎসৱৰ সৰ্বপ্ৰথম জন্মস্থান।

সেয়েহে মাজুলীক বাদ দি আমি ৰাস উৎসৱ উদযাপন আৰু উপভোগৰ কথা ভাবিবই নোৱাৰোঁ। মাজুলীৰ সত্ৰসমূহত বৈদিক ক্ৰিয়া আৰু নাট্যধৰ্মী শৈলীৰে ৰাসোৎসৱ পালন কৰা হয়। আউনীআটী, দক্ষিণপাট, গড়মূৰ, কুৰুৱাবাহী আদি ঐতিহাসিক সত্ৰসমূহত ৰাসপূজাৰ সমান্তৰালকৈ অন্যান্য মাজুলীৰ সৰহভাগ সত্ৰত কেৱল অভিনয় ৰাসৰ ওপৰতহে গুৰুত্ব দি অহা হৈ আহিছে। 

“সমস্যাজর্জৰ মাজুলীক সম্ভাৱনাময় ক্ষেত্ৰৰূপে গঢ়ি তোলাত মাজুলীত প্ৰতিবছৰে অতি উলহ মালহেৰে উদযাপিত হৈ অহা এই ৰাসোৎসৱৰ এক ভূমিকা আছে। ইয়াক সুস্থৰূপত প্ৰতিনিধিত্ব কৰি আমি যদি বিশ্ববাসীৰ আগত প্ৰতিষ্ঠাপিত কৰিবলৈ আৰু বহু বলিষ্ঠ প্ৰয়াস কৰোঁ তেন্তে আমি যথেষ্ট লাভৱান হ’ম বুলি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ।”

ৰাসোৎসৱ উপলক্ষে সত্ৰসমূহত দিনৰ ভাগত নাম প্ৰসংগৰ আয়োজন হোৱাটোও পৰিলক্ষিত হয়।

মাজুলী আৰু ৰাস
www.majuliraas.in

উল্লেখযোগ্য যে, সত্ৰভেদে মাজুলীত উদযাপিত ৰাসোৎসৱৰ কেতবোৰ বিশেষ বৈশিষ্ট্যও চকুত নপৰা হয়। দক্ষিণপাট সত্ৰত তিনিটা বিশেষ ভাগেৰে এই উৎসৱক তিনিদিনীয়াকৈ পালন কৰা হয়। তিনিদিনীয়াকৈ উদযাপিত ৰাসোৎসৱৰ প্ৰথম দিনটোক অধিবাস হিচাপে জনা যায়। উক্ত দিনা ৰাসপূজাৰ বাবে মণ্ডপ তৈয়াৰ কৰোৱাৰ লগতে মণ্ডপত কৰিবলগীয়া পূজাৰ আগতীয়া প্ৰস্তুতি পৰ্বসমূহ চলে।

মাজুলী আৰু ৰাস

দক্ষিণপাট, কুৰুৱাবাহী, আউনীআটী, গড়মূৰ আদি বৰসত্ৰসমূহত ৰাসপূজাৰ উপলক্ষে নামঘৰসমূহ সজোৱা হয়। বিশেষকৈ কলপুলি ৰুই ভিন্নৰঙী কাপোৰেৰে মেৰিয়াই চন্দ্ৰতাপ, চোঁচৰ, আমপাত, ফুলৰ মালা আঁৰি মণ্ডপসমূহ সুসজ্জিত কৰা হয়।

দক্ষিণপাট সত্ৰত সজোৱা এই মণ্ডপক বৃন্দাবন পূজা মণ্ডপ বুলি কোৱা হয়। কিয়নো দক্ষিণপাট সত্ৰখনৰ ৰাসপূজাৰ বিশেষ মূৰ্তি হ’ল বৃন্দাবনচন্দ্ৰ। ইয়াত পূজা মণ্ডপৰ চাৰিওফালে চাৰিদ্বাৰ থাকে; প্ৰত্যেকখনতে আৰতি চাকি থকাটো পৰিলক্ষিত হয়। প্ৰত্যেকতেই এখন এখন থালত অতি কমেও পঁচিছ গছমানকৈ চাকি সজোৱা হয়। প্ৰথম দিনা অৰ্থাৎ অধিবাসৰ দিনৰ প্ৰস্তাৱনাতে গায়ন-বায়ন, ওজাসকলে সক্ৰিয় অংশগ্ৰহণ কৰে।

মাজুলী আৰু ৰাস
www.majuliraas.in

প্ৰস্তাৱনাৰ গীতত নাৰদে অমৃত সাগৰত ডুব মাৰি কেনেকৈ শিৱৰ অনুগ্ৰহত ৰাসোৎসৱ দেখিবলৈ পাইছিল তাৰে বৰ্ণনা পোৱা যায়। ৰাধাৰ ইতিবৃত্ত বৰ্ণিত ৰাসোৎসৱৰ এই প্ৰথম দিনটোত বৃন্দাবনচন্দ্ৰ, মণ্ডপৰ দ্বাৰপাল আৰু ভিতৰৰ মূৰ্তিসমূহক আৰতি কৰা হয়।

ৰাসোৎসৱৰ দ্বিতীয় দিনটো মূল ৰাসৰ দিনা দক্ষিণপাট সত্ৰত পুৱা ভগৱান বৃন্দাবনচন্দ্ৰক মণ্ডপলৈ উলিয়াই অনা হয়।

অন্যহাতেদি আউনীআটী, গড়মূৰ আদি সত্ৰসমূহত ৰাধাকৃষ্ণৰ যুগল মূৰ্তিকহে সন্ধিয়া উলিয়াই আনি পূজা কৰা হয়। উক্ত দিনা বৃন্দাবনচন্দ্ৰৰ পূজাৰ উপৰিও শ্ৰীকৃষ্ণৰ অৰ্জুনভঞ্জন, শকতভঞ্জন, পুতলা শোষণ আদি নাটত সন্নিৱিষ্ট ভক্ত পৰিষদকো পূজা কৰা হয়। পুৱাৰে পৰা মহাপূজাৰ লগতে এই সত্ৰসমূহত গীতাপাঠ, গোপাল নাম আৰু পূজা চলি থকাৰ সময়তেই ৰাসাভিনয় আৰম্ভ হয়। উক্ত দিনা এই অভিনয় দক্ষিণপাট সত্ৰত অৰিষ্টাসুৰ বধ পৰ্যন্ত অভিনীত হয়।

মাজুলী আৰু ৰাস
www.majuliraas.in

অন্যহাতেদি আউনীআটী সত্ৰত কৃষ্ণৰদ্বাৰা মহাৰাসৰ সামৰণিৰ লগে লগে দ্বিতীয় দিনৰ ৰাসলীলা অন্ত পৰে। ৰাসাভিনয়ৰ ক্ষেত্ৰত গড়মূৰ সত্ৰত মঞ্চাভিনয়য যোগেদি এই উৎসৱ উদযাপন হোৱাটো চকুত পৰে। বেঙেনাআটী সত্ৰত আকৌ ৰাস উৎসৱৰ মূল তিথিৰ দিনা গোবিন্দ মূৰ্তিক স্নান কৰাই পূজা কৰাৰ নিয়ম আছে বুলি জানিব পৰা গৈছে। ৰাসোৎসৱৰ তৃতীয় দিনটোক ইন্দ্ৰাভিষেক নামেৰে জনা যায়।

ৰাসোৎসৱত বৰ্ণিত কাহিনী মতে, ব্ৰজধামত কৃষ্ণলীলা চলি থাকোতে গৰ্বিত ইন্দ্ৰৰ দৰ্পচূৰ্ণ কৰিবলৈ কৃষ্ণই গোবৰ্ধন পৰ্বত ধাৰণ কৰি গোকুলবাসীক তাৰ তললৈ আনি ইন্দ্ৰৰ ত্ৰাসৰ পৰা ৰক্ষা কৰিছিল। এই কাহিনীৰ আলমতেই দক্ষিণপাট সত্ৰত উদযাপিত ৰাসোৎসৱৰ এই বিশেষ দিনটোক ইন্দাভিষেক নামেৰে নামকৰণ কৰা হয়।

মাজুলী আৰু ৰাস
www.majuliraas.in

সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলীত উদযাপিত ৰাসোৎসৱৰ যথেষ্ট গুৰুত্ব আছে। এই উৎসৱে এফালে যেনেকৈ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিক সমন্বিত ৰূপত প্ৰতিনিধিত্ব কৰিছে অন্যফালেদি তেনেকৈ মাজুলীবাসীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু সমন্বয়ৰ সাঁকো হিচাপে থিয় দি আহিছে।

মাজুলীৰ বহু সত্ৰত আজি জনজাতীয় লোকসকলে ওতপ্ৰোতভাবে জড়িত হৈ ৰাসোৎসৱৰ উদযাপনৰ উদাহৰণসমূহো পোৱা গৈছে। যিটো দিশে মিলাপ্ৰীতি আৰু সমন্বয়ৰ কথাকে আমাক কয়।

মাজুলীৰ ৰাসোৎসৱৰ অন্য এটি প্ৰধান ইতিবাচক দিশ হ’ল এই উৎসৱে মাজুলীৰ মুখাশিল্পক জীয়াই ৰখোৱাত বিশেষভাৱে সহায় কৰি আহিছে।

মাজুলী আৰু ৰাস

গুৰুজনাৰ অনুপম সৃষ্টি এই শিল্পক মাজুলীৰ আজি বহুকেইখন সত্ৰই জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে; য’ত মাজুলীবাসীৰ অর্থনৈতিক দিশটোও সংপৃক্ত হৈ আছে। প্ৰসংগক্ৰমে উল্লেখ কৰোঁ যে মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পই আজি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

মাজুলী আৰু ৰাস
মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পই আজি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে

মাজুলীত উদযাপিত ৰাসোৎসৱৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ হৈছে মাজুলীক পৰ্যটনথলী হিচাপে গঢ় দিয়াত ই এক বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।

যদিও বহু প্ৰতিকূলতা, প্ৰত্যাহ্বানেৰে মাজুলীখন বেৰি আছে তথাপিও যেন ৰাস বুলি ক’লেই দহোবন কাটি কৰি ৰাজ্যখনৰ লগতে দেশ-বিদেশৰো বিভিন্ন লোকে ৰাস চাবলৈ আহি মাজুলী ভিৰ কৰেহি।

raas5
www.majuliraas.in

 সি যি কি নহওক, সমস্যাজর্জৰ মাজুলীক সম্ভাৱনাময় ক্ষেত্ৰৰূপে গঢ়ি তোলাত মাজুলীত প্ৰতিবছৰে অতি উলহ মালহেৰে উদযাপিত হৈ অহা এই ৰাসোৎসৱৰ এক ভূমিকা আছে। ইয়াক সুস্থৰূপত প্ৰতিনিধিত্ব কৰি আমি যদি বিশ্ববাসীৰ আগত প্ৰতিষ্ঠাপিত কৰিবলৈ আৰু বহু বলিষ্ঠ প্ৰয়াস কৰোঁ তেন্তে আমি যথেষ্ট লাভৱান হ’ম বুলি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ।

মাজুলীৰ সৰ্বোন্নতি হওক মাজুলীৰ ৰাসোৎসৱে বিশ্ববাসীৰ হৃদয় জিনক ইয়াকে শেষত আমি কামনা কৰিছোঁ ।

raas6

(লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক, ফোন: ৯৯৫৪০-০০২০০)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মাজুলীৰ ৰাসোৎসৱ
Anjan Sarma

Anjan Sarma

Related Posts

photography of book page
Poetry

Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

by Divyanshu Bora
April 19, 2026
0

Mind-Blowing Literary Fusion: Reading Jiban Narah's Soulful Assamese Poems While Devouring Haruki Murakami's Memoir Discover the surprising emotional resonance and...

Read moreDetails
bihu1

Bihu: A Journey from the Tradition to Transformation

April 16, 2026
ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

ব’হাগ বিহুৰ সৈতে জড়িত কেইবিধমান বিশেষ উদ্ভিদ

April 16, 2026
চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

চুতীয়া জনগোষ্ঠী আৰু বহাগ বিহু

April 15, 2026
Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

Infinite Ways of Affection: The Heartwarming Art of Nicknames That Show True Love

April 14, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d