• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 13, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

মাটিৰ অসুখ

পৰেশ বৈশ্য

by Anjan Sarma
May 12, 2023
in Nature, Special Report, World
Reading Time: 3 mins read
0
close up photo of person holding sand

Photo by Muffin Creatives on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

মাটিৰ অসুখ

পৰেশ বৈশ্য

Paresh Baishya edited
পৰেশ বৈশ্য

মাটি জীৱকুলৰ বাবে ভগৱানৰ অপূৰ্ব দান।

আমাৰ সভ্যতা-সংস্কৃতিৰ ভেঁটি মাটিৰ ওপৰতেই নিৰ্মিত। মাটিৰ লগত লগত জীৱকুলৰ আজন্ম সম্পৰ্ক। মাটিৰ বুকুতেই মানৱ সভ্যতা গঢ়ি উঠিছে।  মাটি অবিহনে জীৱকুল আৰু জীৱকুল‌ অবিহনে মাটি বৰ্তি নাথাকে। 

উদ্ভিদ বিজ্ঞানী Albert Howard ৰ মতে ”  Fertility of the soil is the future of civilization.”  আনহাতে আমেৰিকাৰ বিশিষ্ট ঔপন্যাসিক Wendell Berry  ৰ মতে ” The soil is the great connector of our lives,the source and destination of all”. ৰুছভেল্টে কৈছিল: যি ৰাষ্টই তাৰ মাটি ধ্বংস কৰে ,সেই ৰাষ্ট্ৰ নিজেই মৃত্যু মুখত পৰে।”

RelatedPosts

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

July 13, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025

কিন্তু আজি আমাৰ মাটি  অসুস্থ।

           আজি সমগ্ৰ বিশ্ব জলবায়ুৰ পৰিবৰ্তন, গোলকীয় উষ্ণতা, বনাঞ্চল ধ্বংস, পানীৰ নাটনি, পৰিৱেশ প্ৰদূষণ আদিক লৈ অধিক সচেতন। বিশ্বজুৰি গঢ়ি উঠিছে ব্যাপক জনমত।

অৱশ্যে এই দিশবোৰ কোনো ক্ষেত্ৰতেই আওকাণ কৰিবলগীয়া বিধৰ নহয়। কিন্তু সেই অনুসৰি মাটিৰ অসুখক লৈ এতিয়াও শংকিত নহয় বিশ্ব। মাটিৰ অসুখ মানে মাটিৰ বিলুপ্তি( Soul Extinction)।  মাটিৰ বিলুপ্তি মানে মাটিৰ পৰিমাণ কম নহয়, মাটিৰ জৈৱিক উপাদানৰ ( Organic Content) বিলুপ্তিহে।

মাটিৰ বিলুপ্তি মানৱ সভ্যতাৰ বাবে এক বিৰাট ভাবুকি।

      ‌‌ মাটি জীয়াই থাকিবলৈ মাটিত কমেও ৩ ৰ পৰা ৬ শতাংশ জৈৱিক পদাৰ্থ  থকাটো প্ৰয়োজন। মাটিত জৈৱিক উপাদান নাথাকিলে মাটিয়ে নিজৰ গুণ হেৰুৱাই বালিত পৰিণত হয়। এই জৈৱিক পদাৰ্থ হ’ল হিউমাছৰ পৰা অহা মাটিৰ জীৱন্ত অংশ। মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ কম হোৱাৰ বাবেই মাটি  ৰোগাক্ৰান্ত।

          এক সমীক্ষাত কোৱা হৈছে এতিয়া কিছুমান দেশৰ মাটিত জৈৱিকৰ পৰিমাণ দশমিক ৫ শতাংশতকৈও কম। সমীক্ষাটোৰ মতে ভাৰতৰ ৬২ শতাংশ মাটিৰ জৈৱিক উপাদানৰ পৰিমাণ দশমিক ৫ শতাংশৰ কম। ইউৰোপৰ প্ৰায় ৭৫ শতাংশ মাটিত জৈৱিক উপাদানৰ পৰিমাণ ২ শতাংশতকৈ কম।

eye level photo of cultivated land
Photo by Jan Kroon on Pexels.com

ফলত মাটিয়ে শস্য উৎপাদনৰ ক্ষমতা হেৰুৱাই পেলাইছে। ইতিমধ্যে বিশ্বৰ প্ৰায় ৫২ শতাংশ মাটি কৃষিৰ অনুপযোগী হৈছে। অহা ৩০ বছৰত পৃথিৱীৰ ৯০ শতাংশ মাটিয়েই  নিজৰ গুণাগুণ সম্পূৰ্ণকৈ হেৰুৱাব বুলি শংকা কৰা হৈছে।অথচ হাজাৰ হাজাৰ বছৰ ধৰি মাটি জৈৱিক পদাৰ্থৰে চহকী আছিল।

    মাটিৰ বিলুপ্তিয়ে জীৱকুলৰ ওপৰত খাদ্যৰ নাটনি কৰিছে। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। বিশ্বৰ ৮০ কোটিৰো অধিক লোক ভোকাতুৰ।  প্ৰায় দুই মিলিয়ন লোকে পুষ্টিহীনতাত ভূগি আছে। মাটিৰ জৈৱিক উপাদান হ্ৰাস হোৱাৰ ফলত মাটিয়ে শস্য উৎপাদন ক্ষমতাও হেৰুৱাই আহিছে।

ইফালে ২০৫০ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যা যিমান বৃদ্ধি পাব বুলি আশা কৰা হৈছে ,সেই অনুপাতে কিন্তু শস্য উৎপাদন প্ৰায় ৪০ শতাশ কমি যাব। আমাৰ ৯৫ শতাংশৰো অধিক খাদ্য মাটিৰ পৰা আহে।অথচ আমাৰ হাতত এতিয়া যি মাটি আছে, সেইখিনিয়ে হয়তো অহা ৬০ বছৰৰ পাছত উৎপাদন ক্ষমতা হেৰুৱাই পেলাব।

মাটিৰ প্ৰতি অহা এই ভাবুকিক প্ৰতিহত কৰিবলৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে হয়তো অহা ২০ বছৰৰ ভিতৰত মাটিৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পাৰিম। কিন্তু আমি যদি এই দিশত আগন্তুক ২০ বছৰ অৱহেলা কৰোঁ তেন্তে মাটিক পুনৰুদ্ধাৰ কৰিবলৈ আৰু ২০০ বছৰ লাগিব।

         মাটিৰ বিলুপ্তিৰ লগত আন কিছুমান আনুসাংগিক কথা জড়িত হৈ আছে। খাদ্য সুৰক্ষাৰ কথা ইতিমধ্যে কোৱা হৈছে। ইয়াৰ উপৰিও পুষ্টিকৰ খাদ্য, পানীৰ অভাৱ, খৰাং, বানপানী, গণ প্ৰব্ৰজন, গোলকীয় উষ্ণতা আদি বিষয়বোৰো মাটিৰ বিলুপ্তিৰ লগত সংপৃক্ত হৈ আছে।

dry soil
Photo by Francesco Ungaro on Pexels.com

মানুহৰ জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়টোও ইয়াৰ লগত সম্পৰ্কিত। মাটিত অসংখ্য ক্ষুদ্ৰ জীৱ ( Microbes)থাকে। এই জৈৱ বৈচিত্ৰ্যবোৰে উদ্ভিদক পুষ্টিকৰ উপাদান যোগান ধৰে। ই মাটিক সজীৱ কৰি ৰাখে।

কিন্তু বছৰি মাটিৰ পৰা ক্ৰমাৎ এনে ক্ষুদ্ৰ জীৱৰ বিলুপ্তি ঘটি আছে।  স্বাস্থ্য সন্মত খাদ্য উৎপাদনৰ দক্ষতা মাটিৰ কমি আহিছে।  এক সমীক্ষামতে আমাৰ দেশীয় শাক- পাচলিত প্ৰ’টিনৰ পৰিমাণ ৬০ শতাংশ কমি গৈছে। শাক- পাচলিত কমিছে খনিজ পদাৰ্থৰ পৰিমাণ।  ফলত বহু লোক ভিটামিন আৰু আইৰণ ঘাটি ৰোগত আক্ৰান্ত হৈছে।

       মাটিৰ অসুখৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি হ’বলৈ লৈছে। মাটিত থাকিবলগীয়া জৈৱিক উপাদানৰ পৰিমাণ কম হোৱাৰ ফলত মাটিৰ বায়ুমণ্ডলৰ পৰা কাৰ্বন শোষণৰ হাৰ আৰু দক্ষতা কমি গৈছে। জৈৱিক উপাদানেৰে সমৃদ্ধ মাটিয়ে বায়ুমণ্ডলৰ পৰা যথেষ্ট পৰিমাণে কাৰ্বন শোষণ কৰি পৃথিৱীক শীতল কৰি ৰাখিব পাৰে। ইয়াৰ বিপৰীতে মাটিৰ অৱক্ষয়ৰ ফলত  মাটিৰ কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইড বায়ুমণ্ডললৈ নিৰ্গত হ’বলৈ ধৰাত জলবায়ুৰ পৰিবৰ্তন হৈছে।

        ‌আনহাতে বানপানীৰ ভয়াবহতাৰো অন্যতম কাৰক হিচাপে মাটিৰ বিলুপ্তিক চিহ্নিত কৰা হৈছে। আগতে গছ- গছনিৰে আবৃত মাটি জৈৱিক পদাৰ্থৰে সমৃদ্ধ আছিল। কিন্তু ধাৰাবাহিক ভাৱে মাটিৰ পৰা জৈৱিক উপাদান কমি অহাত মাটিৰ বৰষুণৰ পানী ধাৰণ ক্ষমতা কমি আহিছে। ফলত বৰষুণ দিলে বানপানী আৰু বৰষুণ নাথাকিলে খৰাং দেখিবলৈ পোৱা যায়।

      মাটিৰ অসুখৰ ফলত বিশেষকৈ খাদ্য আৰু পানীৰ নাটনিৰ ফলত গণ প্ৰব্ৰজন আৰম্ভ হৈছে। আফ্ৰিকাত গণ প্ৰব্ৰজন হৈছে। ২০৫০ চনৰ ভিতৰত কেবা বিলিয়ন লোকৰ প্ৰব্ৰজন হ’ব বুলি শংকা কৰা হৈছে। 

gray sands closeup photo
Photo by Nicolas Postiglioni on Pexels.com

       এতিয়া মাটিৰ জৈৱিক উপাদানৰ পৰিমাণ ৬ শতাংশলৈকে বৃদ্ধি কৰিবলৈ এক সামাজিক আন্দোলনৰ প্ৰয়োজন হৈছে। গছ -গছনিৰ আৱৰ্জনা, পশুৰ আৱৰ্জনাৰে মাটি সমৃদ্ধ কৰিব লাগিব। অত্যধিক পৰিমাণৰ গছ -গছনি ৰোপনৰ বাবে জনমত গঠন কৰিব লাগিব।   পৃথিৱীত থকা সকলোখিনি মাটি হাল বাই নষ্ট নকৰি কিছু মাটিত বৃক্ষৰোপণ কৰিব লাগিব।

প্ৰতি বছৰে ৫ ডিছেম্বৰত ‘ বিশ্ব মাটি দিৱস ‘ উদযাপন কৰিবলৈ লোৱাটো এক ভাল পদক্ষেপ। ইয়াৰ জৰিয়তে আৰু আন আন স্বেচ্ছাসেৱী সংগঠন সমূহে মাটিৰ বিলুপ্তিৰ বিৰুদ্ধে জনমত গঠন কৰি  মাটিৰ অসুখ নিৰ্মূলৰ হকে আগবাঢ়ি অহা উচিত।

তেতিয়াহে আমি গোলকীয় উষ্ণতা ৰোধ, পানীৰ নাটনি দূৰ কৰা,পুষ্টকৰ খাদ্যৰ পৰিমাণ বৃদ্ধি, জৈৱ বৈচিত্ৰ্যৰ উত্তৰণ আৰু কৃষকৰ আত্মহত্যা ৰোধৰ নিচিনা দিশসমূহৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হ’ব পাৰিম।

লেখকৰ মোবাইল নম্বৰ:   98592-63973

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average
Climate Change

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

by Kakali Das
July 13, 2025
0

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average KAKALI DAS KAKALI DAS...

Read moreDetails
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025
aerial photography of water beside forest during golden hour

Women Economic Forum for Mediterranean 2025: empowering change from Palermo (Sicily, Italy)

July 13, 2025
Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

Deloitte’s Indian Crossroads: Navigating a Perfect Storm of Global and Local Pressures

July 12, 2025
woman wearing gold colored bangle and mehndi

Why are Indians obsessed with spending so much on weddings?

July 12, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
RACHNA NATH from ASSAM Selected for Analog Astronaut Mission

Rachna Nath in conversation with Mahabahu

July 13, 2025
WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

WMO State of Climate in Asia 2024 Report: Asia Warming Twice as Fast as Global Average

July 13, 2025
ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

ডিজিটেল সাম্ৰাজ্যবাদ: আমাজন, গুগল, ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি  

July 13, 2025
The World Is Suffering From A Human Rights And Moral Crisis

The World Is Suffering From A Human Rights And Moral Crisis

July 13, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12778 shares
    Share 5111 Tweet 3194
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    596 shares
    Share 238 Tweet 149
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1608 shares
    Share 643 Tweet 402
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1278 shares
    Share 511 Tweet 320
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3224 shares
    Share 1290 Tweet 806
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5661 shares
    Share 2264 Tweet 1415
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2249 shares
    Share 900 Tweet 562
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    994 shares
    Share 398 Tweet 249
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    206 shares
    Share 82 Tweet 52
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d