• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

মাটি

ASSAMESE SECTION/ Land

by Sanjeev Kumar Nath
April 8, 2026
in ASSAMESE SECTION
Reading Time: 4 mins read
0
মাটি
Share on FacebookShare on TwitterShare on LinkedIn

মাটি

Soil 1

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Kumar Nath
সঞ্জীৱ কুমাৰ নাথ

(১)

৪৫৪ কোটি মান বছৰ আগতে আন্ত:নাক্ষত্রীয় ধূলিৰ এটা প্রকাণ্ড ঘূর্ণীয়মান মেঘৰ পৰা সূর্য আৰু সূর্যক প্রদক্ষিণ কৰা গ্রহবোৰৰ সৃষ্টি হৈছিল হেনো। জ্বলন্ত অগ্নিপিণ্ডহেন ঘূর্ণীয়মান পৃথিৱীয়ে বহু যুগ ধৰি অসংখ্য উল্কা, শিলা খণ্ডৰ আঘাত সহি সহি ক্রমাত শীতল হ’ল আৰু পৃথিৱীৰ বুকুত মহাসাগৰ আৰু মহাদেশবোৰ সৃষ্টি হ’ল। ৩৫০ কোটি বছৰ মান আগতে ক্ষুদ্র এককোষী জীৱৰ সৃষ্টি হ’ল। তাৰো বহু, বহু পিছত ক্রমাত উন্নতৰ জীৱৰ সৃষ্টি হ’ল, আৰু ৫৪.১ কোটি মান বছৰৰ আগতে জীৱ-জগতৰ বৈচিত্র চমকপ্রদ ভাৱে বাঢ়িবলৈ ধৰিলে। ২৫.২ কোটি মান বছৰ আগতে ভীমাকাৰ ডাইনছৰ বোৰে পৃথিৱীত প্রভূত্ব বিস্তাৰ কৰিলে, কিন্তু ৬.৬ কোটি মান বছৰ আগতে প্রকাণ্ড গ্রহাণুৰ আঘাটে সৃষ্টি কৰা ভয়ংকৰ পৰিবেশত ডাইনছৰবোৰ মৰি শেষ হৈ গ’ল। ডাইনছৰ-শূন্য পৃথিৱীত স্তন্যপায়ী জীৱবোৰৰ বৃদ্ধি হ’ল। অর্থাৎ এটা জীৱৰ বহু দীঘলীয়া প্রভূত্বৰ পিছত অন্য এটাৰ প্রভূত্ব বিস্তাৰ;একেলগে, “সবকা সাথ, সবকা বিকাশ” নহয়।

Big Bang

            এইদৰে বহু যুগৰ অন্তত, মাত্র ৩ লাখ বছৰ মান আগতে হ’ম’ ছেপিয়েনছ অর্থাৎ মানৱৰ সৃষ্টি হ’ল। যদি ৪৫৪ কোটি বছৰীয়া এই ইতিহাসক এটা দিন বুলি ধৰা হয়, তেন্তে মানৱৰ সৃষ্টি এই দিনৰ শেষ হ’বলৈ মাত্র ৫.৭ চেকেণ্ড মান থাকোঁতে হয়। বছৰৰ গণনাৰ প্রথমটো বছৰ (1 CE) আৰম্ভ হয় সেই দিন শেষ হ’বলৈ ৩৮.৫ মিলিচেকেণ্ড থাকোতে, অর্থাৎ শেষ চেকেণ্ডটোৰ ১০০০ ভাগৰ ৩৮.৫ ভাগ বাকী থাকোঁতে। ১৫০০ চন (১৫০০ চন মানে ইওৰোপীয় নৱজাগৰণৰ জয়যাত্রা..……“নতুন” দেশ/বজাৰ/মাটি বিচাৰি ইওৰোপৰ শক্তি সমূহৰ প্রতিযোগিতা……আজটেক আৰু ইঙ্কা সাম্রাজ্য…….বিভিন্ন প্রান্তত বিভিন্ন সাম্রাজ্যৰ দপদপনি….নিজৰ মাটিৰ সীমা বঢ়োৱাৰ প্রতিযোগিতা…..) আৰম্ভ হয় শেষ চেকেণ্ডৰ ১০০০ ভাগৰ ৯.৯ ভাগ থাকোঁতে, আৰু ২০০০ চন আৰম্ভ হয় সেই শেষ চেকেণ্ডৰ ১০০০ ভাগৰ ০.৪৮ ভাগ বাকী থাকোঁতে।

            এই সংখ্যাবোৰ সঠিক নহ’লেও সঠিকৰ ওচৰা ওচৰি হ’ব। এনেয়ো আমাৰ মনেনো ৪৫৪ কোটি বছৰ বা ০.৪৮ মিলিচেকেণ্ড ক’ত বুজি পায়? অতি ক্ষুদ্র, ক্ষণিক আমাৰ অস্তিত্ব; মহাজাগতিক হিচাপ উপলব্ধি কৰিব পৰা ক্ষমতা আমাৰ নাই, মাত্র অংক কৰি সংখ্যাৰ পার্থক্য দেখা পাওঁ।কিন্তু কচুপাতৰ পানীৰ দৰে ক্ষন্তেকীয়া জীৱনধাৰী মানুহৰ কামনা-বাসনা, লোভৰ জানো অন্ত আছে? ৪৫৪ কোটি বছৰ আগেয়ে আৰম্ভ হোৱা ঘটনা ৰাজিৰ অন্তত যেতিয়া আমি (সর্বশেষত) আহি ওলালোহি, তেতিয়া আমি ক’লোঁ যে এই পৃথিৱী আমাৰ। এয়া আমাৰ মহাদেশ, আমাৰ দেশ, প্রদেশ, জিলা, উপ-জিলা, চহৰ, গাওঁ, চুবুৰী, ঘৰ। এয়া মোৰ মাটি। বেৰ দি পৃথক কৰি লৈছোঁ। মোৰ।মাটি, পানী, গছ-গছনি, পাহাৰ, নদী সকলোতে আমাৰ অধিকাৰ। এয়া আমাৰ। এয়া মোৰ। বিশেষকৈ, এয়া মোৰ। মোৰ। মোৰ।

Big Bang 1

            মাটি লাগে মানুহক। মাটিৰ মানুহক মাটি লাগে। বহু শতাব্দী ধৰি বহু কষ্ট সহি মহাসাগৰত নাও মেলি দি ইউৰোপীয় শক্তি সমূহে কৰিছিল মাটিৰ সন্ধান—নতুন দেশ, নতুন মাটি, কেঁচা মালৰ নতুন ভাণ্ডাৰ,নতুন বজাৰ। মাটিৰ সন্ধান কৰি চলে বলে কৌশলে বহি লৈছিল আফ্রিকাত, এছিয়াত। ১৮৮৪-১৮৮৫ চনত বার্লিনত হোৱা এলানি সভাত ইওৰোপীয় দেশ কেইখনমানে আফ্রিকা মহাদেশৰ মাটি নিজৰ ভাগত ভাগ কৰি পেলালে। জন্মদিনৰ কে’ক কটাৰদৰে আফ্রিকাৰ মানচিত্র কাটি টুকুৰা টুকুৰ কৰিলে। আফ্রিকাৰ অনেক দেশৰ মাজত থকা চিধা সীমান্তবোৰ সেই খকুৱাহঁতে কটা ৰেখাৰেই চিন।

India
Clipping from the Daily Herald, 4 June 1947 – WikiCommons.

            স্বাধীন ভাৰতৰ মাটিৰ ভাগ হ’ল—এয়া হিন্দুস্তান, এয়া পাকিস্তান। স্বাধীন ভাৰতৰ প্রদেশবোৰৰ মাটিৰ ভাগ হ’ল। স্বাধীন অসম/কামৰূপ/কমতা/প্রাগজ্যোতিষপুৰ কাৰ আছিল? এই মাটি কাৰ আছিল? বিভিন্ন শক্তিৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত উত্থান-পতন হোৱাৰ পিছত, এদিন এখন “অসম” ইংৰাজে নিজৰ ভাৰত নামৰ কলনিৰ অন্তর্ভুক্ত কৰাৰ সুবিধা পালে। পিছত স্বাধীন ভাৰতৰ প্রদেশ হ’ল অসম। ভাৰতৰ ভিতৰতে লেখতলবলগীয়া, ডাঙৰ, বৈচিত্রপূর্ণ এক ভূখণ্ড। কিন্তু সময়ত অসমৰ মাটি ভাগ ভাগ হ’ল।  নাগালেণ্ডে ক’লে “আমি অসম নহয়, আমি নাগালেণ্ড”। মনিপুৰে, মেঘালয়ে….সকলোৱে ক’লে, “আমি অসম নহয়”। গতিকে এখন বৃহৎ অসমক কাটি কাটি ভাগ কৰি দিয়া হ’ল—নাগালেণ্ড, অৰুণাচল, আদি। ব্রহ্মপুত্র-বৰাকক সাবতি এখন সৰু অসম থাকিলগৈ, কিন্তু মাজে মাজে তাতো নতুন নতুন ৰেখা টনা হ’ল—ইয়াত এওঁলোকৰ নিজৰ শাসন চলিব, ইয়াত এওঁলোকৰ ভাষা চলিব। সৰু অসমো ভাগ ভাগ হ’ল।

Redcliff and India

            “সৰু” অসম (বৰ অসম?) কাৰ? এই মাটি কাৰ? কিমানদিন ধৰি ইয়াত বসবাস কৰা সকলৰ এই মাটি? নতুন ব্যৱসায় কৰি বিকাশ কৰা সকলক কিমান মাটি দিয়া যায়?মাটিৰ ওপৰত কাৰ অধিকাৰ বেছি? খেতিৰ বাবে মাটি নে চিমেন্ট ফেক্টৰীৰ বাবে মাটি? হেজাৰ হেজাৰ বিঘা মাটি কোনে পায়? কিয় পায়? এই মাটি কাৰ? বিকাশৰ দামামা বজোৱা সকলৰ নে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি খেতি কৰাসকলৰ? মাটি কাৰ? কাৰ মাটি? এই মাটি ধান,কুঁহিয়াৰ, কল, চাহ খেতিৰ বাবে নে বিদেশী পাম গছৰ খেতিৰ বাবে? দীপৰ বিল মাটিৰে পুতি উদ্যোগ গঢ়া সকলৰ মাটি নে তাত মাছ ধৰি জীৱিকা নির্বাহ কৰা সকলৰ মাটি? এই মাটি কাৰ? কোনে কোনে এই মাটিত অধিকাৰ সাব্যস্ত কৰিব পাৰিব? অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ ধন, শক্তি, চাতুৰী কাৰ আছে?

(২)

Soil 2
SOIL 4
Land

            পৃথিৱীৰ মাটি-পানী আদিৰ পৰাইতো সকলো জীৱৰ সৃষ্টি, মানুহৰো। পঞ্চভূতৰেগঢ়া এই শৰীৰ। পঞ্চ ভূত (আকাশ, বায়ু, অগ্নি, জল, স্থল) মোৰ নহয়,পঞ্চ ভূত মোৰ সৃষ্টি নহয়,  কিন্তু পঞ্চভূতেৰেই গঢ়া হৈছে মোৰ এই শৰীৰ।

মাটিৰ মানুহ আমি……“সেই আত্মাৰ পৰা আকাশৰ সৃষ্টি হ’ল, আকাশৰ পৰা বায়ু, বায়ুৰ পৰা অগ্নি, অগ্নিৰ পৰা জল, জলৰ পৰা পৃথিৱী, পৃথিৱীৰ পৰা ঔষধি সমূহ, ঔষধি সমূহৰ পৰা অন্ন, অন্নৰ পৰা মনুষ্য…..” (তৈত্তিৰীয় উপনিষদ, ব্রহ্মানন্দ ৱল্লী, ২-১)

            মাটিৰ মানুহ আমি……And the Lord God formed man of the dust of the ground, and breathed into his nostrils the breath of life; and man became a living soul (Genesis 2:7, King James Version of the Bible).

            মাটিৰ মানুহ আমি…..“Indeed We created man from the sounding clay moulded from black mud.” (Surah Al-Hijr 15: 26)

Land 1
How Much Land Does a Man Need

উপসংহাৰ :প্রথম বিশ্বযুদ্ধৰ সময়তকুৰি শতিকাৰ বিস্ময়কৰ এক প্রতিভা, দার্শনিক লুদৱিগ উদ্গেনষ্টাইনক (১৮৮৯-১৯৫১) স্বাস্থ্যজনিত কাৰণত যুদ্ধত ভাগ লোৱাৰ পৰা ৰেহাই দিব বিচৰা হৈছিল, কিন্তু মৃত্যুৰ সৈতে মুখামুখি হৈ নিজৰ চৰিত্রৰ নিজে পৰীক্ষা কৰাৰ লোভ সামৰিব নোৱৰা উদ্গেনষ্টাইনে ৰণত ভাগলৈ সাহসিকতাৰ পৰিচয় দিছিল আৰু তাৰ বাবে পুৰস্কৃত হৈছিল। যুদ্ধক্ষেত্রতো হেনো উদ্গেনষ্টাইনে নিজৰ সৈতে লৈ ফুৰা এটা কাহিনী আছিল লিও তলস্তয়ৰ “মানুহ এজনক কিমান মাটিৰপ্রয়োজন?” (“How Much Land Does a Man Need?”। এই বিখ্যাত গল্পটো নজনা মানুহ নিশ্চয় বৰ কম হ’ব, গতিকে ইয়াত তাৰ বর্ণনা নিষ্প্রয়োজন।

black telescope under blue and blacksky
Photo by Lucas Pezeta on Pexels.com

Sanjeev Kumar Nath,  sanjeevnath21@gmail.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

June 26, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d