মাতৃভাষাৰ বিদ্যালয়ৰ জয়জয়কাৰ : পুনৰ প্ৰাণ পাই উঠক পূৰ্বৰ গৰিমা
যুগান্ত বায়ন

সদ্য ঘোষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ অভূতপূৰ্ব আৰু আশাৰ বতৰা কঢ়িয়াই অনা সফলতাই বৰ্তমান সময়ত ৰাজ্যৰ ৰজাঘৰ, প্ৰজাঘৰৰ একাংশই মাতৃ ভাষাৰ মাধ্যমৰ প্ৰতি দেখুওৱা অনীহা, অৱহেলা আৰু এনে লোকৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিলাসী বিদ্যালয়ৰ প্ৰতি অসমৰ নতুন প্ৰজন্মই এক প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
চহৰ,নগৰ অঞ্চলৰ তথাকথিত আভিজাত্যক প্ৰত্যাখ্যান কৰি এইবাৰৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ গ্ৰামীণ অঞ্চলৰ শিক্ষাৰ্থীৰ আধিপত্য বিস্তাৰে প্ৰকৃততে গাঁৱৰ পৰাই যে জীৱনৰ আদিপাঠ আৰম্ভ হয়, তাক সহেন্দহাতীতভাৱে প্ৰতীয়মান কৰিছে।

গ্ৰাম্য অঞ্চলৰ পৰীক্ষাৰ্থী জয়জয়কাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ক্ৰমাৎ হেৰাই যাব খোজা অসমৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ কেইবাখনো মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পৰীক্ষাৰ্থীয়ে দেখুওৱা সফলতাই মাতৃভাষা মাধ্যমৰ লগতে চৰকাৰী খণ্ডৰ বিদ্যালয়ক উজলাই তুলিছে।
এক প্ৰকাৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহলৈ ঘূৰি অহা পূৰ্বৰ গৰিমাই অনাগত দিনবোৰত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলকো মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। ফলত অতি সম্প্ৰতি বিভিন্ন পক্ষই আইৰ মুখৰ ভাষাটোক বিলুপ্ত কৰিবলৈ চলোৱা অপচেষ্টা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ছাত্ৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ আৰু জীৱন পৰিক্ৰমাৰ দিক নিৰ্ণয় কৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে এক নিৰ্ণায়ক আৰু সুদূৰপ্ৰসাৰী গতি লাভ কৰিব।
নগৰ অঞ্চলৰ নামী-দামী শিক্ষানুষ্ঠানেৰে পৰিপূৰ্ণ জিলাসমূহৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি গ্ৰাম্য অঞ্চলৰ জিলাসমূহৰ শিক্ষানুষ্ঠানসমূহে দেখুওৱা চমকপ্ৰদ সফলতাই ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক যুগান্তকাৰী অধ্যায় হিচাপে বিবেচিত হৈছে।
প্ৰাপ্ত তথ্য মতে, কোভিডকালীন সময়ৰ ঘোষিত ফলাফলক বাদ দি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইতিহাসত এইবাৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। বিগত বছৰৰ উত্তীৰ্ণৰ হাৰ ৭২.৬ শতাংশৰ বিপৰীতে এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ।
শিক্ষাৰ নামত চহৰ অঞ্চলত কেৱল ৰমৰমীয়া ব্যৱসায়ৰ স্বাৰ্থত গঢ় লৈ উঠা শিক্ষানুষ্ঠানসমূহৰ তুলনাত উপযুক্ত আৰু পৰ্যাপ্ত আন্তঃগাথনি আৰু উপযুক্ত সা-সুবিধা নথকা গ্ৰাম্য পৰিৱেশত গঢ় লৈ উঠা জিলাসমূহৰ পৰীক্ষাৰ্থীয়ে দেখুওৱা গভীৰ আশা আৰু প্ৰত্যয় ভৰা সফলতাই স্বাভাৱিকতে ৰাজ্যখনৰ শৈক্ষিক দিশলৈ এক তাৎপৰ্যপূৰ্ণ বতৰা কঢ়িয়াই আনিছে।
৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে চিৰাং জিলাই শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৮৮.১ শতাংশৰে নলবাৰী জিলা দ্বিতীয় স্থান, ৮৭.৩ শতাংশৰে তৃতীয় স্থানত ডিমাহাছাও জিলা আৰু ৮৬.৯ শতাংশৰে বাক্সাই চতুৰ্থ স্থান লাভ কৰাৰ তথ্যই গ্ৰাম্য অঞ্চলৰ সাম্প্ৰতিক শৈক্ষিক উত্তৰণৰ দিশটোক অধিক পৰিৱৰ্তন আৰু গতিশীল হোৱাৰ চিত্ৰখন ফুটাই তুলিছে।
অতি সম্প্ৰতি ৰাজ্যখনৰ মাতৃ ভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি ক্ৰমাগতভাৱে বৃদ্ধি পোৱা আগ্ৰহৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ কটন কলেজিয়েট বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰ শৈক্ষিক দিশ পৰিৱৰ্তনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অতি প্ৰশংসনীয় প্ৰচেষ্টা ৰাজ্যখনৰ অন্য শিক্ষানুষ্ঠানসমূহৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিলে আগন্তুক সময়বোৰ নিশ্চয় মাতৃ ভাষাৰ পোহৰেৰে জিলিকি উঠিব।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
21-04-2024Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)