-ড° ৰাস্না ৰাজখোৱা |
শেহতীয়া গৱেষণা এটাৰ মতে, নৱজাতক জিৰাফৰ গাত থকা ডাঙৰ আৰু অনিয়মীয়া আকাৰৰ দাগ সিহঁতৰ প্রথম কেইমাহমানৰ কাৰণহে থাকে। আপুনি মাতৃ জিৰাফৰ ছালত থকা কোটৰ দাগ আৰু সিহঁতৰ গঁঠীয়া আঁঠুযুক্ত শিশু জিৰাফবোৰৰ ছালৰ দাগবোৰৰ মাজত পার্থক্য উলিয়াব পাৰিবনে ?
এইটো খুব সহজ যে আচৰিত ধৰণে সিহঁতৰ সাদৃশ্যতা উলিয়াব পাৰি। গৱেষকসকলে শেহতীয়াকৈ আৱিষ্কাৰ কৰে যে, যুৱ জিৰাফে ছালত থকা কোটৰ চানেকিৰ দাগবোৰ সিহঁতৰ মাতৃৰপৰাই বহন কৰে আৰু দাগৰ বিতৰণ আৰু আকাৰে নির্ণয় কৰে কিমান ভালকৈ খঁকুৱা চিকাৰীৰপৰা সিহঁত আঁতৰত থাকিব পাৰিছিল।
নতুন অধ্যয়নটোৰ প্রতিৱেদনত বিজ্ঞানীসকলে কয়, জিৰাফৰ দাগবোৰ বিশেষকৈ যুৱ জিৰাফৰ কাৰণে, হাবিৰ মাজত লুকাবৰ বাবে উদ্ভিদত পোহৰ পেলালে যেনেকুৱা হয় তেনেকুৱাকৈ ছালত থকা নক্সাবোৰ হৈছে বুলি ভবা হয় অর্থাৎ আত্মৰক্ষাৰ কাৰণে হোৱা বুলি ভবা হয়। কিন্তু এতিয়ালৈকে প্রাণীবোৰৰ দাগৰ আকাৰ, আকৃতিয়ে কেনেকৈ জিৰাফক লাভান্বিত কৰে তাৰ বিশ্লেষণ অসম্পূর্ণ। গৱেষকসকলে বিবেচনা কৰে এই বিষয়ে অধিক অধ্যয়ন কৰিবলৈ।
অধ্যয়নৰ কাৰণে বিজ্ঞানীসকলে বন্য মচাই জিৰাফ (Masai giraffes) টানজিয়াৰ উত্তৰাঞ্চলৰ টৰঙগিৰ ৰাষ্ট্ৰীয় উদ্যানত বিচাৰি যায়। মচাই জিৰাফ তাৰ জটিল আৰু প্রত্যেকটো দাগৰ ভিন্নতাৰ বাবে বিখ্যাত।
অধ্যয়নটোৰ প্রধান লেখক আৰু পেনছিলভিনিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ জীৱবিদ্যা বিভাগৰ সহযোগী গৱেষক অধ্যাপক ডেৰেক লিৰ মতে বন্য জিৰাফৰ দাগ অনুসন্ধান আৰু বিভিন্ন তথ্য ল’বলৈ সময় আৰু ধৈৰ্যৰ প্রয়োজন। জৰীপৰ সময়ত গৱেষকসকলে জিৰাফ বিচাৰিবলৈ এটা অঞ্চল ঠিক কৰি লয় আৰু তাৰ পিছত লাহে লাহে তেওঁলোকে জিৰাফে বিষ্ঠা ত্যাগ কৰা পথবোৰেদি আগবাঢ়ি গৈ থাকে। তেওঁলোকে এবাৰ জন্তুৰ দলৰ অৱস্থান নির্ণয় কৰিব পাৰিলে, সিহঁতৰ অৱস্থানৰপৰা 330 ফুট আঁতৰত (100 মিটাৰ) তেওঁলোক ৰৈ যায় আৰু সাৱধানৰে অতি কৌশলেৰে সিহঁতৰ ফটো লয়।
“ফটো লওঁতে কেইমিনিটমানৰপৰা ঘণ্টালৈকে লাগিব পাৰে, নির্ভৰ কৰে গৱেষকসকলৰপৰা জিৰাফ কিমান দূৰত আছে, দলটো কিমান ডাঙৰ, অৰণ্য কিমান ঘন।”— লিয়ে কয়।
চানেকিৰ মান্যতা
গৱেষকসকলে জিৰাফৰ দাগৰ ১১ টা লক্ষণ, যেনে—দাগৰ সংখ্যা, দাগৰ অৱস্থানৰ কোণৰ জোখ আৰু দাগৰ কাষৰ মসৃণতা আৰু আকাৰ ইত্যাদি তুলনা কৰিবৰ কাৰণে প্রতিবিম্ব বিশ্লেষণ (image-analyzing) ছফটৱেৰ ব্যৱহাৰ কৰিছিল। মাকৰ আৰু পোৱালিৰ ছালৰ দাগৰ ধৰণৰ আৰু আকাৰ সাদৃশ্যতা লক্ষ্য কৰে। তেওঁলোকে অসাধাৰণভাবে যুৱ জিৰাফ আৰু তেওঁলোকৰ মাকৰ ছালৰ দাগৰ চানেকিৰ সাদৃশ্যতা পর্যৱেক্ষণ কৰে। এইটোৱে প্রমাণ কৰে যে জিৰাফৰ ছালৰ কোটৰ নিচিনা চানেকিটো মাতৃ জিৰাফৰপৰা শিশুলৈ যায়।।
বিভিন্ন সুকীয়া সুকীয়া জিৰাফৰ দলৰ ৰেকৰ্ডৰপৰা বিজ্ঞানীসকলে দাগবোৰৰ বিষয়ে আৰু অধিক তথ্য লাভ কৰিব পাৰিছে। দাগ ডাঙৰ অনিয়মীয়া হ’লে সিহঁত বেছি দিন জীয়াই থকাৰ সম্ভাৱনা। তেওঁলোকে আৱিষ্কাৰ কৰে যে সৌভাগ্যক্রমে বেছি আৰু অনিয়মীয়া দাগৰ সৈতে নতুনকৈ জন্ম হোৱা জিৰাফবোৰ অধিক দিন জীয়াই থকাৰ সম্ভৱনা, কাৰণ সিহঁতৰ কোটৰ নিচিনা ছালখন বেছি ক্রিয়াশীল।।
লিয়ে কয়, ক্ষেত্ৰ জীৱবিদে প্রায়ে অৰণ্যত কোটৰ দাগৰ সংখ্যা ব্যৱহাৰ কৰি প্রত্যেকটো প্রাণীক চিনাক্ত কৰে। কিন্তু এই অধ্যয়নটোত প্ৰথমবাৰৰ কাৰণে জটিল কোট নম্বৰ (coat marking) পৰীক্ষা কৰা হয় যাক একক বৈশিষ্ট্য বা আচৰণ বুলি ধৰিব পাৰি, যিটোৱে জিৰাফটোক জীয়াই থকাত প্ৰভাৱিত কৰে। তেওঁ আৰু কয়, “মই আশা কৰো অন্য বিজ্ঞানীসকলেও একে সঁজুলি ব্যৱহাৰ কৰিব, স্তন্যপায়ী প্রাণীৰ কোটৰ চানেকি জোখ-মাখ কৰিবলৈ যাতে এই চানেকিবোৰে কি অর্থ বহন কৰে আমাৰ বুজিবলৈ সহজ হয়।”
বন্য জিৰাফৰ মাকবোৰ সিহঁতৰ নিজৰ শিশুবোৰৰ কাৰণে কেৱল একো-একোগৰাকী নার্ছৰ দৰে। গতিকে কোনে কাক চেলেকিছে তাৰ আধাৰত গৱেষকসকলে চিনাক্তকৰণ কৰিবলৈ সমর্থ হয় মাতৃ-শিশুৰ সম্পর্ক (mother-calf relationships)। কিন্তু কেৱল জিনীয় পৰীক্ষাইহে পিতৃৰ পৰিচয় দিব পাৰিব, গতিকে এইটো চাবলৈ ৰৈ গৈছে জিনীয়ভাৱে শিশু জিৰাফৰ ছালৰ দাগৰ চানেকিত কিমান বেছি পিতৃৰ অৰিহণা আছে।