• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Uncategorized

মাধৱদেৱৰ স্মৃতি বিজড়িত বাঘবৰৰ বৈঠাপুতা সত্ৰৰ অস্তিত্ব সংকটত : শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা !

যুগান্ত বায়ন

by Anjan Sarma
August 4, 2023
in Uncategorized
Reading Time: 4 mins read
0
মাধৱদেৱৰ স্মৃতি বিজড়িত বাঘবৰৰ বৈঠাপুতা সত্ৰৰ অস্তিত্ব সংকটত : শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা !
Share on FacebookShare on TwitterShare on LinkedIn

সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰত চৰকাৰৰ অৱহেলা মাধৱদেৱৰ স্মৃতি বিজড়িত বাঘবৰৰ বৈঠাপুতা সত্ৰৰ অস্তিত্ব সংকটত : শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা!

যুগান্ত বায়ন

Juganta Bayan
যুগান্ত বায়ন

অসমৰ পৰ্যটন উদ্যোগৰ বিকাশ, সম্প্ৰসাৰণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ সত্ৰ-নামঘৰসমূহে উল্লেখযোগ্য স্থান দখল কৰি আহিছে।

অসমৰ বিভিন্ন প্ৰান্তত এনে বহু ইতিহাস গৰকা সত্ৰ আছে যিবোৰ সত্ৰই অসমীয়া জাতীয় জীৱন চহকী কৰি ৰাখিছে। এই সত্ৰসমূহক অধিক প্ৰাণবন্ত কৰি ৰখাৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা আঁচনিসমূহৰ বাবে অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ।

উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বৰদোৱা সত্ৰক ব্যাপক পৰিসৰত গঢ়ি তোলাৰ বাবে এক ব্যয় বহুল আঁচনি ৰূপায়ন হৈ আছে।

RelatedPosts

Kakali Das’s Symphony of Thoughts Untold Symphony of Thoughts Untold

Kakali Das’s Symphony of Thoughts Untold Symphony of Thoughts Untold

September 25, 2024
COP28: A Crucial Confrontation on Climate, Petrostates, Fossil Fuels, and the Human Future

COP28’s Transformative Journey Towards Climate Resilience

March 11, 2024
ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

February 28, 2024

ঠিক সেইদৰে গুৰুজনাই দেহ ত্যাগ কৰা কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি পশ্চিম-বংগৰ বিভিন্ন ঠাইত গঢ়ি উঠা সত্ৰ-নামঘৰসমূহক সংৰক্ষণ কৰাৰ বাবেও চৰকাৰে চিন্তাচৰ্চা অব্যাহত ৰাখিছে। 

         ইয়াৰ পিছতো পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা কেইবাখনো সত্ৰ আজিও অৱহেলিত, অনাদৃত। এই ক্ষেত্ৰত বৰপেটাৰ বাঘবৰৰ বৈঠাপুতা সত্ৰৰ কথা উল্লেখনীয়। যিখন সত্ৰ আজি লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি জড়িত হৈ থকা এই সত্ৰখন লুইতৰ প্ৰবল গৰাখহনীয়া আৰু অঞ্চলটোত হোৱা ব্যাপক প্ৰবজন তথা জনসংখ্যা বিস্ফোৰণৰ ফলত থলুৱা খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব নাইকীয়া হৈ পৰিছে। সত্ৰখনক জীয়াই ৰখাৰ বাবে অঞ্চলটোত বৰ্তমানে কেৱল ৩৩টা পৰিয়ালৰ ১৫০জন মান থলুৱা লোকে জীৱন জীৱিকাৰ বাবে কঠোৰ সংগ্ৰামত ব্ৰতী হৈ আছে। 

        উল্লেখযোগ্য যে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাৱেৰে ভটিয়াই আহোঁতে বৰ্তমান বহৰী সত্ৰৰ দক্ষিণে সোলোঙাতাৰী নামৰ ঠাইত নদীৰ পাৰত নাও বান্ধি নিশা কটাইছিল। তাতে তেওঁ বঠাখন পুতি তাৰ ওপৰত বন্তি জনাইছিল। পিছদিনা ৰাতিপুৱা সেই গাঁৱৰ মানুহ পথাৰলৈ আহোঁতে নদীৰ পাৰত মহাপুৰুষজনাক লগ পায় আৰু তাতে তেঁও গঞাসকলক বন্তি গছি দিয়ে আৰু তাক স্থাপন কৰি নিতৌ জ্বলাই থাকিবলৈ পৰামৰ্শ দিয়ে।

madhab dev
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ

কালক্ৰমত উক্ত গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাত গাওঁখনৰ ৰাইজ স্থানান্তৰিত হৈ খোলাবন্ধা লৈ আহে আৰু তাতে বন্তি গছি পুনৰ স্থাপন কৰে। এইদৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে দলগোমাৰ ওচৰৰ বহতি নামৰ ঠাই আৰু নগৰবেৰা ওচৰৰ মালঞ্চা নামৰ অঞ্চলত বন্তি গছি স্থাপন কৰে। কিন্তু ১৯১০ চনত বন্তি গছি বাঘবৰত স্থাপন কৰা হয় আৰু বৰ্তমানলৈ বাঘবৰৰ বৈঠাপুতা সত্ৰতে এই বন্তি গছি প্ৰজ্বলিত হৈ আছে।

       কিন্তু অতি সম্প্ৰতি এই সত্ৰখন অস্তিত্বৰ মহা সংকটত। বুঢ়ালুইতৰ তীব্ৰ খহনীয়া, অবাধ প্ৰব্ৰজন আৰু জন বিস্ফোৰণৰ ফলত সত্ৰখনে জীয়াই থকাৰ বাবে এমুঠি মান থলুৱা খিলঞ্জীয়া লোকৰ সহায়ত যুঁজ দি থাকিবলগীয়া হৈছে। বৰ্তমানে মাত্ৰ ২০ মিটাৰ ব্যৱধানত ব্ৰহ্মপুত্ৰ নদীয়ে অৱস্থান কৰি আছে। যিকোনো মূহুৰ্তত সত্ৰখন নদীৰ বুকুত লীন হৈ যোৱাৰ উপক্ৰম হৈছে। সত্ৰখন নদীৰ বুকু কৈ গ’লে এতিয়ালৈকে বসবাস কৰি থকা প্ৰায় ডেৰশ থলুৱা লোকৰো জীৱন বন্তি নুমুৱাই যাব।

২০২২ চনৰ ২৪ মে’ত ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীয়ে সত্ৰখন পৰিদৰ্শন কৰি সত্ৰখনৰ বাবে কিছু সাময়িক ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেয়া পৰ্যাপ্ত নহয়। প্ৰাপ্ত তথ্য মতে, ২০২২ চনৰ ১৯ নৱেম্বৰত গড়কাপ্তানি (পথ) বিভাগৰ মুখ্য অভিযন্তাই অসম চৰকাৰ লৈ গৰাখহনীয়া ৰোধৰ বাবে ৩ কোটি ২৬ লাখ টকাৰ অনুমোদন বিচাৰি এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। কিন্তু এই প্ৰস্তাৱ আজিও কাৰ্য্যকৰী নহ’ল।

IMG 20230408 WA0000
বাঘবৰৰ বৈঠাপুতা সত্ৰৰ অস্তিত্ব সংকটত

প্ৰাপ্ত তথ্য মতে, এই সমূদায় টকা এক অন্য কামত ব্যৱহাৰ কৰা হ’ল। লুইতৰ নৈসৰ্গিক সৌন্দৰ্য্য কঢ়িয়াই লৈ ফুৰা এই বৈঠাপুতা সত্ৰক কেন্দ্ৰ কৰি পৰ্যটনৰ এক বিশাল উদ্যোগ গঢ়ি তুলিব পাৰি। কিন্তু এনেবোৰ কামত চৰকাৰী প্ৰচেষ্টা একেবাৰে শূণ্য। ২০১৭-১৮ চনতে বৰপেটা জিলাৰ তদানীন্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ উদ্যোগত এটা অতিথিশালা আৰু সমূহীয়া ভৱন নিৰ্মাণ কৰা হৈছিল। তাৰপিছৰ পৰা কোনো প্ৰসাশনীয় বিষয়াই সত্ৰখনৰ কথা চিন্তা কৰা নাই। 

      চৰকাৰৰ এনে চৰম অমনোযোগিতাৰ বাবে কিছু সংখ্যক থলুৱা যুৱক অঞ্চলটোক এক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ নানান প্ৰতিকূলতাৰ মাজতো নিজস্ব প্ৰচেষ্টা অব্যাহত ৰাখিছে। জাতি,মাটি, ভেটি ৰক্ষাৰ বাবে গঠন হোৱা অসম চৰকাৰৰ এই ক্ষেত্ৰত ভূমিকা অতি দুখ লগা। পৰ্যটন বিভাগৰ চৰম অৱহেলাৰ বাবে পৰ্যটনৰ সম্ভাৱনা থকা এই বৈঠাপুতা অঞ্চল আজি পৰ্যটনৰ মানচিত্ৰৰ পৰা অৱহেলিত। 

madhab dev1
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ

       কিন্তু অতি পৰিতাপৰ বিষয় যে, জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসন ভাৰ গ্ৰহণ কৰা বৰ্তমানৰ চৰকাৰে বাঘবৰ অঞ্চলৰ এই ক্ষুদ্ৰ থলুৱা খিলঞ্জীয়া লোকসকলৰ প্ৰতি যেন মাহী আইৰ দৃষ্টি গ্ৰহণ কৰিছে। ঐতিহাসিক সত্ৰখনৰ প্ৰতিও চৰকাৰৰ অৱহেলা আৰু অমনোযোগিতাই থলুৱা লোকসকলক ব্যথিত কৰি তুলিছে। 

যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Kakali Das’s Symphony of Thoughts Untold Symphony of Thoughts Untold
Book

Kakali Das’s Symphony of Thoughts Untold Symphony of Thoughts Untold

by Sanjeev Kumar Nath
September 25, 2024
0

Kakali Das’s Symphony of Thoughts Untold  Sanjeev Kumar Nath Kakali Das’s Symphony of Thoughts Untold : Reviewing Life Through a...

Read moreDetails
COP28: A Crucial Confrontation on Climate, Petrostates, Fossil Fuels, and the Human Future

COP28’s Transformative Journey Towards Climate Resilience

March 11, 2024
ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

ভাৰত ৰত্ন চি ভি ৰমণ: ভাৰতৰ বৈজ্ঞানিক উত্তৰাধিকাৰ প্ৰতিষ্ঠা!

February 28, 2024
Navalny’s Death in Prison: Western Leaders Point Finger at Kremlin

Navalny’s Death in Prison: Western Leaders Point Finger at Kremlin

February 17, 2024
“মে ডাম মে ফী “– এটি দৃষ্টি …

“মে ডাম মে ফী “– এটি দৃষ্টি …

January 31, 2024
Solutions in 10 minutes: How would life be then?

Solutions in 10 minutes: How would life be then?

December 12, 2023
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d