সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰত চৰকাৰৰ অৱহেলা মাধৱদেৱৰ স্মৃতি বিজড়িত বাঘবৰৰ বৈঠাপুতা সত্ৰৰ অস্তিত্ব সংকটত : শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা!
যুগান্ত বায়ন
অসমৰ পৰ্যটন উদ্যোগৰ বিকাশ, সম্প্ৰসাৰণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ সত্ৰ-নামঘৰসমূহে উল্লেখযোগ্য স্থান দখল কৰি আহিছে।
অসমৰ বিভিন্ন প্ৰান্তত এনে বহু ইতিহাস গৰকা সত্ৰ আছে যিবোৰ সত্ৰই অসমীয়া জাতীয় জীৱন চহকী কৰি ৰাখিছে। এই সত্ৰসমূহক অধিক প্ৰাণবন্ত কৰি ৰখাৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা আঁচনিসমূহৰ বাবে অসম চৰকাৰ ধন্যবাদৰ পাত্ৰ।
উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বৰদোৱা সত্ৰক ব্যাপক পৰিসৰত গঢ়ি তোলাৰ বাবে এক ব্যয় বহুল আঁচনি ৰূপায়ন হৈ আছে।
ঠিক সেইদৰে গুৰুজনাই দেহ ত্যাগ কৰা কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি পশ্চিম-বংগৰ বিভিন্ন ঠাইত গঢ়ি উঠা সত্ৰ-নামঘৰসমূহক সংৰক্ষণ কৰাৰ বাবেও চৰকাৰে চিন্তাচৰ্চা অব্যাহত ৰাখিছে।
ইয়াৰ পিছতো পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা কেইবাখনো সত্ৰ আজিও অৱহেলিত, অনাদৃত। এই ক্ষেত্ৰত বৰপেটাৰ বাঘবৰৰ বৈঠাপুতা সত্ৰৰ কথা উল্লেখনীয়। যিখন সত্ৰ আজি লুইতৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি জড়িত হৈ থকা এই সত্ৰখন লুইতৰ প্ৰবল গৰাখহনীয়া আৰু অঞ্চলটোত হোৱা ব্যাপক প্ৰবজন তথা জনসংখ্যা বিস্ফোৰণৰ ফলত থলুৱা খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব নাইকীয়া হৈ পৰিছে। সত্ৰখনক জীয়াই ৰখাৰ বাবে অঞ্চলটোত বৰ্তমানে কেৱল ৩৩টা পৰিয়ালৰ ১৫০জন মান থলুৱা লোকে জীৱন জীৱিকাৰ বাবে কঠোৰ সংগ্ৰামত ব্ৰতী হৈ আছে।
উল্লেখযোগ্য যে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাৱেৰে ভটিয়াই আহোঁতে বৰ্তমান বহৰী সত্ৰৰ দক্ষিণে সোলোঙাতাৰী নামৰ ঠাইত নদীৰ পাৰত নাও বান্ধি নিশা কটাইছিল। তাতে তেওঁ বঠাখন পুতি তাৰ ওপৰত বন্তি জনাইছিল। পিছদিনা ৰাতিপুৱা সেই গাঁৱৰ মানুহ পথাৰলৈ আহোঁতে নদীৰ পাৰত মহাপুৰুষজনাক লগ পায় আৰু তাতে তেঁও গঞাসকলক বন্তি গছি দিয়ে আৰু তাক স্থাপন কৰি নিতৌ জ্বলাই থাকিবলৈ পৰামৰ্শ দিয়ে।
কালক্ৰমত উক্ত গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাত গাওঁখনৰ ৰাইজ স্থানান্তৰিত হৈ খোলাবন্ধা লৈ আহে আৰু তাতে বন্তি গছি পুনৰ স্থাপন কৰে। এইদৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে দলগোমাৰ ওচৰৰ বহতি নামৰ ঠাই আৰু নগৰবেৰা ওচৰৰ মালঞ্চা নামৰ অঞ্চলত বন্তি গছি স্থাপন কৰে। কিন্তু ১৯১০ চনত বন্তি গছি বাঘবৰত স্থাপন কৰা হয় আৰু বৰ্তমানলৈ বাঘবৰৰ বৈঠাপুতা সত্ৰতে এই বন্তি গছি প্ৰজ্বলিত হৈ আছে।
কিন্তু অতি সম্প্ৰতি এই সত্ৰখন অস্তিত্বৰ মহা সংকটত। বুঢ়ালুইতৰ তীব্ৰ খহনীয়া, অবাধ প্ৰব্ৰজন আৰু জন বিস্ফোৰণৰ ফলত সত্ৰখনে জীয়াই থকাৰ বাবে এমুঠি মান থলুৱা খিলঞ্জীয়া লোকৰ সহায়ত যুঁজ দি থাকিবলগীয়া হৈছে। বৰ্তমানে মাত্ৰ ২০ মিটাৰ ব্যৱধানত ব্ৰহ্মপুত্ৰ নদীয়ে অৱস্থান কৰি আছে। যিকোনো মূহুৰ্তত সত্ৰখন নদীৰ বুকুত লীন হৈ যোৱাৰ উপক্ৰম হৈছে। সত্ৰখন নদীৰ বুকু কৈ গ’লে এতিয়ালৈকে বসবাস কৰি থকা প্ৰায় ডেৰশ থলুৱা লোকৰো জীৱন বন্তি নুমুৱাই যাব।
২০২২ চনৰ ২৪ মে’ত ৰাজ্যৰ জলসম্পদ মন্ত্ৰীগৰাকীয়ে সত্ৰখন পৰিদৰ্শন কৰি সত্ৰখনৰ বাবে কিছু সাময়িক ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও সেয়া পৰ্যাপ্ত নহয়। প্ৰাপ্ত তথ্য মতে, ২০২২ চনৰ ১৯ নৱেম্বৰত গড়কাপ্তানি (পথ) বিভাগৰ মুখ্য অভিযন্তাই অসম চৰকাৰ লৈ গৰাখহনীয়া ৰোধৰ বাবে ৩ কোটি ২৬ লাখ টকাৰ অনুমোদন বিচাৰি এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। কিন্তু এই প্ৰস্তাৱ আজিও কাৰ্য্যকৰী নহ’ল।
প্ৰাপ্ত তথ্য মতে, এই সমূদায় টকা এক অন্য কামত ব্যৱহাৰ কৰা হ’ল। লুইতৰ নৈসৰ্গিক সৌন্দৰ্য্য কঢ়িয়াই লৈ ফুৰা এই বৈঠাপুতা সত্ৰক কেন্দ্ৰ কৰি পৰ্যটনৰ এক বিশাল উদ্যোগ গঢ়ি তুলিব পাৰি। কিন্তু এনেবোৰ কামত চৰকাৰী প্ৰচেষ্টা একেবাৰে শূণ্য। ২০১৭-১৮ চনতে বৰপেটা জিলাৰ তদানীন্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ উদ্যোগত এটা অতিথিশালা আৰু সমূহীয়া ভৱন নিৰ্মাণ কৰা হৈছিল। তাৰপিছৰ পৰা কোনো প্ৰসাশনীয় বিষয়াই সত্ৰখনৰ কথা চিন্তা কৰা নাই।
চৰকাৰৰ এনে চৰম অমনোযোগিতাৰ বাবে কিছু সংখ্যক থলুৱা যুৱক অঞ্চলটোক এক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ নানান প্ৰতিকূলতাৰ মাজতো নিজস্ব প্ৰচেষ্টা অব্যাহত ৰাখিছে। জাতি,মাটি, ভেটি ৰক্ষাৰ বাবে গঠন হোৱা অসম চৰকাৰৰ এই ক্ষেত্ৰত ভূমিকা অতি দুখ লগা। পৰ্যটন বিভাগৰ চৰম অৱহেলাৰ বাবে পৰ্যটনৰ সম্ভাৱনা থকা এই বৈঠাপুতা অঞ্চল আজি পৰ্যটনৰ মানচিত্ৰৰ পৰা অৱহেলিত।
কিন্তু অতি পৰিতাপৰ বিষয় যে, জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসন ভাৰ গ্ৰহণ কৰা বৰ্তমানৰ চৰকাৰে বাঘবৰ অঞ্চলৰ এই ক্ষুদ্ৰ থলুৱা খিলঞ্জীয়া লোকসকলৰ প্ৰতি যেন মাহী আইৰ দৃষ্টি গ্ৰহণ কৰিছে। ঐতিহাসিক সত্ৰখনৰ প্ৰতিও চৰকাৰৰ অৱহেলা আৰু অমনোযোগিতাই থলুৱা লোকসকলক ব্যথিত কৰি তুলিছে।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)