• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

মাধৱদেৱৰ সাহিত্যকৃতি

INSPIRATION

by Monoswini Sarmah
June 12, 2025
in Inspiration
Reading Time: 2 mins read
0
Madhavdev
Share on FacebookShare on TwitterShare on LinkedIn

মাধৱদেৱৰ সাহিত্যকৃতি

মনস্বিনী শৰ্মা 

manaswini Sarma
মনস্বিনী শৰ্মা 

 গুৰু ভক্তিৰে প্ৰসিদ্ধ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল।

জীৱনৰ প্ৰতি তেওঁৰ আস্থা আছিল আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। ১৪৮৯ চনত নাৰায়ণপুৰৰ লেতেকুপুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। 

   শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েক ৰামদাসক পাচিলে ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়।
madhab dev

তেওঁ আৰু ক’লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেও তাকে কৰিব লাগে। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শঙ্কৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে।

মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খন্দন কৰে। এনেদৰে তিনি প্ৰহৰ তৰ্ক যুদ্ধ হ’ল। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ “যথা তৰুৰ মূল ——-” শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ’ল গছৰ গুৰিত পানী দিলে দাল পাত সকলোৱে পায়। দাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়। আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই।

শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে “মণি-কাঞ্চণ সংযোগ” বুলি অভিহিত কৰি গৈছে।

       ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ।

অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি। তেখেতৰ আখ্যানমূলক ৰচনা হ’ল – ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ(অনুবাদ)। তত্ত্বমূলক ৰচনা হ’ল- জন্মৰহস্য,ভক্তি ৰত্নাৱলী,নামমালিকা। নাটসমূহ হ’ল – অৰ্জুন ভঞ্জন, দধিমথন। ঝুমুৰাসমূহ হ’ল- চোৰধৰা,পিম্পৰা গুচোৱা,ভোজন বিহাৰ,ভূমি লেটোৱা,কোটোৰা খেলা।

       শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক অনুসৰণ কৰি মহাপুৰুষ মাধৱদেৱে সাহিত্য সৃষ্টি কৰি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মহান উদ্দেশ্য সাৰ্থক কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ আদেশ মৰ্মে মাধৱদেৱে মূল বাল্মিকী ৰামায়ণৰ আদিকাণ্ড অসমীয়া ভাষালৈ অনুবাদ কৰে। 

কাব্যিক গুণ,সৰল ভাষা,ছন্দ,অলংকাৰ আৰু সৃজনী প্ৰতিভাৰ সমাহাৰেৰে মাধৱদেৱে আদিকাণ্ড ৰামায়ণক এক মনোমোহা ৰূপ প্ৰদান কৰিলে। মাধৱদেৱৰ সাহিত্যিক পাণ্ডিত্য,শাস্ত্ৰ জ্ঞানৰ পৰিসৰ, আধ্যাত্মিক জ্ঞান, জীৱনৰ আদৰ্শ, ধৰ্মীয় অনুভূতি, কাব্যিক বিচক্ষণতাৰ বহি: প্ৰকাশ ঘটিছে নামঘোষাখনিত।

নামঘোষাখনৰ চাৰিশমান ঘোষাই মাধৱদেৱে সৃষ্টি কৰা। বাকী ছয়শ ঘোষা বিভিন্ন পুৰাণৰ পৰা সংগৃহীত শ্লোকৰ অনুবাদ। অৰ্জুন ভঞ্জন নাটখনিত এখন পূৰ্ণাঙ্গ নাটকত থাকিবলগীয়া গুণসমূহ দেখা পোৱা যায়। 

      মা‌ধৱদেৱ আৰু শংকৰদেৱৰ জীৱন অতি গভীৰভাৱে সংযুক্ত আছিল। ইয়াৰ কাৰণ আছিল যদি মাধৱদেৱে শংকৰদেৱক লগ নাপালেহেঁতেন, তেন্তে তেওঁৰ অসাধাৰণ সাংগঠনিক আৰু দাৰ্শনিক প্ৰতিভা প্ৰকাশৰ আগতেই মৃত্যুবৰণ কৰিলেহেঁতেন।

লগতে যদি শংকৰদেৱে মাধৱদেৱক লগ নাপালেহেঁতেন, তেন্তে তেওঁৰ ধৰ্মীয় দৃষ্টিভংগীক অসমৰ জনসাধাৰণৰ মাজত বহল ভাৱে প্ৰচাৰ কৰা নহ’লহেঁতেন। যদিও মাধৱদেৱে শংকৰদেৱৰ মতাদৰ্শৰ ওপৰত আধাৰিত কৰি তেওঁৰ সাহিত্যৰচনা ৰচনা কৰিছিল, তেওঁৰ নিজৰ সৃষ্টিশীলতাক সমাজে স্বীকৃতি দিছিল। মাধৱদেৱৰ ৰচনা সমূহ হৈছে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অমূল্য অৱদান।

12-06-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj
PEOPLE OF ASSAM

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

by Nilim Kashyap Barthakur
June 10, 2026
0

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj Nilim Kashyap Barthakur Imagine waking up in a...

Read moreDetails
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 12, 2026
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
অপ্পো দিপো ভৱঃ শান্তিৰ দিশত…

Tathā-agata

May 1, 2026
Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

Asha Bhosle Forever: Legendary Singer’s Iconic Life, Timeless Hits & Unforgettable Legacy

April 12, 2026
Zubeen Garg’s Death: An End to an Era

Zubeen Garg: “Sing ‘Mayabini’ for me when I am gone”

April 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

July 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37372 shares
    Share 14948 Tweet 9343
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16904 shares
    Share 6762 Tweet 4226
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2140 shares
    Share 856 Tweet 535
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    142 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6742 shares
    Share 2697 Tweet 1686
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3934 shares
    Share 1574 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d