মাধৱদেৱৰ সাহিত্যকৃতি
মনস্বিনী শৰ্মা

গুৰু ভক্তিৰে প্ৰসিদ্ধ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল।
জীৱনৰ প্ৰতি তেওঁৰ আস্থা আছিল আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। ১৪৮৯ চনত নাৰায়ণপুৰৰ লেতেকুপুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়।
শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েক ৰামদাসক পাচিলে ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়।

তেওঁ আৰু ক’লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেও তাকে কৰিব লাগে। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শঙ্কৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে।
মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খন্দন কৰে। এনেদৰে তিনি প্ৰহৰ তৰ্ক যুদ্ধ হ’ল। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ “যথা তৰুৰ মূল ——-” শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ’ল গছৰ গুৰিত পানী দিলে দাল পাত সকলোৱে পায়। দাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়। আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই।
শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে “মণি-কাঞ্চণ সংযোগ” বুলি অভিহিত কৰি গৈছে।
ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ।
অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি। তেখেতৰ আখ্যানমূলক ৰচনা হ’ল – ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ(অনুবাদ)। তত্ত্বমূলক ৰচনা হ’ল- জন্মৰহস্য,ভক্তি ৰত্নাৱলী,নামমালিকা। নাটসমূহ হ’ল – অৰ্জুন ভঞ্জন, দধিমথন। ঝুমুৰাসমূহ হ’ল- চোৰধৰা,পিম্পৰা গুচোৱা,ভোজন বিহাৰ,ভূমি লেটোৱা,কোটোৰা খেলা।
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক অনুসৰণ কৰি মহাপুৰুষ মাধৱদেৱে সাহিত্য সৃষ্টি কৰি নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মহান উদ্দেশ্য সাৰ্থক কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ আদেশ মৰ্মে মাধৱদেৱে মূল বাল্মিকী ৰামায়ণৰ আদিকাণ্ড অসমীয়া ভাষালৈ অনুবাদ কৰে।
কাব্যিক গুণ,সৰল ভাষা,ছন্দ,অলংকাৰ আৰু সৃজনী প্ৰতিভাৰ সমাহাৰেৰে মাধৱদেৱে আদিকাণ্ড ৰামায়ণক এক মনোমোহা ৰূপ প্ৰদান কৰিলে। মাধৱদেৱৰ সাহিত্যিক পাণ্ডিত্য,শাস্ত্ৰ জ্ঞানৰ পৰিসৰ, আধ্যাত্মিক জ্ঞান, জীৱনৰ আদৰ্শ, ধৰ্মীয় অনুভূতি, কাব্যিক বিচক্ষণতাৰ বহি: প্ৰকাশ ঘটিছে নামঘোষাখনিত।
নামঘোষাখনৰ চাৰিশমান ঘোষাই মাধৱদেৱে সৃষ্টি কৰা। বাকী ছয়শ ঘোষা বিভিন্ন পুৰাণৰ পৰা সংগৃহীত শ্লোকৰ অনুবাদ। অৰ্জুন ভঞ্জন নাটখনিত এখন পূৰ্ণাঙ্গ নাটকত থাকিবলগীয়া গুণসমূহ দেখা পোৱা যায়।
মাধৱদেৱ আৰু শংকৰদেৱৰ জীৱন অতি গভীৰভাৱে সংযুক্ত আছিল। ইয়াৰ কাৰণ আছিল যদি মাধৱদেৱে শংকৰদেৱক লগ নাপালেহেঁতেন, তেন্তে তেওঁৰ অসাধাৰণ সাংগঠনিক আৰু দাৰ্শনিক প্ৰতিভা প্ৰকাশৰ আগতেই মৃত্যুবৰণ কৰিলেহেঁতেন।
লগতে যদি শংকৰদেৱে মাধৱদেৱক লগ নাপালেহেঁতেন, তেন্তে তেওঁৰ ধৰ্মীয় দৃষ্টিভংগীক অসমৰ জনসাধাৰণৰ মাজত বহল ভাৱে প্ৰচাৰ কৰা নহ’লহেঁতেন। যদিও মাধৱদেৱে শংকৰদেৱৰ মতাদৰ্শৰ ওপৰত আধাৰিত কৰি তেওঁৰ সাহিত্যৰচনা ৰচনা কৰিছিল, তেওঁৰ নিজৰ সৃষ্টিশীলতাক সমাজে স্বীকৃতি দিছিল। মাধৱদেৱৰ ৰচনা সমূহ হৈছে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অমূল্য অৱদান।
12-06-2025
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.