• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মানসিক চাপ,আত্মহত্যা আৰু অন্যান্য কথা

মানসিক চাপ,আত্মহত্যা আৰু অন্যান্য

by Anjan Sarma
March 29, 2022
in Health, Inspiration, Lifestyle, Medical, Special Report, Uncategorized
Reading Time: 2 mins read
0
anxious black woman covering face with hand on bed

Photo by Alex Green on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

মানসিক চাপ,আত্মহত্যা আৰু অন্যান্য

সংঘমিত্ৰা কাশ্যপ

RelatedPosts

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026

মানসিক চাপ

বৰ্তমান সমাজখনৰ প্ৰতিজন ব্যক্তিয়েই নিজক লৈ খুব সচেতন। ৰাতিপুৱা প্ৰাত:ভ্ৰমণত যোৱাৰ পৰা আদি কৰি স্বাস্থ্য সন্মত ভাবে খাদ্য তালিকা খন সজাই লোৱাত সকলোৱে খুবসুন্দৰ ভাবে যত্ন লোৱা দেখিবলৈ পোৱা যায়। কিন্তু মানসিক স্বাস্থ্য! মন আৰু মানসিক স্বাস্থ্যক লৈ কৰিবলগীয়া যতন খিনিক কিমানজন ব্যক্তিয়ে বাৰু নিজৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰে? আপুনি বা মই কিমান সচেতন এই ক্ষেত্ৰত? কথাটো অলপ ভাবিব লগীয়া নহয় নে বাৰু? ভাৰতবৰ্ষত অনুমানিকভাৱে ৰোগ আৰু ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ ই এক মূল কাৰণ। মানসিক স্বাস্থ্যৰ যতনে এজন ব্যক্তিক সদায়েই সুন্দৰ আৰু সৱল হৈ থকাৰ লগতে, হতাশা আৰু আত্মহত্যাৰ দৰে ঘটনাৰ পৰা বহু পৰিমাণে ৰক্ষা কৰাত যথেষ্ট সহায় কৰে।

আত্মহত্যা, এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এক সমস্যা। আত্মহত্যা কোনো ধৰণৰ মানসিক ৰোগ নহয়। এই কাম কৰা সকলো ব্যক্তিয়েই যে মানসিক ৰোগৰ স্বীকাৰ তেনে কোনো যুক্তি নাই। গৱেষণাৰ মতে যোৱা দুটাবছৰত বিশ্বত আত্মহত্যাৰ হাৰ শতকৰা ৭০% বৃদ্ধি পাইছে।  ইয়াৰ বিশেষ কাৰণ বুলি ক’বলৈ গ’লে লক’ডাউনৰ সময়ছোৱাত বৃদ্ধি পোৱা নিবনুৱা আৰু আৰ্থিক সমস্যা, পাৰিবাৰিক কন্দল, যৌন উৎপীড়ন , ড্ৰাগছ আদি মূলতঃ বুলিব পাৰি। সজাগতাৰ অভাৱত কৰ’না ৰোগী সকলক এঘৰীয়া কৰি দিয়া উদাহৰণো আমাৰ সমাজত দেখিবলৈ পোৱা গৈছিল , যাৰ বাবে মানসিক চাপত ভাৰাক্ৰান্ত হৈ বহুতো লোকে আত্মহত্যাৰ পথ বাছি লৈছিল।  বহুতো সংস্থা আৰু অনুষ্ঠানে online ৰ যোগেদি সজাগতা আৰু এই সময়ত ল’ব লগীয়া মানসিক যতন বাবে অনুষ্ঠান আয়োজন কৰিছিল যদিও ই হয়তো সকলো শ্ৰেণীৰ মানুহক সামৰিবলৈ সক্ষম হোৱা নাছিল। 

anonymous barefooted melancholic woman embracing knees on floor
Photo by kira schwarz on Pexels.com

    আত্মহত্যা কেৱল যে লক’ডাউনৰ বাবে হে হৈছে তেনে নহয়। আৰ্থিক সমস্যা আৰু ঘৰুৱা হিংসাও ইয়াৰ এক কাৰণ। নিতৌ সংবাদ মাধ্যমৰ শিৰোনামাত আমি দেখিবলৈ পাওঁ এনে কিছু ঘটনাৰ বিৱৰণী। এই প্ৰতিটো কাহিনীৰ আঁৰত থাকে এজন ব্যক্তিৰ  মানসিক চাপ আৰু দুঃচিন্তা। সময়ত উচিত ব্যৱস্থা নোলোৱাৰ বাবে, সহায়ৰ হাত নোপোৱাৰ বাবে তেওঁলোকে বাধ্য হৈ বাছি লয় আত্মহননৰ দৰে এটি ভয়ংকৰ পথ।  লগতে বৰ্তমান যুগত বাঢ়ি অহা নিবনুৱা সমস্যাই বহুতো যুৱক যুৱতীক এই পথ বাছি ল’বলৈ বাধ্য কৰাইছে। ভালদৰে পঢ়া শুনা কৰিও উপাৰ্জনৰ পথ উলিয়াব নোৱাৰি , বহুতেই হতাশাৰ বলি হৈছে আৰু এই হতাশাই তেওঁলোকক জীৱনৰ প্ৰতি থকা মোহৰ পৰা বঞ্চিত কৰি তুলিছে। প্ৰতি বছৰে এনেকুৱা বহুতো ঘটনাৰ আমি সাক্ষী হৈ আহিছোঁ। অথচ আমি সকলোৱে কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এগৰাকী মনোবিজ্ঞানী হিচাপে মোৰ ধাৰণা যে আত্মহত্যাৰ দৰে সমস্যাৰ সমাধান আমাৰ সকলোৰে হাততেই আছে। কিন্তু তাৰ বাবে আমি সময়ত  চিনাক্তকৰণ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব লাগিব। হয়তো তেতিয়া এই ভয়াবহতাৰ পৰিমাণ নিশ্চয়কৈ কিছু কম কৰিব পৰা যাব। তাৰ বাবে কিছুমান কথা অলপ মন কৰিবলগীয়া হয় :

      ধৰি লওঁক কোনোবাই সঘনাই আপোনাৰ পৰা অলপ সময় বিচাৰি আছে, কৈছে যে তেওঁৰ কিছু গুৰুত্বপূৰ্ণ কথা কবলগীয়া আছে , তেওঁক যদি খুব বেছি হতাশ আৰু উৎকন্ঠিত, শঙ্কিত যেন অনুভৱ কৰিছে,  তেনেহলে যিমানখিনি সম্ভৱ নিজৰ ব্যস্ততাৰ মাজতো ,  তেওঁক  অলপ সময় দিয়াবলৈ আৰু তেওঁৰ কথা খিনি শুনিবলৈ চেষ্টা কৰক। কাৰণ সেই কথাৰ আঁৰতেই হয়তো আপুনি তেওঁৰ মানসিক স্থিতিৰ উমান পাবলৈ সক্ষম হ’ব পাৰে । কোনো ব্যক্তিয়ে যদি সঘনাই আত্মহত্যাৰ কথা কৈ আছে,ভাবুকি দিছে ,তেনেহলে সতৰ্ক হওক । তেওঁ ধেমালি কৰিছে নাইবা ভয় খুৱাবলৈ কৈছে বুলি ভাবি নল’ব। আনকি তেওঁৰ কথা কেইটাৰ উত্তৰ হিচাপে ” একো নহয় মোৰো এনেকুৱা হৈছিলচোন, বাদ দিয়ক” – এই ধৰণৰ সংবেদনশীল কথা প্ৰয়োগ নকৰিব। কাৰণ সকলোৰে পৰিস্থিতি আৰু মানসিক সবলতা ভিন্ন। তাৰ সলনি পাৰিলে তেওঁক সহায়ৰ হাত আগবঢ়াওঁক আৰু কাৰণটো জানিবলৈ চেষ্টা কৰি তেওঁক এজন ভাল মনস্তত্ববিদৰ ওচৰলৈ যোৱাৰ পৰামৰ্শ দিয়ক। কাৰণ এজন মনোবিজ্ঞানীয়ে বিভিন্ন বিজ্ঞান সন্মত পদ্ধতিৰ সহায়ত তেওঁৰ পৰীক্ষা কৰি উচিত কাৰণ নিৰ্ধাৰণ কৰিব পাৰিব আৰু তেওঁক উন্নত চিকিৎসা প্ৰদান কৰিব পাৰিব। তাৰ লগতে সমাজৰ সচেতন ব্যক্তি সকল লগ লৈ প্ৰতিটো চুবুৰীত মাহত এখন হ’লেও মানসিক স্বাস্থ্য বিষয়ক লৈ সজাগতা সভাৰ আয়োজন কৰক। কাৰণ আপোনাৰ ঘৰৰ যদি এজন ব্যক্তিও এই বিষয় লৈ সচেতন হয় তেনেহ’লে বহুখিনি প্ৰতিকাৰ হ’ব।

     নিবনুৱাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ তেওঁলোকৰ কাম বোৰত প্ৰেৰণা যোগাওঁক। যদি দোকান এখনো দিব বিচাৰিছে তেনেহলে সাহস দিয়ক, বিশেষকৈ ঘৰৰ মানুহবোৰে। তেতিয়া তেওঁলোকে অলপ পৰিমাণে হ’লেও সকাহ পাব, হতাশাৰ পৰা হাত সাৰিব পৰিব আৰু নতুন উদ্যম তেওঁলোকৰ মাজত দেখা যাব। নেগেটিভ কথা কিছুমান তেওঁলোকক কোৱাৰ পৰা বিৰত থাকক।

     বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ  বিদ্যালয় বা কৰ্মক্ষেত্ৰতে হওঁক, অথবা সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মতে হওঁক , বহু লোকে “Bullying”  ৰ সন্মুখীন হৈ মানসিক চাপ লৈ জীয়াই থাকিবলৈ বাধ্য হয়। কাৰণ কাৰোবাৰ এটা সৰু শব্দ, গান, কথাৰ ভুল ধৰি Troll  কৰা , কাৰোবাৰ শৰীৰৰ গঠন লৈ ,কাপোৰ, পৰিয়াল আদি লৈ অপ্ৰিয় ভাবে যদি সদায়েই চৰ্চা কৰা হয় , তেনেহ’লে নিশ্চয়কৈ মানুহজনক এই কথাবোৰে অসুবিধা দিব।  হয়তো মানসিক ভাৱে ভাগি পৰিব পাৰে আৰু আত্মবিশ্বাস হেৰুৱাই পেলাব পাৰে । সেয়েহে এইবোৰৰ পৰা দূৰত্ব বজাই থাকক আৰু যদি কোনোবা এনে ঘটনাৰ সন্মূখীন হোৱা দেখিছে তেনেহলে লগে লগেই পৰ্যাপ্ত ব্যৱস্থা লওঁক। বিদ্যালয়সমূহত আৰু ঘৰত ছাত্ৰ-ছাত্ৰীক অতি মাত্ৰা পঢ়া আৰু কেৰিয়াৰ গঢ়াৰ বোজা জাপি  নিদিব। তেওঁলোকক আনৰ সৈতে তুলনা কৰি সকলোতে নিজৰ সন্তানৰ শ্ৰেষ্ঠত্বৰ প্ৰতিযোগিতা নকৰাব। তেওঁৰ সঁচা অভিৰুচি কোন ক্ষেত্ৰত আছে ভাল দৰে জানি লওঁক। কাৰণ এটি অপ্ৰস্তুত বিষয় এটাই আপোনাৰ শিশুটিৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে। এই বাধাই কৈশোৰ কালত তেওঁলোকক স্বভাৱত বিশৃংখল আৰু নিৰাশ কৰি তোলে। ঘৰৰ পৰিয়াল লগত তেওঁলোকৰ মনোমালিন্য হয়। মানসিক ভাৰসাম্যতা হেৰুৱাই তেওঁলোকে পৰিস্থিতিৰ বাধ্যত পৰি  অসামাজিক কামৰ লিপ্ত হৈ পৰে আৰু শেষত তাৰ পৰা ওলাই অহাৰ পথ বিচাৰি নাপাই আত্মহত্যাৰ পথ বাছি লয়।  সেয়ে  তেওঁলোকে প্ৰকাশ কৰিব খোজা মনৰ ভিতৰৰ প্ৰতিটো কথা খুব মনোযোগেৰে আৰু বন্ধুসুলভ ব্যৱহাৰেৰে শুনাটো প্ৰয়োজন। সৰু হৈ আছে একো নাজানে নাইবা বুজি নাপায় বুলি কথাবোৰ আওকাণ নকৰিব । তেওঁলোকৰ সলনি হোৱা ব্যৱহাৰক লক্ষ্য কৰক। তেওঁলোকৰ কথাবোৰৰ সত্যতা জানিবলৈ চেষ্টা কৰক।  এজন শিশুৰো বয়স অনুসৰি ভিন্ন কাৰণত  মানসিক চাপ হ’ব পাৰে গতিকে অভিভাৱক এই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰয়োজন। যদি এনেকুৱা ধৰণৰ কিবা অসুবিধা আপুনি নিজৰ শিশুটিৰ মাজত দেখা পাইছে, যদি তেওঁৰ খোৱা শোৱা আচাৰ ব্যৱহাৰত কিছু সলনি হৈছে তেনেহ’লে তেওঁৰ মানসিক চিকিৎসাৰ ব্যৱস্থা লোৱাটো বাধ্যতামূলক কৰি তোলক। কোনোবাই কিবা ক’ব বুলি ভয় কৰি নাথাকিব নহ’লে হয়তো পিছৰ জীৱনত ই ভয়ানক ৰূপ ল’ব।

crying woman feeling tired during training in gym
Photo by Andres Ayrton on Pexels.com

       বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত একোজনকৈ Counsellor থকাৰ ব্যৱস্থা কৰক। প্ৰতিটো বয়সত এজন ছাত্র বা ছাত্ৰীৰ বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক পৰিবৰ্তন হয়। যিদৰে শাৰীৰিক পৰিবৰ্তন খিনি উচিত সময়ত তেওঁলোক বুজোৱা হয় , সেইদৰে যদি মানসিক পৰিবৰ্তন সমূহৰো মুকলিকৈ আলোচনা হয় তেনেহলে ই যথেষ্ট সহায়কৰ হৈ উঠিব আৰু এই ক্ষেত্ৰত সহায় কেৱল এজন counselor ৰে কৰিব পৰিব। বিদ্যালয়সমূহত মানসিক স্বাস্থ্যৰ যতন আৰু চিনাক্তকৰণৰ বাবে শিক্ষকসকলৰ বাবেও একোখনকৈ সভাৰ আয়োজন কৰাৰ ব্যৱস্থা কৰা উচিত। এজন  মনোবিজ্ঞানী বা মনস্তত্ববিদেহে কিছুমান বিশেষ নিয়মাৱলী মানি এজন ছাত্ৰ বা ছাত্ৰীক নিৰীক্ষণ কৰি তেওঁৰ মানসিক সমস্যাৰ সমাধান উলিয়াব পাৰে।

      ঘৰ এখনত এনেধৰণৰ ঘটনা আগতে যদি হৈ গৈছে (family history) তেন্তে এই ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা থাকে।  তাৰ বাবে ব্যৱস্থা আগতেই ল’বলৈ যত্ন কৰক।

এজন মনোবিজ্ঞানী বা মনস্তত্ববিদৰ ওচৰলৈ নিজৰ মানসিক সমস্যা বাবে সহায় বিচাৰি যোৱাটো কোনো লাজৰ কথা নহয়।  অলপ সহায়, সজাগতা, আৰু ধনাত্মক চিন্তা আৰু পৰামৰ্শই হয়তো এজন ব্যক্তিক মানসিক চাপৰ পৰা আঁতৰাই আনি নতুন জীৱন দিবলৈ সক্ষম হ’ব পাৰে।

#সংঘমিত্ৰা কাশ্যপ,মনোবিজ্ঞানী, অসম

৬০০১৮৮৬০৭৪

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?
Health

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

by Dr. MUKUL SARMA
March 8, 2026
0

কোষ্ঠকাঠিন্য- এটি ৰোগ নে? ডা. মুকুল শৰ্মা কিছুমান স্বাস্থ্য সমস্যা প্ৰত্যক্ষ ভাবে আমাৰ জীৱনশৈলী আৰু খাদ্যাভাসৰ লগত জড়িত। এই সমস্যাবিলাকৰ...

Read moreDetails
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d