• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, May 23, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মানসিক চাপ,আত্মহত্যা আৰু অন্যান্য কথা

মানসিক চাপ,আত্মহত্যা আৰু অন্যান্য

by Anjan Sarma
March 29, 2022
in Health, Inspiration, Lifestyle, Medical, Special Report, Uncategorized
Reading Time: 2 mins read
0
anxious black woman covering face with hand on bed

Photo by Alex Green on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

মানসিক চাপ,আত্মহত্যা আৰু অন্যান্য

সংঘমিত্ৰা কাশ্যপ

RelatedPosts

red translucent die on top of black surface

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

May 22, 2025
Can Tradition Fuel Innovation? Unpacking the Human-Centric Approach to Digital Transformation in Northeast. 

Can Tradition Fuel Innovation? Unpacking the Human-Centric Approach to Digital Transformation in Northeast. 

May 22, 2025
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025

মানসিক চাপ

বৰ্তমান সমাজখনৰ প্ৰতিজন ব্যক্তিয়েই নিজক লৈ খুব সচেতন। ৰাতিপুৱা প্ৰাত:ভ্ৰমণত যোৱাৰ পৰা আদি কৰি স্বাস্থ্য সন্মত ভাবে খাদ্য তালিকা খন সজাই লোৱাত সকলোৱে খুবসুন্দৰ ভাবে যত্ন লোৱা দেখিবলৈ পোৱা যায়। কিন্তু মানসিক স্বাস্থ্য! মন আৰু মানসিক স্বাস্থ্যক লৈ কৰিবলগীয়া যতন খিনিক কিমানজন ব্যক্তিয়ে বাৰু নিজৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰে? আপুনি বা মই কিমান সচেতন এই ক্ষেত্ৰত? কথাটো অলপ ভাবিব লগীয়া নহয় নে বাৰু? ভাৰতবৰ্ষত অনুমানিকভাৱে ৰোগ আৰু ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ ই এক মূল কাৰণ। মানসিক স্বাস্থ্যৰ যতনে এজন ব্যক্তিক সদায়েই সুন্দৰ আৰু সৱল হৈ থকাৰ লগতে, হতাশা আৰু আত্মহত্যাৰ দৰে ঘটনাৰ পৰা বহু পৰিমাণে ৰক্ষা কৰাত যথেষ্ট সহায় কৰে।

আত্মহত্যা, এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এক সমস্যা। আত্মহত্যা কোনো ধৰণৰ মানসিক ৰোগ নহয়। এই কাম কৰা সকলো ব্যক্তিয়েই যে মানসিক ৰোগৰ স্বীকাৰ তেনে কোনো যুক্তি নাই। গৱেষণাৰ মতে যোৱা দুটাবছৰত বিশ্বত আত্মহত্যাৰ হাৰ শতকৰা ৭০% বৃদ্ধি পাইছে।  ইয়াৰ বিশেষ কাৰণ বুলি ক’বলৈ গ’লে লক’ডাউনৰ সময়ছোৱাত বৃদ্ধি পোৱা নিবনুৱা আৰু আৰ্থিক সমস্যা, পাৰিবাৰিক কন্দল, যৌন উৎপীড়ন , ড্ৰাগছ আদি মূলতঃ বুলিব পাৰি। সজাগতাৰ অভাৱত কৰ’না ৰোগী সকলক এঘৰীয়া কৰি দিয়া উদাহৰণো আমাৰ সমাজত দেখিবলৈ পোৱা গৈছিল , যাৰ বাবে মানসিক চাপত ভাৰাক্ৰান্ত হৈ বহুতো লোকে আত্মহত্যাৰ পথ বাছি লৈছিল।  বহুতো সংস্থা আৰু অনুষ্ঠানে online ৰ যোগেদি সজাগতা আৰু এই সময়ত ল’ব লগীয়া মানসিক যতন বাবে অনুষ্ঠান আয়োজন কৰিছিল যদিও ই হয়তো সকলো শ্ৰেণীৰ মানুহক সামৰিবলৈ সক্ষম হোৱা নাছিল। 

anonymous barefooted melancholic woman embracing knees on floor
Photo by kira schwarz on Pexels.com

    আত্মহত্যা কেৱল যে লক’ডাউনৰ বাবে হে হৈছে তেনে নহয়। আৰ্থিক সমস্যা আৰু ঘৰুৱা হিংসাও ইয়াৰ এক কাৰণ। নিতৌ সংবাদ মাধ্যমৰ শিৰোনামাত আমি দেখিবলৈ পাওঁ এনে কিছু ঘটনাৰ বিৱৰণী। এই প্ৰতিটো কাহিনীৰ আঁৰত থাকে এজন ব্যক্তিৰ  মানসিক চাপ আৰু দুঃচিন্তা। সময়ত উচিত ব্যৱস্থা নোলোৱাৰ বাবে, সহায়ৰ হাত নোপোৱাৰ বাবে তেওঁলোকে বাধ্য হৈ বাছি লয় আত্মহননৰ দৰে এটি ভয়ংকৰ পথ।  লগতে বৰ্তমান যুগত বাঢ়ি অহা নিবনুৱা সমস্যাই বহুতো যুৱক যুৱতীক এই পথ বাছি ল’বলৈ বাধ্য কৰাইছে। ভালদৰে পঢ়া শুনা কৰিও উপাৰ্জনৰ পথ উলিয়াব নোৱাৰি , বহুতেই হতাশাৰ বলি হৈছে আৰু এই হতাশাই তেওঁলোকক জীৱনৰ প্ৰতি থকা মোহৰ পৰা বঞ্চিত কৰি তুলিছে। প্ৰতি বছৰে এনেকুৱা বহুতো ঘটনাৰ আমি সাক্ষী হৈ আহিছোঁ। অথচ আমি সকলোৱে কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এগৰাকী মনোবিজ্ঞানী হিচাপে মোৰ ধাৰণা যে আত্মহত্যাৰ দৰে সমস্যাৰ সমাধান আমাৰ সকলোৰে হাততেই আছে। কিন্তু তাৰ বাবে আমি সময়ত  চিনাক্তকৰণ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব লাগিব। হয়তো তেতিয়া এই ভয়াবহতাৰ পৰিমাণ নিশ্চয়কৈ কিছু কম কৰিব পৰা যাব। তাৰ বাবে কিছুমান কথা অলপ মন কৰিবলগীয়া হয় :

      ধৰি লওঁক কোনোবাই সঘনাই আপোনাৰ পৰা অলপ সময় বিচাৰি আছে, কৈছে যে তেওঁৰ কিছু গুৰুত্বপূৰ্ণ কথা কবলগীয়া আছে , তেওঁক যদি খুব বেছি হতাশ আৰু উৎকন্ঠিত, শঙ্কিত যেন অনুভৱ কৰিছে,  তেনেহলে যিমানখিনি সম্ভৱ নিজৰ ব্যস্ততাৰ মাজতো ,  তেওঁক  অলপ সময় দিয়াবলৈ আৰু তেওঁৰ কথা খিনি শুনিবলৈ চেষ্টা কৰক। কাৰণ সেই কথাৰ আঁৰতেই হয়তো আপুনি তেওঁৰ মানসিক স্থিতিৰ উমান পাবলৈ সক্ষম হ’ব পাৰে । কোনো ব্যক্তিয়ে যদি সঘনাই আত্মহত্যাৰ কথা কৈ আছে,ভাবুকি দিছে ,তেনেহলে সতৰ্ক হওক । তেওঁ ধেমালি কৰিছে নাইবা ভয় খুৱাবলৈ কৈছে বুলি ভাবি নল’ব। আনকি তেওঁৰ কথা কেইটাৰ উত্তৰ হিচাপে ” একো নহয় মোৰো এনেকুৱা হৈছিলচোন, বাদ দিয়ক” – এই ধৰণৰ সংবেদনশীল কথা প্ৰয়োগ নকৰিব। কাৰণ সকলোৰে পৰিস্থিতি আৰু মানসিক সবলতা ভিন্ন। তাৰ সলনি পাৰিলে তেওঁক সহায়ৰ হাত আগবঢ়াওঁক আৰু কাৰণটো জানিবলৈ চেষ্টা কৰি তেওঁক এজন ভাল মনস্তত্ববিদৰ ওচৰলৈ যোৱাৰ পৰামৰ্শ দিয়ক। কাৰণ এজন মনোবিজ্ঞানীয়ে বিভিন্ন বিজ্ঞান সন্মত পদ্ধতিৰ সহায়ত তেওঁৰ পৰীক্ষা কৰি উচিত কাৰণ নিৰ্ধাৰণ কৰিব পাৰিব আৰু তেওঁক উন্নত চিকিৎসা প্ৰদান কৰিব পাৰিব। তাৰ লগতে সমাজৰ সচেতন ব্যক্তি সকল লগ লৈ প্ৰতিটো চুবুৰীত মাহত এখন হ’লেও মানসিক স্বাস্থ্য বিষয়ক লৈ সজাগতা সভাৰ আয়োজন কৰক। কাৰণ আপোনাৰ ঘৰৰ যদি এজন ব্যক্তিও এই বিষয় লৈ সচেতন হয় তেনেহ’লে বহুখিনি প্ৰতিকাৰ হ’ব।

     নিবনুৱাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ তেওঁলোকৰ কাম বোৰত প্ৰেৰণা যোগাওঁক। যদি দোকান এখনো দিব বিচাৰিছে তেনেহলে সাহস দিয়ক, বিশেষকৈ ঘৰৰ মানুহবোৰে। তেতিয়া তেওঁলোকে অলপ পৰিমাণে হ’লেও সকাহ পাব, হতাশাৰ পৰা হাত সাৰিব পৰিব আৰু নতুন উদ্যম তেওঁলোকৰ মাজত দেখা যাব। নেগেটিভ কথা কিছুমান তেওঁলোকক কোৱাৰ পৰা বিৰত থাকক।

     বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ  বিদ্যালয় বা কৰ্মক্ষেত্ৰতে হওঁক, অথবা সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মতে হওঁক , বহু লোকে “Bullying”  ৰ সন্মুখীন হৈ মানসিক চাপ লৈ জীয়াই থাকিবলৈ বাধ্য হয়। কাৰণ কাৰোবাৰ এটা সৰু শব্দ, গান, কথাৰ ভুল ধৰি Troll  কৰা , কাৰোবাৰ শৰীৰৰ গঠন লৈ ,কাপোৰ, পৰিয়াল আদি লৈ অপ্ৰিয় ভাবে যদি সদায়েই চৰ্চা কৰা হয় , তেনেহ’লে নিশ্চয়কৈ মানুহজনক এই কথাবোৰে অসুবিধা দিব।  হয়তো মানসিক ভাৱে ভাগি পৰিব পাৰে আৰু আত্মবিশ্বাস হেৰুৱাই পেলাব পাৰে । সেয়েহে এইবোৰৰ পৰা দূৰত্ব বজাই থাকক আৰু যদি কোনোবা এনে ঘটনাৰ সন্মূখীন হোৱা দেখিছে তেনেহলে লগে লগেই পৰ্যাপ্ত ব্যৱস্থা লওঁক। বিদ্যালয়সমূহত আৰু ঘৰত ছাত্ৰ-ছাত্ৰীক অতি মাত্ৰা পঢ়া আৰু কেৰিয়াৰ গঢ়াৰ বোজা জাপি  নিদিব। তেওঁলোকক আনৰ সৈতে তুলনা কৰি সকলোতে নিজৰ সন্তানৰ শ্ৰেষ্ঠত্বৰ প্ৰতিযোগিতা নকৰাব। তেওঁৰ সঁচা অভিৰুচি কোন ক্ষেত্ৰত আছে ভাল দৰে জানি লওঁক। কাৰণ এটি অপ্ৰস্তুত বিষয় এটাই আপোনাৰ শিশুটিৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে। এই বাধাই কৈশোৰ কালত তেওঁলোকক স্বভাৱত বিশৃংখল আৰু নিৰাশ কৰি তোলে। ঘৰৰ পৰিয়াল লগত তেওঁলোকৰ মনোমালিন্য হয়। মানসিক ভাৰসাম্যতা হেৰুৱাই তেওঁলোকে পৰিস্থিতিৰ বাধ্যত পৰি  অসামাজিক কামৰ লিপ্ত হৈ পৰে আৰু শেষত তাৰ পৰা ওলাই অহাৰ পথ বিচাৰি নাপাই আত্মহত্যাৰ পথ বাছি লয়।  সেয়ে  তেওঁলোকে প্ৰকাশ কৰিব খোজা মনৰ ভিতৰৰ প্ৰতিটো কথা খুব মনোযোগেৰে আৰু বন্ধুসুলভ ব্যৱহাৰেৰে শুনাটো প্ৰয়োজন। সৰু হৈ আছে একো নাজানে নাইবা বুজি নাপায় বুলি কথাবোৰ আওকাণ নকৰিব । তেওঁলোকৰ সলনি হোৱা ব্যৱহাৰক লক্ষ্য কৰক। তেওঁলোকৰ কথাবোৰৰ সত্যতা জানিবলৈ চেষ্টা কৰক।  এজন শিশুৰো বয়স অনুসৰি ভিন্ন কাৰণত  মানসিক চাপ হ’ব পাৰে গতিকে অভিভাৱক এই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰয়োজন। যদি এনেকুৱা ধৰণৰ কিবা অসুবিধা আপুনি নিজৰ শিশুটিৰ মাজত দেখা পাইছে, যদি তেওঁৰ খোৱা শোৱা আচাৰ ব্যৱহাৰত কিছু সলনি হৈছে তেনেহ’লে তেওঁৰ মানসিক চিকিৎসাৰ ব্যৱস্থা লোৱাটো বাধ্যতামূলক কৰি তোলক। কোনোবাই কিবা ক’ব বুলি ভয় কৰি নাথাকিব নহ’লে হয়তো পিছৰ জীৱনত ই ভয়ানক ৰূপ ল’ব।

crying woman feeling tired during training in gym
Photo by Andres Ayrton on Pexels.com

       বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত একোজনকৈ Counsellor থকাৰ ব্যৱস্থা কৰক। প্ৰতিটো বয়সত এজন ছাত্র বা ছাত্ৰীৰ বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক পৰিবৰ্তন হয়। যিদৰে শাৰীৰিক পৰিবৰ্তন খিনি উচিত সময়ত তেওঁলোক বুজোৱা হয় , সেইদৰে যদি মানসিক পৰিবৰ্তন সমূহৰো মুকলিকৈ আলোচনা হয় তেনেহলে ই যথেষ্ট সহায়কৰ হৈ উঠিব আৰু এই ক্ষেত্ৰত সহায় কেৱল এজন counselor ৰে কৰিব পৰিব। বিদ্যালয়সমূহত মানসিক স্বাস্থ্যৰ যতন আৰু চিনাক্তকৰণৰ বাবে শিক্ষকসকলৰ বাবেও একোখনকৈ সভাৰ আয়োজন কৰাৰ ব্যৱস্থা কৰা উচিত। এজন  মনোবিজ্ঞানী বা মনস্তত্ববিদেহে কিছুমান বিশেষ নিয়মাৱলী মানি এজন ছাত্ৰ বা ছাত্ৰীক নিৰীক্ষণ কৰি তেওঁৰ মানসিক সমস্যাৰ সমাধান উলিয়াব পাৰে।

      ঘৰ এখনত এনেধৰণৰ ঘটনা আগতে যদি হৈ গৈছে (family history) তেন্তে এই ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা থাকে।  তাৰ বাবে ব্যৱস্থা আগতেই ল’বলৈ যত্ন কৰক।

এজন মনোবিজ্ঞানী বা মনস্তত্ববিদৰ ওচৰলৈ নিজৰ মানসিক সমস্যা বাবে সহায় বিচাৰি যোৱাটো কোনো লাজৰ কথা নহয়।  অলপ সহায়, সজাগতা, আৰু ধনাত্মক চিন্তা আৰু পৰামৰ্শই হয়তো এজন ব্যক্তিক মানসিক চাপৰ পৰা আঁতৰাই আনি নতুন জীৱন দিবলৈ সক্ষম হ’ব পাৰে।

#সংঘমিত্ৰা কাশ্যপ,মনোবিজ্ঞানী, অসম

৬০০১৮৮৬০৭৪

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

red translucent die on top of black surface
Special Report

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

by Kakali Das
May 22, 2025
0

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth KAKALI DAS Kakali Das Across Africa, gambling addiction is being called a...

Read moreDetails
Can Tradition Fuel Innovation? Unpacking the Human-Centric Approach to Digital Transformation in Northeast. 

Can Tradition Fuel Innovation? Unpacking the Human-Centric Approach to Digital Transformation in Northeast. 

May 22, 2025
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025
close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 21, 2025
Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

Bhavartha Swarup Memorial Symposium : Book Release, Awards Announcement, Talks on Climate Action

May 21, 2025
অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

May 21, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

May 23, 2025
Bhattadev University Hosts Pivotal Discourse on Climate Crisis and Solutions

Bhattadev University Hosts Pivotal Discourse on Climate Crisis and Solutions

May 22, 2025
red translucent die on top of black surface

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

May 22, 2025
অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

অসমৰ অন্তৰ্ভুক্তি, ৰেডক্লিফ ৰেখা আৰু সপ্তাঞ্চলত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উত্তৰাধিকাৰ

May 22, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11468 shares
    Share 4587 Tweet 2867
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    837 shares
    Share 335 Tweet 209
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7070 shares
    Share 2828 Tweet 1768
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1014 shares
    Share 406 Tweet 254
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5383 shares
    Share 2153 Tweet 1346
  • মিচিং সমাজ আৰু সংস্কৃতি

    2853 shares
    Share 1141 Tweet 713
  • চাহ জনগোষ্ঠীয় গীত মাত, উৎসৱ-পাৰ্ৱণ, এটি পৰ্যালোচনা

    2154 shares
    Share 862 Tweet 539
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    3785 shares
    Share 1514 Tweet 946
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    122 shares
    Share 49 Tweet 31
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2577 shares
    Share 1031 Tweet 644
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d