• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, March 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মানসিক টেনচন, আয়ুৰ্বেদ আৰু আমিবোৰ

-ডা. মুকুল শৰ্মা

by Anjan Sarma
July 5, 2021
in Health, Special Report
Reading Time: 1 min read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডা. মুকুল শৰ্মা |

সকলোবোৰ ভৌতিক সা সুবিধা, বিজ্ঞান – প্ৰযুক্তিবিদ্যাৰ ইমান অগ্ৰগতি, ইমান শিক্ষাগত অৰ্হতা, অৰ্থনৈতিক ভাবে টনকীয়াল হোৱাৰ পিছতো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ইমান বিলাক চিকিৎসক তথা চিকিৎসালয় থকাৰ পিছতো আজিৰ মানুহৰ শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ মান বা স্তৰ দিনক দিনে নিম্নগামী হৈ গৈ থকাৰ কাৰণ কি?

RelatedPosts

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026

এইটো সঁচা কথা যে আমাৰ পূৰ্ব পুৰুষ সকলতকৈ গড় হিচাপে আমাৰ আয়ুস বৃদ্ধি পাইছে কিন্তু মন কৰিবলগীয়া কথাটো হ’ল আজিৰ পাঁচ ছয় বছৰীয়া শিশু এটাই যিমান ঔষধ সেৱন কৰে আমাৰ ককা আজোককা সকলে হওঁতো গোটেই জীৱনতো সিমান ঔষধ ব্যৱহাৰ কৰি পোৱা নাছিলে। বিভিন্ন পৰিপূৰক  আহাৰ (nutritional supplement) সেৱনৰ পিছতো এই অৱস্থাৰ কিন্তু তাৰতম্য হোৱা নাই। ইয়াৰ বিপৰীতে আমাৰ মানসিক শান্তি পদে পদে বিঘ্নিত হৈছে আৰু মানুহ হৈ পৰিছে মানসিক টেনচন বা চাপেৰে গ্ৰাসিত। গৱেষণাৰ পৰা প্ৰতীত হৈছে যে মানুহৰ স্বাস্থ্যৰ এই অৱনতিৰ মূখ্য কাৰণ হ’ল ঋণাত্মক মানসিক স্ট্ৰেচ (stress) বা চাপ। এই ঋণাত্মক মানসিক চাপ সৃষ্টি হয় আমাৰ পৰিপুষ্টিহীন দুৰ্বল স্নায়ুতন্ত্ৰ (nervous system) ৰ পৰা । পৰিয়াল, সমাজ বা পৰিবেশত হোৱা সামান্য পৰিবৰ্তনৰ লগত আমি নিজকে খাব খুৱাই লবলৈ সামৰ্থ্য নহওঁ আৰু জীৱনৰ দ্ৰুত দৌৰত আমি পিছ পৰি ৰৈ যাওঁ। এই মানসিক চাপে আমাৰ মানসিক সুস্থিৰতা বা ভাৰসাম্যতাত আঘাত হানে আৰু আমাৰ জীৱন হৈ পৰে দুখময়ী, স্বভাৱ হৈ পৰে খিংখিঙিয়া, সৰু সৰু কথাতে খং উঠে, মানসিক অৱসাদ বা depression, উদ্বিগ্নতা (anxiety) আদিয়ে আগুৰি ধৰে, সৰু সৰু কথাতেই ভিতিগ্ৰস্হ হওঁ, হৃদস্পন্দন বা বুকুৰ ধপধপনি বৃদ্ধি পায় (palpitation)।মানসিক চাপৰ ফলত মানুহ এজনৰ যে অকল মানসিক স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পেলাই তেনে নহয়। ইয়াৰ ফলত মানুহৰ বিভিন্ন শাৰীৰিক ব্যাধি যেনে- বদহজম, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ডৰ সমস্যা, মেদবহুলতা, আৰ্থাইটিছ, বন্ধ্যাত্ব ইত্যাদি বেমাৰৰ দ্বাৰাও আক্ৰান্ত হব পাৰে ।মানসিক সুস্থিৰতা হেৰোৱা মানুহ এজনৰ যে অকল নিজৰেই ক্ষতি হয় তেনে নহয় ইয়াৰ দ্বাৰা নিজৰ সংসাৰ বা সমাজৰো ক্ষতি হব পাৰে।

#মানসিক টেনচন বা চাপ কিয় হয়?

আমাৰ শৰীৰটো হ’ল এটা তন্ত্ৰৰ লগত অন্য এটা তন্ত্ৰৰ পাৰস্পৰিক সম্পৰ্কৰে গঢ়া এটা জটিল প্ৰণালী বা ব্যৱস্থা আৰু এই প্ৰণালীটো নিয়ন্ত্ৰিত হয় মগজুৰ দ্বাৰা। শৰীৰৰ বিভিন্ন অংশত স্নায়ু বা নাৰ্ভবোৰৰ দ্বাৰা দৰকাৰ অনুযায়ী মগজুৱে যোগাযোগ স্থাপন কৰে। মগজুৱে কিন্তু নিজৰ কাৰ্য্য পৰিচালনা কৰাৰ বাবে কোনো ধৰণৰ পোষকতত্ব বা পোষকদ্ৰব্য জমা কৰি নাৰাখে। মগজুৰ কাৰ্য্য সূচাৰুৰূপে সমাধান হবলৈ ইয়াক দৰকাৰ হয় ধাৰাবাহিক আপূৰ্তি বা পোষণৰ, যাক আমি লাভ কৰো আমাৰ আহাৰ আৰু বিহাৰ (জীৱনশৈলী) ৰ পৰা।

কিন্তু মগজুত হোৱা পোষণৰ অভাৱত মগজুৰ লগতে ইয়াৰ লগত সংযোজিত স্নায়ু বা নাৰ্ভবিলাকৰ কাৰ্য্যকুশলতাত প্ৰভাৱ পৰে আৰু মগজুই সূচাৰুৰূপে কাৰ্য্য সম্পাদন কৰিবলৈ অপাৰগ হয়। দূৰ্ভাগ্যবশতঃ বৰ্তমান আমি প্ৰদূষিত বাতাবৰণৰত বাস কৰো আৰু আমাৰ চাৰিওফালৰ পানীও প্ৰদূষিত তথা আমি ব্যৱহাৰ কৰা খাদ্য বস্তুবোৰ  যথেষ্ট পৰিমাণে কৃত্ৰিম সাৰ তথা কীটনাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি উৎপন্ন কৰা হয়। লগতে আমাৰ দ্ৰুত দৈনন্দিন জীৱনশৈলীৰ প্ৰভাৱত আমাৰ মগজুত অত্যধিক চাপ পৰে। ফলশ্ৰুতিত আমাৰ স্নায়ুতন্ত্ৰই অত্যধিক ক্লান্তি বা ভাগৰ অনুভৱ কৰে আৰু ইয়াৰ প্ৰতিকূল প্ৰভাৱ আমাৰ শৰীৰৰ ওপৰতো পৰে। আমাৰ জীৱনৰ এই দ্ৰুত জীৱনশৈলীক আমি এখন গাড়ী বা স্কুটাৰৰ উদাহৰণেৰে বুজাব পাৰো। যেতিয়া আমি এখন গাড়ী বা স্কুটাৰ লাহে লাহে গানৰ কলি গুণগুণাই চলাওঁ থাকো আমি মানসিক ভাৱে খুব ৰিলাক্স হৈ বা কোনো চাপ নহোৱাকৈ চলাব পাৰো। আনহাতে সেই একেখন গাড়ী যদি আমি খুব দ্ৰুত গতিত চলাও আমি মানসিক ভাবে খুব সজাগ হৈ অতি মনোযোগেৰে সৈতে চলাব লগা হয়। যিয়ে আমাৰ মগজুত অলাগতীয়াল চাপৰ সৃষ্টি কৰে। আমি আমাৰ পূৰ্ব পুৰুষ সকলৰ কথালৈ মন কৰিলেই কথাটো স্পষ্ট হব।আগতে আমাৰ পূৰ্ব পুৰুষ সকলে গৰু গাড়ী বা ৰিক্সাত ঘূৰিছিল আৰু আজিকালি আমি গাড়ী নহোৱাকৈ ক’তো যোৱাৰ কথা কল্পনাই কৰিব নোৱাৰো। আগতে আমাৰ ককা, আজোককা সকলে ৬০ – ৭০ বছৰ বয়সত নিজৰ এটা ঘৰ বনাব পাৰিছিল। আজিকালি মানুহৰ ৩০ বছৰ বয়সতে নিজৰ ঘৰ বনাই লয়। সেই ঘৰত আচবাব পত্ৰবোৰ যোগাৰ কৰিবলৈ আগতে বহুত মাহৰ দৰকাৰ হৈছিল আৰু আজিকালি এসপ্তাহ দুই সপ্তাহতে সকলো যোগাৰ হৈ যায়। আগৰ দিনত এজন মানুহে গোটেই জীৱনত যিমান ফুৰিছিল আজিকালি আমি এমাহতে সিমান ফুৰো। গতিকে সময় যিমানেই অতিবাহিত হৈ গৈ আছে আমাৰ জীৱনো সিমানেই দ্ৰুত হৈ গৈ আছে আৰু জীৱনৰ এই দ্ৰুত গতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আমাৰ মগজুৰ ওপৰত। মগজুৱে অত্যধিক চাপ লব লগীয়া হৈছে। কিন্তু সেই অনুপাতে আমি কিন্তু মগজুক পৰিপুষ্টি বা পোষণ কৰিব পৰা নাই। ইয়াৰ ফল স্বৰূপে আমাক আগুৰি ধৰিছে বিভিন্ন ধৰণৰ জীৱনশৈলী গত বেমাৰ আজাৰে যেনে- মানসিক অৱসাদ বা ডিপ্ৰেচন, মানসিক উদ্বিগ্নতা বা anxiety, নিদ্ৰাহীনতা, খিংখিঙিয়া স্বভাব, বাৰে বাৰে মেজাজ সলনি হোৱা, দ্ৰুত হৃদস্পন্দন বা palpitation ইত্যাদি। কিন্তু অকল যে ই মানসিক সুস্থিৰতাক আঘাত হানিছে তেনে নহয় ইয়াৰ ফলত বহুতো শাৰীৰিক ব্যাধিয়েও আমাক জুৰুলা কৰিব ধৰিছে। তাৰে ভিতৰত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ডৰ সমস্যা, হৃদৰোগ, ষ্ট্ৰোক, আৰ্থাইটিছ, বন্ধ্যাত্ব, কিছুমান কৰ্কট ৰোগ, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি  গৈ বিভিন্ন ভাইৰাছ জনিত ৰোগ, multiple sclerosis, এলাৰ্জী, atopic dermatitis, পাচনতন্ত্ৰ সম্বন্ধীয় সমস্যা যেনে- GERD, পাকস্থলী বা ডুৱডেনামৰ আলচাৰ, Irritable bowel syndrome, ulcerative colitis, স্নায়ুতন্ত্ৰৰ কাৰ্য্যক্ষমতা হ্ৰাস পোৱাৰ বাবে বিভিন্ন স্নায়বিক ৰোগ যেনে- পাৰ্কিনচন ডিজিচ ইত্যাদি প্ৰধান।

#আয়ুৰ্বেদিক_দৃষ্টিভংগী-আগতেই উল্লেখ কৰা হৈছে যে আয়ুৰ্বেদত আমাৰ শাৰীৰিক আৰু মানসিক ব্যাধি উৎপন্ন হোৱাৰ বাবে মূখ্যতঃ দুটা কাৰকক জগৰীয়া কৰা হৈছে। সেইয়া হ’ল আমি খোৱা আহাৰ আৰু আমাৰ বিহাৰ বা জীৱনশৈলী। বৰ্তমান আমাৰ আহাৰ বিহাৰ থিক নহোৱা বাবে আমাৰ মগজুৰ কাৰ্য্যক্ষমতা হ্ৰাস পাই গৈ আছে। মগজুৰ মূখ্য কাম হ’ল বুদ্ধি উৎপন্ন কৰা। যদি মগজু দুৰ্বল হয় বা অসম্যক হয় ইয়াৰ পৰা উৎপন্ন বুদ্ধিও অসম্যক বা দুৰ্বল হয়। যদিহে আমাৰ মগজু অৰ্থাৎ মূখ্য যন্ত্ৰটোৱেই থিক নাথাকে ইয়াৰ পৰা উৎপাদিত বস্তু অৰ্থাৎ বুদ্ধি কেনেকৈ সম্যক বা থিক হব। দুৰ্বল মগজুৰ পৰা যোগাত্মক বুদ্ধি উৎপন্ন হবই নোৱাৰে।  আমাৰ শৰীৰত বুদ্ধিৰ কামনো কি? বুদ্ধিয়ে আমাৰ মনটোক নিয়ন্ত্ৰণ কৰে, মনক কোনো কাম কৰিবলৈ নিৰ্দেশ দিয়ে। আয়ুৰ্বেদ মতে মন অচেতন যদিও ই সকলোবিলাক কামেই কৰে। যেনে- আমি সেইটো বস্তুহে খাওঁ যিটো খাব আমি মন কৰো, আমি সেই ঠাইলৈকেহে যাওঁ য’ত আমি যাবলৈ মন কৰো, আমি সেই মানুহৰ লগতহে কথা পাতো যাৰ লগত কথা পাতিবলৈ আমি মন কৰো। গতিকে কবলৈ গ’লে আমি যিমানবিলাক কাম কৰো সকলোবিলাক মনৰ আধাৰত কৰো। আয়ুৰ্বেদৰ মতে এই মনৰো দুটা ভাগ থাকে। এটা হ’ল ধনাত্মক ভাগ যাক আমি সাত্বিক মন বা সত্ব গুণযুক্ত মন বুলি কওঁ আৰু এটা হ’ল ঋণাত্মক ভাগ যাক আমি ৰজ আৰু তম গুণযুক্ত মন বুলি কওঁ। ধনাত্মক গুণযুক্ত সাত্বিক মনৰ অধিকাৰী হ’লে তেনে মানুহ সৎ বুদ্ধি যুক্ত, শান্তিপ্ৰিয়, নিজৰ সক্ষমতা অনুসৰি জীৱনত যিখিনি পায় তাতেই সন্তুষ্ট থাকে, সৰু সৰু কথাতেই সুখী হয়, ভৌতিক বস্তুৰ প্ৰতি তেনে লোকৰ অভিলাষা নাথাকে, তেনে মানুহ কল্যাণকামী হয় অৰ্থাৎ নিজৰ লগতে অইনৰো সদায় ভাল চিন্তা কৰে। এনেকুৱা গুণযুক্ত লোকৰ মানসিক চাপ থকাৰ সম্ভাৱনাই নাই। আনহাতে ৰজ আৰু তম গুণযুক্ত লোক সদায় ঋণাত্মক চিন্তাধাৰা যুক্ত হয়। তেনে মানুহ কাম, ক্ৰোধ, লোভ, মোহ, ইৰ্ষা, দ্বেষ, ভয় ইত্যাদি গুণেৰে গ্ৰাসিত হৈ থাকে। সেয়েহে তেনে মানুহৰ কেতিয়াও মানসিক সুস্থিৰতা নাথাকে। আধুনিক বিজ্ঞান, প্ৰযুক্তি বিদ্যাৰ সকলো সা সুবিধা পোৱাৰ পিছতো আজিৰ মানুহ মানসিক চাপেৰে ভাৰাক্ৰান্ত হোৱাৰ মূখ্য কাৰণেই হ’ল মানুহৰ শৰীৰত হোৱা এই ৰজ আৰু তম গুণৰ আধিক্যতা। সেয়েহে তেনে মানুহৰ ডাঙৰ ডাঙৰ অট্টালিকা, দামী দামী গাড়ী, সফল ব্যৱসায় ইত্যাদি থকাৰ পিছতো মানসিক চাপৰ পৰা মুক্ত হব নোৱাৰে। এইটোৱেই হ’ল কাৰণ আজিকালি মানুহ সম্পদশালী, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সা সুবিধা, উচ্চ শিক্ষাগত অৰ্হতা, ঐশ্বৰ্য্য বিভূতি, ডাঙৰ ডাঙৰ চিকিৎসালয়, বহু সংখ্যক চিকিৎসক থকাৰ পিছতো মানসিক ভাৱে অসুস্থ। আনহাতে আমাৰ ককা, আজোককাৰ দিনত এই সকলোবিলাক নথকাৰ পিছতো মানসিক ভাবে সুস্থ আছিল। আজিৰ মানুহে যদি নিজৰ মানসিক চাপ পৰিহাৰ কৰিব পাৰে তেনেহ’লে নিশ্চিত ভাবে আমি আমাৰ পূৰ্ব পুৰুষ সকলতকৈ মানসিক ভাবে সুখী হব পাৰিম আৰু লগতে সমাজত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ডৰ সমস্যা, বন্ধ্যাত্ব ইত্যাদি সমস্যা বহু পৰিমাণে কমি যাব।

#মানসিক চাপ বা টেনচনৰ আয়ুৰ্বেদিক চিকিৎসা – যিহেতু মানসিক চাপৰ মূখ্য কাৰণ অস্বা‌স্থ্যকৰ আহাৰ বিহাৰ গতিকে  আমাৰ যদি আহাৰ বিহাৰ থিক হয় তেন্তে আমি মানসিক চাপমুক্ত হব পাৰো। আমি যদি সথিক আহাৰ, সথিক পৰিমাণত, সথিক সময়ত, সথিক নিয়ম অনুযায়ী সেৱন কৰো তেন্তে মানসিক চাপ বুলিয়েই নহয় যিকোনো বেমাৰৰ পৰাই নিজকে আতৰাই ৰাখিব পাৰো। লগতে আয়ুৰ্বেদত কিছুমান ঔষধীৰ কথা উল্লেখ আছে যাক আমি মেধ্য ৰসায়ন নামেৰে জানো যিবিলাকে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধিত সহায় কৰে। এনে ঔষধীৰ ভিতৰত ব্ৰাহ্মী, অশ্বগন্ধা, জতামাংসী, শংখপুষ্পী, বচা ইত্যাদি প্ৰধান। এই ঔষধী সমূহে মগজুৰ স্নায়ুকোষ সমূহক উৰ্বৰা শক্তি প্ৰদান কৰে। কথাখিনি আমি এটা উদাহৰণেৰে বুজাব পাৰো। ধৰা হ’ল আমাৰ মগজুটো এটা কম্পিউটাৰ।  কম্পিউটাৰ এটা দুই ধৰণৰ উপাদানেৰে গঠিত  হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ। হাৰ্ডৱেৰ হ’ল কম্পিউটাৰটো যিহেৰে গঠিত সেইটো আৰু ছফ্টৱেৰ হ’ল কম্পিউটাৰৰ জ্ঞান খিনি। যদি এটা জটিল ছফ্টৱেৰ আমি এটা পুৰণি কম্পিউটাৰত স্থাপন (install) কৰিবলৈ চেষ্টা কৰো সেইটো install নহব। তেনেদৰে বৰ্তমান আমাৰ দ্ৰুত জীৱনশৈলীৰ প্ৰভাৱত আমাৰ কম্পিউটাৰৰূপী মস্তিস্কৰ হাৰ্ডৱেৰ দুৰ্বল হৈ পৰিছে। ইয়াৰ ফলত আমি বিভিন্ন মাধ্যমৰ পৰা লাভ কৰা বিভিন্ন জ্ঞান যেনে- আহাৰ সম্পৰ্কীয় জ্ঞান, জীৱনশৈলী সম্পৰ্কীয় জ্ঞান, যোগাসনৰ আমাৰ জীৱনত গুৰুত্ব কিমান, ধ্যানৰ আমাৰ জীৱনত কিমান মহত্ব, relaxation ৰ আমাৰ জীৱনত মহত্ব কিমান, ধনাত্মক চিন্তাৰ আমাৰ জীৱনত গুৰুত্ব কিমান এই সকলোবিলাক জ্ঞান আমাৰ চাৰিওফালে বিদ্যমান হোৱাৰ পিছতো আমি এইবিলাক আমাৰ মস্তিষ্কত install বা আয়ত্ব কৰিবলৈ অপাৰগ হওঁ কাৰণ আমাৰ মস্তিষ্ক দুৰ্বল। এই দুৰ্বল মস্তিষ্কক উৰ্বৰা শক্তি বা পোষণ প্ৰদান কৰিবলৈ আমাক মেধ্য ৰসায়নৰ দৰকাৰ হয়।লগতে সথিক পৰিমাণৰ আৰু সথিক সময়ত নিদ্ৰা, উপযুক্ত যোগাসন, ধ্যান, ধনাত্মক চিন্তাধাৰা এই সকলোবোৰৰো দৰকাৰ আছে। যিদিনাই আমাৰ মস্তিষ্কৰূপী হাৰ্ডৱেৰ শক্তিশালী হব সিদিনাই এই সকলোবোৰ জ্ঞান মগজুই আয়ত্ব কৰিবলৈ সক্ষম হব আৰু মানুহ মানসিক চাপমুক্ত জীৱন অতিবাহিত কৰিবলৈ সক্ষম হব।

#যোগাসন- মানসিক চাপ আতৰাবলৈ নিম্নোক্ত যোগাসন সমূহ এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত অভ্যাস কৰিলে সুফল পোৱা যায়। যেনে- উৎথিত ত্ৰিকোণাসন, বিপৰীত কৰণী, উৎথান শিশোসান, উত্তানাসন, গড়ুৰাসন, বালাসন, সেতুবন্ধাসন, জানু শীৰ্ষাসন, শবাসন, সুখাসন, বিতিলাসন, মৰ্জৰিআসন , অৰ্ধ পিঞ্চ ময়ুৰাসন ইত্যাদি। লগতে দৈনিক ধ্যান কৰা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: আয়ুৰ্বেদমানসিক টেনচন
Anjan Sarma

Anjan Sarma

Related Posts

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?
Health

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

by Dr. MUKUL SARMA
March 8, 2026
0

কোষ্ঠকাঠিন্য- এটি ৰোগ নে? ডা. মুকুল শৰ্মা কিছুমান স্বাস্থ্য সমস্যা প্ৰত্যক্ষ ভাবে আমাৰ জীৱনশৈলী আৰু খাদ্যাভাসৰ লগত জড়িত। এই সমস্যাবিলাকৰ...

Read moreDetails
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

March 7, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

March 8, 2026
সাগৰ দেখিলোঁ—মন্দাৰমণি!

সাগৰ দেখিলোঁ—মন্দাৰমণি!

March 8, 2026
Environmental Impacts of Electronic Waste & Potential Pathways for its Management

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

March 8, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d