• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, May 23, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

সংঘমিত্ৰা কাশ্যপ

by Anjan Sarma
July 5, 2022
in Special Report, Health
Reading Time: 2 mins read
0
মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা
Share on FacebookShare on TwitterShare on LinkedIn

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

সংঘমিত্ৰা কাশ্যপ

আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে। নতুনকৈ সংযোজন হোৱা বহু তথ্যৰ লগত সকলোৱে নিজকে খাপ খোৱাই আগবাঢ়িবলৈ চেষ্টা কৰি আহিছে আৰু সফলো হৈছে। কিন্তু মানসিকৰোগৰ লগত জড়িত বিষয় সমূহৰ প্ৰতি বৰ্তমানেও কিছু ভ্ৰান্ত ধাৰণা সমাজত প্ৰচলিত হৈ আছে। মানসিক ৰোগ বুলি ক’লেই সাধাৰণতে খুব সহজতে মানুহে ব্যৱহাৰ কৰা শব্দটো হৈছে হতাশা (ডিপ্ৰেছন)। এই শব্দটো আমি দিনটোত এবাৰলৈ হ’লেও প্ৰায়ে কাৰোবাৰ মুখত শুনা পাওঁ নাইবা চচিয়েল মিডিয়াত দেখা পাওঁ কোনোবাই এই সম্বন্ধীয় কিবা পোষ্ট দিয়া( যেনে: I am feeling depressed)। কিন্ত এই হতাশা বা ডিপ্ৰেছনো আচলতে হৈ কি? আমি ভবাৰ দৰে মন বেয়া লগাটোকে কয় নেকি বাৰু?

RelatedPosts

red translucent die on top of black surface

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

May 22, 2025
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025
close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 21, 2025

হতাশা ( ডিপ্ৰেছন) হৈছে এক মানসিক প্ৰতিক্ৰিয়া। আমেৰিকান চাইকলজিকেল এচোচিয়েচনে(American Psychological association) বিজ্ঞানসন্মত পদ্ধতিৰে মনোৰোগসমূহ পৰীক্ষা কৰি DSM(Diagnostic and Statistical Manual) বুলি এখন মনোবিজ্ঞানৰ ৰোগসমূহৰ আৰু ইয়াৰ লক্ষণ বিষয়ে থকা নিয়মাৱালী প্ৰস্তুত কৰি উলিয়াইছিল। ইয়াৰ পঞ্চম সংস্কৰণত উল্লেখ কৰা মতে হতাশাৰ মূল লক্ষণ সমূহ হৈছে :  

১/ প্ৰয়োজনতকৈ বেছি আবেগিক আৰু উত্তেজিত হৈ পৰা (বিশেষকৈ শিশু আৰু কৈশোৰ সকল),

২/ অত্যাধিক টোপনি অথবা একেবাৰেই কমকৈ টোপনি অহা,

৩/ সকলো সময়তে ভাগৰুৱা যেন অনুভৱ হোৱা,

৪/ নিজৰ দৈনন্দিন কাম আৰু অভিৰুচিসমূহত প্ৰতি মনোযোগ কমি অহা,

৫/ অকলশৰীয়াকৈ থাকিবলৈ বিচৰা,

৬/ নিজৰ যোগ্যতাতে সন্দেহ হোৱা আৰু জীৱনটোক লৈ আশাহীন হৈ পৰা,

৭/ শাৰীৰিক ক্ষেত্ৰত সালসলনি হোৱা, শৰীৰত দুৰ্বলতা যেন অনুভৱ কৰা, খাদ্যৰ প্ৰতিও ৰুচি সলনি হোৱা

৮/আত্মহত্যাৰ চিন্তাবোৰ গঢ় লৈ উঠা , লগতে আত্মহত্যাৰ চেষ্টা কৰা ইত্যাদি।   

মানসিক ৰোগ
Photo by Inzmam Khan on Pexels.com

“হতাশাক যদি আমি প্ৰথম পৰ্য্যায়তে ধৰা পেলাব পাৰোঁ অতি কম সময়ৰ ভিতৰতে আমি ইয়াৰ পৰা হাত পৰিবলৈ সক্ষম হ’ম। সেয়েহে যদি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ আপুনি নাইবা আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ কোনোবাই সন্মুখীন হৈছে ,বহু দিনৰ পৰা ওপৰৰ যিকোনো এটা লক্ষণেও যদি অসুবিধা দিছে তেনেহলে সহায় লওঁক আৰু সহায় কৰক”    

এতিয়া হয়তো আপোনালোকে ভাবিব পৰে যে এই সকলোৰে কিছুসংখ্যকচোন আমাৰ মাজতো আছে! তাৰমানে আমিও হতাশাৰ ভুক্তভোগী নেকি? আমাৰ সমাজত সাধাৰণতে মন বেয়া লাগিলেই এজন ব্যক্তিক ডিপ্ৰেছনত ভোগা বুলি ধাৰণা কৰি লোৱা হয় । আজিকালি সহজতে উপলব্ধ মাধ্যম বোৰৰ প্ৰতাৰণাত পৰিও মানুহে এই বিষয়ত ভ্ৰান্ত ধাৰণা কিছুমান গঢ় দিছে। বহুতে ভাবে যে কিছু ব্যক্তিগত সমস্যাৰ বাবে মন বেয়া হোৱা, টোপনি নহা এই সকলো বোৰ ডিপ্ৰেছনৰ ভিতৰত পৰে।কিন্তু সঁচা অৰ্থত ই অলপ সুকীয়া। কাৰণ ওপৰত উল্লেখ কৰা এই সকলোবোৰ লক্ষণ এজন ব্যক্তিৰ মাজত দুমাহ বা ততোধিক থকাটো জৰুৰী , তেতিয়াহে তেওঁক বিজ্ঞানসন্মত নিয়মৰ আধাৰ ত হতাশাগ্ৰস্ত বুলি আখ্যা দিব পাৰি আৰু চিকিৎসা প্ৰদান কৰিব পাৰি।   

বিভিন্ন ধৰণৰ কাৰণৰ বাবে এজন ব্যক্তি হতাশাগ্ৰস্ত হব পাৰে ;অনুবংশীক কাৰণত, শিশু অৱস্থাত হোৱা কিবা অভিঘাত, মগজুৰ গঠন, শৰীৰত ছেৰতনিন serotonin ৰ পৰিমাণ কম হলে, চিকিৎসা জনিত কাৰণ আদি। 

এজন ব্যক্তিৰ হতাশাৰ কাৰণ জানিবলৈ মনোবিজ্ঞানী সকলে গৱেষণা কৰি বিভিন্ন পৰীক্ষা প্ৰস্তুত কৰিছে। ইয়াৰ দ্বাৰা তেওঁলোকে চাই যে এজন ব্যক্তিৰ কিমান পৰ্য্যায়ৰ হতাশাগ্ৰস্ত হৈ আছে আৰু তাৰ ওপৰত ভিত্তি কৰিহে তেওঁক চিকিৎসা প্ৰদান কৰে। ইয়াৰে কিছুমান পদ্ধতি হৈছে : বিহেভিয়াৰেল থেৰপী(behavioural therapy), চাইকডাইনামিক থেৰপী(psychodynamic therapy), ইলেকট্ৰ’কমপালচিভ থেৰপী(Electrocomplusive therapy) আদি। তাৰ বাহিৰেও কিছু কিছু লোকক মনোৰোগবিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ঔষধও প্রদান কৰা হয়।এই সকলোবোৰ চিকিৎসা মনোৰোগবিশেষজ্ঞ আৰু মনোবিজ্ঞানী সকলৰ তত্বাৱধানত হে উপলব্ধ কেৱল। 

হতাশাক যদি আমি প্ৰথম পৰ্য্যায়তে ধৰা পেলাব পাৰোঁ অতি কম সময়ৰ ভিতৰতে আমি ইয়াৰ পৰা হাত পৰিবলৈ সক্ষম হ’ম। সেয়েহে যদি এনেকুৱা ধৰণৰ পৰিস্থিতিৰ আপুনি নাইবা আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ কোনোবাই সন্মুখীন হৈছে ,বহু দিনৰ পৰা ওপৰৰ যিকোনো এটা লক্ষণেও যদি অসুবিধা দিছে তেনেহলে সহায় লওঁক আৰু সহায় কৰক। 


[ সংঘমিত্ৰা কাশ্যপ, মনোবিজ্ঞানী( counselling psychologist), ডিব্ৰুগড়, অসম, পিন : ৭৮৬০০১]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: American Psychological associationDiagonestic ansd Statistical Manualমানসিক ৰোগহতাশা
Anjan Sarma

Anjan Sarma

Related Posts

red translucent die on top of black surface
Special Report

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth

by Kakali Das
May 22, 2025
0

Africa’s Silent Epidemic: “Gambling Addiction” Among the Youth KAKALI DAS Kakali Das Across Africa, gambling addiction is being called a...

Read moreDetails
Hypertension the Silent Killer

Hypertension the Silent Killer

May 21, 2025
close up photo of a person holding a sphygmomanometer gauge

উচ্চ ৰক্তচাপ : এক নীৰৱ ঘাতক

May 21, 2025
অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

May 21, 2025
Revolutionizing Digital Security: The Transformative Power of Passkeys in Authentication

Revolutionizing Digital Security: The Transformative Power of Passkeys in Authentication

May 21, 2025
Assam’s Unending Battle : Illegal Immigration, Betrayal, and Burden

Assam’s Unending Battle : Illegal Immigration, Betrayal, and Burden

May 20, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d