• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

ASSAMESE SECTION / Nature / Book / Climate Change

by Editor
February 28, 2026
in ASSAMESE SECTION, Book, Nature
Reading Time: 5 mins read
0
পৰিৱেশ সংৰক্ষণত নাৰী

hand holding tree on blur green nature background. concept eco earth day

Share on FacebookShare on TwitterShare on LinkedIn

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

দেৱব্ৰত গগৈ

Manas Book 1

প্ৰকৃতি আৰু পৰিৱেশক লৈ নিৰৱবিচ্ছিন্নভাৱে সাহিত্য চৰ্চাৰে কেৱল সজাগতা অনাতে নহয় ; হাতে কামেও প্ৰকৃতি আৰু পৰিৱেশৰ বাবে কাম কৰা অন্যতম প্ৰকৃতি প্ৰেমী যুৱ লিখক তথা পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্ত। 

প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদান সমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা হয় তেতিয়াই প্রকৃতিলৈ ভাবুকি নামি আহি পৰে। প্রকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা।

বৰ্তমান সময়ত সবাতোকৈ গুৰুত্ব দিবলগীয়া যদিও যিটো গুৰুত্ব নিদিয়া বিষয়টোৱে হ’ল পৰিৱেশ। অতিসম্প্ৰতি যি এমুঠিমান মানুহে হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে তাৰ ভিতৰতে এজন উদ্যমী যুৱক, শিক্ষক লেখক, পৰিৱেশকৰ্মী হ’ল মানস প্ৰতিম দত্ত।
মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন
মানস প্ৰতিম দত্ত

১৯৯৪ চনত ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰপাক জিয়ামৰীয়া গাঁৱত জন্মগ্ৰহণ কৰা মানস প্ৰতিম দত্ত এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, পাৰিপাৰ্শ্বিক কবিতা সংকলন বিলখন নোহোৱা হ’ল আয়াং, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

    হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি মানসৰ কাহিনী ইতিমধ্যে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য পিঅ’প’ল ষ্টৰী আদিত প্ৰকাশ পাইছে। 

 মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যক মূলত তলত দিয়া ধৰণে ভগাব পাৰি-

সংৰক্ষণকেন্দ্ৰিক গ্ৰন্থঃ

১। সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি

২। কোলাহল আৰু নীৰৱতাৰ সিপাৰে

৩। প্ৰকৃতিৰ জমাদাৰ

পৰিচয়মূলক গ্ৰন্থঃ

১। সেউজীয়া দিনৰ নৈসৰ্গিক খোজ

শিশু-সাহিত্যঃ

১। চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু

২। প্ৰকৃতিৰ বিচিত্ৰ সাধু

পাৰিপাৰ্শ্বিক শিশু-গল্প

১। পোনাকণৰ পৃথিৱী

পাৰিপাৰ্শ্বিক কবিতা সংকলনঃ

১। বিলখন নোহোৱা হ’ল আয়াং

গ্ৰন্থকেইখনৰ মূল উদ্দেশ্যই হৈছে প্ৰকৃতিৰ যি বিচিত্ৰ ৰূপ বা বিচিত্ৰ কথা সেই সমূহৰ আলমতে প্ৰকৃতিৰ প্ৰতি মানুহৰ সজাগতা, সংৰক্ষণ আৰু পাৰিপাৰ্শ্বিক চেতনা বৃদ্ধি কৰি আমাৰ চিনাকি পৃথিৱীখন ; চিনাকি প্ৰকৃতিক মানৱৰ বসবাসৰ উপযোগী কৰি ৰখা। কাৰণ প্ৰকৃতি সুস্থহৈ থাকিলেহে জীৱকূল সুস্থিৰে থাকিব পাৰিব। লিখকৰ ভাষাৰে ক’বলৈ হ’লে-“আমাৰ চিনাকি-অচিনাকি চৰাই,গছ-বন,নদ-নদী,পাহাৰ-পৰ্বত আদি সকলো অমূল্য সম্পদ।

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

     এই সম্পদসমূহ ৰক্ষা কৰাটো আমাৰ দায়িত্ব। আহা,আমি সকলোৱে হাতে-কামে পৰিৱেশ পুনৰুদ্ধাৰৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ যত্ন কৰোঁ। মনত ৰাখিবা, পৰিৱেশৰ বাবে কৰা প্ৰতিটো সৰু পদক্ষেপেই হৈছে আমাৰ ভৱিষ্যতৰ বাবে একো একোটা ডাঙৰ জয়।” গতিকে এনে বক্তব্যৰ পৰাই স্পষ্ট হয় যে লিখকে প্ৰকৃতিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে সাহিত্যক কেৱল সজাগতাৰ মাধ্যম হিচাপে লৈ হাতে-কামে প্ৰকৃতিৰ সুৰক্ষাৰ বাবে সঁচা অৰ্থত কাম কৰিবলৈ হৃদয়ৰ পৰা এক জাগৰণ আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এক আন্দোলন গঢ়াৰ স্পষ্ট ইংগিত দিছে।

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

      লেখকৰ পৰিৱেশ বিষয়ক প্ৰথমখন গ্ৰন্থ হৈছে সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি। লেখকে গ্ৰন্থৰ পাতনিতে যদিও উল্লেখ কৰিছে যে গ্ৰন্থখন প্ৰধানকৈ শিক্ষাৰ্থী-অভিভাৱকৰ উপযোগীকৈ লিখিবলৈ চেষ্টা কৰিছে; কিন্তু আমি ভাবো প্ৰকৃতিক ভালপোৱা প্ৰতিজন ব্যক্তিয়ে এই গ্ৰন্থখন পঢ়া উচিত৷ গ্ৰন্থখনৰ উদ্দেশ্য কি তেখেতে পাতনিতে স্পষ্ট কৰিছে এনেদৰে–‘এতিয়া সময় হ’ল কাম কৰাৰ৷ পৰিৱেশ সুৰক্ষিত এখন পৃথিৱী পুনৰুদ্ধাৰ কৰা৷ আমাৰ জীৱনত সুস্থ পৰিৱেশৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণ চেতনা বিকাশৰ উদ্দেশ্যে- ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ গ্ৰন্থখনৰ বিষয়সমূহ নিবাৰ্চন কৰা হৈছে৷’ সেইবাবে আমি এই গ্ৰন্থখন কেৱল প্ৰকৃতি বিষয়ক গ্ৰন্থ বুলি ক’ব নোৱাৰি; বৰ্তমান প্ৰকৃতিৰ-সংকটৰ সময়ত হাতে-কামে কাৰ্য কৰাৰ বাবে আমাৰ এক উদ্যম; আমাৰ বাবে এক জাগৰণ৷ লেখকে গ্ৰন্থখনৰ ৰচনাসমূহত কেৱল সংকট কিম্বা সমস্যাসমূহৰ উল্লেখ কৰিয়ে দায়িত্ব সামৰা নাই; সেই সমূহৰ সমাধানৰ যি সাম্ভ্যৱ্য উপায়; সেই সমূহো আন্তৰিকতাৰে আঙুলিয়াই দেখুৱাইছে৷

গ্ৰন্থখনত মুঠ- ৮ টা অধ্যায় আছে আৰু সেই ৮ টা অধ্যায়ত মুঠ-২৯ টা বিষয় সামৰি লৈছে৷ কিতাপখন এবাৰ হাতত ল’লেই লেখকৰ শ্ৰম চকুত পৰিব৷ সহজ ভাষাত অতি সুক্ষ্মভাৱে প্ৰতিটো বিষয়ৰ পটভূমিৰ পৰা সমাধানলৈকে দৃষ্টি ৰাখিছে লেখকে। কেৱল সমস্যাসমূহ উপস্থাপন কৰিয়ে ক্ষান্ত থকা নাই । প্ৰতিটো সংকট আৰু সমস্যাৰে একোটা উচিত সমাধান দিছে ।

আনহাতে প্ৰতিটো লেখা গুৰুত্বপূৰ্ণ তথ্যৰে সমৃদ্ধ কৰায়ে নহয় ভিতৰৰ অংগসজ্জা কিম্বা চিত্ৰসমূহেও আমাক ভিন্ন তথ্য দিয়ে৷ গ্ৰন্থখনৰ বিষয়সমূহ এনেধৰণৰ– ‘প্ৰকৃতিৰঃ সংজ্ঞাৰ পৰা সংৰক্ষণলৈ’, ‘পৰিৱেশ নৈতিকতা’, ‘জনগোষ্ঠীয় লোকসংস্কৃতিত প্ৰকৃতি’,‘ প্ৰাকৃতিক চুৰি’, ‘বন্য কোন? ঘৰৰ মানুহ নে হাবিৰ পশু’, ‘প্লাষ্টিক আৰু প্ৰকৃতি’, ‘জল সংকট’,‘ গছপুলিৰোপনৰ প্ৰাসংগিক চিন্তা’, ‘প্ৰকৃতিৰ শিবিৰ’, ‘ইতিবাচক চিন্তাৰে কাৰ্যকৰী পৰিৱেশ শিক্ষা’ আদি৷ এয়া মাত্ৰ দুটামান উদাহৰণহে; এনেধৰণৰ লেখাৰে সমৃদ্ধ গ্ৰন্থখন৷ গ্ৰন্থখনৰ এটা বিশেষ উল্লেখযোগ্য আৰু ভাললগা দিশ হৈছে পৰিশিষ্টত- ‘ক’ সূচীত পৰিৱেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ দিনসমূহ আৰু ‘খ’ সূচীত পৰিৱেশ সংক্ৰান্তীয় আইনসমূহ সন্নিবিষ্ট কৰিছে৷ এই কথাবোৰ সকলো স্তৰৰ লোকে জনা উচিত৷ 

    মানস প্ৰতিম দত্তৰ–‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ গ্ৰন্থখনত প্ৰকৃতি, লোকসাহিত্য, সজাগতা, কিছু দুৰ্লভ তথ্যৰে সমৃদ্ধ হোৱাৰ লগতে প্ৰকৃতিক ৰক্ষা আৰু মানৱৰ সুৰক্ষাৰ বাবে হাতে-কামে কাম কৰাৰ উদ্যমৰূপে চিহ্নিত হৈছে৷ আশা কৰো গ্ৰন্থখন কেৱল সাহিত্য বা সজাগতাৰ সৃষ্টিৰ সমল হিচাপে নহয়; প্ৰকৃতিৰক্ষাৰ জাগৰণৰ দিক্ নিৰ্ণায়ক হ’ব৷ আমি ভাবো শিক্ষাৰ্থী বা অভিভাৱকে নহয়; প্ৰতিজন ব্যক্তিয়ে এই গ্ৰন্থখন পঢ়া উচিত আৰু প্ৰকৃতিৰ বাবে কাৰ্যকৰীভাৱে কিবা এটা কৰাত সকলোৱে আগভাগ লোৱা উচিত৷      

     “কোলাহল আৰু নীৰৱতাৰ সিপাৰে” গ্ৰন্থখন এখন অসমীয়া ভাষাৰ পৰিৱেশ আৰু জীৱ-বৈচিত্ৰ্য সংৰক্ষণ বিষয়ক প্ৰবন্ধ সংকলন। এই গ্ৰন্থখনে কোলাহলময় জীৱনৰ মাজত নীৰৱতাৰ গভীৰতা বিচাৰি উলিওৱাৰ লগতে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰ বিভিন্ন সূক্ষ্ম দিশসমূহ সুন্দৰকৈ উপস্থাপন কৰিছে।

     গ্ৰন্থখনৰ প্ৰবন্ধসমূহে সমাজ, প্ৰকৃতি আৰু মানৱ জীৱনৰ মিলনস্থলীক স্পৰ্শ কৰি গৈছে। লেখকে নিজৰ সহযোগীসকলৰ সৈতে মিলি প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ এটি স্পষ্ট আভাস দিছে, যিয়ে পাঠকক অনুপ্ৰাণিত কৰে। বিশেষকৈ জীৱ-বৈচিত্ৰ্যৰ সংকট আৰু সম্ভাৱনাসমূহৰ বিষয়ে কৰা আলোচনাসমূহ অতি তথ্যসমৃদ্ধ আৰু চিন্তা-উদ্দীপক। ইয়াৰ উপৰিও ইক’ ট্ৰেভেলজিৰ ধাৰণা আৰু ইয়াৰ সম্ভাৱনাক লৈ কৰা আলোচনাই আধুনিক পৰিৱেশ চেতনাৰ সৈতে সংগতি ৰাখিছে।

   এটা উল্লেখযোগ্য অংশ কেইবাজনো নীৰৱ প্ৰকৃতিপ্ৰেমীৰ প্ৰকৃতিপ্ৰেমত কাহিনী, যিসকলে প্ৰচাৰ-প্ৰচাৰৰ বাহিৰত নিঃশব্দে কাম কৰি গৈ আছে, তেওঁলোকৰ অৱদানক গ্ৰন্থখনে যথাযথ সন্মান জনাইছে।

    পৰিৱেশ আৰু নাৰী শীৰ্ষক অধ্যায়ত লেখকে পৰিৱেশ সংৰক্ষণত মহিলাসকলৰ ভূমিকা অৱতাৰণা কৰি পৰিৱেশ ৰক্ষাত সচৰাচৰ কমকৈ আলোচনা হোৱা অথচ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা নাৰীসকলৰ অৱদানক সামগ্ৰিকভাৱে মূল্যায়ন কৰিছে। 

      গ্ৰন্থখনৰ শেষৰ ফালে থকা “চিনাকি গছৰ অচিনাকি কথা” অধ্যায়টো অতি মনোমোহা। ইয়াত কেইবাবিধো গছৰ অজ্ঞাত দিশ, ইতিহাস আৰু পৰিৱেশত থকা গুৰুত্বৰ কথা জানিব পৰা যায়, যিয়ে পাঠকৰ জ্ঞানভাণ্ডাৰ সমৃদ্ধ কৰে।

      সামগ্ৰিকভাৱে এই গ্ৰন্থখন এখন অনুপ্ৰেৰণাদায়ক আৰু চিন্তাশীল সংকলন। ই পৰিৱেশ সচেতনতা বৃদ্ধিৰ লগতে অসমৰ স্থানীয় জীৱ-বৈচিত্ৰ্যৰ প্ৰতি গভীৰ ভালপোৱাৰ প্ৰতিফলন ঘটাইছে। যিসকলে প্ৰকৃতি, সংৰক্ষণ আৰু অসমৰ পৰিৱেশৰ প্ৰতি আগ্ৰহী, তেওঁলোকৰ বাবে এই কিতাপ অতি মূল্যৱান। মানস প্ৰতিম দত্তৰ এই প্ৰয়াসে দেখুৱাইছে যে কোলাহলৰ মাজতো নীৰৱতাৰ সিপাৰে এটা সেউজীয়া পৃথিৱী গঢ়ি তোলা সম্ভৱ।

      শিশুসকলক পৰিৱেশৰ বিচিত্ৰ পৃথিৱীৰ সৈতে চিনাকি কৰি দিয়াৰ লগতে প্ৰকৃতিক সঁচা অৰ্থত ভালপাবলৈ কৰিব পৰা আৰ্হিমূলক কামৰ বিষয়ে উনুকিয়াই লিখা দত্তৰ আন এখন সুন্দৰ গ্ৰন্থ চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু। আপুনি কেতিয়াবা উজ্জ্বল, ৰঙীন উৰণীয়া পখিলা, চৰাই দেখিছানে?

গছৰ ডালত টোপনিয়াই থকা বান্দৰ দেখিছানে? প্ৰকৃতি আচৰিত বস্তুৰে ভৰপূৰ! ওখ পাহাৰৰ পৰা জিলিকি থকা নদীলৈকে, প্ৰকৃতি হৈছে সৌন্দৰ্যৰ এখন জগত যাক আৱিষ্কাৰ কৰিবলৈ আমি অপেক্ষা কৰি থাকো। প্ৰকৃতি এটা উপহাৰ।ই আমাক উশাহ ল’বলৈ বায়ু, খাবলৈ পানী আৰু খাদ্য দিয়ে। প্ৰকৃতিয়ে আমাৰ বাবে যিমান ভাল কাম কৰে, সেই সকলোবোৰৰ বাবে কৃতজ্ঞ হোৱাটো গুৰুত্বপূৰ্ণ। বাহিৰলৈ ওলাই গ’লে তুমি সকলোতে প্ৰকৃতিৰ যাদু দেখা পোৱা যায়। ভৰিৰ তলত কোমল ঘাঁহ, দেহত গৰম ৰ’দ, আৰু চৰাইবোৰৰ মিঠা গান- এই সকলোবোৰ প্ৰকৃতিৰ অনুপম উপহাৰ।আমি ইয়াক কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ সেই বিষয়ে অধিক জানিব লাগিব। প্ৰকৃতি আমাৰ বন্ধু। ই আমাক খেলা-ধূলা কৰিবলৈ আৰু স্ফূৰ্তি কৰিবলৈ এখন অপৰূপ ঠাই দিয়ে।

Manas Book 5

এডাল ওখ গছত উঠা বা এখন ঠাণ্ডা বিলত সাঁতোৰা কল্পনা কৰি চাওকচোন!      

     প্ৰকৃতি আমাৰ শিক্ষক। ই আমাক বিভিন্ন গছ-গছনি আৰু জীৱ-জন্তুৰ বিষয়ে শিকায়। প্ৰকৃতি আকৰ্ষণীয় ৰহস্যৰে ভৰপূৰ! প্ৰকৃতি পৰ্য্যবেক্ষণ কৰি আমি জীৱনচক্ৰ, বতৰৰ ধৰণ আৰু ভাৰসাম্যৰ গুৰুত্ব সম্পৰ্কে শিকো। আমি বুজি পাওঁ যে প্ৰকৃতিত সকলো বস্তু কেনেকৈ সংযুক্ত আৰু ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল।

এতিয়া আপুনি চাৰিওফালে চালে কি দেখা পাইছে? ওখ গছবোৰে আকাশলৈকে মূৰ তুলি ধৰিছে, সিহঁতৰ ডালবোৰ চৰাই আৰু কেৰ্কেটুৱাৰ ঘৰ।

     ৰঙীন ফুলবোৰ বাগিচাত ফুলে, মৌমাখি আৰু ফেঁচাবোৰক সিহঁতৰ মনোৰম সৌন্দৰ্যই আকৰ্ষণ কৰে। নদীবোৰে ৰূপালী ঢৌ তুলি বৈ যায়, জীৱ-জন্তু আৰু গছ-গছনিক পানী যোগান ধৰে। আৰু জীৱ-জন্তুবোৰে! সৰু পোকৰ পৰা ডাঙৰ হাতীলৈকে, জীৱ-জন্তুবোৰে প্ৰকৃতিক আৰু অধিক মনোমোহা কৰি তোলে। প্ৰকৃতিক ভাৰসাম্যপূৰ্ণ কৰি ৰখাত প্ৰতিটো জীৱ-জন্তুৰ এটা বিশেষ কাম আছে।

যদিও প্ৰকৃতি শক্তিশালী, কিন্তু ইয়াক সুস্থ কৰি ৰাখিবলৈ আমাৰ সহায়ৰ প্ৰয়োজন। আমি প্ৰতিদিনে সৰু সৰু কাম কৰি প্ৰকৃতিৰ বাবে একো একোজন নায়ক হ’ব পাৰোঁ। গছ-গছনি আৰু জীৱ-জন্তুৰ প্ৰতি দয়ালু হোৱা, ফুল নিচিঙা, চৰাইৰ বাহত আমনি নকৰা, আৱৰ্জনা ডাষ্টবিনত পেলোৱা পানী ৰাহি কৰা, দাঁত ব্ৰাছ কৰাৰ সময়ত টেপ বন্ধ কৰি থোৱা, গছ-গছনিত পানী দিবলৈ পাইপৰ সলনি বাল্টি ব্যৱহাৰ কৰা আদি দিশসমূহ আমি আন্তৰিকতাৰে কৰিব পাৰোঁ।

প্ৰকৃতিৰ যত্ন লোৱা মানে আমি নিজৰ আৰু আমাৰ গ্ৰহৰ যত্ন লোৱা বুজায়। একেলগে প্ৰকৃতিৰ সৌন্দৰ্য অন্বেষণ কৰি, শিকি আৰু সুৰক্ষিত কৰিবলৈ পঢ়িব পৰা এই আটকধুনীয়া গ্ৰন্থখনেই হৈছে- চিনাকি প্ৰকৃতিৰ অচিনাকি কথা।

       শিশুসকল স্বাভাৱিকতে সাধু কথাৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকৰ হাতত আছে বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ মূল চাবিকাঠি। ‘প্ৰকৃতিৰ বিচিত্ৰ সাধু’ৰ জৰিয়তে লেখক দত্তই পৰিৱেশৰ বিচিত্ৰ জগতখনক সৰল তথা আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। শিশুসকলক সাধুকথাৰ জৰিয়তে প্ৰকৃতিৰ সৈতে একাত্ম মনোভাৱ স্থাপন কৰাৰ লগতে সংৰক্ষণৰ গুৰুত্ব বুজাত গ্ৰন্থখনে সহায় কৰিব বুলি আশা কৰিব পাৰি।

    আমি সদায় দেখি থকা অথচ কেতিয়াও ভাবি নোচোৱা বেলিটোৰো যে কিমান তথ্যপূৰ্ণ গাঁথা আছে আৰু আছে কিমান যে আকৰ্ষণীয় গঠন। এই আটাইবোৰ কথা একেবাৰে সহজ সৰল ভাষাৰে অথচ তথ্যপূৰ্ণ ভাবে লিখা হৈছে। প্ৰকৃতি আৰু মানুহৰ নিবিড় সম্পৰ্ক। সেই সম্পৰ্ক উপলব্ধি কৰিবলৈ জনসমাজত প্ৰচলিত লোককথাসমূহো অন্যতম।কাৰণ লোককথা সমূহতে গছ,চৰাই, নদীয়ে কথা ক’ব পাৰে। সেই সম্পৰ্কও সুন্দৰ ৰূপত প্ৰকাশ পাইছে। প্ৰকৃতিৰ অন্যতম বাৰেৰহণীয়া সৃষ্টি পখিলা। এই পখিলায়ো কেনেকৈ আমাৰ পৃথিৱীখন ধুনীয়াকৈ ৰখাত কেনে ভূমিকা পালন কৰে সেয়াও উল্লেখ কৰিছে। আমি সকলোৱে বান্দৰ দেখিছোঁ কিন্ত বান্দৰৰো যে অনেক প্ৰজাতি আছে। প্ৰ’ব’ছিছ নামৰো যে একপ্ৰকাৰৰ দেখিবলৈ আপচু বান্দৰৰ প্ৰজাতি আছে; সেই কথাও এই গ্ৰন্থত প্ৰকাশ পাইছে। আমি সদায় দেখি থকা জেঠীৰো যে কত কিমান জানিব লগা কথা আছে। সেইসমূহো উল্লেখ কৰিছে।ক্ষুদ্ৰতম স্তন্যপায়ী, ভয়ানক নদী,ভয়ানক মাছ,বিশ্বৰ ক্ষুদ্ৰতম গছ এনে ধৰণৰ ভিন্নধৰ্মী অথচ তথ্যপূৰ্ণ লেখাৰে সমৃদ্ধ‌

   ‘পোনাকণৰ পৃথিৱী’ মূলত: পৰিৱেশ সজাগতামূলক গল্পৰ পুথি। এই গ্ৰন্থখনত মুঠ পাঁচটা গল্প আছে। আটাইকেইটা গল্পতে প্ৰকৃতিজগতৰ চৰাই,গছ,ফুল এই সম্পদ সমূহক কেনেদৰে হাতে-কামে সুৰক্ষিত কৰিব পৰা পদক্ষেপ সমূহ গল্পৰ ছলেৰে প্ৰকাশ কৰিছে। প্ৰকৃতিৰ সংৰক্ষণ, সুৰক্ষাৰ কথা আলোচনা বা সজাগতাৰ কথা কৈ থকাতকৈ সঁচা অৰ্থত,কাৰ্যক্ষেত্ৰত কাম কৰাৰ সময় আহিছে কিন্ত তাৰ বাবে কিছু পদক্ষেপ বা কাৰ্যপন্থা লেখকে চৰিত্ৰ সমূহৰ বিভিন্ন কাৰ্যসমূহৰ জৰিয়তে প্ৰকাশ কৰিছে।

‘পোনাকণৰ পৃথিৱী’ গল্পটোতো থলুৱা মাছসমূহৰ সংৰক্ষণ আৰু সুৰক্ষা আমাৰ বাবে; আমাৰ পাৰিপাৰ্শ্বিক বাতাবৰণৰ বাবে কিমান প্ৰয়োজন। এই কথাবোৰো গল্পৰ ছলেৰে কৈছে।

“বুধু নামৰ বান্দৰটো”–এই গল্পটোতো বৰ্তমান সময়ত মানুহ আৰু বান্দৰৰ মাজত জীয়াই থকা যি সংগ্ৰাম (সন্ত্ৰাস নহয়) সেই সংগ্ৰামখনো স্পষ্টকৈ অংকন কৰিছে। গল্পৰ ছলেৰে শিশু-কিশোৰৰ মনত গভীৰ সাঁচ বহি যোৱাকৈ চৰিত্ৰ সমূহ অংকন কৰিছে। 

“গ্ৰীণ কৰিডৰত মুন মুন আৰু ধুনধুন” এই গল্পটোতো বৰ্তমান সময়ত অৰণ্যৰ মাজেৰে মানুহে নিজৰ সুবিধাৰ বাবে বাট-পথ নিৰ্মাণ কৰি কেৱল পাৰিপাৰ্শ্বিক বাতাবৰণকে বিঘ্নিত কৰা নাই । জীৱকূলকো কৰিছে। সেইবাবে চৰিত্ৰৰ মুখেৰে গল্পৰ ছলেৰে হাতী তথা অৰণ্যৰ জীৱকূলৰ বাবেও গ্ৰীণ কৰিডৰ প্ৰয়োজন বুলি কৈছে। ঠিক সেইদৰে”বাবু-বেবীৰ শেলুক অভিযান” গল্পতো প্ৰকৃতিৰ বিচিত্ৰ উপাদানৰ কথা, শিশুমনৰ কলাসুলভ খেল-ধেমালিৰ কথা, আমাৰ সাধু, লোককথাবোৰ গল্পৰ মাধ্যমৰে কৈছে। এনেদৰে প্ৰতিটো গল্পতে প্ৰকৃতি জগতখনক সমৃদ্ধ কৰিব পৰা অনেক কাৰ্যকৰী পন্থাৰ কথা কোৱা হৈছে। 

     দত্তৰ পৰিৱেশ বিষয়ক বিভিন্ন দিৱসৰ এখন পৰিচয়মূলক গ্ৰন্থ হ’ল ‘সেউজীয়া দিনৰ নৈসৰ্গিক খোজ’। গ্ৰন্থখনত পৰিৱেশৰ বিভিন্ন দিৱস আৰু ইয়াৰ ঐতিহ্যৰ বিষয়ে আলোকপাত কৰা হৈছে।

        মুঠ ২৬ টা কবিতাৰে সমৃদ্ধ দত্তৰ পাৰিপাৰ্শ্বিক কবিতা সংকলন ‘বিলখন নোহোৱা হ’ল আয়াং’।  

“একোটা নম্বৰ

এয়া পৰিচয়ৰ নম্বৰ নহয়

এয়া কৃতজ্ঞতাৰ নম্বৰ নহয়

এয়া

এয়া মোৰ মৃত্যুৰ নম্বৰ”—-আমি মানৱ জাতিৰ ১,২,৩ এনে নম্বৰৰে বিজয়ী বা যোগ্য বুলি পৰিচয় দিবলৈ ব্যৱহাৰ কৰোঁ কিন্তু যেতিয়া পথৰ কাষৰ গছ এজোপাত নম্বৰৰে চিনাকি দিয়া হয়; সেয়া গছজোপাৰ মৃত্যুৰ প্ৰথমটো ৰেপ। এনেদৰে প্ৰতিটো কবিতাতে কাকো দোষাৰোপ নকৰাকৈ প্ৰকৃতিয়ে নিজে নিজৰ দুখৰ কথা কৈ বিনাইছে। সেই দুখ-শোকবোৰ যেন কবিয়ে কেৱল প্ৰকৃতিয়ে কৈ যোৱাৰ দৰে কলমেৰে কাগজত আঁকিছে।

“মানুহে ঘৰ ভাঙে হাতীৰ

হাতীয়ে ঘৰ ভাঙে মানুহৰ”– আমি সদায় কৈ থকা হাতী-মানুহৰ সংঘাত। ইয়াৰ আঁৰৰ ৰহস্যটোও এইকেইটা শব্দতে লুকাই আছে। সেইবাবে মানুহে বুজি উঠে সংঘাত নহয় নিজকে জীয়াই ৰখা সংগ্ৰামহে।

“হাতী এটা মৰিছে—–আমাৰনো কি যায়

চৰাই এটা মৰিছে—–আমাৰনো কি যায়

গছজোপা কাটিছে—–আমাৰনো কি যায়

পাহাৰখন খহিছে—–আমাৰনো কি যায়”

এনেদৰে কবিতা সমূহত কাৰো প্ৰতি কোনো ক্ষোভ নাই, কোনো উপদেশ নাই, প্ৰকৃতি সংৰক্ষণৰ পৰামৰ্শ নাই। কাৰো প্ৰতি একোৱে নাই। অথচ কবিতাসমূহ পঢ়িলে প্ৰতিজন ব্যক্তিয়ে উপলব্ধি কৰিব প্ৰকৃতি সংৰক্ষণ আৰু সুৰক্ষা কৰাতো কিমান প্ৰয়োজন।

      মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্য পৰিৱেশ সুৰক্ষাৰ এক জাগৰণ। তেওঁৰ ৰচনাসমূহে সজাগতা সৃষ্টি কৰাৰ লগতে কাৰ্যকৰী পদক্ষেপৰ প্ৰতি উৎসাহিত কৰে। এই সাহিত্যই ভৱিষ্যত প্ৰজন্মক প্ৰকৃতিৰ সৈতে সংযোগ স্থাপনত সহায় কৰিব। 

তথ্যসূত্ৰঃ

১। দত্ত, মানস প্ৰতিম, সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, প্ৰথম সংস্কৰণঃ Environ Talks, ২০২২ আৰু দ্বিতীয় সংস্কৰণঃ জাগৰণ সাহিত্য প্ৰকাশন, ২০২৩

২। দত্ত, মানস প্ৰতিম, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, পাঞ্চজন্য বুকছ,২০২৩

দেৱব্ৰত গগৈ: ঠিকনাঃ ১ নং বৰজান, ফৰকাৰ্টিং, গোলাঘাট-৭৮৫৬১০, ম’বাইল–৯৪৩৫৬৯১৩০৮

Mahabahu Climate Logo
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

দেশে দেশে ফুটবল
ASSAMESE SECTION

দেশে দেশে ফুটবল

by HANID R BHUYAN
June 9, 2026
0

দেশে দেশে ফুটবল HISTORY OF FOOTBALL হানিদ ৰঞ্জন ভূঞা বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক যোৱা শতকজুৰি সন্মোহিত  কৰি ৰখা খেলবিধেই হৈছে ফুটবল। পৃথিৱীৰ ...

Read moreDetails
15 more pygmy hogs return to their historical home in Manas National Park

15 more pygmy hogs return to their historical home in Manas National Park

June 7, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

May 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d